06.11.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক এতিয়া একেবাৰে দাঁতিত থিয় হৈ আছা, তোমালোক এতিয়া ইটো পাৰৰ পৰা সিটো পাৰলৈ
যাব লাগে, ঘৰলৈ যোৱাৰ প্ৰস্তুতি চলাব লাগে”
প্ৰশ্ন:
কোনটো এটা কথা
স্মৃতিত ৰাখিলে অৱস্থা অচল-অটল হৈ যাব?
উত্তৰ:
অতীত অতীতেই। হৈ যোৱা কথাৰ চিন্তন কৰিব নালাগে, আগবাঢ়ি গৈ থাকিব লাগে। সদায় এজনৰ
ফালেই চাই থাকা তেতিয়া অৱস্থা অচল-অটল হৈ যাব। তোমালোকে এতিয়া কলিযুগৰ হদ অৰ্থাৎ
সীমা এৰি দিছা, আকৌ পিছলৈ কিয় চোৱা? সেইফালে বুদ্ধি যাতে অলপো নাযায় - এয়াই হৈছে
সূক্ষ্ম পঢ়া।
ওঁম্শান্তি।
দিন সলনি হৈ
গৈ থাকে, সময় অতিবাহিত হৈ গৈ থাকে। বিচাৰ কৰা, সত্যযুগৰ পৰা আৰম্ভ কৰি সময় অতিবাহিত
হৈ হৈ এতিয়া আহি কলিযুগৰো দাঁতিত থিয় হৈ আছা। এই সত্যযুগ, ত্ৰেতা, দ্বাপৰ, কলিযুগৰ
চক্ৰও যেন আৰ্হি। সৃষ্টিতো বহুত দীঘলীয়া। তাৰ আৰ্হি ৰূপক সন্তানসকলে বুজি পাইছে।
আগতে এইটো গম পোৱা নাছিলা যে এতিয়া কলিযুগ পূৰা হয়। এতিয়া গম পাইছা - গতিকে
সন্তানসকলেও বুদ্ধিৰে সত্যযুগৰ পৰা আৰম্ভ কৰি চক্ৰ পৰিক্ৰমা লগাই কলিযুগৰ অন্তত
দাঁতিত আহি থিয় হ'ব লাগে। বুজিব লাগে যে টিক্ টিক্ হৈ থাকে, ড্ৰামা চলি থাকে। বাকী
কি হিচাপ থাকিল? অলপ থাকিল। আগতে গম পোৱা নাছিলা। এতিয়া পিতাই বুজাইছে – আৰু অলপ
দাঁতিকাষ (অতিক্ৰম কৰিবলৈ) বাকী আছে। এইখন সৃষ্টিৰ পৰা সেইখন সৃষ্টিলৈ যাবলৈ এতিয়া
অলপ সময় বাকী আছে। এই জ্ঞানো এতিয়া পাইছা। আমি সত্যযুগৰ পৰা আৰম্ভ কৰি চক্ৰ পৰিক্ৰমা
লগাই এতিয়া কলিযুগৰ অন্তিমত আহি পালোহি। এতিয়া পুনৰ উভতি যাব লাগে। অহা আৰু যোৱাৰ
দ্বাৰ থাকে নহয়। এয়াও এনেকুৱা। সন্তানসকলক বুজাব লাগে – আৰু অলপ দাঁতিকাষ বাকী আছে।
এয়া পুৰুষোত্তম সংগমযুগ হয় নহয়। এতিয়া আমি দাঁতিকাষত আছোঁ। সময় বহুত কম। এতিয়া এই
পুৰণি সৃষ্টিৰ পৰা মমত্ব আঁতৰাই দিব লাগে। এতিয়াতো নতুন সৃষ্টিলৈ যাব লাগে। বুজনিতো
বহুত সহজ পোৱা যায়। এইটো বুদ্ধিত ৰাখিব লাগে। বুদ্ধিত চক্ৰ ঘূৰি থাকিব লাগে। এতিয়া
তোমালোক কলিযুগত নাই। তোমালোকে এই হদ অৰ্থাৎ সীমা এৰি দিছা পুনৰ সেইফালৰ সকলক কিয়
স্মৰণ কৰিব লাগে? যিহেতু পুৰণি সৃষ্টিক এৰি দিলা। আমি পুৰুষোত্তম সংগমযুগত আছোঁ আকৌ
পাছলৈ চাওনো কিয়? বুদ্ধিযোগ বিকাৰী সৃষ্টিৰ প্ৰতি কিয় ৰাখোঁ? এইবোৰ অতি সূক্ষ্ম কথা।
বাবাই জানে কোনো কোনোৱেতো এটকাৰ এক নয়াও বুজি নাপায়। শুনে আৰু পাহৰি যায়। তোমালোকে
পিছলৈ চাব নালাগে। বুদ্ধিৰে কৰ্ম কৰিব লাগে নহয়। আমি পাৰ পাই গ’লোঁ – আকৌ পাছলৈ
চাওঁনো কিয়? অতীত অতীতেই। পিতাই কয় - কিমান সূক্ষ্ম কথা বুজাওঁ। তথাপিও সন্তানসকলৰ
কান্ধ পাছফালে কিয় ওলমি থাকে। কলিযুগৰ ফালে ওলমি আছে। পিতাই কয় - কান্ধ এইফালে কৰি
দিয়া। সেই পুৰণি সৃষ্টি তোমালোকৰ কামৰ নহয়। বাবাই পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য আনি
দিয়ে, নতুন সৃষ্টি সন্মুখত ঠিয় হৈ আছে, পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য। বিচাৰ কৰা –
আমাৰ অৱস্থা এনেকুৱা হয়নে? পিতাই কয় - অতীত অতীতেই। হৈ যোৱা কথাবোৰৰ চিন্তা নকৰিবা।
পুৰণি সৃষ্টিৰ পৰা কোনো আশা নাৰাখিবা। এতিয়াতো এটাই উচ্চ আশা ৰাখিব লাগে – আমি
সুখধামলৈ যাওঁ। বুদ্ধিত সুখধামৰেই স্মৃতি থাকিব লাগে। পিছলৈ কিয় উভতি চাব লাগে।
কিন্তু বহুতৰে পিঠি ঘূৰি যায়। তোমালোক এতিয়া পুৰুষোত্তম সংগমযুগত আছা। পুৰণি
সৃষ্টিৰ পৰা নিজকে একাষৰীয়া কৰি ল'লা। এয়া বুজিবলগীয়া কথা নহয় জানো। ক’তো ৰৈ যাব
নালাগে। ক'লৈকো চাব নালাগে। হৈ যোৱাটোক স্মৰণ কৰিব নালাগে। পিতাই কয় - আগবাঢ়ি গৈ
থাকা, পিছলৈ নাচাবা। এফালেই চাই থাকা তেতিয়াহে অচল, স্থিৰ, অটল অৱস্থা হৈ থাকিব
পাৰিব। সেইফালে চাই থাকিলে তেতিয়া পুৰণি সৃষ্টিৰ মিত্ৰ-সম্বন্ধীয় আদিৰ স্মৃতি আহি
থাকিব। ক্ৰমানুসৰিতো হয় নহয়। আজি যদি দেখা যে বহুত ভালদৰে চলি আছে, কালিলৈ বাগৰি
পৰিল তেতিয়া অন্তৰ একেবাৰে আঁতৰি যায়। এনেকুৱা গ্ৰহচাৰী বহি যায় যে মুৰুলী শুনাৰো
ইচ্ছা নোহোৱা হৈ যায়। বিচাৰ কৰা - এনেকুৱা হয় নহয়?
পিতাই কয় - তোমালোক
এতিয়া সংগমত ঠিয় হৈ আছা গতিকে মুখ আগৰফালে কৰি ৰাখিব লাগে। আগত আছে নতুন সৃষ্টি,
তেতিয়াহে আনন্দিত হ’বা। বাকী এতিয়া নাতিদূৰৈত ঠিয় হৈ আছা। কয় নহয় - এতিয়াতো নিজৰ
দেশৰ গছ-গছনি দেখা পোৱা যায়। মাতিলে তেতিয়া তৎক্ষণাৎ তেওঁলোকে শুনিব। নাতিদূৰৈত
অৰ্থাৎ একেবাৰে সন্মুখত আছে। তোমালোকে স্মৰণ কৰা আৰু দেৱতাসকল আহি যায়। আগতে জানো
আহিছিল। সূক্ষ্মলোকত শহুৰৰ ঘৰৰসকল আহিছিল জানো? এতিয়াতো পিতাৰ ঘৰ আৰু শহুৰৰ ঘৰৰসকল
গৈ লগ কৰে। তথাপিও সন্তানসকল আগবাঢ়ি গৈ গৈ পাহৰি যায়। বুদ্ধিযোগ পিছলৈ আঁতৰি যায়।
পিতাই কয় - তোমালোক সকলোৰে এয়া অন্তিম জন্ম। তোমালোক পিছলৈ আঁতৰি যাব নালাগে। এতিয়া
পাৰ হ'ব লাগে। এইফালৰ পৰা সেইফাললৈ যাব লাগে। মৃত্যুও সমীপত আহি থাকে। বাকী কেৱল
খোজ আগুৱাব লাগে, নাও পাৰলৈ আহিলে তেতিয়া সেইফাললৈ খোজ আগুৱাবলগীয়া হয় নহয়। তোমালোক
সন্তানসকল দাঁতিত ঠিয় হ'ব লাগে। তোমালোকৰ বুদ্ধিত আছে যে আত্মাসকল নিজৰ মৰমৰ ঘৰলৈ
যায়। এইটো স্মৃতিত থাকিলেই আনন্দই তোমালোকক অচল-অটল কৰি তুলিব। এইটোৱেই বিচাৰ সাগৰ
মন্থন কৰি থাকিব লাগে। এয়া হৈছে বুদ্ধিৰ কথা। আমি আত্মাসকল গৈ আছোঁ। বাকী এতিয়া
নাতিদূৰৈত আছোঁ। অলপ সময় বাকী আছে। ইয়াকেই স্মৃতিৰ যাত্ৰা বুলি কোৱা হয়। এইটোও পাহৰি
যায়। খতিয়ান লিখিবলৈও পাহৰি যায়। নিজৰ অন্তৰত হাত ৰাখি চোৱা - বাবাই যি কয় যে নিজক
এনেকৈ বুজা – আমি সমীপত নাতিদূৰৈত থিয় হৈ আছোঁ, এনেকুৱা অৱস্থা আমাৰ হয়নে? বুদ্ধিত
এজন বাবাৰহে স্মৃতি থাকক। বাবাই স্মৃতিৰ যাত্ৰা ভিন্ন ভিন্ন প্ৰকাৰে শিকাই থাকে। এই
স্মৃতিৰ যাত্ৰাতেই মতলীয়া হৈ থাকিব লাগে। বচ্, আমি এতিয়া যাব লাগে। ইয়াত হৈছে সকলো
মিছা সম্বন্ধ। সত্যযুগৰ সম্বন্ধ সঁচা। নিজক চোৱা মই ক'ত থিয় হৈ আছোঁ? সত্যযুগৰ পৰা
আৰম্ভ কৰি বুদ্ধিত এই চক্ৰ স্মৰণ কৰা। তোমালোক স্বদৰ্শন চক্ৰধাৰী হোৱা নহয়।
সত্যযুগৰ পৰা আৰম্ভ কৰি চক্ৰ পৰিক্ৰমা কৰি আহি দাঁতিকাষত থিয় হৈছাহি। নাতিদূৰৈত
নহ'ল জানো। বহুতেতো নিজৰ বহুত সময় অবাবতে নষ্ট কৰি থাকে। 5-10 মিনিটো কোনোমতেহে
স্মৃতিত থাকে চাগৈ। স্বদৰ্শন চক্ৰধাৰীতো গোটেই দিন হৈ থাকিব লাগে। এনেকুৱাতো নোহোৱা।
বাবাই ভিন্ন ভিন্ন প্ৰকাৰে বুজায়। আত্মাৰেই কথা। তোমালোকৰ বুদ্ধিত চক্ৰ ঘূৰি থাকে।
বুদ্ধিত এইটো স্মৃতি কিয় থাকিব নালাগে। এতিয়া আমি দাঁতিত থিয় হৈ আছোঁ। এই দাঁতিৰ
স্মৃতি বুদ্ধিত কিয় নাথাকে, যিহেতু জানা যে আমি পুৰুষোত্তম হৈ আছোঁ গতিকে গৈ দাঁতিত
থিয় হোৱা। ওকনি সদৃশ আগবাঢ়িয়েই থাকা। কিয়নো বাৰু এইটো অভ্যাস নকৰা? কিয়নো বাৰু চক্ৰ
বুদ্ধিত নাহে? এয়া স্বদৰ্শন চক্ৰ নহয় জানো। বাবাই আৰম্ভণিৰ পৰা ধৰি গোটেই চক্ৰ
বুজাই থাকে। তোমালোকৰ বুদ্ধি গোটেই চক্ৰ পৰিক্ৰমা লগাই আহি দাঁতিত থিয় হৈ যাব লাগে
আৰু কোনো ধৰণৰ বাহিৰৰ বাতাৱৰণৰ জঞ্জাল যাতে নাথাকে। দিনে-প্ৰতিদিনে তোমালোক
সন্তানসকল শান্তিতহে যাব লাগে। সময় নষ্ট কৰিব নালাগে। পুৰণি সৃষ্টিক এৰি নতুন
সম্বন্ধৰ সৈতে নিজৰ বুদ্ধিৰ যোগসূত্ৰ গঢ়া। যোগসূত্ৰ নগঢ়িলে তেন্তে পাপ কেনেকৈ খণ্ডন
হ’ব? তোমালোকে জানা এই সৃষ্টিয়েই শেষ হ'ব, ইয়াৰ আৰ্হি (মডেল) কিমান সৰু। 5 হাজাৰ
বছৰৰ সৃষ্টি। আজমিৰত স্বৰ্গৰ আৰ্হি আছে কিন্তু কাৰোবাৰ স্বৰ্গৰ স্মৃতি আহিব জানো?
তেওঁলোকে কি জানিব স্বৰ্গৰ বিষয়ে। ভাবে যে স্বৰ্গতো 40 হাজাৰ বছৰৰ পাছত আহিব। পিতাই
তোমালোক সন্তানসকলক বহি বুজায় এইখন জগতত কাম-কাজ কৰি বুদ্ধিত এইটো স্মৃতি ৰাখা যে
এইখন সৃষ্টিতো শেষ হৈ যাব। এতিয়া যাব লাগে, আমি অন্তিমত থিয় হৈ আছোঁ। ওকনি সদৃশ
খোজেৰে আগবাঢ়ে। লক্ষ্য কিমান উচ্চ। পিতাইতো লক্ষ্যক জানে নহয়। পিতাৰ লগত দাদাও
একেলগে আছে। তেওঁ বুজায়, তেন্তে এওঁ জানো বুজাব নোৱাৰে। এৱোঁতো শুনে নহয়। এওঁ জানো
এনেকুৱা এনেকুৱা বিচাৰ সাগৰ মন্থন নকৰে? পিতাই তোমালোকক বিচাৰ সাগৰ মন্থন কৰিবলৈ
সাৰ কথা শুনাই থাকে। এনেকুৱা নহয় যে বাবা বহুত পিছত আছে। হেৰ’, এওঁতো মোৰ পিছতে
নেগুৰৰ দৰে ওলমি আছে তেন্তে পিছত কেনেকৈ থাকিব। এই সকলোবোৰ গূঢ় কথা ধাৰণ কৰিব লাগে।
গাফিলতি এৰি দিব লাগে। বাবাৰ ওচৰলৈ 2-2 বছৰৰ পাছত আহে। এইটো জানো স্মৃতিত থাকিব যে
আমি সমীপত দাঁতিত থিয় হৈ আছোঁ? এতিয়া যাব লাগে। এনেকুৱা অৱস্থা হৈ গ’লে তেন্তে বাকী
কি লাগে? বাবাই এইটোও বুজাইছে - দ্বৈত মুকুটধাৰী...... এয়া কেৱল নামহে, বাকী একো
লাইটৰ মুকুট তাত নাথাকে। এয়াতো পৱিত্ৰতাৰ চিহ্ন। যিসকল ধৰ্ম প্ৰতিষ্ঠাপক আছে,
তেওঁলোকৰ চিত্ৰবোৰত লাইট নিশ্চয় দেখুৱায় কিয়নো তেওঁলোক নিৰ্বিকাৰী সতোপ্ৰধান আকৌ ৰজো
তমোত আহে। তোমালোক সন্তানসকলে জ্ঞান পোৱা, তাত মতলীয়া হৈ থাকিব লাগে। যদিওবা
তোমালোক এই সৃষ্টিত আছা কিন্তু বুদ্ধিৰ যোগসূত্ৰ তাত লাগি থাকিব লাগে। এওঁৰ সৈতেও
সম্বন্ধতো বজাই ৰাখিব লাগে, যিসকল এই কুলৰ হ'ব তেওঁলোক ওলাই আহিব। পুলি ৰোপণ কৰিব
লাগে। যিসকল আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ হ'ব তেওঁলোক নিশ্চয় আগে-পিছে আহিব। পাছত
অহাসকলো আগত অহাসকলতকৈ তীব্ৰতাৰে আগবাঢ়িব। এয়া অন্তিমলৈকে হৈ থাকিব। তেওঁলোকে
পুৰণিসকলতকৈ বেগাই খোজ আগবঢ়াব। গোটেই পৰীক্ষা হৈছে স্মৃতিৰ যাত্ৰাৰ। যদিও দেৰিকৈ
আহিছে, স্মৃতিৰ যাত্ৰাত লাগি যায় আৰু সকলোবোৰ কাম-কাজ এৰি এইটো যাত্ৰাত বহি যায়,
ভোজনতো কৰিবই লাগে। ভালদৰে স্মৃতিত থাকিলে তেন্তে এই আনন্দৰ নিচিনা পথ্য নাই।
এইটোৱেই চিন্তন চলি থাকিব - এতিয়া আমি যামগৈ। 21 জন্মৰ ৰাজ্য-ভাগ্য পোৱা যায়। লটাৰি
পোৱাসকলৰ আনন্দৰ সীমা বাঢ়ি যায় নহয়। তোমালোকে বহুত পৰিশ্ৰম কৰিব লাগে। ইয়াকেই
অন্তিম অমূল্য জীৱন বুলি কোৱা হয়। স্মৃতিত বহুত আনন্দ আছে। হনুমানেও পুৰুষাৰ্থ কৰি
কৰি স্থিৰ হৈ গ’ল নহয়। খেৰৰ জুমুঠিত জুই লাগিল, ৰাৱণৰ ৰাজ্য জ্বলি গ'ল। এয়া এটা
কাহিনী ৰচি দিলে। পিতাই যথাৰ্থ কথা বহি বুজায়। ৰাৱণৰাজ্য নাশ হৈ যাব। স্থিৰ বুদ্ধি
ইয়াক কোৱা হয়। বচ, এতিয়া নাতিদূৰত, আমি গৈ আছোঁ। এই স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰা
তেতিয়া আনন্দৰ পাৰা উৰ্দ্ধগামী হ’ব, আয়ুসো যোগবলেৰে বাঢ়ে। তোমালোকে এতিয়া দৈৱীগুণ
ধাৰণ কৰা পুনৰ সেয়া আধাকল্প চলে। এই এটা জন্মত তোমালোকে ইমান পুৰুষাৰ্থ কৰা যে
তোমালোক এনেকুৱা লক্ষ্মী-নাৰায়ণ হোৱাগৈ। গতিকে কিমান পুৰুষাৰ্থ কৰিব লাগে। এই
ক্ষেত্ৰত গাফিলতি বা সময় নষ্ট কৰিব নালাগে, যিয়ে কৰিব তেৱেঁই পাব। পিতাই শিক্ষা দি
থাকে। তোমালোকে বুজি পোৱা – কল্পই কল্পই আমি বিশ্বৰ মালিক হওঁ, ইমান কম সময়ত চমৎকাৰ
কৰি দিয়ে। গোটেই সৃষ্টিক সলনি কৰি দিয়ে। পিতাৰ কাৰণে কোনো ডাঙৰ কথা নহয়। কল্পই
কল্পই কৰে। পিতাই বুজায় - চলোঁতে-ফুৰোঁতে, খোৱা-লোৱা কৰোঁতে নিজৰ বুদ্ধিৰ যোগসূত্ৰ
পিতাৰ সৈতে ৰাখা। এইটো গুপ্ত কথা পিতাইহে সন্তানসকলক বহি বুজায়। নিজৰ অৱস্থা ভালদৰে
গঢ়ি গৈ থাকা। নহ'লে উচ্চ পদ নাপাবা। তোমালোক সন্তানসকলে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি
পৰিশ্ৰম কৰা। বুজি পোৱা যে এতিয়াতো আমি দাঁতিকাষত থিয় হৈ আছোঁ। আকৌ পিছলৈ আমি কি
চাওঁ? খোজ আগলৈ দি থাকা। ইয়াত অন্তৰ্মুখতা বহুত লাগে, সেয়েহে কাছৰো উদাহৰণ আছে। এই
উদাহৰণ আদি সকলোবোৰ তোমালোকৰ কাৰণে। সন্যাসীসকলতো হৈছেই হঠযোগী, তেওঁলোকেতো ৰাজযোগ
শিকাব নোৱাৰে। তেওঁলোকে শুনিলে তেতিয়া ভাবে যে এওঁলোকে আমাক অপমান কৰে সেয়েহে এইটোও
যুক্তিৰে লিখিব লাগে। পিতা অবিহনে ৰাজযোগ কোনেও শিকাব নোৱাৰে। আওপকীয়াকৈ কোৱা হয় –
যাতে খেয়াল নকৰে। যুক্তিৰে চলিবলগীয়া হয় নহয়, যে সাপো মৰক লাঠিও নাভাঙক।
কুটুম্ব-পৰিয়াল আদি সকলোৰে প্ৰতি প্ৰীতি ৰাখা কিন্তু বুদ্ধিৰ যোগসূত্ৰ পিতাৰ সৈতে
গঢ়ি তুলিব লাগে। তোমালোকে জানা আমি এতিয়া এজনৰ মতত আছোঁ। এয়া হৈছে দেৱতা হোৱাৰ মত,
ইয়াকেই অদ্বৈত মত বুলি কোৱা হয়। সন্তানসকল দেৱতা হ'ব লাগে। কিমানবাৰ তোমালোক হৈছা?
অনেকবাৰ। এতিয়া তোমালোক সংগমযুগত থিয় হৈ আছা। এইটো অন্তিম জন্ম। এতিয়াতো যাব লাগে।
পিছলৈ কি চাব লাগে। দেখিও নিজৰ অটল স্থিতিত তোমালোক থিয় হৈ থাকা। লক্ষ্যক পাহৰিব
নালাগে। তোমালোকেই মহাবীৰ হোৱা যিসকল মায়াৰ ওপৰত বিজয়ী হয়। এতিয়া তোমালোকে বুজি পোৱা
- পৰাজয় আৰু জয়ৰ এই চক্ৰ ঘূৰি থাকে। বাবাৰ কিমান অপূৰ্ব জ্ঞান। এইটো জানিছিলা জানো
যে নিজক বিন্দু বুলি বুজিব লাগে, ইমান সূক্ষ্ম বিন্দুত গোটেই ভূমিকা নিহিত হৈ আছে
যি চক্ৰাকাৰে ঘূৰি থাকে। অতি আশ্চৰ্যকৰ। আশ্চৰ্য বুলি কৈ এৰিবলগীয়াই হয়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পাছলৈ ঘূৰি
চাব নালাগে। কোনোধৰণৰ কথাত থমকি ৰৈ যাব নালাগে। এজন পিতাৰ ফালে চাই থাকি নিজৰ অৱস্থা
একৰস কৰি ৰাখিব লাগে।
(2) বুদ্ধিত স্মৃতি
ৰাখিব লাগে যে এতিয়া আমি দাঁতিত থিয় হৈ আছোঁ। ঘৰলৈ যাব লাগে, গাফিলতি কৰা এৰি দিব
লাগে। নিজৰ অৱস্থা গঢ়ি তুলিবলৈ গুপ্ত পৰিশ্ৰম কৰিব লাগে।
বৰদান:
সকলোৰে অন্তৰৰ
স্নেহ প্ৰাপ্ত কৰোঁতা অনাসক্ত, স্নেহী, সংকল্প ৰহিত হোৱা
যিসকল সন্তানৰ
অনাসক্ত আৰু স্নেহী হৈ থকাৰ গুণ বা সংকল্প ৰহিত হৈ থকাৰ বিশেষত্ব আছে অৰ্থাৎ যিসকলে
এইটো বৰদান প্ৰাপ্ত কৰিছে তেওঁলোক সকলোৰে প্ৰিয় হৈ যায় কিয়নো অনাসক্ত বোধেৰে সকলোৰে
অন্তৰৰ স্নেহ স্বতঃ প্ৰাপ্ত হয়। তেওঁলোকে নিজৰ শক্তিশালী সংকল্প ৰহিত স্থিতি বা
শ্ৰেষ্ঠ কৰ্মৰ দ্বাৰা অনেকৰ সেৱাৰ নিমিত্ত হয় সেই কাৰণে নিজেও সন্তুষ্ট হৈ থাকে আৰু
আনৰো কল্যাণ কৰে। তেওঁলোকে প্ৰতিটো কাৰ্যত সফলতা স্বতঃ প্ৰাপ্ত কৰে।
স্লোগান:
এক ‘বাবা’ শব্দই সৰ্ব সম্পদৰ চাবি - এই চাবি সদায় যতনে ৰাখিবা।
অব্যক্ত সংকেত: অশৰীৰী
তথা বিদেহী স্থিতিৰ অভ্যাস বঢ়োৱা
এক চেকেণ্ডত চোলাৰ (দেহৰ)
পৰা পৃথক তেতিয়াহে হ’ব পাৰিবা যেতিয়া কোনো ধৰণৰ সংস্কাৰৰ আটিলতা নাথাকিব। যেনেকৈ
কোনো বস্তু যদি আটিল হৈ লাগি ধৰে তেতিয়া খুলিবলৈ কঠিন হয়। ঢিলা হ’লে সহজেই পৃথক হৈ
যায়। তেনেকৈ যদি নিজৰ সংস্কাৰত অলপো সহজবোধ নাথাকে তেন্তে অশৰীৰী বোধৰ অনুভৱ কৰিব
নোৱাৰিবা সেই কাৰণে সহজ আৰু সতৰ্ক হৈ থাকা।