06.11.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল – এই
লক্ষ্য বহুত উচ্চ সেইবাবে নিজৰ সময় নষ্ট নকৰি সতোপ্ৰধান হোৱাৰ পুৰুষাৰ্থ কৰা”
প্ৰশ্ন:
সন্তানসকলৰ
আৰোহণ কলা নোহোৱাৰ মুখ্য কাৰণ কি?
উত্তৰ:
আগবাঢ়ি গৈ থাকোঁতে অলপমানো যদি অহংকাৰ আহিল, নিজকে বুদ্ধিমান বুলি ভাবিলে, মুৰুলী
খতি কৰিলে, পিতা ব্ৰহ্মাক অৱজ্ঞা কৰিলে তেতিয়া কেতিয়াও আৰোহণ কলা হ'ব নোৱাৰে।
সাকাৰৰ অন্তৰৰ পৰা আঁতৰিল মানে নিৰাকাৰৰো অন্তৰৰ পৰা আঁতৰিল।
গীত:
লাখ জমানে ৱালে…
(জগতৰ লাখ লাখ লোকে যিয়েই নকওক…)
ওঁম্শান্তি।
সন্তানসকলে
গীতটি শুনিলে। সন্তানসকলে কয় - যিয়েই আমাক সংশয়বুদ্ধিৰ কৰি তুলিবলৈ চেষ্টা নকৰক আমি
সংশয়বুদ্ধিৰ নহওঁ। লাগিলে যিমানেই আমাক ওলট-পালট কথা নুশুনাওঁক কিয় তথাপি আমি
সংশয়বুদ্ধিৰ নহওঁ। শ্রীমতত চলি থাকিম। পিতাই নিতৌ ভিন্ন ভিন্ন সাৰ কথা বুজাই থাকে।
সত্যযুগত 9 লাখ আছিল। তেন্তে নিশ্চয় ইমানবোৰ মনুষ্যৰ বিনাশ হ’ব। গতিকে যিসকল
বুদ্ধিমান হ'ব তেওঁলোকে ইংগিততে বুজিব যে যথাযথ এই যুদ্ধৰ দ্বাৰাই অনেক ধৰ্মৰ বিনাশ
হৈ এক দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা হ'ব। যিসকল যোগ্য হ'ব তেওঁলোকেই মনুষ্যৰ পৰা
দেৱী-দেৱতা হ'ব। পিতাৰ বাহিৰে কোনেও মনুষ্যৰ পৰা দেৱী-দেৱতা কৰি তুলিব নোৱাৰে। গতিকে
সন্তানসকলৰ স্মৃতি থাকিব লাগে যে আমি এতিয়া ঘৰলৈ উভতি যাব লাগে, কিন্তু মায়াই বাৰে
বাৰে পাহৰাই দিয়ে। ইয়াৰ পৰাই পিতাক স্মৰণ কৰি সতোপ্ৰধান হ'ব লাগে। যিকোনো সময়তে
যুদ্ধ ডাঙৰ হৈ যাব পাৰে, নিয়ম আছে জানো। এনেকৈ কয়ো যে কিজানি ডাঙৰ যুদ্ধ হৈও যাব,
যি বন্ধও হ’ব নোৱাৰিব। সকলোৱে পৰস্পৰ যুদ্ধ কৰিবলৈ লাগি যাব। গতিকে বিনাশ হোৱাৰ আগতে
কিয়নো আমি স্মৃতিত থাকি তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হোৱাৰ পুৰুষাৰ্থ নকৰোঁ। স্মৃতিৰ
যাত্ৰাতেই মায়াই বিঘিনি আনে সেইবাবে বাবাই নিতৌ কয় – খতিয়ান (চাৰ্ট) লিখা। কাচিৎহে
কোনোবা 2-4 গৰাকীয়ে লিখে। বাকী সকলেতো নিজৰ পেছাগত কাম-কাজতে গোটেই দিন লাগি থাকে।
অনেক প্ৰকাৰৰ বিঘিনিৰ মাজত পৰি থাকে। সন্তানসকলে এইটোতো জানে যে আমি সতোপ্ৰধান
নিশ্চয় হ'ব লাগে। সেয়েহে য'তেই নাথাকা পুৰুষাৰ্থ কৰিব লাগে। মনুষ্যক বুজাবলৈ চিত্ৰ
আদিও তৈয়াৰ কৰি থকা হয় কিয়নো এই সময়ত মনুষ্য 100 শতাংশ তমোপ্ৰধান। যেতিয়া প্ৰথমে
মুক্তিধামৰ পৰা আহে তেতিয়া সতোপ্ৰধান হয়। আকৌ সতো-ৰজো-তমোত আহি আহি এই সময়ত সকলো
তমোপ্ৰধান হৈ গৈছে। সকলোকে পিতাৰ বাৰ্তা দিব লাগে যে পিতাক স্মৰণ কৰিলে তমোপ্ৰধানৰ
পৰা সতোপ্ৰধান হ'বা। বিনাশো সন্মুখত থিয় হৈ আছে। সত্যযুগত এটাই ধৰ্ম আছিল তেতিয়া
বাকী সকলো নিৰ্বাণধামত আছিল। সন্তানসকলে চিত্ৰৰ প্ৰতি ধ্যান দিব লাগে। ডাঙৰ চিত্ৰ
হ’লে ভালকৈ বুজিব পাৰিব। সকলোকে বাবাৰ বাৰ্তা দিব লাগে। ‘মনমনাভৱ’ শব্দটি হৈছে
মুখ্য অথবা ‘অল্ফ’ (পৰমপিতা) আৰু ‘বে’ (বাদশ্বাহী) এয়া বুজাবলৈ কিমান পৰিশ্ৰম
কৰিবলগীয়া হয়। বুজাওঁতাসকলো ক্ৰমানুসৰি হয়, বেহদৰ (অসীমৰ; পাৰলৌকিক) পিতাৰ প্ৰতি
মৰম থাকিব লাগে। বুদ্ধিত এইটো থাকিব লাগে যে মই বাবাৰ সেৱা কৰি আছোঁ। খোদাৰ সহায়কাৰী
হ'ব লাগে। তেওঁলোকে শব্দবোৰ যদিও কয় কিন্তু অৰ্থ বুজি নাপায়। এতিয়া বাবা আহিছে -
সন্তানসকলক সহায় কৰিবলৈ। কিমান উত্তম দেৱী-দেৱতা কৰি তোলে। আজি আমি কিমান কঙাল হৈ
গৈছোঁ। সত্যযুগত কিমান সৰ্বগুণ সম্পন্ন হৈ যাম, ইয়াত পৰস্পৰ হাই-কাজিয়া কৰি থাকে।
এইটো কোনেও নাজানে যে বিনাশ হ'ব। ভাবে শান্তি হৈ যাব, একেবাৰে ঘোৰ অন্ধকাৰত আছে।
এতিয়া তেওঁলোকক বুজাওঁতাৰ প্ৰয়োজন। বিলাতততো এই জ্ঞান দিব পাৰা। এটাই কথা সভাত বহি
বুজোৱা যে ভয়ানক মহাভাৰতৰ যুদ্ধতো প্ৰসিদ্ধ হয়, ইয়াৰ দ্বাৰা পুৰণি সৃষ্টিৰ বিনাশ
হ'ব। এতিয়া ঈশ্বৰ পিতাও (গড্ ফাদাৰো) ইয়াত আছে, নিশ্চয় তেৱেঁই ব্ৰহ্মাৰ দ্বাৰা
স্বৰ্গৰ স্থাপনা কৰি আছে। শংকৰৰ দ্বাৰা কলিযুগৰ বিনাশো হ'ব, কিয়নো এতিয়া হ'ল সংগম।
প্ৰাকৃতিক দুৰ্যোগো হ'ব। তৃতীয় বিশ্ব যুদ্ধ অন্তিম যুদ্ধ বুলি কয়। অন্তিম বিনাশো
নিশ্চয় হ'ব। এতিয়া সকলোকে এয়া ক’বলগীয়া হয় যে বেহদৰ পিতাক স্মৰণ কৰা তেতিয়া
মুক্তিধামলৈ গুচি যাবা। লাগিলে নিজৰ ধৰ্মত থাকক তেতিয়াও পিতাক স্মৰণ কৰিলে নিজৰ
ধৰ্মত ভাল পদ পাব পাৰে।
তোমালোকে জানা -
বেহদৰ পিতাই আমাক প্ৰজাপিতা ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা জ্ঞান দি আছে আকৌ আনকো বুজাবলগীয়া
হয়। সেৱা ঘৰৰ পৰাই আৰম্ভ হয়। আশে-পাশে থকা সকলোকে বাৰ্তা দিব লাগে। অন্য ধৰ্মৰ লোককো
পিতাৰ পৰিচয় দিব লাগে। বাহিৰৰ সকলক, ৰজাসকলক জ্ঞান দিব লাগে। তাৰ বাবে প্ৰস্তুতি
চলাব লাগে। বাবাই কয় – এয়া যিবোৰ মুখ্য চিত্ৰ আছে - ত্ৰিমূৰ্তি, সৃষ্টিচক্ৰ,
কল্পবৃক্ষও কাপোৰত ছপালে বাহিৰলৈও লৈ যাব পাৰা। ডাঙৰ আকাৰত ছপাব নোৱাৰিলে তেতিয়া
দুটুকুৰা কৰি লোৱা। গোটেই জ্ঞান এই ত্ৰিমূৰ্তি, কল্পবৃক্ষ, সৃষ্টিচক্ৰৰ চিত্ৰত আছে।
ছিৰিৰ জ্ঞানো সৃষ্টিচক্ৰত আহি যায়। ছিৰি হৈছে 84 জন্ম কেনেকৈ লোৱা হয় তাৰ বিতং
চিত্ৰ। চক্ৰত সকলো ধৰ্মৰ কথা আহি যায়। ছিৰিত দেখুওৱা হয় কেনেকৈ সতোপ্ৰধান আকৌ
সতো-ৰজো-তমোত আহে, অৱনমিত হয়। এতিয়া বাবাই কয় - মোক স্মৰণ কৰা। বাবাৰ গোটেই দিন
চিন্তন চলি থাকে। যদিহে কোনোবাই নতুন ভৱন নিৰ্মাণ কৰে, তাত দেৱাল ইমান ডাঙৰ হওক যাতে
তাত 6 গুণ 9 ফুট আকাৰত চিত্ৰ অংকণ কৰিব পৰা যায়। 12 ফুটৰ দেৱাল হ'ব লাগে। এই সময়ত
ভাষাও বহুত। সকলো ধৰ্মৰ লোকক বুজাবলৈ হ'লে কিমান ভাষাত তৈয়াৰ কৰিব লাগিব। ইমান
বিশাল বুদ্ধিৰে যুক্তি ৰচিব লাগে। সেৱাৰ চখ থাকিব লাগে। খৰচতো কৰিবই লাগে। বাকী
তোমালোকে ভিক্ষা মগাৰ দৰকাৰ নাই। আপোনাআপুনি ভঁৰাল ভৰপূৰ হৈ যাব। নাটকত নিৰ্ধাৰিত
হৈ আছে। সন্তানসকলৰ বুদ্ধি চলিব লাগে। কিন্তু সন্তানসকলে অলপ কৰিলেই নিচা বাঢ়ি যায়
যে মই বহুত বুদ্ধিমান। বাবাই কয় –এটকাৰ 4 অনাও শিকা নাই। কোনোৱে দুই অনা, কোনোৱে এক
অনা, কোনোৱে এপইচাৰ সমানো কাচিৎহে শিকিছে। একোৱে বুজি নাপায়। মুৰুলী পঢ়াৰো চখ নাই।
চহকী প্ৰজা, গৰিব প্ৰজা সকলো ইয়াতে হ'ব লাগে। কোনোৱেতো পিতাৰ আগত প্ৰতিজ্ঞা কৰি আকৌ
মুখ কলা কৰি দিয়ে। কয় - বাবা পৰাজিত হৈ গ’লোঁ। পিতাই কয় – তুমিতো পদাতিকৰো পদাতিক,
একেবাৰে মূল্যহীন। এনেকুৱাসকলে কি পদ পাব! এতিয়া সূৰ্যবংশী ৰাজধানী স্থাপন হৈ আছে।
যিসকলৰ বাবাৰ স্মৃতি থাকে, তেওঁলোকেই আনন্দিত হৈ থাকে। কেৱল এইটোও যদি স্মৃতিত থাকে
যে পিতাৰ দ্বাৰা কি উত্তৰাধিকাৰ লৈ আছোঁ, তেতিয়াও বহুত লাভ। ধাৰণ কৰি আকৌ নিজৰ সমান
কৰি গঢ়ি তুলিব লাগে। সন্তানসকলৰ দ্বাৰা সেৱা নহয়। অলপ সেৱা কৰে তেতিয়া ভাবে মই
উত্তীৰ্ণ হৈ গ’লোঁ। দেহ-অভিমানত আহি বাগৰি পৰে। যদিহে বাবাক (ব্ৰহ্মাক) অৱজ্ঞা কৰা
তেতিয়া শিৱবাবাই কয় – তাৰ মানে মোক অৱজ্ঞা কৰিলা। বাপদাদা দুয়ো একত্ৰিত হৈ আছে নহয়
জানো। এনেকুৱা নহয় যে আমাৰতো শিৱবাবাৰ সৈতে সম্পৰ্ক আছে, হেৰ’ উত্তৰাধিকাৰতো এওঁৰ
দ্বাৰা পাবা নহয় জানো। এওঁক অন্তৰৰ বাৰ্তা শুনাব লাগে। ৰায় ল’ব লাগে। শিৱবাবাই কয় -
মই সাকাৰৰ দ্বাৰা ৰায় দিম। ব্ৰহ্মাৰ অবিহনে শিৱবাবাৰ পৰা উত্তৰাধিকাৰ কেনেকৈ ল’বা।
পিতাৰ অবিহনে একো কাম হ'ব নোৱাৰে সেইবাবে সন্তানসকল বহুত সাৱধান হ’ব লাগে। ওলোটা
অহংকাৰত আহি নিজৰে সৰ্বনাশ কৰি দিয়ে। সাকাৰৰ অন্তৰৰ পৰা আঁতৰিল মানে নিৰাকাৰৰ
অন্তৰৰ পৰাও আঁতৰিল। এনেকুৱা বহুত আছে - যিয়ে কেতিয়াও মুৰুলীও নুশুনে, পত্ৰও নিলিখে
তেন্তে পিতাই কি বুজিব! লক্ষ্য বহুত উচ্চ। সন্তানসকলে সময় নষ্ট কৰিব নালাগে। যিসকলে
নিজক মহাৰথী বুলি বুজে তেওঁলোকে উচ্চ কাৰ্যত সহায় কৰিব লাগে। তেতিয়া পিতা আনন্দিত
হৈ ধন্যবাদ দিব, ইয়াৰ দ্বাৰা বহুতৰ কল্যাণ হ'ব। প্ৰদৰ্শনীলৈতো অনেক আহে। প্ৰজাতো হয়।
বাবাৰ দৃষ্টি সেৱাধাৰী সন্তানসকলৰ ফালে থাকে। এই ইন্দ্ৰসভাত আহিব লাগে - সূৰ্যবংশী
ৰজা-ৰাণী হওঁতাসকল। যিসকলে সেৱা নকৰে তেওঁলোক যোগ্য নহয়। আগলৈ গৈ সকলো গম পোৱা যাব
– কোন কোন কি হ'ব! সন্তানসকলৰ বহুত নিচা থাকিব লাগে যে আমি কাইলৈ স্বৰ্গলৈ গৈ
ৰাজকুমাৰ হ’মগৈ। তোমালোক ইয়ালৈ আহিছা ৰাজযোগ শিকিবলৈ। ভালদৰে নপঢ়িলে পদ কম পাবা।
বাবাৰ ওচৰলৈ সেৱাৰ বাৰ্তা আহিব লাগে। বাবা মই আজি এইটো সেৱা কৰিলোঁ। পত্ৰই কেতিয়াও
নিলিখে তেন্তে বাবাই কি বুজিব? মৰি গ'ল। বাবাৰো সেইসকল সন্তানেই স্মৃতিত থাকে যিয়ে
সেৱাত ব্ৰতী হৈ থাকে। বাবাৰ পৰিচয় দি থাকে। শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা
ব্ৰহ্মাকুমাৰ-কুমাৰীসকলক উত্তৰাধিকাৰ দিয়ে। শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণৰ ৰচনা
ৰচে। এতিয়া অন্য সকলো ধৰ্ম আছে বাকী দেৱী-দেৱতা যিটো আধাৰ হয়, সেইটো নাই। এই গোটেই
খেল ৰচি থোৱা আছে। ছিৰিত সকলো ধৰ্ম নাই। সেইবাবে সৃষ্টিচক্ৰৰ ওপৰত বুজাবলগীয়া হয়,
সৃষ্টিচক্ৰত স্পষ্টকৈ আছে। এইটোও বুজাব লাগে যে সত্যযুগত দেৱী-দেৱতাসকল দ্বৈত
মুকুটধাৰী আছিল। এই সময়ত পৱিত্ৰতাৰ মুকুট কাৰো নাই। এজনো নাই যাক আমি প্ৰকাশৰ (পৱিত্ৰতাৰ)
মুকুট দিব পাৰোঁ। নিজকো দিব নোৱাৰোঁ। আমি প্ৰকাশৰ বাবে পুৰুষাৰ্থ কৰি আছোঁ। শৰীৰতো
ইয়াত পৱিত্ৰ নহয়। আত্মাই যোগবলেৰে পৱিত্ৰ হৈ হৈ অন্তিমত পৱিত্ৰ হৈ যাব। মুকুটতো পাবা
সত্যযুগত। সত্যযুগত দ্বৈত মুকুট, ভক্তি মাৰ্গত একক মুকুট। ইয়াত কোনো মুকুট নাই।
এতিয়া তোমালোকক কেৱল পৱিত্ৰতাৰ মুকুট ক’ত দেখুৱাব? প্ৰকাশ ক'ত দিব? জ্ঞানীতো হৈছা
কিন্তু সম্পূৰ্ণ পৱিত্ৰ যেতিয়া হোৱা তেতিয়া প্ৰকাশ দেখুওৱা উচিত। তেন্তে
সূক্ষ্মবতনত প্ৰকাশ দেখুওৱা হ’বনে? যিদৰে মম্মাক সূক্ষ্মবতনত পৱিত্ৰ ফৰিস্তা ৰূপত
দেখুওৱা হয়। তাত একক মুকুট। কিন্তু এতিয়া প্ৰকাশ কেনেকৈ দেখুওৱা হ’ব? পৱিত্ৰ হয়
অন্তিমত। যোগত যেতিয়া বহা তেতিয়া তাত প্ৰকাশ দেখুৱাব পাৰিনে? আজি প্ৰকাশ দেখুৱালে
কাইলৈ যদি পতিত হৈ যায় তেন্তে প্ৰকাশেই নোহোৱা হৈ যায় সেইবাবে অন্তিমত যেতিয়া
কৰ্মাতিত অৱস্থা হ'ব তেতিয়া প্ৰকাশ দেখুৱাব পাৰি। কিন্তু তোমালোক সম্পূৰ্ণ হ’লেই
সূক্ষ্মবতনলৈ গুচি যাবা। যিদৰে বুদ্ধ, যীশুখ্ৰীষ্টক দেখুৱায়। প্ৰথমতে পৱিত্ৰ আত্মা
ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহে, তেওঁলোকৰ ক্ষেত্ৰত প্ৰকাশ দেখুৱাব পাৰি, মুকুট নহয়।
তোমালোকেও বাবাক স্মৰণ কৰি কৰি পৱিত্ৰ হৈ যাবা। স্বদৰ্শন চক্ৰ ঘূৰাই ঘূৰাই ৰজাৰ পদ
পাবা। তাত পৰামৰ্শদাতা (মন্ত্ৰী) নাথাকে। ইয়াত বহুতৰ পৰা ৰায় ল’বলগীয়া হয়। তাত সকলো
সতোপ্ৰধান হয়। এই সকলোবোৰ বুজিবলগীয়া কথা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
াৰণাৰবাবেমুখ্যসাৰ:-
(1) বাপদাদাৰ
পৰা ধন্যবাদ ল’বৰ বাবে পিতাৰ উচ্চ কার্যত পূৰা পূৰা সহায়কাৰী হ'ব লাগে। বাবাক নিজৰ
সেৱাৰ বাৰ্তা দিব লাগে।
(2) দেহ-অভিমানত আহি
কেতিয়াও কাৰো প্ৰতি অসন্মান প্ৰদৰ্শন কৰিব নালাগে। ওলোটা নিচাত আহিব নালাগে। নিজৰ
সময় নষ্ট কৰিব নালাগে। সেৱাৰ যুক্তি (উপায়) ৰচিব লাগে, সেৱাৰ যোগ্য হ'ব লাগে।
বৰদান:
সদায় দয়া আৰু
কল্যাণৰ দৃষ্টিৰে বিশ্বৰ সেৱা কৰোঁতা বিশ্ব পৰিৱৰ্তক হোৱা
বিশ্ব পৰিৱৰ্তক বা
বিশ্ব সেৱাধাৰী আত্মাসকলৰ মুখ্য লক্ষণ হৈছে— নিজৰ দয়া আৰু কল্যাণৰ দৃষ্টিৰ দ্বাৰা
বিশ্বক সম্পন্ন তথা সুখী কৰি তোলা। যি অপ্ৰাপ্ত বস্তু আছে - ঈশ্বৰীয় সুখ, শান্তি
আৰু জ্ঞান ধনেৰে, সৰ্ব শক্তিৰে সৰ্ব আত্মাক ভিখাৰীৰ পৰা অধিকাৰী কৰি তোলা। এনে
সেৱাধাৰীয়ে নিজৰ প্ৰতিটো ছেকেণ্ড, বাণী আৰু কৰ্ম, সম্বন্ধ, সম্পৰ্ক সেৱাতেই লগাই
দিয়ে। তেওঁলোকৰ চোৱা, চলা, খোৱা সকলোতে সেৱা সমাহিত হৈ থাকে।
স্লোগান:
মান, সম্ব্ৰমৰ ত্যাগ কৰি নিজৰ সময়ক বেহদ সেৱাত সফল কৰা মানেই পৰোপকাৰী হোৱা।
অব্যক্ত সংকেত: পিতা
ব্ৰহ্মাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ স্থিতিৰ অনুভৱ কৰা:
অন্তিম সম্পূৰ্ণ
অৱস্থা প্ৰাপ্ত কৰিবলৈ নিজক অতিথি বুলি বুজি চলা। যিসকলে নিজক অতিথি বুলি ভাবে,
তেওঁলোক ব্যক্তত থাকিও অব্যক্ত স্থিতিত থাকে, তেওঁলোকৰ কাৰো প্ৰতি আসক্তি নাথাকে।
মই এই শৰীৰত, এই পুৰুণা সৃষ্টিত অতিথি, কেৱল অলপ সময়ৰ বাবে এই শৰীৰ কামত ব্যৱহাৰ
কৰিব লাগে।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]