06.12.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক এতিয়া পুৰুষোত্তম সংগমযুগত আছা, তোমালোকে ইয়াত থাকি নতুন সৃষ্টিৰ স্মৃতিত
থাকিব লাগে আৰু আত্মাক পাৱন কৰি তুলিব লাগে"
প্ৰশ্ন:
পিতাই
তোমালোকক এনেকুৱা কি বোধ দিছে যাৰ দ্বাৰা বুদ্ধিৰ তলা খুলি গ’ল?
উত্তৰ:
পিতাই এই বেহদ অনাদি ড্ৰামাৰ এনেকুৱা বোধ দিলে যাৰ দ্বাৰা বুদ্ধিত যি গড্ৰেজৰ তলা
লাগি আছিল সেয়া খুলি গ’ল। পাথৰবুদ্ধিৰ পৰা পাৰসবুদ্ধিৰ হৈ গ’লা। পিতাই বোধ দিছে যে
এই ড্ৰামাখনত প্ৰত্যেক ভাৱৰীয়াৰ নিজৰ নিজৰ অনাদি ভূমিকা আছে, যিয়ে কল্প পূৰ্বে
যিমান পঢ়িছিল তেওঁ এতিয়াও সিমানেই পঢ়িব। পুৰুষাৰ্থ কৰি নিজৰ উত্তৰাধিকাৰ ল’ব।
ওঁম্শান্তি।
আত্মিক
সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বহি শিকায়। যেতিয়াৰ পৰা পিতা হৈছে তেতিয়াৰ পৰাই তেওঁ
শিক্ষকো হয়, তেতিয়াৰ পৰাই আকৌ সৎগুৰুৰ ৰূপত শিক্ষা দি আছে। এয়াতো সন্তানসকলে বুজিয়ে
পায় যে যিহেতু তেওঁ পিতা, শিক্ষক, গুৰু গতিকে তেওঁ সৰু শিশুতো নহয়। তেওঁ উচ্চতকৈও
উচ্চ, শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ। পিতাই জানে এয়া সকলো মোৰ সন্তান। ড্ৰামাৰ পৰিকল্পনা
অনুসৰি আহ্বানো জনাইছা যে আহি আমাক পাৱন সৃষ্টিলৈ লৈ ব’লক। কিন্তু একোৱে বুজি নাপায়।
এতিয়া তোমালোকে বুজি পোৱা যে পাৱন সৃষ্টি সত্যযুগক আৰু পতিত সৃষ্টি কলিযুগক কোৱা হয়।
এনেকৈ কয়ো যে আহি আমাক ৰাৱণৰ কাৰাগাৰৰ পৰা উদ্ধাৰ কৰি দুখৰ পৰা মুক্ত কৰি নিজৰ
শান্তিধাম আৰু সুখধামলৈ লৈ যাওঁক। দুয়োটি নামেই ভাল। মুক্তি-জীৱনমুক্তি বা
শান্তিধাম-সুখধাম। তোমালোক সন্তানসকলৰ বাহিৰে অন্য কাৰো বুদ্ধিত নাই যে শান্তিধাম
ক’ত, সুখধাম ক’ত থাকে? একেবাৰে অবোধ। তোমালোকৰ লক্ষ্য-উদ্দেশ্যই হৈছে বিচাৰ বুদ্ধি
সম্পন্ন হোৱা। অবোধসকলৰ বাবে লক্ষ্য-উদ্দেশ্য হৈছে বিচাৰ বুদ্ধি সম্পন্ন হোৱা।
সকলোকে শিকাব লাগে যে মনুষ্যৰ পৰা দেৱতা হোৱা এয়া হৈছে লক্ষ্য-উদ্দেশ্য। এইখন হয়েই
মনুষ্যৰ সৃষ্টি, সেইখন হৈছে দেৱতাসকলৰ সৃষ্টি। সত্যযুগ হৈছে দেৱতাসকলৰ সৃষ্টি,
তেন্তে নিশ্চয় মনুষ্যৰ সৃষ্টি কলিযুগত হ’ব। এতিয়া মনুষ্যৰ পৰা দেৱতা হ’ব লাগে তেন্তে
নিশ্চয় পুৰুষোত্তম সংগমযুগো থাকিব। তেওঁলোক হৈছে দেৱতা, এয়া হৈছে মনুষ্য। দেৱতাসকল
হৈছে বিচাৰ বুদ্ধি সম্পন্ন। পিতাইহে এনেকুৱা বিচাৰ বুদ্ধি সম্পন্ন কৰি তুলিছে। পিতা
যিজন বিশ্বৰ মালিক, যদিও নিজে মালিক নহয় কিন্তু গায়নতো কৰা হয় নহয়। বেহদৰ পিতা,
বেহদৰ সুখ দিওঁতা। বেহদৰ সুখ নতুন সৃষ্টিত আৰু বেহদৰ দুখ হৈছে পুৰণি সৃষ্টিত।
দেৱতাসকলৰ চিত্ৰও তোমালোকৰ সন্মুখত আছে। তেওঁলোকৰ গায়নো আছে। আজিকালিতো 5 ভূতৰো পুজা
কৰি থাকে।
এতিয়া পিতাই তোমালোকক
বুজায় যে তোমালোক পুৰুষোত্তম সংগমযুগত আছা। তোমালোকৰ ভিতৰতো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি
জানে যে আমাৰ এখন ভৰি স্বৰ্গত, আনখন ভৰি নৰকত আছে। থাকাতো ইয়াতেই কিন্তু বুদ্ধি
নতুন সৃষ্টিত আছে আৰু যিয়ে নতুন সৃষ্টিলৈ লৈ যায় তেওঁক স্মৰণ কৰিব লাগে। পিতাৰ
স্মৃতিৰেই তোমালোক পৱিত্ৰ হোৱা। এয়া শিৱবাবাই বহি বুজায়। শিৱজয়ন্তীতো নিশ্চয় পালন
কৰে, কিন্তু শিৱবাবা কেতিয়া আহিল, আহি কি কৰিলে, সেয়া একোৱে নাজানে। শিৱৰাত্ৰি পালন
কৰে আৰু শ্ৰীকৃষ্ণৰ জয়ন্তী পালন কৰে, শ্ৰীকৃষ্ণৰ ক্ষেত্ৰত যিটো শব্দ কয় শিৱবাবাৰ
ক্ষেত্ৰততো তেনেকৈ নকয় সেইকাৰণে তেওঁৰ ক্ষেত্ৰত আকৌ শিৱৰাত্ৰি বুলি কয়। অৰ্থ একোৱেই
নুবুজে। তোমালোক সন্তানসকলকতো অৰ্থ বুজোৱা হয়। অপাৰ দুখ কলিযুগৰ অন্তত হয়, আকৌ অপাৰ
সুখ সত্যযুগত হয়। তোমালোক সন্তানসকলে এতিয়া এই জ্ঞান পাইছা। তোমালোকে
আদি-মধ্য-অন্তক জানা। যিসকলে কল্প পূৰ্বে পঢ়িছিল তেওঁলোকেই এতিয়া পঢ়িব, যিয়ে যি
পুৰুষাৰ্থ কৰিছিল সেয়াই কৰিবলৈ ধৰিব আৰু তেনেকুৱাই পদো পাব। তোমালোকৰ বুদ্ধিত গোটেই
চক্ৰ আছে। তোমালোকেই উচ্চতকৈও উচ্চ পদ পোৱা আকৌ তোমালোক অৱনমিতও তেনেকৈয়ে হোৱা।
পিতাই বুজাইছে - এয়া যিয়েই মনুষ্যৰ আত্মা আছে, মালা আছে নহয়, সকলো ক্ৰমানুসৰি আহে।
প্ৰতিগৰাকী ভাৱৰীয়াই কোনটো সময়ত কোনে কি ভূমিকা পালন কৰিব লাগিব সেই অনুসৰি নিজৰ
নিজৰ ভূমিকা প্ৰাপ্ত কৰিছে। এইখন হৈছে অনাদি ৰচি থোৱা ড্ৰামা যাৰ বিষয়ে পিতাই বহি
বুজায়। এতিয়া তোমালোকক পিতাই যি বুজায় সেয়া নিজৰ ভাতৃসকলক বুজাব লাগে। তোমালোকৰ
বুদ্ধিত আছে যে প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত পিতা আহি আমাক বুজায়, আমি আকৌ ভাতৃসকলক
বুজাওঁ। আত্মাৰ সম্বন্ধত ভাই ভাই হয়। পিতাই কয় - এতিয়া তোমালোকে নিজক অশৰীৰী আত্মা
বুলি বুজা। আত্মাইহে পাৱন হ’বৰ বাবে নিজৰ পিতাক স্মৰণ কৰিব লাগে। আত্মা পৱিত্ৰ হ’লে
তেতিয়া আকৌ শৰীৰো পৱিত্ৰ পায়। আত্মা অপৱিত্ৰ হ’লে তেতিয়া অলংকাৰো অপৱিত্ৰ হয়।
ক্ৰমানুসৰিতো হয়েই। চেহেৰা, কৰ্মকাণ্ড এজনৰ লগৰ আনজনৰ নিমিলে। ক্ৰমানুসৰি সকলোৱে
নিজৰ নিজৰ ভূমিকা পালন কৰে, পাৰ্থক্য হ’ব নোৱাৰে। নাটকত সেয়াই দৃশ্য দেখিবলৈ পাবা
যি কালি দেখিছিলা। সেয়া পুনৰাবৃত্তি হ’ব নহয়। এয়া আকৌ বেহদৰ আৰু কালিৰ ড্ৰামা। কালি
তোমালোকক বুজাইছিলোঁ। তোমালোকে ৰাজ্য ল’লা আকৌ হেৰুৱালা। আজি আকৌ ৰাজ্য পাবৰ কাৰণে
বুজি আছা। এতিয়া ভাৰত পুৰণা নৰক, কাইলৈ নতুন স্বৰ্গ হ’ব। তোমালোকৰ বুদ্ধিত আছে -
এতিয়া আমি নতুন সৃষ্টিলৈ গৈ আছোঁ। শ্ৰীমতত চলি শ্ৰেষ্ঠ হৈ আছোঁ। শ্ৰেষ্ঠজন নিশ্চয়
শ্ৰেষ্ঠ সৃষ্টিত থাকিব। এই লক্ষ্মী-নাৰায়ণ শ্ৰেষ্ঠ সেয়েহে শ্ৰেষ্ঠ স্বৰ্গত থাকে। যি
ভ্ৰষ্ট তেওঁ নৰকত থাকে। এইটো ৰহস্য তোমালোকে এতিয়া বুজি পোৱা। এই বেহদৰ ড্ৰামাক
যেতিয়া কোনোবাই যথা ৰীতিৰে বুজিব তেতিয়া বুদ্ধিত ধাৰণ হ’ব। শিৱৰাত্ৰিও পালন কৰে
কিন্তু একোৱেই নাজানে। সেয়েহে তোমালোক সন্তানসকলক এতিয়া পুনৰুজ্জীৱিত কৰি তুলিবলগীয়া
হয়। তোমালোকে আকৌ আনকো পুনৰুজ্জীৱিত কৰা। এতিয়া তোমালোকে জ্ঞান প্ৰাপ্ত কৰি আছা
তাৰপাছত সৎগতি পাই যাবা। পিতাই কয় - মই স্বৰ্গলৈ নাহোঁ, মোৰ ভূমিকাই হৈছে পতিত
সৃষ্টিক পৰিৱৰ্তন কৰি পাৱন সৃষ্টি কৰি তোলা। তাততো তোমালোকৰ প্ৰচুৰ সম্পদ থাকে।
ইয়াততো কঙাল সেই কাৰণে পিতাক আহ্বান জনায় যে আহি বেহদৰ উত্তৰাধিকাৰ দিয়ক। কল্পই
কল্পই বেহদৰ উত্তৰাধিকাৰ পোৱা আকৌ কঙালো হৈ যোৱা। চিত্ৰবোৰৰ ওপৰত বুজোৱা তেতিয়া
বুজিব পাৰিব। প্ৰথম নম্বৰত লক্ষ্মী-নাৰায়ণ আকৌ 84 জন্ম লৈ মনুষ্য হৈ গ’ল। এই জ্ঞান
এতিয়া তোমালোক সন্তানসকলে পোৱা। তোমালোকে জানা যে আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে আদি
সনাতন দেৱী-দেৱতা ধৰ্ম আছিল, যাক ‘বৈকুণ্ঠ’, ‘স্বৰ্গ’, ‘দৈৱী সৃষ্টি’ বুলিও কয়।
এতিয়াতো কোৱা নহয়। এতিয়াতো হৈছে আসুৰি সৃষ্টি। আসুৰি সৃষ্টিৰ অন্ত, দৈৱী সৃষ্টিৰ
আৰম্ভণিৰ এতিয়া হৈছে সংগম। এই কথাবোৰ এতিয়া তোমালোকে বুজি পোৱা, অন্য কাৰো মুখত
শুনিবলৈ নোপোৱা। পিতাহে আহি এওঁৰ মুখ ঋণত লয়। কাৰ মুখ ল’ব, বুজি নাপায়। পিতাৰ আৰোহন
কাৰ ওপৰত হ’ব? যেনেকৈ তোমালোক আত্মাসকলে এই শৰীৰত আৰোহন কৰিছা নহয়। শিৱবাবাৰ নিজৰ
ৰথতো নাই, গতিকে তেওঁক মুখ নিশ্চয় লাগে। নহ’লে ৰাজযোগ কেনেকৈ শিকাব? প্ৰেৰণাৰেতো
নিশিকা। সেয়েহে এই সকলো কথা অন্তৰত টুকি ৰাখিব লাগে। পৰমাত্মাৰো বুদ্ধিত গোটেই
জ্ঞান আছে নহয়। তোমালোকৰো বুদ্ধিত এই সকলোবোৰ ধাৰণ হ’ব লাগে। এই জ্ঞান বুদ্ধিৰে
ধাৰণ কৰিব লাগে। কোৱাও হয় - তোমাৰ বুদ্ধি ঠিকে আছেনে? বুদ্ধি আত্মাত থাকে। আত্মাইহে
বুদ্ধিৰে বুজি আছে। তোমালোকক পাথৰবুদ্ধিৰ কোনে কৰিলে? এতিয়া বুজি পোৱা যে ৰাৱণে
আমাৰ বুদ্ধি কি কৰি দিলে! কালিলৈকে তোমালোকে ড্ৰামাক জনা নাছিলা, বুদ্ধিত একেবাৰে
গড্ৰেজৰ তলা লাগি আছিল। ‘গড্’ শব্দটি আছে নহয় জানো! পিতাই যি বুদ্ধি দিয়ে সেয়া সলনি
হৈ পাথৰবুদ্ধি হৈ যায়। পুনৰ পিতা আহি তলা খোলে। সত্যযুগত হয়েই পাৰসবুদ্ধি। পিতা আহি
সকলোৰে কল্যাণ কৰে। ক্ৰমানুসৰি সকলোৰে বুদ্ধি উদয় হয়। পুনৰ ইজনৰ পিছত সিজন আহি থাকে।
ওপৰততো কোনো থাকিব নোৱাৰে। পতিত তাত থাকিব নোৱাৰে। পিতাই পাৱন কৰি পাৱন সৃষ্টিলৈ লৈ
যায়। তাত সকলো পাৱন আত্মা থাকে। সেইখন হৈছে নিৰাকাৰী সৃষ্টি।
তোমালোক সন্তানসকলে
এতিয়া সকলো গম পাইছা সেইকাৰণে নিজৰ ঘৰো যেন অতি সমীপত দেখিবলৈ পোৱা। তোমালোকৰ ঘৰৰ
প্ৰতি বহুত মৰম আছে। তোমালোকৰ দৰে মৰমতো আন কাৰো নাই। তোমালোকৰ মাজতো ক্ৰমানুসৰি আছে,
যাৰ পিতাৰ প্ৰতি মৰম আছে তেওঁৰ ঘৰৰ প্ৰতিও মৰম আছে। মুৰব্বী সন্তান থাকে নহয়।
তোমালোকে বুজি পোৱা ইয়াত যিয়ে ভালকৈ পুৰুষাৰ্থ কৰি মুৰব্বী সন্তান হ’ব তেৱেঁই উচ্চ
পদ পাব। সৰু অথবা ডাঙৰ শৰীৰৰ ওপৰত নিৰ্ভৰ নকৰে। জ্ঞান আৰু যোগত যি মত্ত হৈ থাকে,
তেওঁ জ্যেষ্ঠ। বহুত সৰু সৰু সন্তানো জ্ঞান-যোগত তীক্ষ্ণ হ’লে তেতিয়া জ্যেষ্ঠসকলক
পঢ়ায়। এনেয়েতো নিয়ম অনুসৰি জ্যেষ্ঠই কনিষ্ঠক পঢ়ায়। আজিকালিতো বাওনাও হৈ যায়। এনেয়েতো
সকলো আত্মাই বাওনা (সূক্ষ্ম)। আত্মা বিন্দু, তাৰ কি ওজন কৰিব। তৰা হয়। মনুষ্যই তৰাৰ
নাম শুনিলে ওপৰলৈ চাব। তোমালোকে তৰাৰ নাম শুনি নিজকে চোৱা। ধৰণীৰ তৰা হৈছা তোমালোক।
সেয়া হৈছে আকাশৰ যি জড় হয়, তোমালোক চৈতন্য। আকাশৰ তৰাবোৰৰ একো অদল-বদল নহয়,
তোমালোকেতো 84 জন্ম লোৱা, কিমান ডাঙৰ ভূমিকা পালন কৰা। ভূমিকা পালন কৰোঁতে কৰোঁতে
জেউতি কম হৈ যায় বেটাৰী ডিচাৰ্জ হৈ যায়। আকৌ পিতা আহি ভিন্ন ভিন্ন প্ৰকাৰে বুজায়
কিয়নো তোমালোক আত্মাসকল স্তিমিত হৈ আছা। যি শক্তি আছিল সেয়া শেষ হৈ গ’ল। এতিয়া পুনৰ
পিতাৰ দ্বাৰা শক্তি আহৰণ কৰা। তোমালোকে নিজৰ বেটাৰী চাৰ্জ কৰি আছা। এই ক্ষেত্ৰত
মায়ায়ো বহুত বিঘিনি আনে, বেটাৰী চাৰ্জ কৰিবলৈ নিদিয়ে। তোমালোক হৈছা চৈতন্য বেটাৰী।
এইটো জানা যে পিতাৰ লগৰ যোগ লগালে আমি সতোপ্ৰধান হ’ম। এতিয়া তমোপ্ৰধান হৈ গ’লা। সেই
হদৰ পঢ়া আৰু এই বেহদৰ পঢ়াৰ মাজত বহুত পাৰ্থক্য আছে। কেনেকৈ ক্ৰমানুসৰি সকলো আত্মা
ওপৰলৈ যায় আকৌ নিজৰ সময়ত ভূমিকা পালন কৰিবলৈ আহে। সকলোৱে নিজৰ অবিনাশী ভূমিকা
প্ৰাপ্ত কৰিছে। তোমালোকে এই 84ৰ ভূমিকা কিমান বাৰ পালন কৰিছা! তোমালোকৰ বেটাৰী
কিমান বাৰ চাৰ্জ আৰু ডিচাৰ্জ হ’ল! যিহেতু এইটো জানা যে আমাৰ বেটাৰী ডিচাৰ্জ হৈ আছে
তেন্তে আকৌ চাৰ্জ কৰিবলৈ দেৰি কিয় কৰিব লাগে? কিন্তু মায়াই বেটাৰী চাৰ্জ কৰিবলৈ
নিদিয়ে। মায়াই বেটাৰী চাৰ্জ কৰিবলৈ তোমালোকক পাহৰাই দিয়ে। বাৰে বাৰে বেটাৰী ডিচাৰ্জ
কৰাই দিয়ে। পিতাক স্মৰণ কৰিবলৈ চেষ্টা কৰা কিন্তু কৰিব নোৱাৰা। তোমালোকৰ মাজত যিসকলে
বেটাৰী চাৰ্জ কৰি সতোপ্ৰধান অৱস্থাৰ সমীপত আহে, তেওঁলোকৰ দ্বাৰাও কেতিয়াবা কেতিয়াবা
মায়াই গাফিলতি কৰাই বেটাৰী ডিচাৰ্জ কৰি দিয়ে। এয়া অন্তিম সময়লৈকে হৈ থাকিব। আকৌ
যেতিয়া যুদ্ধৰ অন্ত হয় তেতিয়া সকলো শেষ হৈ যায় তাৰপাছত যাৰ যিমান বেটাৰী চাৰ্জ হ’ল
সেই অনুসৰি পদ পাব। সকলো আত্মাই পিতাৰ সন্তান, পিতাহে আহি সকলোৰে বেটাৰী চাৰ্জ কৰায়।
কিমান চমৎকাৰ খেল ৰচি থোৱা আছে। পিতাৰ সৈতে যোগসূত্ৰ গঢ়াৰ পৰা বাৰে বাৰে আঁতৰি যায়
তেতিয়া কিমান লোকচান হয়। আঁতৰি নাযাবৰ কাৰণে পুৰুষাৰ্থ কৰোৱা হয়। পুৰুষাৰ্থ কৰি কৰি
যেতিয়া সমাপ্তি হয় তেতিয়া পুৰুষাৰ্থৰ ক্ৰম অনুসৰি তোমালোকৰ ভূমিকা পূৰা হয়। যেনেকৈ
কল্পই কল্পই হয়। আত্মাৰ মালা তৈয়াৰ হৈ গৈ থাকে।
তোমালোক সন্তানসকলে
জানা যে ৰুদ্ৰাক্ষৰ মালা আছে, বিষ্ণুৰো মালা আছে। প্ৰথম নম্বৰততো তেওঁৰ (পিতাৰ) মালা
ৰখা হ’ব নহয়। পিতাই দৈৱী সৃষ্টি ৰচনাৰ কৰে নহয়। যেনেকৈ ‘ৰুদ্ৰ’ মালা আছে, তেনেকৈ
‘ৰুণ্ড’ মালাও (বিষ্ণুৰ মালা) আছে। ব্ৰাহ্মণৰ মালা এতিয়া হ’ব নোৱাৰে, অদল-বদল হৈ
থাকে। চুড়ান্ত তেতিয়া হ’ব যেতিয়া ৰুদ্ৰ মালা তৈয়াৰ হ’ব। ব্ৰাহ্মণৰো মালা হয় কিন্তু
এই সময়ত হ’ব নোৱাৰে। বাস্তৱত সকলো প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান। শিৱবাবাৰ সন্তানৰো
মালা আছে, বিষ্ণুৰো মালা বুলি ক’ব। তোমালোক ব্ৰাহ্মণ হোৱা গতিকে ব্ৰহ্মা আৰু শিৱৰো
মালা থকা উচিত। এই গোটেই জ্ঞান তোমালোকৰ বুদ্ধিত ক্ৰমানুসৰি আছে। শুনেতো সকলোৱেই
কিন্তু কাৰোবাৰ সেই সময়তে কাণেৰে ওলাই যায়, নুশুনেই। কোনোৱেতো নপঢ়েই, তেওঁলোকে গমেই
নাপায় যে ভগৱান পঢ়াবলৈ আহিছে। নপঢ়েই, এই পঢ়াতো কিমান আনন্দেৰে পঢ়িব লাগে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) স্মৃতিৰ
যাত্ৰাৰে আত্মা ৰূপী বেটাৰী চাৰ্জ কৰি সতোপ্ৰধান অৱস্থাত উপনীত হ’ব লাগে। এনেকুৱা
কোনো গাফিলতি কৰিব নালাগে যাৰ বাবে বেটাৰী ডিচাৰ্জ হৈ যায়।
(2) মুৰব্বী সন্তান
হ’বৰ কাৰণে পিতাৰ লগতে ঘৰৰ প্ৰতিও স্নেহ ৰাখিব লাগে। জ্ঞান আৰু যোগত মত্ত হৈ থাকিব
লাগে। পিতাই যি বুজায় সেয়া নিজৰ ভাতৃসকলকো বুজাব লাগে।
বৰদান:
একমাত্ৰ পিতাক
নিজৰ সংসাৰ কৰি লৈ সদায় এজনৰে আকৰ্ষণত থাকোঁতা কৰ্মবন্ধন মুক্ত হোৱা
সদায় এইটো অনুভৱত
থাকিবা যে একমাত্ৰ পিতা অন্য কোনো নাই। বচ্ একমাত্ৰ বাবাই সংসাৰ অন্য কোনো আকৰ্ষণ
নাই, কোনো কৰ্মবন্ধন নাই। নিজৰ কোনো দুৰ্বল সংস্কাৰৰো বন্ধন যাতে নাথাকে। যিসকলে
কাৰোবাৰ ওপৰত “মোৰ বোধ’ৰ অধিকাৰ ৰাখে তেওঁলোকৰ ক্ৰোধ বা অভিমান আহে – এয়াও
কৰ্মবন্ধন। কিন্তু যেতিয়া বাবাই মোৰ সংসাৰ, এইটো স্মৃতি থাকে তেতিয়া সকলো “মোৰ মোৰ”
এক “মোৰ বাবা”ত সমাহিত হৈ যায় আৰু কৰ্মবন্ধনৰ পৰা সহজেই মুক্ত হৈ যায়।
স্লোগান:
মহান আত্মা তেওঁ যাৰ দৃষ্টি আৰু বৃত্তি বেহদৰ।
সদায় সন্তুষ্ট হৈ থাকি
সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ’বলৈ আজিৰ অব্যক্ত সংকেত:
যিমানে নিজক সৰ্ব
প্ৰাপ্তিৰে সম্পন্ন অনুভৱ কৰিবা সিমানে সন্তুষ্ট হৈ থাকিবা। যদি অলপো অভাৱৰ উপলব্ধি
হ’ল তেন্তে য’ত অভাৱ আছে ত’ত অসন্তুষ্টতা থাকে। যদিও নিজৰ ৰাজ্য নাই সেয়েহে অলপ
পৰিশ্ৰম কৰিবলগীয়া হয় কিন্তু ইয়াত সমস্যাতো খেল হৈ গ’ল, সাহস কৰিলে সময়ত সহযোগ পোৱা
যায়। সেয়েহে নিজৰ সন্তুষ্টতাৰ লগতে নিজৰ শ্ৰেষ্ঠ স্থিতিৰে সকলো আত্মাক সন্তুষ্টতাৰ
সহযোগ দিয়া।