07.01.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে নিজক সংগমযুগী ব্ৰাহ্মণ বুলি বুজিলে তেতিয়া সত্যযুগী বৃক্ষ দেখিবলৈ পাবা আৰু অপাৰ আনন্দিত হৈ থাকিবা"

প্ৰশ্ন:
যিসকল জ্ঞানৰ প্ৰতি অতি আগ্ৰহী সন্তান, তেওঁলোকৰ লক্ষণ কি হ’ব?

উত্তৰ:
তেওঁলোকে পৰস্পৰ জ্ঞানৰহে কথা পাতিব। কেতিয়াও পৰচর্চা নকৰিব। একান্তত গৈ বিচাৰ সাগৰ মন্থন কৰিব।

প্ৰশ্ন:
এই বিশ্ব নাটকৰ কোনটো ৰহস্য তোমালোক সন্তানসকলেহে বুজি পোৱা?

উত্তৰ:
এইখন সৃষ্টিত একমাত্ৰ শিৱবাবাৰ বাহিৰে কোনো বস্তুৱেই সদায় স্থায়ী নহয়। পুৰণি সৃষ্টিৰ আত্মাসকলক নতুন সৃষ্টিলৈ লৈ যাবৰ কাৰণে কোনোবাতো লাগে, ড্ৰামাৰ এইটো ৰহস্যও তোমালোকেহে বুজি পোৱা।

ওঁম্শান্তি।
আত্মিক সন্তানসকলৰ প্ৰতি পুৰুষোত্তম সংগমযুগত অহা পিতাই বুজাই আছে। এইটো সন্তানসকলে বুজি পায় - আমি সকলো ব্ৰাহ্মণ। নিজক ব্ৰাহ্মণ বুলি বুজানে নে সেইটোও পাহৰি যোৱা? ব্ৰাহ্মণে নিজৰ কুল কেতিয়াও নাপাহৰে। তোমালোকেও এইটো নিশ্চয় স্মৃতিত ৰখা উচিত যে আমি ব্ৰাহ্মণ। এই এটা কথা স্মৃতিত ৰাখিলেও নাও পাৰ হৈ যাব। সংগমত তোমালোকে নতুন নতুন কথা শুনিবলৈ পোৱা সেয়েহে তাৰ চিন্তন চলিব লাগে, যাক বিচাৰ সাগৰ মন্থন কৰা বুলি কয়। তোমালোক হৈছা জ্ঞানী-যোগী। তোমালোক আত্মাত সকলো জ্ঞান ধাৰণ কৰোৱা হয় গতিকে ৰত্ন ওলাব লাগে। নিজক এনেকৈ বুজিব লাগে যে মই সংগমযুগী ব্ৰাহ্মণ। কোনোৱেতো এইটোও বুজি নাপায়। যদি নিজক সংগমযুগী বুলি বুজা তেন্তে সত্যযুগী বৃক্ষ দেখিবলৈ পাবা আৰু অপাৰ আনন্দিত হৈও থাকিবা। পিতাই যি বুজায় সেয়া ভিতৰি আওৰাই থাকিব লাগে। আমি সংগমযুগত আছোঁ, এইটোও তোমালোকৰ বাদে আন কোনেও গম নাপায়। সংগমযুগৰ শিক্ষা আহৰণ কৰিবলৈ সময়ো লাগে। নৰৰ পৰা নাৰায়ণ, নৰকবাসীৰ পৰা স্বৰ্গবাসী হোৱাৰ এয়াই একমাত্ৰ শিক্ষা। এইটো স্মৃতিত থাকিলেও আনন্দিত হৈ থাকিবা - আমিয়ে দেৱতা স্বৰ্গবাসী হ’মগৈ। সংগমযুগবাসী হ’লেহে স্বর্গবাসী হ’বাগৈ। আগতে নৰকবাসী আছিলা সেয়েহে অৱস্থা একেবাৰে ছিঃ ছিঃ আছিল, বেয়া কাম কৰিছিলা। এতিয়া সেইবোৰ দূৰ কৰিব লাগে। মনুষ্যৰ পৰা দেৱতা, স্বৰ্গবাসী হ’ব লাগে। কাৰোবাৰ স্ত্ৰী মৰিলে, তেতিয়া তোমালোকে সোধা – আপোনাৰ যুগল ক'ত আছে? তেতিয়া ক’ব - তেওঁ স্বৰ্গবাসী হৈ গ’ল। স্বৰ্গ কি বস্তু, সেয়া নাজানে। যদি স্বৰ্গবাসীয়ে হ'ল তেন্তে আনন্দিত হ’ব নালাগে জানো। এতিয়া তোমালোক সন্তানসকলে এই কথাবোৰ জানা। ভিতৰি বিচাৰ চলিব লাগে - আমি বৰ্তমান সংগমত আছোঁ, পাৱন হৈ আছোঁ। স্বৰ্গৰ উত্তৰাধিকাৰ পিতাৰ পৰা লৈ আছোঁ। এইটো বাৰে বাৰে স্মৃতিলৈ আনিব লাগে, পাহৰিব নালাগে। কিন্তু মায়াই পাহৰাই একদম কলিযুগী কৰি দিয়ে। কৰ্মকাণ্ড এনেকুৱা কৰে যেন একেবাৰে কলিযুগী। সেই সীমাহীন আনন্দ নাথাকে। চেহেৰা যেন মৃতকৰ দৰে। পিতায়ো কয় - সকলো কাম চিতাত বহি জ্বলি মৃতকৰ দৰে হৈ গৈছে। তোমালোকে জানা আমি মনুষ্যৰ পৰা দেৱতা হ’মগৈ গতিকে সিমানখিনি আনন্দ থাকিব লাগে সেয়েহে গায়নো আছে অতীন্দ্ৰিয় সুখৰ অনুভৱ গোপ-গোপীসকলক সোধা। তোমালোকে নিজৰ অন্তৰক সোধা - আমি সেইটো অনুভূতিত থাকোঁনে? তোমালোকৰ ঈশ্বৰীয় মিছন নহয় জানো। ঈশ্বৰীয় মিছনে কি কাম কৰে? প্ৰথমেতো শূদ্ৰৰ পৰা ব্ৰাহ্মণ, ব্ৰাহ্মণৰ পৰা দেৱতা কৰি তোলে। আমি ব্ৰাহ্মণ - এইটো কেতিয়াও পাহৰিব নালাগে। সেই ব্ৰাহ্মণেতো তৎক্ষণাৎ কৈ দিয়ে - আমি ব্ৰাহ্মণ। তেওঁলোকতো হৈছে কোষৰ পৰা ওপজা সন্তান। তোমালোক হৈছা মুখ বংশাৱলী। তোমালোক ব্ৰাহ্মণৰ বহুত নিচা থাকিব লাগে। গায়নো আছে - ব্ৰহ্মা ভোজন....। তোমালোকে যেতিয়া আনক ব্ৰহ্মা ভোজন খাবলৈ দিয়া তেতিয়া এনেকৈ ভাবি কিমান আনন্দিত হয় যে আমি পৱিত্ৰ ব্ৰাহ্মণৰ হাতৰ ভোজন খালোঁ। মন-বচন-কৰ্ম পৱিত্ৰ হ’ব লাগে। কোনো অপৱিত্ৰ কৰ্ম কৰিব নালাগে। সময়তো লাগেই। জন্মতে কোনো হৈ নাহে। গায়নো আছে চেকেণ্ডত জীৱন মুক্তি, পিতাৰ সন্তান হ'ল আৰু উত্তৰাধিকাৰ পালে। এবাৰ চিনি লৈ ক’লে - এওঁ প্ৰজাপিতা ব্ৰহ্মা। ব্ৰহ্মা শিৱৰ সন্তান। নিশ্চয় জন্মাৰ লগে লগে উত্তৰাধিকাৰী হৈ যায়। ইয়াৰ পাছত যদি কোনো অকৰ্তব্য কৰে তেন্তে শাস্তি বহুত খাব লাগিব। যেনেকৈ কাশীত গৈ আত্মঘাতী হোৱাৰ বিষয়ে বুজাইছে। শাস্তি খালে হিচাপ-নিকাচ নিষ্পত্তি হৈ যায়। মুক্তিৰ বাবেই কুঁৱাত জাপ দিছিল। ইয়াততো তেনেকুৱা কথা নাই। শিৱবাবাই সন্তানসকলক কয় – মামেকম্‌ (কেৱল মোক; পৰমাত্মাক) স্মৰণ কৰা। কিমান সহজ। তথাপি মায়াৰ চক্ৰ আহি যায়। তোমালোকৰ এই যুদ্ধ বহু সময় ধৰি চলে। বাহুবলৰ যুদ্ধ ইমান সময় নচলে। তোমালোকতো যেতিয়াৰ পৰা আহিছা, যুদ্ধ চলি আছে। পুৰণাসকলৰ সৈতে কিমান যুদ্ধ হয়, নতুন যিসকল আহিব তেওঁলোকৰ সৈতেও হ’ব। সেই যুদ্ধতো মৃত্যু বৰণ কৰি থাকে, অন্য ভৰ্তি হৈ থাকে। ইয়াতো মৃত্যু হয়, বৃদ্ধিও হৈ থাকে। বৃক্ষ ডাঙৰতো হ’বই। পিতাই মৰমৰ সন্তানসকলক বুজায় - এইটো স্মৃতিত থকা উচিত, তেওঁ পিতাও হয়, পৰম শিক্ষকো হয়, সৎগুৰুও হয়। শ্ৰীকৃষ্ণকতো সৎগুৰু, পিতা, শিক্ষক বুলি কোৱা নহ’ব।

তোমালোকৰ সকলোৰে কল্যাণ কৰাৰ চখ থাকিব লাগে। মহাৰথী সন্তানসকল সেৱাত ব্ৰতী হৈ থাকে। তেওঁলোকতো বহুত আনন্দিত হৈ থাকে। য’ৰ পৰাই নিমন্ত্ৰণ পায়, দৌৰি যায়। প্ৰদৰ্শনী সেৱাৰ কমিটিতো ভাল ভাল সন্তানসকলক নিৰ্বাচন কৰা হয়। তেওঁলোকে সেৱা কৰি থাকিবলৈ নিৰ্দেশনা পায়, তেতিয়া ক’ব যে এওঁলোক ঈশ্বৰীয় মিছনৰ ভাল সন্তান। পিতাও আনন্দিত হ’ব এওঁতো বহুত ভাল সেৱা কৰে। নিজৰ অন্তৰক সুধিব লাগে - মই সেৱা কৰোঁনে? এনেকৈ কয় - ঈশ্বৰ পিতাৰ সেৱাত। ঈশ্বৰ পিতাৰ সেৱা কি? বচ্‌, সকলোকে এইটোৱে বাৰ্তা দিয়া – ‘মনমনাভৱ’। আদি-মধ্য-অন্তৰ জ্ঞানতো বুদ্ধিত আছে। তোমালোকৰ নামেই হৈছে - স্বদৰ্শন চক্ৰধাৰী। গতিকে তাৰ চিন্তন চলিব লাগে। স্বদৰ্শন চক্ৰ জানো ৰৈ যায়। তোমালোক হৈছা চৈতন্য ‘লাইট-হাউচ’। তোমালোকৰ মহিমা বহুত গায়ন কৰা হয়। বেহদৰ পিতাৰ গায়নো তোমালোকে বুজি পোৱা। তেওঁ হৈছে জ্ঞানৰ সাগৰ পতিত-পাৱন, ‘গীতা’ৰ ভগৱান। তেৱেঁই জ্ঞান আৰু যোগবলৰ দ্বাৰা এই কাৰ্য কৰায়, ইয়াত যোগবলৰ বহুত প্ৰভাৱ আছে। ভাৰতৰ প্ৰাচীন যোগ অতি প্ৰসিদ্ধ। সেয়া তোমালোকে এতিয়া শিকা। সন্ন্যাসীসকলতো হৈছে হঠযোগী, তেওঁলোকে পতিতক পাৱন কৰি তুলিব নোৱাৰে। জ্ঞান একমাত্ৰ পিতাৰহে আছে। জ্ঞানৰ দ্বাৰাই তোমালোকে জন্ম লোৱা। ‘গীতা’খনকে মাতা-পিতা বুলি কোৱা হয়, মাতা-পিতা নহয় জানো। তোমালোক হৈছা শিৱবাবাৰ সন্তান আকৌ মাতা-পিতা নালাগিব জানো। মনুষ্যইতো কৈ থাকে কিন্তু কিবা বুজি পায় জানো। পিতাই বুজায় - ইয়াৰ অৰ্থ কিমান গূঢ়। ঈশ্বৰ পিতা বুলি কোৱা হয়, আকৌ মাতা-পিতা বুলি কিয় কয়? পিতাই বুজাইছে - যদিও সৰস্বতী আছে কিন্তু বাস্তৱত সঁচা মাতা হৈছে ব্ৰহ্মপুত্ৰ। সাগৰ আৰু ব্ৰহ্মপুত্ৰ আছে, প্ৰথমে এওঁৰ সংগম হয়। বাবা এওঁৰ দেহত প্ৰৱেশ কৰে। এয়া কিমান সূক্ষ্ম কথা। বহুতৰে বুদ্ধিত এই কথাবোৰ নাথাকে যে চিন্তন কৰিব। একেবাৰে কম বুদ্ধিৰ, কম পদ পাওঁতা। তেওঁলোকৰ কাৰণে পিতাই তথাপি কয় - নিজক আত্মা বুলি বুজা। এইটো সহজ নহয় জানো। আমাৰ অৰ্থাৎ আত্মাসকলৰ পিতা হৈছে পৰমাত্মা। তেওঁ তোমালোক আত্মাসকলক কয় – মামেকম্‌ স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব। এইটো হৈছে মুখ্য কথা। ভোদা বুদ্ধিৰসকলে গভীৰ কথাবোৰ বুজিব নোৱাৰে সেয়েহে ‘গীতা’তো আছে - মনমনাভৱ। সকলোৱে লিখে - বাবা, স্মৃতিৰ যাত্ৰা বৰ কঠিন। বাৰে বাৰে পাহৰি যাওঁ। কোনোবা নহয় কোনাবাটো কথাত হাৰি যাওঁ। এয়া হৈছে মায়া আৰু ঈশ্বৰীয় সন্তানৰ মুষ্টিযুদ্ধ। এই কথা কোনেও গম নাপায়। বাবাই বুজাইছে - মায়াৰ ওপৰত বিজয়ী হৈ কৰ্মাতীত অৱস্থাত উপনীত হ’ব লাগে। প্ৰথমে তোমালোক কৰ্ম সম্বন্ধত আহিলা। কৰ্ম সম্বন্ধত আহি আহি আকৌ আধাকল্পৰ পাছত তোমালোক কৰ্ম বন্ধনত আহি গ’লা। প্ৰথমে তোমালোক পৱিত্ৰ আত্মা আছিলা। সুখ দুখ একোৰে কৰ্মবন্ধন নাছিল, আকৌ সুখৰ সম্বন্ধত আহিলা। এয়াও এতিয়াহে তোমালোকে বুজি পোৱা - আমি সম্বন্ধত আছিলোঁ, এতিয়া দুখত আছোঁ পুনৰ নিশ্চয় সুখত থাকিমগৈ। যেতিয়া নতুন সৃষ্টি আছিল তেতিয়া মালিক আছিলোঁ, পৱিত্ৰ আছিলোঁ, এতিয়া পুৰণি সৃষ্টিত পতিত হৈ গ’লোঁ। আকৌ আমিয়ে দেৱতা হ’মগৈ, গতিকে এয়া স্মৃতিলৈ আনিব লাগে নহয়।

পিতাই কয় - মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ ভস্ম হ’ব, তোমালোক মোৰ ঘৰলৈ আহি যাবা। শান্তিধাম হৈ সুখধামলৈ আহি যাবা। প্ৰথমে যাব লাগে ঘৰলৈ, পিতাই কয় - মোক স্মৰণ কৰিলে তোমালোক পৱিত্ৰ হৈ যাবা, মই পতিত-পাৱনে তোমালোকক ঘৰলৈ আহিবলৈ পৱিত্র কৰি আছোঁ। এনেকৈ নিজৰ লগত কথা পাতিব লাগে। যথাযথ এতিয়া চক্ৰ পূৰা হয়, আমি ইমান জন্ম ললোঁ। এতিয়া পিতা পতিতৰ পৰা পাৱন কৰি তুলিবলৈ আহিছে। যোগবলৰ দ্বাৰাহে পাৱন হ’বাগৈ। এই যোগবল বহুত প্ৰসিদ্ধ, যিটো পিতাইহে শিকাব পাৰে। ইয়াত শৰীৰেৰে একো কৰাৰ দৰকাৰ নাই। গতিকে গোটেই দিন এই কথাবোৰৰ চিন্তন চলিব লাগে। একান্তত য’তেই বহা অথবা যোৱা, বুদ্ধিত যাতে এয়াই চলি থাকে। একান্ত স্থান বহুত আছে, ওপৰৰ ছাদত ভয়ৰ কোনো কাৰণ নাই। আগতে তোমালোক ৰাতিপুৱা মুৰুলী শুনাৰ পাছত পাহাৰলৈ গৈছিলা। যি শুনিলা সেয়া চিন্তন কৰিবলৈ পাহাৰত গৈ বহিছিলা। যিসকল জ্ঞানৰ প্ৰতি অতি আগ্ৰহী হ’ব, তেওঁলোকেতো নিজৰ মাজত জ্ঞানৰ কথাই আলাপ কৰিব। জ্ঞান নাথাকিলে আকৌ পৰচিন্তন কৰি থাকিব। প্ৰদৰ্শনীত তোমালোকে কিমানক এই পথ দেখুৱাই দিয়া। বুজি পোৱা যে আমাৰ ধৰ্ম বহুত সুখ দিওঁতা হয়। আন ধৰ্মাৱলম্বীক কেৱল ইমানেই বুজাব লাগে যে পিতাক স্মৰণ কৰক। এনেকৈ ভাবিব নালাগে যে এওঁ মুছলমান, মই অমুক। নহয়, আত্মাক চাব লাগে, আত্মাক বুজাব লাগে। প্ৰদৰ্শনীত বুজাওঁতে এইটো অভ্যাস থাকিব লাগে - মই আত্মাৰূপী ভাইক বুজাই আছোঁ। এতিয়া আমি পিতাৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত কৰি আছোঁ। নিজক আত্মা বুলি বুজি ভাইসকলক জ্ঞান দিওঁ - এতিয়া পিতাৰ ওচৰলৈ ব’লা, বহুত সময় আঁতৰি থাকিলা। সেইখন হৈছে শান্তিধাম, ইয়াততো কিমান অশান্তি-দুখ আদি আছে। এতিয়া পিতাই কয় নিজক আত্মা বুলি বুজাৰ অভ্যাস কৰা তেতিয়া নাম, ৰূপ, দেহ সকলো পাহৰি যাবা। অমুক মুছলমান, এনেকৈ কিয় ভাবা? আত্মা বুলি বুজি আনক বুজোৱা। বুজিব পাৰি - এই আত্মাটি ভাল নে বেয়া। আত্মাৰ বাবেই কোৱা হয় - বেয়াৰ পৰা দূৰৈত থাকিব লাগে। এতিয়া তোমালোক হৈছা বেহদৰ পিতাৰ সন্তান। ইয়াত ভূমিকা পালন কৰিলা এতিয়া আকৌ উভতি যাব লাগে, পাৱন হ’ব লাগে। পিতাক নিশ্চয় স্মৰণ কৰিব লাগে। পৱিত্ৰ হ’লেহে পৱিত্ৰ সৃষ্টিৰ মালিক হ’বাগৈ। মুখৰে প্ৰতিজ্ঞা কৰিব লাগে। পিতায়ো কয় প্ৰতিজ্ঞা কৰা। পিতাই যুক্তিও শুনায় যে তোমালোক হৈছা আত্মা ভাই ভাই আকৌ যেতিয়া শৰীৰত আহা তেতিয়া ভাই-ভনী হোৱা। ভাই-ভনী কেতিয়াও বিকাৰত যাব নোৱাৰে। পৱিত্ৰ হৈ পিতাক স্মৰণ কৰিলে তোমালোক বিশ্বৰ মালিক হৈ যাবাগৈ। এইটো বুজোৱা হয় - মায়াৰ হাতত পৰাজিত হ’লে পুনৰ উঠি থিয় হৈ যোৱা। যিমানে আগবাঢ়ি যাবা সিমানে প্ৰাপ্তি হ’ব। লোকচান আৰু জমাতো হৈয়ে থাকে নহয়। আধাকল্প জমা আকৌ পাছত ৰাৱণৰাজ্যত নোহোৱা হৈ যায়। হিচাপ আছে নহয়। জিকিলে জমা, হাৰিলে লোকচান। সেয়েহে নিজক ভালকৈ পৰীক্ষা কৰিব লাগে। পিতাক স্মৰণ কৰিলে তোমালোক সন্তানসকল আনন্দিত হ’বা। তেওঁলোকেতো কেৱল মহিমাহে কৰে, বুজি একোৱে নাপায়। নুবুজাকৈয়ে সকলোবোৰ কৰি থাকে। তোমালোকেতো পূজা আদি একো নকৰা। বাকী মহিমাতো কৰিবা নহয়। সেই এজন পিতাৰ গায়ন হৈছে অব্যভিচাৰী। পিতা আহি তোমালোক সন্তানসকলক নিজে পঢ়ায়। তোমালোকে একো প্ৰশ্ন সোধাৰো দৰকাৰ নাই। চক্ৰ স্মৃতিত থাকিব লাগে। বুজিব লাগে - কেনেকৈ আমি মায়াৰ ওপৰত বিজয়ী হওঁ আৰু আকৌ পৰাজিত হওঁ। পিতাই বুজায় হাৰিলে এশ গুণ দণ্ড পাবা। পিতাই কয়- সৎগুৰুৰ নিন্দা নকৰাবা, নহ’লে উচ্চ পদ পাব নোৱাৰিবা। এয়া হৈছে সত্য-নাৰায়ণৰ কথা, এয়া কোনেও নাজানে। ‘গীতা’ বেলেগ, সত্য নাৰায়ণৰ কথা বেলেগ কৰি দিলে। নৰৰ পৰা নাৰায়ণ হ’বলৈকে এইখন ‘গীতা’।

পিতাই কয় মই - তোমালোকক নৰৰ পৰা নাৰায়ণ হোৱাৰ কথা শুনাওঁ, এইখনক ‘গীতা’ বুলিও কয়, অমৰনাথৰ কথা বুলিও কয়। তৃতীয় নেত্ৰ পিতাইহে দিয়ে। এইটোও বুজি পোৱা আমি দেৱতা হ’মগৈ সেয়েহে গুণো নিশ্চয় লাগিব। এইখন সৃষ্টিত কোনো বস্তুৱে সদায় স্থায়ী হৈ নাথাকে। সদায় স্থায়ী একমাত্ৰ শিৱবাবাই হয়, বাকীতো সকলো তললৈ আহিবই লাগে। কিন্তু তেৱোঁ সংগমত আহে, সকলোকে উভতাই লৈ যায়। পুৰণা সৃষ্টিৰ আত্মাসকলক নতুন সৃষ্টিলৈ লৈ যাবলৈ কোনোবাতো নিশ্চয় লাগে। সেয়েহে ড্ৰামাত এই সকলো ৰহস্য আছে। পিতা আহি পৱিত্ৰ কৰি তোলে, কোনো দেহধাৰীকে ভগৱান বুলি ক’ব নোৱাৰি। এই সময়ত পিতাই বুজায়, আত্মাৰ ডেউকা ভাগি আছে সেয়েহে উৰিব নোৱাৰে। পিতা আহি জ্ঞান আৰু যোগৰ ডেউকা দিয়েহি। যোগবলেৰে তোমালোকৰ পাপ ভস্ম হৈ যাব, পুণ্য আত্মা হৈ যাবাগৈ। প্ৰথমেতো পৰিশ্ৰমো কৰিব লাগে, সেয়েহে পিতাই কয় – মামেকম্‌ স্মৰণ কৰা, খতিয়ানৰ তালিকা ৰাখা। যাৰ খতিয়ান ভাল হ’ব, তেওঁ লিখিব আৰু তেওঁ আনন্দিত হ’ব। এতিয়া সকলোৱে পৰিশ্ৰম কৰে, খতিয়ান নিলিখিলে যোগৰ ধাৰ নাথাকিব। খতিয়ান লিখিলে বহুত লাভ হয়। খতিয়ানৰ লগতে মুখ্য কথাবোৰো টুকি ৰাখিব লাগে। খতিয়ানৰ তালিকাততো দুয়োটাই লিখিবা - সেৱা কিমান কৰিলা আৰু স্মৃতিত কিমান সময় থাকিলা? পুৰুষাৰ্থ এনেকৈ কৰিব লাগে যাতে অন্তিমত কোনো বস্তু স্মৃতিলৈ নাহে। নিজক আত্মা বুলি বুজি পুণ্য আত্মা হ’বলৈ পৰিশ্ৰম কৰিব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) একান্তত জ্ঞানৰ মনন-চিন্তন কৰিব লাগে। স্মৃতিৰ যাত্ৰাত থাকি, মায়াৰ ওপৰত বিজয়ী হৈ কৰ্মতীত অৱস্থাত উপনীত হ’ব লাগে।

(2) যিকোনো লোকক জ্ঞান শুনোৱাৰ সময়ত বুদ্ধিত যাতে এইটো থাকে যে মই আত্মা ভাইক জ্ঞান শুনাই আছোঁ। নাম, ৰূপ, দেহ সকলো পাহৰি যাব লাগে। পাৱন হোৱাৰ প্ৰতিজ্ঞা কৰি, পাৱন হৈ নতুন সৃষ্টিৰ মালিক হ’ব লাগে।

বৰদান:
নিজৰ প্ৰতি “ইচ্ছা মাত্ৰম্‌ অবিদ্যা” হৈ পিতাৰ সমান অখণ্ডদানী, পৰোপকাৰী হোৱা

যেনেকৈ পিতা ব্ৰহ্মাই নিজৰ সময়ো সেৱাত দিলে, নিজে নম্ৰ হৈ সন্তানসকলক মান দিলে, কামৰ নামৰ প্ৰাপ্তিও ত্যাগ কৰিলে, নাম, মান, সম্ভ্ৰম সকলোতে পৰোপকাৰী হ’ল, নিজৰ নাম ত্যাগ কৰি আনৰ নাম প্ৰসিদ্ধ কৰিলে, নিজক সদায় সেৱাধাৰীৰ স্থানত ৰাখিলে, সন্তানসকলক মালিকৰ স্থান দিলে, সন্তানসকলৰ সুখতে নিজৰ সুখ বুলি বুজিলে তেনেকৈ পিতাৰ সমান “ইচ্ছা মাত্ৰম্‌ অবিদ্যা” অৰ্থাৎ মতলীয়া ফকীৰ হৈ অখণ্ডদানী পৰোপকাৰী হোৱা তেতিয়া বিশ্ব কল্যাণৰ কাৰ্য্যত তীব্ৰগতি আহি যাব। ওজৰ-আপত্তি সমাপ্ত হৈ যাব।

স্লোগান:
জ্ঞান, গুণ আৰু ধাৰণাত সিন্ধু হোৱা, স্মৃতিত বিন্দু হোৱা।

শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

এতিয়া তোমালোক সন্তানসকলে নিজৰ শ্ৰেষ্ঠ শক্তিশালী সংকল্পৰ দ্বাৰা শক্তিৰ প্ৰকম্পন দিয়া। দুৰ্বলসকলক শক্তি দিয়া। নিজৰ পুৰুষাৰ্থৰ সময় অন্যক সহযোগ দিয়াত লগোৱা। আনক সহযোগ দিয়া অৰ্থাৎ নিজৰ বাবে জমা কৰা। এতিয়া এনেকুৱা লহৰ বিয়পাই দিয়া যে অৱলম্বন ল’ব নালাগে, অৱলম্বন দিব লাগে। দিয়াতেই লোৱা সমাহিত হৈ আছে।