07.01.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল – “কেতিয়াও নিজৰ হাতত আইন তুলি নল’বা, যদি কাৰোবাৰ ভুল হয় তেন্তে পিতাক জনোৱা, পিতাই সাৱধান কৰি দিব”

প্ৰশ্ন:
পিতাই কোনটো ঠিকা লৈছে?

উত্তৰ:
সন্তানসকলৰ অৱগুণ আঁতৰোৱাৰ ঠিকা একমাত্ৰ পিতাইহে লৈছে। সন্তানসকলৰ দোষ-ত্ৰুটি পিতাই শুনিলে তেতিয়া সেয়া আঁতৰাবলৈ মৰমেৰে বুজনি দিয়ে। যদি তোমালোক সন্তানসকলে কাৰোবাৰ দোষ-ত্ৰুটি দেখিবলৈ পোৱাও তথাপি তোমালোকে নিজৰ হাতত আইন তুলি নল’বা। আইন হাতত লোৱা এইটোও ভুল।

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকল পিতাৰ ওচৰলৈ সজীৱ হ’ব আহে কিয়নো সন্তানসকলে জানে – বেহদৰ পিতাৰ পৰা বেহদ বিশ্বৰ বাদশ্বাহী ল’ব লাগে। এইটো কেতিয়াও পাহৰিব নালাগে কিন্তু পাহৰি যায়। মায়াই পাহৰাই দিয়ে। যদি পাহৰাই নিদিয়ে তেন্তে বহুত আনন্দিত হৈ থাকিবা। পিতাই বুজায় – সন্তানসকল, এই বেজটো বাৰে বাৰে চাই থাকা। চিত্ৰও চাই থাকা। চলোঁতে-ফুৰোঁতে বেজটো চাই থাকা তেতিয়া স্মৃতিত থাকিব, পিতাৰ দ্বাৰা পিতাৰ স্মৃতিৰে মই এয়া হৈ আছোঁ। দৈৱীগুণো ধাৰণ কৰিব লাগে। জ্ঞান পোৱাৰ এয়াই সময়। পিতাই কয় - মৰমৰ সন্তানসকল…… ৰাতিয়ে দিনে মৰমৰ মৰমৰ বুলি কৈ থাকে। সন্তানসকলে ক’ব নোৱাৰে – মৰমৰ মৰমৰ বাবা। ক’বতো দুয়োকে লাগে। দুয়ো মৰমৰ নহয় জানো। বেহদৰ বাপদাদা। কিন্তু বহুত দেহ-অভিমানীয়ে কেৱল বাবাক মৰমৰ বুলি কয়। বহুত সন্তানেতো ক্ৰোধৰ বশৱৰ্তী হৈ কেতিয়াবা বাপদাদাকো কিবা কৈ দিয়ে। কেতিয়াবা পিতাক কোৱা মানে দাদাকো কোৱা হ’ল, কথা একেটাই হৈ যায়। কেতিয়াবা ব্ৰাহ্মণীৰ প্ৰতি, কেতিয়াবা পৰস্পৰৰ প্ৰতি বিতুষ্ট হৈ যায়। সেয়েহে বেহদৰ পিতাই বহি সন্তানসকলক শিক্ষা দিয়ে। গাঁৱে গাঁৱে সন্তানতো বহুত আছে, সকলোলৈকে লিখি থাকে। তোমাৰ খতিয়ান আহে, তুমি খং কৰা। বেহদৰ পিতাই ইয়াক দেহ-অভিমান বুলি ক’ব। পিতাই সকলোকে কয় – সন্তানসকল, দেহী-অভিমানী হোৱা। সকলো সন্তান তল-ওপৰ হৈ থাকে, এই ক্ষেত্ৰতো মায়াই যাক সমৰ্থ পালোৱান যেন দেখে, তেওঁৰ সৈতেই যুদ্ধ কৰে। মহাবীৰ, হনুমানৰ কাৰণে দেখুৱাইছে যে তেওঁলোককো বিচলিত কৰিবলৈ চেষ্টা কৰিলে। এই সময়তে সকলোৰে পৰীক্ষা লয়। মায়াৰ লগত হৰা-জিকা সকলোৰে হৈ থাকে। যুদ্ধত স্মৃতি-বিস্মৃতি সকলো হয়। যিয়ে যিমান স্মৃতিত থাকে, নিৰন্তৰ পিতাক স্মৰণ কৰাৰ চেষ্টা কৰে তেওঁলোকে ভাল পদ পাব পাৰে। পিতা সন্তানসকলক পঢ়াবলৈ আহিছে, সেয়েহে পঢ়াই থাকে। শ্ৰীমতত চলিব লাগে। শ্ৰীমতত চলিলেহে শ্ৰেষ্ঠ হ’বা, এই ক্ষেত্ৰত কাৰো প্ৰতি বিতুষ্ট হোৱাৰ কথা নাই। বিতুষ্ট হোৱা মানে ক্ৰোধ কৰা। কোনোবাই ভুল আদি কৰিলে তেতিয়া বাবাক জনাব লাগে। নিজে কাকো ক’ব নালাগে কোৱা মানে আইন হাতত তুলি ল’লা। চৰকাৰে আইন হাতত তুলি ল’বলৈ নিদিয়ে। কোনোবাই ঘোঁচা মাৰিলে তেতিয়া তেওঁক ঘোঁচা নামাৰে। অভিযোগ দিব তেতিয়া তেওঁৰ বিৰুদ্ধে মোকৰ্দমা হ’ব। ইয়াতো সন্তানসকলে কেতিয়াও সন্মুখত একো ক’ব নালাগে, বাবাক কোৱা। সকলোকে সাৱধান কৰোঁতাহ হৈছে একমাত্ৰ পিতা। বাবাই বহুত মধুৰ যুক্তি শুনাব। মৰমেৰে শিক্ষা দিব। দেহ-অভিমানী হোৱাৰ বাবে নিজৰেই পদ কম কৰি দিয়ে। লোকচান কিয় কৰিব লাগে। যিমান পাৰা বাবাক বহুত মৰমেৰে স্মৰণ কৰি থাকা। বেহদৰ পিতাক বহুত মৰমেৰে স্মৰণ কৰা, যিজন পিতাই বিশ্বৰ বাদশ্বাহী দিয়ে। কেৱল দৈৱীগুণ ধাৰণ কৰিব লাগে। কাৰো নিন্দা কৰিব নালাগে। দেৱতাসকলে কাৰোবাৰ নিন্দা কৰে জানো? বহুত সন্তানেতো নিন্দা নকৰাকৈ থাকিবই নোৱাৰে। তোমালোকে পিতাক কোৱা, তেতিয়া পিতাই বহুত মৰমেৰে বুজাব! নহ’লে সময় নষ্ট হয়। নিন্দা কৰাতকৈ পিতাক স্মৰণ কৰা তেতিয়া বহুত লাভ হ’ব। কাৰো সৈতে তৰ্ক-বিতৰ্ক নকৰাতো বহুত ভাল।

তোমালোক সন্তানসকলে অন্তৰেৰে বুজি পোৱা – আমি নতুন সৃষ্টিৰ বাদশ্বাহী স্থাপন কৰি আছোঁ। অন্তৰত কিমান নিচা থাকিব লাগে। মুখ্য হৈছেই স্মৃতি আৰু দৈৱীগুণ। সন্তানসকলে চক্ৰক স্মৰণ কৰেই, সেয়াতো সহজে স্মৃতিলৈ আহিব। 84ৰ চক্ৰ হয় নহয়। তোমালোকে সৃষ্টিৰ আদি-মধ্য-অন্ত, সময় সীমাৰ বিষয়ে গম পোৱা, আকৌ আনকো বহুত মৰমেৰে পৰিচয় দিব লাগে। বেহদৰ পিতাই আমাক বিশ্বৰ মালিক কৰি আছে। ৰাজযোগ শিকাই আছে। বিনাশো সন্মুখত ঠিয় হৈ আছে। হয়েই সংগমযুগ, যেতিয়া নতুন সৃষ্টি স্থাপনা হয় আৰু পুৰণি সৃষ্টিৰ বিনাশ হয়। পিতাই সন্তানসকলক সাৱধান কৰি থাকে – স্মৰণ কৰি কৰি সুখ পোৱা, শৰীৰৰ সকলো দুখ-যন্ত্ৰণা দূৰ হওঁক…..। আধাকল্পৰ কাৰণে দূৰ হৈ যাব। পিতাই সুখধাম স্থাপন কৰে। মায়া ৰাৱণে আকৌ দুখধাম স্থাপন কৰে। এইটোও তোমালোক সন্তানসকলে পুৰুষাৰ্থৰ ক্ৰমানুসৰি জানা। পিতাৰ সন্তানসকলৰ প্ৰতি কিমান মৰম থাকে। আৰম্ভণিৰ পৰা পিতাৰ মৰম আছে। পিতাই গম পায়, মই জানোঁ – সন্তানসকল যি কাম চিতাত বহি ক’লা (পতিত) হৈ গ’ল, তেওঁলোকক বগা (পাৱন) কৰি তুলিবলৈ যাওঁ। পিতাতো জ্ঞানেৰে পৰিপূৰ্ণ, সন্তানসকলে লাহে লাহে জ্ঞান লয়। মায়াই আকৌ পাহৰাই দিয়ে। আনন্দিত হ’বলৈ নিদিয়ে। সন্তানসকলৰতো দিনে-প্ৰতিদিনে আনন্দৰ পাৰা উৰ্দ্ধগামী হ’ব লাগে। সত্যযুগত আনন্দৰ পাৰা উৰ্দ্ধগামী হৈ আছিল। এতিয়া আকৌ স্মৃতিৰ যাত্ৰাৰে উৰ্দ্ধগামী কৰিব লাগে। সেয়া লাহে লাহে উৰ্দ্ধগামী হ’ব। হৰা-জিকা হৈ হৈ আকৌ পুৰুষাৰ্থৰ ক্ৰম অনুসৰি কল্প পূৰ্বৰ দৰে নিজৰ পদ পাই যাব। বাকী সময়তো সিমানেই লাগে যিমান কল্পই কল্পই লাগিছিল। উত্তীৰ্ণও সেইসকলেই হ’ব যিসকল কল্পই কল্পই হৈ আহিছে। বাপদাদাই সাক্ষী হৈ সন্তানসকলৰ অৱস্থা প্ৰত্যক্ষ কৰি থাকে আৰু বুজনি দি থাকে। (মধুবনৰ) বাহিৰত সেৱাকেন্দ্ৰ আদিত থাকিলে তেতিয়া ইমান সজীৱ হৈ নাথাকে। সেৱাকেন্দ্ৰৰ পৰা আকৌ বাহিৰৰ বায়ুমণ্ডললৈ গুচি যায়, সেইকাৰণে ইয়ালৈ সন্তানসকল আহেই সজীৱ হ’বলৈ। পিতাই লিখেও – পৰিয়াল সহিত সকলোকে স্নেহপূৰ্ণ স্মৃতি দিবা। সেয়া হ’ল হদৰ পিতা, এয়া হ’ল বেহদৰ পিতা। বাপ আৰু দাদা দুয়োৰে বহুত মৰম আছে কিয়নো কল্পই কল্পই সুন্দৰ সেৱা কৰে আৰু বহুত স্নেহেৰে কৰে। ভিতৰি পুতৌ জাগে। নপঢ়িলে বা চলন ভাল নহ’লে, শ্ৰীমতত নচলিলে তেতিয়া পুতৌ জাগে – এওঁ কম পদ পাব। বাবাই আৰু কি কৰিব পাৰে! তাত আৰু ইয়াত থকাৰ মাজত বহুত পাৰ্থক্য আছে। কিন্তু সকলোৱেতো ইয়াত থাকিব নোৱাৰে। সন্তানৰ সংখ্যা বৃদ্ধি হৈ গৈ থাকে। ব্যৱস্থাও কৰি থাকে। এইটোও বাবাই বুজাইছে – এই আবু সকলোতকৈ শ্ৰেষ্ঠ তীৰ্থ। পিতাই কয় - মই ইয়াতেই আহি গোটেই সৃষ্টিক, 5 তত্ত্ব সহিত সকলোকে পৱিত্ৰ কৰি তোলোঁ। কিমান সেৱা আছে। এজনেই পিতা যিয়ে আহি সকলোৰে সৎগতি কৰে। সেয়াও অনেকবাৰ কৰিছে। এয়া জানিও আকৌ পাহৰি যায় – তেতিয়া পিতাই কয় - মায়া বৰ শক্তিশালী। আধাকল্প মায়াৰ ৰাজত্ব চলে। মায়াই হৰুৱায় আকৌ পিতাই ঠিয় কৰায়। বহুতে লিখে বাবা মই অৱনমিত হৈ গ’লোঁ। ঠিক আছে পুনৰাই অৱনমিত নহ’বা। তথাপিও অৱনমিত হৈ যায়। অৱনমিত হৈ গ’লে আকৌ উঠিবলৈকে এৰি দিয়ে। কিমান আঘাত লাগি যায়। সকলোৰে লাগে। সকলো নিৰ্ভৰ কৰে পঢ়াৰ ওপৰত। পঢ়াত যোগ আছেই। অমুকে মোক এয়া পঢ়াই আছে। এতিয়া তোমালোকে বুজি পোৱা পিতাই আমাক পঢ়াই আছে। ইয়াত তোমালোক বহুত সজীৱ হোৱা। গায়নো আছে যিয়ে আমাৰ নিন্দা কৰে তেৱেঁই আমাৰ মিত্ৰ। ভগৱানুবাচ – মোৰ গ্লানি বহুত কৰে। মই আহি মিত্ৰ হওঁ। কিমান নিন্দা কৰে, মইতো বুজি পাওঁ সকলো মোৰ সন্তান। সন্তানসকলৰ প্ৰতি মোৰ কিমান প্ৰীতি আছে। নিন্দা কৰা ভাল নহয়। এই সময়ততো বহুত সাৱধান হ’ব লাগে। ভিন্ন ভিন্ন অৱস্থা সম্পন্ন সন্তান আছে, সকলোৱে পুৰুষাৰ্থ কৰি আছে। কিবা ভুল হ’লেও পুৰুষাৰ্থ কৰি অভুল হ’ব লাগে। মায়াই সকলোৰে দ্বাৰা ভুল কৰায়। মুষ্টিযুদ্ধ হয় নহয়। কোনোবা সময়ত এনেকুৱা আঘাত লাগে যে বগৰাই দিয়ে। পিতাই সাৱধান কৰায় – সন্তানসকল, এনেকৈ হাৰিলে উপাৰ্জন কৰাখিনিও শেষ হৈ যাব। 5 মহলাৰ পৰা পৰি যায়। কয় - বাবা এনেকুৱা ভুল আকৌ কেতিয়াও নহ’ব। এতিয়া ক্ষমা কৰক। বাবাই ক্ষমা কি কৰিব। পিতাইতো কয় পুৰুষাৰ্থ কৰা। বাবাই জানে মায়া বৰ প্ৰবল। বহুতকে হৰুৱাব। শিক্ষকৰ কাম হ’ল ভুলৰ শিক্ষা দি অভুল কৰি তোলা। এনেকুৱা নহয় যে কোনোবাই ভুল কৰিলে তেতিয়া সদায় তেওঁৰ সেইটো হৈ থাকিব। নহয়, ভাল গুণৰ গায়ন কৰা হয়। ভুলৰ গায়ন কৰা নহয়। অবিনাশী বৈদ্যতো এজনেই পিতা। তেওঁ ঔষধ দিব। তোমালোক সন্তানসকলে কিয় নিজৰ হাতত আইন তুলি লোৱা। যাৰ ক্ৰোধৰ অংশ থাকিব তেওঁ গ্লানিয়েই কৰি থাকিব। শুধৰণি কৰাতো পিতাৰ কাম, তোমালোক জানো শুধৰণি কৰোঁতা হোৱা। কিছুমানৰ ক্ৰোধৰ ভূত আছে। নিজে বহি কাৰোবাৰ গ্লানি কৰে মানে নিজৰ হাতত আইন তুলি ল’লে, ইয়াৰ দ্বাৰা তেওঁৰ শুধৰণি নহ’ব। আৰুহে বিৰুধ কৰিব। অপ্ৰীতিকৰ হৈ যাব। সকলো সন্তানৰ বাবে এজন পিতা বহি আছে। আইন নিজৰ হাতত লৈ কাৰোবাৰ গ্লানি কৰা, এইটো ডাঙৰ ভুল। কিবা নহয় কিবা দোষ-ত্ৰুটিতো সকলোৰে থাকে। সকলো সম্পূৰ্ণতো হোৱা নাই। কাৰোবাৰ কিবা অৱগুণ আছে, কাৰোবাৰ আন কিবা। সেই সকলোবোৰ আঁতৰোৱাৰ ঠিকা পিতাই লৈছে। এয়া তোমালোকৰ কাম নহয়। সন্তানসকলৰ দোষ-ত্ৰুটি পিতাই শুনিলে তেতিয়া সেয়া আঁতৰাবলৈ মৰমেৰে বুজনি দিয়া হয়। এতিয়ালৈকে সম্পূৰ্ণ কোনো হোৱা নাই। সকলো শ্ৰীমত অনুসৰি শুধৰণি হৈ আছে। সম্পূৰ্ণতো অন্তত হ’বগৈ। এই সময়ত সকলো পুৰুষাৰ্থী। বাবা সদায় অটল হৈ থাকে। সন্তানসকলক মৰমেৰে শিক্ষা দি থাকে। শিক্ষা দিয়াতো পিতাৰ কাম। পাছত সেই অনুসৰি চলে বা নচলে, সেয়া হ’ল তেওঁলোকৰ ভাগ্য। পদ কিমান কম হৈ যায়। শ্ৰীমত অনুসৰি নচলাৰ কাৰণে কিবা এনেকুৱা কৰি পেলালে পদ ভ্ৰষ্ট হৈ যাব। অন্তৰ দহি থাকিব, মই এইটো ভুল কৰিলোঁ। মই বহুত পৰিশ্ৰম কৰিব লাগিব। কৰোবাৰ অৱগুণ থাকিলে পিতাক শুনাব লাগে। যাকে তাকে শুনোৱা এয়া দেহ-অভিমান। পিতাক স্মৰণ নকৰে। অব্যভিচাৰী হ’ব লাগে নহয়। এজনক শুনালে তেওঁ তৎক্ষণাৎ শুধৰণি হৈ যাব। শুধৰণি কৰোঁতা এজন পিতাই হয়। বাকীতো সকলো হ’ল অপৰিশোধিত। কিন্তু মায়া এনেকুৱা যে – মূৰ সিফালে কৰাই দিয়ে। এজন পিতাৰ ফালে মূখ কৰে, মায়াই আকৌ ঘূৰাই নিজৰ ফালে কৰি লয়। পিতা আহিছেই শুধৰাই মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ। বাকী য’তে ত’তে কাৰোবাৰ নাম বদনাম কৰা এইটো নীতি বিৰুদ্ধ। তোমালোকে শিৱবাবাক স্মৰণ কৰা। বিচাৰো তেওঁৰ ওচৰত হয় নহয়। কৰ্মৰ ফলো পিতাই দিয়ে। যদিও ড্ৰামাত আছে কিন্তু কাৰোবাৰ নামতো লোৱা হয় নহয়। পিতাইতো সন্তানসকলক সকলো কথা বুজাই থাকে। তোমালোক কিমান ভাগ্যশালী। কিমান আলহী আহে। যাৰ ওচৰলৈ বহুত আলহী আহে, তেওঁ আনন্দিত হয়। এওঁলোক সন্তানো হয়, আলহীও হয়। শিক্ষকৰ বুদ্ধিততো এইটোৱেই থাকে – মই সন্তানসকলক এওঁলোকৰ নিচিনা সৰ্বগুণ সম্পন্ন কৰি তোলোঁ। ড্ৰামাৰ পৰিকল্পনা অনুসৰিএইটো ঠিকা পিতাই লৈছে। সন্তানসকলে মুৰুলীও কেতিয়াও খতি কৰিব নালাগে। মুৰুলীৰেই গায়ন আছে নহয় – এদিনো যদি মুৰুলী খতি কৰিলা তেতিয়া যেন স্কুলত অনুপস্থিতিৰ দাগ লাগি গ’ল। এয়া হৈছে বেহদৰ পিতাৰ স্কুল, ইয়াততো এদিনো খতি কৰিব নালাগে। পিতা আহি পঢ়ায়, জগতত কোনোবাই গম পায় জানো। স্বৰ্গৰ স্থাপনা কেনেকৈ হয়, এইটোও কোনেও নাজানে। তোমালোকে সকলো জানা। এই পঢ়া বহুত বহুত অলেখ উপাৰ্জনৰ হয়। জন্ম-জন্মান্তৰৰ কাৰণে এই পঢ়াৰ ফল পোৱা যায়। বিনাশৰ সকলো সম্বন্ধ তোমালোকৰ পঢ়াৰ সৈতে আছে। তোমালোকৰ পঢ়া পূৰা হ’ব আৰু এই যুদ্ধ আৰম্ভ হ’ব। পঢ়ি পঢ়ি পিতাক স্মৰণ কৰি কৰি যেতিয়া নম্বৰ পূৰা হৈ যাব, পৰীক্ষা হৈ যাব তেতিয়া যুদ্ধ হ’ব। তোমালোকৰ পঢ়া সম্পূৰ্ণ হ’লে যুদ্ধ লাগিব। এয়া নতুন সৃষ্টিৰ কাৰণে একেবাৰে নতুন জ্ঞান সেইকাৰণে মনুষ্য বেচেৰাহঁত বিবুদ্ধিত পৰে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কাৰোবাৰ অৱগুণ দেখি তেওঁৰ নিন্দা কৰিব নালাগে। য’তে ত’তে তেওঁৰ অৱগুণ শুনাব নালাগে। নিজৰ মধুৰতা এৰিব নালাগে। ক্ৰোধৰ বশৱৰ্তী হৈ কাৰো প্ৰতি বিৰুদ্ধাচৰণ কৰিব নালাগে।

(2) সকলোৰে শুধৰণি কৰোঁতা হৈছে একমাত্ৰ পিতা, সেইকাৰণে এজন পিতাকে সকলো শুনাব লাগে, অব্যভিচাৰী হ’ব লাগে। মুৰুলী কেতিয়াও খতি কৰিব নালাগে।

বৰদান:
সদায় সংগীবোধৰ স্মৃতি আৰু সাক্ষী স্থিতিৰ অনুভৱ কৰোঁতা শিৱময় শক্তি স্বৰূপ সংযুক্ত হোৱা

যেনেকৈ আত্মা আৰু শৰীৰ দুয়ো একেলগে আছে, যেতিয়ালৈকে এই সৃষ্টিত ভূমিকা আছে তেতিয়ালৈকে পৃথক হ’ব নোৱাৰে, তেনেকৈয়ে শিৱ আৰু শক্তি দুয়োৰে ইমানেই গভীৰ সম্বন্ধ আছে। যি সদায় শিৱময় শক্তি স্বৰূপত স্থিৰ হৈ চলে তেওঁলোকৰ নিষ্ঠাত মায়াই বিঘিনি আনিব নোৱাৰে। তেওঁলোকে সদায় সংগীবোধ আৰু সাক্ষী স্থিতিৰ অনুভৱ কৰে। এনেকুৱা অনুভৱ হয় যেন সাকাৰত কোনোবা লগত আছে।

স্লোগান:
নিৰ্বিঘ্ন আৰু একৰস স্থিতিৰ অনুভৱ কৰিবলৈ একাগ্ৰতাৰ অভ্যাস কৰা।


অব্যক্ত ইংগিত: এই অব্যক্ত মাহত বন্ধনমুক্ত হৈ থাকি জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰা

নিজক বৰ্তমান সময়ত মই শিক্ষক হওঁ, মই বিদ্যাৰ্থী হওঁ, মই সেৱাধাৰী হওঁ এনেকৈ ভবাৰ পৰিৱৰ্তে অমৃতবেলাৰ পৰা এইটো অভ্যাস কৰা যে মই শ্ৰেষ্ঠ আত্মা ওপৰৰ পৰা এই পুৰণি সৃষ্টিলৈ, পুৰণি শৰীৰত সেৱাৰ বাবে আহিছোঁ। মই আত্মা – এইটো পাঠ এতিয়া আৰু দৃঢ় কৰা। মই সেৱাধাৰী হওঁ - এইটো পাঠ দৃঢ় হৈছে কিন্তু মই আত্মা সেৱাধাৰী – এইটো পাঠ দৃঢ় কৰি লোৱা তেতিয়া জীৱনমুক্ত হৈ যাবা।