07.02.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকে চলোঁতে-ফুৰোঁতে স্মৃতিত থকাৰ অভ্যাস কৰিব লাগে। জ্ঞান আৰু যোগ এই দুটাই
মুখ্য বস্তু, যোগ মানে স্মৃতিত থকা"
প্ৰশ্ন:
বুদ্ধিমান
সন্তানসকলে কোনটো শব্দ মুখেৰে উচ্চাৰণ নকৰিব?
উত্তৰ:
আমাক যোগ শিকাওঁক, বুদ্ধিমান সন্তানসকলে এনেকৈ নক’ব। পিতাক স্মৰণ কৰিবলৈ শিকিব লাগে
জানো! এইখন পাঠশালা হৈছে পঢ়িব আৰু পঢ়াবৰ বাবে। এনেকুৱা নহয়, স্মৰণ কৰিবলৈ বিশেষভাৱে
বহিব লাগে। তোমালোকে কৰ্ম কৰি পিতাক স্মৰণ কৰাৰ অভ্যাস কৰিব লাগে।
ওঁম্শান্তি।
এতিয়া আত্মিক
পিতাই আত্মিক সন্তানসকলক বুজায়। সন্তানসকলে জানে আত্মিক পিতাই এই ৰথৰ দ্বাৰা আমাক
বুজাই আছে। এতিয়া যিহেতু তেওঁৰ সন্তান হোৱা সেয়েহে পিতাক অথবা কোনো ভাই বা ভনীক যদি
কোৱা যে মোক বাবাক স্মৰণ কৰিবলৈ শিকোৱা, এইটো ভুল হৈ যায়। তোমালোকতো কোনো সৰু শিশুতো
নোহোৱা নহয়। এয়াতো জানা যে মুখ্য হৈছে আত্মা। আত্মাতো হ’ল অবিনাশী। শৰীৰ হ’ল বিনাশী।
ডাঙৰতো আত্মাই হ’ল নহয়। অজ্ঞানকালত এই জ্ঞান কাৰো নাথাকে যে আমি আত্মা, শৰীৰৰ দ্বাৰা
কথা কওঁ। দেহ-অভিমানত আহিহে কয় – মই এয়া কৰোঁ। এতিয়া তোমালোক আত্মা-অভিমানী হৈছা।
তোমালোকে জানা আত্মাই কয় – মই এই শৰীৰৰ দ্বাৰা কথা কওঁ, কৰ্ম কৰোঁ। আত্মা হৈছে
পুৰুষ। পিতাই বুজায় – এই কথাষাৰ বহুতৰে মুখত শুনা যায়, বহুতে কয় – আমাক যোগত
বহুৱাওঁক। সন্মুখত এজন বহে, এইটো খেয়ালেৰে যে আমিও পিতাৰ স্মৃতিত বহোঁ, এৱোঁ বহক।
কিন্তু পাঠশালাতো এইটো কামৰ বাবে নহয়। পাঠশালা হৈছে পঢ়াৰ বাবে। বাকী এনেকুৱা নহয় যে
কেৱল ইয়াত বহিহে তোমালোকে স্মৰণ কৰিব লাগে। পিতাইতো বুজাইছে – চলোঁতে-ফুৰোঁতে,
উঠোঁতে-বহোঁতে পিতাক স্মৰণ কৰা, ইয়াৰ বাবে বিশেষভাৱে বহাৰো দৰকাৰ নাই। যেনেকৈ কোনোৱে
কয় – ‘ৰাম ৰাম’ বুলি কোৱা, ‘ৰাম ৰাম’ বুলি নোকোৱাকৈ স্মৰণ কৰিব নোৱাৰা জানো? স্মৰণতো
চলোঁতে-ফুৰোঁতেও কৰিব পাৰা। তোমালোকেতো কৰ্ম কৰিও পিতাক স্মৰণ কৰিব লাগে। প্ৰেমিকাই
প্ৰেমিকক বিশেষভাৱে বহি ইজনে-সিজনক স্মৰণ নকৰে। পেছাগত কাম-কাজ আদি সকলো কৰিব লাগে,
সকলো কৰি নিজৰ প্ৰেমিকক স্মৰণ কৰি থাকা। এনেকুৱা নহয় যে তেওঁক স্মৰণ কৰিবলৈ
বিশেষভাৱে ক’ৰবাত গৈ বহিব লাগে।
তোমালোক সন্তানসকলে
গীত বা কবিতা আদি শুনোৱা, সেয়েহে বাবাই কৈ দিয়ে এয়া ভক্তিমাৰ্গৰ। তেওঁলোকে কয়ো –
শান্তি দিওঁতা, সেয়াতো পৰমাত্মাকে স্মৰণ কৰে, শ্ৰীকৃষ্ণক নহয়। ড্ৰামা অনুসৰি আত্মা
অশান্ত হৈ গৈছে সেয়েহে পিতাক মিনতি কৰে কিয়নো তেওঁ হৈছে শান্তি, সুখ, জ্ঞানৰ সাগৰ।
জ্ঞান আৰু যোগ মুখ্য দুটা বস্তু, যোগ মানে স্মৃতিত থকা। তেওঁলোকৰ হঠযোগ একেবাৰে
বেলেগ। তোমালোকৰ হ’ল ৰাজযোগ। কেৱল পিতাক স্মৰণ কৰিব লাগে। পিতাৰ দ্বাৰা তোমালোকে
পিতাক জনা বাবে সৃষ্টিৰ আদি, মধ্য, অন্তক জানি গৈছা। তোমালোকৰ সকলোতকৈ অধিক আনন্দৰ
কথাতো এয়াই যে ভগৱানে আমাক পঢ়ায়। প্ৰথমতে তোমালোকৰ ভগৱানৰ পূৰা পৰিচয় থকা উচিত।
এনেকৈতো কেতিয়াও জনা নাই যে যেনেকৈ আত্মা তৰা তেনেকৈ ভগৱানো তৰা। তেৱোঁ আত্মা।
কিন্তু তেওঁক পৰম আত্মা, ‘চুপ্ৰিম ছ’ল’ বুলি কোৱা হয়। তেওঁ কেতিয়াও পুনৰ্জন্মতো নলয়।
এনেকুৱা নহয় যে তেওঁ জন্ম-মৃত্যুত আহে। নহয়, পুনৰ্জন্ম নলয়। নিজে আহি বুজায় – মই
কেনেকৈ আহোঁ? ত্ৰিমূৰ্তিৰ গায়নো ভাৰততে আছে। ত্ৰিমূৰ্তি ব্ৰহ্মা-বিষ্ণু-শংকৰৰ
চিত্ৰও দেখুৱায়। শিৱ পৰমাত্মায়ে নমঃ বুলি নকয় জানো। সেই উচ্চতকৈও উচ্চ পিতাক পাহৰি
গৈছে, কেৱল ত্ৰিমূৰ্তিৰ চিত্ৰ দি দিছে। ওপৰত শিৱতো নিশ্চয় থকা উচিত, যাৰ দ্বাৰা এইটো
বুজি পাব যে এওঁলোকৰ ৰচয়িতা হৈছে শিৱ। ৰচনাৰ পৰা কেতিয়াও উত্তৰাধিকাৰ পোৱা নাযায়।
তোমালোকে জানা যে ব্ৰহ্মাৰ পৰা কোনো উত্তৰাধিকাৰ পোৱা নাযায়। বিষ্ণুৰতো
হীৰা-মুকুতাৰ মুকুট আছে নহয়। তোমালোক শিৱবাবাৰ দ্বাৰা পুনৰ মূল্যহীনৰ পৰা মূল্যৱান
হৈছা। শিৱৰ চিত্ৰ নোহোৱা বাবে সকলো খণ্ডন হৈ যায়। উচ্চতকৈও উচ্চ হ’ল পৰমপিতা
পৰমাত্মা, এয়া তেওঁৰ ৰচনা। এতিয়া তোমালোক সন্তানসকলে 21 জন্মৰ বাবে পিতাৰ পৰা
স্বৰ্গৰ উত্তৰাধিকাৰ পোৱা। তাত এনেকৈ বুজে যে লৌকিক পিতাৰ পৰা উত্তৰাধিকাৰ পাইছোঁ।
তাত এইটো নাজানে যে এয়া বেহদৰ পিতাৰ পৰা লাভ কৰা প্ৰালব্ধ। এয়া তোমালোকে এতিয়া জানা।
এতিয়াৰ উপাৰ্জন তাত 21 জন্ম চলে। তাত এইটো নাজানে, এই জ্ঞান একেবাৰে নাথাকে। এই
জ্ঞান দেৱতাসকলৰো নাথাকে, শূদ্ৰসকলৰো নাথাকে। এই জ্ঞান তোমালোক ব্ৰাহ্মণসকলৰহে আছে।
এয়া হ’ল আত্মিক জ্ঞান, ‘আধ্যাত্মিক’ শব্দটিৰ অৰ্থও নাজানে। “ডাক্তৰ অফ্ ফিল’চফী” (ডক্তৰেট)
বুলি কয়। “ডাক্তৰ অফ্ স্প্ৰীৰিচুৱেল নলেজ” (আধ্যাত্মিক জ্ঞানৰ ডক্তৰেট) একমাত্ৰ
পিতাই হয়। পিতাক ‘ছাৰ্জন’ বুলিও কোৱা হয়। সাধু সন্ন্যাসী আদি কোনো ছাৰ্জন নহয়। বেদ,
শাস্ত্ৰ আদি পঢ়াসকলক জানো ডাক্তৰ বুলি কোৱা হয়। যদিওবা উপাধিও দি দিয়ে কিন্তু
বাস্তৱত এজন পিতাই হৈছে আত্মিক ছাৰ্জন, যিয়ে আত্মাক ‘ইনজেক্চন’ (বেজী) দিয়ে। সেয়া
হ’ল ভক্তি। তেওঁলোকক “ডাক্তৰ অফ্ ভক্তি” বুলি কোৱা উচিত যিয়ে কেৱল শাস্ত্ৰৰ জ্ঞান
দিয়ে। তাৰ পৰা কোনো লাভ নহয়, অৱনতিয়ে হৈ থাকে। তেন্তে তেওঁলোকক ডাক্তৰ বুলি কেনেকৈ
ক’বা? ডাক্তৰেতো উপকাৰ কৰে নহয়। এই পিতাতো হৈছে অবিনাশী জ্ঞান ছাৰ্জন। যোগবলৰ দ্বাৰা
তোমালোক সৰ্বদা নিৰোগী হোৱা। এয়াতো তোমালোক সন্তানসকলেহে জানা। বাহিৰত থকাসকলে কি
জানিব! তেওঁক অবিনাশী ছাৰ্জন বুলি কোৱা হয়। আত্মাত যি বিকাৰৰ খাদ পৰিছে, সেয়া আঁতৰ
কৰা, পতিতক পাৱন কৰি সৎগতি দিয়া – পিতাৰ এই শক্তি আছে। সৰ্বশক্তিমান পতিত-পাৱন হৈছে
একমাত্ৰ পিতা। ‘সৰ্বশক্তিমান’ বুলি কোনো মনুষ্যক ক’ব নোৱাৰি। তেন্তে পিতাই কোনটো
শক্তি দেখুৱায়? সকলোকে নিজৰ শক্তিৰে সৎগতি দি দিয়ে। তেওঁক “ডাক্তৰ অফ্
স্প্ৰীৰিচুৱেল নলেজ” বুলি কোৱা হ’ব। “ডাক্তৰ অফ্ ফিল’চফী” – এনেকুৱাতো অনেকানেক
মনুষ্য আছে। ‘স্প্ৰীৰিচুৱেল’ ডাক্তৰ এজনেই। সেয়েহে এতিয়া পিতাই কয় – নিজক আত্মা বুলি
বুজি মোক পিতাক স্মৰণ কৰা আৰু পৱিত্ৰ হোৱা। মই আহিছোঁৱেই পৱিত্ৰ সৃষ্টি স্থাপনা
কৰিবলৈ, তোমালোক আকৌ পতিত কিয় হোৱা? পাৱন হোৱা, পতিত নহ’বা। সকলো আত্মাৰ প্ৰতি
পিতাৰ নিৰ্দেশনা হৈছে – গৃহস্থালিত থাকি পদুম ফুলৰ নিচিনা পৱিত্ৰ হৈ থাকা। বাল
ব্ৰহ্মচাৰী হোৱা তেতিয়া আকৌ পৱিত্ৰ সৃষ্টিৰ মালিক হৈ যাবা। ইমান জন্ম যি পাপ কৰিছা,
এতিয়া মোক স্মৰণ কৰিলে পাপ ভস্ম হৈ যাব, মূললোকত পৱিত্ৰ আত্মাসকলহে থাকে। পতিত
কোনেও যাব নোৱাৰে। বুদ্ধিততো এইটো স্মৃতি ৰাখিবই লাগে – বাবাই আমাক পঢ়ায়।
বিদ্যাৰ্থীয়ে এনেকৈ ক’ব জানো যে আমাক শিক্ষকক স্মৰণ কৰিবলৈ শিকাওঁক। স্মৰণ কৰিবলৈ
শিকোৱাৰ কি প্ৰয়োজন। ইয়াত (চন্দলীত) কোনো নবহিলেও কোনো কথা নাই। নিজৰ পিতাক স্মৰণ
কৰিব লাগে। তোমালোকে গোটেই দিন পেছাগত কাম-কাজ আদিত থাকা সেয়েহে পাহৰি যোৱা, সেইবাবে
ইয়াত বহুওৱা হয়। এই 10-15 মিনিটো স্মৰণ কৰা। তোমালোক সন্তানসকলেতো কাম-কাজ কৰিও
স্মৃতিত থকা অভ্যাস কৰিব লাগে। আধাকল্পৰ পাছত প্ৰেমিকক লগ পোৱা। এতিয়া তেওঁ কয় –
মোক স্মৰণ কৰা তেতিয়া তোমালোক আত্মাৰ পৰা খাদ (বিকাৰৰ লেপ) আঁতৰি যাব আৰু তোমালোক
বিশ্বৰ মালিক হৈ যাবা। তেন্তে কিয়নো স্মৰণ কৰিব নালাগে। স্ত্ৰীক যেতিয়া বন্ধনত
বান্ধে তেতিয়া তেওঁক কয় – পতি তোমাৰ গুৰু ঈশ্বৰ সকলো। কিন্তু তথাপি তেওঁতো মিত্ৰ,
সম্বন্ধীয়, গুৰু আদি বহুতকে স্মৰণ কৰে। সেয়াতো দেহধাৰীৰ স্মৃতি হৈ গ’ল। এওঁতো
পতিসকলৰো পতি, তেওঁক স্মৰণ কৰিব লাগে। কিছুমানে কয় – আমাক সন্মুখত বহি যোগাভ্যাস
কৰাওঁক। কিন্তু তাৰ পৰা কি হ’ব। 10 মিনিট ইয়াত বহিলেও এনেকৈ নাভাবিবা যে কোনোবাই
একৰস হৈ বহে। ভক্তিমাৰ্গত কাৰোবাৰ পূজা কৰিবলৈ বহিলে তেতিয়া বুদ্ধি বহুত
ইফালে-সিফালে গৈ থাকে। ঐকান্তিক ভক্তি কৰোঁতাসকলৰ এইটোৱে চিন্তা থাকে যে আমাৰ
সাক্ষাৎকাৰ হওঁক। এইটো আশাতে বহি থাকে। এজনৰ প্ৰেমত লীন হৈ যায়, তেতিয়া সাক্ষাৎকাৰ
হয়। ইয়াকে ঐকান্তিক ভক্তি বুলি কোৱা হয়। সেই ভক্তি প্ৰেমিক-প্ৰেমিকাৰ দৰে।
খাওঁতে-লওঁতে বুদ্ধিত স্মৃতি থাকে। তাত বিকাৰৰ কথা নাথাকে, শৰীৰৰ প্ৰতি প্ৰেম জাগি
উঠে। এজনে আনজনক নেদেখাকৈ থাকিব নোৱাৰে।
এতিয়া তোমালোক
সন্তানসকলক পিতাই বুজাইছে – মোক স্মৰণ কৰিলে তোমালোকৰ বিকৰ্ম বিনাশ হ’ব। কেনেকৈ
তোমালোকে 84 জন্ম লৈছা। বীজক স্মৰণ কৰিলে গোটেই বৃক্ষ স্মৃতিলৈ আহি যায়। এয়া
বিভিন্ন ধৰ্মৰ বৃক্ষ নহয় জানো। এয়া কেৱল তোমালোকৰ বুদ্ধিতহে আছে যে ভাৰত ‘গ’ল্ডেন
এজ’ত (স্বৰ্ণিম যুগত) আছিল, এতিয়া ‘আইৰণ এজ’ত (লৌহ যুগত) আছে। এই ইংৰাজী শব্দবোৰ
ভাল, ইয়াৰ অৰ্থ ভালকৈ ওলায়। আত্মা খাটি সোণ হয় পাছত তাত খাদ পৰে। এতিয়া একেবাৰে মিছা
হৈ গৈছে, ইয়াকে কোৱা হয় সোণালী যুগী। আত্মা লৌহ যুগী হৈ যোৱা বাবে অলংকাৰো (শৰীৰো)
এনেকুৱা হৈ গৈছে। এতিয়া পিতাই কয় – মই পতিত-পাৱন, মামেকম্ স্মৰণ কৰা। তোমালোকে মোক
আহ্বান জনোৱা – হে পতিত-পাৱন আহক। মই কল্পই কল্পই আহি তোমালোকক এই যুক্তি শুনাওঁ। ‘মনমনাভৱ’,
‘মধ্যাজী ভৱ’ অৰ্থাৎ স্বৰ্গৰ মালিক হোৱা। কিছুমানে কয় – আমি যোগত বহুত মজা পাওঁ,
জ্ঞানত ইমান মজা নালাগে। বচ্, যোগ কৰিয়ে তেওঁলোক পলাব। যোগেই ভাল লাগে, তেওঁলোকে
কয় আমাকতো শান্তি লাগে। বাৰু, পিতাক যিকোনো ঠাইতে বহি স্মৰণ কৰা। স্মৰণ কৰি কৰি
তোমালোক শান্তিধামলৈ গুচি যাবা। এই ক্ষেত্ৰত যোগ শিকোৱাৰ কথাই নাই। পিতাক স্মৰণ
কৰিব লাগে। এনেকুৱা বহুত আছে যিসকলে সেৱাকেন্দ্ৰলৈ গৈ 30-45 মিনিট বহে, তেওঁলোকে কয়
– আমাক যোগাভ্যাস কৰাওঁক নতুবা ক’ব – বাবাই যোগাভ্যাস কৰাৰ কাৰ্যসূচী দিছে। ইয়াত
বাবাই কয় – চলোঁতে-ফুৰোঁতে স্মৃতিত থাকা। একেবাৰে নকৰাতকৈ বহাটোৱে ভাল। বাবাই মানা
নকৰে, লাগিলে গোটেই ৰাতি বহা, কিন্তু এনেকুৱা অভ্যাস কৰিব নালাগে যে কেৱল ৰাতিহে
স্মৰণ কৰিব লাগে। কাম-কাজ কৰোঁতেও স্মৃতিত থকাৰ অভ্যাস কৰিব লাগে। এই ক্ষেত্ৰত বহুত
পৰিশ্ৰম কৰিবলগীয়া হয়। বুদ্ধি বাৰে বাৰে আনফালে গুচি যায়। ভক্তিমাৰ্গতো বুদ্ধি
অন্যফালে গুচি যায় পাছত নিজক নিজে চিকুটি দিয়ে। যিসকল সঁচা ভক্ত বাবাই তেওঁলোকৰ কথা
কয়। গতিকে ইয়াতো নিজৰ লগত এনেকুৱা কথা পাতিব লাগে। বাবাক কিয় স্মৰণ নকৰিলা? স্মৰণ
নকৰিলে তেন্তে বিশ্বৰ মালিক কেনেকৈ হ’বা? প্ৰেমিক-প্ৰেমিকাতো নাম-ৰূপত আৱদ্ধ হৈ থাকে।
ইয়াততো তোমালোকে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। এই আত্মা শৰীৰৰ পৰা পৃথক।
শৰীৰত আহিলে কৰ্ম কৰিবলগীয়া হয়। এনেকুৱাও বহুত আছে যিসকলে কয় – আমি সাক্ষাৎকাৰ কৰিব
বিচাৰোঁ। এতিয়া কি সাক্ষাৎকাৰ কৰিব। তেওঁতো বিন্দু নহয় জানো। বাৰু, কোনোৱে কয় আমি
শ্ৰীকৃষ্ণৰ সাক্ষাৎকাৰ কৰিব বিচাৰোঁ। শ্ৰীকৃষ্ণৰতো চিত্ৰও আছে নহয়। যিজন জড় হয় সেয়া
আকৌ চৈতন্যত দেখিব ইয়াৰ দ্বাৰা কি লাভ হ’ল? সাক্ষাৎকাৰৰ দ্বাৰা লাভ হ’ব জানো।
তোমালোকে পিতাক স্মৰণ কৰা তেতিয়া আত্মা পৱিত্ৰ হ’ব। নাৰায়ণৰ সাক্ষাৎকাৰ হ’লে জানো
নাৰায়ণ হৈ যাব।
তোমালোকে জানা – আমাৰ
লক্ষ্য-উদ্দ্যেশ্য হৈছে লক্ষ্মী-নাৰায়ণ হোৱা কিন্তু নপঢ়িলে হ’বা জানো। পঢ়ি
বুদ্ধিমান হোৱা, প্ৰজাও তৈয়াৰ কৰা, তেতিয়া লক্ষ্মী-নাৰায়ণ হ’বা। পৰিশ্ৰম কৰিবলগীয়া
হয়। সন্মান সহকাৰে উত্তীৰ্ণ হোৱা উচিত যাতে ধৰ্মৰজাৰ শাস্তি খাবলগীয়া নহয়। এয়া
মুৰব্বী সন্তানো লগত আছে, এৱোঁ কয় – তোমালোক তীব্ৰ বেগত যাব পাৰা। বাবাৰ ওপৰততো
কিমান বোজা আছে। গোটেই দিন কিমান খেয়াল কৰিবলগীয়া হয়। মই ইমান স্মৰণ কৰিব নোৱাৰো।
ভোজন কৰোঁতে অলপ সময় স্মৃতি থাকে পুনৰ পাহৰি যাওঁ। ভাবো – বাবা আৰু মই একেলগে
খোজকাঢ়ি আছোঁ। খোজ কাঢ়োঁতে কাঢ়োঁতে বাবাক পাহৰি যাওঁ। সহজে পিছলি যোৱা বস্তু হয় নহয়।
স্মৃতি বাৰে বাৰে পিছলি যায়। এই ক্ষেত্ৰত বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। স্মৃতিৰ
দ্বাৰাহে আত্মা পৱিত্ৰ হ’ব লাগে। বহুতক পঢ়ালে তেতিয়া উচ্চ পদ পাবা। যিসকলে ভালদৰে
বুজি পায় তেওঁলোকে ভাল পদ পাব। প্ৰদৰ্শনীত কিমান প্ৰজা তৈয়াৰ হয়। তোমালোক প্ৰত্যেকে
লাখ লাখৰ সেৱা কৰিবা আকৌ নিজৰ অৱস্থাও এনেকুৱা হোৱা উচিত। কৰ্মাতীত অৱস্থা হৈ গ’লে
তেতিয়া শৰীৰ নাথাকিব। আগলৈ গৈ তোমালোকে বুজিবা এতিয়া যুদ্ধ তীব্ৰ হৈ যাব তাৰপাছত
অনেক তোমালোকৰ ওচৰলৈ আহি থাকিব। মহিমা বাঢ়ি গৈ থাকিব। অন্ত সময়ত সন্ন্যাসীসকলো আহিব,
পিতাক স্মৰণ কৰিবলৈ লাগি যাব। তেওঁলোকৰ ভূমিকাই হ’ল মুক্তিধামলৈ যোৱা। জ্ঞানতো নল’ব।
তোমালোকৰ বাৰ্তা সকলো আত্মালৈকে যাব লাগে, বাতৰি কাকতৰ দ্বাৰা বহুতে শুনিব। কিমান
গাঁও আছে, সকলোকে বাৰ্তা দিব লাগে। বাৰ্তাবাহক, পয়গম্বৰ তোমালোকেই হোৱা। পতিতৰ পৰা
পাৱন কৰি তোলোঁতা পিতাৰ বাহিৰে আন কোনো নাই। এনেকুৱা নহয় যে ধৰ্মপ্ৰতিষ্ঠাপকে
কাৰোবাক পাৱন কৰি তোলে। তেওঁলোকৰ ধৰ্মতো বৃদ্ধি পাব লাগে, তেওঁলোকে উভতি যোৱাৰ
ৰাস্তা কেনেকৈ দেখুৱাব? সকলোৰে সৎগতি দাতা এজনেই। তোমালোক সন্তানসকল এতিয়া পৱিত্ৰ
নিশ্চয় হ’ব লাগে। বহুত আছে যি পৱিত্ৰ হৈ নাথাকে। কাম মহাশত্ৰু হয় নহয়। ভাল ভাল
সন্তানসকলো বাগৰি পৰে, কুদৃষ্টিও কাম বিকাৰৰে অংশ। এই কাম বিকাৰ বৰ চয়তান। পিতাই কয়
– ইয়াৰ ওপৰত বিজয়ী হোৱা তেতিয়া জগতজিৎ হৈ যাবা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কাম-কাজ
কৰিও স্মৃতিত থকাৰ অভ্যাস কৰিব লাগে। পিতাৰ লগত যাবলৈ বা পাৱন নতুন সৃষ্টিৰ মালিক
হ’বলৈ পৱিত্ৰ নিশ্চয় হ’ব লাগে।
(2) উচ্চ পদ পাবৰ
কাৰণে বহুতৰে সেৱা কৰিব লাগে। বহুতকে পঢ়াব লাগে। বাৰ্তাবাহক হৈ এইটো বাৰ্তা সকলোলৈকে
পঠিয়াব লাগে।
বৰদান:
স্নেহৰ কোলাত
আন্তৰিক সুখ আৰু সৰ্ব শক্তিৰ অনুভৱ কৰোঁতা যথাৰ্থ পুৰুষাৰ্থী হোৱা
যিসকল যথাৰ্থ
পুৰুষাৰ্থী তেওঁলোকে কেতিয়াও পৰিশ্ৰম বা ভাগৰৰ অনুভৱ নকৰে, সদায় স্নেহত মতলীয়া হৈ
থাকে। তেওঁলোক সংকল্পৰেও সমৰ্পিত হোৱাৰ কাৰণে অনুভৱ কৰে যে বাপদাদাই চলাই আছে,
পৰিশ্ৰম কৰাৰ ভৰিৰে আগনাবাঢ়ে কিন্তু স্নেহৰ কোলাত চলি আছে, স্নেহৰ কোলাত সৰ্ব
প্ৰাপ্তিৰ অনুভৱ হোৱাৰ কাৰণে তেওঁলোক ভৰিৰে আগনাবাঢ়ে কিন্তু সদায় আনন্দত, আন্তৰিক
সুখত, সৰ্ব শক্তিৰ অনুভৱেৰে উৰি থাকে।
স্লোগান:
নিশ্চয়তা ৰূপী আধাৰ দৃঢ় হ’লে শ্ৰেষ্ঠ জীৱনৰ অনুভৱ স্বতঃ হয়।
একান্তপ্ৰিয় হ’বলৈ,
একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
‘বৈচিত্ৰৰ মাজত একতা’
- গতিকে বাস্তৱত অনেক দেশ, অনেক ভাষা, অনেক ৰূপ-ৰংগ কিন্তু বৈচিত্ৰৰ মাজতো সকলোৰে
অন্তৰত একতা আছে নহয়! কিয়নো অন্তৰত এক পিতা আছে। এক শ্ৰীমতত চলোঁতা হোৱা। অনেক ভাষা
হোৱা সত্ত্বেও মনৰ গীত, মনৰ ভাষা এক।