07.03.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
এইখন অনাদি অবিনাশী ৰচি থোৱা ড্ৰামা, ইয়াত যিটো দৃশ্য পাৰ হৈ গ’ল, সেয়া আকৌ কল্পৰ
পাছতহে পুনৰাবৃত্তি হ'ব, সেয়েহে সদায় নিচিন্ত হৈ থাকা”
প্ৰশ্ন:
এইখন সৃষ্টি
নিজৰ তমোপ্ৰধান অৱস্থাত আহি উপনীত হৈছে, ইয়াৰ লক্ষণবোৰ কি?
উত্তৰ:
দিনে-প্ৰতিদিনে উপদ্ৰৱ হৈ থাকে, কিমান ভয়ংকৰ হৈ গৈ আছে। চোৰে কেনেকৈ মাৰ-পিট কৰি
লুটি লৈ যায়। আবতৰীয়া বৰষুণ হৈ থাকে। কিমান লোকচান হৈ যায়। এই সকলোবোৰ হৈছে
তমোপ্ৰধান অৱস্থাৰ লক্ষণ। তমোপ্ৰধান প্ৰকৃতিয়ে দুখ দি থাকে। তোমালোক সন্তানসকলে
ড্ৰামাৰ ৰহস্যক জানা সেয়েহে কোৱা - একো নতুন নহয়।
ওঁম্শান্তি।
এতিয়া তোমালোক
সন্তানসকলৰ ওপৰত জ্ঞানৰ বৰ্ষা হৈ আছে। তোমালোক হৈছা সংগমযুগী আৰু বাকী যি মনুষ্য আছে
সকলো কলিযুগী। বৰ্তমান সময়ত জগতত অনেক মত-মতান্তৰ আছে। তোমালোক সন্তানসকলৰতো হৈছে
এটাই মত যিটো ভগৱানৰ পৰাই পোৱা যায়। সেই লোকসকলে ভক্তিমাৰ্গত জপ-তপ-তীৰ্থ আদি যি কৰে
তেওঁলোকে ভাবে যে এই সকলো ৰাস্তা ভগৱানক পোৱাৰ বাবেই। এনেকৈ কয় যে ভক্তিৰ পাছতহে
ভগৱান প্ৰাপ্তি হ'ব। কিন্তু তেওঁলোকে এইটো নাজানে যে ভক্তি কেতিয়া আৰম্ভ হয় আৰু
কেতিয়ালৈকে চলি থাকে। কেৱল কৈ দিয়ে যে ভক্তিৰ দ্বাৰা ভগৱানক পাবা সেয়েহে অনেক
প্ৰকাৰৰ ভক্তি কৰি আহিছে। এইটোও নিজে বুজি পায় যে পৰম্পৰাগতভাৱে আমি ভক্তি কৰি আহিছোঁ।
এদিন নিশ্চয় ভগৱানক পাম। কোনোবা নহয় কোনোবা ৰূপত ভগৱানক পাম। ভগৱানে কি কৰিব?
নিশ্চয় সৎগতি দিব কিয়নো তেওঁ হয়েই সকলোৰে সৎগতি দাতা। যদিও ভিন্ন ভিন্ন মহিমা গায়,
কয় যে ভগৱান পতিত-পাৱন, জ্ঞানৰ সাগৰ কিন্তু ভগৱান কোন, কেতিয়া আহিব, এয়াও নাজানে।
জ্ঞানৰ দ্বাৰাই সৎগতি হয়। এইটোও জানে যে ভগৱান নিৰাকাৰ। যেনেকৈ আমি আত্মাসকলো
নিৰাকাৰ, পাছত শৰীৰ লওঁ। আমি আত্মাসকলো পিতাৰ লগত পৰমধাম নিবাসী হওঁ। আমি ইয়াৰ
বাসিন্দা নহয়। ক'ৰ বাসিন্দা সেইটোও যথাৰ্থ ৰীতিৰে নকয়। কোনোবাইতো ভাবে - আমি
স্বৰ্গলৈ গুচি যাম। এতিয়া পোনে পোনে স্বৰ্গলৈতো কোনেও যাব নোৱাৰে। কোনোবাই আকৌ কয়
যে পৰমজ্যোতিত বিলীন হৈ যাম। এনেকৈ কোৱাটোও ভুল। আত্মাক বিনাশী কৰি দিয়ে। মোক্ষও
পাব নোৱাৰি। যিহেতু এনেকৈ কয় যে পূৰ্ব নিৰ্ধাৰিত ড্ৰামা…. এই চক্ৰ ঘূৰি থাকে।
ইতিহাস-ভূগোল পুনৰাবৃত্তি হয়। কিন্তু চক্ৰ কেনেকৈ ঘূৰে এইটো নাজানে। চক্ৰকো নাজানে,
ঈশ্বৰকো নাজানে। ভক্তিমাৰ্গত কিমান হাবাথুৰি খায়। ভগৱান কোন এয়া তোমালোকে জানা।
ভগৱানক পিতা বুলিও কয় তেন্তে বুদ্ধিত উদয় হ’ব নালাগে জানো। লৌকিক পিতাও আছে তথাপি
আকৌ আমি তেওঁক স্মৰণ কৰোঁ গতিকে দুজন পিতা হৈ গ'ল - লৌকিক আৰু পাৰলৌকিক। সেই
পাৰলৌকিক পিতাক লগ পাবলৈ ইমান ভক্তি কৰে। তেওঁ পৰলোকত থাকে। নিৰাকাৰী সৃষ্টিও
নিশ্চয় আছে।
তোমালোকে ভালদৰে জানা
- মনুষ্যই যি কৰে সেয়া সকলো হৈছে ভক্তিমাৰ্গ। ৰাৱণৰাজ্যত ভক্তিয়েই ভক্তি কৰি আহিছে।
জ্ঞান থাকিব নোৱাৰে। ভক্তিৰ দ্বাৰা কেতিয়াও সৎগতি হ’ব নোৱাৰে। সৎগতি কৰোঁতা পিতাক
স্মৰণ কৰিলে নিশ্চয় তেওঁ কেতিয়াবা আহি সৎগতি কৰিব। তোমালোকে জানা যে এইখন একেবাৰে
তমোপ্ৰধান সৃষ্টি। সতোপ্ৰধান আছিল এতিয়া তমোপ্ৰধান, কিমান উপদ্ৰৱ হৈ থাকে। বহুত
ভয়ানক হৈ গৈ আছে। চোৰেও লুটি থাকে। কেনেকৈ মাৰপিট কৰি চোৰে ধন লুটি লৈ যায়। এনেকুৱা
ঔষধ আছে যিবোৰ নাকত দি অচেতন কৰি দিয়ে। এয়া হৈছে ৰাৱণৰাজ্য। এইখন বহুত ডাঙৰ বেহদৰ
খেল। ইয়াৰ পুনৰাবৃত্তি হ’বলৈ 5 হাজাৰ বছৰ লাগে। খেলো ড্ৰামাৰ নিচিনা। নাটক বুলি কোৱা
নহ’ব। নাটকত কোনোবা ভাৱৰীয়া বেমাৰত পৰিলে সাল-সলনি কৰি লয়। ইয়াততো এনেকুৱা কথা হ’ব
নোৱাৰে। এইখনতো হৈছে অনাদি ড্ৰামা। ধৰিলোৱা কোনোবা বেমাৰত পৰিল তেতিয়া ক’ব এনেকৈ
বেমাৰ হোৱাৰ ভূমিকাও ড্ৰামাত আছে। এইখন অনাদি পূৰ্ব নিৰ্ধাৰিত। আন কাৰোবাক তোমালোকে
ড্ৰামা বুলি ক’লে বিবুদ্ধিত পৰিব। তোমালোকে জানা যে এইখন বেহদৰ ড্ৰামা। কল্পৰ পাছত
আকৌ এই ভাৱৰীয়াসকলেই থাকিব। যেনেকৈ এতিয়া বৰষুণ আদি হয়, কল্পৰ পাছত পুনৰ এনেকৈয়ে
হ’ব। এই উপদ্ৰৱেই হ’ব। তোমালোক সন্তানসকলে জানা জ্ঞানৰ বৰষুণতো সকলোৰে ওপৰত পৰিব
নোৱাৰে কিন্তু এই আৱাজ সকলোৰে কাণত অৱশ্যে পৰিব যে জ্ঞান সাগৰ ভগৱানৰ আগমন হৈছে।
তোমালোকৰ মুখ্য হৈছে যোগ। জ্ঞানো তোমালোকে শুনা বাকী বৰষুণতো গোটেই জগততে হয়।
তোমালোকৰ যোগৰ দ্বাৰা স্থায়ী শান্তি হৈ যায়। তোমালোকে সকলোকে শুনোৱা যে স্বৰ্গ
স্থাপনা কৰিবলৈ ভগৱানৰ আগমন হৈছে, কিন্তু এনেকুৱাও বহুত আছে যিয়ে নিজকে ভগৱান বুলি
ভাবি লয়, তেনেস্থলত তোমালোকৰ কথা আকৌ কোনে মানিব সেইকাৰণে পিতাই বুজায় - কোটিৰ
ভিতৰত কোনোবা ওলাব। তোমালোকৰ মাজতো ক্ৰম অনুসৰি জানে যে ভগৱান পিতাৰ আগমন হৈছে।
পিতাৰ পৰাতো উত্তৰাধিকাৰ ল’ব লাগে নহয়। কেনেকৈ পিতাক স্মৰণ কৰিব লাগে সেয়াও বুজাইছে।
নিজক আত্মা বুলি বুজা। মনুষ্যতো দেহ-অভিমানী হৈ গৈছে। পিতাই কয় - মই আহোঁৱেই তেতিয়া
যেতিয়া সকলো মনুষ্য আত্মা পতিত হৈ যায়। তোমালোক কিমান তমোপ্ৰধান হৈ গৈছা। এতিয়া মই
আহিছোঁ তোমালোকক সতোপ্ৰধান কৰি তুলিবলৈ। কল্প পূৰ্বেও মই তোমালোকক এনেকৈ বুজাইছিলোঁ।
তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান কেনেকৈ হ’বা? কেৱল মোক স্মৰণ কৰা। মই তোমালোকক
নিজৰ আৰু ৰচনাৰ পৰিচয় দিবলৈ আহিছোঁ। সেই পিতাক ৰাৱণৰাজ্যত সকলোৱে স্মৰণ কৰেই।
আত্মাই নিজৰ পিতাক স্মৰণ কৰে। পিতা হয়েই অশৰীৰী, বিন্দু নহয় জানো। তেওঁৰ আকৌ নাম ৰখা
হৈছে। তোমালোকক ‘শালগ্ৰাম’ বুলি কোৱা হয় আৰু পিতাক ‘শিৱ’ বুলি কোৱা হয়। তোমালোক
সন্তানসকলে শৰীৰ অনুসৰি নাম পোৱা। পিতাতো হয়েই পৰম আত্মা। তেওঁ শৰীৰতো ল’ব নালাগে।
তেওঁ এওঁৰ (ব্ৰহ্মাৰ) শৰীৰত প্ৰৱেশ কৰিছে। এয়া ব্ৰহ্মাৰ শৰীৰ, তেওঁক শিৱ বুলি কোৱা
নহ’ব। ‘আত্মা’ নামতো তোমালোকৰ আছেই আকৌ তোমালোক শৰীৰত আহা। সেই পৰম আত্মা হৈছে সকলো
আত্মাৰ পিতা। গতিকে সকলোৰে দুজন পিতা হৈ গ’ল। এজন নিৰাকাৰ, এজন সাকাৰ। এওঁক আকৌ
অলৌকিক বিস্ময়কৰ পিতা বুলি কোৱা হয়। কিমান অনেক সন্তান আছে। মনুষ্যই এইটো বুজি
নাপায় – ইমান অনেক প্ৰজাপিতা ব্ৰহ্মাকুমাৰ-কুমাৰী আছে, এওঁলোক কোন! এইটো কেনেধৰণৰ
ধৰ্ম! বুজিব নোৱাৰে। তোমালোকে জানা এই কুমাৰ-কুমাৰী প্ৰবৃত্তি মাৰ্গৰ শব্দ। মা, পিতা,
কুমাৰী আৰু কুমাৰ। ভক্তিমাৰ্গত তোমালোকে স্মৰণ কৰা - তুমিয়ে মাতা-পিতা….. এতিয়া
তোমালোকে মাতা-পিতাক পাইছা, তোমালোকক তুলি লৈছে। সত্যযুগত তুলি লোৱা নহয়। তাত তুলি
লোৱাৰ নাম নাই। এই শব্দটি ইয়াত আছে। সেয়া হৈছে হদৰ পিতা, এওঁ হৈছে বেহদৰ পিতা।
বেহদৰ তুলি লোৱা কাৰ্য। এইটো বুজিবলগীয়া অতি গূঢ় ৰহস্য। তোমালোকে কাকো যথা ৰীতিৰে
নুবুজোৱা। প্ৰথমে ভিতৰলৈ কোনোবা আহি যদি সোধে গুৰুৰ দৰ্শন কৰিবলৈ আহিছোঁ, তেতিয়া
ক’বা যে এয়া কোনো মন্দিৰ নহয়। ফলকত চাওঁক কি লিখা আছে! ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰী
অনেক আছে। এই সকলোবোৰ প্ৰজাপিতাৰ সন্তান হৈ গ’ল। প্ৰজাতো আপোনালোকো হয়। ভগৱানে
সৃষ্টি ৰচনা কৰে, ব্ৰহ্মা মুখ কমলৰ দ্বাৰা আমাক ৰচনা কৰিছে। আমি হৈছোৱেই নতুন
সৃষ্টিৰ, আপোনালোক পুৰণি সৃষ্টিৰ। সংগমযুগত নতুন সৃষ্টিৰ হ’বলগীয়া হয়। এয়া হৈছে
পুৰুষোত্তম হোৱাৰ যুগ। তোমালোক সংগমযুগত আছা, তেওঁলোক কলিযুগত আছে, যেন বিভাজন হৈ
গ’ল। আজিকালি চোৱা কিমান বিভাজন আছে। প্ৰত্যেক ধৰ্মৰ লোকে ভাবে আমি নিজৰ প্ৰজাক
চম্ভালিম, নিজৰ ধৰ্মক, নিজৰ সমগোত্ৰীয়সকলক সুখত ৰাখিম সেইকাৰণে প্ৰত্যেকে কয়-আমাৰ
ৰাজ্যৰ পৰা এইটো বস্তু যাতে বাহিৰলৈ নাযায়। আগতেতো ৰজাৰ গোটেই প্ৰজাৰ ওপৰত হুকুম
চলিছিল। ৰজাক মা-বাপ, অন্নদাতা বুলি কৈছিল। এতিয়াতো কোনো ৰজা-ৰাণী নাই। বেলেগ বেলেগ
খণ্ড হৈ গ’ল। কিমান উপদ্ৰৱ হৈ থাকে। অকস্মাৎ বানপানী আহি যায়, ভূমিকম্প হৈ থাকে, এই
সকলোবোৰ হৈছে দুখদায়ক মৃত্যু।
এতিয়া তোমালোক
ব্ৰাহ্মণসকলে বুজি পোৱা যে আমি সকলো পৰস্পৰ ভাই ভাই। গতিকে আমি পৰস্পৰ বহুত মৰমেৰে
মিলাপ্ৰীতিৰে থাকিব লাগে। আমি এজন পিতাৰ সন্তান সেয়েহে নিজৰ মাজত বহুত মৰম-চেনেহ থকা
উচিত। ৰামৰাজ্যত সিংহ-ছাগলী যি একেবাৰে দুৰ্ঘোৰ শত্ৰু, সিহঁতেও একেলগে জল পান কৰে।
ইয়াততো চোৱা ঘৰে ঘৰে কিমান কাজিয়া। দেশসমূহৰ মাজত কাজিয়া, অনেক মত হোৱা বাবে নিজৰ
মাজতে কাজিয়া কৰে। এতিয়া তোমালোকে জানা যে আমি সকলোৱে অনেক বাৰ পিতাৰ পৰা
উত্তৰাধিকাৰ লৈছোঁ আকৌ হেৰুৱাইছোঁ অৰ্থাৎ ৰাৱণৰ ওপৰত জয়ী হওঁ আৰু পুনৰ পৰাজিত হওঁ।
এজন পিতাৰ শ্ৰীমতত আমি বিশ্বৰ মালিক হৈ যাওঁ, সেইকাৰণে তেওঁক উচ্চতকৈও উচ্চ ভগৱান
বুলি কোৱা হয়। সকলোৰে দুখ হৰ্তা, সুখ কৰ্তা বুলি কোৱা হয়। এতিয়া তোমালোকক সুখৰ
মাৰ্গ-দৰ্শন কৰাই আছে। তোমালোক সন্তানসকল পৰস্পৰ মিলাপ্ৰীতিৰে থকা উচিত। জগতত সকলো
পৰস্পৰ লুণীয়া পানীৰ দৰে (অপ্ৰীতিকৰ)। ইজনে সিজনক মাৰিবলৈ দেৰি নকৰে। তোমালোক
ঈশ্বৰীয় সন্তান হোৱা সেয়েহে মিলাপ্ৰীতিৰে থকা উচিত। তোমালোক ঈশ্বৰীয় সন্তান
দেৱতাসকলতকৈও উচ্চ হৈ গ’লা। তোমালোক পিতাৰ কিমান সহায়কাৰী হোৱা। পুৰুষোত্তম কৰি
তোলাত তোমালোক সহায়ক হোৱা গতিকে অন্তৰত এইটো উদয় হ’ব লাগে - আমি পুৰুষোত্তম, তেন্তে
আমাৰ মাজত সেই দৈৱীগুণ আছেনে? আসুৰি গুণ থাকিলেতো পিতাৰ সন্তান বুলি ক’ব নোৱাৰে
সেইকাৰণে কোৱা হয় - সৎগুৰুৰ নিন্দা কৰোঁতাজনে পাৰ পাব নোৱাৰে। সেই কলিযুগৰ গুৰুৱে
আকৌ এয়া নিজৰ কাৰণে কৈ মনুষ্যক ভয়-ভীত কৰি দিয়ে। সেয়েহে পিতাই সন্তানসকলক বুজায় -
সুসন্তান সেইসকল যিয়ে পিতাৰ নাম উজ্জ্বল কৰে, মিলাপ্ৰীতিৰে থাকে। পিতাই সদায় কয় –
মিলাপ্ৰীতিৰে থাকিবা। লুণীয়া পানী হৈ পৰস্পৰ কাজিয়া নকৰিবা। তোমালোক ইয়াত
মিলাপ্ৰীতিৰে থাকিব লাগে। পৰস্পৰ অতি মৰম-চেনেহ থাকিব লাগে কিয়নো তোমালোক ঈশ্বৰৰ
সন্তান নহয় জানো। ঈশ্বৰ অতিকৈ মৰমিয়াল সেইবাবেতো তেওঁক সকলোৱে স্মৰণ কৰে। গতিকে
তোমালোকৰ পৰস্পৰ বহুত মৰম-চেনেহ থকা উচিত। নহ’লে পিতাৰ সন্মান হানি কৰোৱা। ঈশ্বৰৰ
সন্তান পৰস্পৰ লুণীয়া পানী কেনেকৈ হ’ব পাৰে, তেতিয়া পদ কেনেকৈ পাব পাৰিবা। পিতাই
বুজায় যে পৰস্পৰ মিলাপ্ৰীতিৰে থাকিবা। লুণীয়া পানী হ’লে একোৱেই ধাৰণ নহ’ব। যদি
পিতাৰ নিৰ্দেশনা মতে নচলা তেন্তে উচ্চ পদ কেনেকৈ পাবা। দেহ-অভিমানত আহিলেহে পৰস্পৰ
কাজিয়া কৰে। দেহী-অভিমানী হ’লে কোনো হাই-কাজিয়া নহয়। ঈশ্বৰ পিতাক পাইছা যেতিয়া
দৈৱীগুণো ধাৰণ কৰিব লাগে। আত্মা পিতাৰ দৰে হৈ যাব লাগে। যেনেকৈ পিতাৰ পৱিত্ৰতা, সুখ,
প্ৰেম আদি সকলো আছে, তোমালোকো তেনেকুৱা হ’ব লাগে। নহ’লেতো উচ্চ পদ পাব নোৱাৰিবা। পঢ়ি
পিতাৰ পৰা উচ্চ উত্তৰাধিকাৰ ল’ব লাগে, যিয়ে বহুতৰে কল্যাণ কৰে, তেওঁলোকেই ৰজা-ৰাণী
হ’ব পাৰে। বাকী দাস-দাসী হ’বগৈ। বুজিতো পোৱা নহয় কোন কোন কি হ’বগৈ? পঢ়া-শুনা কৰাসকলে
নিজেও বুজি পায় - এইটো হিচাপত মই বাবাৰ কি নাম উজ্জ্বল কৰিম। ঈশ্বৰৰ সন্তানতো অতিকৈ
মৰমিয়াল হোৱা উচিত, যাতে যিকোনো লোকে দেখিয়েই আনন্দিত হৈ যায়। বাবাৰো সেইসকলেই
প্ৰিয় হ’ব। প্ৰথমে ঘৰখনকতো শুধৰোৱা। প্ৰথমে ঘৰখনক তাৰ পাছত অন্যক শুধৰাব লাগে।
গৃহস্থালিত পদুম ফুলৰ দৰে পৱিত্ৰ আৰু মিলাপ্ৰীতিৰে থাকিবা। কোনোবাই দেখিলেই যাতে কয়
- অহো! ইয়াততো স্বৰ্গ বিৰাজমান হৈ আছে। অজ্ঞান কালতো বাবাই নিজেই এনেকুৱা ঘৰ দেখিছে।
6-7টা সন্তানে বিয়া কৰায়ো একেলগে থাকে। সকলোৱে ৰাতিপুৱা উঠি ভক্তি কৰে। ঘৰত একেবাৰে
শান্তি বিৰাজমান হৈ থাকে। এয়াতো তোমালোকৰ ঈশ্বৰীয় কুটুম্ব। হংস আৰু বগলী একেলগেতো
থাকিব নোৱাৰে। তোমালোকতো হংস হ’ব লাগে। লুণীয়া পানীৰ দৰে হ’লে বাবা ৰাজী নহ’ব।
বাবাই ক’ব - তোমালোকে কিমান নাম বদনাম কৰা। যদি মিলাপ্ৰীতিৰে নাথাকা তেন্তে স্বৰ্গত
উচ্চ পদ পাব নোৱাৰিবা, বহুত শাস্তি খাবা। পিতাৰ হৈ যদি লুণীয়া পানীৰ দৰে থাকা তেন্তে
এশ গুণ শাস্তি খাবা। আকৌ তোমালোকৰ সাক্ষাৎকাৰো হৈ থাকিব যে মই কি পদ পাম। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায়
ধ্যান ৰাখিব লাগে - আমি ঈশ্বৰৰ সন্তান, আমি অতি মৰমিয়াল হৈ থাকিব লাগে। পৰস্পৰ
কেতিয়াও লুণীয়া পানীৰ দৰে (অপ্ৰীতিকৰ) হ’ব নালাগে। প্ৰথমে নিজক শুধৰাব লাগে তাৰ
পাছত অন্যক শুধৰাবৰ বাবে শিক্ষা দিব লাগে।
(2) যেনেকৈ পিতাৰ
পৱিত্ৰতা, সুখ, প্ৰেম আদি সকলো গুণ আছে, তেনেকৈ পিতাৰ সমান হ’ব লাগে। এনেকুৱা কোনো
কৰ্ম কৰিব নালাগে যাৰ বাবে সৎগুৰুৰ নিন্দুক হৈ যোৱা। নিজৰ চাল-চলনেৰে পিতাৰ নাম
উজ্জ্বল কৰিব লাগে।
বৰদান:
পিতা আৰু
প্ৰাপ্তিৰ স্মৃতিৰে সদায় সাহস আৰু উল্লাসত থাকোঁতা একৰস অবিচলিত হোৱা
পিতাৰ দ্বাৰা জন্মতেই
যি প্ৰাপ্তি হৈছে তাৰ তালিকা সদায় সন্মুখত ৰাখা। যিহেতু প্ৰাপ্তি অটল, অচল গতিকে
সাহস আৰু উৎসাহো অচল হোৱা উচিত। অচল হোৱাৰ বিপৰীতে যদি মন কেতিয়াবা চঞ্চল হৈ যায় বা
স্থিতি চঞ্চলতাত আহি যায় তেন্তে ইয়াৰ কাৰণ হৈছে যে পিতা আৰু প্ৰাপ্তিক সদায় সন্মুখত
নাৰাখা। সৰ্ব প্ৰাপ্তিৰ অনুভৱ সদায় সন্মুখত বা স্মৃতিত থাকিলে তেতিয়া সকলো বিঘিনি
সমাপ্ত হৈ যাব, সদায় নতুন উৎসাহ, নতুন উল্লাস থাকিব। স্থিতি একৰস আৰু অবিচলিত হৈ
থাকিব।
স্লোগান:
যিকোনো প্ৰকাৰৰ সেৱাত সদায় সন্তুষ্ট হৈ থকা মানেই ভাল নম্বৰ লোৱা।
সত্যতা আৰু সভ্যতা
ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
তোমালোক ব্ৰাহ্মণ
সন্তানসকল অতিকৈ মাৰ্জিত। তোমালোকৰ চেহেৰা আৰু চলন দুয়োটাই সত্যতাৰ সভ্যতা অনুভৱ
কৰাওঁক। এনেও মাৰ্জিত আত্মাসকলক সভ্যতাৰ দেৱী বুলি কোৱা হয়। তেওঁলোকৰ কথন, দৃষ্টি,
চলন, খোৱা-বোৱা, উঠা-বহা, সকলো কৰ্মত সভ্যতা, সত্যতা স্বতঃ দেখা দিয়ে। এনেকুৱা নহয়
যে মইতো সত্যক সিদ্ধ কৰি আছোঁ আৰু সভ্যতা নায়েই। তেন্তে এয়া ঠিক নহয়।