07.04.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
যেতিয়াই সময় পোৱা তেতিয়া একান্তত বহি সঁচা প্ৰেমিকক স্মৰণ কৰা কিয়নো স্মৃতিৰ
দ্বাৰাহে স্বৰ্গৰ বাদশ্বাহী পাবা”
প্ৰশ্ন:
পিতাক পালা
গতিকে কোনটো অমনোযোগিতা সমাপ্ত হৈ যোৱা উচিত?
উত্তৰ:
বহুত সন্তানে অমনোযোগী হৈ কয় মইতো বাবাৰ হওঁৱেই। স্মৃতিত থকাৰ পৰিশ্ৰম নকৰে। বাৰে
বাৰে স্মৃতি পাহৰি যায়। এয়াই হৈছে অমনোযোগিতা। বাবাই কয় - সন্তানসকল, যদি স্মৃতিত
থাকা তেন্তে অন্তৰত স্থায়ী আনন্দ থাকিব। কোনো প্ৰকাৰে শ্বাসৰুদ্ধ হ’বলগীয়া নহ’ব।
যেনেকৈ বান্ধোনত থকা মাতাসকল ব্যাকুল হৈ থাকে, দিনে-ৰাতিয়ে স্মৰণ কৰে, তেনেকৈ
তোমালোকৰো নিৰন্তৰ স্মৃতি থাকিব লাগে।
গীত:
তকদীৰ জগাকৰ
আই হুঁ… (ভাগ্য উদয় কৰি আহিছোঁ…)
ওঁম্শান্তি।
পিতাই
সন্তানসকলক বুজাইছে – তোমালোকেও কোৱা ওঁম্ শান্তি। পিতায়ো কয় ওঁম্ শান্তি অৰ্থাৎ
তোমালোক আত্মাসকল শান্ত স্বৰূপ হোৱা। পিতাও শান্ত স্বৰূপ, আত্মাৰ স্বধৰ্ম শান্ত।
পৰমাত্মাৰো স্বধৰ্ম শান্ত। তোমালোকো শান্তিধামৰ নিবাসী। পিতায়ো কয় – ময়ো তাৰেই
নিবাসী। তোমালোক সন্তানসকল পুনৰ্জন্মত আহা, মই নাহোঁ। মই এই ৰথত প্ৰৱেশ কৰোঁ। এইখন
মোৰ ৰথ। শঙ্কৰক যদি সোধা, সুধিবতো নোৱাৰা কিন্তু ধৰিলোৱা সূক্ষ্মলোকত গৈ যদি
কোনোবাই সোধে তেতিয়া ক’ব এয়া মোৰ সূক্ষ্মশৰীৰ। শিৱবাবাই কয় - এইটো মোৰ শৰীৰ নহয়।
এইটো মই ধাৰত লৈছোঁ কিয়নো মোকো কৰ্মেন্দ্ৰিয়ৰ আধাৰ লাগে। সৰ্বপ্ৰথম মুখ্য কথা বুজাব
লাগে যে পতিত-পাৱন, জ্ঞানৰ সাগৰ শ্ৰীকৃষ্ণ নহয়। শ্ৰীকৃষ্ণই সকলো আত্মাক পতিতৰ পৰা
পাৱন কৰি নোতোলে, তেওঁতো আহি পাৱন সৃষ্টিত ৰাজত্ব কৰে। প্ৰথমে ৰাজকুমাৰ হয় পাছত
মহাৰজা হয়। তেওঁৰো এই জ্ঞান নাই। ৰচনাৰ জ্ঞানতো ৰচয়িতাৰহে থাকিব নহয়। শ্ৰীকৃষ্ণক
ৰচনা বুলি কোৱা হয়। ৰচয়িতা পিতাহে আহি জ্ঞান দিয়ে। এতিয়া পিতাই ৰচনা কৰি আছে, তেওঁ
কয় - তোমালোক মোৰ সন্তান। তোমালোকেও কোৱা - বাবা মই আপোনাৰ। কোৱাও হয় ব্ৰহ্মাৰ
দ্বাৰা ব্ৰাহ্মণৰ স্থাপনা। নহ’লে ব্ৰাহ্মণ ক’ৰ পৰা আহিল। সূক্ষ্মলোকত থকা ব্ৰহ্মা
কোনো বেলেগ নহয়। ওপৰত থকাজনেই তলত থকাজন সেইজনেই ওপৰত থকাজন। এজনেই। বাৰু বিষ্ণু আৰু
লক্ষ্মী-নাৰায়ণো একেই কথা। এওঁলোক ক’ৰ? ব্ৰহ্মাই বিষ্ণু হয়। ব্ৰহ্মা-সৰস্বতীয়েই
লক্ষ্মী-নাৰায়ণ আকৌ তেওঁলোকেই গোটেই কল্প 84 জন্মৰ অন্তত আহি সংগমত ব্ৰহ্মা-সৰস্বতী
হয়। লক্ষ্মী-নাৰায়ণো মনুষ্য, তেওঁলোকৰ দেৱী-দেৱতা ধৰ্ম। বিষ্ণুকো 4খন ভুজা দি দিছে।
এয়া প্ৰবৃত্তি মাৰ্গ দেখুৱাইছে। ভাৰতত আৰম্ভণিৰ পৰাই প্ৰবৃত্তি মাৰ্গ চলি আহিছে
সেইকাৰণে বিষ্ণুক 4খন ভুজা দিছে। ইয়াত হ’ল ব্ৰহ্মা-সৰস্বতী, সেই সৰস্বতী তোলনীয়া
কন্যা। এওঁৰ আচল নাম লখীৰাজ আছিল পাছত এওঁৰ নাম ব্ৰহ্মা ৰাখিলে। শিৱবাবাই এওঁৰ
শৰীৰত প্ৰৱেশ কৰিলে আৰু ৰাধাক নিজৰ কৰিলে, নাম ৰাখিলে সৰস্বতী। ব্ৰহ্মা সৰস্বতীৰ
কোনো লৌকিক পিতা নহয়। এওঁলোক দুয়োজনৰ নিজৰ নিজৰ লৌকিক পিতা আছিল। এতিয়া তেওঁ নাই।
এওঁক শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা তুলি লৈছে। তোমালোক হ’লা তোলনীয়া সন্তান। ব্ৰহ্মাও
শিৱবাবাৰ সন্তান। ব্ৰহ্মাৰ মুখকমলেৰে ৰচনা কৰে সেইকাৰণে ব্ৰহ্মাকো মাতা বুলি কোৱা
হয়। তুমি মাতা-পিতা আমি তোমাৰ সন্তান, তোমাৰ কৃপাতে অপাৰ সুখ…… এনেকৈ গায়ন কৰে নহয়।
তোমালোক ব্ৰাহ্মণ আহি সন্তান হৈছা। এই ক্ষেত্ৰত বুজিবলৈ বৰ ভাল বুদ্ধি লাগে।
তোমালোক সন্তানসকলে শিৱবাবাৰ পৰা উত্তৰাধিকাৰ লোৱা। ব্ৰহ্মা কোনো স্বৰ্গৰ ৰচয়িতা বা
জ্ঞানসাগৰ নহয়। জ্ঞানৰ সাগৰ এজনেই পিতা। আত্মাৰ পিতাহে জ্ঞানৰ সাগৰ। আত্মাও জ্ঞান
সাগৰ হয় কিন্তু আত্মাক জ্ঞান সাগৰ বুলি কোৱা নহ’ব কিয়নো সাগৰ এজনেই। তোমালোক সকলো
নদী। সাগৰৰ নিজৰ শৰীৰ নাই। নদীবোৰৰ আছে। তোমালোক হ’লা জ্ঞান নদী। কলিকতাত (এতিয়া
কোলকাতাত) ব্ৰহ্মপুত্ৰ নদী বহুত ডাঙৰ কিয়নো তাৰ সাগৰৰ সৈতে সংযোগ আছে। তাৰ বহুত
ডাঙৰ মেলা হয়। ইয়াতো মেলা হয়। সাগৰ আৰু ব্ৰহ্মপুত্ৰ দুয়ো সমন্বিত। এয়া হ’ল চৈতন্য,
সেয়া জড়। এই কথাবোৰ পিতাই বুজায়। শাস্ত্ৰবোৰত নাই। শাস্ত্ৰ হ’ল ভক্তিমাৰ্গৰ বিভাগ।
এয়া হ’ল জ্ঞানমাৰ্গ, সেয়া ভক্তিমাৰ্গ। আধাকল্প ভক্তিমাৰ্গৰ বিভাগ চলে। তাত জ্ঞান
সাগৰ নাই। পৰমপিতা পৰমাত্মা, জ্ঞানৰ সাগৰ পিতা সংগমত আহি জ্ঞান স্নানেৰে সকলোৰে
সৎগতি কৰে।
তোমালোকে জানা যে আমি
বেহদৰ পিতাৰ পৰা স্বৰ্গৰ সুখৰ ভাগ্য গঢ়ি আছোঁ। যথাযথ আমি সত্যযুগ, ত্ৰেতাত পূজ্য
দেৱী-দেৱতা আছিলোঁ। এতিয়া আমি পূজাৰী মনুষ্য। আকৌ তোমালোক মনুষ্যৰ পৰা দেৱতা হোৱা।
ব্ৰাহ্মণেই দেৱতা ধৰ্মত আহি আকৌ ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হ’ল। 84 জন্ম লৈ লৈ অৱনমিত
হ’বলগীয়া হয়। এয়াও তোমালোকক পিতাই শুনাইছে। তোমালোকে নিজৰ জন্মক নাজানিছিলা। 84
জন্মও তোমালোকেই লোৱা। যিসকল সৰ্বপ্ৰথমে আহে, তেওঁলোকেই পূৰা 84 জন্ম লয়। যোগৰ
দ্বাৰাহে খাদ (বিকাৰৰ লেপ) আঁতৰে, যোগতেই পৰিশ্ৰম হয়। হওঁতে বহুত সন্তান জ্ঞানত
তীক্ষ্ণ কিন্তু যোগত কেঁচা। বান্ধোনত থকা মাতাসকল যোগত বন্ধন মুক্তসকলতকৈও ভাল।
তেওঁলোকতো শিৱবাবাৰ সাক্ষাৎ পাবৰ কাৰণে ৰাতিয়ে-দিনে ব্যাকুল হৈ থাকে। তোমালোকে
সাক্ষাৎ পাইছা। তোমালোকক কোৱা হয় স্মৰণ কৰা তেতিয়া তোমালোকে বাৰে বাৰে পাহৰি যোৱা।
তোমালোকৰ ধুমুহা বহুত আহে। তেওঁলোক স্মৃতিত ব্যাকুল হৈ থাকে। তোমালোক ব্যাকুল নোহোৱা।
তেওঁলোকৰ ঘৰত থাকিও উচ্চ পদ প্ৰাপ্ত হৈ যায়। তোমালোক সন্তানসকলে জানা – বাবাৰ
স্মৃতিত থাকিলে আমি স্বৰ্গৰ বাদশ্বাহী পাম। যেনেকৈ সন্তান গৰ্ভৰ পৰা ওলাবলৈ ব্যাকুল
হৈ থাকে। তেনেকৈ বান্ধোনত থকা মাতাসকল ব্যাকুল হৈ আহ্বান জনায়, শিৱবাবা এই বন্ধনৰ
পৰা মুক্ত কৰক। দিনে-ৰাতিয়ে স্মৰণ কৰে। তোমালোকে পিতাক পালা সেয়েহে অমনোযোগী হৈ গৈছা।
আমি বাবাৰ সন্তান। আমি এই শৰীৰ এৰি ৰাজকুমাৰ হ’মগৈ, ভিতৰি এইটো স্থায়ী আনন্দ থাকিব
লাগে। কিন্তু মায়াই স্মৃতিত থাকিবলৈ নিদিয়ে। স্মৃতিত থাকিলে বহুত আনন্দিত হৈ থাকিবা।
স্মৃতিত নাথাকিলে শ্বাসৰুদ্ধ হৈ থাকিব। আধাকল্প তোমালোকে ৰাৱণৰাজ্যত দুখ দেখিছা।
অকাল মৃত্যু হৈ আহিছে। দুখতো আছেই। লাগিলে যিমানেই চহকী নহওঁক দুখতো হয়েই। অকালতে
মৃত্যু হৈ যায়। সত্যযুগত এনেকৈ অকালতে নমৰে, কেতিয়াও বেমাৰ নহ’ব। সময়ত বহি বহি
নিজেই এটা শৰীৰ এৰি আন এটা লৈ লয়। তাৰ নামেই হ’ল সুখধাম। মনুষ্যইতো স্বৰ্গৰ কথাবোৰ
কল্পনা বুলি ভাবে। ক’ব, স্বৰ্গ ক’ৰ পৰা আহিল। তোমালোকে জানা আমিতো স্বৰ্গৰ নিবাসী
আছিলোঁ আকৌ 84 জন্ম লওঁ। এই গোটেই খেলখন ভাৰতক লৈয়ে ৰচা আছে। তোমালোকে জানা আমি 21
জন্ম পাৱন দেৱতা আছিলোঁ আকৌ আমি ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হ’লোঁ। এতিয়া আকৌ ব্ৰাহ্মণ
হৈছোঁ। এই স্বদৰ্শন চক্ৰ বহুত সহজ। এয়া শিৱবাবাই বহি বুজায়।
তোমালোকে জানা শিৱবাবা
ব্ৰহ্মাৰ ৰথত আহিছে, যিজন ব্ৰহ্মা তেৱেঁই সত্যযুগৰ আদিত শ্ৰীকৃষ্ণ আছিল। 84 জন্ম লৈ
পতিত হ’ল আকৌ এওঁৰ শৰীৰত পিতাই প্ৰৱেশ কৰি তুলি লৈছে। নিজেই কয় - মই এই শৰীৰৰ আধাৰ
লৈ তোমালোকক নিজৰ কৰি লৈছোঁ। আকৌ তোমালোকক স্বৰ্গৰ ৰাজধানীৰ যোগ্য কৰি তোলোঁ, যি
যোগ্য হ’ব তেৱেঁই ৰাজ্যত আহিব। এই ক্ষেত্ৰত আচৰণ ভাল হ’ব লাগে। মুখ্য হৈছেই পৱিত্ৰতা।
ইয়াতেই অৱলাসকলৰ ওপৰত অত্যাচাৰ হয়। ক’ৰবাত ক’ৰবাত পুৰুষৰ ওপৰতো অত্যাচাৰ হয়। বিকাৰৰ
কাৰণে এজনে আনজনক অশান্ত কৰে। ইয়াত মাতা বহুত হোৱাৰ কাৰণে ‘শক্তি সেনা’ নাম গায়ন কৰা
হৈছে, বন্দে মাতৰম্। এতিয়া তোমালোক কাম চিতাৰ পৰা নামি জ্ঞান চিতাত বহিছা সুন্দৰ
হ’বৰ কাৰণে। দ্বাপৰৰ পৰা ধৰি কাম চিতাত বহিছা। বিকাৰী ব্ৰাহ্মণে এজনে আনজনক বিকাৰ
দিয়াৰ বন্ধনত বান্ধে। তোমালোক হ’লা নিৰ্বিকাৰী ব্ৰাহ্মণ। তোমালোকে সেয়া নাকচ কৰাই
জ্ঞান-চিতাত বহুওৱা। কাম-চিতাত বহি কলা হৈছে, জ্ঞান-চিতাত বহি বগা হৈ যাবা। পিতাই
কয় লাগিলে একেলগে থাকা কিন্তু প্ৰতিজ্ঞা কৰিব লাগে আমি বিকাৰগ্ৰস্ত নহওঁ, সেইকাৰণে
বাবাই আঙুঠিও পিন্ধায়। শিৱবাবা, বাবাও হয়, প্ৰেমিকো হয়। সকলো সীতাৰ ৰাম। তেৱেঁই
পতিত-পাৱন। বাকী “ৰঘুপতি ৰাঘৱ ৰজা ৰাম”ৰ কথা নাই। তেওঁ সংগমতে এই প্ৰালব্ধ পাইছিল।
তেওঁৰ হাতত হিংসক বাণ দেখুওৱাতো ভুল। চিত্ৰতো দিব নালাগে। কেৱল লিখিব লাগে
চন্দ্ৰবংশী। সন্তানসকলে বুজাব লাগে শিৱবাবাই এওঁৰ দ্বাৰা আমাক এই চক্ৰৰ ৰহস্য বুজাই
আছে। সত্য নাৰায়ণৰ কাহিনী থাকে নহয়। সেয়া হ’ল মনুষ্যই ৰচনা কৰা কাহিনী। নৰৰ পৰা
নাৰায়ণতো কোনো নহয়। সত্য-নাৰায়ণৰ কাহিনীৰ অৰ্থই হ’ল নৰৰ পৰা নাৰায়ণ হোৱা। অমৰকথাও
শুনায় কিন্তু অমৰপুৰীলৈতো কোনেও নাযায়। মৃত্যুলোক 2500 বছৰ চলে। তৃতীয় নেত্ৰৰ কথা
মাতাসকলে শুনে। বাস্তৱত এয়া হ’ল তৃতীয় জ্ঞানৰ নেত্ৰ দিয়াৰ কথা। এতিয়া জ্ঞানৰ তৃতীয়
নেত্ৰ আত্মাই পাইছে গতিকে আত্ম-অভিমানী হ’ব লাগে। মই এই শৰীৰৰ দ্বাৰা এতিয়া দেৱতা
হওঁ। মোৰহে সংস্কাৰ আছে। মনুষ্য সকলো দেহ-অভিমানী। পিতা আহি দেহী-অভিমানী কৰি তোলে।
মনুষ্যই আকৌ কৈ দিয়ে আত্মা পৰমাত্মা একেই। পৰমাত্মাই এই সকলো ৰূপ ধাৰণ কৰিছে। পিতাই
কয় - এই সকলোবোৰ ভুল, ইয়াক মিথ্যা অভিমান, মিথ্যা জ্ঞান বুলি কোৱা হয়। পিতাই কয় -
মই বিন্দু সদৃশ। তোমালোকেও নাজানিছিলা, এৱোঁ নাজানিছিল। এতিয়া পিতাই বুজায় – এই
ক্ষেত্ৰত সংশয় আহিব নালাগে। নিশ্চয়তা থাকিব লাগে। বাবাই নিশ্চয় সত্যই কয়, সংশয়বুদ্ধি
বিনশ্যন্তী। তেওঁলোকে পূৰা উত্তৰাধিকাৰ নাপাব। আত্ম-অভিমানী হোৱাৰ ক্ষেত্ৰতে
পৰিশ্ৰম হয়। ভোজন ৰান্ধোঁতে বুদ্ধি পিতাৰ সৈতে থাকিব লাগে। প্ৰত্যেক কথাতে এইটো
অভ্যাস কৰিব লাগে। ৰুটি বেলোঁতে, নিজৰ প্ৰেমিকক স্মৰণ কৰি থাকিবা – এইটো অভ্যাস সকলো
কথাতে লাগে। যিমান সময় আজৰি পোৱা স্মৰণ কৰিব লাগে। স্মৃতিৰ দ্বাৰাই তোমালোক
সতোপ্ৰধান হ’বা। 8 (আঠ) ঘণ্টা কামৰ কাৰণে ছুটী। তাৰ মাজতো একান্তত গৈ বহিব লাগে,
তোমালোকে সকলোকে পিতাৰ পৰিচয়ো শুনাব লাগে। আজি নহ’লে কালিলৈ শুনিব। পিতাই স্বৰ্গ
স্থাপন কৰে, আমি স্বৰ্গত আছিলোঁ এতিয়া আকৌ নৰকবাসী হ’লোঁ। এতিয়া আকৌ পিতাৰ পৰা
উত্তৰাধিকাৰ পাব লাগে। ভাৰতবাসীকেই বুজায়। পিতা আহেও ভাৰততেই। চোৱা, তোমালোকৰ ওচৰলৈ
মুছলমান লোকো আহে, তেওঁলোকেও সেৱাকেন্দ্ৰৰ তত্ত্বাৱধান লয়। কয় শিৱবাবাক স্মৰণ কৰক।
শিখো আহে, খ্ৰীষ্টিয়ানো আহে, আগলৈ বহুত আহিব। এই জ্ঞান সকলোৰে কাৰণে কিয়নো এয়া
হৈছেই সহজ স্মৃতি আৰু পিতাৰ সহজ উত্তৰাধিকাৰ। কিন্তু পৱিত্ৰতো নিশ্চয় হ’ব লাগে। দান
দিলে গ্ৰহণ আঁতৰিব। এতিয়া ভাৰতৰ ওপৰত ৰাহুৰ গ্ৰহণ লাগি আছে আকৌ বৃহস্পতিৰ দশা আৰম্ভ
হ’ব 21 জন্মৰ কাৰণে। প্ৰথমে বৃহস্পতিৰ দশা। তাৰপাছত শুক্ৰৰ দশা। সূৰ্যবংশীসকলৰ
বৃহস্পতিৰ দশা, চন্দ্ৰবংশীসকলৰ শুক্ৰৰ দশা বুলি ক’ব। আকৌ দশা কম হৈ গৈ থাকে। সকলোতকৈ
বেয়া হ’ল ৰাহুৰ দশা। বৃহস্পতি কোনো গুৰু নহয়। এই দশা হ’ল বৃক্ষপতিৰ। বৃক্ষপতি পিতা
আহে তেতিয়া বৃহস্পতি আৰু শুক্ৰৰ দশা হয়। ৰাৱণ আহিলে তেতিয়া ৰাহুৰ দশা হৈ যায়।
তোমালোক সন্তানসকলৰ ওপৰত এতিয়া বৃহস্পতিৰ দশা বহিছে। কেৱল বৃক্ষপতিক স্মৰণ কৰা,
পৱিত্ৰ হোৱা, বচ্। ভাল বাৰু।
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) প্ৰতিটো
কৰ্ম কৰি আত্ম-অভিমানী হোৱাৰ অভ্যাস কৰিব লাগে। দেহৰ অহংকাৰ সমাপ্ত হৈ যাওঁক, তাৰ
কাৰণেহে পৰিশ্ৰম কৰিব লাগে।
(2) সত্যযুগী
বাদশ্বাহীৰ লায়ক হ’বলৈ নিজৰ আচৰণ মাৰ্জিত কৰি তুলিব লাগে। পৱিত্ৰতাই সকলোতকৈ উচ্চ
চলন। পৱিত্ৰ হ’লেহে পৱিত্ৰ সৃষ্টিৰ মালিক হ’বা।
বৰদান:
কৰণ-কৰাৱনহাৰৰ
স্মৃতিৰে সহজযোগীৰ অনুভৱ কৰোঁতা সফলতামূৰ্ত হোৱা
যিকোনো কাৰ্য কৰোঁতে
এইটোৱে যাতে স্মৃতি থাকে যে এইটো কাৰ্যৰ বাবে নিমিত্ত কৰি তোলোঁতা মূল আধাৰ কোন।
মূল আধাৰ অবিহনে কোনো কৰ্মত সফলতা পাব নোৱাৰি, সেয়েহে যিকোনো কাৰ্য কৰোঁতে কেৱল
এইটোৱে ভাবা যে মই নিমিত্ত, কৰাওঁতা স্বয়ং সৰ্ব সমৰ্থ পিতা। এইটো স্মৃতিত ৰাখি কর্ম
কৰা তেতিয়া সহজ যোগৰ অনুভূতি হৈ থাকিব। তেতিয়া এই সহজ যোগে তাত সহজে ৰাজ্য কৰাব।
ইয়াৰ সংস্কাৰ তালৈ লৈ যাবা।
স্লোগান:
ইচ্ছাসমূহ প্ৰচ্ছায়াৰ সমান তোমালোকে পিঠি দি দিয়া তেতিয়া পিছে পিছে আহিব।
অব্যক্ত ইংগিত: মহান
হ’বলৈ মধুৰতা আৰু নম্ৰতাৰ গুণ ধাৰণ কৰা
মধুৰতা এনে এক বিশেষ
ধাৰণা যিয়ে তিতা বা কঠোৰ ধৰণীকো মধুৰ কৰি তোলে। তোমালোক সকলোৰে পৰিৱৰ্তনৰ আধাৰ হ’ল
পিতাৰ দুষাৰ মধুৰ বাণী। মৰমৰ সন্তানসকল, তোমালোক অমায়িক শুদ্ধ আত্মা। এই দুষাৰ মধুৰ
বাণীয়ে তোমালোকক পৰিৱৰ্তন কৰি দিলে। মৰমৰ দৃষ্টিয়ে তোমালোকক পৰিৱৰ্তন কৰি দিলে।
তেনেকৈ, মধুৰতাৰ দ্বাৰা আনকো মধুৰ কৰি তোলা। এই মুখ মিঠা কৰা। সদায় এই মধুৰতাৰ
উপহাৰ লগত ৰাখা। ইয়াৰ দ্বাৰা সদায় মধুৰ হৈ থাকিবা আৰু আনকো মধুৰ কৰি তুলিবা।
[বি:দ্ৰ: -
প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]