07.05.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
নিশ্চয়তা জ্ঞান যোগেৰে জন্মে, সাক্ষাৎকাৰেৰে নহয়। সাক্ষাৎকাৰ ড্ৰামাত নিৰ্ধাৰিত হৈ
আছে, বাকী তাৰ দ্বাৰা কাৰো কল্যাণ নহয়”
প্ৰশ্ন:
পিতাই কোনটো
শক্তি নেদেখুৱায় কিন্তু পিতাৰ ওচৰত যাদুবিদ্যা নিশ্চয় আছে?
উত্তৰ:
মনুষ্যই ভাবে – ভগৱানতো শক্তিশালী, তেওঁ মৃতককো জীয়াই তুলিব পাৰে, কিন্তু পিতাই কয়
– এই শক্তি মই নেদেখুৱাওঁ। বাকী কোনোবাই ঐকান্তিক ভক্তি কৰিলে তেওঁলোকক সাক্ষাৎকাৰ
কৰাই দিওঁ। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। সাক্ষাৎকাৰ কৰোৱাৰ যাদুবিদ্যা পিতাৰ আছে
সেইবাবে বহুত সন্তানৰ ঘৰত বহিও ব্ৰহ্মা বা শ্ৰীকৃষ্ণৰ সাক্ষাৎকাৰ হৈ যায়।
গীত:
কৌন আয়া মেৰে
মন কে দ্বাৰে... (কোন আহিল মোৰ মনৰ দুৱাৰডলিলৈ...)
ওঁম্শান্তি।
এইটো
সন্তানসকলৰ অনুভৱৰ গীত। সৎসংগতো বহুত আছে, বিশেষকৈ ভাৰতততো অনেক সৎসংগ আছে, অনেক
মত-মতান্তৰ আছে, বাস্তৱত সেয়া কোনো সৎসংগ নহয়। সৎসংগ এটাই। বাকী তোমালোকে তাত কোনো
বিদ্বান, আচাৰ্য, পণ্ডিতৰ মুখ দেখিবা, বুদ্ধি সেইফালে যাব। ইয়াত আকৌ কথাটি বেলেগ।
এই সৎসংগ এবাৰে এই সংগমযুগত হয়। এয়াতো একেবাৰে নতুন কথা, সেই বেহদৰ পিতাৰ কোনো
শৰীৰতো নাই। তেওঁ কয় – মই তোমালোকৰ নিৰাকাৰ শিৱবাবা। তোমালোক আন সৎসংগলৈ গ’লে তেতিয়া
শৰীৰকে দেখিবলৈ পোৱা। শাস্ত্ৰৰ কথাবোৰ স্মৃতিলৈ আনি আকৌ শুনায়, অনেক প্ৰকাৰৰ
শাস্ত্ৰ আছে, সেয়াতো তোমালোকে জন্ম-জন্মান্তৰ শুনি আহিছা। এতিয়া হ’ল নতুন কথা।
বুদ্ধিৰে আত্মাই জানে, পিতাই কয় – হে মোৰ অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা
সন্তানসকল, হে মোৰ শালগ্ৰামসকল! তোমালোক সন্তানসকলে জানা যে 5000 বছৰ পূৰ্বে এই
শৰীৰৰ দ্বাৰা বাবাই পঢ়াইছিল। তোমালোকৰ বুদ্ধি একেবাৰে দূৰলৈ গুচি যায়। গতিকে পিতা
আহিছে। ‘বাবা’ শব্দটি কিমান মিঠা। তেওঁ হ’ল মাতা-পিতা। কোনোবাই শুনিলে ক’ব – গম
নাপাওঁ এওঁলোকৰ মাতা-পিতা কোন? যথাযথ তেওঁ সাক্ষাৎকাৰ কৰায় তাতো তেওঁলোক বিবুদ্ধিত
পৰে। কেতিয়াবা ব্ৰহ্মাক, কেতিয়াবা কৃষ্ণক দেখা পায়। সেয়েহে বিচাৰ কৰি থাকে যে এয়া
কি? বহুতৰে ঘৰত বহিয়ে ব্ৰহ্মাৰো সাক্ষাৎকাৰ হয়। এতিয়া ব্ৰহ্মাৰতো কেতিয়াও কোনেও পূজা
নকৰে। শ্ৰীকৃষ্ণ আদিৰতো কৰে। ব্ৰহ্মাকতো কোনেও নাজানেই। প্ৰজাপিতা ব্ৰহ্মাতো এতিয়া
আহিছে, এয়া হ’ল প্ৰজাপিতা। পিতাই বহি বুজায় যে গোটেই সৃষ্টিখন পতিত তেন্তে নিশ্চয়
এৱোঁ বহুত জন্মৰ অন্তত পতিত হ’ল। কোনো পাৱন নহয় সেইবাবে কুম্ভ মেলালৈ, হৰিদ্বাৰ গংগা
সাগৰৰ মেলালৈ যায়, ভাবে স্নান কৰিলে পাৱন হৈ যাব। কিন্তু এই নদীবোৰ জানো পতিত-পাৱনী
হ’ব পাৰে। নদীবোৰতো সাগৰৰ পৰা ওলায়। বাস্তৱত তোমালোক হৈছা জ্ঞান গংগা, মহত্ত্ব
তোমালোকৰ। তোমালোক জ্ঞান গংগাসকল য’তে-ত’তে ওলোৱা, সেই লোকসকলে আকৌ দেখুৱায়, কাঁড়
মাৰিলে আৰু গংগা ওলাল। কাঁড় মৰাৰতো কথা নাই। এই জ্ঞান গংগাসকল দেশ-দেশান্তৰলৈ যায়।
শিৱবাবাই কয় – মই
ড্ৰামাৰ বান্ধোনত বান্ধ খাই আছোঁ। সকলোৰে ভূমিকা নিশ্চিত কৰি থোৱা আছে। মোৰো ভূমিকা
নিশ্চিত। কোনোৱে ভাবে – ভগৱানতো বহুত শক্তিশালী, মৃতককো জীয়াই তুলিব পাৰে। এই
সকলোবোৰ মিছা কথা। মই পঢ়াবলৈ আহোঁ। বাকী শক্তি কি দেখুৱাম। সাক্ষাৎকাৰৰো যাদুবিদ্যা
আছে। ঐকান্তিক ভক্তি কৰিলে তেতিয়া মই সাক্ষাৎকাৰ কৰাওঁ। যেনেকৈ কালীৰ ৰূপ দেখুৱায়,
তেওঁক আকৌ তেল উচৰ্গা কৰে। এতিয়া এনেকুৱা কালীতো নাই, কিন্তু কালীৰ ঐকান্তিক ভক্তি
বহুত কৰে। বাস্তৱত কালীতো হৈছে জগত অম্বা। কালীৰ এনেকুৱা ৰূপতো নাই, কিন্তু
ঐকান্তিক ভক্তি কৰিলে বাবাই ভাৱনাৰ ভাড়া দি দিয়ে। কাম চিতাত বহা বাবে ক’লা বৰণীয়া (পতিত)
হোৱা, এতিয়া জ্ঞানৰ চিতাত বহি বগা বৰণীয়া (পাৱন) হোৱা। যিগৰাকী কালী এতিয়া জগদম্বা
হৈছে তেওঁ সাক্ষাৎকাৰ কেনেকৈ কৰাব। তেওঁতো এতিয়া বহুত জন্মৰ অন্তৰো অন্তিম জন্মত আছে।
দেৱতাসকলতো এতিয়া নাই। তেন্তে তেওঁলোকে কি সাক্ষাৎকাৰ কৰাব। পিতাই বুজায় - এই
সাক্ষাৎকাৰৰ চাবি মোৰ হাতত আছে। অল্পকালৰ বাবে ভাৱনা পূৰ্ণ কৰাৰ বাবে সাক্ষাৎকাৰ
কৰাই দিওঁ। কিন্তু তেওঁলোক কোনেও মোক লগ নাপায়। দৃষ্টান্ত এগৰাকী কালীৰ দিয়ে। এইটো
ৰীতিৰে বহুত আছে - হনুমান, গণেশ আদি। যদি শিখসকলেও গুৰুনানকৰ বহুত ভক্তি কৰে তেন্তে
তেওঁলোকৰো সাক্ষাৎকাৰ হৈ যাব। কিন্তু তেওঁলোকতো অৱনমিত হৈ আহে। বাবাই সন্তানসকলক
দেখুৱায় – চোৱা, এওঁলোকে গুৰুনানকৰ ভক্তি কৰি আছে। সাক্ষাৎকাৰ তথাপি মই কৰাওঁ। তেওঁ
কেনেকৈ সাক্ষাৎকাৰ কৰাব। তেওঁৰ ওচৰত সাক্ষাৎকাৰ কৰোৱাৰ চাবি নাই। এই বাবাই (ব্ৰহ্মাই)
কয় – মোক বিনাশ, স্থাপনাৰ সাক্ষাৎকাৰো সেই বাবাই কৰালে, কিন্তু সাক্ষাৎকাৰেৰে কাৰো
কল্যাণ নহয়। এনেকৈতো বহুতৰে সাক্ষাৎকাৰ হৈছিল। আজি তেওঁলোক নাই। বহুত সন্তানে কয় –
মোৰ যেতিয়া সাক্ষাৎকাৰ হ’ব তেতিয়া নিশ্চয়তা জন্মিব। কিন্তু নিশ্চয়তা সাক্ষাৎকাৰেৰে
হ’ব নোৱাৰে। জ্ঞান আৰু যোগেৰেহে নিশ্চয়তা জন্মে। 5 হাজাৰ বছৰ পূৰ্বেও মই কৈছিলোঁ যে
এই সাক্ষাৎকাৰ মই কৰাওঁ। মীৰায়ো সাক্ষাৎকাৰ কৰিছিল। এনেকুৱা নহয় যে আত্মা তালৈ গুচি
গ’ল। নহয়, বহি বহি সাক্ষাৎকাৰ কৰে কিন্তু মোক প্ৰাপ্ত কৰিব নোৱাৰে।
পিতাই কয় – কোনো কথাত
সংশয় জন্মিলে তেন্তে যিসকল ব্ৰাহ্মণী আছে, তেওঁলোকক সোধা। এইটোতো জানা যে কন্যাসকলো
ক্ৰমানুসৰি হয়, নদীবোৰো ক্ৰমানুসৰি হয়। কোনোবাতো পুখুৰীও হয়, বহুত লেতেৰা, বাহী পানী
থাকে। তালৈও শ্ৰদ্ধাভাৱেৰে মনুষ্য যায়। সেয়া হ’ল ভক্তিৰ অন্ধশ্ৰদ্ধা। কেতিয়াও
কাৰোপৰা ভক্তি এৰুৱাব নালাগে। যেতিয়া জ্ঞানত আহি যাব তেতিয়া ভক্তি আপোনাআপুনি নোহোৱা
হ’ব। বাবাও নাৰায়ণৰ ভক্ত আছিল, চিত্ৰত দেখিলে যে লক্ষ্মী দাসী হৈ নাৰায়ণৰ ভৰি মালিচ
কৰি আছে তেতিয়া তেওঁৰ এইটো একেবাৰে ভাল নালাগিল। সত্যযুগত এনেকুৱা নহয়। সেয়েহে মই
এজন শিল্পীক ক’লো যে লক্ষ্মীক এই দাসী অৱস্থাৰ পৰা বিদায় দি দিয়া। বাবা ভক্ততো আছিল
কিন্তু জ্ঞান জানো আছিল। ভক্ততো সকলো হয়। আমিতো বাবাৰ সন্তান মালিক। সন্তানসকলক
ব্ৰহ্মাণ্ডৰো মালিক কৰি তোলে। তেওঁ কয় – তোমালোকক ৰাজ্য-ভাগ্য দিওঁ। এনেকুৱা বাবা
কেতিয়াবা দেখিছানে? সেইজন পিতাক পূৰা স্মৰণ কৰিব লাগে। তেওঁক তোমালোকে এই দুচকুৰে
দেখা নোপোৱা। তেওঁৰ সৈতে যোগসূত্ৰ গঢ়ি তুলিব লাগে। স্মৰণ আৰু জ্ঞানো একেবাৰে সহজ।
বীজ আৰু বৃক্ষক জানিব লাগে। তোমালোকে সেই নিৰাকাৰী বৃক্ষৰ পৰা সাকাৰী বৃক্ষত আহিছা।
বাবাই সাক্ষাৎকাৰৰ ৰহস্যও বুজাইছে। বৃক্ষৰ ৰহস্যও বুজাইছে। কৰ্ম-অকৰ্ম-বিকৰ্মৰ গতিও
বুজাইছে। পিতা, শিক্ষক, গুৰু তিনিওজনৰে পৰা শিক্ষা পোৱা যায়। এতিয়া বাবাই কয় – মই
তোমালোকক এনেকুৱা শিক্ষা দিওঁ, এনেকুৱা কৰ্ম শিকাওঁ যাৰ দ্বাৰা তোমালোক 21 জন্ম
সদায় সুখী হৈ যোৱা। শিক্ষকে শিক্ষা দিয়ে নহয়। গুৰুসকলেও পৱিত্ৰতাৰ শিক্ষা দিয়ে অথবা
কথা (কাহিনী) শুনায়। কিন্তু ধাৰণা একেবাৰে নহয়। ইয়াততো পিতাই কয় – অন্তিমৰ স্থিতি
অনুসৰিয়ে গতি হ’ব। মনুষ্য যেতিয়া মৰে তেতিয়াও কয় – “ৰাম ৰাম” বুলি কোৱা তেতিয়া
বুদ্ধি সেইফালে গুচি যায়। এতিয়া পিতাই কয় – তোমালোকৰ সাকাৰৰ পৰা যোগ (বুদ্ধিৰ
যোগসূত্ৰ) ছিঙিল। এতিয়া মই তোমালোকক বহুত ভাল কৰ্ম শিকাওঁ। শ্ৰীকৃষ্ণৰ চিত্ৰ চোৱা,
পুৰণি সৃষ্টিক লথিয়াই নতুন সৃষ্টিলৈ আহে। তোমালোকেও পুৰণি সৃষ্টিক লথিয়াই নতুন
সৃষ্টিলৈ যোৱা। গতিকে তোমালোকৰ নৰকৰ ফালে ভৰি, স্বৰ্গৰ ফালে মুখ। শ্মশানতো যেতিয়া
ভিতৰত প্ৰৱেশ কৰে তেতিয়া মৃতকৰ মুখ শ্মশানৰ ফালে কৰি দিয়ে। ভৰি পিছফালে কৰি দিয়ে।
গতিকে এই চিত্ৰও এনেকৈ তৈয়াৰ কৰিছে।
মম্মা, বাবা আৰু
তোমালোক সন্তানসকল, তোমালোকেতো মম্মা-বাবাক অনুসৰণ কৰিব লাগে, যিয়ে তেওঁলোকৰ গাদীত
বহিব। ৰজাৰ সন্তানসকলক ৰাজকুমাৰ-ৰাজকুমাৰী বুলি কয় নকয়। তোমালোকে জানা – আমি
ভৱিষ্যতে ৰাজকুমাৰ-ৰাজকুমাৰী হওঁগৈ। এনেহেন কোনোবা পিতা-শিক্ষক-গুৰু থাকিব জানো যিয়ে
তোমালোকক এনেকুৱা কৰ্ম শিকাব! তোমালোক সদাকালৰ বাবে সুখী হৈ যোৱা। এয়া শিৱবাবাৰ
বৰদান, তেওঁ আশীৰ্বাদ দিয়ে। এনেকুৱা নহয় যে আমাৰ ওপৰত তেওঁৰ কৃপা আছে। কেৱল কৈ দিলে
একো নহয়। তোমালোকে শিকিবলগীয়া হয়। কেৱল আশীৰ্বাদেৰে তোমালোক তেনেকুৱা হৈ নোযোৱা।
তেওঁৰ মতত চলিব লাগে। জ্ঞান আৰু যোগ ধাৰণ কৰিব লাগে। পিতাই বুজায় যে মুখেৰে “ৰাম
ৰাম” বুলি ক’লেও আৱাজ হৈ যায়। তোমালোকতো বাণীৰ সিপাৰে যাব লাগে। চুপ হৈ থাকিব লাগে।
খেলো বহুত ভাল ভাল ওলায়। অশিক্ষিতসকলক মূৰ্খ বুলি কোৱা হয়। বাবাই কয় যে এতিয়া সকলো
পাহৰি তোমালোক একেবাৰে মূৰ্খ হৈ যোৱা। মই তোমালোকক যি মত দিওঁ সেই অনুসৰি চলা।
পৰমধামত তোমালোক সকলো আত্মাই শৰীৰ অবিহনে থাকা আকৌ ইয়ালৈ আহি শৰীৰ ধাৰণ কৰা তেতিয়া
জীৱ আত্মা বুলি কোৱা হয়। আত্মাই কয় – মই এটা শৰীৰ এৰি অন্য এটা লওঁ। সেয়েহে পিতাই
কয় – মই তোমালোকক অতি উত্তম কৰ্ম শিকাওঁ। শিক্ষকে পঢ়ায়, এই ক্ষেত্ৰত শক্তিৰ কি কথা
আছে। সাক্ষাৎকাৰ কৰায়, ইয়াক যাদুবিদ্যা বুলি কোৱা হয়। মনুষ্যৰ পৰা দেৱতা কৰি গঢ়ি
তোলা, এনেকুৱা যাদু কোনেও কৰিব নোৱাৰে। বাবা সদাগৰো হয়, পুৰণা লৈ নতুন দিয়ে। ইয়াক
পুৰণা লোহাৰ বাচন বুলি কোৱা হয়। ইয়াৰ কোনো মূল্য নাই। আজিকালি চোৱা তামৰো পইচা
নবনায়। তাততো সোণৰ মুদ্ৰা থাকে। আচৰিত নহয়নে। কিহ’ৰ পৰা কি হৈ গ’ল!
পিতাই কয় - মই
তোমালোকক অতি উত্তম কৰ্ম শিকাওঁ। ‘মনমনাভৱ’ হৈ যোৱা। তাৰ পাছত হৈছে পঢ়া যাৰ দ্বাৰা
স্বৰ্গৰ ৰাজকুমাৰ হ’বাগৈ। এতিয়া দেৱতা ধৰ্ম যিটো প্ৰায় লোপ হৈ গৈছে, সেয়া পুনৰাই
প্ৰতিষ্ঠা হয়। মনুষ্যই তোমালোকৰ নতুন কথা শুনি আচম্বিত হয়, কয় যে স্ত্ৰী–পুৰুষ দুয়ো
একেলগে থাকি পৱিত্ৰ হৈ থাকিব পাৰে – এয়া কেনেকৈ হ’ব পাৰে! বাবাইতো কয় – হয় লাগিলে
একেলগে থাকা, নহ’লে কেনেকৈ জনা যাব। মাজত জ্ঞান তৰোৱাল ৰাখিব লাগে, ইমান বীৰত্ব
দেখুৱাব লাগে। পৰীক্ষা হয়। গতিকে মনুষ্যই এই কথাবোৰ শুনি আচম্বিত হয় কিয়নো
শাস্ত্ৰততো এনেকুৱা কথাবোৰ নাই। ইয়াততো বাস্তৱত পৰিশ্ৰম কৰিবলগীয়া হয়। গন্ধৰ্ব
বিবাহৰ কথা ইয়াৰেই। এতিয়া তোমালোক পৱিত্ৰ হোৱা। সেয়েহে বাবাই কয় – বীৰত্ব দেখুওৱা।
সন্ন্যাসীসকলৰ আগত প্ৰমাণ দিব লাগে। সমৰ্থ বাবাইহে গোটেই সৃষ্টিক পাৱন কৰি তোলে।
পিতাই কয় – লাগিলে একেলগে থাকা কিন্তু নগ্ন (অপৱিত্ৰ) নহ’বা। এই সকলোবোৰ হ’ল যুক্তি।
বহুত শ্ৰেষ্ঠ প্ৰাপ্তি কেৱল এটা জন্ম বাবাৰ নিৰ্দেশনা অনুসৰি পৱিত্ৰ হৈ থাকিব লাগে।
যোগ আৰু জ্ঞানৰ দ্বাৰা 21 জন্মৰ বাবে সৰ্বদা নিৰোগী হোৱা, এই ক্ষেত্ৰত পৰিশ্ৰম
কৰিবলগীয়া হয় নহয়। তোমালোক হৈছা শক্তি সেনা। মায়াৰ ওপৰত বিজয়ী হৈ জগতজিৎ হোৱা।
সকলোৱে জানো হ’ব। যিসকল সন্তানে পুৰুষাৰ্থ কৰিব তেওঁলোকেই উচ্চ পদ পাব। তোমালোকে
ভাৰতকহে পৱিত্ৰ কৰি পুনৰ ভাৰততে ৰাজত্ব কৰা। যুদ্ধৰ দ্বাৰা কেতিয়াও সৃষ্টিৰ
বাদশ্বাহী পাব নোৱাৰে। এইটো আচৰিত কথা নহয় জানো। এই সময়ত সকলোৱে পৰস্পৰ যুদ্ধ কৰি
নাশ হৈ যায়। মাখন ভাৰতে লাভ কৰে। দিওঁতা হ’ল বন্দে মাতৰম্। সংখ্যাগৰিষ্ঠতা
মাতাসকলৰে। এতিয়া বাবাই কয় – জন্ম-জন্মান্তৰ তোমালোকে গুৰুৰ শৰণ লৈ আহিছা, শাস্ত্ৰ
পঢ়ি আহিছা। এতিয়া মই তোমালোকক বুজাওঁ – নিজে বিচাৰ কৰা, শুদ্ধ কি? সত্যযুগ হৈছে
শ্ৰেষ্ঠাচাৰী সৃষ্টি। মায়াই ভ্ৰষ্টাচাৰী কৰি দিয়ে। এতিয়া ভাৰতবাসী অধৰ্মী হৈ গৈছে।
ধৰ্ম নাই সেইবাবে শক্তি নাই। অধৰ্মী, ভ্ৰষ্টাচাৰী, নীতি-বৰ্হিভূত, কঙাল হৈ গৈছে।
বেহদৰ পিতা সেইবাবে বেহদৰ কথা বুজায়, তেওঁ কয় যে পুনৰ তোমালোকক ধাৰ্মিক অতি
শক্তিশালী কৰি তোলোঁ। স্বৰ্গ স্থাপনা কৰাতো হৈছে শক্তিশালীৰ কাম। কিন্তু হয় গুপ্ত।
গুপ্ত যোদ্ধা। পিতাৰ সন্তানসকলৰ প্ৰতি বহুত স্নেহ থাকে। মত দিয়ে। পিতাৰ মত, শিক্ষকৰ
মত, গুৰুৰ মত, সোণাৰীৰ মত, ধোবাৰ মত – ইয়াত সকলো মত আহি যায়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই এটা
অন্তিম জন্মত পিতাৰ নিৰ্দেশনা অনুসৰি চলি ঘৰ গৃহস্থালিত থাকি পৱিত্ৰ হৈ থাকিব লাগে।
এই ক্ষেত্ৰত বীৰত্ব দেখুৱাব লাগে।
(2) শ্ৰীমতত সদায়
শ্ৰেষ্ঠ কৰ্ম কৰিব লাগে। বাণীৰ সিপাৰে যাব লাগে, যি কিছু পঢ়িছা বা শুনিছা সেয়া পাহৰি
পিতাক স্মৰণ কৰিব লাগে।
বৰদান:
পৰিস্থিতিসমূহক সৌভাগ্য বুলি বুজি নিজৰ নিশ্চয়তাৰ ভেঁটি শক্তিশালী কৰোঁতা অচল-অটল
হোৱা
যিয়েই পৰিস্থিতি নাহক
তোমালোকে উচ্চলৈ জপিয়াই দিয়া কিয়নো পৰিস্থিতি অহাতোও সৌভাগ্যৰ কথা। পৰিস্থিতি
নিশ্চয়তাৰ ভেঁটি শক্তিশালী কৰাৰ সাধন। তোমালোক যেতিয়া এবাৰ অংগদৰ সমান শক্তিশালী হৈ
যাবা তেতিয়া এই পৰিস্থিতি ৰূপী কাকতেও নমস্কাৰ জনাব। প্ৰথমে ভয়ানক ৰূপত আহিব আৰু
পাছত দাসী হৈ যাব। প্ৰত্যাহ্বান জনোৱা যে মই মহাবীৰ। যেনেকৈ পানীৰ ওপৰত ৰেখা থাকিব
নোৱাৰে, তেনেকৈ মোৰ অৰ্থাৎ মাষ্টৰ সাগৰৰ ওপৰত কোনো পৰিস্থিতিয়ে প্ৰহাৰ কৰিব নোৱাৰে।
স্ব-স্থিতিত থাকিলে অচল-অটল হৈ যাবা।
স্লোগান:
পুৰণি বৰ্ষক বিদায় দিয়াৰ লগতে তিক্ততাকো বিদায় দিয়া।
আত্মিক আভিজাত্য আৰু
পৱিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
যদি বৰদাতা আৰু বৰদানী
দুয়োৰে সম্বন্ধ সমীপৰ আৰু স্নেহৰ আধাৰত নিৰন্তৰ থাকে আৰু সদায় সংযুক্ত ৰূপত থাকা
তেতিয়া পৱিত্ৰতাৰ ছত্ৰছায়া স্বতঃ থাকিব। য’ত সৰ্বশক্তিমান পিতা আছে ত’ত অপৱিত্ৰতা
সপোনতো আহিব নোৱাৰে। যেতিয়া অকলশৰীয়া হোৱা তেতিয়া পৱিত্ৰতা ৰূপী সেন্দুৰ মচ খাই যায়।