07.07.24    Avyakt Bapdada     Assame Murli     11.11.20     Om Shanti     Madhuban


“*“সম্পূৰ্ণতাৰ সমীপতা দ্বাৰা প্ৰত্যক্ষতাৰ শ্ৰেষ্ঠ সময় সমীপত আনা”*”


আজি বাপদাদাই নিজৰ আটাইতকৈ পৱিত্ৰ, আটাইতকৈ উচ্চ, আটাইতকৈ ভাগ্যৱান, আটাইতকৈ মৰমৰ সন্তানসকলক চাই আছেহঁক। গোটেই বিশ্বত সময়ে সময়ে অতিকৈ পৱিত্ৰ আত্মাসকল আহি আছে। তোমালোকো অতিকৈ পৱিত্ৰ কিন্তু তোমালোক শ্ৰেষ্ঠ আত্মাসকল প্ৰকৃতিজিৎ হৈ, প্ৰকৃতিকো সতোপ্ৰধান কৰি তোলা। তোমালোকৰ পৱিত্ৰতাৰ শক্তিয়ে প্ৰকৃতিকো সতোপ্ৰধান পৱিত্ৰ কৰি তোলে সেইবাবে তোমালোক সকলো আত্মাই প্ৰকৃতিৰ এই শৰীৰো পৱিত্ৰ প্ৰাপ্ত কৰা। তোমালোকৰ পৱিত্ৰতাৰ শক্তি বিশ্বৰ জড়, চৈতন্য সকলোকে পৱিত্ৰ কৰি তোলে সেইবাবে তোমালোকৰ শৰীৰো পৱিত্ৰ প্ৰাপ্ত হয়। আত্মাও পৱিত্ৰ, শৰীৰো পৱিত্ৰ আৰু প্ৰকৃতিৰ সাধনো সতোপ্ৰধান পৱিত্ৰ হয় সেইবাবে বিশ্বত আটাইতকৈ পৱিত্ৰ আত্মা হোৱা। আটাইতকৈ পৱিত্ৰ হোৱানে? নিজকো এনেকৈ ভাবানে যে মই বিশ্বৰ আটাইতকৈ পৱিত্ৰ আত্মা? আটাইতকৈ উচ্চও হোৱা, কিয় আটাইতকৈ উচ্চ হোৱা? কিয়নো উচ্চতকৈও উচ্চ ভগৱানক চিনি পালা। উচ্চতকৈও উচ্চ পিতাৰ দ্বাৰা উচ্চতকৈও উচ্চ হৈ গ’লা। সাধাৰণ স্মৃতি, বৃত্তি, দৃষ্টি, কৃতি সকলো পৰিৱৰ্তন হৈ শ্ৰেষ্ঠ স্মৃতি স্বৰূপ, শ্ৰেষ্ঠ বৃত্তি, শ্ৰেষ্ঠ দৃষ্টি হৈ গ’ল। যাকেই সাক্ষাৎ কৰা তেতিয়া কোনটো বৃত্তিৰে সাক্ষাৎ কৰা? ভাই ভাইৰ বৃত্তিৰে, আত্মিক দৃষ্টিৰে, কল্যাণৰ ভাৱনাৰে, প্ৰভু পৰিয়ালৰ ভাৱেৰে। তেন্তে আটাইতকৈ উচ্চ হৈ গ’লা নহয়? পৰিৱৰ্তন হ’ল নহয়! আৰু আটাইতকৈ ভাগ্যৱান কিমান হোৱা? কোনো জ্যোতিষীয়ে তোমালোকৰ ভাগ্যৰেখা টনা নাই, স্বয়ং ভাগ্য বিধাতাই তোমালোকৰ ভাগ্যৰেখা টানিছে। আৰু প্ৰতিশ্ৰুতি কিমান ডাঙৰ দিছে? 21 জন্মৰ ভাগ্যৰেখাৰ অবিনাশী প্ৰতিশ্ৰুতি দিছে। এটা জন্মৰ নহয়, 21 জন্ম কেতিয়াও দুখ আৰু অশান্তিৰ অনুভূতি নহ’ব। সদায় সুখী হৈ থাকিবা। জীৱনত তিনিটা কথাৰ প্ৰয়োজন – স্বাস্থ্য, সম্পদ আৰু সুখ। এই তিনিওটাই তোমালোক সকলোৰে পিতাৰ দ্বাৰা উত্তৰাধিকাৰত প্ৰাপ্ত হৈ গ’ল। 21 জন্মৰ প্ৰতিশ্ৰুতি আছে নহয়? সকলোৱে প্ৰতিশ্ৰুতি পাইছানে? পিছত বহাসকলে প্ৰতিশ্ৰুতি পাইছানে? সকলোৱে হাত উঠাই আছে, বহুত ভাল। সন্তান হোৱা অৰ্থাৎ পিতাৰ দ্বাৰা উত্তৰাধিকাৰ পোৱা। সন্তান হৈ থকা নাই, হৈ আছা নেকি? সন্তান হৈ আছা নে হৈ গ’লা? সন্তান হ’বলগীয়া নহয়। জন্ম হ’ল আৰু সন্তান হৈ গ’ল। জন্ম হওঁতেই পিতাকৰ সম্পত্তিৰ উত্তৰাধিকাৰী হৈ গ’ল। গতিকে এনেকুৱা শ্ৰেষ্ঠ ভাগ্য পিতাৰ দ্বাৰা সকলোৱে প্ৰাপ্ত কৰি ল’লা। আকৌ আটাইতকৈ চহকীও হোৱা। ব্ৰাহ্মণ আত্মা, ক্ষত্ৰিয় নহয় ব্ৰাহ্মণ। ব্ৰাহ্মণ আত্মাই নিশ্চয়েৰে অনুভৱ কৰে যে মই শ্ৰেষ্ঠ আত্মা, মই অমুক নহয়, বিশ্বৰ আটাইতকৈ চহকী আত্মা। ব্ৰাহ্মণ হয় গতিকে বিশ্বৰ আটাইতকৈ চহকী কিয়নো ব্ৰাহ্মণ আত্মাৰ বাবে পৰমাত্ম স্মৃতিৰে প্ৰতিটো খোজত পদম আছে। গতিকে গোটেই দিনটোত কিমান খোজ দিয়া? ভাবা। প্ৰতিটো খোজত পদম, তেন্তে গোটেই দিনটোত কিমান পদম হৈ গ’ল? এনেকুৱা আত্মা পিতাৰ দ্বাৰা হৈ গ’লা। মই ব্ৰাহ্মণ আত্মা কি হওঁ, এইটো স্মৃতিত থকাটোৱেই ভাগ্য। গতিকে আজি বাপদাদাই প্ৰত্যেকৰে মস্তকত ভাগ্যৰ তিৰবিৰাই থকা তৰা চাই আছেহঁক। তোমালোকেও নিজৰ ভাগ্যৰ তৰা দেখি আছানে?

বাপদাদা সন্তানসকলক দেখি আনন্দিত হয় নে সন্তানসকল পিতাক দেখি আনন্দিত হয়? কোন আনন্দিত হয়? পিতা নে সন্তান? কোন? (সন্তান) পিতা আনন্দিত নহয় নেকি? পিতাই সন্তানসকলক দেখি আনন্দিত হয় আৰু সন্তানসকল পিতাক দেখি আনন্দিত হয়। দুয়ো আনন্দিত হয় কিয়নো সন্তানে জানে যে এই প্ৰভু মিলন, এই পৰমাত্ম স্নেহ, এই পৰমাত্ম উত্তৰাধিকাৰ, এই পৰমাত্ম প্ৰাপ্তি এতিয়াহে প্ৰাপ্ত হয়। “এতিয়া নহ’লে কেতিয়াও নহয়” এনেকুৱা হয়নে?

বাপদাদাই এতিয়া কেৱল এটা কথা সন্তানসকলক পুনৰাবৃত্তি কৰাই আছে – কোনটো কথা হ’ব? বুজিতো পাই গৈছা। এইটোৱেই বাপদাদাই পুনৰাবৃত্তি কৰাই আছে যে এতিয়া শ্ৰেষ্ঠ সময় সমীপত আনা। এয়া বিশ্বৰ আত্মাসকলৰ আৱাজ। কিন্তু আনোঁতা কোন? তোমালোক হোৱা নে অন্য কোনোবা? এনেকুৱা সুন্দৰ শ্ৰেষ্ঠ সময় সমীপত আনোঁতা তোমালোক সকলো হোৱানে? যদি হোৱা তেন্তে হাত উঠোৱা। বাৰু আকৌ আন এটা কথাও আছে, সেইটোও বুজি গৈছা সেয়েহে হাঁহি আছা নহয়? বাৰু, তাৰ তাৰিখ কি? তাৰিখতো নিৰ্ধাৰণ কৰাচোন। এতিয়া তাৰিখ নিৰ্ধাৰণ কৰিছা নহয় যে বিদেশীসকলৰ পাল হ’ব। তেন্তে এই তাৰিখতো নিৰ্ধাৰণ কৰি ল’লা। গতিকে সেই সময়ক সমীপত আনোঁতা আত্মাসকলে কোৱা ইয়াৰ তাৰিখ কি? সেয়া দৃষ্টিত পৰেনে? প্ৰথমে তোমালোকৰ দৃষ্টিত পৰিব তেতিয়াহে বিশ্বৰ দৃষ্টিত পৰিব। বাপদাদাই যেতিয়া অমৃতবেলা বিশ্ব পৰিক্ৰমা লগায় তেতিয়া দেখি দেখি, শুনি শুনি দয়া ওপজে। আনন্দ-উল্লাসতো থাকে কিন্তু আনন্দ-উল্লাসৰ লগতে জঁই পৰিও থাকে। সেয়েহে বাপদাদাই সোধে যে হে দাতাৰ সন্তান মাষ্টৰ দাতা কেতিয়া নিজৰ মাষ্টৰ দাতাবোধৰ ভূমিকা তীব্ৰগতিৰে বিশ্বৰ আগত প্ৰত্যক্ষ কৰিবা? নে এতিয়া পৰ্দাৰ আঁৰত তৈয়াৰ হৈ আছা? তৈয়াৰ কৰি আছা নেকি? বিশ্ব পৰিৱৰ্তনৰ নিমিত্ত আত্মাসকলে এতিয়া বিশ্বৰ আত্মাসকলৰ ওপৰত দয়া কৰা। হ’বতো লাগিবই, এয়াতো নিশ্চিত আৰু হ’বও তোমালোক নিমিত্ত আত্মাসকলৰ দ্বাৰাই। কেৱল দেৰি কোনটো কথাৰ কাৰণে? বাপদাদাই এইটো এটা উৎসৱ চাবলৈ বিচাৰে, যে প্ৰত্যেক ব্ৰাহ্মণ সন্তানৰ অন্তৰত যাতে সম্পন্নতা আৰু সম্পূৰ্ণতাৰ পতাকা উৰি থকা দেখিবলৈ পোৱা যায়। যেতিয়া প্ৰত্যেক ব্ৰাহ্মণৰ অন্তৰত সম্পূৰ্ণতাৰ পতাকা উৰিব তেতিয়াহে বিশ্বত পিতাৰ প্ৰত্যক্ষতাৰ পতাকা উৰিব। গতিকে এই পতাকা উৰুৱাৰ উৎসৱ বাপদাদাই চাব বিচাৰে। যেনেকৈ শিৱৰাত্ৰিত শিৱ অৱতৰণৰ পতাকা উৰুওৱা, তেনেকৈ এতিয়া শিৱ শক্তি পাণ্ডৱ অৱতৰণৰ আৱাজ প্ৰতিধ্বনিত হওঁক। এটা গীত বজোৱা নহয় – “শিৱ শক্তিয়া আ গই…” (শিৱ শক্তিসকলৰ আগমন হ’ল…)। এতিয়া বিশ্বই এইটো গীত গায় যে শিৱৰ লগতে শক্তি আৰু পাণ্ডৱ প্ৰত্যক্ষ হৈ গ’ল। পৰ্দাৰ আঁৰত কেতিয়ালৈকে থাকিবা! পৰ্দাৰ আঁৰত থাকিবলৈ ভাল লাগে জানো? অলপ অলপ ভাল লাগে! ভাল নালাগে, তেন্তে পৰ্দা আঁতৰ কৰোঁতা কোন? বাবাই আঁতৰাব নেকি? কোনে আঁতৰাব? ড্ৰামাই আঁতৰাব নে তোমালোকে আঁতৰাবা। যদি তোমালোকে আঁতৰোৱা তেন্তে দেৰি কিয়? তেন্তে এনেকৈ নুবুজিম জানো যে পৰ্দাৰ আঁৰত থাকি ভাল লাগে? বচ্, বাপদাদাৰ এতিয়া কেৱল এইটো এটাই শ্ৰেষ্ঠ আশা আছে,‌ সকলোৱে গীত গাওঁক বাঃ! আহি গ’ল, আহি গ’ল, আহি গ’ল। হ’ব পাৰেনে? চোৱা দাদীসকলে কয় যে হ’ব পাৰে তেন্তে আকৌ কিয় নহয়? কাৰণ কি? যেতিয়া সকলোৱে এনেকৈ কৰি আছে, আকৌ কাৰণ কি? (সকলো সম্পন্ন হোৱা নাই) কিয় হোৱা নাই? তাৰিখ কোৱাচোন! (তাৰিখতো বাবা আপুনি ক’ব) বাপদাদাৰ মহামন্ত্ৰ স্মৃতিত আছেনে? বাপদাদাই কি কয়? “কেতিয়াবা নহয় এতিয়া”। (দাদীজীয়ে কৈ আছে – বাবা চূড়ান্ত তাৰিখ আপুনিয়েই কওঁক) বাৰু, যদি বাপদাদাই তাৰিখ দিয়ে, তেন্তে সেই অনুসৰি তোমালোকে নিজক গঢ়ি দায়িত্ব পালন কৰিবানে? পাণ্ডৱে পালন কৰিবানে? দৃঢ়নে। যদি তল-ওপৰ কৰা তেন্তে কি কৰিব লাগিব? (আপুনি তাৰিখ দিলে তেতিয়া কোনেও তল-ওপৰ নকৰে) অভিনন্দন। বাৰু। এতিয়া তাৰিখ শুনাম, মন কৰিবা। চোৱা, বাপদাদা তথাপিও দয়াশীল, সেয়েহে বাপদাদাই তাৰিখ শুনাব মনোযোগেৰে শুনিবা।

বাপদাদাই সকলো সন্তানৰ প্ৰতি এইটো শ্ৰেষ্ঠ ভাৱনা ৰাখে, আশা ৰাখে – অতি কমেও 6 মাহত, 6 মাহ কেতিয়া পূৰা হ’ব? (মে মাহত) মেত ‘মই’, ‘মই’ সমাপ্ত। বাপদাদাই তথাপিও সুযোগ দিয়ে যে অতি কমেও এই 6 মাহত, যিটো বাপদাদাই আগতেও শুনাইছে আৰু পূৰ্বৰ চিজনতো কাম দিছিল, যে নিজক জীৱনমুক্ত স্থিতিৰ অনুভৱত আনা। সত্যযুগী সৃষ্টিৰ জীৱনমুক্ত নহয়, সংগমযুগৰ জীৱনমুক্ত অৱস্থা। যিকোনো বিঘিনি, পৰিস্থিতি, সাধন বা ‘মই’ আৰু ‘মোৰ’ বোধ, সেৱাত ‘মই’ আৰু ‘মোৰ’ৰ দেহবোধৰ পৰা, এই সকলোৰে প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিবা। এনেকৈ নক’বা যে মইতো মুক্ত হৈ থাকিব বিচাৰিছিলোঁ কিন্তু এইটো বিঘিনি আহি গ’ল নহয়, এই কথাটিয়েই বহুত ডাঙৰ হৈ গ’ল নহয়। সৰু কথাটো চলি যায়, এইটো বহুত ডাঙৰ কথা আছিল, এইখন বহুত ডাঙৰ কাকত আছিল, ডাঙৰ বিঘিনি আছিল, ডাঙৰ পৰিস্থিতি আছিল। যিমানেই ডাঙৰ পৰিস্থিতি, বিঘিনি, সাধনৰ আকৰ্ষণে বাধা দিয়ক, বাধা দিব এয়া আগতেই কৈ দিওঁ কিন্তু অতি কমেও 6 মাহত 75 শতাংশ মুক্ত হ’ব পাৰানে? বাপদাদাই 100 শতাংশ বুলি নাই কোৱা, 75 শতাংশ, তিনি চতুৰ্থাংশ হ’লে তেতিয়া পূৰা হ’বাগৈ নহয়! গতিকে 6 মাহত, এমাহো নহয় 6 মাহ দি আছোঁ, বছৰৰ আধা। তেন্তে এই তাৰিখ নিৰ্ধাৰণ কৰিব পাৰানে? চোৱা, দাদীসকলে নিৰ্ধাৰণ কৰিবলৈ কৈছে, দাদীসকলৰ হুকুমতো মানিব লাগে নহয়! ফলাফল দেখিতো বাপদাদা নিজেই আকৰ্ষিত হ’ব, কোৱাৰো প্ৰয়োজন নাথাকিব। তেন্তে 6 মাহ আৰু 75 শতাংশ, 100 শতাংশ বুলি কোৱা নাই। তাৰ কাৰণে আগলৈ সময় দিব। তেন্তে এই ক্ষেত্ৰত সদাপ্ৰস্তুত হোৱানে? সদাপ্ৰস্তুত নহয় 6 মাহত প্ৰস্তুত। পচন্দ আছেনে নে সাহস অলপ কম আছে, গম নাপাওঁ কি হ’ব? সিংহও আহিব, মেকুৰীও আহিব, সকলো আহিব। বিঘিনিও আহিব, পৰিস্থিতিও আহিব, সাধনো বাঢ়িব কিন্তু সাধনৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিবা। পচন্দ কৰা যদি হাত উঠোৱা। টি.ভি. ঘূৰোঁৱা। ভালদৰে হাত উঠোৱা, তললৈ নকৰিবা। দৃশ্য বৰ ভাল লাগিছে। বাৰু, আগতীয়াকৈ অভিনন্দন।

এনেকৈ নক’বা যে মইতো বহুত মৰিবলগীয়া হ’ব, মৰা বা জীয়াই থাকা কিন্তু হ’ব লাগে। এই মৰি যোৱাটো মিঠা, এই মৰাত দুখ নহয়। এই মৰা অনেকৰ কল্যাণৰ কাৰণে মৰা, সেইবাবে এই মৰাত মজা আছে। দুখ নাই, সুখ আছে। কোনো অজুহাত নেদেখুৱাবা, এইটো হৈ গ’ল নহয়, সেইকাৰণে হৈ গ’ল। অজুহাত নচলিব। অজুহাত দেখুৱাবা নেকি? নেদেখুওৱা নহয়! উৰন্ত কলাৰ বাজী লগাবা আৰু কোনো বাজী নাই। অৱনমিত কলাৰ বাজী, অজুহাতৰ বাজী, দুৰ্বলতাৰ বাজী এয়া সকলো সমাপ্ত। উৰন্ত কলাৰ বাজী। ঠিক আছে নহয়! সকলোৰে চেহেৰাতো প্রস্ফুটিত হৈ গৈছে। যেতিয়া 6 মাহৰ পাছত সাক্ষাৎ কৰিবলৈ আহিবা তেতিয়া কেনেকুৱা চেহেৰা হ’ব। তেতিয়াও ফটো লোৱা হ’ব।

ডবল বিদেশীসকল আহিছা নহয় গতিকে ডবল প্ৰতিজ্ঞা কৰাৰ দিন আহি গ’ল। অন্য কাকো নাচাবা, পিতাক চাবা, ব্ৰহ্মা মাক চাবা। আনে কৰক বা নকৰক, কৰিবতো সকলোৱে তথাপিও তেওঁলোকৰ প্ৰতিও দয়াৰ ভাৱ ৰাখিবা। দুৰ্বলজনক শুভ ভাৱনাৰ বল দিবা, দুৰ্বলতা নাচাবা। এনেকুৱা আত্মাসকলক সাহসৰ হাত আগবঢ়াই উঠাবা, উচ্চলৈ আনিবা। সাহসৰ হাত সদায় নিজৰ প্ৰতি আৰু সকলোৰে প্ৰতি আগবঢ়াই থাকিবা। সাহসৰ হাত বহুত শক্তিশালী। আৰু বাপদাদাৰ বৰদান আছে – সন্তানৰ সাহসৰ এখোজ, পিতাৰ সহায়ৰ হাজাৰ খোজ। নিঃস্বাৰ্থ পুৰুষাৰ্থত প্ৰথমে মই। নিঃস্বাৰ্থ পুৰুষাৰ্থ, স্বাৰ্থৰ পুৰুষাৰ্থ নহয়, নিঃস্বাৰ্থ পুৰুষাৰ্থ এই ক্ষেত্ৰত যিয়ে অৰ্জন কৰে তেওঁ পিতা ব্ৰহ্মাৰ সমান।

পিতা ব্ৰহ্মাৰ প্ৰতিতো স্নেহ আছে নহয়! সেয়েতো ব্ৰহ্মাকুমাৰী বা ব্ৰহ্মাকুমাৰ বুলি কোৱা নহয়! যিহেতু প্ৰত্যাহ্বান জনোৱা যে চেকেণ্ডত জীৱনমুক্তিৰ উত্তৰাধিকাৰ লৈ লোৱা তেন্তে এতিয়া চেকেণ্ডত নিজক মুক্ত কৰাৰ প্ৰতি মনোযোগ দিয়া। এতিয়া সময় সমীপত আনা। তোমালোকৰ সম্পূৰ্ণতাৰ সমীপতাই শ্ৰেষ্ঠ সময় সমীপত আনিব। মালিক হোৱা নহয়! ৰজা হোৱা নহয়! স্বৰাজ্য অধিকাৰী হোৱানে? তেন্তে আদেশ দিয়া। ৰজাইতো আদেশ দিয়ে নহয়! এইটো কৰিব নালাগে, এইটো কৰিব লাগে। বচ্‌ আদেশ দিয়া। এতিয়াই চোৱা মনক, কিয়নো মন হ’ল মুখ্য মন্ত্ৰী। গতিকে হে ৰজা নিজৰ মন্ত্ৰীক চেকেণ্ডত আদেশ দিয়া অশৰীৰী, বিদেহী স্থিতিত স্থিত কৰিব পাৰানে? এক চেকেণ্ডত আদেশ দিয়া। (5 মিনিট ড্ৰিল) বাৰু।

সদায় প্ৰেমত লীন আৰু ভাগ্যৱান আত্মাসকলক বাপদাদাৰ দ্বাৰা প্ৰাপ্ত হোৱা সৰ্ব প্ৰাপ্তিৰ অনুভৱী আত্মাসকলক, স্বৰাজ্য অধিকাৰী হৈ অধিকাৰৰ দ্বাৰা স্বৰাজ্য কৰোঁতা শক্তিশালী অত্মাসকলক, সদায় জীৱনমুক্ত স্থিতিৰ অনুভৱী সৰ্বোচ্চ আত্মাসকলক, ভাগ্য বিধাতাৰ দ্বাৰা শ্ৰেষ্ঠ ভাগ্যৰেখাৰ দ্বাৰা আটাইতকৈ ভাগ্যৱান আত্মাসকলক, সদায় পৱিত্ৰতাৰ দৃষ্টি, বৃত্তিৰ দ্বাৰা স্ব-পৰিৱৰ্তন, বিশ্ব-পৰিৱৰ্তন কৰোঁতা অতিকৈ পৱিত্ৰ আত্মাসকলক বাপদাদাৰ স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ।

ডবল বিদেশী অতিথিসকলৰ সৈতে (সময়ৰ আহ্বান শীৰ্ষক কাৰ্যক্ৰমলৈ অহা অতিথিসকলৰ সৈতে)

সকলো নিজৰ মৰমৰ ঘৰত, মৰমৰ পৰিয়ালত আহি উপস্থিত হ’লা নহয়! এই সৰু মৰমৰ পৰিয়াল স্নেহী হয় নহয়! আৰু তোমালোকো কিমান স্নেহী হৈ গৈছা! সকলোতকৈ প্ৰথমে পৰমাত্ম স্নেহী হৈ গ’লা। হৈছা নহয়! হৈ গ’লা নে হ’বা? চোৱা, তোমালোক সকলোকে দেখি সকলো কিমান আনন্দিত হৈ আছে। কিয় আনন্দিত হৈ আছে? সকলোৰে চেহেৰা চোৱা বহুত আনন্দিত হৈ আছে। কিয় আনন্দিত হৈ আছে? কিয়নো জানে যে এওঁলোক সকলো ঈশ্বৰীয় বাৰ্তাবাহক হৈ আত্মাসকলক বাৰ্তা দিয়াৰ নিমিত্ত আত্মা। (পাঁচটা খণ্ডৰ আছে) গতিকে 5টা খণ্ডত বাৰ্তা পাই যাব, সহজ হয় নহয়। পৰিকল্পনা বহুত ভাল কৰিছা। এই ক্ষেত্ৰত পৰমাত্ম শক্তিৰে ভৰপূৰ হৈ আৰু পৰিয়ালৰ সহযোগ লৈ আগবাঢ়ি গৈ থাকিবা। সকলোৰে সংকল্প বাপদাদাৰ ওচৰলৈ আহি গৈছে। সংকল্প বহুত ভাল ভাল চলি আছে নহয়! পৰিকল্পনা কৰি আছা। গতিকে পৰিকল্পনা বাস্তৱত ৰূপায়িত কৰাত সাহস তোমালোকৰ আৰু সহায় পিতাৰ আৰু ব্ৰাহ্মণ পৰিয়ালৰ। কেৱল নিমিত্ত হ’ব লাগে বচ্‌ আৰু পৰিশ্ৰম কৰিব নালাগে। মই পৰমাত্ম কাৰ্যৰ নিমিত্ত হওঁ। যি কাৰ্যই নকৰা, বাবা মই নিমিত্ত সেৱাৰ বাবে তৈয়াৰ আছোঁ, মই নিমিত্ত, চলাওঁতাই নিজেই চলাব। এই নিমিত্ত ভাৱে তোমালোকৰ চেহেৰাত নিৰ্মাণ আৰু নম্ৰতাৰ ভাৱ প্ৰত্যক্ষ কৰাব। কৰাৱনহাৰে নিমিত্ত কৰি কাৰ্য কৰাব। ক’বা তোমালোকে আৰু শক্তি পিতাৰ। তেন্তে সহজ নহয় জানো! গতিকে নিমিত্ত হৈ স্মৃতিত হাজিৰ হৈ যোৱা, বচ্‌। তেতিয়া তোমালোকৰ চেহেৰা, তোমালোকৰ চৰিত্ৰ স্বতঃ সেৱাৰ নিমিত্ত হৈ যাব। কেৱল বাণীৰ দ্বাৰা সেৱা নহয় কিন্তু চৰিত্ৰৰ দ্বাৰাও তোমালোকৰ আন্তৰিক আনন্দ চেহেৰাত দৃষ্টিগোচৰ হ’ব। ইয়াকে অলৌকিকতা বুলি কোৱা হয়। এতিয়া অলৌকিক হৈ গ’লা নহয়। লৌকিকবোধতো সমাপ্ত হ’ল নহয়। মই আত্মা – এয়া অলৌকিক। মই অমুক হওঁ – এয়া লৌকিক। তেন্তে কোন হোৱা? অলৌকিক নে লৌকিক? অলৌকিক হোৱা নহয়! ভাল কথা। বাপদাদা বা পৰিয়ালৰ সন্মুখত আহি উপস্থিত হৈ গ’লা, এয়া বহুত ভাল সাহস কৰিলা। চোৱা, তোমালোকো কোটিৰ মাজত কোনোবা ওলাইছা নহয়। কিমান দল আছিল, তাৰ পৰা কিমান আহিছা, তেন্তে কোটিৰ মাজত কোনোবা ওলালা নহয়। ভাল কথা – বাপদাদাই দল পচন্দ কৰে। আৰু এওঁক চোৱা কিমান আনন্দিত হৈ আছে। তোমালোকতকৈ অধিক এওঁ আনন্দিত হৈ আছে কিয়নো সেৱাৰ প্ৰতিদান সন্মুখত দেখি আনন্দিত হৈ আছে। আনন্দিত হৈ আছে নহয় – পৰিশ্ৰমৰ ফল পাই গ’ল। বাৰু। এতিয়াতো বালক তথা মালিক হোৱা। বালক মাষ্টৰ। সন্তানক সদায় মাষ্টৰ বুলি কোৱা হয়। ভাল ভাল বাৰু।

বৰদান:
সফল কৰাৰ বিধিৰে সফলতাৰ বৰদান প্ৰাপ্ত কৰোঁতা বৰদানী মূৰ্ত হোৱা

সঙ্গমযুগত তোমালোক সন্তানসকলৰ উত্তৰাধিকাৰো আছে লগতে বৰদানো আছে যে “সফল কৰা আৰু সফলতা পোৱা”। সফল কৰাটো হৈছে বীজ আৰু সফলতা হ’ল ফল। যদি বীজ ভাল হয় আৰু ফল নাপাব এয়া হ’ব নোৱাৰে। গতিকে যেনেকৈ আনক কোৱা যে সময়, সংকল্প, সম্পত্তি সকলো সফল কৰা তেনেকৈ নিজৰ সকলো সম্পদৰ তালিকা পৰীক্ষা কৰা যে কোনটো সম্পদ সফল হ’ল আৰু কোনটো ব্যৰ্থত গ’ল। সফল কৰি থাকা তেতিয়া সৰ্ব সম্পদেৰে সম্পন্ন বৰদানী মূৰ্ত হৈ যাবা।

স্লোগান:
পৰমাত্ম পুৰস্কাৰ ল’বলৈ ব্যৰ্থ আৰু নকাৰাত্মকতা এৰাই চলা।

পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

মনেৰে সেৱা কৰিবৰ বাবে সকলোৰে প্ৰতি সদায় শ্ৰেষ্ঠ আৰু নিঃস্বাৰ্থ সংকল্প হওঁক, সদায় পৰৰ উপকাৰৰ ভাৱনা থাকক। অপকাৰীৰো উপকাৰ কৰাৰ শ্ৰেষ্ঠ শক্তি থাকক। সদায় দাতাবোধৰ ভাৱনা থাকক। সদায় স্ব-পৰিৱৰ্তন, নিজৰ শ্ৰেষ্ঠ কৰ্মৰ দ্বাৰা আনক শ্ৰেষ্ঠ কৰ্মৰ প্ৰেৰণা দিওঁতা হোৱা।