07.07.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক অতি মাৰ্জিত বিদ্যাৰ্থী, তোমালোক পিতা, শিক্ষক আৰু সৎগুৰুৰ স্মৃতিত থাকিব
লাগে, অলৌকিক সেৱা কৰিব লাগে”
প্ৰশ্ন:
যিসকলে নিজে
নিজক বেহদৰ ভূমিকা পালন কৰোঁতা বুলি বুজি চলে তেওঁলোকৰ লক্ষণ শুনোৱা?
উত্তৰ:
তেওঁলোকৰ বুদ্ধিত কোনো সূক্ষ্ম বা স্থূল দেহধাৰীৰ স্মৃতি নাথাকিব। তেওঁলোকে এজন
পিতাক আৰু শান্তিধাম ঘৰক স্মৰণ কৰি থাকিব কিয়নো মহিমা এজনৰেই। যেনেকৈ পিতাই গোটেই
জগতৰ সেৱা কৰে, পতিতক পাৱন কৰি তোলে তেনেকৈ সন্তানসকলো পিতাৰ সমান সেৱাধাৰী হৈ যায়।
ওঁম্শান্তি।
পোন প্ৰথমে
পিতাই সন্তানসকলক সাৱধান কৰি দিয়ে। ইয়াত বহিছা সেয়েহে নিজক আত্মা বুলি বুজি পিতাৰ
আগত বহিছানে? এয়াও বুদ্ধিলৈ আনা যে আমি পিতাৰ আগতো বহিছোঁ, শিক্ষকৰ আগতো বহিছোঁ।
প্ৰথম কথা হ’ল - আমি আত্মা, পিতাও আত্মা, শিক্ষকো আত্মা, গুৰুও আত্মা। এজনেই হয় নহয়।
এয়া নতুন কথা তোমালোকে শুনিছা। তোমালোকে কোৱা - বাবা আমিতো কল্পই কল্পই এয়া শুনোঁ।
সেয়েহে বুদ্ধিত এইটো স্মৃতি থাকিব লাগে, পিতাই পঢ়ায়, আমি আত্মাসকলে এই
কৰ্মেন্দ্ৰিয়সমূহৰ দ্বাৰা শুনোঁ। এই জ্ঞান তোমালোক সন্তানসকলে উচ্চতকৈও উচ্চ ভগৱানৰ
দ্বাৰা এই সময়তে পোৱা। তেওঁ সকলো আত্মাৰ পিতা, যিজনে উত্তৰাধিকাৰ দিয়ে। কি জ্ঞান
দিয়ে? সকলোৰে সৎগতি কৰে অৰ্থাৎ ঘৰলৈ লৈ যায়। কিমানক লৈ যাব? এই সকলোবোৰ তোমালোকে
জানা। মহবোৰৰ নিচিনাকৈ (জাকে জাকে) সকলো আত্মাই যাব লাগিব। সত্যযুগত এটাই ধৰ্ম,
পৱিত্ৰতা-সুখ-শান্তি সকলো থাকে। তোমালোক সন্তানসকলে চিত্ৰৰ ওপৰত বুজোৱা বহুত সহজ।
সন্তানসকলেও নক্সাৰ ওপৰত বুজি পায় নহয়। এয়া ইংলেণ্ড, এয়া অমুক পাছত সেয়া স্মৃতিলৈ
আহি যায়। এয়াও এনেকুৱা। এজন এজন বিদ্যাৰ্থীক বুজাবলগীয়া হয়, মহিমাও এজনৰে –
উচ্চতকৈও উচ্চ ভগৱান শিৱায়ে নমঃ। ৰচয়িতা পিতা ঘৰৰ মুৰব্বী নহয় জানো। তেওঁ হদৰ, এওঁ
গোটেই বেহদ ঘৰৰ পিতা। এওঁ আকৌ শিক্ষকো হয়। তোমালোকক পঢ়ায়। সেয়েহে তোমালোক
সন্তানসকলৰ বহুত আনন্দিত হৈ থকা উচিত। তোমালোক বিদ্যাৰ্থীসকলো মাৰ্জিত হোৱা। পিতাই
কয় – মই সাধাৰণ শৰীৰত আহোঁ। প্ৰজাপিতা ব্ৰহ্মাৰো ইয়াত নিশ্চয় প্ৰয়োজন। তেওঁৰ অবিহনে
কাম কেনেকৈ চলিব। আৰু নিশ্চয় বয়োজ্যেষ্ঠজনৰে প্ৰয়োজন কিয়নো তোলনীয়া হয় নহয়। সেয়েহে
বয়োজ্যেষ্ঠজনৰ প্ৰয়োজন। শ্ৰীকৃষ্ণতো শিশু – শিশুৱে কথা ক’ব নোৱাৰে। বয়োজ্যেষ্ঠ হ’লে
শোভা পায়। শিশুক জানো কোনোবাই বাবা বুলি ক’ব। গতিকে সন্তানসকলৰো বুদ্ধিত উদয় হোৱা
উচিত যে আমি কাৰ সন্মুখত বহিছোঁ। অন্তৰ আনন্দিতও হোৱা উচিত। বিদ্যাৰ্থী য’তেই বহি
নাথাকক তেওঁলোকৰ বুদ্ধিত পিতাও স্মৃতিলৈ আহে, শিক্ষকো স্মৃতিলৈ আহে। তেওঁলোকৰতো পিতা
বেলেগ, শিক্ষক বেলেগ। তোমালোকৰতো এজনেই পিতা-শিক্ষক-গুৰু। এই বাবাওতো (ব্ৰহ্মাবাবাও)
বিদ্যাৰ্থী। পঢ়ি আছে। কেৱল ৰথ (শৰীৰ) ঋণত দিছে আৰু আন কোনো পাৰ্থক্য নাই। বাকী
তোমালোকৰ নিচিনাই। এওঁৰ আত্মায়ো এয়াই বুজে যিটো তোমালোকে বুজা। মহিমা কেৱল এজনৰেই।
তেওঁকেই (শিৱবাবাকেই) প্ৰভু, ঈশ্বৰ বুলি কয়। এৱোঁ (ব্ৰহ্মাবাবায়ো) কয় – নিজক আত্মা
বুলি বুজি এক পৰমাত্মাক স্মৰণ কৰা, বাকী সকলো সূক্ষ্ম বা স্থূল দেহধাৰীক পাহৰি যোৱা।
তোমালোক শান্তিধামৰ নিবাসী। তোমালোক হৈছা বেহদৰ ভূমিকা পালন কৰোঁতা। এই কথাবোৰ আন
কোনেও নাজানে। গোটেই জগততে কোনেও নাজানে, ইয়ালৈ যিসকল আহে তেওঁলোকে বুজি গৈ থাকে।
আৰু পিতাৰ সেৱাত আহি যায়। ঈশ্বৰৰ সহায়কাৰী হৈ গ’ল নহয়। পিতাও আহিছে সেৱা কৰিবলৈ।
পতিতক পাৱন কৰি তোলাৰ সেৱা কৰে। ৰাজ্য হেৰুৱাই পুনৰ যেতিয়া দুখী হয় তেতিয়া পিতাক
আহ্বান জনায়। যিজনে ৰাজ্য দিছিল, তেওঁকেই মাতিব।
তোমালোক সন্তানসকলে
জানা – পিতা সুখধামৰ মালিক কৰি তুলিবলৈ আহিছে। জগতত এয়া কোনেও নাজানে। হওঁতেতো সকলো
ভাৰতবাসী এটা ধৰ্মৰে। এয়া হয়েই মুখ্য ধৰ্ম। সেয়া নিশ্চয় যেতিয়া নাথাকে তেতিয়াহে পিতা
আহি প্ৰতিষ্ঠা কৰে। সন্তানসকলে বুজিব পাৰে যে ভগৱান যাক গোটেই জগতে আল্লাহ (ঈশ্বৰ),
গড্ বুলি কৈ আহ্বান জনায়, তেওঁ ইয়ালৈ ড্ৰামা অনুসৰি কল্প পূৰ্বৰ দৰে আহিছে। এয়া
হ’ল গীতাৰ আখ্যান, য’ত পিতা আহি স্থাপনা কৰে। গোৱাও হয় ব্ৰাহ্মণ আৰু দেৱী-দেৱতা...
ক্ষত্ৰিয় বুলি নকয়। ব্ৰাহ্মণ দেৱী-দেৱতা নমঃ বুলি কয় কিয়নো ক্ষত্ৰিয়ৰ তথাপিও 2টা কলা
কম হৈ গ’ল নহয়। স্বৰ্গ বুলি কোৱাই হয় নতুন সৃষ্টিক। ত্ৰেতাক নতুন সৃষ্টি বুলি ক’ব
জানো। প্ৰথমতে সত্যযুগত, একেবাৰে নতুন সৃষ্টি। এয়া হ’ল পুৰণিতকৈও পুৰণি সৃষ্টি।
পুনৰ নতুনকৈও নতুন সৃষ্টিলৈ যাম। আমি এতিয়া সেই সৃষ্টিলৈ যাওঁ সেয়েহে সন্তানসকলে কয়
– আমি নৰৰ পৰা নাৰায়ণ হওঁ। কথাও আমি সত্য-নাৰায়ণৰ শুনোঁ। ৰাজকুমাৰ হোৱাৰ কথা বুলি
নকয়। সত্য-নাৰায়ণৰ কথা। তেওঁলোকে নাৰায়ণক বেলেগ বুলি ভাবে। কিন্তু নাৰায়ণৰ কোনো
জীৱন কাহিনীতো নাই। জ্ঞানৰ কথাতো বহুত আছে নহয় সেইবাবে 7 দিন দিয়া হয়। 7 দিন ভাতীত
থাকিবলগীয়া হয়। কিন্তু এনেকুৱা নহয় যে ইয়াতে ভাতীত থাকিব লাগে। এনেকৈতো আকৌ ভাতীৰ
অজুহাত দেখুৱাই বহুত আহি যাব। পঢ়া ৰাতিপুৱা আৰু সন্ধিয়া হয়। দুপৰীয়া বায়ুমণ্ডল ঠিক
নাথাকে। ৰাতিও 10-12 বজালৈ একেবাৰে বেয়া সময়। ইয়াত তোমালোক সন্তানসকলেও পৰিশ্ৰম
কৰিব লাগে, স্মৃতিত থাকি সতোপ্ৰধান হোৱাৰ বাবে। তাততো গোটেই দিনটো কাম-কাজত থাকা।
এনেকুৱাও বহুত থাকে যিসকলে পেছাগত কাম-কাজ কৰি আকৌ পঢ়েও বেছি ভাল চাকৰি আদি কৰাৰ
বাবে। ইয়াতেও তোমালোকে পঢ়া সেয়েহে যিজনে পঢ়ায় সেই শিক্ষকক স্মৰণ কৰিব লাগে। বাৰু,
শিক্ষক বুলি ভাবিয়েই স্মৰণ কৰা তেতিয়াও তিনিওজনেই একেলগে স্মৃতিলৈ আহি যায় – পিতা,
শিক্ষক, গুৰু, তোমালোকৰ বাবে বহুত সহজ সেয়েহে তৎক্ষণাৎ স্মৃতিলৈ আহিব লাগে। এওঁ
আমাৰ বাবাও হয়, শিক্ষক আৰু গুৰুও হয়। উচ্চতকৈও উচ্চ পিতা হয় যাৰ পৰা আমি স্বৰ্গৰ
উত্তৰাধিকাৰ লৈ আছোঁ। আমি স্বৰ্গলৈ নিশ্চয় যাম। স্বৰ্গ স্থাপনা নিশ্চয় হ’ব। তোমালোকে
কেৱল উচ্চ পদ পোৱাৰ বাবে পুৰুষাৰ্থ কৰা। এয়াও তোমালোকে জানা। মনুষ্যই গম পাব,
তোমালোকৰ আৱাজ বিয়পি যাব। তোমালোক ব্ৰাহ্মণসকলৰ অলৌকিক ধৰ্ম হ’ল – শ্ৰীমতত অলৌকিক
সেৱাত তৎপৰ হৈ থকা। এয়াও মনুষ্যই গম পাই যাব যে তোমালোকে শ্ৰীমতত কিমান উচ্চ কাম কৰি
আছা। তোমালোকৰ নিচিনা অলৌকিক সেৱা কোনেও কৰিব নোৱাৰে। তোমালোক ব্ৰাহ্মণ
ধৰ্মাৱলম্বীসকলেহে এনেকুৱা কৰ্ম কৰা। সেয়েহে এনেকুৱা কৰ্মত লাগি যোৱা উচিত। পিতাও
ব্যস্ত হৈ থাকে নহয়। তোমালোকে ৰাজধানী স্থাপনা কৰি আছা। সেয়াতো পঞ্চায়ত মিলিত হৈ
কেৱল প্ৰতিপালন কৰি থাকে। ইয়াত তোমালোকে গুপ্ত ভেশত কি কৰি আছা। তোমালোক হৈছা গুপ্ত,
অজ্ঞাত, অহিংসক যোদ্ধা। ইয়াৰ অৰ্থও কোনেও বুজি নাপায়। তোমালোক দ্বৈত অহিংসক সেনা।
ডাঙৰ হিংসাতো এয়া বিকাৰৰ হয়, যিয়ে পতিত কৰি তোলে। ইয়াৰ ওপৰতেই জয়ী হ’ব লাগে।
ভগৱানুবাচ (ভগৱানে কয়) – কাম মহাশত্ৰু, ইয়াৰ ওপৰত জয়ী হ’লেহে তোমালোক জগতজিৎ হ’বাগৈ।
এই লক্ষ্মী-নাৰায়ণ জগতজিৎ হয় নহয়। ভাৰত জগতজিৎ আছিল। এই ভাৰত বিশ্বৰ মালিক কেনেকৈ
হ’ল! এয়াও বাহিৰৰসকলে বুজিব নোৱাৰে। এয়া বুজিবলৈ বৰ বিশাল বুদ্ধিৰ প্ৰয়োজন। ডাঙৰ
ডাঙৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীসকল বিশাল বুদ্ধিৰ হয় নহয়। তোমালোকে শ্ৰীমতত নিজৰ ৰাজ্য
স্থাপনা কৰা। তোমালোকে যিকোনো লোককে বুজাব পাৰা বিশ্বত শান্তি আছিল নহয়, আন কোনো
ৰাজ্য নাছিল। স্বৰ্গত কেৱল শান্তি হ’ব নোৱাৰে। স্বৰ্গক কোৱাই হয় ঈশ্বৰৰ বাগিচা।
কেৱল বাগিচাৰে হ’ব জানো। মনুষ্যৰো প্ৰয়োজন হয় নহয়। এতিয়া তোমালোক সন্তানসকলে জানা
আমি স্বৰ্গৰ মালিক হৈ আছোঁ। তোমালোক সন্তানসকলৰ কিমান নিচা থকা উচিত আৰু উচ্চ খেয়াল
চলা দৰকাৰ। তোমালোকে কোনো বাহ্যিক সুখ নিবিচৰা। এই সময়ত তোমালোক একেবাৰে সাধাৰণ হৈ
থাকিব লাগে। এতিয়া তোমালোক শহুৰৰ ঘৰলৈ যোৱা। এয়া হ’ল মাতা-পিতাৰ ঘৰ। ইয়াত তোমালোকে
দুজন পিতা পাইছা। এজন হৈছে নিৰাকাৰ উচ্চতকৈও উচ্চ, আনজন হৈছে সাকাৰ, তেৱোঁ উচ্চতকৈও
উচ্চ। এতিয়া তোমালোক শহুৰৰ ঘৰ বিষ্ণুপুৰীলৈ যোৱা। সেইখন ঘৰক কৃষ্ণপুৰী বুলি নকয়।
শিশুৰ পুৰী নাথাকে। বিষ্ণুপুৰী অৰ্থাৎ লক্ষ্মী-নাৰায়ণৰ পুৰী। তোমালোকৰ হ’ল ৰাজযোগ।
গতিকে নিশ্চয় নৰৰ পৰা নাৰায়ণ হ’বা।
তোমালোক সন্তানসকল
হৈছা ঈশ্বৰৰ সঁচা সেৱাধাৰী। বাবাই ঈশ্বৰৰ সঁচা সেৱাধাৰী বুলি তেওঁলোকক কয় যিসকলে
অতিকমেও 8 (আঠ) ঘণ্টা আত্ম-অভিমানী হৈ থকাৰ পুৰুষাৰ্থ কৰে। কোনো কৰ্ম বন্ধন যাতে
নাথাকে তেতিয়া সহায়কাৰী হ’ব পাৰা আৰু কৰ্মাতীত অৱস্থা হ’ব পাৰে। নৰৰ পৰা নাৰায়ণ
হ’বলৈ হ’লে কৰ্মাতীত অৱস্থাৰ নিশ্চয় প্ৰয়োজন। কৰ্মবন্ধন থাকিলে তেতিয়া শাস্তি খাব
লাগিব। সন্তানসকলে নিজেই বুজি পায় – স্মৃতিত থকাৰ পৰিশ্ৰম বহুত কাঢ়া। যুক্তি বহুত
সহজ, কেৱল পিতাক স্মৰণ কৰিব লাগে। ভাৰতৰ প্ৰাচীন যোগ প্ৰসিদ্ধ। যোগৰ বাবেই জ্ঞান,
যি পিতাই আহি শিকায়। শ্ৰীকৃষ্ণই জানো যোগ শিকায়। শ্ৰীকৃষ্ণক আকৌ স্বদৰ্শন চক্ৰ দি
দিছে। সেইখন চিত্ৰও কিমান ভুল। এতিয়া তোমালোকে কোনো চিত্ৰ আদিও স্মৰণ কৰিব নালাগে।
সকলো পাহৰি যোৱা। কাৰো ফালে যাতে বুদ্ধি নাযায়, বুদ্ধিৰ যোগসুত্ৰ স্বচ্ছ হোৱা উচিত।
এয়া হ’ল পঢ়াৰ সময়। জগতক পাহৰি নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে, তেতিয়াহে
পাপ খণ্ডন হ’ব। পিতাই কয় – প্ৰথমে তোমালোক অশৰীৰী হৈ আহিছিলা, আকৌ তোমালোক যাব লাগে।
তোমালোক আদিৰ পৰা অন্তলৈকে ভূমিকা পালন কৰোঁতা হোৱা। তেওঁলোক হ’ল হদৰ ভাৱৰীয়া,
তোমালোক হ’লা বেহদৰ। এতিয়া তোমালোকে বুজি পোৱা যে আমি অনেকবাৰ ভূমিকা পালন কৰিছোঁ।
অনেকবাৰ তোমালোক বেহদৰ মালিক হোৱা। এই বেহদৰ নাটকত আকৌ সৰু সৰু নাটকো অনেকবাৰ চলি
থাকে। সত্যযুগৰ পৰা কলিযুগলৈকে যি কিছু হৈছে সেয়া পুনৰাবৃত্তি হৈ থাকে। ওপৰৰ পৰা
অন্তলৈকে তোমালোকৰ বুদ্ধিত আছে। মূললোক, সূক্ষ্মলোক আৰু সৃষ্টি চক্ৰ, বচ্, আন কোনো
ধামৰ লগত তোমালোকৰ কাম নাই। তোমালোকৰ ধৰ্ম বহুত সুখ দিওঁতা হয়। তেওঁলোকৰ যেতিয়া সময়
হ’ব তেতিয়া তেওঁলোক আহিব। ক্ৰমানুসৰি যেনেকৈ আহিছে তেনেকৈয়ে আকৌ যাব। আমি আন ধৰ্মৰ
কি বৰ্ণনা কৰিম। তোমালোকে কেৱল এজন পিতাৰ স্মৃতিতহে থাকিব লাগে। চিত্ৰ আদি এই
সকলোবোৰ পাহৰি এজন পিতাক স্মৰণ কৰিব লাগে। ব্ৰহ্মা-বিষ্ণু-শঙ্কৰকো নহয়, কেৱল এজনক।
তেওঁলোকে ভাবে – পৰমাত্মা হৈছে লিঙ্গ (শিৱলিঙ্গ)। এতিয়া লিঙ্গৰ সমান কোনো বস্তু
কেনেকৈ থাকিব পাৰে। লিঙ্গই কেনেকৈ জ্ঞান শুনাব। প্ৰেৰণাৰে কোনোবাই “লাউড-স্পীকাৰ”
ৰাখিব জানো যাৰ দ্বাৰা তোমালোকে শুনিবা! প্ৰেৰণাৰেতো একো নহয়। এনেকুৱা নহয় যে শংকৰক
প্ৰেৰিত কৰে। এই সকলোবোৰ ড্ৰামাত আগৰে পৰা নিৰ্ধাৰিত হৈ আছে। বিনাশতো হ’বই। যেনেকৈ
তোমালোক আত্মাসকলে শৰীৰৰ দ্বাৰা কথা কোৱা, তেনেকৈ পৰমাত্মায়ো তোমালোক সন্তানসকলৰ
লগত কথা পাতে। তেওঁৰ ভূমিকাই দিব্য অলৌকিক। পতিতসকলক পাৱন কৰি তোলোঁতা এজনে পিতা।
তেওঁ কয় – মোৰ ভূমিকা সকলোতকৈ অনন্য। কল্প পূৰ্বে যিসকল আহিছিল তেওঁলোক আহি থাকিব।
যি কিছু অতীত হৈ গ’ল সেয়া ড্ৰামা, এই ক্ষেত্ৰত অলপো ইফাল-সিফাল নহয়। আকৌ পুৰুষাৰ্থৰ
খেয়াল ৰাখিব লাগে। এনেকুৱা নহয় যে ড্ৰামা অনুসৰি আমাৰ কম পুৰুষাৰ্থ চলে তেতিয়াতো পদো
বহুত কম হৈ যাব। পুৰুষাৰ্থ তীব্ৰতাৰে কৰা উচিত। ড্ৰামাৰ ওপৰত এৰি দিব নালাগে। নিজৰ
খতিয়ান পৰীক্ষা কৰি থাকা। বঢ়াই যোৱা। টুকি ৰাখা – মোৰ খতিয়ান বাঢ়ি আছেনে, কমতো হোৱা
নাই। বহুত সাৱধানতাৰ প্ৰয়োজন। ইয়াত তোমালোকৰ হ’ল ব্ৰাহ্মণৰ সংগ। বাহিৰত সকলো হৈছে
কুসংগ। তেওঁলোক সকলোৱে ওলোটাই শুনায়। এতিয়া পিতাই তোমালোকক কুসংগৰ পৰা আঁতৰাই আনে।
মনুষ্য কুসংগত আহি
নিজৰ জীৱন প্ৰণালী, নিজৰ বেশ-ভূষা সকলো সলাই দিছে, দেশ-বেশেই সলনি কৰি দিছে, এয়াও
যেন নিজৰ ধৰ্মৰ অপমান কৰিছে। চোৱা কেনেকুৱা কেনেকুৱা কেশ-বিন্যাস কৰে। দেহ-অভিমান
আহি যায়। কেৱল কেশ-বিন্যাসৰ বাবেই 100-150 টকা খৰচ কৰে। ইয়াক কোৱা হয় অতি
দেহ-অভিমান। তেওঁলোকে আকৌ কেতিয়াও জ্ঞান ল’ব নোৱাৰে। বাবাই কয় – একেবাৰে সাধাৰণ হোৱা।
ভাল দামী শাৰী পিন্ধিলেও দেহ-অভিমান ওপজে। দেহ-অভিমান নাইকিয়া কৰিবৰ বাবে সকলো
সাধাৰণ কৰি দিয়া উচিত। ভাল বস্তুৱে দেহ-অভিমানত আনে। তোমালোক এই সময়ত বনবাসত আছা
নহয়। সকলো বস্তুৰ পৰা মোহ আঁতৰাব লাগে। বহুত সাধাৰণ হৈ থাকিব লাগে। বিয়া আদিলৈ
লাগিলে ৰঙীন কাপোৰ পিন্ধি যোৱা, সম্পৰ্ক ৰক্ষাৰ্থে পিন্ধা, আকৌ ঘৰলৈ আহি খুলি দিলা।
তোমালোকতো বাণীৰ সিপাৰে যাব লাগে। বানপ্ৰস্থীসকল শুভ্ৰ পোছাকত থাকে। তোমালোক সৰু-বৰ
প্ৰত্যেকেই বানপ্ৰস্থী। সৰু শিশুসকলকো শিৱবাবাৰহে স্মৃতি সোঁৱৰাই দিব লাগে। ইয়াতেই
কল্যাণ আছে। বচ্, আমি এতিয়া শিৱবাবাৰ ওচৰলৈ যাব লাগে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায়
ধ্যান থাকিব লাগে যে মোৰ কোনো চলন দেহ-অভিমানযুক্ত যাতে নহয়। অতি সাধাৰণ হৈ থাকিব
লাগে। কোনো বস্তুৰ প্ৰতি মমত্ব ৰাখিব নালাগে। কুসংগৰ পৰা নিজকে সাৱধানে ৰাখিব লাগে।
(2) স্মৃতিত থকাৰ
পৰিশ্ৰমেৰে সকলো কৰ্মবন্ধন ছিঙি কৰ্মাতীত হ’ব লাগে। অতিকমেও 8 (আঠ) ঘণ্টা
আত্ম-অভিমানী হৈ ঈশ্বৰৰ সঁচা সহায়কাৰী হ’ব লাগে।
বৰদান:
বিশাল বুদ্ধি,
বিশাল অন্তৰেৰে আপোনতাৰ অনুভূতি কৰাওঁতা মাষ্টৰ ৰচিয়তা হোৱা
মাষ্টৰ ৰচিয়তাৰ প্ৰথম
ৰচনা হৈছে – এই দেহ। যিসকলে এই দেহৰ মালিকবোধত সম্পূৰ্ণ সফলতা প্ৰাপ্ত কৰি লয়
তেওঁলোকে নিজৰ স্নেহ বা সম্পৰ্কৰ দ্বাৰা সকলোকে আপোনতাৰ অনুভৱ কৰায়। সেই আত্মাসকলৰ
সম্পৰ্কত আহিলে সুখৰ, দাতাবোধৰ, শান্তি, প্ৰেম, আনন্দ, সহযোগ, সাহস, উৎসাহ, উদ্দীপনা
কিবা নহয় কিবা বিশেষত্বৰ অনুভূতি হয়। তেওঁলোককেই বিশাল বুদ্ধিৰ, বিশাল অন্তৰৰ বুলি
কোৱা হয়।
স্লোগান:
উৎসাহ-উদ্দীপনাৰ ডেউকাৰে সদায় উৰন্ত কলাৰ অনুভূতি কৰি গৈ থাকা।
অব্যক্ত সংকেত:
সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা
নিজক শ্ৰেষ্ঠ সংকল্পৰে
সম্পন্ন কৰি তুলিবলৈ নিমিত্ত হৈ থাকা, নিমিত্ত হোৱা অৰ্থাৎ ‘ডবল লাইট’ ফৰিস্তা হোৱা।
এনেকুৱা সন্তানসকলৰ প্ৰতিটো শ্ৰেষ্ঠ সংকল্প সফল হয়। সন্তানসকলে এটা শ্ৰেষ্ঠ সংকল্প
কৰিলে পিতাৰ দ্বাৰা হাজাৰ শ্ৰেষ্ঠ সংকল্পৰ ফল প্ৰাপ্ত হৈ যায়। একৰ বিপৰীতে হাজাৰ
গুণ প্ৰাপ্ত হৈ যায়।