07.07.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকৰ নিচা থাকিব লাগে যে আমাৰ বাবা আহিছে, আমাক বিশ্বৰ মালিক কৰি তুলিবলৈ, আমি
তেওঁৰ সন্মুখত বহি আছোঁ”
প্ৰশ্ন:
কৰ্মৰ গূঢ়
গতিৰ বিষয়ে জ্ঞাতসকলে কোনটো পুৰুষাৰ্থ অৱশ্যে কৰিব?
উত্তৰ:
স্মৃতিত থকাৰ কিয়নো তেওঁলোকে গম পায় যে স্মৃতিৰেহে পুৰণি হিচাপ-নিকাচ নিষ্পত্তি
হ’ব। তেওঁলোকে জানে যে আত্মাই যদি পুৰণি হিচাপ-নিকাচ, কৰ্মভোগ নিষ্পত্তি নকৰে তেন্তে
তাৰ বাবে শাস্তি খাবলগীয়া হ’ব আৰু পদো ভ্ৰষ্ট হৈ যাব। পুনৰ্জন্মও এনেকুৱাই হ’ব।
ওঁম্শান্তি।
সন্তানসকলৰ
অপৰিসীম আনন্দৰ পাৰা উৰ্দ্ধগামী হয় যেতিয়া দেখে বাপদাদা সন্মুখত আহিছে আৰু এইটোও
সন্তানসকলে জানে যে 5 হাজাৰ বছৰৰ পাছত শিৱবাবা ব্ৰহ্মাৰ তনত আহিছে। কি কৰিবলৈ?
সন্তানসকলৰ এইটো নিচা লাগি আছে। সকলো সন্তানে জানে যে স্বৰ্গৰ মালিক কৰি তুলিবলৈ
পিতা আহিছে। আমাক লায়ক কৰি আছে। আমাক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হোৱাৰ যুক্তি বাৰে
বাৰে শুনাই আছে। যুক্তি হৈছে অতি সহজ। একেবাৰে সহজ স্মৃতি সন্তানসকলক শিকায়।
অজ্ঞান কালত পিতাকৰ সন্তান হ’লে তেতিয়া ভাবে মোৰ উত্তৰাধিকাৰী জন্ম হ’ল। তোমালোকে
জানা এতিয়া পিতা আহি আমাক সন্তানসকলক তুলি লয়। এনেয়েতো তোমালোক সকলো শিৱবাবাৰ
সন্তান হোৱা। কিন্তু বাবাই কেনেকৈ নিজৰ কৰি ল’ব, যাতে আমাক শুনাব পাৰে আৰু আমি
তেওঁৰ পৰা শুনিব পাৰোঁ। শিৱবাবাই এই ব্ৰহ্মাৰ তনৰ দ্বাৰা কয় - মই তোমালোকৰ পিতা হওঁ।
তোমালোকক স্বৰ্গৰ মালিক কৰি তোলোঁ। কেৱল তোমালোক আত্মা যি পতিত সেই আত্মা মুক্তি আৰু
জীৱন মুক্তিধাম কোনোটোলৈকে যাব নোৱাৰে। তোমালোক সকলো এজন পিতাৰ সন্তান। সকলোৱে
পিতাৰ সম্পত্তি ল'ব লাগে। অনেক সন্তান আছে, বৃদ্ধি হৈ গৈ থাকে। তুলি লৈ গৈ থাকে। হে
আত্মাসকল এতিয়া তোমালোক মোৰ সন্তান হোৱা। নিজক আত্মা বুলি বুজা, আমি বাবাক পাইছোঁ,
যাক আধাকল্প স্মৰণ কৰিছিলোঁ। এইটো কেতিয়াও পাহৰি নাযাবা। আধাকল্প আত্মাই এই শৰীৰৰ
দ্বাৰা স্মৰণ কৰি আহিছে - হে পতিত-পাৱন, হে দুখ-হৰ্তা, সুখ-কৰ্তা কিয়নো ৰাৱণ ৰাজ্য
হয় নহয়। যদিওবা এতিয়া যিসকলে ভাবে আমি বহুত সুখী, আমাৰ ইমান পদম (বহুত ধন) আছে,
ইমানবোৰ মিল, কাৰাখানা আদি আছে, এয়াতো সকলো অল্পকালৰ বাবে। অন্তিমততো বহুত ত্ৰাহি
ত্ৰাহি কৰিবলৈ ধৰিব। দুখৰ পাহাৰ খহিব। ইমানবিলাক সম্পত্তি চেকেণ্ডত নাশ হৈ যাব।
পিতাৰ পৰা তোমালোকে চেকেণ্ডত উত্তৰাধিকাৰ পোৱা। পিতাই কয় - তোমালোকক চেকেণ্ডত
স্বৰ্গৰ বাদশ্বাহী দিওঁ। এই পুৰণি সৃষ্টি নাশ হৈ যাব। যুদ্ধ লাগিব, প্ৰাকৃতিক
দুৰ্যোগ হ’ব। পৰিষ্কাৰতো কৰিব লাগে নহয়। তোমালোক আত্মাও এতিয়া পৱিত্ৰ হৈ আছা।
বাপদাদা দুয়োগৰাকীয়ে বুজিব পাৰে, সন্তানসকলে কিমান পৰিশ্ৰম কৰে। পিতাৰ পৰা
উত্তৰাধিকাৰ প্ৰাপ্তিৰ তেনেই অলপ পৰিশ্ৰম কৰিবলৈ দিয়ে। নিজক আত্মা বুলি বুজি পিতাক
স্মৰণ কৰা। সেইজন আত্মিক পিতা হৈছে নিৰাকাৰ, আমি আত্মাসকলে তেওঁক আহ্বান জনাওঁ, নহয়।
পিতাই কয় - তোমালোক আত্মা যি পতিত সেই আত্মা কেনেকৈ পাৱন হ’ব। পতিত-পাৱনতো এজন পিতা
হয় নহয়। পানীৰ নদী যদি পতিত-পাৱনী হয় তেন্তে তৎক্ষণাৎ গৈ ডুব মাৰি গুচি আহিব লাগে।
গংগাস্থান বহুতে কৰে তথাপিও পতিত কিয়? ৰাতিয়ে-দিনে এইটোৱে উচ্চাৰিত কৰি থাকে -
পতিত-পাৱন সীতাৰাম অৰ্থাৎ যিসকল ভক্ত অথবা সীতা আছে, সকলোৰে ৰক্ষক হৈছে এক ৰাম
পৰমপিতা পৰমাত্মা। পতিত-পাৱন, পতিতসকলৰ পতি তেৱেঁই হয়। তেওঁ যেতিয়া আহিব তেতিয়া আহি
পাৱন কৰি তুলিব। গতিকে এতিয়া পিতাই কয় – তোমালোক মোৰ শ্ৰীমতত চলিব লাগে আৰু কাৰো
মতত নচলিবা। তেওঁলোকেতো ভাবে ভক্তিৰে ভগৱানক পাম, যদি ভক্তিৰে ভগৱানক পোৱা যায়
তেন্তে এনেকৈ কিয় কয় যে ভক্তসকলক ৰক্ষা কৰিবলৈ আহিব। ভক্তসকলৰ কি বিপদ হৈছে যে ৰক্ষা
কৰিব? ৰক্ষা তেতিয়া কৰা হয় যেতিয়া কিবা বিপদ হয়। পিতাই কয় - তোমালোকে কিমান দুৰ্গতি
পালা। এয়া হৈছে ৰৌৰৱ নৰক, সকলো দুখী ৰোগী হয়। ঘৰে ঘৰে চোৱা কি লাগি আছে। দুখেই দুখ,
সেইবাবে আহ্বান কৰে বাবা আমাৰ দুখ হৰণ কৰক, সুখ দিয়ক। ভাৰততেই সদায় সুখ আছিল, এতিয়া
দুখ হৈছে। ভাৰতৰহে কথা অন্য খণ্ডবোৰতো হয়েই বেলেগ। তেওঁলোকতো আহেই পাছত। কোনোৱে 60
জন্ম, কোনোৱে ইয়াতকৈও কম জন্ম লয়। 84 জন্ম দেৱতা ধৰ্মাৱলম্বীসকলে লয়। গতিকে এইটো
হিচাপত আধাকল্পৰ পাছত যিসকল আহিব তেওঁলোকে 84 ৰ আধা জন্ম ল’ব লাগিব। এনেকুৱা নহয় যে
সকলোৱে 84 চক্ৰ পৰিক্ৰমা লগায়। মনুষ্যইতো মনলৈ যি আহে তাকে কৈ দিয়ে। এতিয়া তোমালোক
সন্তানসকলে পিতাৰ দ্বাৰা অবিনাশী জ্ঞান ৰত্নৰ জোলোঙা ভৰাই আছা। ৰত্নতো বহুত
মূল্যবান হয়। পিতাই বুজায়ো বহুত সহজকৈ। পিতাই কয় - তোমালোকে আহ্বান জনাই আহিছা - হে
পতিত-পাৱন আহি আমাক পৱন কৰি তোলা সেয়েহে পিতা আহিছে। এতিয়া তোমালোকে বুজি পোৱা যে
আমি পাৱন হ’লে তেতিয়া স্বৰ্গৰ মালিক হ’মগৈ। শিৱবাবাই আমাক পাথৰবুদ্ধিৰ পৰা
পাৰসবুদ্ধিৰ, পাথৰনাথৰ পৰা পাৰসনাথ কৰি তুলিবলৈ আহিছে। ভক্তিমাৰ্গৰ সকলো চিত্ৰ (মূৰ্তি)
পাথৰেৰে নিৰ্মিত। পাথৰত মূৰ ঘঁহাই থাকে। পিতাই কয় - তোমালোকে লাগিলে যিমানেই
পৰিশ্ৰম নকৰা, লাভ একোৱে নহ’ব। আগতেতো তোমালোক উছৰ্গিত হৈ গৈছিলা। তথাপিও কিনো লাভ
হ’ল? খুব বেছি দেৱীৰ সাক্ষাৎকাৰ হ’ব তাৰপাছত যেনেকুৱা আছিলা তেনেকুৱাই হৈ থাকা।
পতিত-পাৱন পিতা এবাৰেই সংগমত আহে। সত্যযুগততো ভক্তিমাৰ্গৰ কথা নাথাকেই। পিতাইতো
এনেকৈ নকয় যে ডিঙি কাটা। এয়া কৰা। ভক্তিমাৰ্গত অনেক প্ৰকাৰেৰে কি কি কৰে। আগতে
দেৱীসকলৰ আগত মনুষ্যৰ বলি উছৰ্গা কৰিছিল। পিতাই কয় - তোমালোক যেতিয়া শুধৰণি হৈছিলা
তেতিয়া দেৱতা আছিলা। এতিয়া কিমান পাথৰবুদ্ধিৰ হৈ গৈছা। তোমালোকক স্বৰ্গৰ বাদশ্বাহী
দিছিলোঁ। কিমান হীৰা-মুকুতাৰ মহল আছিল, অপৰিসীম ধন আছিল। সেয়া কি কৰিলা? এতিয়া
তোমালোক কিমান দুখী হৈ গৈছা। তোমালোক প্ৰকৃততে দেৱী-দেৱতা ধৰ্মৰ আছিলা নহয়। এতিয়া
মাথোন তোমালোক ৰজো তমোত আহিছা। তোমালোকতো দেৱতা ধৰ্মৰ আছিলা তেন্তে আকৌ নিজক হিন্দু
বুলি কিয় কোৱা? অন্য সকলো ধৰ্মাৱলম্বীয়ে নিজৰ নিজৰ ধৰ্মকহে মানে। ধৰ্মতো এটাই হয়
নহয়। মুছলমানসকলৰ মুছলিম ধৰ্ম, খ্ৰীষ্টানসকলৰ খ্ৰীষ্টান ধৰ্ম চলি আহি থাকে।
তোমালোকৰ কি হ’ল? তোমালোক বহুত সুখী, পৱিত্ৰ, সম্পূৰ্ণ নির্বিকাৰী আছিলা। এতিয়া
কিমান বিকাৰী হৈ গৈছা। কোনেও গমেই নাপায় - যথাযথ আমি সম্পূৰ্ণ নির্বিকাৰী আছিলোঁ আকৌ
সম্পূৰ্ণ বিকাৰী কেনেকৈ হ’লোঁ? 84 জন্ম লৈ সতোৰ পৰা তমো হ’লা, এতিয়া একেবাৰেই
তমোপ্ৰধান পতিত। সত্যযুগৰ পৰা কলিযুগ নিশ্চয় হ’ব। সকলো ধৰ্ম সতো-ৰজো-তমোত আহিবই লাগে।
বৃদ্ধি হ’ব লাগে। তোমালোকো বৃক্ষত (কল্পবৃক্ষত) আছা নহয়। বৃক্ষত চোৱা - অন্তত
ব্ৰহ্মা থিয় হৈ আছে, বৃক্ষৰ ওপৰত শিখৰত ব্ৰহ্মায়েই 84 জন্ম লৈ গৈ অন্তত থিয় হৈ আছে।
তোমালোকো যিসকল ব্ৰাহ্মণ তলত বহি আছা সেইসকলেই আকৌ অন্তত পতিত শূদ্ৰ হ’লা। আকৌ তলত
ৰাজযোগ শিকি আছা। তোমালোকো শূদ্ৰ আছিলা এতিয়া ব্ৰাহ্মণ হৈছা। এয়া অতিকৈ বুজিবলগীয়া
কথা। এতিয়া বৃক্ষত বহুত ভাল বুজনি আছে। এতিয়া তোমালোকে ৰাজযোগৰ তপস্যা কৰি আছা।
তোমালোকৰেই স্মাৰক থিয় হৈ আছে। এই চৈতন্য দেলবাড়া মন্দিৰ, সেয়া হৈছে জড়। সত্যযুগত
এয়া নাছিল। এতিয়া তোমালোকে নিজৰ স্মাৰক দেখিবলৈ পোৱা। তোমালোক বাস্তৱিকতে দেলবাড়া
মন্দিৰত চৈতন্য ৰূপত বহি আছা। স্বৰ্গৰ স্থাপনা হৈ আছে। আকৌ যেতিয়া স্বৰ্গত আহিবা
তেতিয়া এই মন্দিৰ আদি একো নাথাকিব। এয়া মম্মা বাবা আৰু আমি সন্তানসকল বহি আছোঁ।
হুবহু এইটো হৈছে তোমালোকৰ মন্দিৰ। নামেই ৰখা হৈছে মধুবন, চৈতন্য দেলবাড়া মন্দিৰ। আকৌ
যেতিয়া ভক্তিমাৰ্গ আৰম্ভ হ’ব আকৌ এই মন্দিৰ নিৰ্মাণ কৰিব। পিতাই তোমালোকক বহুত
ধনবান কৰি তুলিছিল, গতিকে তোমালোকেই আকৌ তেওঁৰ মন্দিৰ নিৰ্মাণ কৰা। শিৱৰ মন্দিৰ এজনে
নিৰ্মাণ নকৰে, যোগ্যতা শক্তি অনুসাৰে সকলোৱে নিৰ্মাণ কৰে।
তোমালোকে জানা যে আমি
পূজ্য আছিলোঁ আকৌ দ্বাপৰত পূজাৰী হ’লোঁ। শিৱবাবা যিয়ে ইমান চহকী কৰি তোলে, ভক্তিত
আকৌ তোমালোকেহে তেওঁৰ মন্দিৰ নিৰ্মাণ কৰিবা। এই কথাবোৰ এতিয়া তোমালোকেহে জানা। গতিকে
এতিয়া পুৰুষাৰ্থ কৰি আকৌ ৰজাৰো ৰজা হ’ব লাগে। সত্যযুগত মহাৰজা বুলি কোৱা হয়।
ত্ৰেতাত ৰজা বুলি কোৱা হয়। আকৌ সৃষ্টি পতিত হ’লে তেতিয়া মহাৰজাসকলো পতিত, ৰজাসকলো
পতিত হয়। তেওঁলোকে নির্বিকাৰী মহাৰজাসকলৰ মন্দিৰ নিৰ্মাণ কৰি পূজা কৰে। প্ৰথমে শিৱৰ
মন্দিৰ নিৰ্মাণ কৰে তাৰপাছত দেৱতাসকলৰ নিৰ্মাণ কৰে, নিজেই মন্দিৰ নিৰ্মাণ কৰি পূজা
কৰে, 84 জন্মতো ভোগ কৰে নহয়। আধাকল্প তোমালোক পূজ্য আকৌ আধাকল্প পূজাৰী হোৱা।
মনুষ্যই আকৌ এনেকৈ বুজি লয় যে ভগৱান নিজেই পূজ্য নিজেই পূজাৰী হয়। সকলোবোৰ নিজেই
দিয়ে, নিজেই কাঢ়ি নিয়ে। বাৰু, যিহেতু তেওঁ দিলে আৰু ল’লে তেন্তে তোমালোকৰ কিয় চিন্তা
লাগে। তোমালোকতো নিমিত্ত হৈ গ’লা। আকৌ কন্দাৰ কি দৰকাৰ! পিতাই বহি আত্মসকলক বুজায়।
এতিয়া তোমালোক ক্ৰমানুসৰি আত্ম-অভিমানী হোৱা। কিছুমানেতো পিতাক একেবাৰেই স্মৰণ নকৰে।
দেহী-অভিমানী হৈ নাথাকেই। ইয়াত কিমান বুজোৱা হয় – হেৰ’ তোমালোক হৈছা আত্মা,
পৰামাত্মাই তোমালোকক পঢ়ায়। আত্মাতহে সংস্কাৰ থাকে। আত্মাহে বেৰিষ্টাৰ আদি হয়,
মেজিষ্ট্ৰেট হয়। কালিলৈ কি হ’বা? যদি আত্মাই ভালদৰে পিতাক স্মৰণ কৰি থাকে তেতিয়া আকৌ
অমৰলোকত গৈ জন্ম ল’ব। মৃত্যলোকত আকৌ পৰৱৰ্তী জন্ম নলয়। যদি কিবা হিচাপ-নিকাচ থাকি
যায় তেন্তে শাস্তি খাব লাগিব। কৰ্মভোগ ভোগ কৰি নিষ্পত্তি কৰিব লাগিব তেতিয়া পদ উচ্চ
নাপাব। কৰ্মৰ এই গূঢ় গতি পিতাই সন্তানসকলকহে বহি বুজায়। এইটোও সন্তানসকলে জানে যে
সত্যযুগ হৈছে সতোপ্ৰধান। প্ৰতিটো বস্তুৱেই তাত সতোপ্ৰধান হয়। এনেকৈ কয় যে
শ্ৰীকৃষ্ণই গৰুৰ তত্ত্বাৱধান লৈছিল। ৰজাসকলে জানো গৰুৰ তত্ত্বাৱধান লয়? এনেকুৱা
কথাতো হ’ব নোৱাৰে। এনেকৈ দেখুৱায় - সত্যযুগত গৰুবোৰো অতি উত্তম হয়, সিহঁতক কামেধেনু
বুলি কোৱা হয়। জগত অম্বা সৰস্বতীও কামধেনু হয়। 21 জন্মৰ বাবে সকলোৰে মনোকামনা পূৰ্ণ
কৰে। তোমালোকো কামধেনু হোৱা। সেইটো নামেই আকৌ গৰুৰ ৰাখি দিলে, যিয়ে বহুত গাখীৰ দিয়ে।
ৰজাসকলৰ ঘৰত বহুত উত্তম গাই থাকে। যিহেতু ইয়াতো ৰজাসকলৰ ওচৰত এনেকুৱা ভাল ভাল গাই
আছে তেন্তে স্বৰ্গত কিমান সুন্দৰ হ’ব! তাত কোনো দুৰ্গন্ধ আদি একেবাৰে নাথাকে।
এতিয়া পিতাই
সন্তানসকলক কয় যে মই আহিছোঁ তোমালোকক সুন্দৰ কৰি গঢ়ি লগত লৈ যাম। মোক আহ্বানেই জনায়
- হে পতিত পাৱন আহক। পতিত সৃষ্টিত, পতিত শৰীৰত আহক। এয়া হৈছে পতিত, সেয়া হৈছে পাৱন
ফৰিস্তা। তুলনা কৰি দেখুৱায়। তোমালোকো পতিতৰ পৰা এনেকুৱা পাৱন ফৰিস্তা হ’বাগৈ।
সত্যযুগী দেৱতাসকলক ‘ডেইটি’ বুলি কয়। সূক্ষ্মবতনবাসীসকল হৈছে ফৰিস্তা। এতিয়া
তোমালোক ফৰিস্তা পৱিত্ৰ হোৱা। পিতাই কিমান সহজ শিক্ষা দিয়ে। ইয়ালৈ যেতিয়া আহা তেতিয়া
কোনো বাহিৰৰ মিত্ৰ-সম্বন্ধীয়, ঘৰবাৰী, পেছাগত কাম-কাজ আদি একোৱেই স্মৃতিলৈ আনিব
নালাগে। পিতাৰ সন্মুখত আহিছা নহয় জানো। ইয়ালৈ আহিছাই যোগৰ দ্বাৰা উপাৰ্জন কৰিবলৈ
গতিকে উপাৰ্জন কৰাতে লাগি যাব লাগে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শাস্তিৰ
পৰা মুক্ত হ’বৰ বাবে সকলো পুৰণা হিচাপ-নিকাচ যোগবলেৰে নিষ্পত্তি কৰিব লাগে। নিমিত্ত
হৈ সকলো চম্ভালিব লাগে। কোনো কথাৰ চিন্তা কৰিব নালাগে। আত্মা-অভিমানী হ’ব লাগে।
(2) এয়া উপাৰ্জনৰ সময়,
এতিয়া ঘৰ-গৃহস্থী, পেছাগত কাম-কাজ আদি স্মৃতিলৈ আনিব নালাগে। ফৰিস্তা হ’বৰ বাবে এজন
পিতাৰ স্মৃতিত থকাৰ পূৰা পূৰা পুৰুষাৰ্থ কৰিব লাগে।
বৰদান:
স্মৃতিৰ
‘চাৰ্চলাইট’ৰ দ্বাৰা বায়ুমণ্ডল গঢ়ি তোলোঁতা বিজয়ী ৰত্ন হোৱা
সেৱাধাৰী আত্মাসকলৰ
মস্তকত বিজয়ৰ তিলক লাগি আছেই কিন্তু যি স্থানৰ সেৱা কৰিব লাগে, সেই স্থানত প্ৰথমৰ
পৰাই ‘চাৰ্চলাইট’ৰ কিৰণ দিব লাগে। স্মৃতিৰ ‘চাৰ্চলাইট’ৰ দ্বাৰা এনেকুৱা বায়ুমণ্ডল
গঢ়ি উঠিব যে অনেক আত্মা সহজে সমীপত আহি যাব। তেতিয়া কম সময়তেই সফলতা হাজাৰ গুণ হ’ব।
ইয়াৰ বাবে দৃঢ় সংকল্প কৰা যে আমি বিজয়ী ৰত্ন তেতিয়া সকলো কৰ্মত বিজয় সমাহিত হৈ আছে।
স্লোগান:
যি সেৱাই নিজক বা আনক অশান্ত কৰে সেই সেৱা সেৱা নহয়, বোজাহে।
অব্যক্ত ইংগিত:
জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা
জ্বালা-ৰূপ হ’বলৈ
সদায় এইটোৱেই ধাউতি থাকিব লাগে যে এতিয়া নিজৰ ঘৰলৈ ঘূৰি যাব লাগে। যাব লাগে অৰ্থাৎ
অনাসক্ত। যিহেতি নিজৰ নিৰাকাৰী ঘৰলৈ যাব লাগে, সেয়েহে নিজৰ বেশো তেনেকুৱাই কৰিব লাগে।
গতিকে যাব লাগে আৰু সকলোকে উভতাই লৈ যাব লাগে—এইটো স্মৃতিৰে স্বতঃ সকলো সম্পৰ্ক আৰু
প্ৰকৃতিৰ সকলো আকৰ্ষণৰ পৰা উৰ্দ্ধত অৰ্থাৎ সাক্ষী হৈ যাবা। সাক্ষী হ’লে সহজে পিতাৰ
সংগী আৰু পিতাৰ সমান হৈ যাবা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]