07.09.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – জ্ঞানৰ তৃতীয় নেত্ৰ সদায় খোলা থাকিলে আনন্দত ৰোমাঞ্চিত হৈ যাবা, সদায় সীমাহীন আনন্দত থাকিবা”

প্ৰশ্ন:
এই সময়ত মনুষ্যৰ দৃষ্টি বহুত দুৰ্বল, সেয়েহে তেওঁলোকক বুজোৱাৰ যুক্তি কি?

উত্তৰ:
বাবাই কয় - তেওঁলোকৰ বাবে তোমালোকে এনেকুৱা ডাঙৰ ডাঙৰ চিত্ৰ তৈয়াৰ কৰা যাতে দূৰৈৰ পৰাই দেখি বুজি পায়। এই গোলকৰ (সৃষ্টি চক্ৰৰ) চিত্ৰতো বহুত ডাঙৰ হ'ব লাগে। এয়া অন্ধৰ আগত আইনা স্বৰূপ।

প্ৰশ্ন:
গোটেই জগতক স্বচ্ছ কৰি তোলাত তোমালোকৰ সহায়কাৰী কোন হয়?

উত্তৰ:
এই প্ৰাকৃতিক দুৰ্যোগ তোমালোকৰ সহায়কাৰী হয়। এই বেহদৰ জগতখন নিকা কৰিবৰ বাবে নিশ্চয় কোনোবা সহায়কাৰী লাগে।

ওঁম্শান্তি।
গায়নো আছে পিতাৰ পৰা এক ছেকেণ্ডত উত্তৰাধিকাৰ লোৱা মানে হৈছে জীৱনমুক্তি। বাকীতো সকলো জীৱনবন্ধনত আছে। এয়া ত্ৰিমূৰ্তি আৰু গোলকৰ (সৃষ্টি চক্ৰ) যি চিত্ৰ আছে, সেয়াই মুখ্য। এইবোৰ বহুত ডাঙৰ আকাৰৰ হ'ব লাগে। অন্ধসকলৰ বাবেতো বহুত ডাঙৰ আইনা লাগে, যাতে ভালদৰে চাব পাৰে কিয়নো এতিয়া সকলোৰে দৃষ্টি দুৰ্বল, বুদ্ধি কম। বুদ্ধি বুলি তৃতীয় নেত্ৰক কোৱা হয়। তোমালোকৰ বুদ্ধিত এতিয়া আনন্দ সমাহিত হৈ আছে। আনন্দত যি ৰোমাঞ্চিত নহয়, শিৱবাবাক স্মৰণ নকৰে তেন্তে কোৱা হ'ব যে জ্ঞানৰ তৃতীয় নেত্ৰ অলপ খুলিছে, দৃষ্টি অস্পষ্ট। পিতাই বুজায় যে যিকোনো লোককে থোৰতে বুজাব লাগে। ডাঙৰ ডাঙৰ মেলা আদি আয়োজন কৰা হয়, সন্তানসকলে জানে যে সেৱা কৰিবৰ বাবে বাস্তৱত এখন চিত্ৰই যথেষ্ট। গোলকৰ (সৃষ্টি চক্ৰ) চিত্ৰ হ'লেও কোনো আপত্তি নাই। পিতাই ড্ৰামা আৰু বৃক্ষৰ অথবা কল্প বৃক্ষৰ আৰু 84 চক্ৰৰ ৰহস্যৰ বিষয়ে বুজায়। ব্ৰহ্মাৰ দ্বাৰা পিতাৰ এই উত্তৰাধিকাৰ প্ৰাপ্ত হয়। এইটোও ভালকৈ স্পষ্ট হৈ আছে। এই দুখন চিত্ৰতেই সকলো আহি যায়, বাকী ইমানবোৰ চিত্ৰৰ কোনো প্ৰয়োজনেই নাই। এই দুখন চিত্ৰই বহুত ডাঙৰ ডাঙৰ আখৰত হ'ব লাগে। লিখনিও থাকিব লাগে। জীৱনমুক্তি হ’বলগীয়া বিনাশৰ পূৰ্বেই ঈশ্বৰ পিতাৰ পৰা পোৱা জন্মসিদ্ধ অধিকাৰ। বিনাশো নিশ্চয় হ'বই। ড্ৰামাৰ পৰিকল্পনা অনুসৰি নিজে নিজেই সকলো বুজি পাব। তোমালোকে বুজোৱাৰো কোনো প্ৰয়োজন নাথাকিব। বেহদৰ পিতাৰ পৰা বেহদৰ এই উত্তৰাধিকাৰ পোৱা যায়। এইটোতো একেবাৰে দৃঢ়ভাবে স্মৃতিত থকা উচিত। কিন্তু মায়াই তোমালোকক পাহৰাই দিয়ে। সময় পাৰ হৈ যায়। গায়নো আছে নহয় – বহুত গ’ল কিছু বাকী আছে… ইয়াৰ অৰ্থও এই সময়ৰে। বাকী অলপ সময়হে আছে। স্থাপনাতো হৈয়েই আছে, বিনাশলৈ অলপ সময় আছে। অলপৰ মাজৰ পৰাও অলপহে ৰ'বগৈ। বিচাৰ কৰা হয় পাছত কি হ'ব? এতিয়াতো সাৰ নাপায়। পাছলৈ সাৰ পাই গৈ থাকিব। চক্ষু ডাঙৰ হৈ গৈ থাকিব। এয়া স্থূল চক্ষু নহয়, বুদ্ধিৰ চক্ষু। সৰু সৰু চিত্ৰৰ দ্বাৰা ইমান আমেজ পোৱা নাযায়। ডাঙৰ ডাঙৰ তৈয়াৰ হৈ যাব। বিজ্ঞানেও কিমান সহায় কৰে। বিনাশৰ ক্ষেত্ৰত তত্ববোৰেও সহায় কৰে। একো খৰচ নোহোৱাকৈ তোমালোকক কিমান সহায় কৰে। তোমালোকৰ বাবে একেবাৰে পৰিস্কাৰ কৰি দিয়ে। এইখন একেবাৰে ছিঃ ছিঃ জগত। আজমেৰত স্বৰ্গৰ স্মৃতিচিহ্ন আছে। এই দেলৱাড়া মন্দিৰত স্থাপনাৰ স্মৃতিচিহ্ন আছে, কিন্তু কিবা বুজি পায় জানো। এতিয়া তোমালোক বিচাৰ বুদ্ধি সম্পন্ন হৈছা। যদিও মনুষ্যই কয় - আমি নাজানো যে বিনাশ হৈ যাব, বুজি নাপায়। এটা কাহিনী আছে নহয় - সিংহ আহিল, সিংহ আহিল। কোনেও বিশ্বাস কৰা নাছিল। এদিন আহি সকলো গৰু খাই পেলালে। তোমালোকেও কৈ থাকা যে এই পুৰণি সৃষ্টি এতিয়া বিনাশৰ পথত। বহুত গ'ল, অলপহে বাকী আছে……।

এই গোটেই জ্ঞান তোমালোক সন্তানসকলৰ বুদ্ধিত থাকিব লাগে। আত্মাইহে ধাৰণ কৰে। পিতাৰো আত্মাতহে জ্ঞান আছে, তেওঁ যেতিয়া শৰীৰ ধাৰণ কৰে তেতিয়া জ্ঞান দিয়ে। নিশ্চয় তেওঁৰ জ্ঞান আছে সেই কাৰণেতো তেওঁক জ্ঞানপূৰ্ণ ঈশ্বৰ পিতা বুলি কোৱা হয়। তেওঁ গোটেই সৃষ্টিৰ আদি-মধ্য-অন্তৰ বিষয়ে জানে। নিজকতো জানে আৰু সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে তাৰো জ্ঞান আছে সেয়েহে ইংৰাজীত ‘নলেজফুল’ শব্দটি বৰ ভাল। তেওঁ মনুষ্য সৃষ্টি ৰূপী বৃক্ষৰ বীজ ৰূপ সেয়েহে গোটেই জ্ঞান আছে। তোমালোকে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি এই বিষয়ে জানা। শিৱবাবাতো হয়েই জ্ঞানপূৰ্ণ। এইটো ভালদৰে বুদ্ধিত থকা উচিত। এনেকুৱাও নহয় যে সকলোৰে বুদ্ধিত একেসমানে ধাৰণা হয়। যদিও লিখে কিন্তু ধাৰণা একো নাই। নাম মাত্ৰ লিখে, কাকো শুনাবও নোৱাৰে। মাত্র কাগজকহে শুনায়। কাগজে কি কৰিব! কাগজৰ দ্বাৰাতো কোনেও নুবুজিব। এই চিত্রৰ জৰিয়তে বহুত ভালকৈ বুজিব। এয়া অতি উচ্চ জ্ঞান তেন্তে আখৰো ডাঙৰ ডাঙৰ হ’ব লাগে। ডাঙৰ ডাঙৰ চিত্ৰ দেখিলে মনুষ্যই বুজিব যে ইয়াত নিশ্চয় কিবা সাৰ আছে। স্থাপনা আৰু বিনাশো লিখা আছে। ৰাজধানীৰ স্থাপনা, এয়া হৈছে ঈশ্বৰীয় জন্মসিদ্ধ অধিকাৰ। জীৱনমুক্তি প্ৰত্যেক সন্তানৰে অধিকাৰ। তেন্তে সন্তানসকলৰ বুদ্ধি চলিব লাগে যে সকলো জীৱনবন্ধনত আছে, এওঁলোকক জীৱনবন্ধনৰ পৰা জীৱনমুক্তিত কেনেকৈ লৈ যাওঁ? প্ৰথমে শান্তিধামলৈ যাম পাছত সুখধামলৈ। সুখধামক জীৱনমুক্তি বুলি কোৱা হ’ব। বিশেষকৈ এই কেইখন চিত্ৰ ডাঙৰ হ’ব লাগে। মুখ্য চিত্ৰ হয় নহয়। বহুত ডাঙৰ ডাঙৰ আখৰ হ’লে মনুষ্যই ক’ব বি.কে.সকলে ইমান ডাঙৰ চিত্ৰ তৈয়াৰ কৰিছে, নিশ্চয় কিবা জ্ঞান আছে। গতিকে য’তে ত’তে তোমালোকৰো ডাঙৰ ডাঙৰ চিত্ৰ লাগি থাকিলে সুধিব এয়া কি? ক’বা, ইমান ডাঙৰ চিত্ৰ আপোনালোকক বুজাবৰ কাৰণে তৈয়াৰ কৰা হৈছে। ইয়াত যাতে স্পষ্টকৈ লিখা থাকে, বেহদৰ উত্তৰাধিকাৰ এওঁলোকৰ আছিল। কালিৰ কথা, আজি তেওঁলোক নাই কিয়নো 84 পুনৰ্জন্ম লৈ লৈ অৱনমিত হৈ গ’ল। সতোপ্ৰধানৰ পৰা তমোপ্ৰধানতো হ’বই লাগে। জ্ঞান আৰু ভক্তি, পূজ্য আৰু পূজাৰীৰ খেল নহয় জানো। দুটা ভাগত গোটেই খেলখন ৰচি থোৱা আছে। গতিকে এনেকুৱা ডাঙৰ ডাঙৰ চিত্ৰ তৈয়াৰ কৰিবলৈ সাহস থাকিব লাগে। সেৱাৰো চখ থাকিব লাগে। দিল্লীৰ চুকে-কোনে সেৱা কৰিব লাগে। মেলা আদিলৈতো বহুত লোক যায় তাত তোমালোকৰ এই চিত্ৰই কামত আহিব। ত্ৰিমূৰ্তি, সৃষ্টিচক্ৰ এয়া হৈছে মুখ্য। এই চিত্ৰকেইখন বহুত ভাল বস্তু, অন্ধৰ আগত আইনাৰ দৰে। অন্ধক পঢ়োৱা হয়। পঢ়েতো আত্মাইহে নহয় জানো। কিন্তু যেতিয়া আত্মাৰ ইন্দ্ৰিয়বোৰ অপৈণত হৈ থাকে তেতিয়া তেওঁলোকক পঢ়াবৰ কাৰণে চিত্ৰ আদি দেখুওৱা হয়। আকৌ যেতিয়া কিছু ডাঙৰ হয় তেতিয়া জগতৰ নক্সা দেখুৱায়। তেতিয়া সেই গোটেই নক্সা বুদ্ধিত থাকি যায়। এতিয়া তোমালোকৰ বুদ্ধিত এই গোটেই ড্ৰামাৰ চক্ৰ আছে, ইমানবোৰ ধৰ্ম আছে, কেনেকৈ একাদিক্ৰমে আহে, আকৌ গুচি যাব। তাততো এটাই আদি সনাতন দেৱী-দেৱতা ধৰ্ম থাকে, যাক স্বৰ্গ বা ‘হেভেন’ বুলি কোৱা হয়। পিতাৰ সৈতে যোগযুক্ত হ’লে আত্মা পতিতৰ পৰা পাৱন হৈ যাবগৈ। ভাৰতৰ প্ৰচীন যোগ প্ৰসিদ্ধ। যোগ অৰ্থাৎ স্মৃতি। পিতায়ো কয় - মোক পিতাক স্মৰণ কৰা। এনেকৈ ক’বলগীয়া হয়। লৌকিক পিতাৰ কাৰণে কাকো ক’বলগীয়া নহয় যে মোক স্মৰণ কৰা। সন্তানসকলে আপোনাআপুনি বাবা-মম্মা বুলি কৈ থাকে। তেওঁলোক হৈছে লৌকিক মাতা-পিতা, এয়া হৈছে পাৰলৌকিক, যাৰ গায়ন আছে- “তোমাৰ কৃপাতে অপাৰ সুখ পাওঁ”। যাৰ দুখ আছে তেৱেঁই গায়। সুখততো কোৱাৰ দৰকাৰেই নাথাকে। দুখততো সকলোৱে মাতে। এতিয়া তোমালোকে বুজি পাইছা এওঁ হৈছে মাতা-পিতা। পিতাই কয় – দিনে-প্ৰতিদিনে তোমালোকক গূঢ় গূঢ় কথা শুনাই থাকোঁ। আগতে জানো জানিছিলা যে মাতা-পিতা বুলি কাক কোৱা হয়? এতিয়া তোমালোকে জানা পিতা বুলিতো তেওঁকেই কোৱা হয়। পিতাৰ পৰা ব্ৰহ্মাৰ দ্বাৰা উত্তৰাধিকাৰ পোৱা যায়। মাতাৰো প্ৰয়োজন হয় কিয়নো সন্তানসকলক তুলি ল’ব লাগে। এইটো কথা কাৰো ধ্যানত নাহিব। গতিকে বাবাই বাৰে বাৰে কয় - মৰমৰ সন্তানসকল, পিতাক স্মৰণ কৰি থাকা। লক্ষ্য প্ৰাপ্ত কৰিলা গতিকে য’লৈকে নোযোৱা। বিলাতলৈ যোৱা, 7 দিনীয়া পাঠ্যক্ৰম কৰিলা তেন্তে সেয়া বহুত। পিতাৰ পৰাতো উত্তৰাধিকাৰ ল’বই লাগে। স্মৃতিৰ দ্বাৰাই আত্মা পাৱন হ’ব। স্বৰ্গৰ মালিক হ’বগৈ। এই লক্ষ্যতো বুদ্ধিত আছে তাৰপাছত য’লৈকে নোযোৱা। গোটেই ‘গীতা’ৰ জ্ঞান এই বেজত আছে। কাকো সোধাৰো প্ৰয়োজন নাথাকে যে কি কৰিব লাগে। পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে গতিকে নিশ্চয় পিতাক স্মৰণ কৰিব লাগে। তোমালোকে এই উত্তৰাধিকাৰ পিতাৰ পৰা বহুবাৰ লৈছা। ড্ৰামাৰ চক্ৰ পুনৰাবৃত্তি হৈ থাকে নহয়। বহুবাৰ তোমালোকে শিক্ষকৰ পৰা পঢ়ি কিবা নহয় কিবা পদ পাইছা। পঢ়াত বুদ্ধিযোগ শিক্ষকৰ সৈতে নাথাকে জানো। পৰীক্ষা লাগিলে সৰুৱেই হওঁক বা ডাঙৰেই হওঁক, আত্মায়ে নপঢ়ে জানো। এওঁৰো আত্মাই পঢ়ে। শিক্ষকক আৰু লক্ষ্য-উদ্দেশ্যক স্মৃতিত ৰাখিব লাগে। সৃষ্টিৰ চক্ৰও বুদ্ধিত থাকিব লাগে। পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰিব লাগে। দৈৱীগুণো ধাৰণ কৰিব লাগে। যিমানে ধাৰণ কৰিবা সিমানে উচ্চ পদ পাবা। যদি ভালদৰে স্মৰণ কৰি থাকা তেন্তে ইয়ালৈ অহাৰো কি দৰকাৰ। কিন্তু তথাপিও আহে। এনেকুৱা উচ্চ পিতা, যাৰ পৰা ইমান বেহদৰ উত্তৰাধিকাৰ পোৱা যায়, তেওঁক লগ কৰিতো আহোঁ। সকলোৱে মন্ত্ৰ লৈ আহে। তোমালোকেতো বহুত শ্ৰেষ্ঠ মন্ত্ৰ পাইছা। গোটেই জ্ঞানতো ভালদৰে বুদ্ধিত আছে।

এতিয়া তোমালোক সন্তানসকলে বুজিছা যে বিনাশী উপাৰ্জনৰ পিছত বেছি সময় নষ্ট কৰিব নালাগে। সেয়াতো সকলো মাটিত মিহলি হৈ যাব। পিতাক জানো কিবা লাগে? একোৱেই নালাগে। কিবা খৰচ আদি কৰিলেও নিজৰ কাৰণেহে কৰে। ইয়াত পাই-পইচাও খৰচ নহয়। যুদ্ধ কৰিবৰ কাৰণে কোনো গুলি বা টেঙ্ক আদিতো কিনা নহয়। একোৱেই নাই। তোমালোকে যুদ্ধ কৰিও গোটেই জগতৰ পৰা গুপ্ত হৈ থাকা। তোমালোকৰ যুদ্ধ চোৱা কেনেকুৱা। ইয়াক কোৱা হয় যোগবল, গোটেইবোৰ গুপ্ত কথা। ইয়াত কাকো মৰাৰ প্ৰয়োজন নাই। তোমালোকে কেৱল পিতাক স্মৰণ কৰিব লাগে। এই সকলোৰে মৃত্যু ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত তোমালোকে যোগবল জমা কৰিবৰ কাৰণে পাঠ পঢ়া। পঢ়া শেষ হ’লেই আকৌ প্ৰালব্ধ লাগে নতুন সৃষ্টিত। পুৰণি সৃষ্টিৰ কাৰণে এই প্ৰাকৃতিক দুৰ্যোগবোৰ আছে। গায়নো আছে - নিজৰ কুলৰ বিনাশ কেনেকৈ কৰে। কিমান ডাঙৰ কুল। গোটেই ইউৰোপ আহি যায়। এই ভাৰততো বেলেগ কোণাত আছে। বাকী সকলো নাশ হৈ যাব। যোগবলৰ দ্বাৰাই তোমালোকে গোটেই বিশ্বত বিজয় প্ৰাপ্ত কৰা। এই লক্ষ্মী-নাৰায়ণৰ দৰে পৱিত্ৰও হ'ব লাগে। তাত আসুৰিক দৃষ্টি নাথাকে। আগলৈ গৈ তোমালোকৰ বহুত সাক্ষাৎকাৰ হ'ব। নিজৰ দেশৰ ওচৰলৈ আহিলে তেতিয়া বৃক্ষ দেখিবলৈ পোৱা যায় নহয়। গতিকে আনন্দিত হয় – এতিয়া ঘৰৰ সমীপত আহি পালোঁহি। তোমালোকো এতিয়া ঘৰলৈ যাব ওলাইছা, পুনৰ নিজৰ সুখধামলৈ আহিবা। বাকী অলপ সময় আছে, স্বৰ্গৰ পৰা বিদায় লোৱা কিমান সময় হৈ গ’ল। এতিয়া পুনৰ স্বৰ্গ সমীপত আহি আছে। তোমালোকৰ বুদ্ধি ওপৰলৈ গুচি যায়। সেইখন হৈছে নিৰাকাৰী জগত, যাক ব্ৰহ্মাণ্ড বুলিও কয়। আমি তাৰ নিবাসী। ইয়াত 84ৰ ভূমিকা পালন কৰিলোঁ। এতিয়া আমি যামগৈ। তোমালোক সন্তানসকল হৈছা আদিৰ পৰা অন্তলৈকে ভূমিকা পালন কৰোঁতা, আৰম্ভণিৰ পৰা গোটেই 84 জন্ম লওঁতা। পলমকৈ অহাসকলক আদিৰ পৰা অন্তলৈকে ভূমিকা পালন কৰোঁতা বুলি কোৱা নহ’ব। পিতাই বুজাইছে - সৰ্বাধিক আৰু সৰ্বনিম্ন কিমান জন্ম লোৱা? এটা জন্মলৈকে আছে। অন্তিমত সকলোৱে উভতি যাব। নাটক পূৰা হ'ল, খেল শেষ। এতিয়া পিতাই বুজায় - মোক স্মৰণ কৰা, অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। পিতাৰ ওচৰত পৰমধামলৈ গুচি যাবাগৈ। তাক কোৱা হয় মুক্তিধাম, শান্তিধাম আকৌ তাৰপাছত সুখধাম। এইখন হৈছে দুখধাম। ওপৰৰ পৰা প্ৰত্যেকেই সতোপ্ৰধান তাৰপাছত সতো, ৰজো, তমোত আহে। যদি এটা জন্ম হয় তেন্তে সেইটো জন্মতে এই চাৰিওটা অৱস্থা পাব। কিমান ভালদৰে সন্তানসকলক বুজায়, তথাপিও স্মৰণ নকৰে। পিতাক পাহৰি যায়, ক্ৰমানুসৰিতো হয়েই নহয়। সন্তানসকলে জানে যে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি ৰুদ্ৰ মালা তৈয়াৰ হয়। কিমান কোটিৰ ৰুদ্ৰ মালা আছে। এয়া হৈছে বেহদ বিশ্বৰ মালা। ব্ৰহ্মাই বিষ্ণু, বিষ্ণুয়ে আকৌ ব্ৰহ্মা, দুয়োৰে উপাধি চোৱা, এই প্ৰজাপিতা ব্ৰহ্মাৰ নাম আছে। আধাকল্পৰ পাছত পুনৰ ৰাৱণ আহে। দেৱী-দেৱতা, তাৰপাছত ইছলাম........। আদম-বিবিকো স্মৰণ কৰে, স্বৰ্গকো স্মৰণ কৰে। ভাৰত স্বৰ্গ আছিল, সন্তানসকলতো বহুত আনন্দিত হ'ব লাগে। বেহদৰ পিতা, উচ্চতকৈও উচ্চ ভগৱানে, উচ্চতকৈও উচ্চ পাঠ পঢ়ায়। উচ্চতকৈও উচ্চ পদ পোৱা যায়। সকলোতকৈ উচ্চ শিক্ষক হৈছে পিতা। তেওঁ শিক্ষকো হয়, আকৌ লগত লৈও যাব গতিকে সৎগুৰুও হৈ গ’ল। এনেহেন পিতা কিয় স্মৃতিত নাথাকিব। আনন্দৰ সীমা থাকিব নালাগে। কিন্তু এয়া হৈছে যুদ্ধক্ষেত্ৰ, মায়াই স্থিৰ হৈ থাকিব নিদিয়ে। বাৰে বাৰে বাগৰি পৰে। পিতাইতো কয় – সন্তানসকল, স্মৃতিৰ দ্বাৰাই তোমালোক মায়াজিৎ হ'বা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাই যি শিকায় সেয়া কাৰ্যত ৰূপায়ণ কৰিব লাগে, কেৱল কাগজত টুকি ৰাখিব নালাগে। বিনাশৰ পূৰ্বে জীৱনবন্ধনৰ পৰা জীৱনমুক্ত পদ প্ৰাপ্ত কৰিব লাগে।

(2) বিনাশী উপাৰ্জনৰ পিছত নিজৰ সময় বেছিকৈ নষ্ট কৰিব নালাগে কিয়নো এয়াতো সকলো মাটিত মিলি যাব। সেয়েহে বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ ল'ব লাগে আৰু দৈৱীগুণো ধাৰণ কৰিব লাগে।

বৰদান:
যোগবলেৰে মায়াৰ শক্তিৰ ওপৰত বিজয় প্ৰাপ্ত কৰোঁতা সৰ্বদা বিজয়ী হোৱা

জ্ঞান বল আৰু যোগ বল সকলোতকৈ শ্ৰেষ্ঠ বল। যেনেকৈ বিজ্ঞানৰ শক্তিয়ে অন্ধকাৰৰ ওপৰত বিজয় প্ৰাপ্ত কৰি পোহৰ কৰি দিয়ে তেনেকৈ যোগবলে সদাকালৰ বাবে মায়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰি বিজয়ী কৰি তোলে। যোগবল ইমান শ্ৰেষ্ঠ বল যে মায়াৰ শক্তি ইয়াৰ আগত একোৱেই নহয়। যোগবলেৰে বলৱান আত্মা সপোনতো মায়াৰ দ্বাৰা পৰাজিত হ'ব নোৱাৰে। সপোনতো কোনো দুৰ্বলতা আহিব নোৱাৰে। এনেকুৱা বিজয়ৰ তিলক তোমালোকৰ মস্তকত লাগি আছে।

স্লোগান:
প্ৰথম নম্বৰত আহিবলৈ হ'লে ব্যৰ্থক সমৰ্থলৈ পৰিৱৰ্তন কৰি দিয়া।


“ইচ্ছা মাত্ৰম অবিদ্যা” স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত:

যিকোনো ইচ্ছাই ভাল কৰ্ম সমাপ্ত কৰি দিয়ে সেয়েহে “ইচ্ছা মাত্ৰম অবিদ্যা” হোৱা। এনেকুৱা জ্ঞানী নহ’বা যে এয়া মই কৰিলোঁ গতিকে মই পোৱাই উচিত, মোৰ প্ৰতি ন্যায় হোৱা উচিত। কেতিয়া ন্যায় বিচাৰোঁতা নহ’বা। যিকোনো প্ৰকাৰৰ মগনীয়া হ’লে নিজক তৃপ্ত আত্মা অনুভৱ নোৱাৰিবা।