07.09.25    Avyakt Bapdada     Assame Murli     31.12.2006     Om Shanti     Madhuban


“*“দৃঢ়তা আৰু পৰিৱৰ্তন শক্তিৰে ‘কাৰণ’ আৰু ‘সমস্যা’ শব্দক বিদায় দি ‘নিবাৰণ’ আৰু ‘সমাধান’ স্বৰূপ হোৱা”*”


আজি নৱযুগ ৰচয়িতা বাপদাদাই নিজৰ চাৰিওফালৰ সন্তানসকলক নৱবৰ্ষ আৰু নৱযুগ দুয়োটাৰে অভিনন্দন জনাবলৈ আহিছেহঁক। চাৰিওফালৰ সন্তানসকলো অভিনন্দন জনাবলৈ আহি উপস্থিত হৈছেহি। কেৱল নতুন বছৰৰ অভিনন্দন জনাবলৈ আহিছা নে নৱযুগৰো অভিনন্দন জনাবলৈ আহিছা? যিদৰে নতুন বছৰ আহিলে আনন্দিত হোৱা আৰু আনন্দ বিলোৱা। সেইদৰে তোমালোক ব্ৰাহ্মণ আত্মাসকলৰ নৱযুগো সিমানে স্মৃতিত আছেনে? নৱযুগ চকুৰ আগত আহিছেনে? যিদৰে নতুন বছৰৰ বাবে অন্তৰত উদয় হৈছে যে নৱবৰ্ষ আহিলেই, সেইদৰে নিজৰ নৱযুগৰ বাবে ইমান অনুভৱ কৰা নে যে নৱযুগ আহিলেই? সেই নৱযুগৰ স্মৃতি ইমান সমীপত আহেনে? সেই শৰীৰ ৰূপী নিজৰ চিকমিকাই থকা বস্ত্ৰ সন্মুখত দৃষ্টিগোচৰ হৈছেনে? বাপদাদাই ডবল অভিনন্দন জনায়। সন্তানসকলৰ মনত, নয়নত নৱযুগৰ দৃশ্যাৱলী জাগ্ৰত হৈ আছে, নৱযুগত নিজৰ দেহ-মন-জন কিমান শ্ৰেষ্ঠ হয়, সৰ্ব প্ৰাপ্তিৰ ভঁৰাল হয়। আনন্দিত হৈছানে যে আজি পুৰণি জগতত আছোঁ আৰু এতিয়াই নিজৰ ৰাজ্যত থাকিমগৈ! নিজৰ ৰাজ্য স্মৃতিত আছে নহয়? যিদৰে আজি ডবল কাৰ্যৰ বাবে আহিছা, পুৰণিক বিদায় জনাবলৈ আৰু নতুন বছৰৰ অভিনন্দন জনাবলৈ আহিছা। কেৱল পুৰণি বৰ্ষক বিদায় দিবলৈ আহিছা নে পুৰণি সৃষ্টিৰ পুৰণা সংস্কাৰ, পুৰণা স্বভাৱ, পুৰণা চাল-চলন সেয়াও বিদায় দিবলৈ আহিছা? পুৰণি বছৰক বিদায় দিয়াতো সহজ, কিন্তু পুৰণা সংস্কাৰ বিদায় দিবলৈও ইমান সহজ লাগেনে? কি ভাবা? মায়াকো বিদায় দিবলৈ আহিছা নে বৰ্ষক বিদায় দিবলৈ আহিছা? বিদায় দিব লাগে নহয়! নে মায়াৰ প্ৰতি অলপ প্ৰীতি আছে? অলপ অলপ ৰাখিব খোজা নেকি?

বাপদাদাই আজি চাৰিওফালৰ সন্তানসকলৰ পুৰণা সংস্কাৰ স্বভাৱ বিদায় হোৱাটো বিচাৰিছে। বিদায় দিব পাৰিবানে? সাহস আছেনে নে ভাবা যে বিদায় দিব বিচাৰোঁ কিন্তু আকৌ মায়া আহি যায়। আজিৰ দিনটোত দৃঢ় সংকল্পৰ শক্তিৰে পুৰণা সংস্কাৰ বিদায় দি নতুন সংস্কাৰক, জীৱনক অভিনন্দন জনোৱাৰ সাহস আছেনে? আছেনে সাহস? যিসকলে ভাবা যে হ’ব পাৰে, হ’ব পাৰে বা হ’বই লাগিব, এনেকুৱা সাহসী আছেনে? যিসকলে ভাবা যে সাহস আছে তেওঁলোকে হাত দাঙা। সাহস আছেনে? বাৰু যিসকলে হাত দঙা নাই তেওঁলোকে ভাবি আছা নেকি? ডবল বিদেসীসকলে হাত দাঙিলে, যাৰ সাহস আছে তেওঁলোকে হাত দাঙা, সকলোৱে নহয়। বাৰু, ডবল বিদেশীসকলতো হুচিয়াৰ। ডবল নিচা আছে সেইবাবে। চাবা বাপদাদাই প্ৰত্যেক মাহত ফলাফল চাব। বাপদাদা আনান্দিত হৈছে যে সন্তানসকল সাহসী। চতুৰালিৰে উত্তৰ দিওঁতা সন্তান। কিয়? কিয়নো জানে যে আমাৰ সাহসৰ এখোজ আৰু হাজাৰ খোজ পিতাৰ সহায়তো পামেই। অধিকাৰী হোৱা। হাজাৰ খোজ সহায়ৰ অধিকাৰী হোৱা! কেৱল সাহসক মায়াই লৰাবলৈ চেষ্টা কৰে। বাপাদাদাই দেখিবলৈ পায় যে সাহস ভালেই থাকে বাপদাদাই অন্তৰেৰে অভিনন্দনো জনায় কিন্তু সাহস কৰি আকৌ লগতে নিজৰ ভিতৰত ব্যৰ্থ সংকল্প উৎপন্ন কৰি লয়, কৰিতো আছো, হ’বতো লাগে, নিশ্চয় কৰিম, ক’ব নোৱাৰো... ‘ক’ব নোৱাৰো’ৰ সংকল্প অহা ই সাহসক দুৰ্বল কৰি দিয়ে। ‘তো’ ‘তো’ আহি যায় নহয়, কৰি তো আছো, কৰিব তো লাগিব.... আগলৈ উৰিব তো লাগিবই...। ই সাহসক বিচলিত কৰি দিয়ে। তেন্তে নাভাবিবা, কৰিবই লাগিব। কিয় নহব! পিতা লগত আছে যেতিয়া, তেন্তে পিতাৰ লগত ‘তো’ ‘তো’ আহিব নোৱাৰে।

তেন্তে এইটো বছৰত কি নবীনতা আনিবা? সাহসৰ ভৰি মজবুত কৰা। সাহসৰ ভৰি ইমান মজবুত কৰা যাতে মায়া নিজেই অস্থিৰ হৈ যায় কিন্তু ভৰি অস্থিৰ নহয়। তেন্তে নৱবৰ্ষত নবীন কিবা কৰিবা নে যেনেকৈ কেতিয়াবা অস্থিৰ হোৱা কেতিয়াবা মজবুত হৈ থাকা, এনেকুৱাতো নকৰা নহয়! তোমালোক সকলোৰে কৰ্তব্য বা পেছা কি? নিজক কি বুলি কোৱা? মনত পেলোৱা। বিশ্ব কল্যাণী, বিশ্ব পৰিৱৰ্তক, এয়া তোমালোকৰ পেছা হয় নহয়! বাপদাদাৰ কেতিয়াবা মিঠা মিঠা হাঁহি উঠে। বিশ্ব পৰিৱৰ্তক উপাধিতো আছে নহয়! বিশ্ব পৰিৱৰ্তক হোৱানে? নে লণ্ডন পৰিৱৰ্তক, ভাৰত পৰিৱৰ্তক? বিশ্ব পৰিৱৰ্তক হোৱা নহয়, সকলো? গাঁৱতে থাকা, লণ্ডনতে থাকা বা আমেৰিকাতে থাকা কিন্তু বিশ্ব কল্যাণকাৰী হোৱা নহয়? যদি হোৱা কান্ধ লৰোৱা। দৃঢ় হোৱা নহয়! নে 75 শতাংশ হোৱা। 75 শতাংশ বিশ্ব কল্যাণকাৰী আৰু 25 শতাংশ ৰেহাই, এনেকুৱা নেকি? তোমালোকৰ প্ৰত্যাহ্বান কি? প্ৰকৃতিকো প্ৰত্যাহ্বান জনাইছা যে প্ৰকৃতিকো পৰিৱৰ্তন কৰিবই লাগিব। সেয়েহে নিজৰ পেছা স্মৃতিলৈ আনা। কেতিয়াবা কেতিয়াবা নিজৰ বাবেও ভাবা - কৰিবতো নালাগে কিন্তু হৈ যায়। তেন্তে বিশ্ব পৰিৱৰ্তক, প্ৰকৃতি পৰিৱৰ্তক, স্ব-পৰিৱৰ্তক হ’ব নোৱাৰানে? শক্তিসেনাই কি ভাবা? এইটো বৰ্ষত নিজৰ বিশ্ব পৰিৱৰ্তক পেছা স্মৃতিত ৰাখিবা। নিজৰ প্ৰতি আৰু নিজৰ ব্ৰাহ্মণ পৰিয়ালৰ প্ৰতিও পৰিৱৰ্তক হ’বা কিয়নো প্ৰথমেতো সেৱা ঘৰৰ পৰাই আৰম্ভ হয় নহয়! গতিকে নিজৰ পেছাৰ বাস্তৱিক স্বৰূপ প্ৰত্যক্ষ কৰিবা নহয়! স্ব-পৰিৱৰ্তন যিটো নিজেও বিচৰা আৰু বাপদাদায়ো বিচাৰে, জানাতো নহয়! বাপদাদাই সোধে যে তোমালোক সকলো সন্তানৰ লক্ষ্য কি? তেতিয়া গৰিষ্ঠসংখ্যকেতো এটাই উত্তৰ দিয়া যে পিতাৰ সমান হ’ব লাগে। ঠিকে আছে নহয়! পিতাৰ সমান হ’বই লাগে নহয়, নে চাম, ভাবিম….। গতিকে পিতায়ো এইটোৱে বিচাৰে যে নতুন বৰ্ষত 70 বছৰ পূৰ্ণ হৈছে (2006ত এতিয়া 89 বছৰ) এতিয়া 71 বৰ্ষত কিবা চমৎকাৰ কৰি দেখুওৱা। সকলোৱে সেৱাৰ উৎসাহত ভিন্ন ভিন্ন অনুষ্ঠান পাতি থাকে, সফলো হৈ থাকে, বাপদাদা আনন্দিতও হয় যে যি পৰিশ্ৰম কৰা তাৰ সফলতা প্ৰাপ্ত হয়। ব্যৰ্থত নাযায় কিন্তু সেৱা কিহৰ বাবে কৰা? তেতিয়া কি উত্তৰ দিয়ে? পিতাক প্ৰত্যক্ষ কৰাৰ বাবে। গতিকে আজি সন্তানসকলক সুধিছে যে পিতাকতো প্ৰত্যক্ষ কৰিবই লাগে, কৰিবাই কিন্তু পিতাক প্ৰত্যক্ষ কৰাৰ পূৰ্বে নিজক প্ৰত্যক্ষ কৰা। কোৱা, শিৱ শক্তিয়ে এইটো বছৰ শিৱ শক্তিৰ ৰূপত নিজক প্ৰত্যক্ষ কৰিবানে? কৰিবানে? জনক (জানকী দাদী) কোৱা? কৰিবা? (কৰিবই লাগিব) সংগী, প্ৰথম দ্বিতীয় শাৰীত বহি থকা শিক্ষকসকল হাত দাঙা যিসকলে এই বছৰত কৰি দেখুৱাবা। কৰিম নহয়, কৰি দেখুৱাবই লাগিব। বাৰু – সকলো শিক্ষকে হাত দাঙিলেনে নে কোনোবাই দঙা নাই।

বাৰু - মধুবন নিবাসী। কৰিবই লাগে, কৰিব লাগিব কিয়নো মধুবনতো সমীপতে আছে নহয়। তাৰিখ টুকি ৰাখিবা, 31 তাৰিখ। সময়ো টুকি ৰাখিবা (9 বাজি 20 মিনিট)। আৰু পাণ্ডৱসেনা, পাণ্ডৱসকলে কি দেখুৱাব লাগে? বিজয়ী পাণ্ডৱ। কেতিয়াবা কেতিয়াবা বিজয়ী নহয়, হয়েই বিজয়ী পাণ্ডৱ। গতিকে এইটো বছৰত এনেকুৱা হৈ দেখুৱাবা নে ক’বা কি কৰোঁ? মায়া আহি গ’ল নহয়, বিচৰা নাছিলোঁ আহি গ’ল! বাপদাদাই আগতেও কৈছে - মায়াই নিজৰ অন্তিম সময়লৈকে অহা বন্ধ নকৰিব। কিন্তু মায়াৰ কাম হ’ল অহা আৰু তোমালোকৰ কাম কি? বিজয়ী হোৱা। এনেকৈ নাভাবিবা, বিচাৰোনো ক’ত কিন্তু মায়া আহি যায়। হৈ যায়…। এতিয়া বাপদাদাই বিচাৰিছে যে এইটো বৰ্ষৰ লগতে এই শব্দবোৰকো বিদায় জনোৱা। 12 বজাত এইটো বৰ্ষক বিদাই দি দিবা নহয়! গতিকে যি ঘণ্টা বজাবা, আজি যেতিয়া ঘণ্টা বজাবা তেতিয়া কাৰ ঘণ্টা বজাবা? দিনৰ, বৰ্ষৰ নে মায়াৰ বিদায়ৰ ঘণ্টা বজাবা। দুটা কথা আছে - এটাতো পৰিৱৰ্তন শক্তি, তাৰ অভাৱ আছে। পৰিকল্পনা বহুত ভাল কৰা, এনেকৈ কৰিম, এনেকৈ কৰিম, এনেকৈ কৰিম…। বাপদাদাও হৰ্ষিত হৈ যায়, বহুত ভাল পৰিকল্পনা কৰিছে কিন্তু পৰিৱৰ্তন শক্তিৰ অভাৱ হোৱা বাবে কিছু পৰিৱৰ্তন হয়, কিছু থাকি যায়। আৰু দ্বিতীয়টো অভাৱ - দৃঢ়তাৰ। সংকল্প ভাল ভাল কৰা, আজিও চোৱা কিমান কাৰ্ড, কিমান প্ৰস্তাৱ, কিমান প্ৰতিজ্ঞা দেখিলে, বাপদাদাই দেখিছে। বহুত ভাল ভাল পত্ৰ আহিছে। (কাৰ্ড পত্ৰ আদি সকলো মঞ্চত সজাই থোৱা আছে)। তেন্তে কৰিম, কৰি দেখুৱাম, হ’বই, হ’বই লাগিব, পদম-পদমগুণ স্নেহপূৰ্ণ স্মৃতি, সকলো বাপদাদাৰ ওচৰত আহি পাইছে। তোমালোক যিসকল সন্মুখত বহি আছা, তেওঁলোকৰ অন্তৰৰ আৱাজো পিতাৰ ওচৰত আহি পাইছে। কিন্তু এতিয়া বাপদাদাই এই দুটা শক্তিৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰাই আছে। এক দৃঢ়তাৰ অভাৱ হৈ যায়। অভাৱৰ কাৰণ হৈছে অমনোযোগিতা আৰু আনক চোৱাৰ প্ৰৱণতা। হৈ যাব, কৰিতো আছোঁ, কৰিম, নিশ্চয় কৰিম……।

বাপদাদাই এইটোৱে বিচাৰে যে এইটো বছৰ এটা শব্দ সদাকালৰ বাবে বিদায় দিয়া। সেয়া কোনটো? কওঁনে, কওঁ? দিব লাগিব। এইটো বৰ্ষত বাপদাদাই ‘কাৰণ’ শব্দ বিদায় জনোৱাটো বিচাৰে। নিবাৰণ হওঁক, কাৰণ সমাপ্ত। সমস্যা সমাপ্ত, সমাধান স্বৰূপ। নিজৰেই ‘কাৰণ’ হওঁক, সংগীৰেই ‘কাৰণ’ হওঁক নতুবা সংগঠনৰেই ‘কাৰণ’ হওঁক, যিকোনো পৰিস্থিতিৰে ‘কাৰণ’ হওঁক, ব্ৰাহ্মণৰ অভিধানত ‘কাৰণ’ শব্দ, ‘সমস্যা’ শব্দ পৰিৱৰ্তন হওঁক, ‘সমাধান’ আৰু ‘নিবাৰণ’ হৈ যাওঁক কিয়নো বহুতে আজি অমৃতবেলাও বাপদাদাৰ সৈতে বাৰ্তালাপত এইটো কথাই ক’লে, যে নতুন বছৰত কিবা নবীনতা কৰোঁ। সেয়েহে বাপদাদাই বিচাৰে যে এইটো নতুন বৰ্ষ এনেকৈ উদ্‌যাপন কৰা যাতে এই দুটা শব্দ সমাপ্ত হৈ যায়। পৰোপকাৰী হোৱা। নিজেই কাৰণ হোৱা বা আন কোনোবা কাৰণ হয়, কিন্তু পৰোপকাৰী আত্মা হৈ, দয়াশীল আত্মা হৈ, শুভ-ভাৱনা, শুভ-কামনাৰ অন্তৰধাৰী হৈ সহযোগ দিয়া, স্নেহ লোৱা।

তেন্তে এই নতুন বৰ্ষটিৰ কি নাম দিবা? আগতে প্ৰতিটো বছৰৰ নাম দিছিলা, স্মৃতিত আছে নহয়? বাপদাদাই এই বছৰটোক শ্ৰেষ্ঠ শুভ-সংকল্প, দৃঢ়-সংকল্প, স্নেহ-সহযোগ সংকল্প বৰ্ষ - এইটো নাম নহয়, কিন্তু এনেকুৱা হোৱাটো চাব বিচাৰে। দৃঢ়তা শক্তি, পৰিৱৰ্তন শক্তিক সদায় সংগী কৰি লোৱা। কোনোবাই নেতিবাচক যিয়েই নিদিয়ক কিন্তু যিহেতু তোমালোকে আনক নেতিবাচকক ইতিবাচকলৈ পৰিৱৰ্তন কৰাৰ পাঠ্যক্ৰম কৰোৱা তেন্তে তোমালোকে নিজে নেতিবাচকক ইতিবাচকলৈ পৰিৱৰ্তন কৰিব নোৱাৰানে? অন্যসকল পৰৰ বশীভূত, পৰৰ বশীভূতসকলক দয়া কৰা হয়। তোমালোকৰ জড় চিত্ৰ, তোমালোকৰে চিত্ৰ হয় নহয়। ভাৰতত ডবল বিদেশীৰো চিত্ৰ আছে নহয়, যাক পূজা কৰা হয়। দিলৱাৰা মন্দিৰততো নিজৰ চিত্ৰ দেখিছা নহয়! বহুত ভাল। যিহেতু তোমালোকৰ জড় চিত্ৰ দয়াশীল হয়, যিকোনো চিত্ৰৰ আগত গ’লে তেতিয়া কি খোজে? দয়া কৰক, কৃপা কৰক, ৰহম কৰক, দয়া, দয়া…… তেন্তে সদায় প্ৰথমে নিজৰ ওপৰত দয়া কৰা, তাৰ পাছত ব্ৰাহ্মণ পৰিয়ালৰ ওপৰত দয়া কৰা, যদি কোনোবা পৰৰ বশীভূত, সংস্কাৰৰ বশীভূত, দুৰ্বল, সেই সময়ত অবোধ হৈ যায়, তেতিয়া ক্ৰোধ নকৰিবা। ক্ৰোধৰ অভিযোগ বেছিকৈ আহে। ক্ৰোধ নহ’লেও তাৰ সন্তান-সন্ততিৰ প্ৰতি বহুত স্নেহ আছে। প্ৰভুত্ব দেখুওৱাৰ প্ৰৱণতা আহে, এই প্ৰভুত্ব দেখুওৱাটোও ক্ৰোধৰ সন্তান। যিদৰে পৰিয়ালৰ ক্ষেত্ৰত, ডাঙৰ সন্তানসকলৰ প্ৰতি স্নেহ কম হৈ যায়, আৰু নাতি-পুতিৰ প্ৰতি স্নেহ বেছি হৈ যায়। গতিকে ক্ৰোধ হৈছে পিতা আৰু প্ৰভুত্ব দেখুওৱাটো ওলোটা নিচা, নিচাও ভিন্ন ভিন্ন থাকে, বুদ্ধিৰ নিচা, কৰ্তব্যৰ নিচা, সেৱাৰ কিবা বিশেষ কৰ্তব্যৰ নিচা, এয়া হৈছে প্ৰভুত্ব। সেয়ে দয়ালু হোৱা, কৃপালু হোৱা। চোৱা, নৱবৰ্ষত ইজনে সিজনৰ মুখ মিঠাও কৰে, অভিনন্দন জনায়, তেন্তে মুখ মিঠাও কৰে নহয়! গোটেই বছৰটো কুটুতা নেদেখুৱাবা। তেওঁলোকে মুখ মিঠা কৰে, তোমালোকে কেৱল মুখ মিঠা নকৰা কিন্তু তোমালোকৰ মুখো (বণীও) মিঠা হওঁক। সদায় নিজৰ মুখমণ্ডল আত্মিকতাৰ স্নেহৰ হওঁক, মিচিকিয়া হাঁহিৰ হওঁক। কটুতাৰ নহয়। গৰিষ্ঠসংখ্যকে যেতিয়া বাপদাদাৰ লগত বাৰ্তালাপ কৰে তেতিয়া নিজৰ সঁচা কথা শুনাই দিয়ে অন্য কোনেওতো নুশুনেই। গৰিষ্ঠসংখ্যকৰ ফলাফলত অন্য বিকাৰতকৈ ক্ৰোধ বা ক্ৰোধৰ সন্তান সন্ততিৰ অভিযোগ বেছিকৈ আছে।

গতিকে বাপদাদাই এই নৱবৰ্ষত কুটুতা দূৰ কৰাতো বিচাৰে। বহুতে নিজৰ প্ৰতিজ্ঞাও লিখিছে যে নিবিচাৰো কিন্তু আহি যায়। বাপদাদাই কাৰণ শুনালে যে দৃঢ়তাৰ অভাৱ আছে। পিতাৰ আগত সংকল্পৰে প্ৰতিজ্ঞাও কৰে, কিন্তু দৃঢ়তা এনেকুৱা শক্তি যাৰ ক্ষেত্ৰত জগতৰ লোকেও কয় শৰীৰ এৰিবলগীয়া হ’লেও যাতে প্ৰতিজ্ঞা ভঙ্গ নহয়। মৰিবলগীয়া হওঁক, নতশিৰ হ’বলগীয়া হওঁক, পৰিৱৰ্তন হ’বলগীয়া হওঁক কিন্তু প্ৰতিজ্ঞাত দৃঢ় হৈ থাকোঁতাসকল প্ৰতিটো খোজত সফলতামূৰ্ত হয় কিয়নো দৃঢ়তা হৈছে সফলতাৰ চাবী। এই চাবী সকলোৰে আছে, কিন্তু সময়ত হেৰাই যায়। তেন্তে কি ভাবিছা?

নৱবৰ্ষত নিজৰ, সহযোগীসকলৰ আৰু বিশ্ব পৰিৱৰ্তনত নবীনতা আনিবই লাগিব। পিছৰসকলে শুনি আছানে? কৰিব লাগিব নহয়, এনেকৈ নাভাবিবা যে প্ৰথমেতো জ্যেষ্ঠসকলে কৰিব, আমিতো কনিষ্ঠ হয় নহয়। কনিষ্ঠ পিতাৰ সমান। প্ৰতিগৰাকী সন্তান পিতাৰ অধিকাৰী, যদিওবা প্ৰথমবাৰ আহিছা কিন্তু “মোৰ বাবা” বুলি ক’লা গতিকে অধিকাৰী হোৱা। শ্ৰীমতত চলাৰো অধিকাৰী আৰু সৰ্ব প্ৰাপ্তিৰো অধিকাৰী। শিক্ষকসকল পৰস্পৰ কাৰ্যসূচী হাতত ল’বা, বিদেশীসকলেও ল’বা, ভাৰতীয়সকলেও মিলিজুলি কাৰ্যসূচী হাতত ল’বা। বাপদাদাই পুৰস্কাৰ দিব, কোনটো মণ্ডলক, বিদেশে হওঁক বা ভাৰতে হওঁক, যিটো মণ্ডলে এক নম্বৰ লয় সেইটো মণ্ডলক সোণালী কাপ দিব। কেৱল নিজে নহ’বা, সংগীসকলকো গঢ়ি তুলিবা কিয়নো বাপদাদাই দেখিছে যে সন্তানসকলৰ পৰিৱৰ্তন নোহোৱা বাবে বিশ্বৰ পৰিৱৰ্তনো ঢীলা হৈ আছে। অন্য আত্মাসকল নতুন নতুন প্ৰকাৰৰ দুখৰ পাত্ৰ হৈ আছে। দুখ-অশান্তিৰ নতুন নতুন কাৰণ ওলাই আছে। সেয়েহে পিতাই এতিয়া সন্তানসকলৰ দুখৰ কাতৰোক্তি শুনি পৰিৱৰ্তন বিচাৰে। হে মাষ্টৰ সুখদাতা সন্তানসকল, দুখীসকলৰ ওপৰত দয়া কৰা। ভক্তসকলো ভক্তি কৰি কৰি ভাগৰি হৈছে। ভক্তসকলকো মুক্তিৰ উত্তৰাধিকাৰ দিয়া। দয়া ওপজে নে নাই? নিজৰে সেৱাত, নিজৰে দিনচৰ্যাত ব্যস্ত হৈ আছা নেকি? নিমিত্ত হোৱা, এনেকুৱা নহয় যে জ্যেষ্ঠসকল নিমিত্ত, এটি এটি সন্তান যিয়ে “মোৰ বাবা” বুলি কলে, মানি ল’লে তেওঁলোক সকলো নিমিত্ত। নৱবৰ্ষত ইজনে সিজনক উপহাৰো দিয়ে নহয়। গতিকে তোমালোকে ভক্তসকলৰ আশা পূৰ্ণ কৰা, তেওঁলোকক উপহাৰ প্ৰাপ্ত কৰোৱা। দুখীসকলক দুখৰ পৰা মুক্তি দিয়া, মুক্তিধামত শান্তি প্ৰাপ্ত কৰোৱা - এইটো উপহাৰ দিয়া। ব্ৰাহ্মণ পৰিয়ালত প্ৰত্যেক আত্মাক অন্তৰৰ স্নেহ আৰু সহযোগৰ উপহাৰ দিয়া, তোমালোকৰ ওচৰত উপহাৰৰ পুঁজি জমা আছেনে? স্নেহ আছেনে? সহযোগ আছেনে? মুক্তি দিয়াৰ শক্তি আছেনে? যাৰ ওচৰত পুঁজি বহুত জমা আছে, তেওঁলোকে হাত দাঙা। আছেনে জমা পুঁজি। জমা পুঁজি কম আছে নেকি? প্ৰথম শাৰীত বহাসকলৰ জমা পুঁজি কম আছে নেকি? এই বৃজমোহনে হাত দাঙা নাই। জমা পুঁজিতো আছে নহয়, জমা পুঁজি আছেনে? সকলোৱে হাত দাঙিলানে? জমা পুঁজি আছেনে? তেন্তে পুঁজি জমা ৰাখি কি কৰি আছা? জমা কৰি ৰাখিছা! শিক্ষকসকল পুঁজি জমা আছে নহয়? তেন্তে দিয়াচোন, উদাৰ অন্তৰৰ হোৱা। মধুবন নিবাসীয়ে কি কৰিবা? আছেনে জমা পুঁজি, মধুবনত আছেনে? মধুবনততো চাৰিওফালে পুঁজি ভৰপূৰ হৈ আছে। তেন্তে এতিয়া দাতা হোৱা, কেৱল জমা নকৰিবা। দাতা হোৱা, দি যোৱা। ঠিক আছে। বাৰু।

এতিয়া প্ৰত্যেকে নিজক মনৰ মালিক বুলি অনুভৱ কৰি এক চেকেণ্ডত মন একাগ্ৰ কৰিব পাৰিবানে? আদেশ দিব পাৰিবানে? এক চেকেণ্ডত নিজৰ মৰমৰ ঘৰত উপস্থিত হৈ যোৱা। এক চেকেণ্ডত নিজৰ ৰাজ্য স্বৰ্গত উপস্থিত হৈ হোৱা। মনে তোমালোকৰ আদেশ পালন কৰে নে অস্থিৰ হয়? মালিক যদি যোগ্য হয়, শক্তিশালী হয়, তেন্তে মনে নামানিব এনে হ’ব নোৱাৰে। সেয়েহে এতিয়া অভ্যাস কৰা এক চেকেণ্ডত সকলো নিজৰ মৰমৰ ঘৰত উপস্থিত হৈ যোৱা। এইটো অভ্যাস গোটেই দিনটোত মাজে মাজে কৰাৰ প্ৰতি মনোযোগ দিয়া। মনৰ একাগ্ৰতাই নিজকো আৰু বায়ুমণ্ডলো শক্তিশালী কৰি তোলে। বাৰু।

চাৰিওফালৰ সকলো স্নেহী, সকলো সহযোগী শ্ৰেষ্ঠ আত্মাসকলক, চাৰিওফালৰ বিজয়ী সন্তানসকলক, চাৰিওফালৰ পৰিৱৰ্তন শক্তিমান সন্তানসকলক, চাৰিওফালৰ সদায় নিজক প্ৰত্যেক্ষ কৰি পিতাক প্ৰত্যক্ষ কৰোঁতা সন্তানসকলক, সদায় সমাধান স্বৰূপ বিশ্ব পৰিৱৰ্তক সন্তানসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু অন্তৰৰ আশীৰ্বাদ স্বীকাৰ হওঁক। লগতে সকলো সন্তানক যিসকল পিতাৰো শিৰৰ মুকুট হয়, এনেকুৱা শিৰৰ মুকুটধাৰী সন্তানসকলক বাপদাদাৰ নমস্কাৰ।

বৰদান:
মুৰুলীধৰৰ মুৰুলীৰ সৈতে প্ৰীতি ৰাখোঁতা সৰ্বদা শক্তিশালী আত্মা হোৱা

যিসকল সন্তানৰ অধ্যয়ন তথা মুৰুলীৰ সৈতে স্নেহ আছে তেওঁলোকৰ সদায় শক্তিশালী হোৱাৰ বৰদান প্ৰাপ্ত হৈ যায়, তেওঁলোকৰ সন্মুখত কোনো বিঘিনি তিষ্ঠিব নোৱাৰে। মুৰুলীধৰৰ সৈতে প্ৰীতি ৰখা অৰ্থাৎ তেওঁৰ মুৰুলীৰ সৈতে প্ৰীতি ৰখা। যদি কোনোবাই কয় যে মুৰুলীধৰৰ সৈতেতো মোৰ স্নেহ আছে কিন্তু পঢ়িবৰ বাবে সময় নাই, তেন্তে পিতাই মানি নলয় কিয়নো য’ত প্ৰেম আছে ত’ত একো অজুহাত নাথাকে। অধ্যয়ন আৰু পৰিয়ালৰ স্নেহ দুৰ্গ হৈ যায়, য’ত তেওঁলোক নিৰাপদে থাকে।

স্লোগান:
সকলো পৰিস্থিতিত নিজক খাপ খুৱাই লোৱা তেতিয়া সঁচা সোণ হৈ যাবা।

অব্যক্ত সংকেত: সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা

যোগক জ্বালা ৰূপ শক্তিশালী কৰিবৰ বাবে যোগত বহাৰ সময়ত সমাহিত কৰাৰ শক্তি ব্যৱহাৰ কৰা। সেৱাৰ সংকল্পও সমাহিত হৈ যাওঁক ইমান শক্তি থাকক যাতে ৰ’বলৈ কলেই ৰৈ যায়। পূৰা ব্ৰেক লাগি যায়, ঢিলা ব্ৰেক নহয়। যদি এক চেকেণ্ডৰ পৰিৱৰ্তে বেছি সময় লাগি যায় তেন্তে সমাহিত কৰাৰ শক্তি দুৰ্বল বুলি কোৱা হ’ব।