07.09.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকে ইয়াত শ্ৰীকৃষ্ণৰ নিচিনা ৰাজকুমাৰ হোৱাৰ পাঠ পঢ়া, তোমালোকক পঢ়াওঁতাজন হৈছে
স্বয়ং ভগৱান”
প্ৰশ্ন:
বাবাই যেতিয়া
‘ভগৱানুবাচ’ শব্দটি কয় তেতিয়া অনেক সন্তান বিবুদ্ধিত পৰি যায় – কিয়?
উত্তৰ:
কাৰণ ভগৱানতো গুপ্ত। তেওঁলোকে ভাবি লয় কিজানি এই দাদাই (ব্ৰহ্মাই) ভগৱানুবাচ বুলি
কৈছে। কিন্তু নিৰাকাৰ ভগৱানক ক’বৰ কাৰণে নিশ্চয় মুখ লাগে নহয়। বাবাই কয় এইটো আচৰিত
বুজিবলগীয়া কথা যে মই কেনেকৈ এওঁৰ শৰীৰত প্ৰৱেশ কৰি তোমালোকক পঢ়াওঁ।
ওঁম্শান্তি।
ভগৱানুবাচ।
ভগৱানে কি কয়? এয়া ভগৱানুবাচ বুলি কোনে ক’লে? দেখাতো কাকোৱে পোৱা নাযায়। মনুষ্যক
ভগৱান বুলি কোৱা নহয়। কিছুমানে বুজিব যে কওঁতাজনেই ভগৱানুবাচ বুলি কয়। কিন্তু
নিৰাকাৰ ভগৱানে কৈ আছে, এইটো কেৱল তোমালোকেহে জানা। এয়া কোন বহি আছে! ভগৱান ক’ত আছে!
এয়া নতুন কথা হয়, নহয় জানো সেয়েহে মনুষ্য বিমোৰত পৰে। কিন্তু ভগৱানুবাচ নিশ্চয় হয়।
কয় যে মই সন্তানসকলক ৰাজযোগ শিকাই আছোঁ। নৰৰ পৰা নাৰায়ণ অথবা কৃষ্ণ, নাৰীৰ পৰা
লক্ষ্মী অথবা ৰাধা কৰি তুলিবৰ কাৰণে যোগ আৰু জ্ঞান শিকাওঁ, ইয়াতকৈ অধিক আৰু কি লাগে।
তোমালোকক মই ৰজাৰো ৰজা, ৰাজকুমাৰৰো ৰাজকুমাৰ কৰি তোলোঁ। ৰাজকুমাৰ-ৰাজকুমাৰীও
মন্দিৰলৈ যায় নহয় জানো। বিকাৰী ৰাজকুমাৰে, নিৰ্বিকাৰী ৰাজকুমাৰ শ্ৰীকৃষ্ণক নমন কৰে।
গতিকে মই তোমালোকক ৰাজকুমাৰৰো ৰাজকুমাৰ কৰি গঢ়ি তোলোঁ। শ্ৰীকৃষ্ণৰ নিচিনা স্বৰ্গৰ
ৰাজকুমাৰ হোৱা। জ্ঞান (পঢ়া) পঢ়িলেহে সেয়া হ’বা নহয় জানো। ডাক্তৰ বা বেৰিষ্টাৰে
বিদ্যাৰ্থীক ক’ব নহয় যে মই তোমালোকক ডাক্তৰ বা বেৰিষ্টাৰ কৰি গঢ়ি তোলোঁ। কিন্তু
পঢ়িলেহে তেতিয়াহে হ’বাগৈ। বাবাই কয়- সন্তানসকল, ভালদৰে বুজি পোৱানে যে ৰাজযোগ
শিকাওঁতা এজনেই ভগৱান, কৃষ্ণ নহয়। ৰাধা-কৃষ্ণতো বেলেগ বেলেগ ৰাজ্যৰ সন্তান।
তেওঁলোকৰ পৰস্পৰ বাগদান হয়, বিয়াৰ পাছত নাম সলনি হয় সেয়েহে চিত্ৰতো লক্ষ্মী-নাৰায়ণৰ
তলত ৰাধা-কৃষ্ণক দেখুৱাইছে।
এতিয়া পিতাই ভালদৰে বুজায় যে এই ব্ৰহ্মাও প্ৰথম নম্বৰৰ ভকত আছিল। শেষৰফালে নাৰায়ণৰ
পূজা কৰিছিল। কৃষ্ণৰ ভক্তি কৰিলে বা নাৰায়ণৰ ভক্তি কৰিলে, কথা একেটাই। কৃষ্ণই ডাঙৰ
হৈ নাৰায়ণ হয়। এতিয়া তোমালোকক নৰৰ পৰা নাৰায়ণ হ’বৰ বাবে ৰাজযোগ শিকাই আছোঁ। এতিয়া
তোমালোকৰ 84 জন্ম পূৰা হ’ল। এতিয়া এওঁৰ (ব্ৰহ্মাৰ) আত্মায়ো পঢ়ি আছে আকৌ ভৱিষ্যতে
শ্ৰীকৃষ্ণ হয়গৈ। পিতাই কয় – সন্তানসকল তোমালোক জ্ঞান চিতাত বহি বগা (পৱিত্ৰ) হোৱা
আকৌ কাম চিতাত বহি ক’লাবৰণীয়া (শ্যামবৰণীয়া; অপৱিত্ৰ) হৈ গৈছা। এয়া হৈছে কংসপুৰী,
মই তোমালোকক শ্ৰীকৃষ্ণৰ পুৰীলৈ লৈ যাবলৈ আহিছোঁ। শ্ৰীকৃষ্ণই সৰ্বগুণ সম্পন্ন 16 কলা
সম্পূৰ্ণ হয়… ইয়াত কাৰো সৰ্বগুণ নাই। মই আহিছোঁ সন্তানসকলক সম্পূৰ্ণ নিৰ্বিকাৰী কৰি
তুলিবলৈ। যোগবলেৰে হ’ব লাগে। বাহুবল হৈছে হিংসক যুদ্ধ, যি তীৰ (বাণ) কামানেৰে (বৰতোপেৰে)
হৈছিল। পাছলৈ বন্দুক, তৰোৱালেৰে হ’ল। এতিয়াতো হয় বোমাৰে। নিজেই কয় - আমি এনেকুৱা
বোমা তৈয়াৰ কৰোঁ যে ঘৰত বহিয়েই সকলোবোৰ নাশ হৈ যাব। তেতিয়া সেনাবাহিনীয়ে কি কৰিব!
পিতাই কয় – মৰমৰ সন্তানসকল এইখন হৈছে পাঠশালা। মই তোমালোকক ৰাজকুমাৰ শ্ৰীকৃষ্ণৰ
নিচিনা কৰি গঢ়ি তোলোঁ। যিজন সত্যযুগৰ প্ৰথম ৰাজকুমাৰ আছিল, তেওঁ এতিয়া 84 জন্ম লৈ
কলিযুগত ভিকহু হৈ গৈছে। ভাৰততে তেওঁৰ ৰাজত্ব আছিল। আকৌ পুনৰ্জন্ম ল’বলগীয়া হয়। যদি
কৃষ্ণক ভগৱান বুলি কয় তেন্তে আকৌ ভগৱান পুনৰ্জন্মত কেনেকৈ আহিব? ভগৱানতো নিৰাকাৰ হয়।
তেওঁ হয়েই একমাত্ৰ ৰচয়িতা। বাকী সকলো হ’ল ৰচনা, সেইবাবেতো কয় যে আমি আত্মা সকলো ভাই
ভাই। পিতাই বুজায় যে তোমালোক ব্ৰহ্মাকুমাৰ-কুমাৰী পৰস্পৰ ভাই-ভনী হ’লা। তেন্তে আকৌ
আসুৰিক প্ৰহাৰ কেনেকৈ হ’ব। তোমালোকে উত্তৰাধিকাৰ এজন পিতাৰ পৰা লোৱা, ভৱিষ্যতৰ কাৰণে।
যদি পৱিত্ৰ হৈ নাথাকা তেন্তে শান্তিধাম, সুখধামলৈ কেনেকৈ যাবা। আহ্বানো কৰে আমি
পতিত হৈ গ’লোঁ, পাৱন কৰি তুলিবলৈ আহক। সেয়েহে পিতাই কয় - মোক স্মৰণ কৰা। এইটো
তোমালোকৰ অন্তিম জন্ম। তোমালোক সকলো আত্মা এতিয়া বানপ্ৰস্থত যাব পাৰা সেয়েহে
বানপ্ৰস্থী। এনেকৈ কোনো গুৰুৱে মাৰ্গ-দৰ্শন কৰিব নোৱাৰে। এই জ্ঞান একমাত্ৰ পিতাৰহে
আছে। তেৱেঁই পতিত-পাৱন নিৰাকাৰ হয়। পিতাই কয় - মোক স্মৰণ কৰা, অলপ সময়ৰ কাৰণে মই এই
শৰীৰ লোণত লৈছোঁ। শৰীৰ অবিহনে আত্মাই কেনেকৈ কথা ক’ব পাৰিব। ভগৱানুবাচ যে মই বৃদ্ধ
সাধাৰণ শৰীৰত প্ৰৱেশ কৰি তোমালোক সন্তানসকলক পঢ়াওঁ। মই গৰ্ভত নাহোঁ। গৰ্ভত অহাসকলতো
পুনৰ্জন্মত আহিবলগীয়া হয়। মই এবাৰেই আহোঁ। প্ৰকৃতিৰ আধাৰ মোক নিশ্চয় লাগে। মই এওঁৰ
শৰীৰত বহি তোমালোকক পঢ়াওঁ। এওঁতো প্ৰথমে নিজৰ মণি-মুকুতাৰ ব্যৱসায় কৰিছিল। কোনো
গুৰুৱে শিকোৱা নাই, অপ্ৰত্যাশিতভাৱে পিতাই প্ৰৱেশ কৰিলে। কৰণকৰাৱনহাৰ হোৱাৰ কাৰণে
এওঁৰ দ্বাৰা কৰ্তব্য কৰাই থাকে। এৱোঁ শিকি গৈ থাকে। তোমালোকেও লগতে শিকি গৈ থাকা।
তোমালোকক কয়, কিন্তু মই প্ৰথমতে শুনোঁ। তোমালোক সন্তানসকলক পঢ়াবলৈ আহোঁ কিন্তু এওঁৰ
আত্মায়ো পঢ়ি থাকে। সন্তানসকলক ৰাজযোগ শিকাবলৈ আহোঁ। এনেকৈ কোনেও কেতিয়াও নপঢ়ায়। এয়া
হৈছে পাৱন হোৱাৰ কথা। এই সংগমযুগ হয়েই পুৰুষোত্তম হোৱাৰ বাবে। পুৰুষোত্তম শ্ৰীকৃষ্ণ
আছিল। সয়ম্বৰৰ পাছত তেওঁলোকৰ ডিগ্ৰী কিছু কমি যায় সেয়েহে শ্ৰীকৃষ্ণৰ মহিমা বহুত।
নামেই হৈছে কৃষ্ণপুৰী, ইয়াক কোৱা হয় কংসপুৰী। বাকী কৃষ্ণ আৰু কংসৰ কাহিনী ৰচিছে।
সন্তানসকলক বুজোৱা হৈছে যে পৰিপক্ক অৱস্থা হোৱাৰ লগে লগে ভক্তি আপোনাআপুনি আঁতৰি
যাব। তোমালোকে কেতিয়াও কাকো এনেকৈ নক’বা যে ভক্তি নকৰিবা। তেওঁলোকক জ্ঞান দিব লাগে।
পিতাই তোমালোকক জ্ঞান দি স্বৰ্গৰ ৰাজকুমাৰ কৰি তুলিবলৈ আহিছে। কৃষ্ণও স্বৰ্গৰ মালিক
আছিল, এতিয়া নহয়। পুনৰাই তেৱোঁ ৰাজযোগৰ দ্বাৰা (স্বৰ্গৰ মালিক) হৈ আছে। তোমালোকেও
পুৰুষাৰ্থ কৰি পিতাক স্মৰণ কৰিব লাগে। স্বৰ্গৰ স্থাপনা কৰোঁতা হৈছে – স্বৰ্গীয়
ঈশ্বৰ পিতা (হেভেনলি গড ফাদাৰ)। তেৱেঁই আহি নতুন সৃষ্টি ৰচনা কৰে। সেয়া তেতিয়া
কৰিব যেতিয়া কলিযুগ পূৰা হ’ব। সত্যযুগ-ত্ৰেতাত নাহে। কয় - মই কল্পই কল্পই
সংগমযুগত আহোঁ। তেওঁলোকে কল্প শব্দটি আঁতৰাই যুগে যুগে বুলি লিখি দিছে। তেতিয়াও 4
টা যুগ আছে। পঞ্চম হৈছে এই সংগমযুগ। বাৰু, তেন্তে 5 অৱতাৰ বুলি ধৰি লোৱা। কিন্তু
ইমান কাছ-মাছ পৰশুৰাম অৱতাৰ থাকে জানো! এই সকলোবোৰ হৈছে শাস্ত্ৰৰ কথা। ধৰ্মৰ নাম আৰু
ভাৰতৰ নামেই সলনি কৰি দিছে। হিন্দু ধৰ্ম আৰু হিন্দুস্তান বুলি কৈ দিয়ে। ‘ভাৰত’ নামটি
কিয় সলনি কৰিব লাগে! “যদা যদাহি ধৰ্মস্য গ্লানিৰ্ভবতি ভাৰত…”। ইয়াতো ‘ভাৰত’ শব্দটি
আহিছে। পিতাই বুজায় যে তোমালোকে কেৱল এটা জন্ম জানো ভক্তি কৰিছা। দ্বাপৰৰ পৰা কৰিছা।
ভক্তিও প্ৰথমে অব্যাভিচাৰী আছিল, কেৱল শিৱৰ ভক্তি কৰিছিল। যিগৰাকী শিৱবাবাই ভাৰতক
স্বৰ্গ কৰি তুলিছিল আৰু এতিয়া পুনৰ স্বৰ্গৰ মালিক কৰি তুলিবলৈ আহিছে। গতিকে পতিত
শৰীৰত বহি কয় যে মই আহোঁৱেই পতিত শৰীৰত, পতিত সৃষ্টিত পতিতসকলক পাৱন কৰি তুলিবলৈ।
ভক্তি মাৰ্গততো তথাপিও মোৰ বাবে বহুত ডাঙৰ মন্দিৰ নিৰ্মাণ কৰে। কিমান স্পষ্ট কথা।
এওঁৰ শৰীৰতে বাবাই প্ৰৱেশ কৰিলে আৰু গীতা পঢ়িবলৈ এৰি দিলে। ভক্তি আঁতৰি গ’ল। অনায়াসে
এৰিলে। তোমালোকক কোনেও কোৱা নাই যে ভক্তি নকৰিবা।
এতিয়া তোমালোক সন্তানসকলক বাবাই বুজায় যে মই পুনৰ তোমালোকক কৃষ্ণপুৰীৰ মালিক কৰি
তোলোঁ। কৃষ্ণৰ আকৌ 8 (আঠ) ৰাজবংশ চলে। প্ৰথমতে কোৱা হ’ব সত্যযুগৰ ৰাজকুমাৰ তাৰপাছত
হ’বগৈ সত্যযুগৰ ৰজা। তেওঁলোকৰ 8 (আঠ) প্ৰজন্ম চলিব। সেই সময়ততো আনৰ বাদশ্বাহী
নাথাকে। এতিয়া বাবাই কয় - তোমালোক সন্তানসকলো সত্যযুগৰ ৰাজকুমাৰ হোৱা। ভক্তিত কোনো
সুখ নাই। জ্ঞানেৰে তোমালোক স্বৰ্গৰ মালিক হোৱা। কাৰোবাৰ পিতাক ঢুকালে তেওঁক যদি সোধা
হয় তোমাৰ পিতা ক’লৈ গ’ল! তেতিয়া ক’ব - স্বৰ্গবাসী হ’ল। এনেকৈ ভাবে যে আত্মা আৰু
শৰীৰ দুয়োটাই গ’ল। কিন্তু শৰীৰটো ইয়াতে এৰি গ’ল, বাকী গ’ল আত্মা। ইয়াৰ অৰ্থ
প্ৰথমতে নৰকত আছিল। আত্মাই শৰীৰ ত্যাগ কৰি স্বৰ্গলৈ গ’ল তেন্তে ইয়াৰ বাবে কন্দাৰ কি
দৰকাৰ? স্বৰ্গ এতিয়া ইয়াত আছে জানো? কিন্তু বুজি নাপায়। কৈ দিয়ে যে সকলো ঈশ্বৰৰ
হুকুম। সুখ দুখ সকলো ঈশ্বৰে দিয়ে, সকলো ঈশ্বৰৰ ৰূপ। কিন্তু পিতাই কয় - মই
সন্তানসকলক দুখ কেনেকৈ দিব পাৰোঁ। পিতাকৰ পৰা সন্তানে কেতিয়াবা দুখ বিচাৰে জানো?
পিতাকেতো সন্তানক উপযুক্ত কৰি সম্পত্তি দি যায়। বাকী দুখতো প্ৰত্যেকে কৰ্ম
অনুযায়ীহে পায়। পিতাই কয় যে এতিয়া সন্তান আদি একো নিবিচাৰিবা। এতিয়া এই সম্পত্তি
আদি সকলো নাশ হৈ যাব। তেতিয়া তোমালোকৰ সন্তানে কি পাব! ইমান সময়েই নাই যে তোমালোকৰ
সন্তান তোমালোকৰ সম্পত্তিৰ মালিক হ’ব পাৰিব। সন্তান ডাঙৰ হ’লে তেতিয়াহে মালিক হ’ব,
কিন্তু ইমান সময়েই নাই। বিনাশ সন্মুখত থিয় হৈ আছে। মনুষ্যইতো কয় যে কলিযুগৰ
এতিয়াও 40 হাজাৰ বছৰ বাকী আছে। এই ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰীসকলেতো বিনাশ বিনাশ
বুলি কৈ থাকে। এটা কাহিনী আছে নহয় - বাঘ আহিছে বাঘ আহিছে....... অৱশেষততো আহিল আৰু
খাই গ’ল। সকলোৱে ভাবে যে অলপ অলপকৈ মৃত্যু আহিব। এয়াতো হৈয়েই থাকে কিন্তু তোমালোকে
কোৱা মহাকাল আহিছে। শিৱবাবা কালৰো কাল আহিছে, যিয়ে সকলো আত্মাক উভতাই লৈ যাব। তেন্তে
শৰীৰতো নিশ্চয় এৰিব লাগিব সেয়েহে পিতাই কয় - যোগেৰে পৱিত্ৰ হোৱা। আত্মাসকলক পৱিত্ৰ
কৰি পুনৰ উভতাই লৈ যাম। যদি পৱিত্ৰ নোহোৱা তেন্তে অন্তত বহুত শাস্তি খাবলগীয়া হ’ব
আৰু উচ্চ পদো পাব নোৱাৰিবা। শ্ৰীকৃষ্ণ প্ৰথম নম্বৰত সন্মান সহকাৰে উত্তীৰ্ণ হওঁতা
হয়, তেওঁ বৃত্তি পায়। 21 জন্মৰ ৰাজ্য পায়। কিমান সহজকৈ বুজায়। বুদ্ধিত ধাৰণো হয় আকৌ
নোহোৱা হৈ যায়। কাকো ভক্তিৰ পৰা আঁতৰাব নালাগে। পিতা আহিছে - ভক্তসকলক ভক্তিৰ ফল
দিবলৈ। তেওঁ কয় - মই কল্প পূৰ্বৰ দৰে পুনৰ সেই সাধাৰণ শৰীৰত আহিছোঁ। কল্পই কল্পই
আহি তোমালোকক পঢ়াওঁ। এয়া হৈছে উচ্চৰো উচ্চ পঢ়া। তোমালোকে জানা যে আমি সতোপ্ৰধান
আছিলোঁ। এতিয়া তমোপ্ৰধান পুনৰ ভাৰতেই সতোপ্ৰধান হ’ব। অন্য ধৰ্মাৱলম্বীয়ে ইমান সুখ
দেখা নাই আৰু দুখো দেখা নাই। বিদেশৰ লোকসকলৰ ধনতো বহুত আছে সেয়েহে গৰিব দেশক ধাৰলৈ
দিয়ে। সেই বেচেৰাহঁতে গম নাপায় যে এয়াতো উভতাই দি আছে। একেবাৰে ঘোৰ অন্ধকাৰত
কুম্ভকৰ্ণৰ নিদ্ৰাত শুই আছে। শেষৰ ফালে হায় হায় কৰি উঠিব। তেতিয়া তোমালোকে ক’বা
- বহুত পলম হৈ গ’ল কাৰণ যুদ্ধ আৰম্ভ হৈ যাব। তেতিয়া কি কৰিব! খেৰৰ জুমুঠি স্বৰূপ (অন্তঃসাৰশূন্য)
পৃথিৱীখনত জুই লাগি গ’লে তেতিয়াতো বহুত পলম হৈ যায় সেয়েহে পিতাই কয় - সন্তানসকল,
এতিয়া শীঘ্ৰতাৰে পুৰুষাৰ্থ কৰি যোৱা। পিতাই কোনো বেছি কষ্ট নিদিয়ে। বাবাক আহি কয়
যে বাবা যদি আমি পূজা নকৰোঁ তেন্তে তেওঁলোকে কয় যে এওঁলোকতো নাস্তিক হৈ গ’ল। বাবাই
ৰায় দিয়ে যে সাক্ষী হৈ পিতাৰ স্মৃতিত থাকা। কিছু কিছু পূজা বাহিৰৰ পৰা কৰি দিয়া।
এটা হৈছে অন্তৰেৰে কৰা, আনটো হৈছে ৰাজী (সন্তুষ্ট) কৰিবৰ কাৰণে কৰা। ভিতৰত তোমালোকে
শিৱবাবাক স্মৰণ কৰিব লাগে। যদি কোনোবাই বিৰক্ত কৰে তেন্তে পূজা কৰি দেখুওৱা, তেতিয়া
তেওঁলোক আনন্দিত হৈ যাব। এয়া কোনো পাপ কাম নহয়। বাবাইতো বহুতকে কয় বিবাহ আদিত
লাগিলে যোৱা। দুয়োফালে দায়িত্ব পালন কৰিব লাগে। তাতো শুনাওঁতে শুনাওঁতে কাৰোবাৰ
নহয় কাৰোবাৰ তাত তীৰ লাগি যাব। যুক্তিৰে চলিব লাগে। পিতাৰ আজ্ঞা হৈছে এতিয়া পতিত
হ’ব নালাগে। পৱিত্ৰ হ’লেহে তোমালোক কৃষ্ণপুৰীৰ মালিক হ’বাগৈ। শিৱবাবাক স্মৰণ কৰা
তেতিয়া বিকৰ্ম বিনাশ হ’ব আৰু বিশ্বৰ মালিক হৈ যাবা। সন্তানসকল, এনেকুৱা যুক্তিৰে
নিজৰ মিত্ৰ-সমন্ধীয়ক বুজাব লাগে। সেয়া হৈছে পাৰ্থিৱ (শাৰীৰিক) যাত্ৰা, এয়া হৈছে
আত্মিক যাত্ৰা। এই আত্মিক যাত্ৰা পিতাই শিকায়। পিতাই কয় যে ‘মামেকম্’ (কেৱল মোক;
পৰমপিতাক) স্মৰণ কৰা তেতিয়া পতিতৰ পৰা পাৱন হৈ যাবা আৰু সকলো দুখ দূৰ হৈ যাব। কোনোবা
বিৰল বেপাৰীয়েহে এইটো বেপাৰ কৰিব অৰ্থাৎ বৈকুণ্ঠৰ বাদশ্বাহী (সাম্ৰাজ্য) ল’ব।
শ্ৰীমতত চলি থাকা। এনেকুৱাও যাতে নহয় যে ধন আদি অনাহকতে খৰচ কৰিবা, ফল একোৱে নাপাবা।
ঘৰ-সংসাৰৰো তত্ত্বাৱধান ল’ব লাগে, সন্তানসকলৰো প্ৰতিপালন কৰিব লাগে। কেৱল শ্ৰীমতত
চলিব লাগে। ৰায় ল’ব লাগে যে বাবা এইটো অৱস্থাত মই কি কৰোঁ! বাবা কন্যাই বিয়া হ’ব
বিচাৰে, তেতিয়া বাবাই কয় - বিয়া কৰাবই লাগিব কাৰণ তেওঁৰ অংশ আছে, তেওঁক দি দিয়া।
পিতাই কেৱল বুজায় তথাপিও যদি কিবা সুধিব বিচৰা তেন্তে সুধি শ্ৰীমতত চলা। সন্তানসকল
পিতাৰ আজ্ঞা অনুসৰি চলিব লাগে, ইয়াতেই কল্যাণ আছে। ভালবাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) প্ৰতিটো
কৰ্ম সাক্ষী হৈ শিৱবাবাৰ স্মৃতিত কৰিব লাগে। লৌকিক, অলৌকিক দুয়োফালে দায়িত্ব পালন
কৰি চলিব লাগে। লৌকিকৰ সৈতে যুক্তিযুক্ত হৈ চলিব লাগে।
(2) এই সময়ত অন্তিম
জন্মতো এয়া বানপ্ৰস্থ অৱস্থা। ঘৰলৈ উভতি যাব লাগে সেয়েহে পাৱন নিশ্চয় হ’ব লাগে। কোনো
ধৰণৰ বন্ধনৰ সৃষ্টি কৰিব নালাগে।
বৰদান:
আদেশ পালনৰ
দ্বাৰা মনৰ সকলো আশা সমাপ্ত কৰোঁতা মায়া প্ৰুফ (মায়া-প্ৰতিৰোধী হোৱা
অমৃতবেলাৰ পৰা
ৰাতিলৈকে দিনচৰ্যাত যিয়েই আদেশ পোৱা গৈছে, সেই অনুসৰি নিজৰ বৃত্তি, দৃষ্টি, সংকল্প,
স্মৃতি, সেৱা আৰু সম্বন্ধ পৰীক্ষা কৰা। যিসকলে প্ৰতিটো সংকল্প আৰু প্ৰতিটো খোজ আদেশ
পালন কৰে, তেওঁলোকৰ মনৰ সকলো আশা সমাপ্ত হৈ যায়। যদি ভিতৰত পুৰুষাৰ্থৰ বা সফলতাৰ
আশাও থাকি যায়, তেন্তে নিশ্চয় ক’ৰবাত নহয় ক’ৰবাত কোনোবা আদেশ পালন হোৱা নাই। গতিকে
যেতিয়াই কোনো বেমেজালিৰ সৃষ্টি হয় তেতিয়া চাৰিওফালৰ পৰা পৰীক্ষা কৰা— ইয়াৰ দ্বাৰা
স্বতঃ মায়া প্ৰতিৰোধী হৈ যাবা।
স্লোগান:
নিজৰ সূক্ষ্ম দুৰ্বলতাবোৰৰ চিন্তন কৰি সেইবোৰ নিৰ্মূল কৰা - এয়াই স্ব-চিন্তন।
অব্যক্ত ইংগিত: এতিয়া
নিজৰ দাতা স্বৰূপ প্ৰত্যক্ষ কৰা
যেনেকৈ কোনো খালী
স্থান থাকিলে সৰ্বাঙ্গীন সেৱাধাৰীয়ে সময় অনুসৰি স্থান পূৰণ কৰি দিয়ে। ঠিক
তেনেকৈয়ে যদি কাৰোবাৰ দ্বাৰা কোনো শক্তিৰ অভাৱ অনুভৱ হয়, তেতিয়াও নিজৰ সহযোগেৰে
সেই স্থান পূৰণ কৰি দিয়া, যাতে অন্যৰ দুৰ্বলতাৰো অনুভৱ আন কোনেও নকৰে। ইয়াক কোৱা
হয়— দাতাৰ সন্তান হৈ সময় অনুসৰি তেওঁক সহযোগিতাৰ দান দিয়া।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]