07.11.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
শিৱবাবা তোমালোকৰ সকলো ভঁৰাল ভৰপূৰ কৰিবলৈ আহিছে, কোৱাও হয় - ভঁৰাল ভৰপূৰ কাল-কণ্টক
দূৰ"
প্ৰশ্ন:
জ্ঞানৱান
সন্তানসকলৰ বুদ্ধিত কোনটো এটা কথাৰ নিশ্চয়তা দৃঢ় হ’ব?
উত্তৰ:
তেওঁলোকৰ দৃঢ় নিশ্চয় হ’ব যে আমাৰ যি ভূমিকা সেয়া কেতিয়াও বঢ়া-টুটা নহয়। মোৰ অৰ্থাৎ
আত্মাত 84 জন্মৰ অবিনাশী ভূমিকা নিৰ্ধাৰিত হৈ আছে, বুদ্ধিত যদি এই জ্ঞান আছে তেন্তে
জ্ঞানৱান হয়। নহ’লেতো গোটেই জ্ঞান বুদ্ধিৰ পৰা উৰি যায়।
ওঁম্শান্তি।
পিতা আহি
আত্মিক সন্তানসকলৰ প্ৰতি কি শুনায়? কি সেৱা কৰে? এই সময়ত পিতাই এই আত্মিক পাঠ
পঢ়ুওৱাৰ সেৱা কৰে। এয়াও তোমালোকে জানা। পিতাৰো ভূমিকা আছে, শিক্ষকৰো ভূমিকা আছে আৰু
গুৰুৰো ভূমিকা আছে। তিনিওটা ভূমিকা ভালদৰে পালন কৰি আছে। তোমালোকে জানা তেওঁ পিতাও
হয়, সৎগতি দিওঁতা গুৰুও হয় আৰু সকলোৰে বাবে হয়। সৰু, ডাঙৰ, বুঢ়া, ডেকা সকলোৰে বাবে
এজনেই। পৰম পিতা, পৰম শিক্ষক হয়। বেহদৰ শিক্ষা দিয়ে। তোমালোকে সন্মিলনতো বুজাব পাৰা
যে আমি সকলোৰে জীৱন-কাহিনী জানো। পৰমপিতা পৰমাত্মা শিৱবাবাৰ জীৱন কাহিনীও জানো।
ক্ৰমানুসৰি বুদ্ধিত সকলো স্মৃতি থাকিব লাগে। গোটেই বিৰাট ৰূপ নিশ্চয় বুদ্ধিত থাকে।
আমি এতিয়া ব্ৰাহ্মণ হৈছোঁ, পাছলৈ আমি দেৱতা হ’মগৈ, আকৌ ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হ’ম।
এয়াতো সন্তানসকলৰ স্মৃতিত আছে নহয়। তোমালোক সন্তানসকলৰ বাহিৰে অন্য কাৰো এই কথাবোৰ
স্মৃতিত নাথাকে। উত্থান আৰু পতনৰ সকলো ৰহস্য যাতে বুদ্ধিত থাকে। আমি উত্থানত আছিলোঁ
আকৌ পতনত আহিলোঁ, এতিয়া মাজত আছোঁ। শূদ্ৰও নহয়, সম্পূৰ্ণ ব্ৰাহ্মণো হোৱা নাই। যদি
এতিয়া পৰিপক্ক ব্ৰাহ্মণ হোৱা তেনেহ’লে শূদ্ৰৰ কৰ্মকাণ্ড নহ’লহেঁতেন। ব্ৰাহ্মণৰো আকৌ
শূদ্ৰৰ স্ৱভাৱ আহি যায়। এয়াও তোমালোকে জানা - কেতিয়াৰ পৰা পাপ কৰিবলৈ আৰম্ভ কৰিছা?
যেতিয়াৰ পৰা কামচিতাত উঠিছা, গতিকে তোমালোকৰ বুদ্ধিত গোটেই চক্ৰ আছে। ওপৰত আছে
পৰমপিতা পৰমাত্মা পিতা, আকৌ তোমালোক হৈছা আত্মা। তোমালোক সন্তানসকলৰ বুদ্ধিত এই
কথাবোৰৰ স্মৃতি নিশ্চয় থাকিব লাগে। এতিয়া আমি ব্ৰাহ্মণ, দেৱতা হৈ আছোঁ আকৌ বৈশ্য,
শূদ্ৰ কুলত আহিম। পিতা আহি আমাক শূদ্ৰৰ পৰা ব্ৰাহ্মণ কৰি তোলে আকৌ আমি ব্ৰাহ্মণৰ পৰা
দেৱতা হ’মগৈ। ব্ৰাহ্মণ হৈ কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰি আকৌ উভতি যাম। তোমালোকে
পিতাকো জানা। লুটি-বাগৰ মৰা বা 84ৰ চক্ৰকো তোমালোকে জানা। লুটি-বাগৰ মৰা খেলৰ দ্বাৰা
তোমালোকক বহুত সহজ কৰি বুজায়। তোমালোকক বহুত পাতল (বোজা মুক্ত) কৰি তোলে যাতে নিজক
বিন্দু বুলি বুজা আৰু ততালিকে দৌৰ মাৰা। বিদ্যাৰ্থী শ্ৰেণীকোঠাত বহি থাকিলে বুদ্ধিত
অধ্যয়নৰে স্মৃতি থাকে। তোমালোকৰো এই পঢ়া স্মৃতিত থাকিব লাগে। এতিয়া আমি সংগমযুগত আছোঁ
আকৌ এনেকৈ চক্ৰ পৰিক্ৰমা লগাম। এই চক্ৰ সদায় বুদ্ধিত ঘূৰি থাকিব লাগে। এই চক্ৰ আদিৰ
জ্ঞান তোমালোক ব্ৰাহ্মণসকলৰহে আছে, শূদ্ৰৰ নাই। দেৱতাসকলৰো এই জ্ঞান নাই। এতিয়া
তোমালোকে বুজি পোৱা যে ভক্তিমাৰ্গত যিবোৰ চিত্ৰ তৈয়াৰ কৰা হৈছে সকলোবোৰ ক্ৰুটিপূৰ্ণ।
তোমালোকৰ ওচৰত নিখুঁত চিত্ৰ আছে কিয়নো তোমালোক নিখুঁত হোৱা। এতিয়া তোমালোকে জ্ঞান
পাইছা সেইবাবে বুজি পোৱা ভক্তি কাক কোৱা হয়, জ্ঞান কাক কোৱা হয়? জ্ঞান দিওঁতা পিতা
জ্ঞানৰ সাগৰক এতিয়া পাইছা। স্কুলত পঢ়িলে লক্ষ্য-উদ্দেশ্যৰ বিষয়ে গমতো পোৱা যায় নহয়।
ভক্তিমাৰ্গততো লক্ষ্য-উদ্দেশ্য নাথাকে। এয়া তোমালোকে গম পাইছিলা জানো যে আমি উচ্চ
দেৱী-দেৱতা আছিলোঁ আকৌ তললৈ অৱনমিত হ’লোঁ। এতিয়া যেতিয়া ব্ৰাহ্মণ হ’লা তেতিয়াহে গম
পাইছা। ব্ৰহ্মাকুমাৰ-কুমাৰী নিশ্চয় আগতেও হৈছিলা। প্ৰজাপিতা ব্ৰহ্মাৰ নামতো
প্ৰসিদ্ধ হয়। প্ৰজাপিতা মনুষ্য নহয় জানো। তেওঁৰ ইমানবোৰ সন্তান আছে নিশ্চয় তোলনীয়া
হ’ব। কিমান তোলনীয়া আছে। আত্মা ৰূপততো সকলো ভাই ভাই হোৱা। এতিয়া তোমালোকৰ বুদ্ধি
কিমান দূৰলৈ যায়। তোমালোকে জানা যেনেকৈ ওপৰত তৰাবোৰ থিয় হৈ আছে। দূৰৈৰ পৰা কিমান সৰু
দেখা যায়। তোমালোকো অতি সূক্ষ্ম আত্মা। আত্মা কেতিয়াও সৰু-ডাঙৰ নহয়। অৱশ্যে হয়,
তোমালোকৰ পদবী বহুত উচ্চ। তেওঁলোকে সেইবোৰকো সূৰ্য দেৱতা, চন্দ্ৰমা দেৱতা বুলি কয়।
সূৰ্যক পিতা, চন্দ্ৰমাক মা বুলি ক’ব। বাকী আত্মাসকল হৈছে নক্ষত্ৰ তৰা। সেয়েহে সকলো
আত্মা একেধৰণৰ সূক্ষ্ম। ইয়ালৈ আহি ভাৱৰীয়া হয়। দেৱতাতো তোমালোকেই হোৱা।
আমি বহুত শক্তিশীলী
হৈ আছোঁ। পিতাক স্মৰণ কৰিলে আমি সতোপ্ৰধান দেৱতা হৈ যাম। ক্ৰম অনুসৰি অলপ পাৰ্থক্যতো
থাকে। কিছুমান আত্মা পৱিত্ৰ হৈ সতোপ্ৰধান দেৱতা হৈ যায়, কিছুমান আত্মা সম্পূৰ্ণ
পৱিত্ৰ নহয়। জ্ঞান অলপো নাজানে। পিতাই বুজাইছে - পিতাৰ পৰিচয়তো নিশ্চয় সকলোৱে পাব
লাগে। শেষৰ ফালে পিতাকতো জানিব নহয়। বিনাশৰ সময়ত সকলোৱে গম পাব পিতা আহিছে। এতিয়াও
কোনো কোনোৱে কয় - ভগৱান নিশ্চয় ক’ৰবাত আহিছে কিন্তু গম পোৱা নাযায়। এনেকৈ ভাবে যে
যিকোনো ৰূপত আহি যাব। মনুষ্য মততো বহুত আছে নহয়, তোমালোকৰ হৈছে এটাই ঈশ্ৱৰীয় মত।
তোমালোক ঈশ্বৰীয় মতৰ দ্বাৰা কি হোৱাগৈ? এটা হৈছে মনুষ্য মত, দ্বিতীয়তে হৈছে ঈশ্বৰীয়
মত আৰু তৃতীয়তে হৈছে দেৱতা মত। দেৱতাসকলকো মত কোনে দিলে? পিতাই। পিতাৰ শ্ৰীমত হৈছেই
শ্ৰেষ্ঠ কৰি তোলোঁতা। ‘শ্ৰী শ্ৰী’ বুলি পিতাকেই কোৱা হ’ব, মনুষ্যক নহয়। ‘শ্ৰী
শ্ৰী’হে আহি শ্ৰী (শ্ৰেষ্ঠ) কৰি তোলে। দেৱতাসকলকো শ্ৰেষ্ঠ কৰি তোলোঁতা পিতাই হয়,
তেওঁক ‘শ্ৰী শ্ৰী’ বুলি কোৱা হ’ব। পিতাই কয় - মই তোমালোকক এনেকুৱা যোগ্য কৰি তোলো।
সেইসকল লোকে আকৌ নিজৰ ক্ষেত্ৰতে ‘শ্ৰী শ্ৰী’ উপাধি ৰাখি দিছে। সন্মিলনতো তোমালোকে
বুজাব পাৰা। তোমালোকেই বুজাবৰ বাবে নিমিত্ত হৈছা। ‘শ্ৰী শ্ৰী’তো এজন শিৱবাবাই হয়
যিয়ে এনেকুৱা শ্ৰী দেৱতা কৰি তোলে। সেই লোকসকলে শাস্ত্ৰ আদিৰ শিক্ষা লৈ উপাধি লৈ আহে।
তোমালোককতো ‘শ্ৰী শ্ৰী’ পিতাইহে শ্ৰী অৰ্থাৎ শ্ৰেষ্ঠ কৰি গঢ়ি আছে। এয়া হৈছেই
তমোপ্ৰধান ভ্ৰষ্টাচাৰী সৃষ্টি। ভ্ৰষ্টাচাৰৰ দ্বাৰা জন্ম লয়। ক’ত পিতাৰ উপাধি, ক’ত
এই পতিত মনুষ্যই নিজৰ ওপৰত ৰাখিছে। সঁচা শ্ৰেষ্ঠ মহান আত্মাতো দেৱী-দেৱতাসকল নহয়
জানো। সতোপ্ৰধান সৃষ্টিত কোনো তমোপ্ৰধান মনুষ্য থাকিব নোৱাৰে। ৰজোত ৰজো মনুষ্যই হ’ব,
তমোগুণী নহয়। বৰ্ণৰ বিষয়েও গায়ন কৰা হয়। এতিয়া তোমালোকে বুজি পোৱা, আগতেতো আমি একোৱে
বুজি পোৱা নাছিলোঁ। এতিয়া পিতাই কিমান বুদ্ধিমান কৰি তোলে। তোমালোক কিমান ধনৱান হৈ
যোৱা। শিৱবাবাৰ ভঁৰাল ভৰপূৰ হয়। শিৱবাবাৰ কিহ’ৰ ভঁৰাল? (অবিনাশী জ্ঞান-ৰত্নৰ)
শিৱবাবাৰ ভঁৰাল ভৰপূৰ কাল-কণ্টক দূৰ। পিতাই তোমালোক সন্তানসকলক জ্ঞান ৰত্ন দিয়ে।
নিজেই সাগৰ। জ্ঞান ৰত্নৰ সাগৰ হয়। সন্তানসকলৰ বুদ্ধি বেহদত যোৱা উচিত। ইমান কোটি
আত্মা সকলোৱে নিজৰ নিজৰ শৰীৰ ৰূপী আসনত বিৰাজমান হৈ আছে। এয়া বেহদৰ নাটক। আত্মা এই
আসনত বিৰাজমান হয়। এখন আসন আনখনৰ লগত নিমিলে। সকলোৰে অবয়ব বেলেগ বেলেগ, ইয়াকেই কোৱা
হয় প্ৰকৃতিৰ আশ্চৰ্য। প্ৰত্যেকৰে কেনেকুৱা অবিনাশী ভূমিকা আছে। ইমান সূক্ষ্ম আত্মাত
84 জন্মৰ ভূমিকা ভৰপূৰ হৈ থাকে। অতি সূক্ষ্ম। ইয়াতকৈ সূক্ষ্ম আশ্চৰ্য একো হ’ব নোৱাৰে।
ইমান সূক্ষ্ম আত্মাত সকলো ভূমিকা ভৰি আছে, যিবোৰ ইয়াতেই পালন কৰে। সূক্ষ্মলোকততো
কোনো ভূমিকা পালন নকৰে। পিতাই কিমান ভালদৰে বুজায়। পিতাৰ দ্বাৰা তোমালোকে সকলোবোৰ
জানি যোৱা। এয়াই হৈছে জ্ঞান। এনেকুৱা নহয় যে তেওঁ সকলোৰে ভিতৰৰ কথা জানে। এই জ্ঞানক
জানে, যি জ্ঞান তোমালোকৰ বুদ্ধিতো উদয় হৈ আছে। যি জ্ঞানৰ দ্বাৰাহে তোমালোকে ইমান
উচ্চ পদ প্ৰাপ্ত কৰা। এইটোও বুজি পোৱা নহয়। পিতা হৈছে বীজৰূপ। তেওঁৰ বৃক্ষৰ আদি,
মধ্য, অন্তৰ জ্ঞান আছে। মনুষ্যইতো লাখ লাখ বছৰ আয়ুস বুলি কৈ দিছে, সেয়েহে জ্ঞান উদয়
হ’ব নোৱাৰে। এতিয়া তোমালোকে সংগমত এই সকলো জ্ঞান প্ৰাপ্ত কৰি আছা। পিতাৰ দ্বাৰা
তোমালোকে গোটেই চক্ৰক জানি যোৱা। ইয়াৰ আগতে তোমালোকে একো নাজানিছিলা। এতিয়া তোমালোক
সংগমত আছা। এইটো হৈছে তোমালোকৰ অন্তিম জন্ম। পুৰুষাৰ্থ কৰি কৰি তোমালোক সম্পূৰ্ণ
ব্ৰাহ্মণ হৈ যাবা। এতিয়া হোৱা নাই। এতিয়াতো ভাল ভাল সন্তানো ব্ৰাহ্মণৰ পৰা শূদ্ৰ হৈ
যায়। ইয়াকে মায়াৰ হাতত পৰাজিত হোৱা বুলি কোৱা হয়। পৰাজিত হৈ বাবাৰ কোলাৰ পৰা ৰাৱণৰ
কোলাত গুচি যায়। ক’ত পিতাৰ শ্ৰেষ্ঠ হোৱাৰ কলা, ক’ত ভ্ৰষ্ট হোৱাৰ কলা। ছেকেণ্ডত
জীৱনমুক্তি। চেকেণ্ডত পূৰা দুৰ্দশা হৈ যায়। ব্ৰাহ্মণ সন্তানে ভালদৰে জানে - কেনেকৈ
দুৰ্দশা হৈ যায়। আজি পিতাৰ হৈ যায়, কাইলৈ আকৌ মায়াৰ হাতোৰাত আহি ৰাৱণৰ হৈ যায়। আকৌ
তোমালোকে ৰক্ষা কৰিবলৈ চেষ্টা কৰিলে তেতিয়া কোনো কোনো ৰক্ষাও পৰে। তোমালোকে যেতিয়া
দেখা যে ডুবিব ধৰিছে তেতিয়া ৰক্ষা কৰিবলৈ চেষ্টা কৰি থাকা। কিমান সংঘাত হয়।
পিতাই বহি সন্তানসকলক
বুজায়। ইয়াত স্কুলত তোমালোকে পঢ়া নহয়। তোমালোকে গম পোৱা কেনেকৈ আমি এই চক্ৰ পৰিক্ৰমা
লগাওঁ। তোমালোক সন্তানসকলে শ্ৰীমত পোৱা এনেকৈ এনেকৈ কৰা। ভগৱানুবাচতো নিশ্চয় হয়।
তেওঁৰ শ্ৰীমত নহ’ল জানো। মই তোমালোক সন্তানসকলক এতিয়া শূদ্ৰৰ পৰা দেৱতা কৰি তুলিবলৈ
আহিছোঁ। এতিয়া কলিযুগত হৈছে শূদ্ৰ সম্প্ৰদায়। তোমালোকে জানা কলিযুগ সম্পূৰ্ণ হ’বৰ
হৈছে। তোমালোক সংগমত বহি আছা। এই পিতাৰ দ্বাৰা তোমালোকে জ্ঞান প্ৰাপ্ত কৰিছা।
শাস্ত্ৰ যিসকলে ৰচিছে সেই সকলোবোৰত মনুষ্যৰ মতহে আছে। ঈশ্বৰেতো শাস্ত্ৰ ৰচনা নকৰে।
এখন ‘গীতা’ৰে কিমান নাম ৰাখি দিছে। গান্ধীৰ গীতা, ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতা আদি আদি।
অসংখ্য নাম আছে। মনুষ্যই ‘গীতা’ ইমান কিয় পঢ়ে? বুজিতো একোৱেই নাপায়। সেইকেইটা
অধ্যায়কে লৈ নিজৰ নিজৰ ফালৰ পৰা অৰ্থ উলিয়াই থাকে। সেয়াতো সকলো মনুষ্যৰ দ্বাৰা ৰচিত
হৈ নগ’ল জানো। তোমালোকে ক’ব পাৰা মনুষ্য মতেৰে ৰচিত ‘গীতা’ পঢ়াৰ বাবে আজি এনেকুৱা
অৱস্থা হৈছে। ‘গীতা’ই প্ৰথম নম্বৰৰ শাস্ত্ৰ নহয় জানো। সেয়া হৈছে দেৱী-দেৱতা ধৰ্মৰ
শাস্ত্ৰ। এয়া হৈছে তোমালোকৰ ব্ৰাহ্মণ কুল। এইটোও ব্ৰাহ্মণ ধৰ্ম নহয় জানো। কিমান
ধৰ্ম আছে, যিয়ে যি ধৰ্ম প্ৰতিষ্ঠা কৰে তেওঁৰ নামেৰেই সেই ধৰ্মটি প্ৰচলিত হৈ থাকে।
জৈন ধৰ্মৰসকলে মহাবীৰ বুলি কয়। তোমালোক সন্তানসকল সকলো মহাবীৰ-মহাবিৰংগনা। তোমালোকৰ
মন্দিৰত স্মাৰক আছে। ৰাজযোগ দেখুওৱা নাই জানো। তলত যোগ-তপস্যাত বহি আছে, ওপৰত
ৰাজ্যৰ চিত্ৰ আছে। ৰাজযোগৰ সঠিক মন্দিৰ আছে। পাছলৈ কোনোবাই কিবা নাম ৰাখিছে,
কোনোবাই আন কিবা। স্মাৰক একেবাৰে সঠিক, বুদ্ধি খটুৱাই সঠিককৈ বনাইছে আকৌ যিয়ে যিটো
নাম কৈছে সেইটোৱে ৰাখি দিছে। এইটো আৰ্হি ৰূপত বনাইছে। স্বৰ্গ আৰু সংগমযুগৰ ৰাজযোগ
দেখুওৱা হৈছে। তোমালোকে আদি, মধ্য, অন্তক জানা। আদিকো তোমালোকে দেখিছা। আদি
সংগমযুগকেই কোৱা বা সত্যযুগকেই কোৱা। সংগমযুগৰ দৃশ্য তলত দেখুৱাইছে আকৌ ৰাজ্যৰ
দৃশ্য ওপৰত দেখুৱাইছে। গতিকে সত্যযুগ হৈছে আদি আকৌ মধ্যত হৈছে দ্বাপৰ। অন্তকতো
তোমালোকে দেখিছাই। এই সকলোবোৰ নাশ হৈ যাব। সম্পূৰ্ণ স্মাৰক বনোৱা আছে।
দেৱী-দেৱতাসকলেই আকৌ বাম (বিকাৰী) মাৰ্গত যায়। দ্বাপৰৰ পৰা বাম মাৰ্গ আৰম্ভ হয়।
স্মাৰক একেবাৰে সঠিক। স্মাৰক হিচাপে বহুত মন্দিৰ নিৰ্মাণ কৰিছে। ইয়াতেই সকলোবোৰ
চিহ্ন আছে। মন্দিৰো ইয়াতেই নিৰ্মাণ কৰা হয়। ভাৰতবাসী দেৱী-দেৱতাসকলেই ৰাজত্ব কৰি
গৈছে নহয়। পাছলৈ কিমান মন্দিৰ নিৰ্মাণ কৰে। শিখ লোক বহুত হ’লে তেওঁলোকে নিজৰ মন্দিৰ
নিৰ্মাণ কৰিব। মিলিটেৰীসকলেও নিজৰ মন্দিৰ নিৰ্মাণ কৰে। ভাৰতবাসীয়ে নিজৰ শ্ৰীকৃষ্ণ
বা লক্ষ্মী-নাৰায়ণৰ মন্দিৰ নিৰ্মাণ কৰিব। হনুমান, গণেশৰ মন্দিৰ নিৰ্মাণ কৰিব। এই
গোটেই সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে, কেনেকৈ স্থাপনা, বিনাশ, পালন হয় - এয়া তোমালোকেহে
জানা। ইয়াকে কোৱা হয় অন্ধকাৰ ৰাতি। ব্ৰহ্মাৰ দিন আৰু ৰাতি বুলি গায়ন কৰা হয় কিয়নো
ব্ৰহ্মাই চক্ৰত আহে। এতিয়া তোমালোক হৈছা ব্ৰাহ্মণ পাছলৈ দেৱতা হ’বাগৈ। মুখ্যতো
ব্ৰহ্মাই নহ’ল জানো। মুখ্য স্থানত ব্ৰহ্মাক ৰখা হ’ব নে বিষ্ণুক! ব্ৰহ্মা হৈছে ৰাতিৰ
আৰু বিষ্ণু হৈছে দিনৰ। তেৱেঁই ৰাতিৰ পৰা আকৌ দিনত আহে। দিনৰ পৰা আকৌ 84 জন্মৰ পাছত
ৰাতিত আহে। কিমান সহজ বুজনি। এইটোও সম্পূৰ্ণ স্মৃতিত ৰাখিব নোৱাৰে। সম্পূৰ্ণকৈ নপঢ়ে
সেয়েহে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি পদ প্ৰাপ্ত কৰে। যিমানেই স্মৰণ কৰিবা সতোপ্ৰধান
হ’বাগৈ। ভাৰতেই সতোপ্ৰধান আকৌ ভাৰতেই তমোপ্ৰধান হয়। সন্তানসকলৰ কিমান জ্ঞান আছে। এই
জ্ঞান মন্থন কৰিব লাগে। এই জ্ঞান হয়েই নতুন সৃষ্টিৰ বাবে, যি বেহদৰ পিতাই আহি দিয়ে।
সকলো মনুষ্যই বেহদৰ পিতাক স্মৰণ কৰে। ইংৰাজ লোকসকলেও কয় - অ’ গড্ ফাদাৰ লিবাৰেটৰ
(হে ঈশ্বৰ পিতা উদ্ধাৰ কৰোঁতা), গাইড (মাৰ্গ-দৰ্শক), অৰ্থতো তোমালোক সন্তানসকলৰ
বুদ্ধিত আছে। পিতা আহি দুখৰ সৃষ্টি লৌহ যুগৰ পৰা উলিয়াই সোণালী যুগত লৈ যায়। সোণালী
যুগ নিশ্চয় পাৰ হৈ গৈছে সেইবাবেতো স্মৰণ কৰে নহয়। তোমালোক সন্তানসকল ভিতৰি বহুত
আনন্দিত হৈ থাকিব লাগে আৰু দৈৱী কৰ্মও কৰিব লাগে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ পৰা
যি অবিনাশী জ্ঞান ৰত্নৰ অক্ষয় সম্পদ প্ৰাপ্ত হৈ আছে সেয়া স্মৃতিত ৰাখি বুদ্ধি বেহদত
লৈ যাব লাগে। এই বেহদৰ নাটকত কেনেকৈ আত্মাসকল নিজৰ নিজৰ আসনত বিৰাজমান হৈ আছে – এই
প্ৰাকৃতিক পৰিঘটনা সাক্ষী হৈ প্ৰত্যক্ষ কৰিব লাগে।
(2) সদায় বুদ্ধিত এইটো
স্মৃতি থাকিব লাগে যে আমি সংগমযুগী ব্ৰাহ্মণ, আমি পিতাৰ শ্ৰেষ্ঠ কোলা পাইছোঁ। আমি
ৰাৱণৰ কোলাত যাব নোৱাৰো। আমাৰ কৰ্তব্য হৈছে – যিসকল ডুবি আছে তেওঁলোককো উদ্ধাৰ কৰা।
বৰদান:
ব্যৰ্থ সংকল্প
ৰূপী স্তম্ভক আধাৰ কৰি লোৱাৰ সলনি সৰ্ব সম্বন্ধৰ অনুভৱ বঢ়াওঁতা সঁচা স্নেহী হোৱা
মায়াই দুৰ্বল সংকল্পক
শক্তিশালী কৰি তুলিবলৈ বহুত মাৰ্জিত স্তম্ভ লগায়, বাৰে বাৰে এইটোৱে সংকল্প উদয় কৰাই
দিয়ে যে এনেকুৱাতো হয়েই, ডাঙৰ ডাঙৰসকলেও এনেকুৱা কৰে, এতিয়া সম্পূৰ্ণতো হোৱা নাই,
নিশ্চয় কিবা নহয় কিবা দুৰ্বলতাতো থাকিবই... এই ব্যৰ্থ সংকল্প ৰূপী স্তম্ভই
দুৰ্বলতাক আৰু অধিক শক্তিশালী কৰি দিয়ে। এতিয়া এনেকুৱা স্তম্ভৰ আধাৰ লোৱাৰ সলনি
সৰ্ব সম্বন্ধৰ অনুভৱ বঢ়োৱা। সাকাৰ ৰূপত সান্নিধ্যৰ অনুভৱ কৰি সঁচা স্নেহী হোৱা।
স্লোগান:
সন্তুষ্টতা সকলোতকৈ শ্ৰেষ্ঠ গুণ, যি সদায় সন্তুষ্ট হৈ থাকে তেৱেঁই প্ৰভু প্ৰিয়, লোক
প্ৰিয় আৰু স্বয়ং প্ৰিয় হয়।
সফলতামূৰ্ত হ’বলৈ
আজিৰ অব্যক্ত সংকেত:
সেৱাধাৰীসকল সদায়
সফলতা স্বৰূপ হৈ থাকিবলৈ পিতাৰ সমান হ’ব লাগে। এটাই শব্দ যাতে স্মৃতিত থাকে – পিতাক
অনুসৰণ কৰা। যিয়েই কৰ্ম কৰা পৰীক্ষা কৰা যে এয়া পিতাৰ কৰ্ম হয়নে। যদি পিতাৰ হয়
তেন্তে মোৰো হয়, পিতাৰ যদি নহয় তেন্তে মোৰো নহয়। পৰীক্ষা কৰাৰ এই মাপকাঠি সদায় লগত
থাকিলে তেতিয়া পিতা যেনেকৈ সদায় সফলতা স্বৰূপ তেনেকুৱা নিজেও সদায় সফলতা স্বৰূপ হৈ
যাবা।