07.11.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল – এই
সংগমযুগ হৈছে সৰ্বোত্তম হোৱাৰ শুভ সময়, কিয়নো এই সময়ত পিতাই তোমালোকক নৰৰ পৰা
নাৰায়ণ হোৱাৰ পাঠ পঢ়ায়”
প্ৰশ্ন:
তোমালোক
সন্তানসকলৰ ওচৰত এনে কি জ্ঞান আছে যাৰ বাবে তোমালোকে কোনো পৰিস্থিতিত কান্দিব নোৱাৰা?
উত্তৰ:
তোমালোকৰ ওচৰত এই পূৰ্ব-নিৰ্ধাৰিত ড্ৰামাৰ জ্ঞান আছে, তোমালোকে জানা যে ইয়াত
প্ৰত্যেক আত্মাৰে নিজৰ ভূমিকা আছে, পিতাই আমাক সুখৰ উত্তৰাধিকাৰ দি আছে তেন্তে আমি
আকৌ কেনেকৈ কান্দিব পাৰোঁ। ব্ৰহ্মাণ্ডৰ সিপাৰে থকাজনক পোৱাৰহে চিন্তা আছিল, তেওঁক
পাই গ’লোঁ আৰু কি লাগে। সৌভাগ্যৱান সন্তানে কেতিয়াও নাকান্দে।
ওঁম্শান্তি।
আত্মিক পিতাই
বহি সন্তানসকলক এটা কথা বুজায়। চিত্ৰবিলাকতো এনেকৈ লিখিব লাগে যে ত্ৰিমূৰ্তি
শিৱবাবাই সন্তানসকলৰ প্ৰতি বুজায়। তোমালোকেও কাৰোবাক বুজালে তেতিয়া তোমালোক আত্মাই
ক'বা - শিৱবাবাই এনেকৈ কয়। এইজন পিতায়ো ক'ব - বাবাই তোমালোকক বুজায়। ইয়াত মনুষ্যই
মনুষ্যক নুবুজায় কিন্তু পৰমাত্মাই আত্মাসকলক বুজায় বা আত্মাই আত্মাক বুজায়।
জ্ঞান সাগৰতো শিববাবাই হয় আৰু তেওঁ হৈছে আত্মিক পিতা। এই সময়ত আত্মিক সন্তানসকলে
আত্মিক পিতাৰ পৰা উত্তৰাধিকাৰ লাভ কৰে। ইয়াত পাৰ্থিৱ অহংকাৰ এৰিবলগীয়া হয়। এই
সময়ত তোমালোকে দেহী-অভিমানী হৈ পিতাক স্মৰণ কৰিব লাগে। কৰ্মও লাগিলে কৰা, পেছাগত
কাম-কাজ আদি কৰি থাকা বাকী যি সময় পোৱা নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিলে
তেতিয়া বিকৰ্ম বিনাশ হ’ব। তোমালোকে জানা শিৱবাবাৰ এওঁৰ (ব্ৰহ্মা বাবাৰ) শৰীৰত আগমন
হৈছে। তেওঁ সত্য, চৈতন্য। সৎ, চিত, আনন্দ স্বৰূপ বুলি কয়। ব্ৰহ্মা, বিষ্ণু শংকৰ
অথবা কোনো মনুষ্য মাত্ৰৰ এই মহিমা নাই। উচ্চতকৈও উচ্চ ভগৱান এজনেই, তেওঁ হৈছে পৰম
আত্মা। এই জ্ঞানো তোমালোকৰ কেৱল এই সময়তহে আছে। পাছলৈ কেতিয়াও নোপোৱা। প্ৰতি 5
হাজাৰ বছৰৰ মূৰত পিতা আহে, পিতাক স্মৰণ কৰাবলৈ তোমালোকক আত্ম-অভিমানী কৰি তোলে, যাৰ
দ্বাৰা তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যোৱা, অন্য কোনো উপায় নাই। যদিও
মনুষ্যই আহ্বান জনায় – হে পতিত-পাৱন আহক কিন্তু অৰ্থ বুজি নাপায়। “পতিত-পাৱন
সীতাৰাম” বুলি ক'লে সেয়াও ভাল। তোমালোক সকলো সীতা বা ভক্ত। তেওঁ হৈছে এক ৰাম ভগৱান,
তোমালোক ভক্তসকলে ভগৱানৰ দ্বাৰা ফল প্ৰাপ্ত কৰিব লাগে। মুক্তি বা জীৱনমুক্তি - এয়া
হৈছে ফল। মুক্তি-জীৱনমুক্তিৰ দাতা সেই এজনেই পিতা। ড্ৰামাত উচ্চতকৈও উচ্চ ভূমিকা
পালন কৰোঁতাও থাকে তেনেকৈ আকৌ নীচ ভূমিকা পালন কৰোঁতাও থাকে। এয়া হৈছে বেহদৰ ড্ৰামা,
এইখনক আন কোনেও বুজিব নোৱাৰে। তোমালোক এই সময়ত তমোপ্ৰধান কনিষ্ঠৰ পৰা সতোপ্ৰধান
পুৰুষোত্তম হৈ আছা। সতোপ্ৰধানকেই সৰ্বোত্তম বুলি কোৱা হয়। এই সময়ত তোমালোক
সৰ্বোত্তম নহয়। পিতাই তোমালোকক সৰ্বোত্তম কৰি গঢ়ি তোলে। এই ড্ৰামাৰ চক্ৰ কেনেকৈ
ঘূৰি থাকে, সেয়া কোনেও নাজানে। কলিযুগ, সংগমযুগ তাৰপাছত হৈছে সত্যযুগ। পুৰণিক কোনে
নতুন কৰি তুলিব? পিতা অবিহনে কোনেও কৰিব নোৱাৰে। পিতাইহে সংগমত আহি পঢ়ায়। পিতা
সত্যযুগতো নাহে আৰু কলিযুগতো নাহে। পিতাই কয় - মোৰ ভূমিকাই হৈছে সংগমত সেইবাবে
সংগমযুগক কল্যাণকাৰী যুগ বুলি কোৱা হয়। এয়া মঙ্গগলজনক, বহুত উচ্চ শুভ সময় সংগমযুগ।
যেতিয়া পিতা আহি তোমালোক সন্তানসকলক নৰৰ পৰা নাৰায়ণ কৰি তোলে। মনুষ্যতো মনুষ্যই
হয় কিন্তু দৈৱীগুণ সম্পন্ন হৈ যায় তাক কোৱা হয় আদি সনাতন দেৱী-দেৱতা ধৰ্ম। পিতাই
কয় - মই এইটো ধৰ্ম প্ৰতিষ্ঠা কৰোঁ, ইয়াৰ বাবে পৱিত্ৰ নিশ্চয় হ'ব লাগে। পতিত-পাৱন
এজনেই পিতা। বাকী সকলো হৈছে কইনা, ভক্তি কৰোঁতা। “পতিত-পাৱন সীতা ৰাম” বুলি কোৱাটোও
ঠিক। কিন্তু পাছলৈ আকৌ যি “ৰঘুপতি ৰাঘৱ ৰজা ৰাম” বুলি কৈ দিয়ে সেইটো ভুল হৈ যায়।
মনুষ্যই অৰ্থ নুবুজাকৈয়ে যি ভাবে তাকেই কৈ দিয়ে, সুৰ লগাই গাই থাকে। তোমালোকে জানা
যে চন্দ্ৰবংশী ধৰ্মও এতিয়া প্ৰতিষ্ঠা হৈ আছে। পিতা আহি ব্ৰাহ্মণ কুল প্ৰতিষ্ঠা কৰে,
ইয়াক ৰাজবংশ বুলি কোৱা নহ’ব। এয়া পৰিয়াল, ইয়াত তোমালোক পাণ্ডৱ বা কৌৰৱ কাৰোৱেই
ৰাজ্য নাই। ‘গীতা’ যিসকলে পঢ়িছে, তেওঁলোকে এই কথাবোৰ সোনকালেই বুজি পাব। এয়াও হৈছে
‘গীতা’। কোনে শুনাই বাৰু? ভগৱানে। তোমালোক সন্তানসকলে প্ৰথমেতো এইটো বুজাব লাগে যে
‘গীতা’ৰ ভগৱান কোন? তেওঁলোকে কয় - শ্ৰীকৃষ্ণ ভগৱানুবাচ। শ্ৰীকৃষ্ণতো সত্যযুগতহে
হ'বগৈ। তেওঁৰ যি আত্মা আছে সেই আত্মাতো অবিনাশী। শৰীৰৰহে নাম সলনি হয়। আত্মাৰ নাম
কেতিয়াও সলনি নহয়। শ্ৰীকৃষ্ণৰ আত্মাৰ শৰীৰ সত্যযুগতহে থাকে। এক নম্বৰত তেৱেঁই যায়।
লক্ষ্মী-নাৰায়ণ প্ৰথম আকৌ দ্বিতীয়, তৃতীয়। গতিকে তেওঁলোকৰ নম্বৰো সিমানেই কম হ’ব।
এই মালা তৈয়াৰ হয় নহয়। পিতাই বুজাইছে - ৰুণ্ড মালাও থাকে আৰু ৰুদ্ৰ মালাও থাকে।
বিষ্ণুৰ ডিঙিত ৰুণ্ড মালা দেখুৱায়। তোমালোক সন্তানসকল ক্ৰমানুসাৰে বিষ্ণুপুৰীৰ
মালিক হৈ যোৱা। সেয়েহে তোমালোক যেন বিষ্ণুৰ ডিঙিৰ হাৰ হৈ যোৱা। প্ৰথমতে শিৱৰ ডিঙিৰ
হাৰ হোৱা, তাক ৰুদ্ৰ মালা বুলি কোৱা হয়, যাক জপ কৰে। মালাৰ পূজা কৰা নহয়, স্মৰণ কৰা
হয়। তেওঁলোকেই মালাৰ দানা হয় যিসকল বিষ্ণু পুৰীৰ ৰাজধানীত ক্ৰমানুসাৰে আহে। মালাত
প্ৰথমতে ফুল থাকে তাৰপাছত যুগল দানা। প্ৰবৃত্তি মাৰ্গ আৰম্ভ হয় নহয়। প্ৰবৃত্তি
মাৰ্গ আৰম্ভ হয় ব্ৰহ্মা, সৰস্বতী আৰু সন্তানসকলৰ দ্বাৰা। এওঁলোকেই পুনৰ দেৱতা হয়গৈ।
লক্ষ্মী-নাৰায়ণ হৈছে প্ৰথম। ওপৰত হৈছে ফুল শিৱবাবা। মালা ঘূৰাই ঘূৰাই শেষত মূৰ
দোৱায়। শিৱবাবা হৈছে ফুল যিজন পুনৰ্জন্মত নাহে, এওঁৰ (ব্ৰহ্মাৰ) শৰীৰত প্ৰৱেশ কৰে।
তেৱেঁই তোমালোকক বুজায়। এওঁৰ আত্মাতো নিজৰ হয়। এওঁ নিজৰ শৰীৰ নিৰ্বাহ কৰে, তেওঁৰ
কাম হৈছে কেৱল জ্ঞান দিয়া। যেনেকৈ কাৰোবাৰ পত্নী বা পিতা আদিৰ মৃত্যু হ’লে তেতিয়া
তেওঁৰ আত্মাক ব্ৰাহ্মণৰ শৰীৰত মাতে। আগতে আহিছিল, এতিয়া সেই আত্মাই শৰীৰ এৰিতো নাহে।
এয়া ড্ৰামাত আগৰ পৰাই নিৰ্ধাৰিত হৈ আছে। এয়া সকলো হৈছে ভক্তিমাৰ্গ। সেই আত্মাটিতো
গ’ল, গৈ অন্য শৰীৰ ল’লে। তোমালোক সন্তানসকলে এতিয়া এই সম্পূৰ্ণ জ্ঞান পাই আছা,
সেইবাবে কোনোবা মৰিলেও তোমালোকৰ কোনো চিন্তা নাই। অম্মা মৰিলেও হালোৱা খোৱা (শান্তা
ভগ্নীৰ উদাহৰণ) সন্তানটি গৈ তেওঁলোকক বুজালে যে তোমালোকে কিয় কান্দা? তেওঁতো গৈ
বেলেগ শৰীৰ ধাৰণ কৰিলে। কান্দিলে জানো আকৌ ঘূৰি আহিব। সৌভাগ্যশালীসকলে কান্দে জানো।
গতিকে তাত সকলোৰে কন্দা বন্ধ কৰাই বুজাবলৈ লাগি গ'ল। এনেকৈ বহু কেইগৰাকী কন্যাই গৈ
বুজাইছিল। এতিয়া কন্দা কটা বন্ধ কৰা। মিছা ব্ৰাহ্মণকো নুখুৱাবা। আমি সঁচা
ব্ৰাহ্মণসকলক লৈ আনিছোঁ। তেতিয়া জ্ঞান শুনিবলৈ লাগি যায়। বুজি পায় যে এওঁলোকেতো ঠিক
কথাই কয়। জ্ঞান শুনি শুনি শান্ত হৈ যায়। 7 দিনৰ বাবে কোনোবাই ভাগৱত পাঠ আদি
ৰাখিলেও মনুষ্যৰ দুখ দূৰ নহয়। এই কন্যাসকলেতো সকলোৰে দুখ দূৰ কৰি দিয়ে। তোমালোকে
বুজি পোৱা যে কন্দাৰতো দৰকাৰ নাই। এয়াতো পূৰ্ব-নিৰ্ধাৰিত ড্ৰামা। প্ৰত্যেকে নিজৰ
ভূমিকা পালন কৰিব লাগে। কোনো পৰিস্থিতিতে কান্দিব নালাগে। বেহদৰ পিতা-শিক্ষক-গুৰুক
পাইছা, যাক পাবৰ বাবে তোমালোকে ইমান হাবাথুৰি খোৱা। ব্ৰহ্মাণ্ডৰ সিপাৰে থকা পৰম পিতা
পৰমাত্মাক পাই গ’লা বাকী কি লাগে। পিতাই সুখৰ উত্তৰাধিকাৰেই দিয়ে। তোমালোকে পিতাক
পাহৰি যোৱা সেইবাবে কান্দিবলগীয়া হয়। পিতাক স্মৰণ কৰিলে তেতিয়া আনন্দিত হ’বা। অ’হো!
মইতো বিশ্বৰ মালিক হৈ যাওঁ। পাছত 21 প্ৰজন্মই কেতিয়াও নাকান্দিব। 21 প্ৰজন্ম অৰ্থাৎ
সম্পূৰ্ণ বৃদ্ধ বয়সলৈকে অকাল মৃত্যু নহয়, গতিকে ভিতৰি কিমান গুপ্ত আনন্দ থাকিব
লাগে।
তোমালোকে জানা যে আমি
মায়াৰ ওপৰত জয়ী হৈ জগতজিৎ হ’মগৈ। অস্ত্ৰ–শস্ত্ৰ আদিৰ কোনো কথা নাই। তোমালোক হৈছা
শিৱশক্তি। তোমালোকৰ ওচৰত আছে জ্ঞান কটাৰী, জ্ঞান বাণ। তেওঁলোকে আকৌ ভক্তিমাৰ্গত
দেৱীসকলক স্থূল বাণ খৰ্গ আদি দি দিছে। পিতাই কয় - জ্ঞান তৰোৱালেৰে বিকাৰক জয় কৰিব
লাগে, বাকী দেৱীসকল জানো হিংসক। এই সকলোবোৰ হৈছে ভক্তিমাৰ্গ। সাধু-সন্ত আদি হৈছে
নিবৃত্তি মাৰ্গৰ, তেওঁলোকে প্ৰবৃত্তি মাৰ্গক নামানেই। তোমালোকেতো সন্ন্যাস কৰা
গোটেই পুৰণি সৃষ্টিৰ, পুৰণা শৰীৰৰ। এতিয়া পিতাক স্মৰণ কৰিলে তেতিয়া আত্মা পৱিত্ৰ
হৈ যাব। জ্ঞানৰ সংস্কাৰ লৈ যাব। সেই অনুসৰি নতুন সৃষ্টিত জন্ম ল’ব। যদি ইয়াতো জন্ম
লোৱা তথাপিতো কোনো ভাল ঘৰত, ৰজাৰ ওচৰত বা ধাৰ্মিক ঘৰত সেই সংস্কাৰ লৈ যাব। সকলোৰে
মৰমৰ হ’ব। ক'ব এয়াতো দেৱী। শ্ৰীকৃষ্ণৰ যে কিমান মহিমা কৰে। সৰুকালত দেখুৱায় - মাখন
চুৰি কৰিলে, টেকেলী ভাঙিলে, এইটো কৰিলে….. কিমান কলংক লগাই দিছে। বাৰু, আকৌ
শ্ৰীকৃষ্ণক কিয় শ্যামবৰণীয়া কৰি দিলে? তাততো শ্ৰীকৃষ্ণ বগা (পাৱন) হ’ব নহয়। আকৌ
শৰীৰ সলনি হৈ গৈ থাকে, নামো সলনি হৈ থাকে। শ্ৰীকৃষ্ণতো সত্যযুগৰ প্ৰথম ৰাজকুমাৰ
আছিল, তেওঁক শ্যামবৰণীয়া কৰি দিছে? কেতিয়াও কোনেও ক’ব নোৱাৰিব। তাত সাপ আদি নাথাকে
যে ক’লা কৰি দিব। ইয়াত বিহ ওপৰলৈ উঠি যায় সেইবাবে ক'লা হৈ যায়। তাততো এনেকুৱা কথা
হ’ব নোৱাৰে। তোমালোক এতিয়া দৈৱী সম্প্ৰদায়ৰ হ'বলৈ গৈ আছা। এই ব্ৰাহ্মণ
সম্প্ৰদায়ৰ বিষয়ে কোনেও নাজানে। পোন-প্ৰথমে পিতাই ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণসকলক
তুলি লয়। প্ৰজাপিতা আছে গতিকে তেওঁৰ প্ৰজাও অনেক আছে। ব্ৰহ্মাৰ জীয়ৰী সৰস্বতী বুলি
কয়। স্ত্ৰীতো নাই। এয়া কোনেও নাজানে। প্ৰজাপিতা ব্ৰহ্মাৰতো হয়েই মুখ বংশাৱলী।
স্ত্ৰীৰ কথাই নাই। এওঁৰ (ব্ৰহ্মাবাবাৰ) শৰীৰত পিতাই প্ৰৱেশ কৰি কয় - তোমালোক মোৰ
সন্তান। মই এওঁৰ নাম ব্ৰহ্মা ৰাখিছোঁ, যিসকল সন্তান হৈছে সকলোৰে নাম সলনি কৰি দিছোঁ।
তোমালোক সন্তানসকল এতিয়া মায়াৰ ওপৰত জয়ী হোৱা, ইয়াক কোৱাই হয় - জয় আৰু
পৰাজয়ৰ খেল। পিতাই কিমান সস্তা চুক্তি কৰায়। তথাপি মায়াই হৰুৱাই দিয়ে তেতিয়া পলাই
যায়। 5 বিকাৰ ৰূপী মায়াই হৰুৱাই দিয়ে। যাৰ 5 বিকাৰ আছে, তেওঁকেই আসুৰিক সম্প্ৰদায়
বুলি কোৱা হয়। মন্দিৰত দেৱীসকলৰ আগত গৈ মহিমা কৰে - আপুনি সৰ্বগুণ সম্পন্ন………
পিতাই তোমালোক সন্তানসকলক বুজায় - তোমালোকেই পূজ্য দেৱতা আছিলা আকৌ 63 জন্ম পূজাৰী
হ'লা, এতিয়া আকৌ পূজ্য হোৱা। পিতাই পূজ্য কৰি তোলে, ৰাৱণে পূজাৰী কৰি দিয়ে। এই
কথাবোৰ কোনো শাস্ত্ৰত নাই। পিতাই কোনো শাস্ত্ৰ আদি পঢ়িছে জানো। তেওঁতো হয়েই জ্ঞানৰ
সাগৰ। ‘ৱল্ড অলমাইটি অথ’ৰিটি’। ‘অলমাইটি’ অৰ্থাৎ সৰ্বশক্তিমান। পিতাই কয় - সকলো বেদ
শাস্ত্ৰ আদিৰ বিষয়ে জানো। এই সকলোবোৰ হৈছে ভক্তিৰ সামগ্ৰী। মই এই সকলোবোৰ কথা জানো।
দ্বাপৰৰ পৰাই তোমালোক পূজাৰী হৈ যোৱা। সত্য-ত্ৰেতাততো পূজা নহয়। তেওঁলোক হৈছে পূজ্য
বংশৰ। তাৰপাছত হয় পূজাৰী বংশ। এই সময়ত সকলো পূজাৰী। এই কথাবোৰ কোনেও নাজানে। পিতাহে
আহি 84 জন্মৰ কাহিনী শুনায়। পূজ্য পূজাৰী তোমালোকক লৈয়েই গোটেই খেলখন চলে। হিন্দু
ধৰ্ম বুলি কৈ দিয়ে। বাস্তৱততো ভাৰতত আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল, হিন্দু নহয়।
কিমান কথা বুজাবলগীয়া হয়। এই পঢ়া হয়ো এক ছেকেণ্ডৰ। তথাপিও কিমান সময় লাগি যায়।
এনেকৈ কয় যে সাগৰক চিয়াঁহী কৰি লোৱা, গোটেই জংগলক কলম কৰি লোৱা তেতিয়াও পূৰা হ’ব
নোৱাৰে। শেষ পৰ্যন্ত তোমালোকক জ্ঞান শুনাই থাকিম। তোমালোকে ইয়াৰ ওপৰত কিমান কিতাপ
ৰচনা কৰিবা। আৰম্ভণিতো পিতাই পুৱাই পুৱাই উঠি লিখিছিল, আকৌ মম্মাই শুনাইছিল,
তেতিয়াৰ পৰা ছপা কৰি অহা হৈছে। কিমান কাগজ শেষ হৈ গ’ল চাগৈ। ‘গীতা’তো এখনে ইমান
চুটি। ‘গীতা’ৰ লকেটো তৈয়াৰ কৰায়। ‘গীতা’ৰ বহুত প্ৰভাৱ আছে। কিন্তু ‘গীতা’ জ্ঞান
দাতাক পাহৰি গৈছে। ভালবাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) জ্ঞান
তৰোৱালেৰে বিকাৰক জয় কৰিব লাগে। জ্ঞানৰ সংস্কাৰ ধাৰণ কৰিব লাগে। পুৰণি সৃষ্টি আৰু
পুৰণি শৰীৰৰ সন্ন্যাস কৰিব লাগে।
(2) ভাগ্যৱান হোৱাৰ
আনন্দত থাকিব লাগে, কোনো কথাৰ চিন্তা কৰিব নালাগে। কোনোবাই শৰীৰ ত্যাগ কৰিলেও দুখৰ
চকুলো টুকিব নালাগে।
বৰদান:
নিয়ন্ত্ৰণ
শক্তিৰ দ্বাৰা এক চেকেণ্ডৰ কাকতত উত্তীৰ্ণ হওঁতা সন্মান সহকাৰে উত্তীৰ্ণ হোৱা
এতিয়াই শৰীৰত অহা আৰু
এতিয়াই শৰীৰৰ পৰা উৰ্দ্ধত অব্যক্ত স্থিতিত স্থিৰ হৈ যোৱা। যিমানে অশান্তিকৰ
পৰিস্থিতি সিমানে নিজৰ স্থিতি অতি শান্তি হওক। ইয়াৰ বাবে সামৰি লোৱাৰ শক্তি লাগে।
এক চেকেণ্ডত বিস্তাৰৰ পৰা সাৰত গুচি যোৱা আৰু এক চেকেণ্ডত সাৰৰ পৰা বিস্তাৰত আহি
যোৱা, এনেকুৱা নিয়ন্ত্ৰণ শক্তিধাৰীসকলেই বিশ্বক নিয়ন্ত্ৰণ কৰিব পাৰে। আৰু এইটো
অভ্যাসেই অন্তিম এক চেকেণ্ডৰ কাকতত সন্মান সহকাৰে উত্তীৰ্ণ কৰাই দিব।
স্লোগান:
বানপ্ৰস্থ স্থিতিৰ অনুভৱ কৰা আৰু কৰোৱা তেতিয়া শৈশৱৰ খেল সমাপ্ত হৈ যাব।
অব্যক্ত সংকেত: অশৰীৰী
তথা বিদেহী স্থিতিৰ অভ্যাস বঢ়োৱা
বিদেহী হোৱাত “হে
অৰ্জুন হোৱা” অৰ্জুনৰ বিশেষত্ব হৈছে সদায় বিন্দুত স্মৃতি স্বৰূপ হৈ বিজয়ী হ’ল।
এনেকুৱা নষ্টোমোহা স্মৃতি স্বৰূপ হওঁতাজনেই অৰ্জুন। সদায় ‘গীতা’ জ্ঞান শুনোঁতা আৰু
মনন কৰোঁতা অৰ্জুন। এনেকুৱা বিদেহী, জীৱন্তে সকলো মৰি পৰি আছে, এনেকুৱা বেহদৰ
বৈৰাগ্য বৃত্তিধাৰী অৰ্জুন হোৱা।