07.11.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – সংগদোষে বহুত লোকচান কৰে, সেইবাবে সংগদোষৰ পৰা নিজক বহুত সাৱধান কৰি ৰাখা, সংগদোষ বৰ বেয়া”

প্ৰশ্ন:
তিনি প্ৰকাৰৰ শৈশৱ কি কি? কোনটো শৈশৱক কেতিয়াও নাপাহৰিবা?

উত্তৰ:
এটা শৈশৱ - লৌকিক মা-পিতাৰ ওচৰত জন্ম হওঁতেই পালা, দ্বিতীয়টো গুৰুৰ শিষ্য হওঁতে পালা আৰু তৃতীয়টো শৈশৱ লৌকিক মা-পিতাক এৰি অলৌকিক মা-পিতাৰ হওঁতে পালা। অলৌকিক শৈশৱ অৰ্থাৎ ঈশ্বৰৰ তোলনীয়া সন্তান। ঈশ্বৰৰ সন্তান হ’লা অৰ্থাৎ জীৱন্তে মৰি গ’লা। এই অলৌকিক শৈশৱক কেতিয়াও পাহৰিব নালাগে। যদি পাহৰি যোৱা তেন্তে বহুত কান্দিব লাগিব। কন্দা মানে মায়াৰ কোব খোৱা।

গীত:
বচপন কে দিন ভুলা ন দেনা….. (শৈশৱৰ দিনবোৰ পাহৰি নাযাবা…….)

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলে গীতটিৰ অৰ্থ বুজিলে। শৈশৱ তিনি প্ৰকাৰৰ। এটা হৈছে লৌকিক শৈশৱ, দ্বিতীয়টো নিবৃত্তি মাৰ্গৰ, সেয়াও ঘৰ-সংসাৰ এৰি জীৱন্তে মৰি গুৰুৰ অথবা সন্ন্যাসীৰ হৈ যায়। গুৰু বা সন্ন্যাসী তেওঁলোকৰ পিতা নহয়। তেওঁলোক গুৰুৰ হৈ যায়, তেওঁলোকৰ লগত থাকে। তেওঁলোকো জীৱন্তে মৰি গৈ গুৰুৰ হয়, জংঘললৈ গুচি যায়। তৃতীয়টো হৈছে - তোমালোকৰ এই আচৰিত জীৱন্তে মৃত জন্ম। এক মাতা-পিতাক এৰি অন্য মাতা-পিতাৰ হোৱা। এয়া হৈছে আত্মিক মাতা-পিতা। তোমালোকৰ এয়া জীৱন্তে মৃত জন্ম। ঈশ্বৰীয় কোলাত আত্মিক জন্ম। তোমালোকৰ সৈতে এতিয়া আত্মিক পিতাই বাৰ্তালাপ কৰি আছে। সেই সকলোবোৰ হৈছে পাৰ্থিৱ (শাৰীৰিক) পিতা। এইজন হৈছে আত্মিক পিতা, সেইকাৰণে গায়ন কৰে - পিতাৰ হৈ, জীৱন্তে মৰি পুনৰ এইটো পাহৰি নাযাবা। শিৱবাবা হৈছে উচ্চতকৈও উচ্চ ভগৱান। যেতিয়া কোনোবাই গীতা আদিৰ ওপৰত বাদানুবাদ কৰে তেতিয়া প্ৰথমে এইটো কথা সুধিব লাগে যে উচ্চতকৈও উচ্চ ভগৱান কোন? ব্ৰহ্মা দেৱতা নমঃ বিষ্ণু দেৱতা নমঃ বুলি কয়, আকৌ কয় - শিৱ পৰমাত্মায়ে নমঃ… তেওঁ সকলো ধৰ্মাৱলম্বীৰে পিতা। পোন-প্ৰথমে এইটো কথা বুজাব লাগে – উচ্চতকৈও উচ্চ সেয়া এজনেই পিতা। ব্ৰহ্মা, বিষ্ণুক কোনেও ঈশ্বৰ পিতা (গড্‌ ফাদাৰ) বুলি নকয়। প্ৰথমতে এইটো দৃঢ় কৰোৱা যে ঈশ্বৰ পিতা এজনেই, তেওঁ নিৰাকাৰ, যাক স্ৰষ্টা বুলিও কয়। পতিত-পাৱন বুলিও কয়। পিতাৰ পৰাতো নিশ্চয় উত্তৰাধিকাৰ পোৱা যাব। এইটো চিন্তা কৰা যে বেহদৰ (অসীমৰ) পিতাৰ পৰা উত্তৰাধিকাৰ কোনে পালে। পিতা হৈছে নতুন সৃষ্টি ৰচনা কাৰোঁতা। তেওঁৰ নাম হৈছে শিৱ। শিৱ পৰমাত্মা নমঃ বুলি কয়, তেওঁৰ জয়ন্তীও পালন কৰে। তেৱেঁই পতিত-পাৱন, ৰচয়িতা, জ্ঞানপূৰ্ণ হয়, তেন্তে সৰ্বব্যাপীৰ ধাৰণাটোৱেই নোহোৱা হৈ যায়। তেওঁৰ মহিমা হৈছে কৰ্তব্যৰ ওপৰত। অতীতত যি কৰ্তব্য কৰি যায় তাৰ মহিমা গায়ন কৰা হয়। উচ্চতকৈও উচ্চ হৈছে পিতা। তেওঁক মুক্তিদাতা বুলিও কয়, দয়াশীল, দুখ হৰ্তা, সুখ কৰ্তা বুলিও কয়, মাৰ্গ-দৰ্শক (গাইড) বুলিও কয়। কোনোবা নতুন স্থানলৈ গ’লে মাৰ্গ-দৰ্শকক লগত লৈ যায়। বিদেশৰ পৰা আহিলে তেওঁক ইয়াৰ মাৰ্গ-দৰ্শক দিয়ে। সকলোবোৰ দেখুৱাবৰ বাবে। তীৰ্থ যাত্ৰাত লৈ যোৱাসকল হৈছে পাণ্ডা। এতিয়া পিতাক মাৰ্গ-দৰ্শক বুলি কয় তেন্তে নিশ্চয় মাৰ্গ-দৰ্শন কৰিছে। সৰ্বব্যাপী বুলি ক’লে সকলো কথা শেষ হৈ যায়। প্ৰথমতে বুজোৱা যে সকলোৰে পিতা এজন। সৰ্বশাস্ত্ৰৰ শিৰোমণি হৈছে গীতা, সেয়া হৈছে ভগৱানে শুনোৱা। এইটো সিদ্ধ কৰি দিলে তাৰ সতি-সন্তান সকলোবোৰ ভুল বুলি প্ৰমাণিত হৈ যাব। প্ৰথমতে সত্য গীতাৰ সাৰ শুনাব লাগে। শিৱ ভগৱানুবাচ। এতিয়া শিৱবাবাৰ চৰিত্ৰ (দিব্য কৰ্তব্য) কি হ’ব? তেওঁতো কেৱল কয় - মই এই শৰীৰৰ আধাৰ লৈ তোমালোকক পতিতৰ পৰা পাৱন হোৱাৰ ৰাস্তা দেখুৱাওঁ। সন্তানসকলক ৰাজযোগ শিকাবলৈ আহোঁ, ইয়াত কি চৰিত্ৰ কৰিব। এওঁতো বয়স্ক। কেৱল আহি সন্তানসকলক পঢ়ায়। পতিতক পাৱন কৰি তুলিবলৈ ৰাজযোগ শিকায়। তোমালোকে সত্যযুগত গৈ ৰাজত্ব কৰিবা। তোমালোকে উত্তৰাধিকাৰ লাভ কৰা, বাকী সকলো আত্মা মুক্তিধাম, নিৰাকাৰী জগতত থাকিব। এইটো একেবাৰে সহজ কথা। ভাৰতত দেৱী-দেৱতাসকলৰ ৰাজত্ব আছিল। এটাই ধৰ্ম আছিল। এতিয়া কলিযুগত কিমান অনেক মনুষ্য আছে, তাত (স্বৰ্গত) বহুত কম হয়। পৰমপিতা পৰমাত্মাই এক ধৰ্মৰ প্ৰতিষ্ঠা আৰু অনেক ধৰ্মৰ বিনাশ কৰাবলৈ আহে। বাকী সকলো শান্তিধামলৈ গুচি যাব। তাত অপৱিত্ৰ আত্মা কোনো থাকিব নোৱাৰে। তেওঁৰ নামেই হৈছে পতিত-পাৱন, সকলোৰে সৎগতি দাতা। এইখন হৈছে পুৰণি সৃষ্টি, লৌহযুগ। সত্যযুগক কোৱা হয় সোণালী যুগ। যিসকল দেৱতাসকলৰ পূজাৰী তেওঁলোকে সহজে সকলো বুজি পাব। যিসকল পূজ্য তেওঁলোকেই পূজাৰী হয়। গতিকে প্ৰথমে বাবাৰ পৰিচয় দিব লাগে, আমি তেওঁৰ সন্তান, এইটো পাহৰি নাযাবা। পাহৰি গ’লে কান্দিব লাগিব। কিছু কিছু মায়াৰ আঘাত লাগি যাব। দেহী-অভিমানী হ’ব লাগে। আমি আত্মাসকল পুনৰ পিতাৰ ওচৰলৈ উভতি যাব লাগে। ইমান অনেক মনুষ্য মৰিব তেতিয়া কোনে কাৰ বাবে কান্দিব? আটাইতকৈ বেছি ভাৰততেই কান্দে। প্ৰথমে 12 মাহ খুব কন্দা কটা কৰে। হিয়া ধাকুৰি থাকে। এইবোৰ হৈছে মৃত্যুলোকৰ ৰীতি-প্ৰথা, তোমালোকক এতিয়া অমৰলোকৰ গোটেই ৰীতি-প্ৰথা শিকাই আছে। তোমালোকৰ এতিয়া গোটেই পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য জন্মিছে। পিতাই কয় – মামেকম্‌ (কেৱল মোক; পৰমপিতাক) স্মৰণ কৰা। এই সকলোবোৰ এতিয়া নাশ হৈ যাব। এতিয়া আমি উভতি যাবলৈ ওলাইছোঁ, নাটক সম্পূৰ্ণ হৈছে। নাটকত সকলো ভাৱৰীয়া হয়, তেন্তে মোহ কাৰ প্ৰতি ৰাখিবা। বুজি পায় যে এওঁ গৈ অন্য ভূমিকা পালন কৰিব লাগে। কন্দাৰ কি দৰকাৰ। প্ৰত্যেকৰে ভূমিকা নিৰ্ধাৰিত হৈ আছে। যেনেকৈ পিতা জ্ঞানৰ সাগৰ, আনন্দৰ সাগৰ, প্ৰেমৰ সাগৰ হয় গতিকে পিতাক অনুসৰণ কৰি এনেকুৱা হ’ব লাগে। সাগৰৰ পৰা নদীৰ উৎপত্তি হয়। সকলো ক্ৰমানুসৰি হয়। কিছুমানে ভালকৈ বৰষে, খুব নিজৰ সমান কৰি তোলে। অন্ধৰ লাখুটি হয়। পিতাকতো বহুত সহায়কাৰী লাগে। পিতাই কয় - তোমালোক অন্ধৰ লাখুটি হোৱা। সকলোকে ৰাস্তা দেখুওৱা। কেৱল এগৰাকী ব্ৰাহ্মণীহে জানো অন্ধৰ লাখুটি হ’ব লাগে। তোমালোক সকলোৱে হ’ব লাগে। তোমালোকে জ্ঞানৰ তৃতীয় নেত্ৰ লাভ কৰিছা, ইয়াক কোৱা হয় তৃতীয় নেত্ৰ লাভ কৰাৰ কথা। দিব্য নেত্ৰ হৈছে আত্মাৰ বাবে। মনুষ্যইতো একোৱেই বুজি নাপায়। একেবাৰে তুচ্ছ বুদ্ধিৰ হৈ গৈছে। ভাৰতবাসীয়ে এইটো নাজানে যে আমাৰ ধৰ্ম কোনে প্ৰতিষ্ঠা কৰিলে। পিতাৰ জন্মও ইয়াতেই হয়। শিৱ জয়ন্তীও পালন কৰে। তেন্তে সৰ্বব্যাপী কেনেকৈ হ’ব পাৰে। পিতা আৰু ৰচনাক জগতত কোনেও নাজানে। ঋষি-মুনি সকলোৱে নাজানো নাজানো বুলি কৈ গ’ল। এটাই ভীষণ ভুল কৰিছে যে পৰমাত্মাক সৰ্বব্যাপী বুলি কৈ দিছে। তোমালোকে সিদ্ধ কৰি কোৱা যে তেওঁ সকলোৰে পিতা হয়, পতিত-পাৱন, মুক্তিদাতা হয়। পুৰণি সৃষ্টিৰ পৰা নতুন সৃষ্টিলৈ লৈ যায়। তাত দুখৰ কথা নাথাকে। শাস্ত্ৰততো কি কি লিখি দিছে। লক্ষ্মী-নাৰায়ণৰ বাবেও কয় - কি তাত তেওঁলোকৰ বিকাৰ অবিহনে সন্তান জন্ম হ’ব? হেৰ’ কোৱাই হয় - সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ, সম্পূৰ্ণ নিৰ্বিকাৰী, বিকাৰ ৰহিত জগত। এইখনক কোৱা হয় বিকাৰী জগত, তেন্তে কেনেকৈ কোৱা যে তাতো বিকাৰ থাকিব। পোন-প্ৰথমে যেতিয়ালৈকে পিতাক চিনি নাপায় তেতিয়ালৈকে একো বুজিব নোৱাৰে। সৰ্বব্যাপী বুলি কৈ ভীষণ ভুল কৰিছে। যেতিয়া সেইটো ভুলৰ পৰা মুক্ত হ’ব তেতিয়াহে পিতাক জানিব। নিশ্চয় হওক যে বাবা আমি পুনৰ আপোনাৰ হৈছোঁ, আপোনাৰ পৰা ৰাজ্য-ভাগ্য ল’বৰ বাবে। শাস্ত্ৰবোৰতো কি কি লিখি দিছে। লক্ষ্মী-নাৰায়ণক সত্যযুগত দেখুৱায় আৰু শৈশৱৰ ৰাধা-কৃষ্ণক আকৌ দ্বাপৰত লৈ গ’ল। এতিয়া কৃষ্ণতো আছিল স্বৰ্গৰ ৰাজকুমাৰ। আকৌ প্ৰত্যেক জন্মত কৃষ্ণৰ চেহেৰা (চাৰিত্ৰিক বৈশিষ্ট্যতো) সলনি হৈ থাকে। একে চেহৰাতো কেতিয়াও হ’ব নোৱাৰে। এনেকুৱা হয় জানো যে কৃষ্ণ পুনৰ সেই একে চেহেৰাৰে দ্বাপৰত আহিব পাৰে, সেইটোতো অসম্ভৱ।

তোমালোকে জানা যে আমি আচলতে তাৰ (মূলবতনৰ) নিবাসী। সেইখন আমাৰ মিঠা শান্তিৰ ঘৰ, যাৰ বাবে ভক্তি কৰে। কয় যে আমাক শান্তি লাগে। আত্মাই কৰ্মেন্দ্ৰিয় পাইছে ভূমিকা পালন কৰিবৰ বাবে, তেন্তে শান্তিত কেনেকৈ থাকিব। শান্তিৰ বাবেই হঠযোগ শিকে, গুহালৈ যায়। এমাহ কোনোবাই গুহাত বহি থাকিলে তেন্তে তেওঁৰ বাবে সেইখন শান্তিধাম হ’ব জানো। তোমালোকে জানা যে এতিয়া আমি শান্তিধামলৈ গৈ পুনৰ ভূমিকা পালন কৰিবৰ বাবে সুখধামলৈ আহিম। তেওঁলোকে কয় - যি সুখী হয় তেওঁলোকৰ বাবে স্বৰ্গ, যিসকল দুখী তেওঁলোকৰ বাবে নৰক। তোমালোকে জানা স্বৰ্গ নতুন সৃষ্টিক আৰু নৰক পুৰণি সৃষ্টিক কোৱা হয়। ভগৱানুবাচ, এই ভক্তি, যজ্ঞ-তপ, দান-পুণ্য আদি কৰা - এই সকলোবোৰ হৈছে ভক্তিমাৰ্গ, ইয়াত কোনো সাৰ নাই। সত্যযুগ, ত্ৰেতাক ব্ৰহ্মাৰ দিন বুলি কোৱা হয়। ব্ৰহ্মাৰ দিন মানে তোমালোক ব্ৰাহ্মণসকলৰ দিন, আকৌ তোমালোকৰ ৰাত্ৰি আৰম্ভ হয়। তোমালোক পোন-প্ৰথমে সত্যযুগত আহা, আকৌ তোমালোকেই চক্ৰত আহা। ব্ৰাহ্মণ, দেৱতা, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ তোমালোকেই হোৱা। তোমালোকে কোৱা - শিৱ ভগৱানুবাচ আৰু তেওঁলোকে কয় - কৃষ্ণ ভগৱানুবাচ। পাৰ্থক্য দীঘলীয়া। তেওঁ পূৰা 84 জন্ম লয়। তেওঁৰ লগত গোটেই সূৰ্যবংশী সম্প্ৰদায়ে পুনৰ্জন্ম লৈ লৈ এতিয়া পুনৰ অন্তত ৰাজ্য-ভাগ্য লৈ আছে। তোমালোক সন্তানসকল যিসকলে বুজি পোৱা, তেওঁলোকেহে আমোদ পায়। নতুন সকলে আমোদ নাপাব। তোমালোকে কাৰো নিন্দা নকৰা, পিতাই তোমালোকক কিমান সহজকৈ বুজায়। ইয়াত তোমালোক বাবাৰ লগত বহি আছা গতিকে ভালকৈ বুজি পোৱা। বাহিৰলৈ গ’লে সংগত পৰি কি অৱস্থা হ’ব ঠিক নাই। সংগদোষ বৰ বেয়া। স্বৰ্গত এনেকুৱা কথা নাথাকে। তাৰ নামেই হৈছে স্বৰ্গ, বৈকুণ্ঠ, সুখধাম। শাস্ত্ৰবোৰততো লিখি দিছে যে তাতো অসুৰ আছিল। এতিয়া তোমালোকে গম পাইছা যে আমি স্বৰ্গৰ মালিক আছিলোঁ আৰু তাত ধৰণী আকাশ ক’তো বিভাজন নাছিল। এতিয়াতো কিমান বিভাজন। নিজৰ নিজৰ সীমা নিৰ্ধাৰণ কৰি থাকে। জগতত কিমান যুঁজ-বাগৰ হয়। গতিকে যেতিয়া কোনোবা আহে পোন-প্ৰথমে তেওঁলোকক বুজোৱা যে পিতা কোন হয়, ভগৱান বুলি কাক কোৱা হয়? ব্ৰহ্মা, বিষ্ণু, শংকৰ হৈছে দেৱতা। ভগৱান এজন হয়, 10 জন নহয়। কৃষ্ণ ভগৱান হ’ব নোৱাৰে। ভগৱানে কেনেকৈ হিংসা কৰিবলৈ শিকাব। ভগৱানুবাচ - কাম মহাশত্ৰু হয়, ইয়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰিবলৈ প্ৰতিজ্ঞা কৰা। ৰাখী বান্ধা। এয়া এতিয়াৰ কথা। যিবোৰ অতীত হৈ গ’ল সেইবোৰ পুনৰ ভক্তি মাৰ্গত হ’ব। দ্বীপমালাত মহালক্ষ্মীৰ পূজা কৰে। এইটো জানো কোনোবাই গম পায় যে লক্ষ্মী-নাৰায়ণ দুয়ো একত্ৰিত হৈ আছে। লক্ষ্মীয়ে ধন ক’ৰ পৰা পাব? উপাৰ্জন কৰোঁতাতো পুৰুষ হয় নহয় জানো। কিন্তু নাম লক্ষ্মীৰ গায়ন কৰা হৈছে। প্ৰথমে লক্ষ্মী পাছত নাৰায়ণ। তেওঁলোকে আকৌ মহালক্ষ্মীক বেলেগ বুলি ভাবে। তেওঁৰ চাৰিখন হাত দেখুৱায়। দুখন স্ত্ৰীৰ, দুখন পুৰুষৰ। কিন্তু তেওঁলোকে এই কথাবোৰ নাজানে। তোমালোকে এতিয়া বিতংভাৱে জানা।

গীতটি শুনিলা - শৈশৱৰ দিনবোৰ পাহৰি নাযাবা। আত্মাই কয় - বাবা এতিয়া আমাৰ স্মৃতি উদয় হৈছে। পুৱাতে (অমৃতবেলা) উঠি পিতাৰ লগত বাৰ্তালাপ কৰিব লাগে। অমৃতবেলা পিতাক স্মৰণ কৰাতো ভাল নহয় জানো। সন্ধিয়াৰ সময়ত একান্তত গৈ বহা। স্ত্ৰী-পুৰুষ একেলগে থাকিলেও তথাপি এনেকৈ বাৰ্তালাপ কৰি থাকা। শিৱবাবাই ব্ৰহ্মাৰ তনৰ দ্বাৰা কি কয়। আমি যেতিয়া পূজ্য হওঁ তেতিয়া বাবাক স্মৰণ কৰা নাছিলোঁ। যেতিয়া পূজাৰী হওঁ তেতিয়া পিতাক স্মৰণ কৰোঁ। এনেকুৱা কথাবোৰ পাতিব লাগে যাতে কোনোবাই শুনিলে আচৰিত হৈ যায়। আধাকল্প আমি কাম চিতাত বহি ভস্ম হৈ গৈছিলোঁ, সমাধিস্থ হৈ গৈছিলোঁ। এতিয়া আমি জ্ঞান চিতাত বহিব লাগে, স্বৰ্গলৈ যাব লাগে। এইখন পুৰণি জগত। ভাৰতবাসীয়ে ভাবে এইখন স্বৰ্গ। হেৰ’ স্বৰ্গতো সত্যযুগত হয়। স্বৰ্গত দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল। ইয়াততো হৈছে মায়াৰ পাম্প। এতিয়া বাবাই কয় - সংগদোষত আহি ক’ৰবাত মৰি নাযাবা। নহ’লে বহুত অনুতাপ কৰিবা। পৰীক্ষাৰ ফলাফল যেতিয়া ঘোষণা কৰা হয় তেতিয়া সকলোৱে গম পাই যায়। আগতে কন্যাসকল ধ্যানত গৈ সকলো শুনাইছিল যে এওঁ ৰাণী হ’ব, এওঁ দাসী হ’ব। পাছত বাবাই বন্ধ কৰি দিলে। শেষৰ ফালে সকলোবোৰ গম পোৱা যাব যে মই পিতাৰ কিমান সেৱা কৰিলোঁ! কিমানক নিজৰ সমান কৰি তুলিলোঁ! সেই সকলোবোৰ স্মৃতিলৈ আহিব, সাক্ষাৎকাৰ হ’ব, সাক্ষাৎকাৰ অবিহনে ধৰ্মৰজায়ো শাস্তি দিব নোৱাৰে। সন্তানসকলক বাৰে বাৰে বুজাইছে – মামেকম্‌ স্মৰণ কৰা। পিতা আহি মিঠা মিঠা বৃক্ষৰ পুলি ৰোপণ কৰে। সেই চৰকাৰে বৃক্ষৰ পুলি ৰোপণ কৰে। উৎসৱ পালন কৰে। ইয়াত নতুন সৃষ্টিৰ পুলি ৰোপণ কৰি থকা হৈছে। সেয়েহে এনেহেন পিতাক পাহৰি নাযাবা। পিতাৰ সেৱাত লাগি যোৱা নহ’লে অন্তত বহুত অনুতাপ কৰিব লাগিব। এতিয়া উত্তৰাধিকাৰ নল’লে কল্প-কল্পান্তৰৰ হিচাপ হৈ যাব, সেইবাবে পূৰা পুৰুষাৰ্থ কৰিব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

াৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতা যেনেকৈ জ্ঞানৰ, আনন্দৰ, প্ৰেমৰ সাগৰ তেনেকৈ পিতাৰ সমান হ’ব লাগে আৰু আনক নিজৰ সমান কৰি তোলাৰ সেৱা কৰিব লাগে। সকলোকে জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰদান কৰিব লাগে।

(2) এনেকুৱা কাৰো সংগ ল’ব নালাগে যাৰ বাবে অনুতাপ কৰিবলগীয়া হয়‌। সংগদোষ বৰ বেয়া সেইবাবে নিজক সাৱধান কৰি ৰাখিব লাগে। পিতাৰ পৰা উত্তৰাধিকাৰ ল’বলৈ পূৰা পুৰুষাৰ্থ কৰিব লাগে।

বৰদান:
সন্তুষ্টতাৰ বিশেষত্ব বা শ্ৰেষ্ঠতাৰ দ্বাৰা সকলোৰে ইষ্ট হওঁতা বৰদানী মূৰ্ত হোৱা

যি সদায় নিজৰ প্ৰতি আৰু সকলোৰে প্ৰতি সন্তুষ্ট হৈ থাকে, তেৱেঁই অনেক আত্মাৰ ইষ্ট বা অষ্ট দেৱতা হ’ব পাৰে। আটাইতকৈ শ্ৰেষ্ঠ গুণ বুলিয়ে কোৱা বা দান বুলিয়ে কোৱা বা বিশেষত্ব বা শ্ৰেষ্ঠতা বুলিয়ে কোৱা— সেয়া সন্তুষ্টতাই হয়। সন্তুষ্ট আত্মাহে প্ৰভুপ্ৰিয়, লোকপ্ৰিয় আৰু স্বয়ং প্ৰিয় হয়। এনে সন্তুষ্ট আত্নাহে বৰদানী ৰূপেৰে প্ৰসিদ্ধ হ’ব। এতিয়া অন্তৰ সময়ত মহাদানীতকৈও অধিক বৰদানী ৰূপৰ দ্বাৰা সেৱা হ’ব।

স্লোগান:
বিজয়ী ৰত্ন তেওঁ যাৰ মস্তকত সদায় বিজয়ৰ তিলক জিলিকি থাকে।


অব্যক্ত সংকেত: পিতা ব্ৰহ্মাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ স্থিতিৰ অনুভৱ কৰা:

পাণ্ডৱসকলৰ গায়ন আছে যে গলি শেষ হৈ গ’ল। পাহাৰত নহয়, কিন্তু উচ্চ স্থিতিত গলি নিজক তলৰ পৰা একেবাৰে উচ্চত যি অব্যক্ত স্থিতি আছে, তাত গলি গ’ল অৰ্থাৎ সেই অব্যক্ত স্থিতিত সম্পূৰ্ণতা প্ৰাপ্ত কৰিলে, এয়া তোমালোক পাণ্ডৱসকলৰেই স্মাৰক।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]