07.12.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – সকলো নিৰ্ভৰ কৰে কৰ্মৰ ওপৰত, সদায় ধ্যান ৰাখিব লাগে যাতে মায়াৰ বশীভূত হৈ কোনো ওলোটা কৰ্ম নকৰা যাৰ বাবে শাস্তি খাবলগীয়া হয়"

প্ৰশ্ন:
পিতাৰ দৃষ্টিত সকলোতকৈ অধিক বুদ্ধিমান কোন?

উত্তৰ:
যিসকলৰ পৱিত্ৰতাৰ ধাৰণা আছে তেওঁলোকেই বুদ্ধিমান আৰু যিসকল পতিত তেওঁলোক বুদ্ধিহীন। লক্ষ্মী-নাৰায়ণক সকলোতকৈ অধিক বুদ্ধিমান বুলি কোৱা হ’ব। তোমালোক সন্তানসকল এতিয়া বুদ্ধিমান হৈ আছা। পৱিত্ৰতাই হৈছে সকলোতকৈ মুখ্য, সেইবাবে পিতাই সাৱধান কৰি দিয়ে – সন্তানসকল এই দুচকুৱে যাতে প্ৰবঞ্চনা নকৰে, ইয়াৰ পৰা সাৱধানে থাকিবা। এই পুৰণি সৃষ্টিক দেখিও নাচাবা। নতুন সৃষ্টি স্বৰ্গক স্মৃতিৰ ৰাখা।

ওঁম্শান্তি।
অতিকৈ মৰমৰ সন্তানসকল, এয়াতো বুজিছা যে এই পুৰণি সৃষ্টিত আমি এতিয়া কিছুদিনৰ পথিক। জগতৰ মনুষ্যই ভাবে এতিয়াও আৰু 40 হাজাৰ বছৰ ইয়াত থাকিব লাগিব। তোমালোক সন্তানসকলৰতো নিশ্চয়তা আছে নহয়। এই কথাবোৰ নাপাহৰিবা। ইয়াত বহি থাকিলেও তোমালোক সন্তানসকলৰ অন্তৰ গদগদ হোৱা উচিত। এই দুচকুৰে যি দেখিবলৈ পোৱা সেয়া সকলো এতিয়া বিনাশ হৈ যাব। আত্মাতো অবিনাশী। আমি আত্মাই 84 জন্ম লৈছোঁ। এতিয়া পিতা আহিছে ঘৰলৈ লৈ যাবলৈ। পুৰণি সৃষ্টি যেতিয়া পূৰা হয় তেতিয়া নতুন সৃষ্টি গঢ়িবলৈ পিতা আহে। নতুনৰ পৰা পুৰণি, পুৰণিৰ পৰা নতুন সৃষ্টি কেনেকৈ হয় এয়া তোমালোকৰ বুদ্ধিত আছে। আমি অনেকবাৰ পৰিক্ৰমা লগাইছোঁ। এতিয়া চক্ৰ পূৰা হয়। নতুন সৃষ্টিত আমি কমসংখ্যক দেৱতা থাকো। মনুষ্য নাথাকিব। বাকী সকলো নিৰ্ভৰ কৰে কৰ্মৰ ওপৰত। মনুষ্যই ওলোটা কৰ্ম কৰিলে তেতিয়া সেই কৰ্মই নিশ্চয় অন্তৰ দগ্ধ কৰি থাকে সেইবাবে পিতাই সোধে যে এইটো জন্মত কোনো এনেকুৱা পাপতো কৰা নাই? এয়া হ’ল পতিত ছিঃ ছিঃ ৰাৱণৰাজ্য। এইখন অন্ধকাৰ জগত। এতিয়া পিতাই তোমালোক সন্তানসকলক উত্তৰাধিকাৰ দি আছে। এতিয়া তোমালোকে ভক্তি নকৰা। ভক্তিৰ অন্ধকাৰত ঠেকা-খুন্দা খাই আহিছা। এতিয়া পিতাৰ হাত পাইছা। পিতাৰ সহায় অবিহনে তোমালোকে বিষয় বৈতৰণী নদীত শ্বাসৰুদ্ধ হৈ আছিলা। আধকল্প হয়েই ভক্তি, জ্ঞান পোৱা বাবে তোমালোক সত্যযুগী নতুন সৃষ্টিলৈ গুচি যোৱা। এতিয়া এয়াতো হৈছে পুৰুষোত্তম সংগমযুগ যেতিয়া তোমালোক পতিত ছিঃ ছিঃৰ পৰা সুন্দৰ, কাঁইটৰ পৰা ফুল হৈ আছা। এয়া কোনে কৰি তোলে? বেহদৰ পিতাই। লৌকিক পিতাক বেহদৰ পিতা বুলি নকয়। তোমালোকে ব্ৰহ্মা আৰু বিষ্ণুৰো বৃত্তিক জানি গৈছা। তেন্তে তোমালোকৰ কিমান শুদ্ধ নিচা থকা উচিত। মূললোক, সূক্ষ্মলোক, স্থূললোক… এয়া সকলো সংগমতে থাকে। এতিয়া পিতাই বহি তোমালোক সন্তানসকলক বুজাইছে যে পুৰণি আৰু নতুন সৃষ্টিৰ এয়া হৈছে সংগমযুগ। মনুষ্যই আহ্বানো জনায় যে পতিতক পাৱন কৰি তুলিবলৈ আহক। পিতাৰো এই সংগমত ভূমিকা চলে। তেওঁ ৰচয়িতা, নিৰ্দেশক নহয় জানো! তেন্তে নিশ্চয় তেওঁৰ কিবা কাৰ্য-কলাপ থাকিব। সকলোৱে জানে যে তেওঁক মনুষ্য বুলি কোৱা নহয়, তেওঁৰতো নিজৰ শৰীৰেই নাই। বাকী সকলোকে মনুষ্য বা দেৱতা বুলি কোৱা হ’ব। শিৱবাবাক দেৱতা বুলিও নকয়, মনুষ্যও বুলিও নকয়। এয়াতো অস্থায়ীভাৱে ঋণত লোৱা হৈছে। গৰ্ভৰ পৰা জানো জন্ম হৈছে। পিতাই নিজে কয় - সন্তানসকল, শৰীৰ অবিহনে মই কেনেকৈ ৰাজযোগ শিকাম! মোৰ ক্ষেত্ৰত যদিও মনুষ্যই কৈ দিয়ে যে শিল-পাথৰ সকলোতে পৰমাত্মা আছে কিন্তু এতিয়া তোমালোক সন্তানসকলে বুজিছা যে মই কেনেকৈ আহোঁ। এতিয়া তোমালোকে ৰাজযোগ শিকি আছা। কোনো মনুষ্যইতো শিকাব নোৱাৰে। দেৱতাসকলেতো ৰাজযোগ শিকিব নোৱাৰে। ইয়াত এই পুৰুষোত্তম সংগমযুগত ৰাজযোগ শিকি দেৱতা হয়গৈ।

এতিয়া তোমালোক সন্তানসকল অপাৰ আনন্দিত হোৱা উচিত – আমি এতিয়া 84ৰ চক্ৰ পূৰা কৰিলোঁ। পিতা কল্পই কল্পই আহে, পিতাই নিজেই কয় – এয়া বহুত জন্মৰ অন্তৰ জন্ম। শ্ৰীকৃষ্ণতো সত্যযুগৰ ৰাজকুমাৰ আছিল তেৱেঁই পুনৰ 84 চক্ৰ পৰিক্ৰমা লগায়। শিৱবাবাতো 84ৰ চক্ৰত নাহে। শ্ৰীকৃষ্ণৰ আত্মাহে সুন্দৰৰ পৰা শ্যামবৰণীয়া হয়, এই কথাবোৰ কোনেও গম নাপায়। তোমালোকৰ ভিতৰতো ক্ৰমানুসৰিহে জানে। মায়া বহুত কাঢ়া। কাকোৱেই নেৰে। পিতাই সকলো গম পায়। মায়া ঘঁৰিয়ালে একেবাৰে গিলি থয়। এয়া পিতাই ভালদৰে জানে। এনেকৈ নাভাবিবা যে পিতা অন্তৰ্যামী। নহয়, পিতাই সকলোৰে কৰ্মকাণ্ডক জানে। খবৰতো আহে নহয়। মায়াই একদম কেঁচাতে পেটত সুমুৱাই থয়। এনেকুৱা বহুত কথা তোমালোক সন্তানসকলে গম নোপোৱা। পিতাইতো সকলো গম পায়। মনুষ্যই আকৌ ভাবি লয় পৰমাত্মা অন্তৰ্যামী। পিতাই কয় – মই অন্তৰ্যামী নহওঁ। প্ৰত্যেকৰে চলনৰ পৰা গমতো পোৱা যায় নহয়। চলন বহুত ছিঃ ছিঃ হৈ যায় সেইবাবে পিতাই বাৰে বাৰে সন্তানসকলক সাৱধান কৰি দিয়ে। মায়াৰ পৰা চম্ভালিব লাগে। আকৌ পিতাই যদিও বুজায় তথাপিও বুদ্ধিত ধাৰণ নহয়, কাম মহাশত্ৰু, গমেই পোৱা নাযায় যে মই বিকাৰগ্ৰস্ত হৈছোঁ, এনেকুৱাও হয়, সেইবাবে পিতাই কয় – কিবা ভুল আদি হ’লে তেতিয়া স্পষ্টকৈ কৈ দিয়া, লুকুৱাই নাৰাখিবা। নহ’লে এশ গুণ পাপ হৈ যাব। অন্তৰ দহি থাকিব। বৃদ্ধি হৈ গৈ থাকিব। একেবাৰে অধঃপতিত হৈ যাবা। সন্তানসকলে পিতাৰ লগত একেবাৰে সততাৰে চলিব লাগে। নহ’লে বহুত লোকচান হৈ যাব। এয়া হ’ল ৰাৱণৰ সৃষ্টি। ৰাৱণৰ সৃষ্টিক আমি কিয় স্মৰণ কৰোঁ। আমিতো নতুন সৃষ্টিলৈ যাব লাগে। পিতাকে নতুন ঘৰ আদি নিৰ্মাণ কৰিলে তেতিয়া সন্তানসকলে ভাবে – আমাৰ কাৰণে নতুন ঘৰ নিৰ্মাণ হৈ আছে। আনন্দিত হৈ থাকে। এয়াতো বেহদৰ কথা। আমাৰ বাবে নতুন সৃষ্টি স্বৰ্গ স্থাপনা হৈ আছে। এতিয়া আমি নতুন সৃষ্টিলৈ যাম আকৌ যিমানে পিতাক স্মৰণ কৰিবা সিমান ফুল হ’বা। আমি বিকাৰৰ বশীভূত হৈ কাঁইট হৈ গৈছোঁ। তোমালোক সন্তানসকলে জানা – যিসকল নাহে তেওঁলোকতো মায়াৰ বশীভূত হৈ গৈছে। পিতাৰ ওচৰত নায়েই। বিশ্বাসঘাতক হৈ গৈছে। পুৰণা শত্ৰুৰ ওচৰলৈ গুচি গৈছে। এনেকৈ বহুতকে মায়াই গিলি থয়। কিমান নিঃশেষ হৈ যায়। বহুত ভাল ভাল সন্তান আছে যিসকলে কৈ যায় –মই এনেকুৱা কৰিম, এইটো কৰিম। মইতো যজ্ঞৰ কাৰণে প্ৰাণো দিবলৈ সাজু আছোঁ। আজি তেওঁলোক নাই। তোমালোকৰ যুদ্ধ হৈছেই মায়াৰ লগত। সৃষ্টিত এয়া কোনেও নাজানে যে মায়াৰ লগত যুদ্ধ কেনেকৈ হয়। শাস্ত্ৰত আকৌ দেখুৱাইছে দেৱতা আৰু অসুৰৰ যুদ্ধ হ’ল। পাছত কৌৰব আৰু পাণ্ডৱৰ যুদ্ধ হ’ল। কাৰোবাক সোধা এই দুটা কথা শাস্ত্ৰত কেনেকৈ সম্ভৱ হ’ল? দেৱতাসকলতো অহিংসক। তেওঁলোক হৈছে সত্যযুগৰ। তেওঁলোকে আকৌ কলিযুগত যুদ্ধ কৰিবলৈ আহিব জানো। কৌৰব আৰু পাণ্ডৱৰ অৰ্থও বুজি নাপায়। শাস্ত্ৰত যি লিখা আছে সেয়াই পঢ়ি শুনায়। বাবাইতো (ব্ৰহ্মা বাবাই) গোটেই ‘গীতা’ পঢ়িছে। যেতিয়া এই জ্ঞান পালে তেতিয়া বিচাৰ চলিল যে ‘গীতা’ত এয়া যুদ্ধ আদিৰ কথা কিয় লিখিছে? শ্ৰীকৃষ্ণতো ‘গীতা’ৰ ভগৱান নহয়। এওঁৰ শৰীৰত পিতা বহি আছিল সেয়েহে এওঁৰ দ্বাৰা সেই ‘গীতা’ও এৰুৱাই দিলে। এতিয়া পিতাৰ দ্বাৰা কিমান জ্ঞানৰ আলোক পাইছা। আত্মাহে আলোকিত হয়। সেইবাবে পিতাই কয় – নিজক আত্মা বুলি বুজা, বেহদৰ পিতাক স্মৰণ কৰা। ভক্তিত তোমালোকে স্মৰণ কৰিছিলা, কৈছিলা – আপুনি আহিলে তেতিয়া উৎসৰ্গিত হৈ যাম। কিন্তু তেওঁ কেনেকৈ আহিব, কেনেকৈ উৎসৰ্গিত হ’বা এয়া জানো বুজিছিলা।

এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যেনেকুৱা পিতা আমি আত্মাসকলো তেনেকুৱাই। পিতাৰ হৈছে অলৌকিক জন্ম, তোমালোক সন্তানসকলক কিমান ভালকৈ পঢ়ায়। তোমালোকে নিজে কোৱা – এওঁতো সেইজনেই আমাৰ পিতা। যিজন কল্পই কল্পই আমাৰ পিতা হয়। আমি সকলোৱে ‘বাবা বাবা’ বুলি কওঁ। বাবায়ো ‘সন্তান সন্তান’ বুলি কয়, তেৱেঁই শিক্ষকৰ ৰূপত আমাক ৰাজযোগ শিকায়। তোমালোকক বিশ্বৰ মালিক কৰি তোলে। গতিকে এনেহেন পিতাৰ হৈ পুনৰ সেইজন শিক্ষকৰ পৰা শিক্ষাও লোৱা উচিত। শুনি শুনি গদগদ হোৱা উচিত। যদি ছিঃ ছিঃ হোৱা তেন্তে সেই আনন্দ নাথাকিব। যিমানে মগজ নখটুওৱা, তেওঁলোক আমাৰ জাতি ভাই নহয়। ইয়াত মনুষ্যৰ কিমান উপাধি থাকে। সেই সকলো হৈছে হদৰ কথা। তোমালোকৰ উপাধি চোৱা কিমান উচ্চ। সকলোতকৈ ডাঙৰ গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ ব্ৰহ্মা। তেওঁক কোনেও নাজানে। শিৱবাবাকতো সৰ্বব্যাপি বুলি কৈ দিছে। ব্ৰহ্মাকো কোনেও নাজানে। চিত্ৰও আছে – ব্ৰহ্মা, বিষ্ণু, শংকৰ। ব্ৰহ্মাক আকৌ সূক্ষ্মলোকত লৈ গৈছে। জন্মপত্ৰিকা একোৱে নাজানে। সূক্ষ্মলোকত আকৌ ব্ৰহ্মা ক’ৰ পৰা আহিল? তাত কেনেকৈ তুলি ল’ব। পিতাই বুজাইছে –এইখন মোৰ ৰথ। বহুত জন্মৰ অন্তত মই এওঁৰ শৰীৰত প্ৰৱেশ কৰিছোঁ। এয়া পুৰুষোত্তম সংগমযুগ ‘গীতা’ৰ আখ্যান, য’ত পৱিত্ৰতা হৈছে মুখ্য। পতিতৰ পৰা পাৱন কেনেকৈ হ’ব লাগে, এয়াও কোনেও গম নাপায়। সাধু-সন্ত আদিয়ে কেতিয়াও এনেকৈ নকয় যে দেহসহিত দেহৰ সকলো সম্বন্ধ পাহৰি কেৱল মোক পিতাক স্মৰণ কৰা তেতিয়া মায়াৰ পাপ কৰ্ম ভস্ম হৈ যাব। তেওঁলোকেতো পিতাকে নাজানে। ‘গীতা’ত পিতাই কৈছে – মই আহি এই সাধু আদিকো উদ্ধাৰ কৰোঁ।

পিতাই বুজায় – আৰম্ভণিৰ পৰা এতিয়ালৈ যিসকল আত্মাই ভূমিকা পালন কৰি আছে – সকলোৰে এইটো অন্তিম জন্ম। এওঁৰো (ব্ৰহ্মাৰ) এইটো অন্তিম জন্ম। এৱেঁই পুনৰ ব্ৰহ্মা হৈছে। সৰুকালত গাৱঁৰ ল’ৰা আছিল। এওঁ 84 জন্ম পূৰা কৰিলে, আৰম্ভণিৰ পৰা শেষলৈ। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিৰ তলা খুলিছে। এতিয়া তোমালোক বুদ্ধিমান। আগতে বুদ্ধিহীন আছিলা। এই লক্ষ্মী-নাৰায়ণ বুদ্ধিমান হয়। পতিতক বুদ্ধিহীন বুলি কোৱা হয়। মুখ্য হৈছে পৱিত্ৰতা। লিখেও – মায়াই মোক বগৰাই দিলে। চকু (দৃষ্টি) আসুৰিক হৈ গ’ল। পিতাইতো বাৰে বাৰে সাৱধান কৰাই থাকে – সন্তানসকল, কেতিয়াও মায়াৰ হাতত পৰাজিত নহ’বা। এতিয়া ঘৰলৈ যাব লাগে। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। এই পুৰণি সৃষ্টি নাশ হোৱাৰ পথত। আমি পাৱন হওঁ গতিকে আমাক পাৱন সৃষ্টিও লাগে নহয়। তোমালোক সন্তানসকলেই পতিতৰ পৰা পাৱন হ’ব লাগে। পিতাইতো যোগসূত্ৰ নগঢ়ে। পিতা জানো পতিত হয় যে যোগসূত্ৰ গঢ়িব। বাবাইতো কয় – মই তোমালোকৰ সেৱাত উপস্থিত হওঁ। তোমালোকেই বিচাৰিছা যে আহি আমাক পতিতসকলক পাৱন কৰি তোলক। তোমালোকে আহ্বান জনোৱা বাবে মই আহিছোঁ। তোমালোকক বহুত সহজ ৰাস্তা দেখুৱাওঁ, কেৱল ‘মনমনাভৱ’। ভগৱানুবাচ হয় নহয়। কেৱল শ্ৰীকৃষ্ণৰ নাম দিয়া বাবে পিতাক সকলোৱে পাহৰি গ’ল। পিতা হ’ল প্ৰথম, শ্ৰীকৃষ্ণ দ্বিতীয়। তেওঁ (পিতা) পৰমধামৰ মালিক, তেওঁ (শ্ৰীকৃষ্ণ) বৈকুণ্ঠৰ মালিক। সূক্ষ্মলোকতো একো নহয়েই। সকলোতকৈ প্ৰথম নম্বৰ হৈছে শ্ৰীকৃষ্ণ, যাক সকলোৱে মৰম কৰে। বাকীতো সকলো পিছে পিছে আহে। স্বৰ্গলৈতো সকলো যাবও নোৱাৰে।

গতিকে তোমালোক মৰমৰ সন্তানসকলৰ গভীৰ আনন্দ থকা উচিত। বহুত সন্তান বাবাৰ ওচৰলৈ আহে যিসকল কেতিয়াও পৱিত্ৰ হৈ নাথাকে। বাবাই বুজায় – যদি বিকাৰগ্ৰস্ত হোৱা তেন্তে আকৌ বাবাৰ ওচৰলৈ কিয় আহা? তেওঁলোকে কয় – কি কৰো, থাকিব নোৱাৰো। কিন্তু ইয়ালৈ আহোঁ কিজানি কেতিয়াবা কাঁড়ে লক্ষ্য ভেদ কৰেই। আপোনাৰ বাহিৰে আমাৰ সৎগতি কোনে কৰিব সেইবাবে আহি বহি যাওঁ। মায়া কিমান প্ৰবল। নিশ্চয়ো জন্মে – বাবাই আমাক পতিতৰ পৰা পাৱন ফুলৰ দৰে কৰি তোলে। কিন্তু কি কৰো তথাপিও সঁচা ক’লে কেতিয়াবা শুধৰণি হৈ যাম। আমাৰ এইটো নিশ্চয়তা আছে যে আপোনাৰ দ্বাৰাহে আমি শুধৰণি হ’ম। বাবাৰ এনেকুৱা সন্তানসকলৰ ওপৰত পুতৌ জন্মে পুনৰ এনেকুৱাই হ’ব। একো নতুন নহয়। বাবাইতো নিতৌ শ্ৰীমত দিয়ে। কিন্তু কিছুমানেহে সেয়া কাৰ্যত ৰূপায়িত কৰে, এই ক্ষেত্ৰত বাবাই কি কৰিব পাৰে। বাবাই কয় – কিজানি এওঁৰ ভূমিকাই এনেকুৱা। সকলোতো ৰজা-ৰাণী নহয়। ৰাজধানী স্থাপনা হৈ আছে। ৰাজধানীত সকলোৰে প্ৰয়োজন। তথাপিও বাবাই কয় – সন্তানসকল সাহস নেহেৰুৱাবা। আগবাঢ়ি যাব পাৰা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ সৈতে সদায় সততাৰে চলিব লাগে। এতিয়া কিবা ভুল হৈ গ’লে সেয়া লুকুৱাব নালাগে। সাৱধান হ’ব লাগে যাতে চকু (দৃষ্টি) কেতিয়াও আসুৰিক নহয়।

(2) সদায় শুদ্ধ নিচা থাকিব লাগে যে বেহদৰ পিতাই মোক পতিত ছিঃ ছিঃৰ পৰা সুন্দৰ, কাঁইটৰ পৰা ফুল কৰি আছে। এতিয়া মই বাবাৰ হাত পাইছোঁ, যাৰ সহায়ত মই বিষয় বৈতৰণী নদী পাৰ হৈ যাম।

বৰদান:
শক্তিশালী ‘ব্ৰেক’ৰ দ্বাৰা চেকেণ্ডত নেতিবাচকক ইতিবাচকলৈ পৰিৱৰ্তন কৰোঁতা স্ব- পৰিৱৰ্তক হোৱা

যেতিয়া নেতিবাচক অথবা ব্যৰ্থ সংকল্প চলে, তেতিয়া তাৰ গতি বহুত তীব্ৰ হয়। তীব্ৰ গতিৰ সময়ত শক্তিশালী ‘ব্ৰেক’ লগাই পৰিৱৰ্তন কৰাৰ অভ্যাস লাগে। এনেয়েও যেতিয়া পাহাৰত আৰোহন কৰে তেতিয়া প্ৰথমে ‘ব্ৰেক’ পৰীক্ষা কৰে। তোমালোকে নিজৰ উচ্চ স্থিতি গঢ়িবলৈ সংকল্পত চেকেণ্ডত ‘ব্ৰেক’ লগোৱাৰ অভ্যাস বঢ়োৱা। যেতিয়া নিজৰ সংকল্প বা সংস্কাৰ এক চেকেণ্ডত নেতিবাচকৰ পৰা ইতিবাচকলৈ পৰিৱৰ্তন কৰি ল’বা তেতিয়া স্ব-পৰিৱৰ্তনৰ দ্বাৰা বিশ্ব পৰিৱৰ্তনৰ কাৰ্য সম্পন্ন হ’ব।

স্লোগান:
নিজৰ প্ৰতি আৰু সৰ্ব আত্মাৰ প্ৰতি শ্ৰেষ্ঠ পৰিৱৰ্তনৰ শক্তিক কাৰ্যত ৰূপায়িত কৰোঁতাজনেই সঁচা কৰ্মযোগী।


সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ’বলৈ আজিৰ অব্যক্ত সংকেত:

কৰাওঁতাই কৰাই আছে, মই কেৱল নিমিত্ত হৈ কাৰ্য কৰি আছোঁ – এইটো স্মৃতিত থকা – এয়াই সেৱাধাৰীৰ বৈশিষ্ট্য। ইয়াৰ দ্বাৰা সেৱাত বা স্ব-পুৰুষাৰ্থত সদায় সন্তুষ্ট হৈ থাকিবা আৰু যিসকলৰ নিমিত্ত হ’বা তেওঁলোকো সন্তুষ্ট হ’ব। সদায় সন্তুষ্ট হৈ থকা আৰু আনকো সন্তুষ্ট কৰি ৰখা – এয়াই সঁচা সেৱাধাৰীৰ বৈশিষ্ট্য।