08.01.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতাৰ শ্ৰীমতে তোমালোকক 21 পীৰিৰ সুখ দিয়ে, ইমান উপৰাম মত পিতাৰ বাহিৰে কোনেও দিব নোৱাৰে, তোমালোক শ্ৰীমতত চলি যোৱা"

প্ৰশ্ন:
নিজে নিজক ৰাজতিলক দিয়াৰ সহজ পুৰুষাৰ্থ কি?

উত্তৰ:
1) নিজে নিজক ৰাজতিলক দিবলৈ হ’লে পিতাৰ যি শিক্ষা পোৱা ভালদৰে সেই অনুসৰি চলা। এই ক্ষেত্ৰত আশীৰ্বাদ বা কৃপাৰ কথা নাই। 2) পিতাক অনুসৰণ কৰা, আনক চাব নালাগে, মনমনাভৱ, ইয়াৰ দ্বাৰা আপোনাআপুনি নিজৰ তিলক পোৱা যায়। পঢ়া আৰু স্মৃতিৰ যাত্ৰাৰ দ্বাৰাহে তোমালোক ভিকহুৰ পৰা ৰাজকুমাৰ হোৱাগৈ।

গীত:
ওঁম্‌ নমো শিৱায়ে...

ওঁম্শান্তি।
যেতিয়া পিতা আৰু দাদাই ‘ওঁম্ শান্তি’ বুলি কয় তেতিয়া দুবাৰো ক’ব পাৰে কিয়নো দুয়োজন এটা শৰীৰতে আছে। এজন হৈছে অব্যক্ত, আনজন ব্যক্ত, দুয়োজন একেলগে আছে। দুয়োজনে একেলগে কথাও কয়। পৃথক পৃথকো হ’ব পাৰে। এয়া এক আচৰিত কথা। জগতত এয়া কোনেও নাজানে যে পৰমপিতা পৰমাত্মাই এওঁৰ শৰীৰত বহি জ্ঞান শুনায়। এয়া ক’তো লিখি থোৱা নাই। পিতাই কল্প পূৰ্বেও কৈছিল, এতিয়াও কয় যে এই সাধাৰণ শৰীৰত বহুত জন্মৰ অন্তত প্ৰৱেশ কৰোঁ, এওঁৰ আধাৰ লওঁ। ‘গীতা’ত এনেকুৱা কিবা নহয় কিবা বৰ্ণনা আছে যিবোৰৰ কিছুমান সঁচাও হয়। এই সঁচা শব্দবোৰ হ’ল – মই বহুত জন্মৰ অন্তত প্ৰৱেশ কৰোঁ, যেতিয়া এওঁৰ বানপ্ৰস্থ অৱস্থা হয়। এওঁৰ বাবে এনেকৈ কোৱাতো ঠিক। সত্যযুগত প্ৰথম জন্মও এওঁৰে হয়। আকৌ শেষত বানপ্ৰস্থ অৱস্থা হয়, য’ত পিতাই প্ৰৱেশ কৰে। সেয়েহে এওঁৰ বাবেই কয় – এয়া নাজানো যে মই কিমানবাৰ পুনৰ্জন্ম লৈছোঁ। শাস্ত্ৰত 84 লাখ পুনৰ্জন্ম লিখি দিছে। এয়া সকলো হৈছে ভক্তিমাৰ্গ। ইয়াকে কোৱা হয় – ভক্তি পন্থ। জ্ঞান কাণ্ড বেলেগ, ভক্তি কাণ্ড বেলেগ। ভক্তি কৰি কৰি অধোগামীয়ে হৈ আহে। এই জ্ঞানতো এবাৰে পোৱা যায়। পিতাই এবাৰেই সকলোৰে সৎগতি কৰিবলৈ আহে। বাবা আহি এবাৰেই সকলোৰে ভৱিষ্যতৰ প্ৰালব্ধ গঢ়ে। তোমালোকে পঢ়িছাই ভৱিষ্যত নতুন সৃষ্টিৰ বাবে। পিতা আহেই নতুন ৰাজধানী স্থাপনা কৰিবলৈ সেইবাবে ইয়াক ৰাজযোগ বুলি কোৱা হয়। ইয়াৰ বহুত মহত্ব আছে। মনুষ্যই বিচাৰে – ভাৰতৰ প্ৰাচীন ৰাজযোগ কোনোবাই শিকাওঁক, কিন্তু আজিকালি এই সন্ন্যাসী লোকসকল বাহিৰলৈ গৈ কয় যে আমি প্ৰাচীন ৰাজযোগ শিকাবলৈ আহিছোঁ। তেতিয়া তেওঁলোকেও ভাবে – আমি শিকোঁ কিয়নো এইটো বুজি পায় যে যোগৰ দ্বাৰাই স্বৰ্গ স্থাপনা হৈছিল। পিতাই বুজায় – যোগবলৰ দ্বাৰা তোমালোক স্বৰ্গৰ মালিক হোৱা। স্বৰ্গ পিতাই স্থাপনা কৰে। কেনেকৈ স্থাপনা কৰে সেয়া নাজানে। এই ৰাজযোগ আত্মিক পিতাইহে শিকায়। শৰীৰধাৰী কোনো মনুষ্যই শিকাব নোৱাৰে। আজিকালি ভেজাল, দুৰ্নীতিতো বহুত নহয় জানো সেইবাবে পিতাই কৈছে – মই পতিতক পাৱন কৰি তোলোঁতা হওঁ। নিশ্চয় পতিত কৰোঁতাও কোনোবা আছে। এতিয়া তোমালোকে বিচাৰ কৰা – যথাৰ্থতে এনেকুৱা নহয় জানো? মইহে আহি সকলো বেদ-শাস্ত্ৰ আদিৰ সাৰমৰ্ম শুনাওঁ। জ্ঞানৰ দ্বাৰা তোমালোকে 21 জন্মৰ সুখ পোৱা। ভক্তিমাৰ্গত হৈছে অল্পকালৰ ক্ষণভংগুৰ সুখ, এয়া হ’ল 21 প্ৰজন্মৰ সুখ, যি পিতাইহে দিয়ে। পিতাই তোমালোকক সৎগতি দিবলৈ যি শ্ৰীমত দিয়ে সেয়া সকলোতকৈ অনন্য। এই পিতা সকলোৰে অন্তৰ লওঁতা হয়। যেনেকৈ সেয়া জড় ‘দেলৱাড়া’ মন্দিৰ আছে, এয়া আকৌ হৈছে চৈতন্য ‘দিলৱালা’ মন্দিৰ। একেবাৰে সঠিককৈ তোমালোকৰ কৰ্মকাণ্ডৰে চিত্ৰ আছে। এই সময়ত তোমালোকৰ কৰ্মকাণ্ড চলি আছে। ‘দিলৱালা’ পিতাক পাইছা – সকলোৰে সৎগতি কৰোঁতা, সকলোৰে দুখ হৰণ কৰি সুখ দিওঁতা। কিমান উচ্চতকৈও উচ্চ গায়ন কৰা হৈছে। উচ্চতকৈও উচ্চ হৈছে ভগৱান শিৱৰ মহিমা। যদিও চিত্ৰত শংকৰ আদিৰ আগতো শিৱৰ চিত্ৰ দেখুৱাইছে বাস্তৱত দেৱতাসকলৰ আগত শিৱৰ চিত্ৰ ৰখাতো নিষেধ। তেওঁলোকেতো ভক্তি নকৰে। ভক্তি দেৱতাসকলেও নকৰে, সন্ন্যাসীয়েও কৰিব নোৱাৰে। তেওঁলোক হ’ল ব্ৰহ্ম জ্ঞানী, তত্ত্ব জ্ঞানী। যেনেকৈ এই আকাশ তত্ত্ব আছে, তেনেকৈ সেয়া হৈছে ব্ৰহ্ম তত্ত্ব। তেওঁলোকেতো পিতাক স্মৰণ নকৰে, তেওঁলোকে এই মহামন্ত্ৰও নাপায়। এই মহামন্ত্ৰ পিতাহে আহি সংগমযুগত দিয়ে। সকলোৰে সৎগতি দাতা পিতা এবাৰে আহি ‘মনমনাভৱ’ৰ মন্ত্ৰ দিয়ে। পিতাই কয় – সন্তানসকল, দেহ সহিত দেহৰ সকলো ধৰ্ম ত্যাগ কৰি, নিজক অশৰীৰী আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা। কিমান সহজকৈ বুজায়। ৰাৱণৰাজ্যৰ কাৰণে তোমালোক সকলো দেহ-অভিমানী হৈছা। এতিয়া পিতাই তোমালোকক আত্মা-অভিমানী কৰি তোলে। নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰি থাকা তেতিয়া আত্মাত যি খাদ (বিকাৰৰ লেপ) পৰিছে, সেয়া আঁতৰি যাব। সতোপ্ৰধানৰ পৰা সতোত আহিলে কলা কম হৈ যায়। সোণৰো কেৰেট থাকে নহয়। এতিয়াতো কলিযুগৰ অন্তত সোণ দেখিবলৈও পোৱা নাযায়, সত্যযুগতো সোণৰ মহল থাকে। কিমান ৰাতি-দিনৰ পাৰ্থক্য! তাৰ নামেই হ’ল – স্বৰ্ণীম যুগী সৃষ্টি। তাত ইটা-পাথৰ আদিৰ কাম নাথাকে। মহল নিৰ্মাণ কৰিলে তাতো সোণ-ৰূপৰ বাহিৰে বাজে বস্তু নাথাকে। তাত বিজ্ঞানৰ দ্বাৰা বহুত সুখ পোৱা যায়। এয়াও ড্ৰামা ৰচি থোৱা আছে। এই সময়ত বিজ্ঞানৰ অহংকাৰ, সত্যযুগত অহংকাৰী বুলি নকয়। তাততো বিজ্ঞানৰ দ্বাৰা তোমালোকে সুখ লাভ কৰা। ইয়াত হৈছে অল্পকালৰ সুখ আকৌ ইয়াতেই অতি দুখ পোৱা যায়। বোমা আদি এই সকলো বিনাশৰ কাৰণে তৈয়াৰ কৰিয়ে থাকে। আনক বোমা তৈয়াৰ কৰাত বাধা দিয়ে আকৌ নিজে তৈয়াৰ কৰি থাকে। বুজিও পায় – এই বোমাৰ দ্বাৰা আমাৰে মৃত্যু হ’ব কিন্তু তথাপিও তৈয়াৰ কৰি থাকে, তেন্তে বুদ্ধি মৰি যোৱা নাই জানো। এয়া সকলো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। তৈয়াৰ নকৰাকৈ থাকিব নোৱাৰে। মনুষ্যই বুজি পায় যে এই বোমা আদিৰে আমাৰে মৃত্যু হ’ব কিন্তু নাজানো কোনে অনুপ্ৰেৰণা যুগাই আছে, আমি তৈয়াৰ নকৰাকৈ থাকিব নোৱাৰো। নিশ্চয় তৈয়াৰ কৰিবই লাগিব। বিনাশো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। কোনোবাই যিমানে শান্তিৰ বঁটা নিদিয়ক কিন্তু শান্তি প্ৰতিষ্ঠান কৰোঁতা এজন পিতাই হয়। শান্তিৰ সাগৰ পিতাইহে শান্তি, সুখ, পৱিত্ৰতাৰ উত্তৰাধিকাৰ দিয়ে। সত্যযুগত হৈছে বেহদৰ সম্পত্তি। তাততো গাখীৰৰ নদী বৈ থাকে। বিষ্ণুক ক্ষীৰ সাগৰত দেখুৱায়। এইটো অন্তৰ দেখুওৱা হয়। ক’ত সেই ক্ষীৰ সাগৰ, ক’ত এই বিষয় সাগৰ। ভক্তিমাৰ্গত আকৌ পুখুৰী আদি খান্দি তাত পাথৰৰ ওপৰত বিষ্ণুক শুৱাই দিয়ে। ভক্তিত কিমান খৰচ কৰে। কিমান সময়ৰ অপচয়, টকাৰ অপচয় কৰে। দেৱীসকলৰ মূৰ্তি কিমান খৰচ কৰি সাজে আকৌ সমুদ্ৰত পেলাই দিয়ে তেন্তে পইচা অপচয় নহ’ল জানো। এয়া হ’ল পুতলাৰ পূজা। কাৰো বৃত্তিৰ বিষয়ে কোনেও নাজানে। এতিয়া তোমালোক যাৰেই মন্দিৰত নোযোৱা, তোমালোকে প্ৰত্যেকৰে বৃত্তিক জানা। সন্তানসকলৰ ক’তো যোৱাত বাধা নাই। আগতেতো অবুজন হৈ গৈছিলা, এতিয়া বিচাৰ বুদ্ধি সম্পন্ন হৈ যোৱা। তোমালোকে ক’বা – আমি এওঁলোকৰ 84 জন্মক জানো। ভাৰতবাসীয়েতো শ্ৰীকৃষ্ণৰ জন্মৰ বিষয়েও নাজানে। তোমালোকৰ বুদ্ধিত এই সকলো জ্ঞান আছে। জ্ঞান হৈছে উপাৰ্জনৰ উৎস। বেদ-শাস্ত্ৰ আদিত কোনো লক্ষ্য-উদ্দেশ্য নাই। স্কুলত সদায় লক্ষ্য-উদ্দেশ্য থাকে। এই পঢ়াৰ দ্বাৰা তোমালোক কিমান ধনৱান হৈ যোৱা।

জ্ঞানৰ দ্বাৰা সৎগতি হয়। এই জ্ঞানৰ দ্বাৰা তোমালোক সম্পত্তিৱান হোৱা। তোমালোক যিকোনো মন্দিৰলৈ গ’লে তৎক্ষণাৎ বুজি পোৱা – এয়া কাৰ স্মৃতিচিহ্ন! যেনেকৈ দেলৱাড়া মন্দিৰ – সেয়া হ’ল জড়, এয়া চৈতন্য। যেনেকৈ ইয়াত বৃক্ষত দেখুৱাইছে হুবহু তেনেকৈ মন্দিৰ সজা হৈছে। তলত তপস্যাত বহি আছে, ওপৰত ছাদত গোটেই স্বৰ্গ আছে। বহুত খৰচ কৰি নিৰ্মাণ কৰা হৈছে। ইয়াততো একোৱেই নাই। ভাৰত 100 শতাংশ চহকী, পাৱন আছিল, এতিয়া ভাৰত 100 শতাংশ কঙাল পতিত কিয়নো ইয়াত সকলো বিকাৰৰ দ্বাৰা জন্ম হয়। তাত লেতেৰা কথা নাথাকে। গৰুড় পুৰাণত ৰুচিকৰ কথা এইকাৰণেই লিখিছে যাতে মনুষ্যৰ কিছু শুধৰণি হয়। কিন্তু ড্ৰামাত মনুষ্য শুধৰণি হ’বলগীয়া নাই। এতিয়া ঈশ্বৰীয় স্থাপনা হৈ আছে। ঈশ্বৰেহে স্বৰ্গৰ স্থাপনা কৰিব নহয়। তেওঁকে স্বৰ্গ স্থাপনা কৰোঁতা ঈশ্বৰ পিতা বুলি কোৱা হয়। পিতাই বুজাইছে সেই সেনা যিয়ে যুদ্ধ কৰে, তেওঁলোকে ৰজা-ৰাণীৰ কাৰণে সকলো কৰে। ইয়াত তোমালোকে নিজৰ কাৰণে মায়াৰ ওপৰত বিজয়ী হোৱা। যিমানে কৰিবা সিমানে পাবা। তোমালোক প্ৰত্যেকে নিজৰ তন-মন-ধন ভাৰতক স্বৰ্গ কৰি গঢ়ি তোলাত খৰচ কৰিবলগীয়া হয়। যিমানে কৰিবা সিমানে উচ্চ পদ পাবা। ইয়াততো একোৱে নাথাকিব। এই সময়ৰ কাৰণেই গায়ন আছে – কাৰোবাৰ ধূলিত পোত যাব… এতিয়া পিতা আহিছে তোমালোকক ৰাজ্য-ভাগ্য দিবলৈ। তেওঁ কয় – এতিয়া তন-মন-ধন সকলো ইয়াত লগাই দিয়া। এওঁ (ব্ৰহ্মাই) সকলো সমৰ্পিত কৰি নিদিলে জানো। এওঁকে কোৱা হয় মহাদানী। বিনাশী ধনৰ দান কৰে তেন্তে অবিনাশী ধনৰো দান কৰিব লাগে, যিয়ে যিমান দান কৰিব। কোনোবা প্ৰখ্যাত দানী হ’লে তেতিয়া কয় অমুক বহুত মানৱপ্ৰেমী আছিল। নামতো হয়েই। তেওঁলোকে পৰোক্ষভাৱে ঈশ্বৰৰ অৰ্থে কৰে। ৰাজধানী স্থাপনা নহয়। এতিয়াতো ৰাজধানীৰ স্থাপনা হয় সেইবাবে সম্পূৰ্ণ মানৱপ্ৰেমী হ’ব লাগে। ভক্তিমাৰ্গত গীতো গায় – আমি উৎসৰ্গিত হৈ যাম...। ইয়াত খৰচ একোৱেই নাই। চৰকাৰৰ কিমান খৰচ হয়। ইয়াত তোমালোকে যি কৰা সকলো নিজৰ বাবে, তাৰ পাছত লাগিলে 8 (আঠ)ৰ মালাত যোৱা, 108ৰ মালাত যোৱা বা 16108ৰ মালাত। সন্মানসহকাৰে উত্তীৰ্ণ হ’ব লাগে। যোগত থাকি এনেকুৱা উপাৰ্জন কৰা যাতে কৰ্মাতীত অৱস্থা পাই যোৱা আৰু কোনো শাস্তি খাব নালাগে।

তোমালোক সকলো হৈছা যোদ্ধা। তোমালোকৰ ৰাৱণৰ লগত যুদ্ধ, কোনো মনুষ্যৰ লগত নহয়। উত্তীৰ্ণ নোহোৱা কাৰণে দুটা কলা কম হৈ গ’ল। ত্ৰেতাক দুটা কলা কম স্বৰ্গ বুলি কোৱা হ’ব। পিতাক পূৰা অনুসৰণ কৰাৰ পুৰুষাৰ্থতো কৰিব লাগে নহয়। এই ক্ষেত্ৰত মন-বুদ্ধিৰে সমৰ্পিত হ’বলগীয়া হয়। বাবা এয়া সকলো আপোনাৰ। পিতাই ক’ব – এয়া সেৱাত লগোৱা। মই তোমালোকক যি মত দিওঁ, সেইমতে কাম কৰা, বিশ্ব বিদ্যালয় খোলা, সেৱাকেন্দ্ৰ খোলা। বহুতৰে কল্যাণ হৈ যাব। কেৱল এইটো বাৰ্তা দিব লাগে যে পিতাক স্মৰণ কৰা আৰু উত্তৰাধিকাৰ লোৱা। তোমালোক সন্তানসকলকে বাৰ্তাবাহক, পয়গম্বৰ বুলি কোৱা হয়। সকলোকে এইটো বাৰ্তা দিয়া যে পিতাই ব্ৰহ্মাৰ দ্বাৰা কয় যে মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ’ব, জীৱনমুক্তি পাই যাবা। এতিয়া হৈছে জীৱনবন্ধন পাছত জীৱনমুক্ত হ’ব। পিতাই কয় – মই ভাৰততে আহোঁ। এয়া অনাদি ড্ৰামা ৰচি থোৱা আছে। কেতিয়া আৰম্ভ হ’ল, কেতিয়া পূৰা হ’ব? এইটো প্ৰশ্ন উদয় হ’ব নোৱাৰে। এয়াতো অনাদি ড্ৰামা চলিয়ে থাকে। আত্মা কিমান সূক্ষ্ম বিন্দু। সেই আত্মাতে এই অবিনাশী ভূমিকা নিহিত হৈ আছে। কিমান গূঢ় কথা। তৰা সদৃশ সূক্ষ্ম বিন্দু। মাতাসকলেও ইয়াত কপালত ফোটা দিয়ে। এতিয়া তোমালোক সন্তানসকলে পুৰুষাৰ্থ কৰি নিজে নিজক ৰাজতিলক দি আছা। তোমালোকে পিতাৰ শিক্ষা অনুসৰি ভালদৰে চলিলে তেতিয়া যেন তোমালোকে নিজক ৰাজতিলক দিয়া। এনেকুৱা নহয় যে এই ক্ষেত্ৰত আশীৰ্বাদ বা কৃপা লাভ হ’ব। তোমালোকেহে নিজক ৰাজতিলক দিয়া। আচলতে এয়া হৈছে ৰাজতিলক। পিতাক অনুসৰণ কৰাৰ পুৰুষাৰ্থ কৰিব লাগে, আনক চাব নালাগে। এয়া হ’ল – মনমনাভৱ, যাৰ দ্বাৰা নিজে আপোনাআপুনি তিলক পায়, পিতাই নিদিয়ে। এয়া হৈছেই ৰাজযোগ। তোমালোক ভিকহুৰ পৰা ৰাজকুমাৰ হোৱা। তেন্তে কিমান পুৰুষাৰ্থ কৰা উচিত। আকৌ এওঁকো অনুসৰণ কৰিব লাগে। এয়াতো বুজিবলগীয়া কথা নহয় জানো। পঢ়াৰ দ্বাৰা উপাৰ্জন হয়। যিমান যোগ সিমানে ধাৰণা হ’ব। যোগতে পৰিশ্ৰম হয় সেইবাবে ভাৰতৰ ৰাজযোগৰ গায়ন আছে। বাকী গংগা স্নান কৰোঁতে কৰোঁতে আয়ুস শেষ হৈ গ’লেও পাৱন হ’ব নোৱাৰে। ভক্তিমাৰ্গত ঈশ্বৰৰ অৰ্থে গৰিবক দিয়ে। ইয়াত আকৌ ঈশ্বৰ নিজে আহি গৰিবকহে বিশ্বৰ বাদশ্বাহী দিয়ে। গৰিবৰ ত্ৰাণকৰ্তা নহয় জানো। যি ভাৰত 100 শতাংশ চহকী আছিল, সেয়া এই সময়ত 100 শতাংশ কঙাল। দান সদায় গৰিবক কৰা হয়। পিতাই কিমান উচ্চ কৰি তোলে। এনেকুৱা পিতাক গালি দিয়ে। পিতাই কয় – যেতিয়া এনেকৈ গ্লানি কৰে তেতিয়া মই আহিবলগীয়া হয়। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। এওঁ পিতাও হয়, শিক্ষকো হয়। শিখসকলে কয় – সৎগুৰু অকাল। বাকী ভক্তিমাৰ্গৰ গুৰুতো অনেক আছে। অকালে কেৱল এইখন আসনহে পায়। তোমালোক সন্তানসকলৰো আসন ব্যৱহাৰ কৰে। তেওঁ কয় – মই এওঁৰ শৰীৰত প্ৰৱেশ কৰি সকলোৰে কল্যাণ কৰোঁ। এই সময়ত এওঁৰ এইটো ভূমিকা। এয়া অতিকৈ বুজিবলগীয়া কথা। নতুন কোনেও বুজিব নোৱাৰে। ভাল বাৰু!

অতিকৈ মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অবিনাশী জ্ঞান ধন দান কৰি মহাদানী হ’ব লাগে। যেনেকৈ পিতা ব্ৰহ্মাই নিজৰ সকলো ইয়াতে লগাই দিলে, তেনেকৈ পিতাক অনুসৰণ কৰি বাদশ্বাহীত উচ্চ পদ ল’ব লাগে।

(2) শাস্তিৰ পৰা পৰিত্ৰাণ পাবলৈ যোগত থাকি এনেকুৱা উপাৰ্জন কৰিব লাগে যাৰ দ্বাৰা কৰ্মাতীত অৱস্থাত উপনীত হোৱা। সন্মান সহকাৰে উত্তীৰ্ণ হ’বলৈ পূৰা পুৰুষাৰ্থ কৰিব লাগে। আনক চাব নালাগে।

বৰদান:
কঠোৰ নিয়ম আৰু দৃঢ় সংকল্প দ্বাৰা অমনোযোগিতা সমাপ্ত কৰোঁতা পিতা ব্ৰহ্মাৰ সমান অথক হোৱা

পিতা ব্ৰহ্মাৰ সমান অথক হ’বলৈ অমনোযোগিতা সমাপ্ত কৰা, ইয়াৰ বাবে যিকোনো কঠোৰ নিয়ম প্ৰণয়ন কৰা। দৃঢ় সংকল্প কৰা, মনোযোগ ৰূপী চকিদাৰ যাতে সদায় সৰ্তক হৈ থাকে তেতিয়া অমনোযোগিতা সমাপ্ত হৈ যাব। প্ৰথমে নিজৰ প্ৰতি পৰিশ্ৰম কৰা তাৰপাছত সেৱাত, তেতিয়া ধৰণী পৰিৱৰ্তন হ’ব। এতিয়া কেৱল “কৰি ল’ম, হৈ যাব” এনেকুৱা আৰামৰ সংকল্পৰ ডানলোপ ত্যাগ কৰা। কৰিবই লাগিব, মস্তকত এইটো শ্লোগানৰ স্মৃতি থাকিব লাগে তেতিয়া পৰিৱৰ্তন হৈ যাব।

স্লোগান:
বাণীত আত্মিক ভাৱ আৰু শুভ ভাৱনা - এয়াই সমৰ্থ বাণীৰ চিন।


শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

যিমানে সময় সমীপত আহি আছে সিমানে ব্যৰ্থ সংকল্পও বাঢ়ি গৈ আছে, দৰাচলতে এয়া নিষ্পত্তি হ’বলৈ বাহিৰলৈ ওলাই আছে। ব্যৰ্থ সংকল্পৰ কাম হৈছে অহা আৰু তোমালোকৰ কাম হৈছে উৰন্ত কলাৰ দ্বাৰা, শক্তিৰ প্ৰকম্পনৰ দ্বাৰা পৰিৱৰ্তন কৰা। ভয়-ভীত নহ’বা। তাৰ প্ৰভাৱত নাহিবা।