08.01.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল – “কেতিয়াও মিছা অহংকাৰ নকৰিবা, এই ৰথখনৰো পূৰা সন্মান ৰাখিবা”

প্ৰশ্ন:
তোমালোক সন্তানসকলৰ ভিতৰত পদমাপদম ভাগ্যশালী কোন আৰু দুৰ্ভগীয়া কোন?

উত্তৰ:
যাৰ চলন দেৱতাসকলৰ নিচিনা, যিয়ে সকলোকে সুখ দিয়ে তেওঁলোক হ’ল পদমাপদম ভাগ্যশালী আৰু যি অকৃতকাৰ্য হৈ যায় তেওঁলোকক দুৰ্ভগীয়া বুলি কোৱা হ’ব। কোনো কোনো মহান দুৰ্ভগীয়া হৈ যায়, তেওঁলোকে সকলোকে দুখ দি থাকে। সুখ দিবলৈ নাজানেই। বাবাই কয় - সন্তানসকল নিজৰ ভালদৰে যত্ন লোৱা। সকলোকে সুখ দিয়া, লায়ক হোৱা।

ওঁম্শান্তি।
আত্মিক পিতাই বহি আত্মিক সন্তানসকলক বুজায়। তোমালোক এই পাঠশালাত বহি উচ্চ পদ পোৱা। অন্তৰেৰে বুজি পোৱা যে আমি অতি উচ্চতকৈও উচ্চ স্বৰ্গৰ পদ পাওঁ। এনেকুৱা সন্তানতো বহুত আনন্দিত হৈ থাকিব লাগে। যদি সকলোৰে নিশ্চয়তা থাকে তেতিয়াও সকলো একে নিচিনাতো হ’ব নোৱাৰে। প্ৰথমৰ পৰা শেষৰ নম্বৰলৈকেতো থাকেই। পৰীক্ষাতো প্ৰথমৰ পৰা শেষৰ নম্বৰলৈকে থাকে। কোনোবা অকৃতকাৰ্যও হ’ব, আকৌ কোনোবা কৃতকাৰ্যও হ’ব। গতিকে প্ৰত্যেকে নিজৰ অন্তৰক সোধা – বাবা যিয়ে আমাক ইমান উচ্চ কৰি তোলে, মই কিমানলৈকে লায়ক হৈছোঁ? অমুকতকৈ ভাল হওঁনে নে কম? এয়া পঢ়া হয় নহয়। দেখিবলৈও পোৱা যায়, যি কোনো বিষয়ত দুৰ্বল হয় তেতিয়া অৱনমিত হৈ যায়। যদিও পৰ্যবেক্ষণ হ’ব তথাপি কোনো বিষয়ত কম হ’লে তেন্তে অৱনমিত হৈ যাব। কোনোবা বিৰলজনেহে বৃত্তি পায়। এয়াও হৈছে স্কুল। তোমালোকে জানা আমি সকলোৱে পঢ়ি আছোঁ, ইয়াত প্ৰথম কথা হ’ল পৱিত্ৰতাৰ। পৱিত্ৰ হ’বৰ কাৰণে পিতাক আহ্বান জনাইছা নহয়। যদি আসুৰিক দৃষ্টিয়ে কাম কৰি থাকে তেন্তে নিজেই অনুভৱ কৰিব। বাবালৈ লিখেও – বাবা মই এই বিষয়টিত দুৰ্বল। বিদ্যাৰ্থীৰ বুদ্ধিত এইটো নিশ্চয়তা থাকে – মই অমুক বিষয়টিত বহুত দুৰ্বল। কোনোবাই এনেকৈও ভাবে যে মই অকৃতকাৰ্য হ’ম। ইয়াত প্ৰথম নম্বৰৰ বিষয় হ’ল - পৱিত্ৰতা। বহুতে লিখে - বাবা মই হাৰি গ’লোঁ, তেন্তে তেওঁক কি ক’ব? তেওঁ অন্তৰেৰে বুজি পায় – এতিয়া মই আগবাঢ়িব নোৱাৰিম। তোমালোকে পৱিত্ৰ সৃষ্টি স্থাপন কৰা নহয়। তোমালোকৰ লক্ষ্য-উদ্দেশ্যই হৈছে এইটো। পিতাই কয় – সন্তানসকল, মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা আৰু পৱিত্ৰ হোৱা তেতিয়া এই লক্ষ্মী-নাৰায়ণৰ বংশত যাব পাৰিবা। শিক্ষকেতো বুজি পায় এওঁ ইমান উচ্চ পদ পাব পাৰিব নে নোৱাৰে? তেওঁ হ’ল পৰম শিক্ষক। এই দাদায়ো স্কুলততো পঢ়িছে নহয়। কোনো কোনো ল’ৰায়ো এনেকুৱা বেয়া কাম কৰে যে অৱশেষত শিক্ষকে শাস্তি দিবলগীয়া হয়। আগতে বহুত কঠোৰ শাস্তি দিছিল। এতিয়া শাস্তি আদি কম কৰি দিছে সেয়েহে বিদ্যাৰ্থীসকল আৰু বেছিকৈহে বিপথগামী হয়। আজিকালি বিদ্যাৰ্থীয়ে কিমান হুলস্থূল কৰে। বিদ্যাৰ্থীৰ “নতুন তেজ” বুলি কয় নহয়। তেওঁলোকে চোৱা কি কৰে! জুই জ্বলাই দিয়ে, নিজৰ ডেকা তেজ দেখুৱায়। এইখন হৈছেই আসুৰিক সৃষ্টি। ডেকা ল’ৰাসকলেই বহুত বেয়া হয়, তেওঁলোকৰ দৃষ্টি বহুত আসুৰিক। দেখিবলৈতো বহুত ভাল যেন লাগে। যেনেকৈ কোৱা হয় নহয় – ঈশ্বৰৰ অন্ত পাব নোৱাৰি, তেনেকৈ এওঁলোকৰো অন্ত পাব নোৱাৰি, যে এওঁলোক কেনেধৰণৰ মনুষ্য। বুদ্ধিৰ পৰা জ্ঞানৰ বিষয়ে গম পোৱা যায়, এওঁ পঢ়াত কেনেকুৱা, এওঁৰ কৰ্ম-কাণ্ড কেনেকুৱা। কিছুমানেতো কথা ক’লে যেন মুখেৰে ফুল বৰষে, কিছুমানেতো এনেকৈ কথা কয় যেন পাথৰহে ওলায়। দেখিবলৈ বহুত ভাল, মূল কথা আদিও লিখে কিন্তু হয় পাথৰ বুদ্ধিৰ। বাহ্যিক প্ৰদৰ্শন আছে। মায়া বৰ শক্তিশালী সেইকাৰণে গায়ন আছে আশ্চৰ্যজনকভাৱে শুনে, নিজক শিৱবাবাৰ সন্তান বুলি কয়, আনক শুনায়, কয় আকৌ আঁতৰি গুচি যায় অৰ্থাৎ বিশ্বাসঘাতক হৈ যায়। এনেকুৱা নহয় যে বুদ্ধিমানসকল বিশ্বাসঘাতক নহয়, ভাল ভাল বুদ্ধিমানো বিশ্বাসঘাতক হৈ যায়। সেই সেনাৰ ক্ষেত্ৰতো এনেকুৱা হয়। এৰোপ্লেনৰ সৈতে অন্য দেশলৈ গুচি যায়। ইয়াতো এনেকুৱা হয়, স্থাপনাত বৰ পৰিশ্ৰম হয়। সন্তানসকলৰো পঢ়াত পৰিশ্ৰম, শিক্ষকৰো পঢ়াওঁতে পৰিশ্ৰম হয়। দেখিবলৈ পোৱা যায় যে এওঁ সকলোকে অশান্ত কৰি থাকে, নপঢ়ে তেতিয়া স্কুলত শাস্তি দিয়ে। এয়াতো পিতা হয়, পিতাই একোৱে নকয়। পিতাৰ ওচৰত এইটো বিধি নাই, ইয়াততো একেবাৰে শান্ত হৈ থাকিব লাগে। পিতাতো সুখদাতা, প্ৰেমৰ সাগৰ। গতিকে সন্তানসকলৰ চলনো এনেকুৱা হ’ব নালাগে জানো, যেনেকুৱা দেৱতাসকল হয়। তোমালোক সন্তানসকলক বাবাই সদায় কয় - তোমালোক পদমাপদম ভাগ্যশালী হোৱা। কিন্তু পদমাপদম দুৰ্ভগীয়াও হৈ যায়। যি অকৃতকাৰ্য হয় তেওঁকতো দুৰ্ভগীয়া বুলি ক’ব নহয়। বাবাই জানে – অন্তলৈকে এনেকুৱা হৈ থাকে। কোনোবা নহয় কোনোবা মহান দুৰ্ভগীয়াও নিশ্চয় হয়। চলন এনেকুৱা যে বুজা যায় এওঁ তিষ্ঠি থাকিব নোৱাৰিব। ইমান উচ্চ হোৱাৰ লায়ক নহয়, সকলোকে দুখ দি থাকে। সুখ দিবলৈ নাজানেই তেন্তে তেওঁৰ অৱস্থা কি হ’ব! বাবাই সদায় কয় – সন্তানসকল, নিজৰ ভালধৰণে যত্ন লোৱা, এয়াও ড্ৰামা অনুসৰি হ’ব, আৰুহে লোহাতকৈও অধম হৈ যায়। আনকি ভাল ভালসকলেও কেতিয়াও চিঠি নিলিখে। বেচেৰাহঁতৰ কি অৱস্থা হ’ব!

পিতাই কয় – মই আহিছোঁ সকলোৰে কল্যাণ কৰিবলৈ। আজি সকলোৰে সৎগতি কৰোঁ, কালিলৈ আকৌ দুৰ্গতি হৈ যায়। তোমালোকে ক’বা আমি কালি বিশ্বৰ মালিক আছিলোঁ, আজি গোলাম হৈ গ’লোঁ। এতিয়া গোটেই বৃক্ষ তোমালোক সন্তানসকলৰ বুদ্ধিত আছে। এয়া আচৰিত বৃক্ষ। মনুষ্যই এইটোও গম নাপায়। এতিয়া তোমালোকে জানা কল্প মানে পূৰা 5 হাজাৰ বছৰৰ সঠিক বৃক্ষ। এক চেকেণ্ডৰো পাৰ্থক্য হ’ব নোৱাৰে। এই বেহদ বৃক্ষৰ জ্ঞান তোমালোক সন্তানসকলে এতিয়া পাই আছা। জ্ঞান দিওঁতাজন হ’ল বৃক্ষপতি। বীজ কিমান সৰু, তাৰ পৰা চোৱা কিমান ডাঙৰ ফল ওলায়। এয়া আকৌ হৈছে আচৰিত বৃক্ষ, ইয়াৰ বীজ বহুত সৰু। আত্মা কিমান সৰু। পিতাও বহুত সৰু, এই দুচকুৰে দেখা পাবও নোৱাৰি। যদিওবা বিবেকানন্দৰ বিষয়ে কয় – তেওঁ ক’লে জ্যোতি তেওঁৰ (ৰামকৃষ্ণ পৰমহংসৰ) পৰা ওলাই মোৰ ভিতৰত সমাহিত হৈ গ’ল। এনেকৈ কোনো জ্যোতি ওলাই আকৌ সমাহিত হৈ যাব পাৰে জানো। কি ওলাল? এইটো বুজি নাপায়। এনেকুৱা এনেকুৱা সাক্ষাৎকাৰতো বহুত হয়, কিন্তু সেই লোকসকলে মান দিয়ে, আকৌ মহিমাও লিখে। ভগৱানুবাচ – কোনো মনুষ্যৰ মহিমা নাই। মহিমা যদি আছে কেৱল দেৱতাসকলৰ আছে আৰু যি এনেকুৱা দেৱতা কৰি গঢ়ি তোলোঁতা আছে তেওঁৰ মহিমা আছে। বাবাই ‘কাৰ্ড’ বহুত ভালকৈ ছপাইছিল। জয়ন্তী পালন কৰিব খোজা যদি এজন শিৱবাবাৰ পালন কৰা। এওঁলোককো (লক্ষ্মী-নাৰায়ণকো) এনেকৈ গঢ়ি তোলোঁতাজনতো শিৱবাবা হয় নহয়। বচ্‌ এজনৰেই মহিমা আছে, সেই এজনকেই স্মৰণ কৰা। এওঁ নিজেই কয় - উচ্চতকৈও উচ্চ হওঁ আকৌ অৱনমিতও হওঁ। এইটো কোনেও গম নাপায় – উচ্চতকৈও উচ্চ লক্ষ্মী-নাৰায়ণেই আকৌ 84 জন্মৰ পাছত অৱনমিত হয়, তত্‌ ত্বম্‌ অৰ্থাৎ তোমালোকৰ ক্ষেত্ৰতো একে কথা। তোমালোকেই বিশ্বৰ মালিক আছিলা, আকৌ কি হৈ গ’লা! সত্যযুগত কোন আছিল? তোমালোকেই আছিলা, পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। ৰজা-ৰাণীও আছিল, সূৰ্যবংশী-চন্দ্ৰবংশী ৰাজবংশৰো আছিল। বাবাই কিমান ভালদৰে বুজায়। এই সৃষ্টি চক্ৰৰ জ্ঞান চলোঁতে-ফুৰোঁতে তোমালোক সন্তানসকলৰ বুদ্ধিত থাকিব লাগে। তোমালোক চৈতন্য ‘লাইট হাউচ’ হোৱা। গোটেই জ্ঞান বুদ্ধিত থাকিব লাগে। কিন্তু সেইটো অৱস্থা হোৱা নাই, হ’বলৈ আছে। যিসকল সন্মান সহকাৰে উত্তীৰ্ণ হ’ব তেওঁলোকৰ এইটো অৱস্থা হ’ব। গোটেই জ্ঞান বুদ্ধিত থাকিব। পিতাৰ প্ৰিয়, মৰমৰ সন্তান বুলিও তেতিয়া ক’ব। এনেকুৱা সন্তানসকলক পিতাই স্বৰ্গৰ ৰাজ্য-ভাগ্য উৎসৰ্গিত কৰি দিয়ে। কয় - মই ৰাজত্ব নকৰোঁ, তোমালোকক দিওঁ। ইয়াক নিষ্কাম সেৱা বুলি কোৱা হয়। সন্তানসকলে জানে বাবাই আমাক শিৰৰ ওপৰত উঠায় অৰ্থাৎ নিজতকৈও উচ্চ কৰি তোলে, তেন্তে এনেকুৱা পিতাক কিমান স্মৰণ কৰিব লাগে। এয়াও ড্ৰামা ৰচি থোৱা আছে। পিতা সংগমত আহি সকলোকে সৎগতি দিয়ে, পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। আটাইতকৈ উচ্চ প্ৰথম নম্বৰৰ একেবাৰে পৱিত্ৰ, একেবাৰে শেষৰ নম্বৰৰ একেবাৰে অপৱিত্ৰ। স্নেহপূৰ্ণ স্মৰণতো বাবাই সকলোকে দিয়ে।

বাবাই কিমান ভালদৰে বুজায়, কেতিয়াও মিছা অহংকাৰ কৰিব নালাগে। পিতাই কয় – সাৱধানে থাকিব লাগে, ৰথখনৰ প্ৰতিও সন্মান ৰাখিব লাগে। এওঁৰ দ্বাৰাইতো পিতাই শুনায়। এওঁতো কেতিয়াও গালি খোৱা নাছিল। সকলোৱে মৰম কৰিছিল। এতিয়াতো চোৱা কিমান গালি খায়। কোনোবা বিশ্বাসঘাতক হৈ আঁতৰি গ’লে তেতিয়া আকৌ তেওঁৰ কি গতি হ’ব, অকৃতকাৰ্য হ’ব নহয়! পিতাই বুজায় - মায়া এনেকুৱা সেইকাৰণে বহুত সাৱধান হৈ থাকিবা। মায়াই কাকোৱেই ৰেহাই নিদিয়ে। সকলো প্ৰকাৰে জুই জ্বলাই দিয়ে। পিতাই কয় - মোৰ সকলো সন্তান কাম চিতাত বহি ক’লা কয়লা হৈ গৈছে। সকলোতো এনে নিচিনা নহয়। সকলোৰে একে নিচিনা ভূমিকাও নাই। ইয়াৰ নামেই হৈছে বেশ্যালয়, কিমান বাৰ চাগৈ কাম চিতাত উঠিছে। ৰাৱণ কিমান শক্তিশালী, বুদ্ধিকেই পতিত কৰি দিয়ে। ইয়ালৈ আহি পিতাৰ পৰা শিক্ষা লোৱাসকলো এনেকুৱা হৈ যায়। পিতাৰ স্মৃতি অবিহনে আসুৰিক দৃষ্টি কেতিয়াও সলনি হ’ব নোৱাৰে সেইকাৰণে সুৰদাসৰ কাহিনী আছে। হওঁতেতো মনেসজা কথা, দৃষ্টান্তও দিয়ে। এতিয়া তোমালোক সন্তানসকলে জ্ঞানৰ তৃতীয় নেত্ৰ পোৱা। অজ্ঞান মানে অন্ধকাৰ। এনেকৈ কয় নহয় - তুমিতো অন্ধ, অজ্ঞানী। জ্ঞান হ’ল গুপ্ত, ইয়াত একো ক’বলগীয়া নাই। এক চেকেণ্ডত সকলো জ্ঞান আহি যায়, সকলোতকৈ সহজ জ্ঞান। তথাপিও অন্তলৈকে মায়াৰ পৰীক্ষা চলি থাকিব। এই সময়ততো ধুমুহাৰ মাজত আছে, পৰিপক্ক হৈ গ’লে তেতিয়া ইমান ধুমুহা নাহিব, বাগৰি নপৰিবা। তেতিয়া চাবা তোমালোকৰ বৃক্ষ কিমান বৃদ্ধি হ’ব। নামতো প্ৰসিদ্ধ হ’বই। বৃক্ষতো বাঢ়েই। অলপ বিনাশ হ’লে তেতিয়া আকৌ বহুত সাৱধান হৈ থাকিব। তেতিয়া পিতাৰ স্মৃতিত একেবাৰে লিপিত খাই যাব। বুজিব যে সময় বহুত কম। পিতাইতো বহুত ভালকৈ বুজায় – পৰস্পৰ বহুত স্নেহেৰে চলা। কাঢ়া চকু নেদেখুৱাবা। ক্ৰোধৰ ভূত আহিলে চেহেৰা একেবাৰে সলনি হৈ যায়। তোমালোকতো লক্ষ্মী-নাৰায়ণৰ চেহেৰাৰ নিচিনা হ’ব লাগে। লক্ষ্য-উদ্দেশ্য সন্মুখত আছে। সাক্ষাৎকাৰ অন্তত হ’ব, যেতিয়া স্থানান্তৰ হয়। যেনেকৈ আৰম্ভণিত সাক্ষাৎকাৰ হ’ল তেনেকৈ অন্ত সময়তো বহুত ভূমিকা দেখিবলৈ পাবা। তোমালোক বহুত আনন্দিত হৈ থাকিবা। “ মিৰুৱা মৌত মলুকা চিকাৰ…” (চিকাৰৰ মৃত্যু, চিকাৰৰ বাবে দুখৰ কথা কিন্তু চিকাৰীৰ বাবে আনন্দৰ কথা) অন্তত বহুত দৃশ্য দেখিবলৈ আছে তেতিয়াতো আকৌ অনুতাপো কৰিব নহয় – মই এয়া কি কৰিলোঁ। তেতিয়া তেওঁলোকে শাস্তিও বহুত কাঢ়া পায়। পিতা আহি পঢ়ায়, তেওঁৰ প্ৰতিও সন্মান নাৰাখিলে তেন্তে শাস্তি পাব। সকলোতকৈ কাঢ়া শাস্তি তেওঁলোকে পায় যিসকল বিকাৰগ্ৰস্ত হয় বা শিৱবাবাৰ বহুত গ্লানি কৰাৰ নিমিত্ত হয়। মায়া বৰ শক্তিশালী। স্থাপনাত কি কি হয়। তোমালোকতো এতিয়া দেৱতা হোৱা নহয়। সত্যযুগত অসুৰ আদি নাথাকে। এয়া সংগমৰেই কথা। ইয়াত বিকাৰী মনুষ্যই কিমান দুখ দিয়ে, কন্যাসকলক মাৰে, বিয়াত বহিবই লাগিব। স্ত্ৰীক বিকাৰৰ কাৰণে কিমান মাৰে, কিমান বিৰুদ্ধাচৰণ কৰে। কয় - সন্ন্যাসীও থাকিব নোৱাৰে, এওঁ আকৌ কোন যিয়ে পৱিত্ৰ হৈ থাকি দেখুৱায়। আগলৈ গৈ নিশ্চয় বুজিবও। পৱিত্ৰতা অবিহনে দেৱতাতো হ’ব নোৱাৰে। তোমালোকে বুজি পোৱা – আমাৰ ইমান প্ৰাপ্তি হয় সেইকাৰণে এৰিছোঁ। ভগৱানুবাচ – কাম বিকাৰক জয় কৰাজনেই জগতজিৎ। এনেকুৱা লক্ষ্মী-নাৰায়ণ হ’ম তেনেহ’লে কিয়নো পৱিত্ৰ নহ’ম। আকৌ মায়ায়ো বহুত আমনি কৰে। উচ্চ পঢ়া হয় নহয়। পিতা আহি পঢ়ায় – এইটো সন্তানসকলে ভালকৈ স্মৃতিত নাৰাখে তেতিয়া আকৌ মায়াই থাপৰ লগাই দিয়ে। মায়াই অৱজ্ঞাও বহুত কৰোৱায় পাছত তেওঁলোকৰ কি অৱস্থা হ’ব। মায়াই এনেকুৱা অসাৱধান কৰি দিয়ে, অহংকাৰত আনি দিয়ে যে তাৰ কথাই নুসুধিবা। ক্ৰমানুসৰি ৰাজধানী স্থাপনা হয় গতিকে কিবা কাৰণতে হ’ব নহয়। এতিয়া তোমালোকে অতীত, বৰ্তমান, ভৱিষ্যতৰ জ্ঞান পোৱা গতিকে কিমান ভালকৈ ধ্যান দিব লাগে। অহংকাৰ আহিলে তেওঁ মৰিল। মায়াই একেবাৰে মূল্যহীন কৰি দিয়ে। পিতাৰ অৱজ্ঞা হ’লে তেতিয়া আকৌ পিতাক স্মৰণ কৰিব নোৱাৰে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পৰস্পৰ বহুত মৰম-চেনেহেৰে চলিব লাগে। কেতিয়াও ক্ৰোধৰ বশৱৰ্তী হৈ ইজনে সিজনক ৰঙা চকু দেখুৱাব নালাগে। পিতাৰ অৱজ্ঞা কৰিব নালাগে।

(2) সন্মান সহকাৰে উত্তীৰ্ণ হ’বলৈ পঢ়া পাঠ বুদ্ধিত ৰাখিব লাগে। চৈতন্য ‘লাইট হাউচ’ হ’ব লাগে। দিনে-ৰাতিয়ে বুদ্ধিত জ্ঞান মন্থন চলি থাকিব লাগে।

বৰদান:
সৰ্বশক্তিমান পিতাৰ কৰ্তৃত্বৰে প্ৰতিটো কাৰ্য সহজে কৰোঁতা সদায় অটল নিশ্চয়বুদ্ধিৰ হোৱা

মই সকলোৰে সৈতে শ্ৰেষ্ঠ সৰ্বশক্তিমান পিতাৰ কৰ্তৃত্বৰে সকলো কাৰ্য কৰোঁতা হওঁ – ইমানখিনি অটল নিশ্চয়তা থাকিব লাগে যাতে কোনেও অমান্য কৰিব নোৱাৰে, ইয়াৰ দ্বাৰা কোনোবাই যিমানে ডাঙৰ কাৰ্য নকৰক অতি সহজ অনুভৱ কৰিব। যেনেকৈ আজিকালি বিজ্ঞানে এনেকুৱা যন্ত্ৰ তৈয়াৰ কৰিছে যে যিকোনো প্ৰশ্নৰ উত্তৰ সহজে পোৱা যায়, মগজ খটুওৱাৰ পৰা হাত সাৰি যায়। এনেকৈ সৰ্বশক্তিমান হৰ্তা-কৰ্তাক সন্মুখত ৰাখিলে তেতিয়া সকলো প্ৰশ্নৰ উত্তৰ সহজে পাই যাবা আৰু সহজ মাৰ্গৰ অনুভূতি হ’ব।

স্লোগান:
একাগ্ৰতাৰ শক্তিয়ে পৰৰ বশৱৰ্তী স্থিতিকো পৰিৱৰ্তন কৰি দিয়ে।


অব্যক্ত ইংগিত: এই অব্যক্ত মাহত বন্ধনমুক্ত হৈ থাকি জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰা

ব্ৰাহ্মণ জীৱনৰ মজা জীৱনমুক্ত স্থিতিত আছে। অনাসক্ত হোৱা অৰ্থাৎ মুক্ত হোৱা। সংস্কাৰৰো অধীনতা নাই। কি কৰোঁ, কেনেকৈ কৰোঁ, কৰিবলৈ বিচৰা নাছিলোঁ কিন্তু হৈ গ’ল – এয়া হৈছে জীৱন-বন্ধনত অহা। ইচ্ছা নাছিল কিন্তু ভাল লাগি গ’ল, শিক্ষা দিব লাগিছিল কিন্তু ক্ৰোধ আহি গ’ল – এয়া হৈছে জীৱন-বন্ধন স্থিতি। ব্ৰাহ্মণ অৰ্থাৎ জীৱনমুক্ত। কেতিয়াও এনেকৈ কোনো বন্ধনত বান্ধ খাব নোৱাৰে।