08.02.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক হৈছা ঈশ্বৰৰ সহায়কাৰী প্ৰকৃত মুক্তি বাহিনী, তোমালোকে সকলোকে শান্তিৰ
‘চেল্ভেশ্বন’ (আলম্বন) দিব লাগে"
প্ৰশ্ন:
তোমালোক
সন্তানসকলৰ পৰা যেতিয়া কোনোবাই শান্তিৰ ‘চেল্ভেশ্বন’ বিচাৰে তেতিয়া তেওঁলোকক কি
বুজাব লাগে?
উত্তৰ:
তেওঁলোকক কোৱা - পিতাই কয়, কি এতিয়া ইয়াতেই তোমালোকক শান্তি লাগে। এয়া কোনো
শান্তিধাম নহয়। শান্তিতো শান্তিধামতহে হ'ব পাৰে, যাক মূললোক বুলি কোৱা হয়। আত্মাৰ
যেতিয়া শৰীৰ নাথাকে তেতিয়া শান্তি থাকে। সত্যযুগত পৱিত্ৰতা-সুখ-শান্তি সকলো আছে।
পিতাহে আহি এই উত্তৰাধিকাৰ দিয়ে। তোমালোকে পিতাক স্মৰণ কৰা।
ওঁম্শান্তি।
আত্মিক পিতাই
বহি আত্মিক সন্তানসকলক বুজায়। সকলো মনুষ্য মাত্ৰেই এইটো জানে যে মোৰ ভিতৰত আত্মা আছে।
জীৱ আত্মা বুলি কয় নহয়। প্ৰথমে আমি আত্মা, পাছত শৰীৰ প্ৰাপ্ত হয়। কোনেও নিজৰ আত্মাক
দেখা নাই। কেৱল ইমানেই বুজি পায় যে আত্মা হয়। যেনেকৈ আত্মাক জানে, দেখা নাই, তেনেকৈ
পৰমপিতা পৰমাত্মাৰ কাৰণেও কয় পৰম আত্মা মানে পৰমাত্মা, কিন্তু তেওঁক দেখা নাই। নিজকো
দেখা নাই আৰু পিতাকো দেখা নাই। এনেকৈ কয় যে আত্মাই এটা শৰীৰ এৰি অন্য এটা লয়। কিন্তু
যথাৰ্থ ৰীতিৰে নাজানে। 84 লাখ যোনি বুলিও কৈ দিয়ে, বাস্তৱত হৈছে 84 জন্ম। কিন্তু
এইটোও নাজানে যে কোনটো আত্মাই কিমান জন্ম লয়? আত্মাই পিতাক আহ্বান জনায় কিন্তু দেখা
নাই আৰু যথাৰ্থ ৰীতিৰে নাজানেও। প্ৰথমেতো আত্মাক যথাৰ্থ ৰীতিৰে জানিলেহে পিতাক
জানিব পাৰিব। নিজকেই নাজানে তেন্তে বুজাব কোনে? ইয়াকেই কোৱা হয় - আত্ম উপলব্ধি কৰা।
সেয়াও পিতাৰ অবিহনেতো কোনেও কৰাব নোৱাৰে। আত্মা কি, কেনেকুৱা, ক'ৰ পৰা আত্মা আহে,
কেনেকৈ জন্ম লয়, কেনেকৈ ইমান সূক্ষ্ম আত্মাত 84 জন্মৰ ভূমিকা নিহিত হৈ আছে, এয়া
কোনেও নাজানে। নিজকেই নাজানে গতিকে পিতাকো নাজানে। এই লক্ষ্মী-নাৰায়ণো মনুষ্যৰে পদবী
নহয় জানো। এওঁলোকে এই পদবী কেনেকৈ পালে? এয়া কোনেও নাজানে। মনুষ্যয়ে জানিব লাগে নহয়।
এনেকৈ কয় যে এওঁলোক বৈকুণ্ঠৰ মালিক আছিল কিন্তু তেওঁলোকে এই মালিকীস্বত্ত ল'লে
কেনেকৈ, আকৌ ক'লৈ গ'ল? একোৱেই নাজানে। এতিয়া তোমালোকেতো সকলো জানা। আগতে একোৱেই
নাজানিছিলা। যেনেকৈ শিশুৱে প্ৰথমতে জানে জানো যে বেৰিষ্টাৰ কি? পঢ়ি পঢ়ি বেৰিষ্টাৰ
হৈ যায়। গতিকে এই লক্ষ্মী-নাৰায়ণো পঢ়াৰ দ্বাৰাই হৈছে। বেৰিষ্টাৰ, ডাক্তৰ আদি সকলোৰে
কিতাপ থাকে। এওঁলোকৰ কিতাপ আকৌ হৈছে ‘গীতা’। সেয়াও কোনে শুনালে? ৰাজযোগ কোনে শিকালে?
এয়া কোনেও নাজানে। তাত নাম সলনি কৰি ল'লে। শিৱ জয়ন্তীও পালন কৰে, তেৱেঁই আহি
তোমালোকক কৃষ্ণপুৰীৰ মালিক কৰি তোলে। শ্ৰীকৃষ্ণ স্বৰ্গৰ মালিক নাছিল জানো কিন্তু
স্বৰ্গকো নাজানে। নহ'লেনো এনেকৈ কিয় কয় যে শ্ৰীকৃষ্ণই দ্বাপৰত ‘গীতা’ শুনাইছিল।
শ্ৰীকৃষ্ণক দ্বাপৰত লৈ গ'ল, লক্ষ্মী-নাৰায়ণক সত্যযুগত, ৰামক ত্ৰেতাত। উপদ্ৰৱ
লক্ষ্মী-নাৰায়ণৰ ৰাজ্যত নেদেখুৱায়। শ্ৰীকৃষ্ণৰ ৰাজ্যত কংস, ৰামৰ ৰাজ্যত ৰাৱণ আদি
দেখুৱায়। এইটো কোনেও নাজানে যে ৰাধা-কৃষ্ণই লক্ষ্মী-নাৰায়ণ হয়গৈ। একেবাৰে অজ্ঞান
অন্ধকাৰত আছে। অজ্ঞানক অন্ধকাৰ বুলি কোৱা হয়। জ্ঞানক আলোক বুলি কোৱা হয়। এতিয়া
আলোকিত কৰাওঁতাজন কোন? তেওঁ হৈছে পিতা। জ্ঞানক দিন, ভক্তিক ৰাতি বুলি কোৱা হয়। এতিয়া
তোমালোকে বুজি পোৱা এই ভক্তিমাৰ্গো জন্ম-জন্মান্তৰ চলি আহিছে। ছিৰি নামিয়েই আহিছে।
কলা কম হৈ গৈ থাকে। ঘৰ নতুনকৈ সজা হয় আকৌ দিনে-প্ৰতিদিনে আয়ুস কম হৈ গৈ থাকিব। তিনি
চতুৰ্থাংশ পুৰণা হ’লে তেন্তে তাক পুৰণা বুলিয়েই কোৱা হ'ব। সন্তানসকলৰ প্ৰথমেতো এইটো
নিশ্চয় জন্মিব লাগে যে এওঁ সকলোৰে পিতা, যিয়ে সকলোৰে সৎগতি কৰে, সকলোৰে কাৰণে পাঠো
পঢ়ায়। সকলোকে মুক্তিধামলৈ লৈ যায়। তোমালোকৰ ওচৰত লক্ষ্য উদ্দেশ্য আছে। তোমালোকে এই
পাঠ পঢ়ি গৈ নিজৰ আসনত বহিবা। বাকী সকলোকে মুক্তিধামলৈ লৈ যাম। চক্ৰৰ ওপৰত যেতিয়া
বুজোৱা তেতিয়া তাত দেখুওৱা যে সত্যযুগত এই অনেক ধৰ্ম নাথাকে। সেই সময়ত সেই আত্মাসকল
নিৰাকাৰ সৃষ্টিত থাকে। এইটোতো তোমালোকে জানা যে এই আকাশখন শূন্য। বায়ুক বায়ু
বুলিয়েই ক'ব, আকাশক আকাশ। এনেকুৱা নহয় যে সকলো পৰমাত্মা। মনুষ্যই ভাবে যে বায়ুতো
ভগৱান আছে, আকাশতো ভগৱান আছে। এতিয়া পিতাই বহি সকলোবোৰ কথা বুজায়। পিতাৰ ওচৰত জন্মতো
ল'লা আকৌ পঢ়ায় কোনে? পিতাইহে আত্মিক শিক্ষক হৈ পঢ়ায়। বাৰু, পঢ়া সম্পূৰ্ণ কৰিলে
তেতিয়া লগত লৈ যাম পুনৰ তোমালোক ভূমিকা পালন কৰিবলৈ আহিবা। সত্যযুগত পোন-প্ৰথমে
তোমালোকেই আহিছিলা। এতিয়া পুনৰ সকলো জন্মৰ অন্তিমত আহি উপস্থিত হৈছা, আকৌ প্ৰথমত
আহিবা। এতিয়া পিতাই কয় দৌৰ লগোৱা। যথা ৰীতিৰে পিতাক স্মৰণ কৰা, অন্যকো পঢ়াব লাগে।
নহ'লে ইমানবোৰক পঢ়াব কোনে? পিতাৰ নিশ্চয় সহায়কাৰী হ'ব নহয়। ঈশ্বৰৰ সহায়কাৰী বুলিও
গায়ন আছে। ইংৰাজীত কয় “চেল্ভেশ্বন আৰ্মী”। কিহৰ ‘চেল্ভেশ্বন’ লাগে? সকলোৱে কয় -
শান্তিৰ ‘চেল্ভেশ্বন’ লাগে। বাকী তেওঁলোকে জানো শান্তিৰ ‘চেল্ভেশ্বন’ দিয়ে। যিয়ে
শান্তিৰ ‘চেল্ভেশ্বন’ বিচাৰে তেওঁলোকক কোৱা - পিতাই কয়, এতিয়া ইয়াতেই তোমালোকক
শান্তি লাগে নেকি? এয়া জানো শান্তিধাম। শান্তিতো শান্তিধামতহে হ'ব পাৰে, যাক মূললোক
বুলি কোৱা হয়। আত্মাৰ শৰীৰ নাথাকিলে তেতিয়া শান্তিত থাকে। পিতাহে আহি এই
উত্তৰাধিকাৰ দিয়ে। তোমালোকৰ ভিতৰতো বুজাবলৈ বহুত যুক্তি লাগে। প্ৰদৰ্শনীত যদি আমি
ঠিয় হৈ সকলোৰে বুজনি শুনোঁ তেন্তে বহুতৰে ভুল ওলাব কিয়নো বুজাওঁতাসকল ক্ৰমানুসৰি হয়।
সকলোৱে যদি একৰস হয় তেন্তে ব্ৰাহ্মণীয়ে এনেকৈ কিয় লিখে অমুক আহি ভাষণ দিয়ক। হেৰ’,
তুমিওতো ব্ৰাহ্মণ নোহোৱা জানো। বাবা অমুক মোতকৈও বুদ্ধিয়ক। বুদ্ধিমত্তাৰ দ্বাৰাই
মনুষ্যই পদমৰ্যাদা পায় নহয়। ক্ৰমানুসৰিতো হয়েই। যেতিয়া পৰীক্ষাৰ ফলাফল ওলাব তেতিয়া
তোমালোকৰ নিজে নিজে সাক্ষাৎকাৰ হ'ব তেতিয়া বুজিবা মইতো শ্ৰীমতত নচলোঁ। পিতাই কয় -
কোনোধৰণৰ বিকৰ্ম নকৰিবা। দেহধাৰীৰ প্ৰতি আকৰ্ষণ নাৰাখিবা। এয়াতো 5 তত্ত্বৰে গঠিত
শৰীৰ নহয় জানো। 5 তত্ত্বক জানো পূজা নতুবা স্মৰণ কৰিব লাগে। লাগিলে এই দুচকুৰে চোৱা
কিন্তু স্মৰণ পিতাক কৰিব লাগে। আত্মাই এতিয়া জ্ঞান প্ৰাপ্ত কৰিছে। এতিয়া আমি ঘৰলৈ
যাব লাগে পুনৰ বৈকুণ্ঠলৈ আহিম। আত্মাই বুজি পায়, চাব নোৱাৰে, তেনেকৈ এৱোঁ বুজিব পাৰে।
অৱশ্যে হয় দিব্য দৃষ্টিৰে নিজৰ ঘৰ বা স্বৰ্গক চাব পাৰে। পিতাই কয় – সন্তানসকল,
মনমনাভৱ, মধ্যাজী ভৱ মানে পিতা আৰু বিষ্ণুপুৰীক স্মৰণ কৰা। তোমালোকৰ
লক্ষ্য-উদ্দেশ্যই হৈছে এইটো। সন্তানসকলে জানে আমি এতিয়া স্বৰ্গলৈ যাব লাগে, বাকী
সকলো মুক্তিধামলৈ যাব। সকলোৱেতো সত্যযুগত আহিব নোৱাৰে। তোমালোকৰ হৈছে দৈৱী ধৰ্ম। এয়া
হৈ গ'ল মনুষ্যৰ ধৰ্ম। মূললোকততো মনুষ্য নাই। ইয়াত হৈছে মনুষ্য সৃষ্টি। মনুষ্যহে
তমোপ্ৰধান আকৌ সতোপ্ৰধান হয়। তোমালোক প্ৰথমে শূদ্ৰ বৰ্ণত আছিলা, এতিয়া ব্ৰাহ্মণ
বৰ্ণত আছা। এই বৰ্ণবোৰ কেৱল ভাৰতবাসীৰ। আৰু কোনো ধৰ্মকে এনেকৈ কোৱা নহয় -
ব্ৰাহ্মণবংশী, সূৰ্যবংশী। এই সময়ত সকলো শূদ্ৰ বৰ্ণৰ। জৰ্জৰিত অৱস্থা প্ৰাপ্ত কৰিছে।
তোমালোক পুৰণা হৈ যোৱা বাবে গোটেই বৃক্ষ জৰ্জৰিত তমোপ্ৰধান হৈ গৈছে আকৌ গোটেই
বৃক্ষজোপা জানো সতোপ্ৰধান হৈ যাব। সতোপ্ৰধান নতুন বৃক্ষততো কেৱল দেৱী-দেৱতা
ধৰ্মাৱলম্বীসকলহে আছে পুনৰ তোমালোক সূৰ্যবংশীৰ পৰা চন্দ্ৰবংশী হৈ যোৱা। পুনৰ্জন্মতো
লোৱা নহয়। আকৌ বৈশ্য, শূদ্ৰ বংশী......এই সকলোবোৰ নতুন কথা।
আমাক পঢ়াওঁতাজন হৈছে
জ্ঞানৰ সাগৰ। তেৱেঁই পতিত-পাৱন সকলোৰে সৎগতি দাতা। পিতাই কয় - তোমালোকক জ্ঞান মই
দিওঁ। তোমালোক দেৱী-দেৱতা হৈ যোৱা তেতিয়া এই জ্ঞান নাথাকে। জ্ঞান দিয়া হয়
অজ্ঞানীসকলক। সকলো মনুষ্য অজ্ঞান অন্ধকাৰত আছে, তোমালোক আছা আলোকত। এওঁৰ 84 জন্মৰ
কাহিনী তোমালোকে জানা। তোমালোক সন্তানসকলৰ গোটেই জ্ঞান আছে। মনুষ্যইতো কৈ দিয়ে
ভগৱানে এই সৃষ্টি ৰচিলেই বা কিয়। মোক্ষ (মুক্তি) পাব নোৱাৰিনে! হেৰ’, এইখনতো ৰচি
থোৱা খেল। অনাদি ড্ৰামা নহয় জানো। তোমালোকে জানা আত্মাই এটা শৰীৰ এৰি অন্য এটি লয়,
ইয়াত চিন্তা কৰাৰ দৰকাৰেই বা কি? আত্মাই গৈ নিজৰ পৰৱৰ্তী ভূমিকা পালন কৰিলে। কন্দাৰ
কথা তেতিয়াহে আহে যেতিয়া পুনৰ বস্তুটো ওভতাই পাব পাৰা। উভতিতো নাহে গতিকে কান্দিলে
কি লাভ। এতিয়া তোমালোক সকলো মোহজিৎ হ'ব লাগে। সমাধিস্থলৰ প্ৰতি কি মোহ ৰাখিব লাগে!
ইয়াততো দুখেই দুখ। আজি সন্তান আছে, কালিলৈ সন্তানো এনেকুৱা হৈ যায় যে পিতাকৰ বদনাম
কৰিবলৈও দেৰি নকৰে। পিতাকৰ সৈতেও কাজিয়া কৰিবলৈ লাগি যায়। ইয়াকেই কোৱা হয় অনাথৰ জগত।
কোনো গৰাকী নাই যিয়ে শিক্ষা দিব। পিতাই যেতিয়া এনেকুৱা অৱস্থা দেখা পায় তেতিয়া
অনাথৰ পৰা সনাথ কৰি তুলিবলৈ আহে। পিতাহে আহি সকলোকে সনাথ কৰি তোলে। নাথ (প্ৰভু) আহি
সকলো কাজিয়া দূৰ কৰি দিয়ে। সত্যযুগত কোনো ধৰণৰ কাজিয়া নহয়। গোটেই সৃষ্টিৰ কাজিয়া
দূৰ কৰি দিয়ে, পুনৰ জয়জয়কাৰ হৈ যায়। ইয়াত সংখ্যাগৰিষ্ঠতা মাতাসকলৰে। দাসী বুলিও
এওঁলোককেই ভাবে। বিবাহ পাশত আৱদ্ধ হোৱাৰ সময়ত কয়, তোমাৰ স্বামীয়েই ঈশ্বৰ গুৰু আদি
সকলো। প্ৰথমে শ্ৰীযুত পাছত শ্ৰীযুতা। এতিয়া পিতা আহি মাতাসকলক আগত ৰাখে। তোমালোকৰ
ওপৰত কোনেও বিজয় প্ৰাপ্ত কৰিব নোৱাৰে। তোমালোকক পিতাই সকলো কায়দা শিকাই আছে। মোহজিৎ
ৰজাৰ এটা কাহিনী আছে। সেই সকলোবোৰ মনে সজা কাহিনী। সত্যযুগততো অকাল মৃত্যু নহয়েই।
নিদিষ্ট সময়ত এটা শৰীৰ এৰি আন এটা লয়। সাক্ষাৎকাৰ হয় – এতিয়া এই শৰীৰ বৃদ্ধ হ’ল আকৌ
নতুন ল’ব লাগে, গৈ শিশু হ’ব লাগে। আনন্দেৰে শৰীৰ ত্যাগ কৰে। ইয়াততো যিমানেই বৃদ্ধ
নহওঁক, ৰোগী নহওঁক এনেকৈ ভাবেও যে এই শৰীৰ এৰিব পাৰিলেই ভাল কিন্তু তথাপিও মৰাৰ
সময়ত নিশ্চয় কান্দিব। পিতাই কয় - এতিয়া তোমালোক এনেকুৱা ঠাইলৈ গৈ আছা য'ত কন্দাৰ
নামেই নাই। তাততো আনন্দই আনন্দ থাকে। তোমালোকৰ কিমান অপাৰ বেহদৰ আনন্দ থাকিব লাগে।
বাঃ! আমি বিশ্বৰ মালিক হ’মগৈ! ভাৰত গোটেই বিশ্বৰে মালিক আছিল। এতিয়া খণ্ড খণ্ড হৈ
গ'ল। তোমালোকেই পূজ্য দেৱতা আছিলা আকৌ পূজাৰী হৈ যোৱা। ভগৱান জানো নিজেই পূজ্য,
নিজেই পূজাৰী হয়। যদি তেৱোঁ পূজাৰী হয় তেন্তে আকৌ পূজ্য কোনে কৰি তুলিব? ড্ৰামাত
পিতাৰ ভূমিকাই ভিন্ন। জ্ঞান সাগৰ এজনেই, সেই এজনৰে মহিমা আছে যিহেতু জ্ঞানৰ সাগৰ হয়
তেন্তে কেতিয়া আহি জ্ঞান দিব যে সৎগতি হৈ যাব। নিশ্চয় ইয়ালৈ আহিব লাগিব। প্ৰথমেতো
বুদ্ধিত এইটো বহুৱাই দিয়া যে আমাক পঢ়াওঁতাজন কোন?
ত্ৰিমূৰ্তি, গোলক (সৃষ্টি
চক্ৰ) আৰু বৃক্ষ - এয়া হৈছে মুখ্য চিত্ৰ। বৃক্ষক দেখা লগে লগে ততালিকে বুজি পাব মইতো
অমুক ধৰ্মৰ। মই সত্যযুগত আহিব নোৱাৰোঁ। এই চক্ৰতো বহুত ডাঙৰ হ'ব লাগে। লিখনিও পূৰা
হ'ব লাগে। শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা দেৱতা ধৰ্ম অৰ্থাৎ নতুন সৃষ্টি স্থাপনা কৰি আছে,
শংকৰৰ দ্বাৰা পুৰণি সৃষ্টিৰ বিনাশ পুনৰ বিষ্ণুৰ দ্বাৰা নতুন সৃষ্টিৰ প্ৰতিপালন কৰায়,
এইটো সিদ্ধ হৈ যাওঁক। ব্ৰহ্মাই বিষ্ণু, বিষ্ণুৱে ব্ৰহ্মা, দুয়োৰে সংযোগ আছে নহয়।
ব্ৰহ্মা-সৰস্বতীয়ে আকৌ লক্ষ্মী-নাৰায়ণ হয়। আৰোহণ কলা এটা জন্মত হয় তাৰপাছত অৱৰোহণ
কলাত 84 জন্ম লাগে। এতিয়া পিতাই কয় - সেই শাস্ত্ৰ আদি শুদ্ধ নে মই শুদ্ধ? প্ৰকৃত
সত্য-নাৰায়ণৰ কথাতো মই শুনাওঁ। এতিয়া তোমালোকৰ নিশ্চয়তা আছে যে সত্য পিতাৰ দ্বাৰা
আমি নৰৰ পৰা নাৰায়ণ হৈ আছোঁ। প্ৰথম মুখ্য এইটোও এটা কথা যে মনুষ্যক কেতিয়াও পিতা,
শিক্ষক, গুৰু বুলি কোৱা নহয়। গুৰুক জানো কেতিয়াবা বাবা বা শিক্ষক বুলি ক'ব? ইয়াততো
শিৱবাবাৰ ওচৰত জন্ম লোৱা আকৌ শিৱবাবাই তোমালোকক পঢ়াই পুনৰ লগত লৈও যাব। মনুষ্যতো
এনেকুৱা কোনো হ'ব নোৱাৰে, যাক পিতা, শিক্ষক, গুৰু বুলি কোৱা হ’ব। এয়াতো এজনেই পিতা,
তেওঁক কোৱা হয় পৰম পিতা। লৌকিক পিতাক কেতিয়াও পৰম পিতা বুলি কোৱা নহয়। সকলোৱে স্মৰণ
তথাপিও তেওঁকেই কৰে। তেওঁ পিতাতো হয়েই। দুখত সকলোৱে তেওঁক স্মৰণ কৰে, সুখত কোনেও
নকৰে। গতিকে সেইজন পিতাহে আহি স্বৰ্গৰ মালিক কৰি তোলে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) 5 তত্ত্বৰে
গঠিত এই শৰীৰক দেখিও স্মৰণ পিতাক কৰিব লাগে। কোনো দেহধাৰীৰ প্ৰতি আসক্তি ৰাখিব
নালাগে। কোনো বিকৰ্ম কৰিব নালাগে।
(2) এই ৰচি থোৱা
ড্ৰামাখনত প্ৰত্যেক আত্মাৰে অনাদি ভূমিকা আছে, আত্মাই এটা শৰীৰ এৰি অন্য এটা লয়,
সেয়েহে শৰীৰ ত্যাগ কৰিলে চিন্তা কৰিব নালাগে, মোহজিৎ হ'ব লাগে।
বৰদান:
সম্পূৰ্ণ
আহুতিৰ দ্বাৰা পৰিৱৰ্তন সমাৰোহ উদ্যাপন কৰোঁতা দৃঢ় সংকল্পধাৰী হোৱা
যেনেকৈ প্ৰবাদ আছে
“মৰিবলগীয়া হ’লেও ধৰ্ম নেৰিবা”, গতিকে যি পৰিস্থিতিয়েই নাহক, মায়াৰ মহাবীৰ ৰূপ
সন্মুখত আহি যাওঁক কিন্তু ধাৰণা যাতে ত্যাগ নকৰা। সংকল্পৰ দ্বাৰা ত্যাগ কৰা
প্ৰয়োজনীয় বস্তুসমূহ সংকল্পৰেও যাতে স্বীকাৰ নকৰা। সদায় নিজৰ শ্ৰেষ্ঠ স্বমান,
শ্ৰেষ্ঠ স্মৃতি আৰু শ্ৰেষ্ঠ জীৱনৰ সমৰ্থ স্বৰূপৰ দ্বাৰা শ্ৰেষ্ঠ ভূমিকাধাৰী হৈ
শ্ৰেষ্ঠতাৰ খেল কৰি থাকা। দুৰ্বলতাৰ সকলো খেল সমাপ্ত হৈ যাওঁক। যেতিয়া এনেকুৱা
সম্পূৰ্ণ আহুতিৰ সংকল্প দৃঢ় হ’ব তেতিয়া পৰিৱৰ্তন সমাৰোহ হ’ব। এই সমাৰোহৰ তাৰিখ এতিয়া
সংগঠিত ৰূপত নিশ্চিত কৰা।
স্লোগান:
প্ৰকৃত হীৰা হৈ নিজৰ প্ৰকম্পনৰ জেউতি বিশ্বৰ বিয়পাই দিয়া।
একান্তপ্ৰিয় হ’বলৈ,
একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
সাধাৰণ সেৱাৰ কৰা -
এইটো কোনো ডাঙৰ কথা নহয় কিন্তু দুখ-অশান্তিৰ পৰা মুক্ত কৰা, অনেকতাত একতা অনা এয়া
হৈছে ডাঙৰ কথা। বাপদাদাই এয়াই কয় যে প্ৰথমে সংগীসকলৰ মাজত, সেৱাত, বায়ুমণ্ডলত একমত,
এক বল, এক ভৰসা আৰু একতা হওঁক।