08.03.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – আত্মিক সেৱা কৰি নিজৰ আৰু আনৰ কল্যাণ কৰা, পিতাৰ সৈতে শুদ্ধ অন্তৰেৰে চলা তেতিয়া পিতাৰ অন্তৰত অধিষ্ঠিত হৈ যাবা”

প্ৰশ্ন:
দেহী-অভিমানী হোৱাৰ যত্ন কোনে কৰিব পাৰে? দেহী-অভিমানীৰ লক্ষণবোৰ শুনোৱা?

উত্তৰ:
যিসকলৰ পঢ়া আৰু পিতাৰ প্ৰতি অটুট মৰম আছে তেওঁলোকে দেহী-অভিমানী হ’বলৈ যত্ন কৰিব পাৰে। তেওঁলোক শীতল হ’ব, কাৰো সৈতে অত্যাধিক বাৰ্তালাপ নকৰিব, তেওঁলোকৰ পিতাৰ প্ৰতি মৰম থাকিব, চলন অতি মাৰ্জিত হ’ব। তেওঁলোকৰ নিচা থাকে যে আমাক ভগৱানে পঢ়ায়, আমি তেওঁৰ সন্তান। তেওঁলোক সুখদায়ী হ’ব। প্ৰতিটো খোজ শ্ৰীমত অনুসৰি দিব।

ওঁম্শান্তি।
সন্তানসকলে সেৱাৰ বাতৰিও শুনিব লাগে আৰু মুখ্য মুখ্য যিসকল সেৱাধাৰী মহাৰথী আছে তেওঁলোকে ৰায় দিব লাগে। বাবাই জানে সেৱাধাৰী সন্তানসকলৰহে বিচাৰ সাগৰ মন্থন চলিব। মেলা বা প্ৰদৰ্শনীৰ উদ্‌ঘাটন কাৰ দ্বাৰা কৰাওঁ! কি কি কথা শুনোৱা উচিত। শঙ্কৰাচাৰ্য আদিয়ে যদি তোমালোকৰ এই কথাবোৰ বুজি পায় তেন্তে ক’ব ইয়াৰ জ্ঞানতো অতি উচ্চ। এওঁলোকক পঢ়াওঁতাজন কোনোবা অতি তীক্ষ্ণ বুদ্ধিৰ যেন লাগে। ভগৱানে পঢ়ায়, তেওঁলোকেতো সেয়া মানি নল’ব। গতিকে প্রদৰ্শনী আদিৰ উদ্‌ঘাটন কৰিবলৈ যিসকল আহে তেওঁলোকক কি কি বুজোৱা হয়, সেই বিষয়ে সকলোকে শুনাব লাগে নতুবা টেপত চমুকৈ ৰাখিব লাগে। যেনেকৈ গঙ্গে ভগ্নীয়ে শঙ্কৰাচাৰ্যক বুজালে, এনেকুৱা সেৱাধাৰী সন্তানতো পিতাৰ অন্তৰত অধিষ্ঠিত হৈ থাকে। এনেয়েতো স্থূল সেৱাও আছে কিন্তু বাবাৰ ধ্যান আত্মিক সেৱাৰ ফালেহে যাব, যিসকলে বহুতৰে কল্যাণ কৰে। কল্যাণতো সকলো কথাতে আছে। ব্ৰহ্মাভোজন ৰান্ধিলে তাতো কল্যাণ আছে, যদিহে যোগযুক্ত হৈ ৰান্ধে। এনেকুৱা যোগযুক্ত ভোজন ৰান্ধোঁতা থাকিলে ৰন্ধনশালত বহুত শান্তি বিৰাজ কৰিব। স্মৃতিৰ যাত্ৰাত থাকিব। কোনোবা আহিলে তৎক্ষণাৎ তেওঁক বুজাব। বাবাই বুজিব পাৰে - সেৱাধাৰী সন্তান কোনসকল, যিয়ে আনকো বুজাব পাৰে তেওঁলোককহে সাধাৰণতে সেৱালৈ মতা হয়। সেয়েহে সেৱা কৰাসকলহে পিতাৰ অন্তৰত অধিষ্ঠিত হৈ থাকে। বাবাৰ ধ্যান সেৱাধাৰী সন্তানসকলৰ ফালেহে যায়। বহুতেতো সন্মুখত মুৰুলী শুনিলেও একো বুজিব নোৱাৰে। ধাৰণ নহয় কিয়নো আধাকল্পৰ দেহ-অভিমানৰ বেমাৰ বহুত কাঢ়া। বহুত কমসংখ্যকেহে দেহ-অভিমান আঁতৰাবলৈ ভালদৰে পুৰুষাৰ্থ কৰে। বহুতে দেহী-অভিমানী হ’বলৈ যত্ন কৰিব নোৱাৰে। বাবাই বুজায় - সন্তানসকল, দেহী-অভিমানী হ’বলৈ বহুত যত্নৰ প্ৰয়োজন। যদিও কোনোবাই খতিয়ানৰ তালিকা পঠিয়াই দিয়ে কিন্তু সম্পূৰ্ণ নহয়। তেতিয়া তথাপিও অলপ মনোযোগ থাকে। দেহী-অভিমানী হোৱাৰ মনোযোগ বহুতৰে কম থাকে। দেহী-অভিমানী হোৱাসকল বহুত শীতল হ’ব। তেওঁলোকে অত্যাধিক বাৰ্তালাপ নকৰিব। তেওঁলোকৰ পিতাৰ প্ৰতি এনেকুৱা মৰম থাকিব যে তাৰ কথাই নুসুধিবা। আত্মাসকল ইমান আনন্দিত হৈ থাকিব লাগে যে কোনো মনুষ্যই যাতে কেতিয়াও সিমান আনন্দত থাকিব নোৱাৰে। এই লক্ষ্মী-নাৰায়ণৰতো জ্ঞান নাই। জ্ঞান তোমালোক সন্তানৰহে আছে, যাক ভগৱানে পঢ়ায়। ভগৱানে আমাক পঢ়ায়, এইটো নিচাও তোমালোকৰ মাজত কোনোবা এজন-দুজনৰহে থাকে। সেইটো নিচা থাকিলে তেতিয়া পিতাৰ স্মৃতিত থাকিব, যাক দেহী-অভিমানী বুলি কোৱা হয়। কিন্তু সেইটো নিচা নাথাকে। স্মৃতিত থকাসকলৰ চলন বহুত ভাল মাৰ্জিত হ’ব। আমি ভগৱানৰ সন্তান সেইকাৰণে গায়নো আছে – অতীন্দ্ৰিয় সুখৰ বিষয়ে গোপ-গোপীসকলক সোধা, যিসকলে দেহী-অভিমানী হৈ পিতাক স্মৰণ কৰে। স্মৃতিত নাথাকে সেইকাৰণে শিৱবাবাৰ অন্তৰত অধিষ্ঠিত হ’ব নোৱাৰে। শিৱবাবাৰ অন্তৰত অধিষ্ঠিত হ’ব নোৱাৰিলে দাদাৰো (ব্ৰহ্মাবাবাৰো) অন্তৰত অধিষ্ঠিত হ’ব নোৱাৰে। তেওঁৰ অন্তৰত থাকিলেহে নিশ্চয় এওঁৰ অন্তৰতো থাকিব। পিতাই প্ৰত্যেককে জানে। সন্তানসকলে নিজেও বুজি পায় যে মই কি সেৱা কৰোঁ। সন্তানসকলৰ সেৱাৰ বহুত চখ থাকিব লাগে। কাৰোবাৰ সেৱাকেন্দ্ৰ খোলাৰো চখ থাকে। কাৰোবাৰ চিত্ৰ অঁকাৰ চখ থাকে। পিতায়ো কয় – জ্ঞানদীপ্ত আত্মা সন্তান মোৰ প্ৰিয়, যি পিতাৰ স্মৃতিতো থাকে আৰু সেৱা কৰিবলৈও ব্যাকুল হৈ থাকে। কোনোৱেতো একেবাৰে সেৱা নকৰে, পিতাৰ কথাও নুশুনে। পিতাইতো জানে নহয় - ক'ত কোনে সেৱা কৰিব লাগে। কিন্তু দেহ-অভিমানৰ কাৰণে নিজৰ মতত চলে গতিকে অন্তৰত অধিষ্ঠিত হ’ব নোৱাৰে। অজ্ঞান কালতো যদি কোনো সন্তান বেয়া চাল-চলনৰ হয় তেন্তে পিতাকৰ অন্তৰত ঠাই নাপায়। তেনে সন্তানক কুসন্তান বুলি ভাবে। সংগদোষত নষ্ট হৈ যায়। ইয়াতো যিসকলে সেৱা কৰে তেওঁলোকহে পিতাৰ মৰমৰ হয়। যিয়ে সেৱা নকৰে তেওঁক জানো পিতাই মৰম কৰিব। এইটো বুজি পায় যে ভাগ্য অনুসৰিয়ে পঢ়িব, তথাপি মৰম কাৰ প্ৰতি থাকিব? সেয়াতো নিয়ম হয়। ভাল সন্তানসকলক বহুত মৰমেৰে মাতিব। এনেকৈ ক’ব - তুমি বহুত সুখধাৰী হোৱা, তুমি পিতাৰ স্নেহী হোৱা। যিয়ে পিতাক স্মৰণেই নকৰে তেওঁক জানো পিতাৰ স্নেহী বুলি ক’ব। দাদাৰ (ব্ৰহ্মাৰ) স্নেহী হ’ব নালাগে, পিতাৰ স্নেহী হ’ব লাগে। যি পিতাৰ স্নেহী হ’ব তেওঁৰ কথা-বতৰা, চাল-চলন অতি অমায়িক সুন্দৰ হ’ব। বিবেকে এনেকৈ কয় – যদিও সময় আছে কিন্তু শৰীৰৰ ভৰসা আছে জানো। বহি থাকোঁতেই দুৰ্ঘটনা হৈ যায়। কাৰোবাৰ হাৰ্টফেইল হৈ যায়। কাৰোবাৰ বেমাৰ হৈ যায়, মৃত্যুতো অকস্মাৎ হৈ যায় সেয়েহে শ্বাসৰ ওপৰততো কোনো ভৰসা নাই। প্ৰাকৃতিক দুৰ্যোগৰো এতিয়া আখৰা চলি আছে। আবতৰীয়া বৰষুণেও বহুত লোকচান কৰি দিয়ে। এই সৃষ্টিখনেই দুখ দিওঁতা। পিতাও এনেকুৱা সময়তে আহে যেতিয়া মহান দুখ হয়, ৰক্তৰ নদীও বৈ যাব। চেষ্টা কৰিব লাগে - মই নিজৰ পুৰুষাৰ্থ কৰি 21 জন্মৰ কল্যাণতো কৰি লওঁ। বহুতৰে মাজত নিজৰ কল্যাণৰ বাবে চিন্তা কৰাও দেখা পোৱা নাযায়।

বাবাই ইয়াত বহি মুৰুলী শুনায় তথাপিও বুদ্ধি সেৱাধাৰী সন্তানসকলৰ ফালে থাকে। এতিয়া শঙ্কৰাচাৰ্যক প্ৰদৰ্শনীলৈ আমন্ত্ৰণ জনোৱা হৈছে, নহ’লে এওঁলোক এনেয়ে ক’লৈকো নাযায়। বহুত অহংকাৰত থাকে, সেয়েহে তেওঁলোকক সন্মানো জনাবলগীয়া হয়। ওপৰত সিংহাসনত বহুৱাবলগীয়া হয়। এনেকুৱা নহয় যে একেলগে বহিব পাৰে। নহয়, তেওঁলোকক বহুত সন্মান লাগে। নম্ৰচিত হ’লেতো তেতিয়া ৰূপ আদিৰ সিংহাসনো এৰি দিব। পিতাক চোৱা কিমান সাধাৰণ হৈ থাকে। কোনেও নাজানে। তোমালোক সন্তানসকলৰ মাজতো কোনোবা বিৰলজনেহে জানে। কিমান নিৰহংকাৰী পিতা। এয়াতো পিতা আৰু সন্তানৰ সম্বন্ধ নহয় জানো। যেনেকৈ লৌকিক পিতা সন্তানৰ লগত থাকে, খায়-খুৱায় এয়া হৈছে বেহদৰ পিতা। সন্ন্যাসী আদিয়ে পিতাৰ মৰম নাপায়। তোমালোক সন্তানসকলে জানা কল্পই কল্পই আমি বেহদৰ পিতাৰ মৰম পাওঁ। পিতাই ফুল কৰি তুলিবলৈ বহুত পৰিশ্ৰম কৰে। কিন্তু ড্ৰামা অনুসৰি সকলোতো ফুল হৈ নাযায়। আজি বহুত ভাল কাইলৈ বিকাৰী হৈ যায়। পিতাই ক’ব ভাগ্যত নাথাকিলে তেন্তে কি কৰিব। বহুতৰে চাল-চলন লেতেৰা হৈ যায়। আজ্ঞাৰ উলংঘন কৰে। ঈশ্বৰৰ মত অনুসৰিও যদি নচলে তেন্তে তেওঁলোকৰ কি অৱস্থা হ’ব! উচ্চতকৈও উচ্চ হৈছে পিতা, আৰুতো কোনো নাই। আকৌ দেৱতাসকলৰ চিত্ৰবোৰ লক্ষ্য কৰিলে দেখিবা এই লক্ষ্মী-নাৰায়ণহে সকলোতকৈ উচ্চ। কিন্তু মনুষ্যই এইটোও নাজানে যে এওঁলোকক এনেকৈ কোনে গঢ়ি তুলিলে। পিতাই বহি তোমালোক সন্তানসকলক ৰচয়িতা আৰু ৰচনাৰ জ্ঞান যথা ৰীতি বুজায়। তোমালোকৰতো নিজৰ শান্তিধাম, সুখধামহে স্মৃতিলৈ আহে। সেৱা কৰাসকলৰ নাম স্মৃতিলৈ আহে। নিশ্চয় যিসকল পিতাৰ আজ্ঞাকাৰী সন্তান, তেওঁলোকৰ ফালেহে অন্তৰ আকৰ্ষিত হ’ব। বেহদৰ পিতা এবাৰে আহে। সেই লৌকিক পিতাতো জন্ম-জন্মান্তৰ পোৱা যায়। সত্যযুগতো পোৱা যায়। কিন্তু তাত এইজন পিতাক পোৱা নাযায়। এতিয়াৰ পঢ়াৰ দ্বাৰাই তোমালোকে পদ পোৱাগৈ। এয়াও তোমালোক সন্তানসকলেহে বুজি পোৱা যে পিতাৰ পৰা আমি নতুন সৃষ্টিৰ বাবে পঢ়ি আছোঁ। বুদ্ধিত এইটো স্মৃতি থাকিব লাগে। হওঁতে বহুত সহজ। ধৰি লোৱা বাবাই খেলি আছে, হঠাতে যদি কোনোবা আহি যায় তেতিয়া বাবাই ততালিকে তাতেই তেওঁক জ্ঞান দিবলৈ লাগি যাব। বেহদ পিতাক জানানে? পিতা পুৰণি সৃষ্টিক নতুন কৰি তুলিবলৈ আহিছে। তেওঁ ৰাজযোগ শিকায়। ভাৰতবাসীকহে শিকাব লাগে। ভাৰতেই স্বৰ্গ আছিল। য’ত এই দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল। এতিয়াতো নৰক হৈ গ’ল। নৰকৰ পৰা স্বৰ্গ পিতাইহে কৰি তুলিব। এনেকুৱা মুখ্য কথাবোৰ স্মৃতিত ৰাখি যিয়েই আহে তেওঁক বহি বুজাবা। তেতিয়া কিমান আনন্দিত হ’ব। মাত্ৰ কোৱা পিতাৰ আগমন হৈছে। এয়া সেয়াই মহাভাৰতৰ যুদ্ধ যাৰ বিষয়ে ‘গীতা’ত বৰ্ণনা কৰা হৈছে। ‘গীতা’ৰ ভগৱান আহিছিল, ‘গীতা’ শুনাইছিল। কিহৰ কাৰণে? মনুষ্যক দেৱতা কৰি তুলিবলৈ। পিতাই মাত্ৰ কয় মোক পিতাক স্মৰণ কৰা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। এইখন হৈছে দুখধাম। বুদ্ধিত ইমানখিনি স্মৃতি থাকিলেও আনন্দিত হৈ থাকিবা। আমি আত্মাসকল বাবাৰ লগত শান্তিধামলৈ যাম। আকৌ তাৰ পৰা প্ৰথমে সুখধামত ভূমিকা পালন কৰিবলৈ আহিম। যেনেকৈ কোনোবা কলেজত পঢ়িলে তেওঁলোকে বুজি পায় আমি এয়া এয়া পঢ়োঁ পাছত এয়া হ’মগৈ। বেৰিষ্টাৰ হ’মগৈ বা আৰক্ষী অধীক্ষক হ’মগৈ, ইমান টকা উপাৰ্জন কৰিম। আনন্দত মতলীয়া হৈ থাকিব। তোমালোক সন্তানসকলো এনেকৈ আনন্দিত হৈ থাকিব লাগে। আমি বেহদৰ পিতাৰ পৰা এই উত্তৰাধিকাৰ পাম আকৌ আমি স্বৰ্গত নিজৰ মহল সাজিম। গোটেই দিন বুদ্ধিত এইটো চিন্তন চলি থাকিলে আনন্দিতও হৈ থাকিবা। নিজৰ আৰু আনৰো কল্যাণ কৰিবা। যিসকল সন্তানৰ জ্ঞান ধন আছে তেওঁলোকৰ কৰ্তব্য হৈছে দান কৰা। যদি ধন আছে, দান নকৰে তেন্তে তেওঁক কৃপণ বুলি কোৱা হয়। তেওঁৰ ওচৰত ধন থকা সত্বেও যেন ধন নাই। ধন থাকিলে নিশ্চয় দান কৰিব। যিসকল ভাল ভাল মহাৰথী সন্তান আছে তেওঁলোক সদায় বাবাৰ অন্তৰত অধিষ্ঠিত হৈ থাকে। কোনো কোনোৰ কাৰণে খেয়াল চলে - এওঁ কিজানি ভাঙি পৰিব। পৰিস্থিতিয়েই এনেকুৱা। দেহৰ অহংকাৰ বহুত হৈ গৈছে। যিকোনো সময়তে হাত এৰি দিব আৰু গৈ নিজৰ ঘৰত থাকিবগৈ। যদিও মুৰুলী বহুত ভালকৈ শুনায় কিন্তু দেহ-অভিমান বহুত আছে, বাবাই অলপ সাৱধান কৰি দিলেই তৎক্ষণাৎ ভাঙি পৰিব। নহ’লেতো গায়ন আছে – আপুনি মৰম কৰক বা প্ৰত্যাখ্যান কৰক আমি আপোনাক এৰি নাযাওঁ...... ইয়াত বাবাই সত্য কথা ক’লেও ক্ৰোধিত হৈ যায়। এনেকুৱা সন্তানো আছে, কোনোৱেতো অন্তৰেৰে বহুত ধন্যবাদ দিয়ে, কোনোবা ভিতৰি জ্বলি মৰে। মায়াৰ দেহ-অভিমান বহুত আছে। বহুত এনেকুৱাও সন্তান আছে যিয়ে মুৰুলী নুশুনেই আকৌ কোনোৱে মুৰুলী অবিহনে থাকিব নোৱাৰে। মুৰুলী যদি নপঢ়ে তেন্তে সেয়া নিজৰে জেদ, মোৰতো জ্ঞান বহুত আছে আচলতে অলপো জ্ঞান নাই।

গতিকে য’ত শঙ্কৰাচার্য আদি প্ৰদৰ্শনীলৈ আহে, সেৱা ভাল হয় তেন্তে সেই বাতৰি সকলোকে দিব লাগে যাতে সকলোৱে গম পায় যে সেৱা কেনেকৈ হ’ল তেতিয়া তেওঁলোকেও শিকিব। এনেকৈ যিসকলৰ সেৱাৰ খেয়াল চলে তেওঁলোককে বাবাই সেৱাধাৰী বুলি বুজিব। সেৱাত কেতিয়াও ভাগৰি পৰিব নালাগে। ইয়াততো তোমালোকে বহুতৰে কল্যাণ কৰিব লাগে। বাবাৰতো এটাই চিন্তা, সকলোৱে যাতে এই জ্ঞান পায়। সন্তানসকলৰো উন্নতি হওঁক। নিতৌ মুৰুলীত বুজাই থাকে - এই আত্মিক সেৱাই হৈছে মুখ্য। শুনিব লাগে আৰু আনকো শুনাব লাগে। চখ থাকিব লাগে। বেজ পিন্ধি নিতৌ মন্দিৰত গৈ বুজাবা - এওঁলোক লক্ষ্মী-নাৰায়ণ কেনেকৈ হ'ল? আকৌ ক’লৈ গ’ল, কেনেকৈ ৰাজ্য-ভাগ্য পালে? মন্দিৰৰ দুৱাৰত গৈ বহিবা। কোনোবা আহিলে ক’বা, এই লক্ষ্মী-নাৰায়ণ কোন, তেওঁলোকৰ ভাৰতত কেতিয়া ৰাজ্য আছিল? হনুমানো জোতাত গৈ বহা নাছিল জানো। তাৰো ৰহস্য আছে। দয়া ওপজে। বাবাই সেৱাৰ বহুত যুক্তি (উপায়) শুনায়, কিন্তু বহুত কম সংখ্যকেহে কাচিৎহে সেয়া ফলপ্ৰসূ কৰে। সেৱা বহুত আছে। অন্ধৰ লাখুটি হ’ব লাগে। যিসকলে সেৱা নকৰে, বুদ্ধি স্বচ্ছ নহয় তেওঁলোকৰ ধাৰণাও নহয়। নহ’লেতো সেৱা বহুত সহজ। তোমালোকে এই জ্ঞান ৰত্নৰ দান কৰা। কোনোবা ধনবান আহিলে ক’বা - আমি আপোনাক এয়া উপহাৰ হিচাপে দিছোঁ। ইয়াৰ অৰ্থও আপোনাক বুজাই দিম। এই বেজবোৰক বাবাই বহুত মূল্য দিয়ে। অন্য কোনেও ইমান মূল্য নিদিয়ে। ইয়াত বহুত ভাল জ্ঞান নিহিত হৈ আছে। কিন্তু কাৰোবাৰ ভাগ্যত নাথাকিলে বাবাই কি কৰিব পাৰে। পিতা আৰু পঢ়া এৰি দিয়া - এয়াতো আটাইতকৈ ডাঙৰ অপঘাত। পিতাৰ হৈ আকৌ পিতাক এৰি গুচি যোৱা - এনেকুৱা মহান পাপ আৰু একো নাই। তেওঁলোকৰ দৰে দুৰ্ভগীয়া আৰু কোনো নাই। সন্তানসকল শ্ৰীমতত চলিব লাগে নহয়। তোমালোকৰ বুদ্ধিত আছে আমি বিশ্বৰ মালিক হ’মগৈ, এইটো জানো সাধাৰণ কথা। স্মৃতিত থাকিলে আনন্দিতও হৈ থাকিবা। স্মৃতিত নাথাকিলে পাপ ভস্ম নহ’ব। তোলনীয়া হ'লা যেতিয়া আনন্দৰ সীমা থাকিব নালাগে। কিন্তু মায়াই বহুত বিঘিনি আনে। অপৈণতসকলক বগৰাই দিয়ে। যিয়ে পিতাৰ শ্ৰীমতেই নলয় তেওঁ কি পদ পাব। অলপ মত ল’লে তেতিয়া তেনেকুৱাই সাধাৰণ পদ পাব। যথা ৰীতি মত ল’লে তেতিয়া উচ্চ পদ পাব। এয়া বেহদৰ ৰাজধানী স্থাপনা হৈ আছে। ইয়াত খৰচ আদিৰো কোনো কথা নাই। কুমাৰীসকল আহে, শিকি উঠি বহুতকে নিজৰ সমান কৰি গঢ়ি তোলে, ইয়াত মাননি আদিৰ কথাই নাই। পিতাই কয় - তোমালোকক স্বৰ্গৰ বাদশ্বাহী দিওঁ। মই স্বৰ্গলৈও নাহোঁ। শিৱবাবাতো দাতা হয় নহয়। তেওঁক কি খৰচ দিবা। এওঁ (ব্ৰহ্মাই) সকলো তেওঁক (শিৱবাবাক) দি দিলে, উত্তৰাধিকাৰী কৰি ল’লে। প্ৰতিদানত চোৱা ৰাজ্য লাভ নকৰে জানো। এওঁ হৈছে প্ৰথম উদাহৰণ। গোটেই বিশ্বত স্বৰ্গ স্থাপনা হয়। পাই-পইচাৰো খৰচ নাই। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ স্নেহী হ’বলৈ বহুত বহুত সুখদায়ী হ’ব লাগে। নিজৰ কথা-বতৰা, চাল-চলন অতি অমায়িক মাৰ্জিত কৰি তুলিব লাগে। সেৱাৰ যোগ্য হ’ব লাগে। নিৰহংকাৰী হৈ সেৱা কৰিব লাগে।

(2) পঢ়া আৰু পিতাক এৰি কেতিয়াও আপোনঘাতী মহাপাপী হ’ব নালাগে। মুখ্য হৈছে আত্মিক সেৱা, এইটো সেৱাত কেতিয়াও ভাগৰি পৰিব নালাগে। জ্ঞান ৰত্ন দান কৰিব লাগে, কৃপণ হ’ব নালাগে।

বৰদান:
সদায় নিজৰ ধাম আৰু নিজৰ স্বৰূপৰ স্মৃতিৰে উপৰাম, নিৰাসক্ত আৰু স্নেহী হোৱা

নিৰাকাৰী জগত আৰু নিৰাকাৰী ৰূপৰ স্মৃতিয়েই সদায় নিৰাসক্ত আৰু স্নেহী কৰি দিয়ে। আমি হওঁৱেই নিৰাকাৰী জগতৰ নিবাসী, ইয়াত সেৱাৰ অৰ্থে অৱতৰিত হৈছোঁ। আমি এই মৃত্যুলোকৰ নহয়, অৱতাৰহে লৈছোঁ - কেৱল এই সৰু কথাটি স্মৃতিত থাকিলে তেতিয়া উপৰাম হৈ যাবা। যিসকলে অৱতাৰ বুলি নুবুজি গৃহস্থী বুলি ভাবে তেওঁলোকৰ গাড়ী বোকাত আৱদ্ধ হৈ থাকে, গৃহস্থী হয়েই বোজাধাৰী অৱস্থা আৰু অৱতাৰ একেবাৰে পাতল। অৱতাৰ বুলি বুজিলে নিজৰ ধাম আৰু নিজৰ স্বৰূপ স্মৃতিত থাকিব আৰু উপৰাম হৈ যাবা।

স্লোগান:
ব্ৰাহ্মণ তেওঁ যিয়ে শুদ্ধি আৰু বিধিপূৰ্বক সকলো কাৰ্য কৰে।


সত্যতা আৰু সভ্যতা ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

যি নম্ৰ হৈ থাকে তেৱেঁই নৱ-নিৰ্মাণ কৰিব পাৰে। শুভ-ভাৱনা বা শুভ-কামনাৰ বীজেই হৈছে নিমিত্ত-ভাৱ আৰু নম্ৰ-ভাৱ। হদৰ মান নিবিচাৰে, কিন্তু নম্ৰ। এতিয়া নিজৰ জীৱনত সত্যতা আৰু সভ্যতাৰ সংস্কাৰ ধাৰণ কৰা। যদি নিবিচৰা সত্ত্বেও কেতিয়াবা ক্ৰোধ আহে বা খিংখিঙীয়া হৈ যোৱা তেতিয়া অন্তৰেৰে কোৱা “মৰমৰ বাবা” তেতিয়া অতিৰিক্ত সহায় প্ৰাপ্ত হৈ যাব।