08.04.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে দেহ-অভিমানৰ দ্বাৰ বন্ধ কৰি দিয়া তেতিয়া মায়াৰ ধুমুহা অহা বন্ধ হৈ যাব”

প্ৰশ্ন:
যিসকল সন্তানৰ বুদ্ধি বিশাল, তেওঁলোকৰ লক্ষণবোৰ শুনোৱা!

উত্তৰ:
1) তেওঁলোকৰ গোটেই দিন সেৱাৰেই খেয়াল চলি থাকিব। 2) তেওঁলোক সেৱা অবিহনে থাকিব নোৱাৰে। 3) তেওঁলোকৰ বুদ্ধিত থাকিব যে কেনেকৈ গোটেই বিশ্বত আৱেষ্টনী গঢ়ি সকলোকে পতিতৰ পৰা পাৱন কৰি তোলোঁ। তেওঁলোকে বিশ্বক দুখধামৰ পৰা সুখধাম কৰি তোলাৰ সেৱা কৰি থাকিব। 4) তেওঁলোকে বহুতকে নিজৰ সমান কৰি গঢ়ি থাকিব।

ওঁম্শান্তি।
আত্মিক পিতাই মৰমৰ সন্তানসকলক বহি বুজায়, সন্তানসকল নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা তেতিয়া তোমালোকৰ সকলো দুখ সদাকালৰ কাৰণে আঁতৰি যাব। নিজক আত্মা বুলি বুজি সকলোকে ভাই ভাইৰ দৃষ্টিৰে চোৱা তেতিয়া দৈহিক দৃষ্টি বৃত্তি পৰিৱৰ্তন হৈ যাব। পিতাও অশৰীৰী, তোমালোক আত্মাও অশৰীৰী। পিতাই আত্মাসকলকহে চায়, সকলো অকাল আসনত বিৰাজমান। তোমালোকেও আত্মা ভাই ভাইৰ দৃষ্টিৰে চোৱা, এই ক্ষেত্ৰত বহুত পৰিশ্ৰম হয়। দেহ বোধত আহিলেহে মায়াৰ ধুমুহা আহে। এই দেহ-অভিমানৰ দুৱাৰ বন্ধ কৰি দিয়া তেতিয়া মায়াৰ ধুমুহা অহা বন্ধ হৈ যাব। এই দেহী-অভিমানী হোৱাৰ শিক্ষা গোটেই কল্পত এই পুৰুষোত্তম সংগমযুগত পিতাইহে তোমালোক সন্তানসকলক দিয়ে।

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকল, তোমালোকে জানা যে এতিয়া আমি নৰকক একাষৰিয়া কৰি আগলৈ গৈ আছোঁ, মাজতে এই পুৰুষোত্তম সংগমযুগ একেবাৰে অনন্য। মাজ সমুদ্ৰত তোমালোকৰ নাও আছে। তোমালোক সত্যযুগীও নোহোৱা, কলিযুগীও নোহোৱা। তোমালোক হৈছা পুৰুষোত্তম সংগমযুগী সৰ্বোত্তম ব্ৰাহ্মণ। সংগমযুগ হৈছেই ব্ৰাহ্মণসকলৰ। ব্ৰাহ্মণ হৈছে টিকনি (আটাইতকৈ উচ্চ)। এয়া ব্ৰাহ্মণসকলৰ অতি সৰু যুগ। এয়া এটা জন্মৰে যুগ। এয়া হৈছে তোমালোকৰ আনন্দৰ যুগ। আনন্দ কোনটো কথাৰ? ভগৱানে আমাক পঢ়ায়! এনেকুৱা বিদ্যাৰ্থী কিমান আনন্দিত হ'ব! তোমালোকৰ এতিয়া গোটেই চক্ৰৰ জ্ঞান বুদ্ধিত আছে। এতিয়া আমি ব্ৰাহ্মণ আকৌ আমিয়ে দেৱতা হ'মগৈ। প্ৰথমে নিজৰ ঘৰলৈ মৰমৰ ঘৰলৈ যাম পুনৰ নতুন সৃষ্টিলৈ আহিম। আমি ব্ৰাহ্মণসকলহে স্বদৰ্শন চক্ৰধাৰী হওঁ। আমিহে এই লুটিবাগৰ মাৰি আগুৱাই যোৱা খেল (অৰ্থাৎ গোটেই চক্ৰত ভূমিকা পুনৰাবৃত্তি কৰি থকা খেল) খেলোঁ। এই বিৰাট ৰূপকো তোমালোক ব্ৰাহ্মণ সন্তানসকলেহে জানা, বুদ্ধিত গোটেই দিন এই কথাবোৰৰ স্মৃতি আহি থাকিব লাগে। মৰমৰ সন্তানসকল তোমালোকৰ এয়া অতি মৰমৰ পৰিয়াল, গতিকে তোমালোক প্ৰত্যেকে অতি মৰমিয়াল হ'ব লাগে। পিতাও মৰমিয়াল গতিকে সন্তানসকলকো এনেকুৱা মৰমিয়াল কৰি তোলে। কেতিয়াও কাৰো প্ৰতি ক্ৰোধ কৰিব নালাগে। মন-বাণী-কৰ্মৰে কাৰো দুখ দিব নালাগে। পিতাই কেতিয়াও কাকো দুখ নিদিয়ে। যিমান পিতাক স্মৰণ কৰিবা সিমান মৰমৰ হৈ গৈ থাকিবা। বচ্ এই স্মৃতিৰেই বৈতৰণী পাৰ হয় - এয়া হৈছে স্মৃতিৰ যাত্ৰা। স্মৰণ কৰি কৰি শান্তিধাম হৈ সুখধামলৈ যাব লাগে। পিতা আহিছেই সন্তানসকলক সদাকালৰ কাৰণে সুখী কৰিবলৈ। ভূতবোৰক খেদিবৰ কাৰণে পিতাই যুক্তি শুনায় - মোক স্মৰণ কৰা তেতিয়া এই ভূতবোৰ আঁতৰি গৈ থাকিব। কোনো ভূতক লগত লৈ নাযাবা। কাৰোবাৰ যদি ভূত আছে তেন্তে ইয়াতেই মোৰ ওচৰত এৰি থৈ যোৱা। তোমালোকে কোৱাই যে বাবা আহি আমাৰ ভূতবোৰ আঁতৰাই পতিতৰ পৰা পাৱন কৰি তোলক। তেন্তে পিতাই কিমান সুন্দৰ কৰি গঢ়ি তোলে। পিতা আৰু দাদা দুয়ো মিলি তোমালোক সন্তানসকলক অলংকৃত কৰে। মাতা-পিতাইহে সন্তানসকলক অলংকৃত কৰে নহয়। সেয়া হৈছে হদৰ (লৌকিকৰ) পিতা - এয়া হৈছে বেহদৰ (পাৰলৌকিক) পিতা। গতিকে সন্তানসকল বহুত প্ৰেমেৰে চলিব লাগে। সকলো বিকাৰৰ দান দিব লাগে, দান দিলে গ্ৰহণ আঁতৰিব। এই ক্ষেত্ৰত কোনোধৰণৰ অজুহাত আদি দেখুওৱাৰ কথা নাই। মৰমেৰে তোমালোকে যিকোনো লোককে বশ কৰিব পাৰা। মৰমেৰে বুজনি দিয়া, মৰম অতি মিঠা বস্তু - বাঘ, হাতী আদি জন্তুকো মনুষ্যই মৰমেৰে বশ কৰি লয়। তেওঁলোকতো তথাপিও আসুৰিক মনুষ্য। তোমালোকতো এতিয়া দেৱতা হৈ আছা। গতিকে দৈৱিক গুণ ধাৰণ কৰি অতি মিঠা হ'ব লাগে। ইজনে-সিজনক ভাই ভাই অথবা ভাই-ভনীৰ দৃষ্টিৰে চোৱা। আত্মাই, আত্মাক কেতিয়াও দুখ দিব নোৱাৰে। পিতাই কয় মৰমৰ সন্তানসকল মই তোমালোকক স্বৰ্গৰ ৰাজ্য-ভাগ্য দিবলৈ আহিছোঁ। এতিয়া তোমালোকে যি বিচৰা সেয়া মোৰ পৰা লোৱা। মইতো তোমালোকক বিশ্বৰ মালিক দ্বৈত মুকুটধাৰী কৰি তুলিবলৈ আহিছোঁ। কিন্তু পৰিশ্ৰম তোমালোকে কৰিব লাগে। মই কাৰো শিৰত মুকুট নাৰাখোঁ। তোমালোকে নিজৰ পুৰুষাৰ্থৰে নিজক ৰাজতিলক দিব লাগে। পিতাই পুৰুষাৰ্থৰ যুক্তি শুনায় যে এনেকৈ এনেকৈ নিজক বিশ্বৰ মালিক দ্বৈত মুকুটধাৰী কৰি তুলিব পাৰা। পঢ়াৰ প্ৰতি পূৰা ধ্যান দিয়া। কেতিয়াও পঢ়া এৰি নিদিবা। কোনো কাৰণত বিতুষ্ট হৈ যদি পঢ়া এৰি দিয়া তেন্তে বহুত ঘাটি হৈ যাব। ঘাটি আৰু লাভ চাই থাকা। তোমালোক ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ বিদ্যাৰ্থী, ঈশ্বৰ পিতাৰ পৰা পঢ়ি আছা, পঢ়ি পূজ্য দেৱতা হৈ আছা। তেন্তে বিদ্যাৰ্থীসকলো এনেকুৱা নিয়মীয়া হ'ব লাগে। বিদ্যাৰ্থী জীৱন সকলোতকৈ উত্তম। যিমানে পঢ়িবা পঢ়াবা আৰু আচৰণ শুধৰাবা সিমানে উত্তম হ'বা।

মৰমৰ সন্তানসকলৰ, এতিয়া তোমালোকৰ ওভতনি যাত্ৰা, যেনেকৈ সত্যযুগৰ পৰা ত্ৰেতা, দ্বাপৰ, কলিযুগলৈকে অৱনমিত হৈ আহিছা তেনেকৈ এতিয়া তোমালোক লৌহ যুগৰ পৰা ওপৰলৈ সোণালী যুগলৈ যাব লাগে। যেতিয়া ৰূপালী যুগত গৈ পাবা তেতিয়া আকৌ এই কৰ্মেন্দ্ৰিয়সমূহৰ চঞ্চলতা শেষ হৈ যাব সেয়েহে যিমান পিতাক স্মৰণ কৰিবা সিমান তোমালোক আত্মাসকলৰ পৰা ৰজো তমোৰ মামৰ (বিকাৰৰ লেপ) আঁতৰি গৈ থাকিব আৰু যিমান মামৰ আঁতৰি যাব সিমানে পিতা চুম্বকৰ ফালে আকৰ্ষণ বাঢ়ি গৈ থাকিব। যদি আকৰ্ষিত নহয় তেন্তে নিশ্চয় মামৰ লাগি আছে – যেতিয়া মামৰ একেবাৰে আঁতৰি বিশুদ্ধ সোণ হৈ যায় সেয়া হৈছে অন্তিম কৰ্মাতীত অৱস্থা।

তোমালোক গৃহস্থালিত, প্ৰবৃত্তিত থাকিও পদুম ফুলৰ নিচিনা হ'ব লাগে। পিতাই কয় - মৰমৰ সন্তানসকল ঘৰ গৃহস্থালিৰো তত্ত্বাৱধান লোৱা, শৰীৰ নিৰ্বাহৰ কাৰণে কামকাজো কৰা। লগতে এই পঢ়াও পঢ়ি থাকা। গায়নো আছে হাতেৰে কৰ্ম কৰা অন্তৰেৰে পিতাক স্মৰণ কৰা। কামকাজ কৰিও একমাত্ৰ প্ৰিয়তম পিতাক স্মৰণ কৰিব লাগে। তোমালোক আধাকল্পৰ প্ৰেয়সী। ঐকান্তিক ভক্তিতো চোৱা শ্ৰীকৃষ্ণ আদিক কিমান প্ৰেমেৰে স্মৰণ কৰে। সেয়া হৈছে ঐকান্তিক ভক্তি, অটল ভক্তি। শ্ৰীকৃষ্ণৰ অটল স্মৃতি থাকে কিন্তু তাৰ দ্বাৰা কোনেও মুক্তি নাপায়। এয়া আকৌ হৈছে নিৰন্তৰ স্মৰণ কৰাৰ জ্ঞান। পিতাই কয় - মোক পতিত-পাৱন পিতাক স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ নাশ হৈ যাব, কিন্তু মায়াও বৰ পালোৱান। কাকোৱে নেৰে। মায়াৰ হাতত বাৰে বাৰে পৰাজিত হোৱাতকৈতো কান্ধ তললৈ কৰি অনুতাপ কৰিব লাগে। পিতাই মৰমৰ সন্তানসকলক শ্ৰেষ্ঠ মত দিয়েই শ্ৰেষ্ঠ হ'বৰ কাৰণে। বাবাই দেখিবলৈ পায় সন্তানসকলে ইমানখিনি পৰিশ্ৰম নকৰে সেয়েহে পিতাৰ দয়া উপজে। যদি এইটো অভ্যাস এতিয়া নকৰা তেন্তে আকৌ বহুত শাস্তি ভোগ কৰিব লাগিব আৰু কল্পই কল্পই পাই-পইচাৰ পদ পাই থাকিবা।

মূল কথা মৰমৰ সন্তানসকলক পিতাই বুজায় দেহী-অভিমানী হোৱা। দেহ সহিত দেহৰ সকলো সম্বন্ধ পাহৰি মামেকম্ (কেৱল মোক অৰ্থাৎ পৰমপিতা শিৱক) স্মৰণ কৰা, পৱিত্ৰও নিশ্চয় হ'ব লাগে। কুমাৰী যেতিয়া পৱিত্র হৈ থাকে তেতিয়া সকলোৱে তেওঁলোকৰ আগত মূৰ দোৱায়। বিবাহ কৰিলে আকৌ পূজাৰী হৈ যায়। সকলোৰে আগত মূৰ দোৱাবলগীয়া হয়। কন্যাসকল প্ৰথমে মাক-দেউতাকৰ ঘৰত থাকে তেতিয়া ইমান বেছি সম্বন্ধ স্মৃতিত নাহে। বিবাহৰ পাছত দেহৰ সম্বন্ধও বাঢ়ি গৈ থাকে আকৌ স্বামী সন্তানৰ প্ৰতি মোহ বাঢ়ি গৈ থাকে। শাহু-শহুৰ আদি সকলো স্মৃতিত আহি থাকিব। প্ৰথমেতো কেৱল মা-পিতাৰ প্ৰতিয়ে মোহ থাকে। ইয়াততো আকৌ সেই সকলো সম্বক পাহৰিবলগীয়া হয় কিয়নো এয়া এগৰাকীয়ে তোমালোকৰ সঁচা মাতা-পিতা হয় নহয়। এয়া হৈছে ঈশ্বৰীয় সম্বন্ধ। গায়নো কৰে - তুমিয়েই মাতা-পিতা তুমিয়েই বন্ধু-সখী...... এওঁ মাতা-পিতাইতো তোমালোকক বিশ্বৰ মালিক কৰি তোলে সেয়েহে পিতাই কয় - মোক বেহদৰ পিতাক নিৰন্তৰ স্মৰণ কৰা আৰু কোনো দেহধাৰীৰ প্ৰতি মমত্ব নাৰাখিবা। স্ত্ৰীসকলৰ কলিযুগী স্বামীৰ কিমান স্মৃতি থাকে, তেওঁলোকেতো গাঁতত পেলায়। এই বেহদৰ পিতাইতো তোমালোকক স্বৰ্গলৈ লৈ যায়। এনেকুৱা মৰমৰ পিতাক বহুত মৰমেৰে স্মৰণ কৰি আৰু স্বদৰ্শন চক্ৰ ঘূৰাই থাকা। এই স্মৃতিৰ বলেৰেহে তোমালোক আত্মা কাঞ্চন হৈ স্বৰ্গৰ মালিক হৈ যাবাগৈ। স্বৰ্গৰ নাম শুনিলেই অন্তৰ আনন্দিত হৈ যায়। যিসকলে নিৰন্তৰ স্মৰণ কৰে আৰু অন্যকো স্মৰণ কৰাই থাকিব তেওঁলোকেই উচ্চ পদ প্ৰাপ্ত কৰিব। এইটো পুৰুষাৰ্থ কৰি কৰি অন্তিমত তোমালোকৰ সেইটো অৱস্থা স্থায়ী হৈ যাব। এয়াতো সৃষ্টিও পুৰণি, দেহো পুৰণি, দেহ সহিত দেহৰ সকলো সম্বন্ধও পুৰণি। সেই সকলোৰে পৰা বুদ্ধিযোগ আঁতৰাই এজন পিতাৰ সৈতে গঢ়িব লাগে, যাতে অন্তিম সময়তো সেই এজন পিতাৰহে স্মৃতি থাকে আন কোনো সম্বন্ধ স্মৃতিলৈ আহিলে তেতিয়া আকৌ অন্তিমতো তেওঁ স্মৃতিলৈ আহি যাব আৰু পদ ভ্ৰষ্ট হৈ যাব। অন্তিম সময়ত যিসকল পিতাৰ স্মৃতিত থাকিব তেওঁলোকেই নৰৰ পৰা নাৰায়ণ হ'ব। পিতাৰ স্মৃতি থাকিলে তেন্তে শিৱালয় দূৰৈত নাই।

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকল বেহদৰ পিতাৰ ওচৰলৈ আহেই সজীৱ হ'বৰ কাৰণে কিয়নো সন্তানসকলে জানে বেহদৰ পিতাৰ পৰা বেহদ বিশ্বৰ সাম্ৰাজ্য প্ৰাপ্ত হয়। এইটো কেতিয়াও পাহৰিব নালাগে। সেইটো সদায় স্মৃতিত থাকিলেও সন্তানসকল অপাৰ আনন্দিত হৈ থাকিব। এই বেজটো চলোঁতে-ফুৰোঁতে বাৰে বাৰে চাই থাকা - একদম অন্তৰত লগাই লোৱা। অহো! ভগৱানৰ শ্ৰীমতেৰে আমি এনেকুৱা হৈ আছোঁ। বচ্ বেজটো চাই তাক মৰম কৰি থাকা। বাবা, বাবা বুলি কৈ থাকা তেতিয়া সদায় স্মৃতি থাকিব। আমি পিতাৰ দ্বাৰা এনেকুৱা হওঁ। পিতাৰ শ্ৰীমতত চলিব লাগে নহয়। মৰমৰ সন্তানসকল বহুত বিশাল বুদ্ধিৰ হ'ব লাগে। গোটেই দিন সেৱাৰেই খেয়াল চলি থাকিব লাগে। বাবাকতো সেইসকল সন্তান লাগে যিসকল সেৱাৰ অবিহনে থাকিব নোৱাৰে। তোমালোক সন্তানসকলে গোটেই বিশ্বত আৱেষ্টনী গঢ়ি তুলিব লাগে অৰ্থাৎ পতিত সৃষ্টিক পাৱন কৰি তুলিব লাগে। গোটেই বিশ্বক দুখধামৰ পৰা সুখধাম কৰি তুলিব লাগে। শিক্ষকেও পঢ়াই আনন্দিত হয় নহয়। তোমালোকতো এতিয়া বহুত উচ্চ শিক্ষক হৈছা। যিমান ভাল শিক্ষক হ’ব, তেওঁ বহুতকে নিজৰ সমান কৰি গঢ়ি তুলিব, কেতিয়াও ভাগৰি নপৰিব। ঈশ্বৰীয় সেৱাত বহুত আনন্দিত হৈ থাকে। পিতাৰ সহায় প্ৰাপ্ত হয়। এয়া ডাঙৰ বেহদৰ বেপাৰো হয়, বেপাৰী লোকসকলহে চহকী হয়। তেওঁলোক এই জ্ঞানমাৰ্গতো বহুত উৎসাহিত হয়। পিতাও বেহদৰ বেপাৰী হয় নহয়। চুক্তি অতি উত্তম কিন্তু এই ক্ষেত্ৰত বহুত সাহস কৰিবলগীয়া হয়। নতুন সন্তানসকল পুৰণাসকলতকৈও পুৰুষাৰ্থত আগবাঢ়ি যাব পাৰে। প্ৰত্যেকৰে ভাগ্য সুকীয়া, গতিকে পুৰুষাৰ্থও প্ৰত্যেকে নিজাকৈ কৰিব লাগে। নিজৰ সম্পূৰ্ণ পৰীক্ষণ কৰিব লাগে। এনেকুৱা পৰীক্ষণ কৰোঁতাসকল একেবাৰে ৰাতিয়ে-দিনে পুৰুষাৰ্থত লাগি যাব, ক'ব আমি নিজৰ সময় নষ্ট কিয় কৰোঁ। যিমান সম্ভৱ সময় সফল কৰোঁ। নিজৰ সৈতে দৃঢ় প্ৰতিজ্ঞা কৰি লয়, আমি পিতাক কেতিয়াও নাপাহৰোঁ। জলপানী লৈহে এৰিম। এনেকুৱা সন্তানসকলে আকৌ সহায়ো পায়। এনেকুৱাও নতুন নতুন পুৰুষাৰ্থী সন্তান তোমালোকে দেখিবলৈ পাবা। সাক্ষাৎকাৰ কৰি থাকিব। যেনেকৈ আৰম্ভণিত হৈছিল সেয়াই পুনৰ অন্তিমত দেখিবা। যিমান সমীপত আহি থাকিবা সিমানে আনন্দত নাচি থাকিবা। সেইফালে অনাহকতে ৰক্তপাতৰ খেলো চলি থাকিব।

তোমালোক সন্তানসকলৰ ঈশ্বৰীয় দৌৰ চলি আছে, যিমান আগলৈ দৌৰি গৈ থাকিবা সিমান নতুন সৃষ্টিৰ দৃশ্যৰাজিও সমীপত আহি থাকিব, আনন্দ বাঢ়ি গৈ থাকিব। যিসকলে দৃশ্যৰাজি সমীপত নেদেখিব তেওঁলোক আনন্দিতো নহ'ব। এতিয়াতো কলিযুগী সৃষ্টিৰ পৰা বৈৰাগ্য আৰু সত্যযুগী নতুন সৃষ্টিৰ প্ৰতি বহুত মৰম থাকিব লাগে। শিৱবাবা স্মৃতিত থাকিলে তেতিয়া স্বৰ্গৰ উত্তৰাধিকাৰো স্মৃতিত থাকিব। স্বৰ্গৰ উত্তৰাধিকাৰ স্মৃতিত থাকিলে তেতিয়া শিৱবাবাও স্মৃতিত থাকিব। তোমালোক সন্তানসকলে জানা এতিয়া আমি স্বৰ্গৰ ফালে গৈ আছোঁ, ভৰি নৰকৰ ফালে, মূৰ স্বৰ্গৰ ফালে আছে। এতিয়াতো সৰু-ডাঙৰ সকলোৰে বানপ্ৰস্থ অৱস্থা। (ব্ৰহ্মা) বাবাৰতো সদায় এইটো নিচা থাকে - অহো! মই গৈ এয়া শিশু কৃষ্ণ হ'ম, যাৰ কাৰণে আগতীয়াকৈ উপহাৰো পঠিয়াই থাকে। যিসকলৰ সম্পূৰ্ণ নিশ্চয়তা আছে সেইসকল গোপিনীয়েই উপহাৰ পঠিয়ায়, তেওঁলোকে অতীন্দ্ৰিয় সুখৰ আভাস পায়। আমিয়েই অমৰলোকত দেৱতা হ'মগৈ। কল্প পূৰ্বেও আমিয়েই হৈছিলোঁ পুনৰ আমি 84 বাৰ পুনৰ্জন্ম ল'লোঁ। এই লুটিবাগৰ মৰা খেল (অৰ্থাৎ গোটেই চক্ৰত নিজৰ ভূমিকা পুনৰাবৃত্তি কৰি থকা খেল) স্মৃতিত থাকিলে তেতিয়াও অতি সৌভাগ্যৰ কথা - সদায় অপাৰ আনন্দত থাকা, বহুত ডাঙৰ লটাৰি প্ৰাপ্ত হৈ আছে। 5000 হাজাৰ বছৰ পূৰ্বেও আমি ৰাজ্য-ভাগ্য পাইছিলোঁ পুনৰ কাইলৈ পাম। ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। যেনেকৈ কল্প পূৰ্বে জন্ম লৈছিলোঁ তেনেকৈয়ে ল'ম, সেইসকলেই আমাৰ মা-পিতা হ'ব। যিগৰাকী শ্ৰীকৃষ্ণৰ পিতা আছিল তেৱেঁই পুনৰ হ'ব। এনেকৈ যিয়ে গোটেই দিন বিচাৰ কৰি থাকিব তেওঁ বহুত ৰমণীয়ও হৈ থাকিব। যদি বিচাৰ সাগৰ মন্থন নকৰে তেন্তে তেওঁ যেন অসুস্থ। গৰুৱে ভোজন কৰাৰ পাছত গোটেই দিন উগাৰী থাকে, মুখ চলিয়েই থাকে। মুখ নচলিলে তেন্তে বুজা যায় বেমাৰ হৈছে, এয়াও এনেকুৱাই।

বেহদৰ পিতা আৰু দাদা দুয়োৰে মৰমৰ সন্তানসকলৰ প্ৰতি বহুত মৰম আছে, কিমান মৰমেৰে পঢ়ায়। কলা অৰ্থাৎ পতিতৰ পৰা বগা অৰ্থাৎ পাৱন কৰি তোলে। গতিকে সন্তানসকলৰো আনন্দৰ পাৰা উৰ্দ্ধগামী হ'ব লাগে। পাৰা উৰ্দ্ধগামী হ'ব স্মৃতিৰ যাত্ৰাৰে। পিতাই কল্পই কল্পই বহুত মৰমেৰে সুন্দৰ সেৱা কৰে। 5 তত্ত্ব সহিত সকলোকে পাৱন কৰি তোলে। কিমান ডাঙৰ বেহদৰ সেৱা। পিতাই বহুত মৰমেৰে সন্তানসকলক শিক্ষাও দি থাকে কিয়নো সন্তানসকলক শুধৰোৱাতো পিতা বা শিক্ষকৰে কাম। পিতাৰহে শ্ৰীমত, যাৰ দ্বাৰা শ্ৰেষ্ঠ হ'বা। যিমান মৰমেৰে স্মৰণ কৰিবা সিমান শ্ৰেষ্ঠ হ'বা। এইটোও খতিয়ানৰ তালিকাত লিখিব লাগে আমি শ্ৰীমতত চলোঁ নে নিজৰ মতত চলোঁ? শ্ৰীমতত চলিলেহে তোমালোক নিখুঁত হ'বা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজে নিজৰ সৈতে প্ৰতিজ্ঞা কৰিব লাগে যে মই নিজৰ সময় নষ্ট নকৰোঁ। সংগমৰ প্ৰতিটো মুহূৰ্ত সফল কৰিম। মই বাবাক কেতিয়াও নাপাহৰোঁ। জলপানী লৈহে এৰিম।

(2) সদায় স্মৃতি থাকিব লাগে যে এতিয়া আমাৰ বানপ্ৰস্থ অৱস্থা। ভৰি নৰকৰ ফালে, মূৰ স্বৰ্গৰ ফালে আছে। ‘লুটি-বাগৰ’ মৰা খেল অৰ্থাৎ নিজৰ চক্ৰক স্মৰণ কৰি অপাৰ আনন্দত থাকিব লাগে। দেহী-অভিমানী হোৱাৰ পৰিশ্ৰম কৰিব লাগে।

বৰদান:
নিজৰ সৰ্বশ্ৰেষ্ঠ পদমৰ্যাদাৰ নিচাৰ দ্বাৰা অনেক আত্মাৰ কল্যাণ কৰোঁতা হৰ্তা-কৰ্তা স্বৰূপ হোৱা

আমি সৰ্বশক্তিমান হৰ্তা-কৰ্তাৰ সন্তান - এইটো হৈছে সৰ্বশ্ৰেষ্ঠ পদমৰ্যাদা, এইটো পদমৰ্যাদাৰ নিচাত থাকিলে তেতিয়া মায়াৰ অধীনতা সমাপ্ত হৈ যাব। এই হৰ্তা-কৰ্তাৰ স্বৰূপ হৈ গ’লে যিকোনো আত্মাৰ কল্যাণ কৰিব পাৰিবা। যিসকল সদায় এইটো নিচাত থাকে তেওঁলোকে সদাকালৰ ৰাজ্য-ভাগ্য প্ৰাপ্ত কৰে। এইটোৱেই কৰ্তৃত্ব সদায় স্থায়ী কৰি ৰাখা তেতিয়া বিশ্ব তোমালোকৰ আগত নতশিৰ হ’ব, তোমালোক কাৰো আগত নতশিৰ হ’ব নোৱাৰা।

স্লোগান:
কৰাৱনহাৰ পিতাৰ স্মৃতিৰে ‘মই’ বোধ সমাপ্ত কৰা।


অব্যক্ত ইংগিত: মহান হ’বলৈ মধুৰতা আৰু নম্ৰতাৰ গুণ ধাৰণ কৰা

মধুৰতাৰ দ্বাৰা পিতাৰ সমীপতাৰ সাক্ষাৎ কৰোৱা। তোমালোকৰ সংকল্পতো মধুৰতা, বাণীতো মধুৰতা আৰু কৰ্মতো মধুৰতা থাকক - এয়াই পিতাৰ সমীপতা, সেইবাবেই পিতায়ো নিতৌ কয় - মিঠা সন্তানসকল" আৰু সন্তানসকলেও সঁহাৰি জনায় - "মিঠা বাবা"। প্ৰতিদিনৰ এই মধুৰতা যুক্ত বাণীয়ে মধুৰ কৰি দিয়ে।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]