08.05.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
দেহী-অভিমানী হৈ পিতাক স্মৰণ কৰিলে স্মৃতিৰ বল জমা হ’ব, স্মৃতিৰ বলেৰে তোমালোকে
গোটেই বিশ্বৰ ৰাজ্য ল’ব পাৰা”
প্ৰশ্ন:
কোনটো কথা
তোমালোক সন্তানসকলৰ খেয়াল বা সপোনতো নাছিল, যিটো এতিয়া বাস্তৱত হৈছে?
উত্তৰ:
তোমালোকৰ খেয়াল বা সপোনতো নাছিল যে আমি ভগৱানৰ পৰা ৰাজযোগ শিকি বিশ্বৰ মালিক হ’ম।
বাদশ্বাহীৰ বাবে পাঠ পঢ়িম। এতিয়া তোমালোক অপাৰ আনন্দিত হোৱা যে সৰ্বশক্তিমান পিতাৰ
পৰা শক্তি আহৰণ কৰি আমি সত্যযুগী স্বৰাজ্য অধিকাৰী হওঁ।
ওঁম্শান্তি।
ইয়াত কন্যাসকল
অভ্যাস কৰিবলৈ বহে। বাস্তৱত ইয়াত (গাদীত) তেওঁলোকক বহুৱাব লাগে যিসকল দেহী-অভিমানী
হৈ পিতাৰ স্মৃতিত বহে। যদি স্মৃতিত নবহে তেন্তে শিক্ষক বুলি ক’ব নোৱাৰে। স্মৃতিত
শক্তি থাকে, জ্ঞানত শক্তি নাই। ইয়াক কোৱাই হয় ‘স্মৃতিৰ বল’। ‘যোগবল’ শব্দটি
সন্ন্যাসীসকলৰ। পিতাই কঠিন শব্দ ব্যৱহাৰ নকৰে। পিতাই কয় - সন্তানসকল এতিয়া পিতাক
স্মৰণ কৰা। যেনেকৈ সৰু ল’ৰা-ছোৱালীয়ে মাক-দেউতাকক স্মৰণ কৰে নহয়। সেয়াতো দেহধাৰী।
তোমালোক সন্তানসকল হৈছা বিচিত্ৰ। এই চিত্ৰ (শৰীৰ) তোমালোকে ইয়াত পোৱা। তোমালোক হৈছা
বিচিত্ৰ দেশৰ নিবাসী। তাত চিত্ৰ নাথাকে। পোন প্ৰথমে এইটো দৃঢ় কৰিব লাগে যে আমিতো
আত্মা সেইবাবে পিতাই কয় - সন্তানসকল, দেহী-অভিমানী হোৱা, নিজক আত্মা বুলি দৃঢ় কৰা।
তোমালোক নিৰ্বাণ দেশৰ পৰা আহিছা। সেইখন তোমালোক সকলো আত্মাৰ ঘৰ। ইয়াত ভূমিকা পালন
কৰিবলৈ আহা। পোন প্ৰথমে কোন আহে? এইটোও তোমালোকৰ বুদ্ধিত আছে। জগতত কোনো নাই যাৰ এই
জ্ঞান আছে। এতিয়া পিতাই কয় - শাস্ত্ৰ আদি যি কিছু পঢ়া সেই সকলোবোৰ পাহৰি যোৱা।
শ্ৰীকৃষ্ণৰ মহিমা, অমুকৰ মহিমা কিমান কৰে। গান্ধীৰো কিমান মহিমা কৰে। যেন তেওঁ
ৰামৰাজ্য স্থাপনা কৰি গ’ল। কিন্তু শিৱ ভগৱানুবাচ (ভগৱানে কয়) আদি সনাতন ৰজা-ৰাণীৰ
ৰাজ্যৰ যি নিয়ম আছিল সেয়া পিতাই প্ৰতিষ্ঠা কৰিছিল, পিতাই ৰাজযোগ শিকাই ৰজা-ৰাণী কৰি
তুলিছিল, সেই ঈশ্বৰীয় ৰীতি-নীতিকো ওফৰাই পেলালে। ক’লে যে আমাক বাদশ্বাহী নালাগে,
আমাক প্ৰজাৰ ওপৰত প্ৰজাৰ ৰাজ্য লাগে। এতিয়া তাৰ কি অৱস্থা হ’ল! দুখেই দুখ,
কাজিয়া-পেচাল কৰি থাকে। অনেক মত হৈ গৈছে। এতিয়া তোমালোক সন্তানসকলে শ্ৰীমতত ৰাজ্য
লোৱা। তোমালোকৰ ইমান শক্তি থাকে যে তাত কোনো সৈন্য আদি নাথাকে। ভয়ৰ কোনো কথা নাই।
এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল, অদ্বৈত ৰাজ্য আছিল। দ্বৈত নাছিলেই যে তালি বাজিব।
তাক কোৱাই হয় - অদ্বৈত ৰাজ্য। তোমালোক সন্তানসকলক পিতাই দেৱতা কৰি তোলে। পুনৰ ৰাৱণৰ
দ্বাৰা দ্বৈতৰ পৰা দৈত্য হৈ যায়। এতিয়া তোমালোক সন্তানসকলে জানা যে আমি ভাৰতবাসী
গোটেই বিশ্বৰ মালিক আছিলোঁ। তোমালোকে বিশ্বৰ ৰাজ্য কেৱল স্মৃতিৰ বলেৰে প্ৰাপ্ত
কৰিছিলা। এতিয়া পুনৰ প্ৰাপ্ত কৰি আছা। কল্পই কল্পই পোৱা, কেৱল স্মৃতিৰ বলেৰে। পঢ়াতো
বল আছে। যেনেকৈ বেৰিষ্টাৰ হ’লে বল থাকে নহয়। সেয়া হৈছে পাই-পইচাৰ বল। তোমালোকে
যোগবলেৰে বিশ্বত ৰাজ্য কৰা। সৰ্বশক্তিমান পিতাৰ পৰা বল পোৱা যায়। তোমালোকে কোৱা -
বাবা, আমি কল্পই কল্পই আপোনাৰ পৰা সত্যযুগৰ স্বৰাজ্য লওঁ, পুনৰ হেৰুৱাওঁ, পুনৰ লওঁ।
তোমালোকে গোটেই জ্ঞান পাইছা। এতিয়া আমি শ্ৰীমতত শ্ৰেষ্ঠ বিশ্বৰ ৰাজ্য লওঁ। বিশ্বও
শ্ৰেষ্ঠ হৈ যায়। এই ৰচয়িতা আৰু ৰচনাৰ জ্ঞান তোমালোকৰ এতিয়া আছে। এই লক্ষ্মী-নাৰায়ণৰো
এইটো জ্ঞান নাথাকিব যে আমি ৰাজ্য কেনেকৈ ল’লোঁ! ইয়াত তোমালোকে পঢ়া আকৌ গৈ ৰাজত্ব কৰা।
কোনোবা ভাল চহকীৰ ঘৰত জন্ম ল’লে তেতিয়া এনেকৈ কয় নহয় যে এওঁ পূৰ্বৰ জন্মত ভাল কাম
কৰিছে, দান-পুণ্য কৰিছে। যেনেকুৱা কৰ্ম তেনেকুৱা জন্ম পোৱা যায়। এতিয়াতো এয়া হয়েই
ৰাৱণৰ ৰাজ্য। ইয়াত যিয়েই কৰ্ম কৰে সেয়া বিকৰ্ম হৈ যায়। ছিৰি নামিবই লাগে। সকলোতকৈ
শ্ৰেষ্ঠ উচ্চতকৈও উচ্চ দেৱী-দেৱতা ধৰ্মাৱলম্বীসকলেও ছিৰি নামিব লাগে। সতো, ৰজো, তমো
অৱস্থাত আহিব লাগে। প্ৰত্যেক বস্তু নতুনৰ পৰা পুনৰ পুৰণি হয়। সেয়েহে এতিয়া তোমালোক
সন্তানসকল অপাৰ আনন্দিত হোৱা উচিত। তোমালোকৰ খেয়াল বা সপোনতো এইটো নাছিল যে আমি
বিশ্বৰ মালিক হওঁগৈ।
ভাৰতবাসীয়ে জানে যে
এই লক্ষ্মী-নাৰায়ণৰ গোটেই বিশ্বত ৰাজ্য আছিল। পূজ্য আছিল পুনৰ পূজাৰী হৈ গৈছে। গায়নো
কৰা হয় যে নিজেই পূজ্য, নিজেই পূজাৰী। এতিয়া তোমালোকৰ বুদ্ধিত এইটো থাকিব লাগে। এই
নাটকখনতো বৰ বিস্ময়কৰ। কেনেকৈ আমি 84 জন্ম লওঁ, সেইটো কোনেও নাজানে। শাস্ত্ৰত 84
লাখ জন্ম লিখি দিয়ে। পিতাই কয় - এই সকলোবোৰ ভক্তিমাৰ্গৰ মিছা কথা। ৰাৱণৰাজ্য হয় নহয়।
ৰামৰাজ্য আৰু ৰাৱণৰাজ্য কেনেকৈ হয়, এইটো তোমালোক সন্তানসকলৰ বাহিৰে অন্য কাৰো
বুদ্ধিত নাই। ৰাৱণক প্ৰতি বছৰে জ্বলায়, তেন্তে শত্ৰু হয় নহয়। 5 বিকাৰ মনুষ্যৰ শত্ৰু।
ৰাৱণ কোন, কিয় জ্বলায় - কোনেও নাজানে। যিসকলে নিজক সংগমযুগী বুলি বুজে তেওঁলোকৰ
স্মৃতিত থাকে যে এতিয়া আমি পুৰুষোত্তম হৈ আছোঁ। ভগৱানে আমাক ৰাজযোগ শিকাই নৰৰ পৰা
নাৰায়ণ, ভ্ৰষ্টাচাৰীৰ পৰা শ্ৰেষ্ঠাচাৰী কৰি তোলে। তোমালোক সন্তানসকলে জানা যে আমাক
উচ্চতকৈও উচ্চ নিৰাকাৰ ভগৱানে পঢ়ায়। কিমান অপাৰ আনন্দিত হোৱা উচিত। স্কুলত
বিদ্যাৰ্থীৰ বুদ্ধিত থাকে যে আমি বিদ্যাৰ্থী। সেয়াতো হৈছে পঢ়াওঁতা সাধাৰণ শিক্ষক।
ইয়াততো তোমালোকক ভগৱানে পঢ়ায়। যিহেতু পঢ়াৰ দ্বাৰা ইমান উচ্চ পদ পোৱা যায় তেন্তে
কিমান ভালকৈ পঢ়িব লাগে। হওঁতে বহুত সহজ কেৱল ৰাতিপুৱা আধাঘণ্টা বা পঞ্চলিশ মিনিট
পঢ়িব লাগে। গোটেই দিন পেছাগত কাম-কাজ আদিত থাকোঁতে স্মৃতি পাহৰি যায় সেই কাৰণে ইয়াত
ৰাতিপুৱা আহি স্মৃতিত বহে। কোৱা হয় যে বাবাক বহুত প্ৰেমেৰে স্মৰণ কৰিবা - বাবা,
আপুনি আমাক পঢ়াবলৈ আহিছে, এতিয়া আমি গম পাইছোঁ যে আপুনি 5 হাজাৰ বছৰৰ পাছত আহি পঢ়ায়।
বাবাৰ ওচৰলৈ সন্তানসকল আহে তেতিয়া বাবাই সোধে যে আগতে কেতিয়াবা লগ পাইছানে? এনেকুৱা
প্ৰশ্ন কোনো সাধু-সন্ন্যাসী আদিয়ে কেতিয়াও সুধিব নোৱাৰে। তাততো সৎসংগত যিকোনো লোক
গৈ বহে। বহুতকে দেখি সকলোৱে ভিতৰলৈ সোমাই যায়। তোমালোকেও এতিয়া বুজি পোৱা – আমি গৈ
গীতা, ৰামায়ণ আদি কিমান আনন্দেৰে শুনিছিলোঁ। একোৱে বুজি পোৱা নাছিলোঁ। সেয়া সকলো
ভক্তিৰে আনন্দ। বহুত আনন্দত নাচি থাকে। কিন্তু পুনৰ অৱনমিত হৈ আহি থাকে। ভিন্ন
ভিন্ন হঠযোগ আদি কৰে। স্বাস্থ্যৱান হৈ থাকিবলৈকে সকলোবোৰ কৰে। গতিকে পিতাই বুজায় -
এই সকলোবোৰ হৈছে ভক্তিমাৰ্গৰ ৰীতি-নীতি। ৰচয়িতা আৰু ৰচনাক কোনেও নাজানে। তেন্তে বাকী
কি থাকিল। ৰচয়িতা ৰচনাক জানিলে তোমালোক কি হৈ যোৱা আৰু নজনাৰ কাৰণে তোমালোক কি হৈ
গৈছা? তোমালোকে জানিলে চহকী হৈ যোৱা, নজনা বাবে সেই ভাৰতবাসীয়েই কঙাল হৈ গৈছে। মিছা
কথা কৈ থাকে। সৃষ্টিত কি কি হৈ থাকে। কিমান পইচা, সোণ আদি লুটি নিয়ে! এতিয়া তোমালোক
সন্তানসকলে জানা – তাততো আমি সোণৰ মহল সাজিম। বেৰিষ্টাৰী আদি পঢ়িলে তেতিয়া অন্তৰত
নাথাকে জানো যে মই এই পৰীক্ষাত উত্তীৰ্ণ হৈ এইটো কৰিম, ঘৰ সাজিম। তোমালোকৰ বুদ্ধিত
কিয় উদয় নহয় যে আমি স্বৰ্গৰ ৰাজকুমাৰ-ৰাজকুমাৰী হ’বলৈ পঢ়ি আছোঁ। কিমান আনন্দিত হৈ
থকা উচিত। কিন্তু বাহিৰলৈ গ’লে আনন্দ নাইকিয়া হৈ যায়। সৰু সৰু কন্যাসকলে এই জ্ঞানত
লাগি যায়। সম্বন্ধীয় লোকে একো নুবুজে, যাদু বুলি কৈ দিয়ে। এনেকৈ কয় যে আমি পঢ়িবলৈ
নিদিওঁ। এনেকুৱা অৱস্থাত যেতিয়ালৈকে নাবালিকা হৈ থাকে তেতিয়ালৈকে মা-পিতাৰ কথা
মানিবলগীয়া হয়। আমি ৰাখিব নোৱাৰোঁ। বহুত সংঘাত হৈ যায়। আৰম্ভণিত কিমান সংঘাত হৈছিল।
কন্যাই কয় মই 18 বছৰীয়া, পিতাই কয় নহয়, 16 বছৰীয়া, নাবালিকা, কাজিয়া কৰি ধৰি লৈ
গৈছিল। নাবালিকা মানেই পিতাৰ হুকুমমতে চলিব লাগে। প্ৰাপ্তবয়স্ক হ’লে যি বিচৰা সেয়াই
কৰা। নিয়মো আছে নহয়। বাবাই কয় - তোমালোক যেতিয়া পিতাৰ ওচৰলৈ আহা তেনে ক্ষেত্ৰত নিয়ম
আছে যে নিজৰ লৌকিক পিতাৰ প্ৰমাণপত্ৰ (চিঠি) লৈ আহিবা। আকৌ চাল-চলনো চাবলগীয়া হয়।
চাল-চলন ঠিক নহ’লে তেন্তে উভতি যাব লাগিব। খেলতো এনেকুৱা হয়। ভালকৈ খেলিব নোৱাৰিলে
তেতিয়া তেওঁক কোৱা হয় বাহিৰলৈ যোৱা। সন্মান হেৰুৱায়। এতিয়া তোমালোক সন্তানসকলে জানা
যে আমি যুদ্ধক্ষেত্ৰত আছোঁ। কল্পই কল্পই পিতা আহি আমাক মায়াৰ ওপৰত বিজয়ী কৰি তোলে।
মূল কথাই হৈছে পাৱন হোৱাৰ। বিকাৰৰ দ্বাৰা পতিত হৈছা। পিতাই কয় - কাম মহাশত্ৰু। এই
কাম বিকাৰে আদি-মধ্য-অন্ত দুখ দিয়ে। যিসকল ব্ৰাহ্মণ হ’ব তেওঁলোকেই আকৌ দেৱী-দেৱতা
ধৰ্মত আহিব। ব্ৰাহ্মণসকলৰ মাজতো ক্ৰমানুসৰি থাকে। চাকিৰ পোহৰত চগা পোক কাষ চাপি আহে।
কোনোবাতো জ্বলি মৰে, কোনোবাই পৰিক্ৰমা লগাই আঁতৰি যায়। ইয়ালৈও আহিছে, কোনোবাতো
একেবাৰে জাহ অৰ্থাৎ উৎসৰ্গিত হৈ যায়, কোনোবাই শুনি আকৌ গুচি যায়। আগতেতো তেজেৰেও
লিখি দিছিল – বাবা, মই আপোনাৰ। তথাপিও মায়াই পৰাজিত কৰি দিয়ে। ইমানেই মায়াৰ যুদ্ধ
চলে, ইয়াকে যুদ্ধক্ষেত্ৰ বুলি কোৱা হয়। এইটোও তোমালোকে বুজি পোৱা। পৰমপিতা
পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা সকলো বেদ-শাস্ত্ৰৰ সাৰ বুজায়। চিত্ৰতো অনেক তৈয়াৰ কৰি
দিছে নহয়। নাৰদৰ দৃষ্টান্তও এই সময়ৰ। সকলোৱে কয় - মই লক্ষ্মী অথবা নাৰায়ণ হ’ম।
পিতাই কয় - নিজৰ ভিতৰত চোৱা - মই লায়ক হওঁনে? মোৰ কোনো বিকাৰতো নাই? নাৰদ ভক্ততো
সকলোৱে হোৱা নহয়। এইটো এটা দৃষ্টান্ত লিখি দিছে।
ভক্তিমাৰ্গৰ লোকসকলে
কয় - মই শ্ৰী লক্ষ্মীক বৰণ কৰিব পাৰিমনে? পিতাই কয় যে নোৱাৰা, যেতিয়া জ্ঞান শুনিবা
তেতিয়াহে সৎগতি পাব পাৰিবা। মই পতিত-পাৱনেই সকলোৰে সৎগতি কৰোঁতা হওঁ। এতিয়া তোমালোকে
বুজি পোৱা যে পিতাই আমাক ৰাৱণৰ ৰাজ্যৰ পৰা মুক্ত কৰি আছে। সেয়া হৈছে পাৰ্থিৱ যাত্ৰা।
ভগৱানুবাচ – মনমনাভৱ (নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা)। বচ্, ইয়াত
হাবাথুৰি খোৱাৰ কথা নাই। সেয়া সকলো হৈছে ভক্তিমাৰ্গৰ ঠেকা-খুন্দা। আধাকল্প ব্ৰহ্মাৰ
দিন, আধাকল্প ব্ৰহ্মাৰ ৰাতি। তোমালোকে বুজি পোৱা যে আমাৰ অৰ্থাৎ সকলো বি.কে.ৰ এতিয়া
আধাকল্প দিন হ’ব। আমি সুখধামত থাকিম। তাত ভক্তি নাথাকিব। এতিয়া তোমালোক সন্তানসকলে
জানা যে আমি সকলোতকৈ চহকী হওঁগৈ, তেন্তে কিমান আনন্দিত হৈ থাকিব লাগে। তোমালোক সকলো
প্ৰথমে খহটা পাথৰ আছিলা, এতিয়া পিতাই ধাৰ (তীক্ষ্ণ) কৰাই আছে। বাবা সোণাৰীও হয় নহয়।
ড্ৰামা অনুসৰি বাবাই ৰথো অনুভৱী লৈছে। গায়নো আছে যে গাঁৱৰ ল’ৰা। শ্ৰীকৃষ্ণ গাঁৱৰ
ল’ৰা কেনেকৈ হ’ব পাৰে। তেওঁতো সত্যযুগত আছিল। তেওঁকতো দোলনাত দোলায়। মুকুট পিন্ধায়
আকৌ গাঁৱৰ ল’ৰা বুলি কিয় কয়? গাঁৱৰ ল’ৰা শ্যাম (লেতেৰা) হ’ল। এতিয়া সুন্দৰ হ’বলৈ
আহিছা। পিতাই জ্ঞান ৰূপী শাণেৰে ঘঁহি ধাৰ দিয়ে নহয়। এই সত্যৰ সংগ কল্পই কল্পই,
কল্পত এবাৰেই পোৱা যায়। বাকী সকলো হৈছে মিছা সংগ সেই কাৰণে পিতাই কয় - বেয়া কথা
নুশুনিবা… এনেকুৱা কথা নুশুনিবা য’ত মোৰ আৰু তোমালোকৰ গ্লানি কৰি থাকে।
যিসকল কুমাৰী জ্ঞানত
আহে তেওঁলোকেতো ক’ব পাৰে যে পিতাৰ সম্পত্তিত আমাৰো অংশ আছে। কিয়নো মই সেই সম্পত্তিৰে
ভাৰতৰ সেৱাৰ অৰ্থে সেৱাকেন্দ্ৰ নোখোলোঁ। কন্যাদানতো কৰিবই লাগে। সেই অংশ মোক দি দিয়া
মই সেৱাকেন্দ্ৰ খুলিম। বহুতৰে কল্যাণ হ’ব। এনেকুৱা যুক্তি ৰচিব লাগে। এয়া হৈছে
তোমালোকৰ ঈশ্বৰীয় অভিযান। তোমালোকে পাথৰ (পতিত) বুদ্ধিক পাৰস (পাৱন) বুদ্ধিৰ কৰি
তোলা। যিসকল আমাৰ ধৰ্মৰ হ’ব তেওঁলোক আহিব। একেখন ঘৰতে যিসকল দেৱী-দেৱতা ধৰ্মৰ ফুল
হয় তেওঁলোক ওলাই আহিব। বাকীসকল নাহিব। পৰিশ্ৰম কৰিবলগীয়া হয় নহয়। পিতাই সকলো আত্মাক
পাৱন কৰি সকলোকে লৈ যায় সেই কাৰণে বাবাই বুজাইছিল - সংগমৰ চিত্ৰলৈ লৈ যোৱা। এইফালে
কলিযুগ, সেইফালে আছে সত্যযুগ। সত্যযুগত থাকে দেৱতাসকল আৰু কলিযুগত থাকে অসুৰ। ইয়াক
কোৱা হয় পুৰুষোত্তম সংগমযুগ। পিতাইহে পুৰুষোত্তম কৰি তোলে। যিয়ে পঢ়িব তেওঁলোক
সত্যযুগত আহিব, বাকী সকলো মুক্তিধামলৈ গুচি যাব। পুনৰ নিজা নিজা সময়ত আহিব। এই
গোলকৰ (সৃষ্টি চক্ৰৰ) চিত্ৰখন বৰ ভাল। সন্তানসকলৰ সেৱা কৰাৰ চখ থাকিব লাগে। আমি
এনেকুৱা এনেকুৱা সেৱা কৰি, গৰিবসকলক উদ্ধাৰ কৰি তেওঁলোকক স্বৰ্গৰ মালিক কৰি তুলিম।
ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজেই
নিজক চাব লাগে যে মই শ্ৰী লক্ষ্মী, শ্ৰী নাৰায়ণৰ সমান হ’ব পাৰোঁনে? মোৰ মাজত কোনো
বিকাৰতো নাই? পৰিক্ৰমা লগাই যোৱা চগা পোক হওঁ নে জাহ যাওঁতা অৰ্থাৎ উৎসৰ্গিত হওঁতা
হওঁ? এনেকুৱা আচৰণতো নকৰো যাৰ বাবে পিতাৰ সন্মান হানি হয়।
(2) অপাৰ আনন্দত
থাকিবলৈ ৰাতিপুৱা প্ৰেমেৰে পিতাক স্মৰণ কৰিব লাগে আৰু পাঠ পঢ়িব লাগে। ভগৱানে আমাক
পঢ়াই পুৰুষোত্তম কৰি আছে, আমি সংগমযুগী, এইটো নিচাত থাকিব লাগে।
বৰদান:
সৰ্ব গুণৰ
অনুভৱেৰে পিতাক প্ৰত্যক্ষ কৰোঁতা অনুভৱী মূৰ্ত হোৱা
পিতাৰ যিবোৰ গুণ গায়ন
কৰা সেই সকলো গুণৰ অনুভৱী হোৱা, যেনেকৈ পিতা আনন্দৰ সাগৰ সেই আনন্দৰ সাগৰৰ ঢৌত খেলি
থাকা। যিয়েই সম্পৰ্কত আহে তেওঁলোকক আনন্দ, প্ৰেম, সুখ... সকলো গুণৰ অনুভৱ কৰোৱা।
এনেকৈ সৰ্ব গুণৰ অনুভৱী মূৰ্ত হোৱা যাতে তোমালোকৰ দ্বাৰা পিতাৰ চেহেৰা প্ৰত্যক্ষ হয়
কিয়নো তোমালোক মহান আত্মাসকলেহে পৰম আত্মাক নিজৰ অনুভৱী মূৰ্তৰে প্ৰত্যক্ষ কৰাব পাৰা।
স্লোগান:
কাৰণক নিবাৰণলৈ পৰিৱৰ্তন কৰি অশুভ কথাকো শুভ কৰি লোৱা।
আত্মিক আভিজাত্য আৰু
পৱিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
ব্ৰাহ্মণ জীৱনৰ
জীৱ-দান হৈছে পৱিত্ৰতা। আদি-অনাদি স্বৰূপেই হৈছে পৱিত্ৰতা। যিহেতু স্মৃতি উদয় হৈ
গ’ল যে মই অনাদি-আদি পৱিত্ৰ আত্মা। স্মৃতি উদয় হোৱা মানেই পৱিত্ৰতাৰ সামৰ্থ্য অহা।
স্মৃতি স্বৰূপ, সমৰ্থ স্বৰূপ আত্মাসকল নিজৰ পৱিত্ৰ সংস্কাৰধাৰী হয়। সেয়েহে নিজস্ব
সংস্কাৰসমূহ জাগ্ৰত কৰি এই পৱিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰা।