08.06.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – স্মৃতিৰে বিকৰ্ম বিনাশ হয়, ধ্যানেৰে নহয়। ধ্যানতো হৈছে পাই-পইচাৰ খেল, সেয়েহে ধ্যানত যোৱাৰ আশা নাৰাখিবা”

প্ৰশ্ন:
মায়াৰ ভিন্ন ভিন্ন ৰূপৰ পৰা ৰক্ষা পাবৰ কাৰণে পিতাই কোনটো এটা কথাৰ ক্ষেত্ৰত সাৱধান কৰি দিয়ে?

উত্তৰ:
মৰমৰ সন্তানসকল, ধ্যানত যোৱাৰ আশা নাৰাখিবা। জ্ঞান-যোগৰ সৈতে ধ্যানৰ কোনো সম্পৰ্ক নাই। মুখ্য হৈছে পঢ়া। কোনোৱে ধ্যানত গৈ কয় - মোৰ তাত মম্মা আহিল, বাবা আহিল। এয়া সকলো সূক্ষ্ম মায়াৰ সংকল্প, ইয়াৰ পৰা বহুত সাৱধানে থাকিব লাগে। অনেক সন্তানৰ শৰীৰত মায়া প্ৰৱেশ কৰি ওলোটা কাম কৰাই দিয়ে সেয়েহে ধ্যানৰ আশা ৰাখিব নালাগে।

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলে এইটোতো বুজি গৈছে যে এফালে ভক্তি, আনফালে জ্ঞান। ভক্তিৰ পৰিসৰ বিশাল আৰু শিকাওঁতাও অনেক আছে। শাস্ত্ৰয়ো শিকায়, মনুষ্যয়ো শিকায়। ইয়াত কোনো শাস্ত্ৰও নাই, মনুষ্যও নাই। ইয়াত শিকাওঁতা এজনেই আত্মিক পিতা যিয়ে আত্মাসকলক বুজায়। আত্মাইহে ধাৰণ কৰে। পৰমপিতা পৰমাত্মাৰ এই সকলো জ্ঞান আছে, তেওঁৰ 84 চক্ৰৰ জ্ঞান আছে, সেয়েহে তেওঁকো স্বদৰ্শন চক্ৰধাৰী বুলি ক’ব পাৰি। আমাক সন্তানসকলকো তেওঁ স্বদৰ্শন চক্ৰধাৰী কৰি আছে। বাবাও ব্ৰহ্মাৰ শৰীৰত আছে, সেয়েহে তেওঁক ব্ৰাহ্মণ বুলিও ক’ব পৰা যায়। আমিও তেওঁৰ সন্তান ব্ৰাহ্মণৰ পৰা দেৱতা হওঁ। এতিয়া পিতাই বহি স্মৃতিৰ যাত্ৰা শিকায়, ইয়াত হঠযোগ আদিৰ কোনো কথা নাই। সেই লোকসকলে হঠযোগৰ দ্বাৰা ধ্যান আদিত যায়। এয়া কোনো মহত্ত্বপূৰ্ণ কথা নহয়। ধ্যানৰ মহত্ত্ব একোৱে নাই। ধ্যান হৈছে একপ্ৰকাৰৰ পাই-পইচাৰ খেল। তোমালোকে কেতিয়াও কাকো এনেকৈ ক’ব নালাগে যে আমি ধ্যানত যাওঁ কিয়নো আজিকালি বিদেশ আদিত য’তে ত’তে অনেক ধ্যানত যায়। ধ্যানত গ’লে তেওঁলোকৰো কোনো লাভ নহয়, তোমালোকৰো কোনো লাভ নহয়। বাবাই বোধশক্তি দিছে। ধ্যানত স্মৃতিৰ যাত্ৰাও নাই, জ্ঞানো নাই। ধ্যানত যোৱাসকলে কেতিয়াও কোনো জ্ঞান নুশুনিব আৰু কোনো পাপ ভস্ম নহ’ব। ধ্যানৰ মহত্ত্ব একোৱে নাই। সন্তানসকলে যোগসূত্ৰ গঢ়ে, তাক ধ্যান বুলি কোৱা নহয়। স্মৃতিৰে বিকর্ম বিনাশ হ’ব। ধ্যানত বিকৰ্ম বিনাশ নহয়। বাবাই সাৱধান কৰি দিয়ে যে সন্তানসকল, ধ্যানৰ চখ নাৰাখিবা।

তোমালোকে জানা যে এই সন্ন্যাসীসকলে জ্ঞান তেতিয়া পায় যেতিয়া বিনাশৰ সময় হয়। যদিও তোমালোকে তেওঁলোকক নিমন্ত্ৰণ দি থাকা কিন্তু এই জ্ঞান তেওঁলোকৰ কলহত (বুদ্ধিত) সোনকালে ধাৰণ নহ’ব। যেতিয়া বিনাশ সন্মুখত দেখিব তেতিয়া আহিব। ভাবিব এতিয়াতো মৃত্যু সমাগত। যেতিয়া সন্মুখত দেখিব তেতিয়া মানিব। তেওঁলোকৰ ভূমিকাই অন্তিমত। তোমালোকে কোৱা যে এতিয়া বিনাশ সমাগত, মৃত্যু আহিব। তেওঁলোকে ভাবে যে এইবোৰ এওঁলোকৰ মিছা কাহিনী।

তোমালোকৰ বৃক্ষ লাহে লাহে বৃদ্ধি পায়। সন্ন্যাসীসকলক মাত্ৰ ক'ব লাগে যে পিতাক স্মৰণ কৰক। এইটোও পিতাই বুজায় যে তোমালোকে চকু বন্ধ কৰিব নালাগে। চকু বন্ধ হৈ থাকিলে পিতাক কেনেকৈ দেখিবা? মই আত্মা, পৰমপিতা পৰমাত্মাৰ সন্মুখত বহি আছোঁ। তেওঁক দেখা পোৱা নাযায়, কিন্তু এই জ্ঞান বুদ্ধিত আছে। তোমালোক সন্তানসকলে বুজি পোৱা যে পৰমপিতা পৰমাত্মাই আমাক এই শৰীৰৰ (ব্ৰহ্মাৰ) আধাৰত পঢ়াই আছে। ধ্যান আদিৰ কোনো কথা নাই। ধ্যানত যোৱাটো কোনো ডাঙৰ কথা নহয়। এই ভোগ আদি আগবঢ়োৱা সকলো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। সেৱক হৈ ভোগ আগবঢ়াই আহা। যেনেকৈ সেৱকসকলে ডাঙৰ লোকক আপ্যায়ন কৰে। তোমালোকো সেৱক, দেৱতাসকলক ভোগ আগবঢ়াবলৈ যোৱা। তেওঁলোক হৈছে ফৰিস্তা। তাত মম্মা বাবাক দেখিবলৈ পায়। সেই সম্পূৰ্ণ মূৰ্তিও হৈছে লক্ষ্য-উদ্দেশ্য। তেওঁলোকক এনেকুৱা ফৰিস্তা কোনে কৰি তুলিলে? বাকী ধ্যানত যোৱাতো কোনো ডাঙৰ কথা নহয়। যেনেকৈ ইয়াত শিৱবাবাই তোমালোকক পঢ়ায়, তেনেকৈ তাতো শিৱবাবাই এওঁলোকৰ দ্বাৰা কিবা বুজাব। সূক্ষ্মবতনত কি হয়, এয়া কেৱল জানিব লাগে। বাকী ধ্যান আদিক কোনো মহত্ত্ব দিব নালাগে। কাৰোবাক ধ্যানত লৈ যোৱা - এয়াও ল’ৰা-ধেমালি। বাবাই সকলোকে সাৱধান কৰি দিয়ে - ধ্যানত নাযাবা, ইয়াতো বহু ক্ষেত্ৰত মায়াৰ প্ৰৱেশ হৈ যায়।

এয়া হৈছে পঢ়াৰ কথা। কল্পই কল্পই পিতা আহি তোমালোকক পঢ়ায়। এতিয়া হৈছে সংগমযুগ। তোমালোক স্থানান্তৰ হ’ব লাগে। ড্ৰামাৰ পৰিকল্পনা অনুসৰি তোমালোকে ভূমিকা পালন কৰি আছা, ভূমিকাৰ মহিমা আছে। পিতা আহি ড্ৰামা অনুসৰি পঢ়ায়। তোমালোকে পিতাৰ পৰা এবাৰ পঢ়ি মনুষ্যৰ পৰা দেৱতা নিশ্চয় হ’ব লাগে। ইয়াত সন্তানসকলতো আনন্দিত হয়। আমি পিতা আৰু ৰচনাৰ আদি- মধ্য-অন্তকো জানি গৈছোঁ। পিতাৰ শিক্ষা প্ৰাপ্ত কৰি বহুত হৰ্ষিত হ’ব লাগে। তোমালোকে পঢ়িছাই নতুন সৃষ্টিৰ বাবে। তাত হয়েই দেৱতাসকলৰ ৰাজ্য সেয়েহে নিশ্চয় পুৰুষোত্তম সংগমযুগত পঢ়িবলগীয়া হয়। তোমালোক এই দুখৰ পৰা মুক্ত হৈ সুখলৈ যোৱা। ইয়াত তমোপ্ৰধান হোৱাৰ কাৰণে তোমালোক বেমাৰ আদিত ভোগা। এই সকলো ৰোগ শেষ হৈ যাব। মুখ্য হৈছে পঢ়া, ইয়াৰ লগত ধ্যান আদিৰ সম্পৰ্ক নাই। এইটো ডাঙৰ কথা নহয়। বহুত ঠাইত এনেকৈ ধ্যানত গুচি যায় আকৌ কয় মম্মা আহিল, বাবা আহিল। পিতাই কয় এয়া একোৱেই নহয়। পিতাইতো এটাই কথা বুজায় - তোমালোক আধাকল্প যি দেহ-অভিমানী হৈ গ’লা, এতিয়া দেহী-অভিমানী হৈ পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব, ইয়াকে স্মৃতিৰ যাত্ৰা বুলি কোৱা হয়। যোগ বুলি ক’লে যাত্ৰা কৰাতো সিদ্ধ নহয়। তোমালোক আত্মাসকল ইয়াৰ পৰা যাব লাগে, তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’ব লাগে। তোমালোকে এতিয়া যাত্ৰা কৰি আছা। তেওঁলোকৰ যি যোগ, তাত যাত্ৰাৰ কথা নাই। হঠযোগীতো (যিসকলে শৰীৰক কষ্ট দি যোগাভ্যাস কৰে) অনেক আছে। সেয়া হৈছে হঠযোগ, এয়া হৈছে পিতাক স্মৰণ কৰা। পিতাই কয় - মৰমৰ সন্তানসকল, নিজক আত্মা বুলি বুজা। এনেকৈ আৰু কোনেও কেতিয়াও নুবুজাব। এয়াতো হৈছে পঢ়াৰ কথা। পিতাৰ সন্তান হ’লা আকৌ পঢ়িব আৰু পঢ়াব লাগে। বাবাই কয় – তোমালোকে সংগ্ৰাহালয় খোলা, নিজে নিজে তোমালোকৰ ওচৰলৈ আহিব। নিমন্ত্ৰণ কৰাৰ কষ্ট নহ’ব। ক’ব এই জ্ঞানতো বহুত ভাল, কেতিয়াও শুনা নাই। ইয়াততো চৰিত্ৰ শুধৰণি হয়। মুখ্য হৈছে পৱিত্ৰতা, যাৰ কাৰণেই হুলস্থুল আদি হয়। বহুত অকৃতকাৰ্যও হয়। তোমালোকৰ অৱস্থা এনেকুৱা হৈ যায় যে এইখন সৃষ্টিত থাকিও তেওঁলোকক নেদেখা। খাওঁতে-লওঁতেও তোমালোকৰ বুদ্ধি সেইফালে থাকিব লাগে। যেনেকৈ পিতাই নতুন ঘৰ নিৰ্মাণ কৰালে তেতিয়া সকলোৰে বুদ্ধি নতুন ঘৰৰ ফালে গুচি যায় নহয়। এতিয়া নতুন সৃষ্টি ৰচনা হৈ আছে। বেহদৰ পিতাই বেহদৰ ঘৰ নিৰ্মাণ কৰি আছে। তোমালোকে জানা যে আমি স্বৰ্গবাসী হ’বলৈ পুৰুষাৰ্থ কৰি আছোঁ। এতিয়া চক্ৰ পূৰা হ’ল। এতিয়া আমি ঘৰ আৰু স্বৰ্গলৈ যাব লাগে গতিকে তাৰ কাৰণে পৱিত্ৰও নিশ্চয় হ’ব লাগে। স্মৃতিৰ যাত্ৰাৰে পাৱন হ’ব লাগে। স্মৃতিতেই বিঘিনি আহে, ইয়াতেই তোমালোকৰ যুদ্ধ। পঢ়াত যুদ্ধৰ কথা নাথাকে। পঢ়াতো একেবাৰে সৰল। 84 চক্ৰৰ জ্ঞানতো বহুত সহজ। বাকী নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা, এই ক্ষেত্ৰত পৰিশ্ৰম কৰিবলগীয়া হয়। পিতাই কয় -স্মৃতিৰ যাত্ৰাক নাপাহৰিবা। অতি কমেও 8 (আঠ) ঘণ্টাতো নিশ্চয় স্মৰণ কৰিবা। শৰীৰ নিৰ্বাহৰ কাৰণে কৰ্মও কৰিব লাগে। টোপনিও যাব লাগে। সহজ মাৰ্গ হয় নহয়। যদি কোৱা হয় টোপনি নাযাবা, এয়াতো হঠযোগ হৈ গ’ল। হঠযোগীতো বহুত আছে। পিতাই কয় - সেইফালে একোৱে নাচাবা, তাৰ পৰা একো লাভ নহয়। কিমান হঠযোগ আদি শিকায়। এয়া সকলো হৈছে মনুষ্য মত। তোমালোক আত্মা, আত্মাইহে শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰে, ডাক্তৰ আদি হয়। কিন্তু মনুষ্য দেহ-অভিমানী হৈ গৈছে - মই অমুক...।

এতিয়া তোমালোকৰ বুদ্ধিত আছে যে মই আত্মা। পিতাও হৈছে আত্মা। এই সময়ত তোমালোক আত্মাসকলক পৰমপিতাই পঢ়ায় সেইকাৰণে গায়ন আছে - আত্মা পৰমাত্মা পৃথকে থাকিল বহুকাল… কল্পই কল্পই মিলিত হয়। বাকী এয়া যি জগতবাসী আছে, সেই সকলো দেহ-অভিমানত আহি দেহ বুলি বুজিয়ে পঢ়ে আৰু পঢ়ায়। পিতাই কয় - মই আত্মাসকলক পঢ়াওঁ। বিচাৰপতি, আইনজ্ঞ আদিও আত্মাই হয়। তোমালোক আত্মাসকল সতোপ্ৰধান পৱিত্ৰ আছিলা আকৌ তোমালোকে ভূমিকা পালন কৰি কৰি সকলো পতিত হৈ গ’লা সেইবাবে আহ্বান জনোৱা - বাবা আহি আমাক পাৱন আত্মা কৰি তোলক। পিতাতো হয়েই পাৱন। এই কথা যেতিয়া শুনিব তেতিয়া ধাৰণা হ’ব। তোমালোক সন্তানকলৰ ধাৰণা হয় সেয়েহে তোমালোক দেৱতা হোৱাগৈ। আন কাৰো বুদ্ধিত ধাৰণ নহ’ব কিয়নো এয়া হৈছে নতুন কথা। এয়া হৈছে জ্ঞান। সেয়া হৈছে ভক্তি। তোমালোকেও ভক্তি কৰি কৰি দেহ অভিমানী হৈ যোৱা। এতিয়া পিতাই কয় - সন্তানসকল, আত্ম-অভিমানী হোৱা। আমাক আত্মাসকলক পিতাই এই শৰীৰৰ দ্বাৰা পঢ়ায়। প্ৰতিটো মুহূৰ্ততে স্মৃতিত ৰাখা যে এয়াই একমাত্ৰ সময় যেতিয়া আত্মাসকলৰ পিতা পৰমপিতাই পঢ়ায়। বাকীতো এই সংগমযুগৰ বাহিৰে গোটেই ড্ৰামাত কেতিয়াও ভূমিকাই নাই, সেইকাৰণে পিতাই তথাপিও কয় - মৰমৰ সন্তাসকল, নিজক আত্মা বুলি নিশ্চয় কৰা, পিতাক স্মৰণ কৰা। এয়া বহুত উচ্চ যাত্ৰা - আৰোহণ কৰিলে বৈকুণ্ঠ ৰস। বিকাৰত অধঃপতিত হ’লে একেবাৰে ভাগি-ছিঙি চূৰমাৰ হৈ যায়। তথাপিও স্বৰ্গলৈতো আহিব, কিন্তু পদ বহুত কম হ’ব। এয়া ৰাজধানী স্থাপনা হৈ আছে। ইয়াত কম পদধাৰীও লাগে, সকলোৱে জানো জ্ঞানত চলে। তেনেহ’লেতো পিতাই বহুত সন্তান পোৱা উচিত। যদি পায়ো সেয়া অলপ সময়ৰ বাবে। তোমালোক মাতাসকলৰ মহিমা বহুত আছে, বন্দেমাতৰম্‌ বুলিও গায়ন কৰা হয়। জগত অম্বাৰ কিমান ডাঙৰ মেলা লাগে কাৰণ বহুত সেৱা কৰিছে। যিয়ে বহুত সেৱা কৰে তেওঁলোক ডাঙৰ ৰজা হয়। দেলৱাড়া মন্দিৰত তোমালোকৰেই স্মৃতি সৌধ আছে। তোমালোক কন্যাসকলে বহুত সময় উলিয়াব লাগে। তোমালোকে ভোজন আদি ৰান্ধোতে পিতাৰ স্মৃতিত থাকি বহুত শুদ্ধ ভোজন ৰান্ধিব লাগে, যাতে কাৰোবাক খুৱালে তেওঁৰো অন্তৰ শুদ্ধ হৈ যায়। এনেকুৱা বহুত কম আছে, যিয়ে এনেকুৱা ভোজন খাবলৈ পায়। নিজক সোধা - মই শিৱবাবাৰ স্মৃতিত থাকি ভোজন ৰান্ধোনে যাতে যিয়ে খায় তেওঁৰ অন্তৰ গলি যায়। বাৰে বাৰে স্মৃতি পাহৰি যায়। বাবাই কয় - পাহৰাটোও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে কাৰণ তোমালোক এতিয়াও 16 কলা সম্পন্নতো হোৱা নাই। সম্পূৰ্ণ নিশ্চয় জন্মিব লাগে। পূণিৰ্মাৰ চন্দ্ৰমা কিমান উজ্জ্বল, পাছত কম হৈ হৈ ৰেখা এডালহে থাকেগৈ। ঘোৰ অন্ধকাৰ হৈ যায় আকৌ পূৰ্ণ আলোক হয়। এই বিকাৰ আদি এৰি পিতাক স্মৰণ কৰি থাকিলে তোমালোক আত্মা সম্পূৰ্ণ হৈ যাবা। তোমালোকে বিচৰা মহাৰজা হওঁ কিন্তু সকলোৱেতো হ’ব নোৱাৰে। পুৰুষাৰ্থ সকলোৱে কৰিব লাগে। কিছুমানেতো একোৱে পুৰুষাৰ্থ নকৰে সেইকাৰণে মহাৰথী, অশ্বাৰোহী, পদাতিক বুলি কোৱা হয়। মহাৰথী সংখ্যাত তাকৰ। প্ৰজা বা সৈনিক যিমান থাকে সিমান কামাণ্ডাৰ বা মেজৰ নাথাকে। তোমালোকৰ মাজতো কামাণ্ডাৰ, মেজৰ, কেপ্টেইন আছে। পদাতিকো আছে। তোমালোকৰো এয়া আত্মিক সেনা নহয় জানো। সকলো স্মৃতিৰ যাত্ৰাৰ ওপৰতে নিৰ্ভৰ কৰে। তাৰ দ্বাৰাই বল পোৱা যায়। তোমালোক হৈছা গুপ্ত যোদ্ধা। পিতাক স্মৰণ কৰিলে বিকৰ্মৰ যি আৱৰ্জনা আছে সেয়া ভস্ম হৈ যায়। পিতাই কয় –পেচাগত কাম-কাজ আদি নিশ্চয় কৰা। পিতাক স্মৰণ কৰা। তোমালোক হৈছা এজন প্ৰেমিকৰ জন্ম-জন্মান্তৰৰ প্ৰেমিকা। এতিয়া সেই প্ৰেমিকক পাইছা সেয়েহে তেওঁক স্মৰণ কৰা। আগতে যদিও স্মৰণ কৰিছিলা কিন্তু বিকৰ্ম জানো বিনাশ হৈছিল। পিতাই শুনাইছে - তোমালোক ইয়াত তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’ব লাগে। আত্মায়ে হ’ব লাগে। আত্মায়ে যত্ন কৰি আছে। এইটো জন্মতে তোমালোকে জন্ম-জন্মান্তৰৰ মলিনতা আঁতৰাব লাগে। এয়া হৈছে মৃত্যুলোকৰ অন্তিম জন্ম আকৌ অমৰলোকলৈ যাব লাগে। আত্মা পাৱন নোহোৱাকৈতো যাব নোৱাৰে। সকলোৱে নিজৰ নিজৰ হিচাপ-নিকাচ নিষ্পত্তি কৰি যাব লাগে। যদি শাস্তি খাই যোৱা তেন্তে পদ কম হৈ যাব। যিসকলে শাস্তি নাখায় তেওঁলোককহে মালাৰ 8 (আঠ) মণি বুলি কোৱা হয়। 9 ৰত্নৰে আঙঠি আদি গঢ়ে। এনেকুৱা হ’বলৈ হ’লে পিতাৰ স্মৃতিত থাকিবলৈ বহুত যত্ন কৰিব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সংগমযুগত নিজকে স্থানান্তৰ কৰিব লাগে। পঢ়া আৰু পৱিত্ৰতাৰ ধাৰণাৰে নিজৰ চৰিত্ৰ শুধৰাব লাগে, ধ্যান আদিৰ ৰুচি ৰাখিব নালাগে।

(2) শৰীৰ নিৰ্বাহৰ অৰ্থে কৰ্মও কৰিব লাগে, টোপনিও যাব লাগে, হঠযোগ নহয়, কিন্তু স্মৃতিৰ যাত্ৰা কেতিয়াও পাহৰিব নালাগে। যোগযুক্ত হৈ এনেকুৱা শুদ্ধ ভোজন ৰান্ধিব আৰু আনক খুৱাব লাগে যাতে যাতে খাওঁতাৰ অন্তৰ শুদ্ধ হৈ যায়।

বৰদান:
নিজৰ সুক্ষ্ম শক্তিসমূহৰ ওপৰত বিজয়ী হওঁতা ৰাজঋষি, স্বৰাজ্য অধিকাৰী আত্মা হোৱা

কৰ্মেন্দ্ৰিয়জিৎ হোৱাতো সহজ কিন্তু মন-বুদ্ধি-সংস্কাৰ - এই সূক্ষ্ম শক্তিসমূ্হৰ ওপৰত বিজয়ী হোৱা - এইটো সূক্ষ্ম অভ্যাস। যি সময়ত যিটো সংকল্প, যি সংস্কাৰ জাগ্ৰত কৰিব খোজা সেয়াই সংকল্প, সেয়াই সংস্কাৰ সহজে ধাৰণ কৰিব পৰা - ইয়াকে সূক্ষ্ম শক্তিসমূহৰ ওপৰত বিজয়ী অৰ্থাৎ ৰাজঋষি স্থিতি বুলি কোৱা হয়। যদি সংকল্প শক্তিক আদেশ দিয়া যে এতিয়াই‌ একাগ্ৰচিত হৈ যোৱা তেতিয়া ৰজাৰ আদেশ সেই সময়তে আদেশ দিয়া অনুসৰিয়ে পালন কৰা – এয়াই হৈছে ৰাজ্য অধিকাৰৰ চিন। এইটো অভ্যাসেৰে অন্তিম কাকতত উত্তীৰ্ণ হ’বা।

স্লোগান:
সেৱাৰ দ্বাৰা যি দোৱা পোৱা যায় সেয়াই সকলোতকৈ শ্ৰেষ্ঠ উপহাৰ।


কৰ্মযোগী হ’বলৈ আজিৰ অব্যক্ত সংকেত:

যেনেকৈ কলা প্ৰদৰ্শন কৰোঁতা কলাকাৰ বা চাৰ্কাচত কাম কৰোঁতাই প্ৰতিটো কৰ্ম কৰি, প্ৰতিটো কৰ্মত নিজৰ কলা-কৌশল প্ৰদৰ্শন কৰে, তেওঁলোকৰ প্ৰতিটো কৰ্ম কলা হৈ যায় তেনেকৈ তোমালোক শ্ৰেষ্ঠ আত্মাসকলে, কৰ্মযোগী, নিৰন্তৰ যোগী, সহজযোগী, ৰাজযোগীসকলে প্ৰতিটো কৰ্ম উপৰাম আৰু স্নেহী হৈ থকাৰ কলাত থাকি কৰা। তোমালোকৰ অলৌকিক কৰ্মৰ কলা চাবলৈ গোটেই বিশ্বৰ আত্মাসকল ইচ্ছুক হৈ আহিব।