08.07.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল – পিতাৰ সমান অপকাৰীসকলৰো উপকাৰ কৰিবলৈ শিকা, নিন্দুককো নিজৰ মিত্ৰ কৰি লোৱা"

প্ৰশ্ন:
পিতাৰ কোনটো দৃষ্টি দৃঢ়? তোমালোক সন্তানসকলে কোনটো দৃষ্টি দৃঢ় কৰিব লাগে?

উত্তৰ:
পিতাৰ দৃষ্টি দৃঢ় যে যিসকল আত্মা আছে সেই সকলোবোৰ মোৰ সন্তান সেই কাৰণে সন্তান সন্তান বুলি কৈ থাকে। তোমালোকে কেতিয়াও কাকো সন্তান বুলি ক’ব নোৱাৰা। তোমালোকে এইটো দৃষ্টি দৃঢ় কৰিব লাগে যে এই আত্মাটি মোৰ ভাই। ভাইক চোৱা, ভাইৰ লগত কথা পাতা, ইয়াৰ দ্বাৰা আত্মিক মৰম থাকিব। আসুৰিক খেয়াল শেষ হৈ যাব। নিন্দা কৰাজনো মিত্ৰ হৈ যাব।

ওঁম্শান্তি।
আত্মিক পিতাই বহি বুজায়। আত্মিক পিতাৰ নাম কি? নিশ্চয় ‘শিৱ’ বুলি ক’ব। তেওঁ সকলোৰে আত্মিক পিতা, তেওঁকে ভগৱান বুলি কোৱা হয়। তোমালোক সন্তানসকলৰ মাজতো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি বুজি পায়। এয়া যি আকাশবাণী বুলি কয়, এতিয়া আকাশবাণী কাৰ? শিৱবাবাৰ। এই মুখখনক আকাশ তত্ব বুলি কোৱা হয়। আকাশ তত্বৰ পৰাতো বাণী সকলো মনুষ্যই উচ্চাৰণ কৰে। যিসকল আত্মা আছে, নিজৰ পিতাক পাহৰি গ’ল। অনেক প্ৰকাৰৰ গায়ন কৰি থাকে। একোৱেই নাজানে। গায়নো ইয়াতেই কৰে। সুখত কোনেও পিতাক স্মৰণ নকৰে। সকলো কামনা তাত পূৰা হৈ যায়। ইয়াত বহুত কামনা থাকে। বৰষুণ নহ’লে যজ্ঞ ৰচে। এনেকুৱা নহয় যে সদায় যজ্ঞ ৰচিলে বৰষুণ হয়। নহয়, যদিও যজ্ঞ কৰে কৰ’বাত আকৌ খৰাঙো হয়, কিন্তু যজ্ঞ কৰিলে একো নহয়। এয়াতো হৈছে ড্ৰামা। বিপদ যি আহিবলগীয়া থাকে সেয়া আহিয়েই থাকে। কিমান অনেক মনুষ্যৰ মৃত্যু হয়, কিমান জীৱ-জন্তু আদি মৰে। মনুষ্য কিমান দুখী হৈ যায়। বৰষুণ বন্ধ কৰিবলৈও যজ্ঞ আছে নেকি? যেতিয়া একেবাৰে মুষলধাৰে বৰষুণ হ’ব তেতিয়া যজ্ঞ কৰিবনে? এই সকলো কথা এতিয়া তোমালোকে বুজি পোৱা, অন্যই কি জানে।

পিতাই নিজেই বহি বুজায়, মনুষ্যই পিতাৰ মহিমাও কৰে আৰু গালিও দিয়ে। বিস্ময়কৰ, বাবাৰ গ্লানি কেতিয়াৰ পৰা আৰম্ভ হ’ল? যেতিয়াৰ পৰা ৰাৱণৰ ৰাজ্য আৰম্ভ হৈছে। মুখ্য গ্লানি হৈছে ঈশ্বৰক সৰ্বব্যাপি বুলি কৈছে, ইয়াৰ পৰাই অধঃপতন হ’ল। গায়নো আছে নিন্দা যিয়ে কৰে তেৱেঁই আমাৰ মিত্ৰ। এতিয়া সকলোতকৈ অধিক গ্লানি কোনে কৰিলে? তোমালোক সন্তানসকলে। এতিয়া পুনৰ মিত্ৰও তোমালোকেই হোৱা। এনেয়েতো গ্লানি গোটেই জগতে কৰে। তাৰ ভিতৰতো এক নম্বৰ হৈছা তোমালোক আকৌ মিত্ৰও তোমালোকেই হোৱা। সন্তানসকল হৈছে অতি অন্তৰংগ মিত্ৰ। বেহদৰ পিতাই কয় - মোৰ নিন্দা তোমালোক সন্তানসকলে কৰিলা। অপকাৰীও তোমালোক সন্তানসকলেই হোৱা। ড্ৰামা কেনেকৈ ৰচি থোৱা আছে। এয়া হৈছে বিচাৰ সাগৰ মন্থন কৰিবলগীয়া কথা। বিচাৰ সাগৰ মন্থনৰ কিমান অৰ্থ ওলায়। কোনেও বুজি নাপায়। পিতাই কয় - তোমালোক সন্তানসকলে পঢ়ি উপকাৰ কৰা। গায়নো আছে যদা-যদাহি… ভাৰতৰ কথা। খেল চোৱা কেনেকুৱা! শিৱ জয়ন্তী অথবা শিৱৰাত্ৰিও পালন কৰে। বাস্তৱত অৱতাৰ এটাই। অৱতাৰকো পাথৰ-শিলগুটিত বুলি কৈ দিছে। পিতাই আপত্তি কৰে। গীতা পাঠকসকলে শ্লোক পঢ়ে কিন্তু কয় - আমি গম নাপাওঁ।

তোমালোকেই হৈছা অতি মৰমৰ সন্তান। কাৰোবাৰ লগত কথা পাতিলে “সন্তান সন্তান” বুলি কৈ থাকিব। পিতাৰতো সেইটো দৃষ্টি দৃঢ় হৈ গৈছে। সকলো আত্মা মোৰ সন্তান। তোমালোকৰ মাজত এজনো নোলাব যাৰ মুখত ‘সন্তান’ শব্দটি উচ্চাৰিত হ’ব। এইটো জানা যে কোনে কি মৰ্যাদাৰ পদ পাব, কি হয়। সকলো হৈছে আত্মা। এয়াও ড্ৰামা ৰচি থোৱা আছে, সেই কাৰণে একো দুখ-আনন্দ নহয়। সকলো মোৰ সন্তান। কোনোবাই মেতৰৰ শৰীৰ ধাৰণ কৰিলে, কোনোবাই অমুকৰ শৰীৰ ধাৰণ কৰিলে। সন্তান সন্তান বুলি কোৱাতো অভ্যাস হৈ গ’ল। বাবাৰ দৃষ্টিত সকলো আত্মা। তাৰ ভিতৰতো গৰিবসকলক বহুত ভাল লাগে কিয়নো ড্ৰামা অনুসৰি তেওঁলোকে বহুত গ্লানি কৰিছে। এতিয়া মোৰ ওচৰলৈ আহিছে। কেৱল এই লক্ষ্মী-নাৰায়ণ যাৰ কেতিয়াও গ্লানি কৰা নহয়। শ্ৰীকৃষ্ণৰো বহুত গ্লানি কৰিলে। আচৰিত নহয় জানো। শ্ৰীকৃষ্ণই আকৌ যেতিয়া ডাঙৰ হৈ গ’ল তেতিয়া তেওঁৰ গ্লানি নাই। এই জ্ঞান কিমান বিচিত্ৰ। এনেকুৱা গূঢ় কথা কোনোবাই জানো বুজিব পাৰে, ইয়াৰ বাবে সোণৰ পাত্ৰ (পৱিত্ৰ বুদ্ধি) লাগে। সেয়া স্মৃতিৰ যাত্ৰাৰে হ’ব পাৰে। ইয়াত বহিও জানো যথাৰ্থভাৱে স্মৰণ কৰে! এইটো বুজি নাপায় যে মই এটি সূক্ষ্ম আত্মা, স্মৰণো বুদ্ধিৰে কৰিব লাগে। এয়া বুদ্ধিত উদয় নহয়। সূক্ষ্ম আত্মা তেওঁ আমাৰ পিতাও হয়, শিক্ষকো হয়, এইটো বুদ্ধিত উদয় হোৱাটোও অসম্ভৱ হৈ যায়। বাবা বাবা বুলিতো কয়, দুখত সকলোৱে স্মৰণ কৰে। ভগৱানুবানে কয় নহয় - দুখত সকলোৱে স্মৰণ কৰে, সুখত কোনেও নকৰে। দৰকাৰেই নাই স্মৰণ কৰাৰ। ইয়াত ইমান দুখ বিপদ আদি আহে, স্মৰণ কৰে হে ভগৱান দয়া কৰক, কৃপা কৰক। এতিয়া সন্তান হৈ যোৱাৰ পাছতো লিখে - কৃপা কৰক, শক্তি দিয়ক, দয়া কৰক। বাবাই লিখে - শক্তি নিজেই যোগবলৰ দ্বাৰা লোৱা। নিজৰ ওপৰত নিজেই কৃপা, দয়া কৰা। নিজক নিজে ৰাজতিলক দিয়া। যুক্তি (উপায়) শুনাওঁ - কেনেকৈ সেয়া কৰিব পাৰা। শিক্ষকে পঢ়াৰ যুক্তি শুনায়। বিদ্যাৰ্থীৰ কাম হৈছে পঢ়া, নিৰ্দেশনা মতে চলা। শিক্ষক জানো গুৰু হয় যে কৃপা আশীৰ্বাদ কৰিব। যিসকল ভাল সন্তান হ’ব তেওঁলোকে দৌৰ লগাব। প্ৰত্যেকেই স্বতন্ত্ৰ, যিমান দৌৰ লগাব বিচৰা লগোৱা। স্মৃতিৰ যাত্ৰাই হৈছে দৌৰ।

প্ৰত্যেক আত্মাই স্বাধীন। ভাই-ভনীৰ সম্বন্ধৰ পৰাও মুক্ত কৰি দিলে। ভাই ভাই বুলি বুজা তথাপিও আসুৰিক দৃষ্টি আঁতৰি নাযায়। চকুৱে নিজৰ কাম কৰি থাকে। এই সময়ত মনুষ্যৰ সকলো ইন্দ্ৰিয় আসুৰিক। কাৰোবাক ভৰিৰে লঠিওৱা, ঘোচা মাৰি দিয়া তেন্তে আসুৰিক ইন্দ্ৰিয় নহ’ল জানো। প্ৰতিটো ইন্দ্ৰিয়ই আসুৰিক। তাত কোনো ইন্দ্ৰিয়ই আসুৰিক নহ’ব। ইয়াত প্ৰতিটো ইন্দ্ৰিয়ৰ দ্বাৰা আসুৰিক কাম কৰি থাকে। সকলোতকৈ অধিক আসুৰিক ইন্দ্ৰিয় কোনটো? চকু। বিকাৰৰ আশা পূৰণ নহ’লে তেতিয়া হাত চলাবলৈ লাগি যায়। সৰ্ব-প্ৰথমে হৈছে চকু। সেই কাৰণে সুৰদাসৰো কাহিনী আছে। শিৱবাবাইতো কোনো শাস্ত্ৰ পঢ়া নাই। এই ৰথখনে পঢ়িছে। শিৱবাবাকতো জ্ঞানৰ সাগৰ বুলি কোৱা হয়। এয়া তোমালোকে বুজি পোৱা যে শিৱবাবাই কোনো কিতাপ আদি নলয়। মইতো জ্ঞানৰ সাগৰ, বীজ ৰূপ হওঁ। এয়া হৈছে সৃষ্টি ৰূপী বৃক্ষ, তাৰ ৰচয়িতা হৈছে পিতা, বীজ। বাবাই বুজায় - মোৰ নিবাস স্থান হৈছে মুললোক। এতিয়া মই এই দেহত বিৰাজমান হৈ আছোঁ আৰু অন্য কোনেও ক’ব নোৱাৰে যে মই এই মনুষ্য সৃষ্টিৰ বীজৰূপ হওঁ। মই পৰমপিতা পৰমাত্মা হওঁ, এনেকৈ কোনেও ক’ব নোৱাৰে। বিচাৰ বুদ্ধি সম্পন্ন কোনোবা ভাল সন্তান হ’লে, তেওঁক যদি কোনোবাই কয় যে ঈশ্বৰ সৰ্বব্যাপি তেতিয়া তৎক্ষণাৎ সুধিব কি আপুনিও ঈশ্বৰ নেকি? আপুনি অল্লাহ-গোঁসাই নেকি? হ’ব নোৱাৰে। কিন্তু এই সময়ত কোনো বিচাৰ বুদ্ধি সম্পন্ন নাই। আল্লাকো নাজানে, নিজেই কয় - মই আল্লা। সেয়াও ইংৰাজীত কয় ‘অমনীপ্ৰেজেণ্ট’ (সৰ্বব্যাপি)। অৰ্থ বুজিলে কেতিয়াও তেনেকৈ নকয়। সন্তানসকলে এতিয়া জানে যে শিৱবাবাৰ জয়ন্তী তথা নতুন বিশ্বৰ জয়ন্তী। তাত পৱিত্ৰতা-সুখ-শান্তি সকলো আহি যায়। শিৱজয়ন্তী তথা শ্ৰীকৃষ্ণ জয়ন্তী তথা দশহৰা জয়ন্তী। শিৱজয়ন্তী তথা দীপমালা জয়ন্তী, শিৱজয়ন্তী তথা স্বৰ্গ জয়ন্তী। সকলো জয়ন্তী আহি যায়। এই সকলো নতুন কথা পিতাই বহি বুজায়। শিৱজয়ন্তী তথা শিৱালয় জয়ন্তী, বেশ্যালয় মৰন্তী। সকলো নতুন কথা পিতাই বহি বুজায়। শিৱজয়ন্তী তথা নতুন বিশ্বৰ জয়ন্তী। বিচাৰে নহয় যে বিশ্বত শান্তি হওঁক। তোমালোকে যিমানে ভালকৈ নুবুজোৱা, জাগি নুঠেই। অজ্ঞান আন্ধাৰত শুই আছে নহয়। ভক্তি কৰি ছিৰি অৱনমিত হৈ গৈ থাকে। পিতাই কয় - মই আহি সকলোৰে সৎগতি কৰোঁ। স্বৰ্গ আৰু নৰকৰ ৰহস্য পিতাই তোমালোক সন্তানসকলক বুজায়। বাতৰিকাকতত যিয়ে তোমালোকৰ গ্লানি কৰে তেওঁলোকক লিখি দিয়া উচিত - যিয়ে আমাৰ নিন্দা কৰে তেৱেঁই আমাৰ মিত্ৰ। আপোনালোকৰো সৎগতি আমি নিশ্চয় কৰিম, যিমান বিচাৰে সিমান গালি দিয়ক। ঈশ্বৰৰ গ্লানি কৰে, গতিকে আমাৰ কৰিলেনো কি হ’ল। আপোনালোকৰ সৎগতি আমি নিশ্চয় কৰিম। নিবিচাৰিলেও নাকত ধৰি লৈ যাম। ভয় কৰাৰ কোনো কথা নাই, যি কৰে কল্প পূৰ্বেও কৰিছিল। আমি বি.কে.সকলেতো সকলোৰে সৎগতি কৰিম। ভালকৈ বুজাব লাগে। অৱলাসকলৰ ওপৰত অত্যাচাৰ পূৰ্বেও হৈছিল, এইটো কথা সন্তানসকলে পাহৰি যায়। পিতাই কয় - বেহদৰ সকলো সন্তানে মোৰ গ্লানি কৰে। সকলোতকৈ মৰমৰ মিত্ৰ সন্তানসকলেই হয়। সন্তানতো ফুল হয়। পিতৃ-মাতৃয়ে সন্তানক চুম্বন কৰে, শিৰত তুলি লয়, তেওঁলোকৰ সেৱা কৰে। বাবায়ো তোমালোক সন্তানসকলৰ সেৱা কৰে।

এতিয়া তোমালোকে এই জ্ঞান প্ৰাপ্ত কৰিছা, যি তোমালোকে লগত লৈ যাবা। যিয়ে গ্ৰহণ নকৰে তেওঁলোকৰো ড্ৰামাত ভূমিকা আছে। হিচাপ-নিকাচ নিষ্পত্তি কৰি ঘৰলৈ গুচি যায়। স্বৰ্গতো দেখিবলৈ নাপাব। সকলোৱে জানো স্বৰ্গ দেখিবলৈ পাব। এইখন ড্ৰামা ৰচি থোৱা আছে। বহুত পাপ কৰে, আহিবও দেৰিকৈ। তমোপ্ৰধানসকল বহুত দেৰিকৈ আহিব। এইটো ৰহস্যও বহুত ভালকৈ বুজিব লাগে। ভাল ভাল মহাৰথী সন্তানসকলৰ ওপৰতো গ্ৰহচাৰী বহে তেতিয়া তৎক্ষণাৎ ক্ৰোধ আহি যায় আকৌ চিঠিও নিলিখে। বাবায়ো কয় যে তেওঁৰ মুৰুলী বন্ধ কৰি দিয়া। এনেকুৱা সন্তানক পিতাৰ সম্পদ দি কি লাভ। আকৌ কাৰোবাৰ চকু মুকলি হ’লে তেতিয়া ক’ব ভুল হৈ গ’ল। কিছুমানেতো ভ্ৰূক্ষেপেই নকৰে। ইমান গাফিলতি কৰিব নালাগে। এনেকুৱা বহুত আছে, পিতাকো স্মৰণো নকৰে, কাকো নিজৰ সমান কৰিও নোতোলে। নহ’লেতো বাবাক লিখিব লাগে- বাবা, মই প্ৰতিটো ক্ষণতে আপোনাক স্মৰণ কৰোঁ। কিছুমানতো আকৌ এনেকুৱা আছে যে সকলোৰে নাম লিখি দিয়ে - অমুকক মোৰ স্মৃতি দিবা, এয়া জানো সঁচা স্মৃতি। মিছা চলিব নোৱাৰে। অন্তৰ দহি থাকিব। সন্তানসকলকতো ভাল ভাল সাৰ কথা বুজাই থাকে। দিনে-প্ৰতিদিনে বাবাই গূঢ় কথা বুজাই থাকে। দুখৰ পাহাৰ খহিবলগীয়া আছে। সত্যযুগত দুখৰ নামেই নাই। এতিয়া হৈছে ৰাৱণৰাজ্য। মাইচ’ৰৰ ৰজায়ো ৰাৱণ আদি সাজি দশহৰা বহুত পালন কৰে। ৰামক ভগৱান বুলি কয়। ৰামৰ সীতা চুৰি হৈ গ’ল। এতিয়া ৰামতো সৰ্বশক্তিমান, তেওঁৰ চুৰি কেনেকৈ হ’ব পাৰে। এয়া সকলো হৈছে অন্ধশ্ৰদ্ধা। এই সময়ত প্ৰত্যেকৰে মাজত 5 বিকাৰ ৰূপী মলিনতা আছে। আকৌ ভগৱানক সৰ্বব্যাপি বুলি কোৱাটো হৈছে বহুত ডাঙৰ ভুল, সেয়েহে পিতাই কয় - যদা যদাহি…। মই আহি সত্যখণ্ড, সত্যধৰ্ম প্ৰতিষ্ঠা কৰোঁ। সত্যযুগক সত্যখণ্ড, কলিযুগক অসত্য খণ্ড বুলি কোৱা হয়। এতিয়া পিতাই অসত্য খণ্ডক সত্যখণ্ড কৰি তোলে। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই গূঢ় বা বিচিত্ৰ জ্ঞান বুজিবলৈ বুদ্ধিক স্মৃতিৰ যাত্ৰাৰে সোণৰ পাত্ৰ কৰি তুলিব লাগে। স্মৃতিৰ দৌৰ লগাব লাগে।

(2) পিতাৰ নিৰ্দেশনা অনুসৰি চলি, মনোযোগেৰে পাঠ পঢ়ি নিজৰ ওপৰত নিজেই কৃপা বা আশীৰ্বাদ কৰিব লাগে, নিজক ৰাজতিলক দিব লাগে। নিন্দুকজনকো নিজৰ মিত্ৰ বুলি বুজি তেওঁৰো সৎগতি কৰিব লাগে।

বৰদান:
ওপৰৰ পৰা অৱতৰিত হৈ অৱতাৰ বুলি বুজি সেৱা কৰোঁতা সাক্ষাৎকাৰ মূৰ্ত হোৱা

যেনেকৈ পিতা সেৱাৰ কাৰণে সূক্ষ্মলোকৰ পৰা তললৈ আহে, তেনেকৈ আমিও সেৱাৰ বাবে সূক্ষ্মলোকৰ পৰা আহিছোঁ, এনেকৈ অনুভৱ কৰি সেৱা কৰা তেতিয়া সদায় উপৰাম আৰু পিতাৰ সমান বিশ্বৰ স্নেহী হৈ যাবা। ওপৰৰ পৰা তললৈ অহা মানে অৱতাৰ বুলি বুজি অৱতৰিত হৈ সেৱা কৰা। সকলোৱে বিচাৰে যে অৱতাৰ আহক আৰু আমাক লগত লৈ যাওঁক। সঁচা অৱতাৰ হৈছা তোমালোক যিয়ে সকলোকে লগত মুক্তিধামলৈ লৈ যাব। যেতিয়া অৱতাৰ বুলি বুজি সেৱা কৰিবা তেতিয়া সাক্ষাৎকাৰ মূৰ্ত হ’বা আৰু অনেকৰ ইচ্ছা পূৰ্ণ হ’ব।

স্লোগান:
তোমালোকক কোনোবাই ভালেই দিয়ক বা বেয়াই দিয়ক, তোমালোকে সকলোকে স্নেহ দিয়া, সহযোগ দিয়া, দয়া কৰা।


পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

কোনোবা যেনেকুৱাই আত্মা সম্পৰ্কত নাহক – সতোগুণীয়ে হওঁক বা তমোগুণীয়ে হওঁক সকলোৰে প্ৰতি শুভ চিন্তক অৰ্থাৎ অপকাৰীৰো উপকাৰ কৰোঁতা। কেতিয়াও কোনো আত্মাৰ প্ৰতি ঘৃণাৰ দৃষ্টি যাতে নাথাকে, কিয়নো জানা যে এওঁ অজ্ঞানতাৰ বশীভূত অৰ্থাৎ অবোধ সন্তান। অবোধ সন্তানৰ কোনো কৰ্মৰ প্ৰতি ঘৃণা নজন্মে, তেওঁৰ প্ৰতি দয়া বা স্নেহহে জাগিব।।