08.07.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকৰ এই জীৱন বহুত অমূল্য, কিয়নো তোমালোকে শ্ৰীমতত বিশ্বৰ সেৱা কৰা, এই নৰকক
স্বৰ্গ কৰি তোলা”
প্ৰশ্ন:
আনন্দ নোহোৱা
হৈ যোৱাৰ কাৰণ তথা তাৰ নিবাৰণ কি?
উত্তৰ:
আনন্দ নোহোৱা হৈ যায় - 1) দেহ-অভিমানত অহাৰ কাৰণে, 2) অন্তৰত যেতিয়া কিবা শংকা
উৎপন্ন হৈ যায় তেতিয়াও আনন্দ নোহোৱা হৈ যায় সেইবাবে বাবাই ৰায় দিয়ে, যেতিয়াই কোনো
শংকা উৎপন্ন হয় তেতিয়া লগে লগে বাবাক সুধিবা। দেহী-অভিমানী হৈ থকাৰ অভ্যাস কৰা
তেতিয়া সদায় আনন্দিত হৈ থাকিবা।
ওঁম্শান্তি।
উচ্চতকৈও উচ্চ
ভগৱান আকৌ ভগৱানে সন্তানসকলৰ সন্মুখত কয় - মই তোমালোকক উচ্চতকৈও উচ্চ কৰি গঢ়ি তোলোঁ
গতিকে তোমালোক সন্তানসকল কিমান আনন্দিত হৈ থকা উচিত। বুজিও পোৱা যে বাবাই আমাক
গোটেই বিশ্বৰ মালিক কৰি তোলে। মনুষ্যই কয় - পৰমপিতা পৰমাত্মা উচ্চতকৈও উচ্চ। পিতাই
নিজেই কয় - মইতো বিশ্বৰ মালিক নহওঁ। ভগৱানুবাচ - মোক মনুষ্যই উচ্চতকৈও উচ্চ ভগৱান
বুলি কয় আৰু মই কওঁ যে মোৰ সন্তানসকল উচ্চতকৈও উচ্চ। প্ৰমাণ কৰি কওঁ। পুৰুষাৰ্থও
ড্ৰামা অনুসৰি কৰাওঁ, কল্প পূৰ্বে কৰোৱাৰ দৰেই। পিতাই বুজাই থাকে, যিকোনো কথা
নুবুজিলে সুধিবা। মনুষ্যইতো একোৱেই নাজানে। সৃষ্টি কি, বৈকুণ্ঠ কি। যদিওবা অনেক
নৱাব, মোগল আদি হৈ গ’ল, আমেৰিকাতো কিমান ধনী ব্যক্তি আছে কিন্তু এই লক্ষ্মী-নাৰায়ণৰ
নিচিনাতো হ’ব নোৱাৰে। তেওঁলোকেতো ‘হোৱাইট হাউচ’ আদি নিৰ্মাণ কৰে কিন্তু তাততো (স্বৰ্গত)
ৰত্ন খোদিত সোণৰ মহল নিৰ্মাণ কৰে। তাক কোৱাই হয় সুখধাম। তোমালোকৰেই নায়ক-নায়িকাৰ
ভূমিকা। তোমালোক হীৰা হৈ যোৱা। স্বৰ্ণীম যুগ আছিল। এতিয়া হৈছে লৌহ যুগ। পিতাই কয় -
তোমালোক কিমান ভাগ্যশালী। ভগৱানে স্বয়ং বহি বুজায় গতিকে তোমালোক কিমান আনন্দিত হৈ
থাকিব লাগে। তোমালোকৰ এই পঢ়া হৈছেই নতুন সৃষ্টিৰ বাবে। তোমালোকৰ এইটো জীৱন বহুত
অমূল্য কিয়নো তোমালোকে বিশ্বৰ সেৱা কৰা। পিতাক আহ্বানেই জনায় যে আহি নৰকক স্বৰ্গ কৰি
গঢ়ি তোলক। স্বৰ্গ স্থাপনা কৰোঁতা ঈশ্বৰ পিতা বুলি কয় নহয়। পিতাই কয় - তোমালোক
স্বৰ্গত আছিলা নহয়, এতিয়া নৰকত আছা। আকৌ স্বৰ্গত থাকিবাগৈ। নৰক আৰম্ভ হয়, তেতিয়া আকৌ
স্বৰ্গৰ কথাবোৰ পাহৰি যায়। এয়াতো তথাপিও হ’ব। তথাপিও তোমালোক স্বৰ্ণীমযুগৰ পৰা
লৌহযুগত নিশ্চয় আহিব লাগে। বাবাই বাৰে বাৰে সন্তানসকলক কয় - অন্তৰত যদিহে কোনো ধৰণৰ
শংকা থাকে, যাৰ কাৰণে আনন্দ নোহোৱা হয় তেন্তে সেয়া ব্যক্ত কৰা। পিতাই বহি পঢ়ায় গতিকে
পঢ়িবও লাগে নহয়। আনন্দ নোহোৱা হয় কিয়নো তোমালোক দেহ-অভিমানত আহি যোৱা। আনন্দিত হ’বতো
লাগে নহয়। পিতাতো হৈছে কেৱল ব্ৰহ্মাণ্ডৰ মালিক, তোমালোকতো বিশ্বৰো মালিক হৈ যোৱা।
যদিও পিতাক ৰচয়িতা বুলি কোৱা হয় তথাপিও এনেকুৱা নহয় যে প্ৰলয় হৈ যায় তাৰ পাছত নতুন
সৃষ্টি ৰচনা কৰে। নহয়, পিতাই কয় - মই কেৱল পুৰণিক নতুন কৰি তোলোঁ। পুৰণি সৃষ্টিৰ
বিনাশ কৰাওঁ। তোমালোকক নতুন সৃষ্টিৰ মালিক কৰি তোলোঁ। মই একো নকৰোঁ। এয়াও ড্ৰামাত
নিৰ্ধাৰিত হৈ আছে। পতিত সৃষ্টিলৈকেই মোক আহ্বান জনায়। পাৰসনাথ কৰি গঢ়ি তোলোঁ। গতিকে
সন্তানসকল নিজেই পাৰসপুৰীলৈ আহি যায়। তালৈকেতো মোক কেতিয়াও আহ্বানেই নজনায়। কেতিয়াবা
আহ্বান জনোৱানে যে বাবা, পাৰসপুৰীলৈ আহি অলপ দেখাতো দিয়ক। আহ্বানেই নজনোৱা। গায়নো
আছে যে দুখত সকলোৱে আহ্বান জনায়, পতিত সৃষ্টিত স্মৰণ কৰে, সুখত কোনেও নকৰে। স্মৰণো
নকৰে, আহ্বানো নজনায়। কেৱল দ্বাপৰত মন্দিৰ সাজি তাত মোক ৰাখি দিয়ে। পূজা কৰিবৰ কাৰণে
পাথৰৰ নহ’লে বা হীৰাৰ লিঙ্গ সাজি ৰাখি দিয়ে, কিমান আচৰিত কথা। ভালদৰে কাণ খুলি (মনোযোগ
দি) শুনিব লাগে। কাণো পৱিত্ৰ কৰি তুলিব লাগে। প্ৰথমতে পৱিত্ৰতা। কোৱা হয় – সিংহীৰ
গাখীৰ সোণৰ পাত্ৰতহে ৰাখিব পাৰি। ইয়াতো পৱিত্ৰতা থাকিলেহে ধাৰণা হ’ব। পিতাই কয় -
কাম মহাশত্ৰু, ইয়াৰ ওপৰত বিজয়ী হ’ব লাগে। তোমালোকৰ এইটো অন্তিম জন্ম। এয়াও তোমালোকে
জানা, এয়া সেয়াই মহাভাৰতৰ যুদ্ধ। কল্পই কল্পই যেনেকৈ বিনাশ হৈছে, ড্ৰামা অনুসাৰে
হুবহু এতিয়াও হ’ব।
তোমালোক সন্তানসকলে
স্বৰ্গত পুনৰ নিজৰ মহল সাজিব লাগে। কল্প পূৰ্বে যেনেকৈ সাজিছিলা। স্বৰ্গক কোৱাই হয়
‘পেৰাডাইজ্’। পুৰাণৰ পৰা ‘পেৰাডাইজ্’ শব্দটি ওলাইছে। কোৱা হয় মানস সৰোবৰত পৰীসকল
আছিল। তাত কোনোৱে বুৰ মাৰিলে পৰী হৈ গৈছিল। বাস্তৱত হৈছে জ্ঞান মান সৰোবৰ। তাত
তোমালোক কিহ’ৰ পৰা কি হৈ যোৱা। শোভনীয়সকলক পৰী বুলি কোৱা হয়, এনেকুৱা নহয় যে পাখি
লগা কোনোবা পৰী থাকে। যেনেকৈ তোমালোক পাণ্ডৱসকলক মহাবীৰ বুলি কোৱা হয়, তেওঁলোকে আকৌ
পাণ্ডৱসকলৰ ডাঙৰ ডাঙৰ চিত্ৰ, গুহা আদি দেখুৱাই দিলে। ভক্তিমাৰ্গত কিমান পইচা নষ্ট
কৰে। পিতাই কয় - মইতো সন্তানসকলক কিমান চহকী কৰি তোলোঁ। তোমালোকে ইমানখিনি পইচা ক’ত
কি কৰিলা। ভাৰত কিমান চহকী আছিল। এতিয়া ভাৰতৰ কি অৱস্থা। যি 100 শতাংশ চহকী আছিল,
এতিয়া 100 শতাংশ কঙাল হৈ গ’’ল। এতিয়া তোমালোক সন্তানসকলে কিমান প্ৰস্তুতি চলাব লাগে।
সন্তান আদিকো ইয়াকেই বুজাব লাগে যে শিববাবাক স্মৰণ কৰা। তোমালোক শ্ৰীকৃষ্ণৰ নিচিনা
হ’বা, শ্ৰীকৃষ্ণ কেনেকৈ হ'ল, এয়া কোনোবাই কি জানে। পূৰ্বৰ জন্মত শিববাবাক স্মৰণ
কৰিহে শ্ৰীকৃষ্ণ হ'ল। সেয়েহে তোমালোক সন্তানসকল কিমান আনন্দিত হৈ থাকিব লাগে। কিন্তু
অপাৰ আনন্দিত হৈ সেইসকলেই থাকিব যিসকল সদায় আনৰ সেৱাত ব্ৰতী হৈ থাকে। মুখ্য কথাবোৰ
ধাৰণ কৰি চাল-চলন বহুত মৰ্যাদাপূৰ্বক হ’ব লাগে। খোৱা-বোৱা বহুত সুন্দৰ হ’ব লাগে।
তোমালোক সন্তানসকলৰ ওচৰলৈ যেতিয়া কোনোবা আহে তেতিয়া তেওঁলোকক সকলো প্ৰকাৰেৰে সেৱা
আগবঢ়াব লাগে। স্থূল সেৱাও লগতে সূক্ষ্ম সেৱাও। শাৰীৰিক-আত্মিক দুয়োধৰণেৰে কৰিলে
বহুত আনন্দিত হ’ব। কোনোবা আহিলে তেওঁক তোমালোকে সঁচা সত্য-নাৰায়ণৰ কাহিনী শুনোৱা।
শাস্ত্ৰবোৰততো কি কি কাহিনী লিখি দিছে। বিষ্ণুৰ নাভিৰ পৰা ব্ৰহ্মাৰ আবিৰ্ভাৱ হ’ল আকৌ
ব্ৰহ্মাৰ হাতত শাস্ত্ৰ দি দিলে। এতিয়া বিষ্ণুৰ নাভিৰ পৰা ব্ৰহ্মাৰ আবিৰ্ভাৱ কেনেকৈ
হ'ল, কিমান ৰহস্যময় কথা। আৰু কোনেও এই কথাবোৰ একোৱে বুজিব নোৱাৰে। নাভিৰ পৰা
আবিৰ্ভাৱ হোৱাৰতো কোনো কথাই নাই। ব্ৰহ্মাৰ পৰা বিষ্ণু, বিষ্ণুৰ পৰা ব্ৰহ্মা হয়।
ব্ৰহ্মাৰ পৰা বিষ্ণু হ’বলৈ চেকেণ্ডৰ প্ৰয়োজন। চেকেণ্ডত জীৱনমুক্তি বুলি কোৱা হয়।
পিতাই সাক্ষাৎকাৰ কৰালে, তুমি বিষ্ণুৰ ৰূপ হোৱা। চেকেণ্ডত নিশ্চয়তা জন্মি গ'ল।
বিনাশৰ সাক্ষাৎকাৰো হ'ল, নহ’লেতো কলিকতাত একেবাৰে ৰাজকীয় আদব-কায়দাৰে আছিল, কোনো
অসুবিধা নাছিল। বৰ ৰাজকীয়তাৰে আছিল। এতিয়া পিতাই তোমালোকক এই জ্ঞান ৰত্নৰ বেপাৰ
শিকায়। সেই বেপাৰতো ইয়াৰ তুলনাত একোৱেই নহয়। কিন্তু এওঁৰ ভূমিকা আৰু তোমালোকৰ
ভূমিকাৰ মাজত পাৰ্থক্য আছে। বাবা (শিৱবাবা) এওঁৰ (ব্ৰহ্মাবাবাৰ) শৰীৰত প্ৰৱেশ কৰিলে
আৰু এওঁ তৎক্ষণাৎ সকলো ত্যাগ কৰি দিলে। ভাতী তৈয়াৰ হ’বলগীয়া আছিল। তোমালোকেও সকলো
ত্যাগ কৰিলা। নদী পাৰ হৈ আহি এই ভাতীত বহিলা। কি কি হ'ল, কাৰোলৈ ভ্ৰূক্ষেপ নাই।
এনেকৈ কয় যে শ্ৰীকৃষ্ণই পলুৱাই নিলে! কিয় পলুৱাই নিলে? তেওঁলোকক পাটৰাণী কৰিবলৈ। এই
ভাতীও তৈয়াৰ হ'ল, তোমালোক সন্তানসকলক স্বৰ্গৰ মহাৰাণী কৰিবৰ কাৰণে। শাস্ত্ৰবোৰততো
কি কি লিখি দিছে, বাস্তৱত কি কি হয়। সেয়া তোমালোকে এতিয়া বুজি পোৱা। পলুৱাই নিয়াৰ
কথা নাই। কল্প পূৰ্বেও গালি খাইছিল। নাম বদনাম হৈছিল। এয়াতো হৈছে ড্ৰামা, যি কিছু
হয় সেয়া কল্পৰ পূৰ্বৰ দৰে।
এতিয়া তোমালোকে ভালদৰে
জানা যে কল্প পূৰ্বে যিসকলে ৰাজ্য লৈছিল তেওঁলোক নিশ্চয় আহিব। পিতাই কয় - ময়ো কল্পই
কল্পই আহি ভাৰতক স্বৰ্গ কৰি তোলোঁ। পূৰা 84 জন্মৰ হিচাপ শুনাইছোঁ। সত্যযুগত তোমালোক
অমৰ হৈ থাকা। তাত অকাল মৃত্যু নহয়। শিৱবাবাই কালৰ ওপৰত বিজয় প্ৰাপ্ত কৰায়। তেওঁ কয়
- মই কালৰো কাল। কথাও (কাহিনী) আছে নহয়। তোমালোক কালৰ ওপৰত বিজয়ী হোৱা। তোমালোক
অমৰলোকলৈ যোৱা। অমৰলোকত উচ্চ পদ প্ৰাপ্ত কৰিবলৈ হ’লে প্ৰথমে পৱিত্ৰ হ’ব লাগে,
দ্বিতীয়তে দৈৱী গুণ ধাৰণ কৰিব লাগে। নিতৌ নিজৰ খতিয়ান ৰাখা। ৰাৱণৰ দ্বাৰা তোমালোকৰ
লোকচান হ’ল। মোৰ দ্বাৰা লাভ হয়। বেপাৰীসকলে এই কথাবোৰ ভালকৈ বুজিব। এয়া হৈছে জ্ঞান
ৰত্ন। কোনোবা বিৰল বেপাৰীয়েহে এওঁৰ সৈতে বেপাৰ কৰিব। তোমালোক বেপাৰ কৰিবলৈ আহিছা।
কোনোৱেতো যথা ৰীতি বেপাৰ কৰি 21 জন্মৰ কাৰণে স্বৰ্গৰ চুক্তি কৰি লয়। 21 জন্মনো কি
50-60 জন্মলৈ তোমালোক বহুত সুখী হৈ থাকা। পদমপতি হোৱা। দেৱতাসকলৰ পদযুগলত পদুম ফুল
দেখুৱায় নহয়। অর্থ বুজি পায় জানো। তোমালোক এতিয়া পদমপতি হৈ আছা। তেন্তে তোমালোক
কিমান আনন্দিত হোৱা উচিত। পিতাই কয় - মই কিমান সাধাৰণ। তোমালোক সন্তানসকলক স্বৰ্গলৈ
লৈ যাবলৈ আহিছোঁ। আহ্বানো জনোৱা হে পতিত-পাবন আহক, আহি পাৱন কৰি তোলক। পাৱন থাকেই
সুখধামত। শান্তিধামৰতো কোনো ইতিহাস-ভূগোল থাকিব নোৱাৰে। সেয়াতো আত্মাসকলৰ বৃক্ষ।
সূক্ষ্মলোকৰো কোনো কথাই নাই। বাকী এই সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে সেয়া তোমালোকে জানি
গ’লা। সত্যযুগত লক্ষ্মী-নাৰায়ণৰ কুল আছিল। এনেকুৱা নহয় যে কেৱল এযোৰা
লক্ষ্মী-নাৰায়ণে ৰাজত্ব কৰে। বৃদ্ধিও হয় নহয়। আকৌ দ্বাপৰত তেওঁলোকেই পূজ্যৰ পৰা
পূজাৰী হৈ যায়। মনুষ্যই আকৌ পৰমাত্মাৰ কাৰণে আপুনিয়ে পূজ্য বুলিকৈ দিয়ে। যেনেকৈ
পৰমাত্মাৰ ক্ষেত্ৰত সৰ্বব্যাপী বুলি কৈ দিয়ে, এই কথাবোৰ তোমালোকে বুজি পোৱা।
আধাকল্প তোমালোকে গায়ন কৰি আহিছা উচ্চতকৈও উচ্চ ভগৱান আৰু এতিয়া ভগৱানুবাচ (ভগৱানে
কয়) - উচ্চৰো উচ্চ হৈছে সন্তানসকল। গতিকে এনেহেন পিতাৰ ৰায় অনুসৰি চলিব লাগে নহয়।
গৃহস্থালিৰো তত্ত্বাৱধান ল’ব লাগে। ইয়াততো সকলো থাকিব নোৱাৰে। সকলোৱে যদি থাকিবলৈ
লয় তেন্তে কিমান ডাঙৰ ঘৰ সাজিব লাগিব। এয়াও তোমালোকে এদিন দেখিবা যে তলৰ পৰা ওপৰলৈকে
কিমান ডাঙৰ শাৰী লাগিব দৰ্শন কৰিবৰ বাবে। কাৰোবাৰ দৰ্শন নহ’লে তেতিয়া গালিও দিবলৈ
লাগি যায়। ভাবে যে মহাত্মাৰ দৰ্শন কৰোঁ। এতিয়া পিতাতো হৈছে সন্তানসকলৰ। সন্তানসকলকহে
পঢ়ায়। তোমালোকে যিসকলক ৰাস্তা দেখুৱাই দিয়া তেওঁলোকৰ কিছুমানেতো ভালদৰে চলিবলৈ ধৰে,
কিছুমানে ধাৰণা কৰিব নোৱাৰে, কিমান আছে যিয়ে শুনিও থাকে আকৌ বাহিৰলৈ গ’লে যেনেকুৱা
আছিল তেনেকুৱা হৈয়ে থাকি যায়, সেই আনন্দ নাথাকে, পঢ়া নপঢ়ে, যোগ নাই। পিতাই কিমান
বুজায়, খতিয়ানৰ তালিকা ৰাখা। নহ’লে বহুত অনুতাপ কৰিব লাগিব। মই বাবাক কিমান স্মৰণ
কৰোঁ, খতিয়ান চাব লাগে। ভাৰতৰ প্ৰাচীন যোগৰ বহুত মহিমা আছে। সেয়েহে পিতাই বুজায় –
কোনো কথা বুজি নাপালে তেন্তে পিতাক সোধা। আগতে তোমালোকে একো নাজানিছিলা। বাবাই কয় -
এয়া হৈছে কাঁইটৰ জংঘল। কাম মহাশত্ৰু। এই কথাষাৰ গীতাৰে। গীতা পঢ়িছিলা কিন্তু বুজি
পাইছিলা জানো। বাবাই (ব্ৰহ্মাবাবাই) গোটেই জীৱন গীতা পঢ়িছিল। এনেকৈ ভাবিছিল যে
গীতাৰ মাহাত্ম্য বহুত ভাল। ভক্তিমাৰ্গত গীতাৰ কিমান মান আছে। গীতা ডাঙৰো থাকে আৰু
সৰুও থাকে। শ্ৰীকৃষ্ণ আদি দেৱতাসকলৰ সেই চিত্ৰ কম পইচাতে পোৱা যায়, সেই চিত্ৰসমূহৰ
আকৌ কিমান ডাঙৰ ডাঙৰ মন্দিৰ নিৰ্মাণ কৰে। সেয়েহে পিতাই বুজায় - তোমালোকতো বিজয়
মালাৰ মণি হ'ব লাগে। এনেহেন মৰমৰ বাবাক বাবা বাবা বুলিও কয়। এনেকৈ ভাবে যে স্বৰ্গৰ
বাদশ্বাহী দিয়ে তথাপি শুনে, শুনায় আৰু আঁতৰি গুছি যায়। বাবা বুলি ক'লা যেতিয়া বাবা
অৰ্থাৎ বাবা। ভক্তিমাৰ্গতো গায়ন কৰা হয় স্বামীৰো স্বামী, গুৰুৰো গুৰু এজনেই। তেওঁ
আমাৰ পিতা। জ্ঞানৰ সাগৰ পতিত-পাৱন হয়। তোমালোক সন্তানসকলে কোৱা - বাবা আমি কল্পই
কল্পই আপোনাৰ পৰা উত্তৰাধিকাৰ লৈ আহিছোঁ। কল্পই কল্পই মিলিত হওঁ। আপোনাৰ অৰ্থাৎ
বেহদৰ পিতাৰ পৰা আমি নিশ্চয় বেহদৰ উত্তৰাধিকাৰ লাভ কৰিম। মুখ্য হৈছেই ‘অল্ফ’ (পিতা)।
তাত ‘বে’ (বাদশ্বাহী) সমাহিত হৈ আছে। বাবা মানে উত্তৰাধিকাৰ। সেয়া হ’ল হদৰ, এয়া হ’ল
বেহদৰ। হদৰ বাবাতো অনেক আছে। বেহদৰ পিতাতো এজনেই। ভাল বাৰু!
অতি মৰমৰ, 5 হাজাৰ
বছৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) স্থূল,
সূক্ষ্ম সেৱা কৰি অপাৰ আনন্দৰ অনুভৱ কৰিব আৰু কৰাব লাগে। চলন আৰু খোৱা-বোৱাত বহুত
মৰ্যাদাপূৰ্বক হৈ থাকিব লাগে।
(2) অমৰলোকত উচ্চ পদ
প্ৰাপ্ত কৰিবলৈ পৱিত্ৰ হোৱাৰ লগতে দৈৱীগুণো ধাৰণ কৰিব লাগে। নিজৰ খতিয়ান চাব লাগে
যে মই বাবাক কিমান স্মৰণ কৰোঁ? অবিনাশী জ্ঞান ৰত্নৰ উপাৰ্জন জমা কৰি আছোঁনে? কাণ
পৱিত্ৰ হৈছেনে য'ত ধাৰণা হ'ব পাৰে?
বৰদান:
সেৱা কৰিও
স্মৃতিৰ অনুভৱৰ দৌৰ লগাওঁতা সদায় স্নেহত লীন আত্মা হোৱা
স্মৃতিত থাকা কিন্তু
স্মৃতিৰ দ্বাৰা যিবোৰ প্ৰাপ্তি হয়, সেই প্ৰাপ্তিসমূহৰ অনুভূতি আগলৈ বঢ়াই গৈ থাকা,
ইয়াৰ বাবে এতিয়া বিশেষ সময় আৰু মনোযোগ দিয়া যাৰ দ্বাৰা এইটো গম পায় যে এওঁ অনুভৱৰ
সাগৰত মগন হৈ থকা স্নেহত লীন আত্মা। যেনেকৈ পৱিত্ৰতা, শান্তিৰ বাতৱৰণৰ অনুভৱ হয়
তেনেকৈ শ্ৰেষ্ঠ যোগী, স্নেহত মগন হৈ থাকোঁতা – এইটো অনুভৱ হওঁক। জ্ঞানৰ প্ৰভাৱ আছে
কিন্তু যোগৰ সিদ্ধি স্বৰূপৰ প্ৰভাৱ পৰক। সেৱা কৰিও স্মৃতিৰ অনুভৱত ডুবি থাকা,
স্মৃতিৰ যাত্ৰাৰ অনুভৱৰ দৌৰ লগোৱা।
স্লোগান:
সিদ্ধিক স্বীকাৰ কৰি লোৱা অৰ্থাৎ ভৱিষ্যতৰ প্ৰালব্ধ ইয়াতে সমাপ্ত কৰি দিয়া।
অব্যক্ত সংকেত:
সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা
যিমানে তোমালোক
সন্তানসকল শ্ৰেষ্ঠ সংকল্পৰ শক্তিৰে সম্পন্ন হৈ গৈ থাকিবা সিমানে শ্ৰেষ্ঠ সংকল্পৰ
শক্তিশালী সেৱাৰ স্বৰূপ স্পষ্টকৈ দেখা পোৱা যাব। প্ৰত্যেকে অনুভৱ কৰিব যে আমাক
কোনোবাই মাতি আছে, কিবা দিৱ্য বুদ্ধিৰ দ্বাৰা, শুভ সংকল্পৰ আৱাহন হৈ আছে। কোনোবাই
আকৌ দিব্য দৃষ্টিৰে পিতা আৰু স্থানক প্ৰত্যক্ষ কৰিব। দুয়ো প্ৰকাৰৰ অনুভৱৰ দ্বাৰা
বহুত তীব্ৰগতিৰে নিজৰ শ্ৰেষ্ঠ ঠিকনাত উপস্থিত হৈ যাব।