08.07.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল – এই
সভাত বহিৰ্মুখী হৈ বহিব নালাগে, পিতাৰ স্মৃতিত থাকিব লাগে, মিত্ৰ সম্বন্ধীয় অথবা
পেছাগত কামকাজ আদি স্মৃতিলৈ আনিলে বায়ুমণ্ডলত বিঘিনি আহে”
প্ৰশ্ন:
তোমালোক
সন্তানসকলৰ আত্মিক ব্যায়ামৰ বিশেষত্ব কি, যিটো মনুষ্যই কৰিব নোৱাৰে?
উত্তৰ:
তোমালোকৰ আত্মিক ব্যায়াম হৈছে বুদ্ধিৰ, তাৰ বিশেষত্ব এইটোৱেই যে তোমালোক প্ৰেমিকা
হৈ নিজৰ প্ৰেমিকক স্মৰণ কৰা। ইয়াৰেই ইঙ্গিত গীতাতো আছে – ‘মনমনাভৱ’ (নিজক আত্মা বুলি
বুজি পৰমাত্মাক স্মৰণ কৰা)। কিন্তু মনুষ্যই নিজৰ প্ৰেমিক পৰমাত্মাক নাজানেই গতিকে
ব্যায়াম কেনেকৈ কৰিব পাৰিব। তেওঁলোকেতো এজনে আনজনক শাৰীৰিক ব্যায়াম শিকায়।
ওঁম্শান্তি।
সন্তানসকলেও
বুজি পায়, পিতায়ো বুজি পায় যে সন্তানসকলে (যোগ কৰাওঁতাসকলে) ইয়াত কি কৰি আছে!
স্মৃতিৰ যাত্ৰাৰ ব্যায়াম কৰাই আছে। মুখেৰে একো ক’বলগীয়া নাই। কাৰ স্মৃতি আছে?
পৰমপিতা পৰমাত্মা শিৱবাবাৰ। তেওঁৰ স্মৃতিত থাকিলে তোমালোকৰ যিয়েই বিকৰ্ম আছে, সেয়া
ভস্ম হৈ যাব আৰু বিকৰ্মাজিৎ হৈ যাবা, যিয়ে যিমান স্মৃতিৰ ব্যায়াম কৰি থাকিব। এয়া
আত্মাৰ ব্যায়াম, শৰীৰৰ নহয়। ভাৰতত যিবিলাক ব্যায়াম শিকায়, সেই সকলোবোৰ শাৰীৰিক, এয়া
হ’ল আত্মিক ব্যায়াম। এই আত্মিক ব্যায়াম তোমালোক সন্তানসকলৰ বাহিৰে আন কোনেও নাজানেই।
আত্মিক ব্যায়ামৰ
ইঙ্গিত গীতাত নিশ্চয় আছে। ভগৱানুবাচ (ভগৱানৰ বাণী) অথবা ভগৱানৰ সন্তানসকলৰো বাণী।
তোমালোক এতিয়া ভগৱান শিৱবাবাৰ সন্তান হৈছা নহয়। সন্তানসকলে আদেশ পাইছে – মামেকম্ (কেৱল
মোক; পৰমাত্মাক) স্মৰণ কৰা। পিতায়ো ব্যায়াম শিকায়। সন্তানসকলেও এইটোৱে ব্যায়াম
শিকায়। কল্প পূৰ্বেও পিতাই এইটোৱেই কৈছিল যে মোক পিতাক স্মৰণ কৰা। এই ক্ষেত্ৰত বাৰে
বাৰে কৈ থকাৰ প্ৰয়োজন নাই কিন্তু ক’বলগীয়া হয়। ইয়াত বহি কোনোবাই নিজৰ
মিত্ৰ-সম্বন্ধীয়ক, পেছাগত কাম-কাজ আদিক স্মৃতিলৈ আনি থাকে তেতিয়া বায়ুমণ্ডলত বিঘিনি
আনে। পিতাই কয় – যিদৰে ইয়াত তোমালোক স্মৃতিত বহি আছা সেইদৰে চলোঁতে ফুৰোঁতে, কৰ্ম
কৰোঁতে স্মৃতিত থাকিব লাগে। যেনেকৈ প্ৰেমিক-প্ৰেমিকাই ইজনে সিজনক স্মৰণ কৰে।
তেওঁলোকৰ স্মৃতি হৈছে পাৰ্থিৱ (দৈহিক)। তোমালোকৰ হ’ল আত্মিক স্মৃতি। আত্মাসকল
ভক্তিমাৰ্গতো পৰমপিতা পৰমাত্মা প্ৰেমিকৰ প্ৰেমিকা হয়। কিন্তু প্ৰেমিকক নাজানে, নিজ
আত্মাকো নাজানে। প্ৰেমিক পিতা আহিছে। ভক্তিমাৰ্গৰ পৰা আত্মাসকল প্ৰেমিকা হৈ আহিছে।
এয়া হয়েই আত্মাসকল আৰু পৰমাত্মাৰ কথা। পিতাই সন্তানসকলক সন্মুখত কয় – তোমালোক
প্ৰেমিকাই মোক প্ৰেমিকক স্মৰণ কৰা যে বাবা আহক। আহি আমাক দুখৰ পৰা মুক্ত কৰক আৰু
নিজৰ লগত শান্তিধামলৈ লৈ যাওঁক। তোমালোকে জানা এতিয়া এই দুখধাম, মৃত্যুলোকৰ বিনাশ
হ’ব। অমৰ লোক জিন্দাবাদ, মৃত্যুলোক মুৰ্দাবাদ। তোমালোক এতিয়া ব্ৰাহ্মণ সন্তান হৈছা,
তোমালোকৰ ভিতৰতো পুৰুষাৰ্থৰ ক্ৰমানুসৰি। তোমালোক সন্তানসকলৰ পূৰা নিশ্চয় হ’ব লাগে
যে আমি এতিয়া নৰকবাসীৰ পৰা স্বৰ্গবাসী 21 জন্মৰ কাৰণে হওঁ। কোনোবা মৰিলে কয় -
স্বৰ্গবাসী হ’ল। কিন্তু কিমান সময়ৰ কাৰণে স্বৰ্গবাসী হ’ল… এইটো কোনেও নাজানে। এতিয়া
তোমালোকে পুৰুষাৰ্থ কৰি আছা – স্বৰ্গবাসী হ’বৰ কাৰণে। এইটো কোনে নিশ্চয় কৰায়! তেওঁ
হ’ল গীতাৰ ভগৱান। কিন্তু তেওঁতো এজনেই নিৰাকাৰ। মনুষ্যই ভাবে – নিৰাকাৰতো নিৰাকাৰেই
হয়। তেওঁ কেনেকৈ ইয়াত আহি শিকাব? পিতাক নজনাৰ কাৰণে নাটক অনুসৰি কৃষ্ণৰ নাম ভুলতে
দি দিলে। কৃষ্ণ আৰু শিৱৰ সম্বন্ধ এই সময়ত অতি সমীপৰ। শিৱ জয়ন্তী হয় সংগমত। আকৌ
কালিলৈ হ’ব কৃষ্ণ জয়ন্তী। শিৱ জয়ন্তী হয় ৰাতি, কৃষ্ণ জয়ন্তী হয় পুৱা, তাক প্ৰভাত
বুলি কোৱা হ’ব। যেতিয়া শিৱৰাত্ৰি পূৰা হয় তেতিয়া আকৌ কৃষ্ণ জয়ন্তী হয়। এই কথাবোৰ
সন্তানসকলেহে বুজিব পাৰে, নিয়ম আছে – এই সভাত কোনেও বহিৰ্মুখী যাতে নহয়। পিতাৰ
স্মৃতিত থাকিব লাগে। মনুষ্যই আহ্বানো কৰে হে পতিত-পাৱন আহক, আহি পাৱন কৰি তোলক।
কিন্তু নাটক অনুসৰি পাথৰবুদ্ধিৰসকলে একোৱে বুজি নাপায়। যদি জানিলেহেঁতেন তেন্তে
ক’লেহেঁতেন। তেওঁলোকে এইটোও গম নাপায় যে এতিয়া কলিযুগৰ অন্ত আকৌ যেতিয়া পিতা আহে
তেতিয়া আদি হয়। মনুষ্যতো একেবাৰে ঘোৰ অন্ধকাৰত আছে। জগতৰ লোকে ভাবে কলিযুগৰ এতিয়াও
40 হাজাৰ বছৰ বাকী আছে। বেহদৰ পিতাই বুজায় হদৰ পিতা কেতিয়াও পতিত-পাৱন হ’ব নোৱাৰে।
‘বাপু’ নামতো বহুতৰে ৰাখি দিছে। বয়োজ্যেষ্ঠজনকো বাপু অথবা পিতাজী বুলি কয়। এই
আত্মিক পিতাশ্ৰীতো এজনেই যিজন পতিত-পাৱন, জ্ঞানৰ সাগৰ হয়। সন্তানসকল পাৱন হ’বৰ কাৰণে
জ্ঞান লাগে। পানীত স্নান কৰিলে কোনোবা পাৱন হ’ব জানো। তোমালোকে জানা শিৱবাবা আমাৰ
সন্মুখত এই শৰীৰত প্ৰত্যক্ষ হৈছে। ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণসকলক ৰাজযোগ শিকাই আছে।
তেওঁলোকেতো কৈ দিয়ে - ভগৱানুবাচ অৰ্জুনৰ প্ৰতি। ব্ৰাহ্মণৰ নাম-চিহ্ন নাই। গায়ন কৰা
হয় - ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, বিষ্ণুৰ দ্বাৰা পালনা। স্থাপনাতো ব্ৰহ্মাৰ দ্বাৰাহে
কৰিব, বিষ্ণুৰ দ্বাৰা নহয়, শঙ্কৰৰ দ্বাৰাও নহয়। তোমালোক সন্তানসকলে এই বুজনি এতিয়া
পাইছা। পিতা ইয়ালৈ আহিবলগীয়া হয়, উভতিতো কোনো এটি আত্মাও যাব নোৱাৰে। যিয়েই আহে তেওঁ
সতো, ৰজো, তমো অৱস্থা অতিক্ৰম কৰিবই লাগিব। কৃষ্ণয়ো পূৰা 84 জন্ম লয় আৰু পূৰা 5
হাজাৰ বছৰ ভূমিকা পালন কৰিলে। যেতিয়া আত্মা পেটত থাকে তেতিয়াও জন্মতো হয়। কৃষ্ণৰ
আত্মা যেতিয়া সত্যযুগত আহে, গৰ্ভত প্ৰৱেশ কৰে তেতিয়াৰ পৰা আৰম্ভ কৰি 5 হাজাৰ বছৰত
84 জন্মৰ ভূমিকা পালন কৰিব লাগে। যেনেকৈ শিৱজয়ন্তী পালন কৰে গতিকে এওঁৰ শৰীৰত বহি
আছে নহয়। কৃষ্ণৰ আত্মাও গৰ্ভত আহিল লৰচৰ কৰিলে, সেই সময়ৰ পৰা 5 হাজাৰ বছৰৰ হিচাপ
আৰম্ভ হয়। যদি কম বেছি হয় তেন্তে 5 হাজাৰ বছৰতকৈ কম হৈ যাব। এয়া অতি সূক্ষ্ম
বুজিবলগীয়া কথা। সন্তানসকলে জানে কৃষ্ণৰ আত্মাই পুনৰ এই জ্ঞান লৈ আছে, পুনৰ
শ্ৰীকৃষ্ণ হ’বৰ কাৰণে। তোমালোকো কংসপুৰীৰ পৰা কৃষ্ণপুৰীলৈ যোৱা। এই কথাবোৰ পিতাই বহি
সন্তানসকলক বুজায়।
বাবাই কয় – মায়া বৰ
শক্তিশালী। ভাল ভাল মহাৰথীসকলকো হৰুৱাই দিয়ে। জ্ঞান লৈ লৈ ক’ৰবাত গ্ৰহচাৰী বহি যায়।
আশ্চৰ্যজনকভাৱে মোৰ হয়, কয়… অহো মায়া তথাপিও আঁতৰি গুচি যায়। উপাৰ্জনত গ্ৰহচাৰী বহি
যায়। ৰাহুৰ গ্ৰহণ সকলোৰে লাগি আছে। এতিয়া তোমালোকৰ ওপৰত বৃহস্পতিৰ দশা বহিছে আকৌ
আগবাঢ়ি গৈ থাকোঁতে কিছুমানৰ ওপৰত ৰাহুৰ গ্ৰহণ লাগি যায়, তেতিয়া কয় – মহান দুৰ্ভগীয়া
এই জগতত চাব খোজা যদি ইয়াত চোৱা। তোমালোক আত্মাই কোৱা – আমি পিতাৰ পৰা সৰ্বদা সুখৰ
উত্তৰাধিকাৰ লৈ আছোঁ। বাবা আপোনাৰ পৰা কল্প পূৰ্বেও এই উত্তৰাধিকাৰ লৈছিলোঁ। আকৌ
এতিয়া পিতাৰ ওচৰলৈ আহিছোঁ। পিতাই বুজাইছে – বাহিৰত তোমালোকৰ সেৱাকেন্দ্ৰলৈ বহুত
বুজিবলৈ আহিব। ইয়াত এয়া হ’ল ইন্দ্ৰসভা। ইন্দ্ৰ শিৱবাবা হয় নহয় জানো, যিয়ে জ্ঞান বৰষে।
গতিকে এনেকুৱা সভালৈ পতিত কোনো আহিব নোৱাৰে। ‘সব্জ পৰী’, ‘পুখৰাজ পৰী’ যিসকল
ব্ৰাহ্মণী পাণ্ডা হৈ আহে, তেওঁলোকক ক’ব নিজৰ লগত কোনো বিকাৰগ্ৰস্থক লৈ আহিব নোৱাৰা।
নহ’লেতো দুয়ো জবাবদিহি হৈ যায়। কোনো বিকাৰীক লগত লৈ আহিলে তেতিয়া তেওঁৰ ওপৰত বহুত
দাগ লাগি যায়। তেতিয়া বহুত কঠোৰ শাস্তি পায়। পৰীসকলৰ ওপৰত বহুত দ্বায়িত্ব আছে। এনেকৈ
কয় – মানসৰোবৰত স্নান কৰিলে পৰী হৈ যায়। বাস্তৱত এয়া হ’ল জ্ঞান মানসৰোবৰ। বাবাই
মনুষ্যৰ শৰীৰত আহি জ্ঞানৰ বৰ্ষা বৰষে। জ্ঞান সাগৰ হয় নহয় জানো। তোমালোক নদীও হোৱা,
সৰোবৰো হোৱা, জ্ঞানৰ সাগৰ এওঁৰ শৰীৰত বহি সন্তানসকলক স্বৰ্গলৈ যোৱাৰ যোগ্য কৰি তোলে।
স্বৰ্গত থাকে শ্ৰী লক্ষ্মী-নাৰায়ণৰ ৰাজ্য। এয়া হ’ল পৱিত্ৰ প্ৰবৃত্তি মাৰ্গৰ লক্ষ্য
উদ্দেশ্য। কয় - আমি দুয়ো জ্ঞান চিতাত বহি লক্ষ্মী-নাৰায়ণ হ’বলৈ গৈ আছোঁ। উচ্চ পদ
পাব লাগে নহয় জানো। আধাকল্প আত্মাসকল ব্যাকুল হৈ থাকে। বাবা আহক আহি আমাক ৰাজযোগ
শিকাই পাৱন কৰি তোলক। পিতাই ইঙ্গিত দিয়ে। ভাৰতবাসী যিসকলে দেৱী-দেৱতাক মানে তেওঁলোকে
নিশ্চয় 84 জন্ম ভোগ কৰিছে। যিসকল দেৱী-দেৱতাৰ ভক্ত, চেষ্টা কৰি তেওঁলোকক বুজোৱা।
পিতা কেনেকৈ আহি 3টা ধৰ্ম প্ৰতিষ্ঠা কৰে। ব্ৰাহ্মণ, সূৰ্যবংশী, চন্দ্ৰবংশী, তিনিওটা
ধৰ্ম পিতাই প্ৰতিষ্ঠা কৰে। তাৰপাছত আধাকল্প কোনো অন্য ধৰ্মৰ প্ৰতিষ্ঠা নহয়। আকৌ
আধাকল্পত মঠ পন্থ আদি কিমান অনেক ধৰ্ম প্ৰতিষ্ঠা হয়। ক’ত আধাকল্পত এটা ধৰ্ম তাকো
সংগমত ভৱিষ্যতৰ কাৰণে ৰাজধানী স্থাপন কৰে। তেওঁলোক সকলোৱে পুৰণি সৃষ্টিতহে নিজৰ
ধৰ্ম প্ৰতিষ্ঠা কৰে। ইয়াত পিতাই আধাকল্পৰ কাৰণে এক ধৰ্ম প্ৰতিষ্ঠা কৰে। অন্য কাৰো
শক্তি নাই। পিতাই তোমালোকক নিজৰ কৰি লৈ, সূৰ্যবংশী চন্দ্ৰবংশী কুল স্থাপন কৰি বাকী
সকলোৰে বিনাশ কৰাই দিয়ে। সকলো আত্মা শান্তিত গুচি যায়। তোমালোক সুখত আহা, সেই সময়ত
কোনো দুখ নাথাকে যাৰ বাবে ভগৱানক স্মৰণ কৰিব। এই জ্ঞানো তোমালোকৰ বুদ্ধিত আছে।
তোমালোকে জানা – পিতা যিজন জ্ঞানৰ সাগৰ হয়, তেওঁ জ্ঞান দি আছে। সাগৰতো এজনেই।
তোমালোকে নিজক সাগৰ বুলি নোকোৱা। তোমালোক তেওঁৰ সহায়কাৰী হোৱা সেইকাৰণে তোমালোকৰ
নাম হ’ল ‘জ্ঞান গঙ্গা’। বাকী সেয়া হ’ল পানীৰ নদী। পিতাই কয় – মোৰ সাগৰৰ তোমালোক
সন্তান কাম চিতাত বহি জ্বলি মৰিলা অৰ্থাৎ পতিত হৈ গ’লা। এতিয়া আকৌ মোক স্মৰণ কৰিলেহে
তোমালোক পাৱন হ’বা। এই সৃষ্টিৰ চক্ৰ 5 হাজাৰ বছৰৰ হয়। এইটোও কোনেও গম নাপায়।
সৃষ্টিৰ চক্ৰ পূৰা 4টা ভাগত আছে। 4টা যুগ নহয় জানো। এই সংগমযুগ হৈছে কল্যাণকাৰী।
কুম্ভ বুলি কয় নহয়। কুম্ভ বুলি কোৱা হয় – মেলাক। নদী আহি সাগৰত মিলিত হয়। আত্মা আহি
পৰমাত্মাৰ সৈতে মিলিত হয়, ইয়াক কুম্ভ বুলি কয়। আত্মা আৰু পৰমাত্মাৰ মেলাও তোমালোকে
দেখিছা। তোমালোক পৰস্পৰে মিলিত হোৱা, সন্মিলন কৰা, ইয়াক কুম্ভ বুলি কোৱা নহ’ব।
সাগৰতো নিজৰ স্থানত বহি আছে। এই শৰীৰত আছে নহয় জানো। য’ত এওঁৰ শৰীৰ ত’তেই জ্ঞানৰ
সাগৰ। বাকী তোমালোক পৰস্পৰ জ্ঞান গঙ্গা মিলিত হোৱা। নদী সৰু-বৰতো থাকে নহয় জানো।
তাত স্নান কৰিবলৈ যায়। গংগা, যমুনা, সৰস্বতী আদিতো আছেই। দিল্লী যমুনাৰ পাৰ হৈছে
স্বৰ্গ। কৃষ্ণপুৰীতো হয়। দিল্লীৰ কাৰণে কয় – পৰীস্থান আছিল। যেতিয়া লক্ষ্মী-নাৰায়ণৰ
ৰাজ্য আছিল। এনেকুৱা নহয় যে কৃষ্ণৰ ৰাজ্য আছিল। ৰাধা কৃষ্ণ যুগল হ’লেহে ৰাজ্য কৰিব
পাৰিব। এতিয়া তোমালোক সন্তানসকল কিমান আনন্দত আছা। মায়াৰ ধুমুহাতো বহুত আহিব। বেহদৰ
মুষ্টিযুদ্ধ। প্ৰত্যেকৰে 5 বিকাৰৰ সৈতে যুদ্ধ চলে। আমি বিচাৰোঁ যে বাবাক নিৰন্তৰ
স্মৰণ কৰোঁ। মায়াই আমাৰ যোগ উৰাই দিয়ে। এটা খেলো দেখুৱায় – পৰমাত্মাই নিজৰ ফালে টানে,
মায়াই নিজৰ ফালে। এনেকুৱা এখন নাটক ৰচিছিল। কথাছবিৰ ধুন (ফেচন) এতিয়া ওলাইছে। ড্ৰামা
অনুসৰি তোমালোকে কথাছবিৰ ওপৰতহে বুজাব লাগে। ড্ৰামাততো অদল-বদল হয়। এয়াতো অনাদি
অবিনাশী পূৰ্ব নিৰ্ধাৰিত ড্ৰামা। যি ৰচি থোৱা আছে সেয়াই চলি আছে…. অমুক মৰি গ’ল
ইমানেই ভূমিকা আছিল, আমি চিন্তা কিয় কৰিব লাগে। ড্ৰামা হয় নহয়। শৰীৰ এৰি দিলে আকৌ
আহিব পাৰিব জানো। কান্দিলে লাভেই বা কি? ইয়াৰ নামেই হ’ল দুখধাম। সত্যযুগত মোহজিৎ
ৰজাসকল থাকে। ইয়াৰ ওপৰত কাহিনীও আছে। সত্যযুগত মোহৰ কথা নাথাকে। ইয়াততো মনুষ্যৰ
কিমান মোহ আছে। কোনোবাই নাকান্দিলে কান্দিও তেওঁক কন্দুৱাই দিব। তেতিয়া বুজিব যে এওঁ
সহানুভূতি দেখুৱাইছে। নহ’লে গ্লানি হৈ যাব। ভাৰততহে এইবিলাক নিয়ম আছে। ভাৰততেই সুখ,
ভাৰততেই বহুত দুখ হয়। ভাৰততেই ভগৱান-ভগৱতীয়ে ৰাজ্য কৰিছিল। বিদেশীসকলে পুৰণি চিত্ৰ
বৰ আনন্দেৰে লয়। পুৰণি বস্তুৰ মান থাকে। সকলোতকৈ পুৰণা শিৱতো ইয়াত আহিছিল নহয়,
তেওঁৰ কিমান পূজা কৰে। এতিয়াতো শিৱবাবা আহিছে, তোমালোকে পূজা নকৰা। তেওঁ আহি গৈছে
সেয়েহে তেওঁৰ পূজা কৰি থাকে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ড্ৰামাৰ
জ্ঞান বুদ্ধিত ৰাখি নিচিন্ত হ’ব লাগে। কোনো প্ৰকাৰৰ চিন্তা কৰিব নালাগে কিয়নো এইটো
জানা যে যি ৰচি থোৱা আছে সেয়াই চলি আছে…। নিৰ্মোহী হ’ব লাগে।
(2) পিতাৰ দ্বাৰা
যিহেতু বৃহস্পতিৰ দশা চলি আছে গতিকে সাৱধান হ’ব লাগে, ৰাহুৰ গ্ৰহণ যাতে লাগি নাযায়।
যদি কোনো প্ৰকাৰৰ গ্ৰহচাৰী আছে তেন্তে জ্ঞান দানেৰে সমাপ্ত কৰিব লাগে।
বৰদান:
নিজৰ
দুশ্চিন্তাৰ প্ৰতি মনোযোগ দি বিশ্বৰ দুশ্চিন্তা সমাপ্ত কৰোঁতা বিশ্ব কল্যাণকাৰী হোৱা
যেতিয়া আনৰ প্ৰতি
অধিক মনোযোগ দিয়া তেতিয়া নিজৰ ভিতৰত দুশ্চিন্তা চলে, সেয়েহে বিস্তাৰ কৰাৰ
পৰিৱৰ্তে সাৰ স্বৰূপত স্থিৰ হৈ যোৱা, সংখ্যাগত সংকল্পবিলাক সামৰি গুণসম্পন্ন সংকল্প
কৰা। প্ৰথমতে নিজৰ দুশ্চিন্তাৰ প্ৰতি মনোযোগ দিয়া তেতিয়া বিশ্বত যি অনেক প্ৰকাৰৰ
দুশ্চিন্তা আছে সেয়া সমাপ্ত কৰি বিশ্ব কল্যাণকাৰী হ’ব পাৰিবা। প্ৰথমে নিজেই নিজক
চোৱা, প্ৰথমতে নিজৰ সেৱা, নিজৰ সেৱা কৰিলে তেতিয়া আনৰ সেৱা স্বতঃ হৈ যাব।
স্লোগান:
যোগৰ অনুভূতি কৰিবলৈ হ’লে দৃঢ়তাৰ শক্তিৰে মন নিয়ন্ত্ৰণ কৰা।
অব্যক্ত ইংগিত:
জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা
যিমানে স্থাপনাৰ
নিমিত্ত হোৱা আত্মাসমূহ জ্বালা ৰূপ হ’ব, সিমানে বিনাশৰ জুই প্ৰত্যক্ষ হ’ব। সংগঠিত
ৰূপত কৰা জ্বালা ৰূপৰ স্মৃতিয়ে বিশ্ব বিনাশৰ কাৰ্য সম্পন্ন কৰিব। ইয়াৰ বাবে প্ৰতিটো
সেৱাকেন্দ্ৰত বিশেষ যোগৰ কাৰ্যসূচীসমূহ চলি থাকিলে বিনাশৰ জুইকুৰাই বতাহ পাব।
যোগ-অগ্নিৰ দ্বাৰা বিনাশৰ অগ্নি প্ৰজ্বলিত হ’ব, শিখাৰ পৰাই শিখা প্ৰজ্বলিত হ’ব।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]