08.09.24 Avyakt Bapdada
Assame
Murli
15.12.2001 Om Shanti Madhuban
“*“একব্ৰতা হৈ
পৱিত্ৰতাৰ ধাৰণাৰে আত্মিকতাত থাকি মনেৰে সেৱা কৰা”*”
আজি আত্মিক পিতাই
চাৰিওফালৰ আত্মিক সন্তানসকলৰ আত্মিকতাক চাই আছেহঁক। প্ৰতিগৰাকী সন্তানৰ আত্মিকতাৰ
জিলিকনি কিমান? আত্মিকতা নয়নৰ দ্বাৰা প্ৰত্যক্ষ হয়। আত্মিকতাৰ শক্তি থকা আত্মাই
সদায় নয়নেৰে আনকো আত্মিক শক্তি দিয়ে। আত্মিক মিচিকনিয়ে আনকো আনন্দৰ অনুভূতি কৰায়।
তেওঁলোকৰ চাল-চলন, চেহেৰা ফৰিস্তাসম ‘ডবল-লাইট' দেখিবলৈ পোৱা যায়। এনেকুৱা
আত্মিকতাৰ আধাৰ হ’ল পৱিত্ৰতা। যিমানে মন-বাণী-কৰ্মত পৱিত্ৰতা থাকিব সিমানে আত্মিকতা
দৃষ্টিগোচৰ হ’ব। পৱিত্ৰতা ব্ৰাহ্মণ জীৱনৰ অলংকাৰ। পৱিত্ৰতা ব্ৰাহ্মণ জীৱনৰ মৰ্যাদা।
সেয়েহে বাপদাদাই পৱিত্ৰতাৰ আধাৰত প্ৰতিগৰাকী সন্তানৰ আত্মিকতাক চাই আছে। আত্মা এইখন
লোকত থকা সত্ত্বেও অলৌকিক ফৰিস্তা যেন দেখা যাব।
গতিকে নিজেই নিজক চোৱা,
পৰীক্ষা কৰা – মোৰ সংকল্প, বাণীত আত্মিকতা আছেনে? আত্মিক সংকল্পই নিজকো শক্তিৰে
ভৰপূৰ কৰে আৰু আনকো শক্তি দিয়ে। যাক অন্য কথাত কোৱা যে আত্মিক সংকল্প হৈছে মনেৰে কৰা
সেৱাৰ নিমিত্ত। আত্মিক বাণীয়ে নিজক আৰু আনকো সুখৰ অনুভৱ কৰায়। শান্তিৰ অনুভৱ কৰায়।
আত্মিক বাণী অন্য আত্মাসকলৰ জীৱনত আগবাঢ়ি যোৱাৰ আধাৰ হৈ যায়। আত্মিক বাণী উচ্চাৰণ
কৰোঁতাজন বৰদানী আত্মা হৈ যায়। আত্মিক কৰ্মই সহজে নিজক কৰ্মযোগী স্থিতিৰ অনুভৱ কৰায়
আৰু আনকো কৰ্মযোগী কৰি তোলাৰ আৰ্হি হৈ যায়। যিয়েই তেওঁৰ সম্পৰ্কত আহে তেওঁ সহজযোগী,
কৰ্মযোগী জীৱনৰ অনুভৱী হৈ যায়। কিন্তু শুনালোঁ আত্মিকতাৰ বীজ হৈছে পৱিত্ৰতা।
পৱিত্ৰতা যাতে সপোনতো ভংগ নহয় তেতিয়াহে আত্মিকতা দৃষ্টিগোচৰ হ’ব। পৱিত্ৰতা কেৱল
ব্ৰহ্মচৰ্য নহয়, কিন্তু প্ৰতিষাৰ বচন ব্ৰহ্মাচাৰী হওঁক, প্ৰতিটো সংকল্প ব্ৰহ্মাচাৰী
হওঁক, প্ৰতিটো কৰ্ম ব্ৰহ্মাচাৰী হওঁক। যেনেকৈ লৌকিকত কোনো কোনো সন্তানৰ চেহেৰা
পিতাকৰ নিচিনা হয় তেতিয়া কোৱা হয় যে এওঁৰ মাজত পিতাকক দেখা যায়। তেনেকৈ ব্ৰহ্মাচাৰী
ব্ৰাহ্মণ আত্মাৰ চেহেৰাত আত্মিকতাৰ আধাৰত পিতা ব্ৰহ্মাৰ সমান অনুভৱ হওঁক। যাতে
সম্পৰ্কত অহা আত্মাই অনুভৱ কৰে যে এওঁ পিতাৰ সমান। বাৰু 100 শতাংশ নহ’লেও সময় অনুসৰি
কিমান শতাংশ দেখা পোৱা উচিত? কিমানলৈকে হৈছেগৈ? 75 শতাংশ, 80 শতাংশ, 90 শতাংশ,
কিমানলৈকে হৈছেগৈ? এই আগৰ শাৰীয়ে কোৱা, চোৱা বহিবলৈতো তোমালোকে আগত স্থান পাইছা।
তেন্তে ব্ৰহ্মাচাৰী হোৱাতো স্থান আগত হ’ব নহয়! আগত আছে নে নাই?
বাপদাদাই প্ৰতিগৰাকী
সন্তানৰ পৱিত্ৰতাৰ আধাৰত আত্মিকতা চাবলৈ বিচাৰে। বাপদাদাৰ ওচৰত সকলোৰে খতিয়ান আছে।
কৈ নিদিয়ে কিন্তু খতিয়ানৰ তালিকা আছে, কি কি কৰে, কেনেকৈ কৰে, সকলোৰে বাপদাদাৰ ওচৰত
খতিয়ানৰ তালিকা আছে। পৱিত্ৰতাৰ ক্ষেত্ৰতো এতিয়া বহুত সন্তানৰ শতাংশ বহুত কম। সময়
অনুসৰি বিশ্বৰ আত্মাসকলে তোমালোক আত্মাসকলক আত্মিকতাৰ আৰ্হি ৰূপত চাবলৈ বিচাৰে।
ইয়াৰ সহজ সাধন হ’ল – কেৱল এটা শব্দৰ প্ৰতি মনোযোগ দিয়া, বাৰে বাৰে সেই এটা শব্দৰ
প্ৰতি নিজেই বিশেষ মনোযোগ দিয়া, সেই এটা শব্দ হ’ল – একব্ৰতা হোৱা। য’ত এক আছে ত’ত
একাগ্ৰতা স্বতঃ আহিয়ে যায়। অচল-অটল স্বতঃ হৈ যায়। একব্ৰতা হ’লে একমতত চলা বহুত সহজ
হৈ যায়। যিহেতু হয়েই একব্ৰতা গতিকে এজনৰ মতেৰে একমতী সৎগতি সহজে হৈ যায়। একৰস স্থিতি
স্বতঃ হৈ যায়। গতিকে পৰীক্ষা কৰা – একব্ৰতা হোৱানে? গোটেই দিনটোত মন-বুদ্ধি একব্ৰতা
হৈ থাকেনে? হিচাপ-নিকাচতো আৰম্ভণি 1 ৰ পৰা আৰম্ভ হয়। এটা বিন্দু (শূন্য), আৰু এটা
অংক, এটা অংক বহুৱাই গৈ থাকা, এটা বিন্দু বহুৱাই গৈ থাকা তেতিয়া কিমান বাঢ়ি যাব!
গতিকে অন্য একো স্মৃতিত নাহে, এটা শব্দতো স্মৃতিত থাকিব নহয়! সময়ে, আত্মাসকলে
তোমালোক একব্ৰতা আত্মাসকলক আহ্বান জনাই আছে। গতিকে সময়ৰ আহ্বান, আত্মাসকলৰ কাতৰোক্তি
– “হে দেৱ আত্মাসকল” - শুনিবলৈ পোৱা নাই জানো? প্ৰকৃতিয়েও তোমালোক প্ৰকৃতিপতিক চাই
চাই আহ্বান জনাই আছে – হে প্ৰকৃতিপতি আত্মাসকল এতিয়া পৰিৱৰ্তন কৰা। এয়াতো মাজে মাজে
সৰু সুৰা জোকাৰণি আহি আছে। বেচেৰা আত্মাসকলক বাৰে বাৰে দুখৰ, ভয়ৰ জোকাৰণি অনুভৱ
কৰিব নিদিবা। তোমালোক মুক্তি দিওঁতা মাষ্টৰ মুক্তিদাতা আত্মাসকলে কেতিয়া এই
আত্মাসকলক মুক্তি দিয়াবা? মনত দয়া নাজাগে জানো? বাতৰি শুনি চুপ হৈ যোৱা নেকি, বচ্,
হৈ গ’ল, শুনিলোঁ, সেইবাবে বাপদাদাই প্ৰতিগৰাকী সন্তানৰ এতিয়া দয়াশীল স্বৰূপ চাবলৈ
বিচাৰে। নিজৰ হদৰ (লৌকিকৰ সীমিত) কথাবিলাক এতিয়া বাদ দিয়া, দয়াশীল হোৱা। মনৰ সেৱাত
লাগি যোৱা। শক্তিৰ কিৰণ দিয়া, শান্তি দিয়া, অৱলম্বন দিয়া। যদি দয়াশীল হৈ আনক
অৱলম্বন দিয়াত ব্যস্ত হৈ থাকা তেন্তে হদৰ আকৰ্ষণৰ পৰা, হদৰ কথাবোৰৰ পৰা স্বতঃ দূৰ
হৈ যাবা। পৰিশ্ৰমৰ পৰা হাত সাৰি যাবা। বাণীৰ সেৱাত বহুত সময় দিলা, সময় সফল কৰিলা,
বাৰ্তা দিলা। আত্মাসকলক সম্বন্ধ-সম্পৰ্কত আনিলা, ড্ৰামা অনুসৰি এতিয়ালৈকে যি কৰিলা
সেয়া বহুত ভাল কৰিলা। কিন্তু এতিয়া বাণীৰ লগতে মনৰ সেৱাৰ অধিক আৱশ্যকতা আছে। আৰু এই
মনৰ সেৱা প্ৰতিগৰাকী নতুন, পুৰণা, মহাৰথী, অশ্বাৰোহী, পদাতিক সকলোৱে কৰিব পাৰে। এই
ক্ষেত্ৰত ডাঙৰে কৰিব, মইতো কনিষ্ঠ, মইতো বেমাৰী, মোৰতো সাধন নাই… কোনো আধাৰ নালাগে।
এয়া সৰু সৰু সন্তানেও কৰিব পাৰে। সন্তানসকল, মনেৰে সেৱা কৰিব পাৰা নহয়? (হয় হজুৰ)
সেয়েহে এতিয়া বাণী আৰু মনৰ সেৱাৰ সন্তুলন ৰাখা। মনৰ সেৱাৰ দ্বাৰা তোমালোক
কৰোঁতাসকলৰো বহুত লাভ হয়। কিয়? যিসকল আত্মাক মনৰ সেৱা অৰ্থাৎ সংকল্পৰ দ্বাৰা শক্তি
দিবা, কিৰণ দিবা সেই আত্মাসকলে তোমালোকক আশীৰ্বাদ দিব। আৰু তোমালোকৰ ৰ্পুঁজিত নিজৰ
পুৰুষাৰ্থতো আছেই কিন্তু আশীৰ্বাদৰ ৰ্পুঁজিও জমা হৈ যাব। গতিকে তোমালোকৰ জমা ৰ্পুঁজি
দুগুণ হিচাপত বাঢ়ি যাব, সেইবাবে লাগিলে নতুনেই হওঁক বা পুৰণাই হওঁক, কিয়নো এইবাৰ
নতুন বহুত আহিছে নহয়! নতুন যিসকল প্ৰথমবাৰ আহিছা, সেইসকলে হাত দাঙা। প্ৰথমবাৰ অহা
সন্তানসকলকো বাপদাদাই সুধিছে যে তোমালোক আত্মাসকলে মনেৰে সেৱা কৰিব পাৰানে? (বাপদাদাই
পাণ্ডৱসকলক, মাতাসকলক বেলেগে বেলেগে সুধিছে – তোমালোকে মনেৰে সেৱা কৰিব পৰানে?)
এয়াতো বহুত ভালকৈ হাত দাঙিলে, লাগিলে কোনোবাই টি.ভি.ত দেখি-শুনি আছে বা সন্মুখত শুনি
আছে, এতিয়া বাপদাদাই সকলো সন্তানক দ্বায়িত্ব দিছে যে নিতৌ গোটেই দিনটোত কিমান ঘণ্টা
যথাৰ্থ ৰীতিৰে মনেৰে সেৱা কৰিলা, তাৰ প্ৰত্যেকেই নিজৰ ওচৰত খতিয়ান ৰাখিবা। এনেয়ে
নক’বা হয় কৰিলোঁ। যথাৰ্থ ৰূপত কিমান ঘণ্টা মনেৰে সেৱা কৰিলা, প্ৰত্যেকেই তাৰ
খতিয়ানৰ তালিকা ৰাখিবা। আকৌ বাপদাদাই অকস্মাতে খতিয়ানৰ তালিকা বিচাৰিব। তাৰিখ নকয়।
অকস্মাতে বিচাৰিব, চাব যে দ্বায়িত্বৰ মুকুট পিন্ধিলা নে সোলোক-ঢোলোক হৈ আছে?
দ্বায়িত্বৰ মুকুট পিন্ধিব লাগে নহয়! শিক্ষকসকলেতো দ্বায়িত্বৰ মুকুট পিন্ধিয়েই আছা
নহয়! এতিয়া তাত এইটো সংযোজন কৰিবা। ঠিক আছে নহয়। ডবল বিদেশীসকলে হাত দাঙা। এই
দ্বায়িত্বৰ মুকুট ভাল লাগেনে তেন্তে এনেকৈ হাত দাঙা। শিক্ষকসকলেও হাত দাঙা তোমালোকক
দেখি সকলোৱে প্ৰেৰণা পাব। তেন্তে খতিয়ানৰ তালিকা ৰাখিবানে? বাৰু, বাপদাদাই অকস্মাতে
এদিন সুধিব, নিজৰ নিজৰ খতিয়ানৰ তালিকা লিখি পঠিওৱা, তেতিয়া চাম কিয়নো বৰ্তমান সময়ত
ইয়াৰ বহুত আৱশ্যকতা আছে। নিজৰ পৰিয়ালৰ দুখ, অশান্তি তোমালোকে চাব পাৰানে! চাব পাৰানে?
দুখী আত্মাসকলক অঞ্জলিতো দিয়া। তোমালোকৰ যিটো গীত আছে – এটি টোপালৰ তৃষ্ণাতুৰ আমি…
আজিৰ সময়ত আত্মাসকল সুখ-শান্তিৰ এটি টোপালৰ তৃষ্ণাতুৰ হৈ আছে। সুখ-শান্তি ৰূপী
অমৃতৰ এটি টোপাল পালেও আনন্দিত হৈ যাব। বাপদাদাই বাৰে বাৰে শুনাই আছে – সময়ে
তোমালোকৰ অপেক্ষা কৰি আছে। পিতা ব্ৰহ্মাই নিজৰ ঘৰৰ দ্বাৰ মুকলি কৰিবলৈ অপেক্ষা কৰি
আছে। প্ৰকৃতিয়ে তীব্ৰগতিৰে পৰিস্কাৰ কৰিবলৈ অপেক্ষা কৰি আছে। গতিকে হে ফৰিস্তাসকল
এতিয়া ডবল লাইটেৰে অপেক্ষা অন্ত পেলোৱা। সদাপ্ৰস্তুত বুলিতো সকলোৱে কোৱা কিন্তু
সম্পন্ন আৰু সম্পূৰ্ণ হোৱাৰ ক্ষেত্ৰত সদাপ্ৰস্তুত হৈছানে? কেৱল শৰীৰ ত্যাগ কৰিবলৈ
সদাপ্ৰস্তুত হ’ব নালাগে, কিন্তু পিতাৰ সমান হৈ যাবলৈ সদাপ্ৰস্তুত হ’ব লাগে।
মধুবনৰ সকলো আগত বহে,
ভাল কথা। সেৱাও কৰে। মধুবন নিবাসী সদাপ্ৰস্তুতনে? হাঁহিছে, বাৰু প্ৰথম শাৰীত বহা
মহাৰথীসকল সদাপ্ৰস্তুতনে? পিতাৰ সমান হোৱাত সদাপ্ৰস্তুত হোৱানে? এনেকৈ গ’লে তেতিয়া
আগতীয়া দলত যাবাগৈ। আগতীয়া দলটিতো নিবিচাৰিলেও বাঢ়ি গৈ আছে। এতিয়া বাণী আৰু মনৰ
সেৱাৰ সন্তুলনত ব্যস্ত হৈ গ’লে তেতিয়া আশীৰ্বাদ বহুত পাবা। দ্বৈত পুঁজি জমা হৈ যাব
– পুৰুষাৰ্থৰো অৰু আশীৰ্বাদৰো। গতিকে সংকল্পৰে, বচনেৰে, বাণীৰে, কৰ্মৰে,
সম্বন্ধ-সম্পৰ্কৰে আশীৰ্বাদ দিয়া আৰু আশীৰ্বাদ লোৱা। এটাই কথা বচ্ আশীৰ্বাদ দিব
লাগে। লাগিলে কোনোবাই অভিশাপ দিয়ক তথাপি তোমালোকে আশীৰ্বাদ দিয়া কিয়নো তোমালোক
আশীৰ্বাদৰ সাগৰৰ সন্তান। কোনোবা বিতুষ্ট হওঁক কিন্তু তোমালোক বিতুষ্ট নহ’বা।
তোমালোক ৰাজী হৈ থাকা। এনেকুৱা হ’ব পাৰেনে? 100 জনে তোমালোকক বিতুষ্ট কৰক আৰু
তোমালোক ৰাজী হৈ থাকা, হ’ব পাৰেনে? হ’ব পাৰেনে? দ্বিতীয় শাৰীত বহাসকলে কোৱা হ’ব
পাৰেনে? এতিয়া আৰু অধিক বিতুষ্ট কৰিব, চাবা! কাকততো আহিব নহয়। মায়ায়ো শুনি আছে নহয়!
বচ্ এইটো ব্ৰত লোৱা, দৃঢ় সংকল্প কৰা – “মই আশীৰ্বাদ দিব লাগে আৰু ল’ব লাগে, বচ”।
হ’ব পাৰেনে? মায়াই লাগিলে বিতুষ্ট কৰক! তোমালোকতো ৰাজী হৈ থাকোঁতা হোৱা নহয়? গতিকে
এটাই কাম কৰা বচ্। বিতুষ্ট হ’বও নালাগে, কৰিবও নালাগে। কৰে যদি তেওঁলোকে কৰক, মই
নহওঁ। মই নকৰোঁও আৰু নহওঁও। প্ৰত্যেকেই নিজৰ দ্বায়িত্ব পালন কৰা। আনক নাচাবা, এওঁ
কৰিছে, মই সাক্ষী হৈ খেল চাওঁতা, কেৱল ৰাজীৰ খেল চাবা জানো, বিতুষ্টতাৰ খেলো মাজে
মাজে চাব লাগে নহয়। কিন্তু প্ৰত্যেকে যাতে নিজে নিজক ৰাজী কৰি ৰাখা।
মাতাসকল, পাণ্ডৱসকল
হ’ব পাৰানে? বাপদাদাই নক্সা চাই ল’ব। বাপদাদাৰ ওচৰত বহুত ডাঙৰ টি.ভি. আছে, বহুত
ডাঙৰ। প্ৰত্যেকৰে চাব পাৰে, কোনটো সময়ত কোনে কি কৰি আছে, বপদাদাই দেখে কিন্তু নকয়,
তোমালোকক নুশুনায়। বাকী ৰঙ বহুত দেখিবলৈ পায়। লুকাই লুকাই কি কৰে সেয়াও দেখিবলৈ পায়।
সন্তানসকলৰ চতুৰালিও বহুত আছে নহয়! বহুত চতুৰ। যদি বাপদাদাই সন্তানসকলৰ চতুৰালি
শুনায় তেন্তে শুনিয়েই তোমালোক অলপ চিন্তিত হৈ যাবা, সেইবাবে নুশুনায়। তোমালোকক
চিন্তিত কি কৰোঁ। কিন্তু বৰ বুদ্ধিমত্তাৰে কৰে। যদি সকলোতকৈ অধিক বুদ্ধিমান চাব খোজা
তেন্তে ব্ৰাহ্মণৰ মাজতে চোৱা। কিন্তু এতিয়া কিহত বুদ্ধিমান হ’বা? মনৰ সেৱাত। নম্বৰ
আগত লৈ লোৱা। পিছত নাথাকিবা। ইয়াত কোনো কাৰণ নাই। সময় নাপাওঁ, সুযোগ নাপাওঁ, শৰীৰ
থিকে নচলে, নুসুধিলেই, এইবোৰ একো নাই। সকলোৱে কৰিব পাৰা। সন্তানসকলে দৌৰা খেল
খেলিছিলা নহয়, এতিয়া ইয়াত দৌৰ লগোৱা। মনৰ সেৱাত দৌৰ লগোৱা। বাৰু।
কৰ্ণাটকৰ পাল:–
কৰ্ণাটকৰ যিসকল সেৱাত
আহিছা, তেওঁলোক উঠা। ইমানবিলাক সেৱাৰ কাৰণে আহিছে। ভাল কথা এয়াও সহজে শ্ৰেষ্ঠ পুণ্য
জমা কৰাৰ সোণালী সুযোগ পোৱা যায়। ভক্তিত কোৱা হয় – এজন ব্ৰাহ্মণৰো যদি সেৱা কৰা
তেন্তে বহুত পুণ্য হয়। আৰু ইয়াত কিমান সঁচা ব্ৰাহ্মণৰ সেৱা কৰা। গতিকে এয়া ভাল
সুযোগ পোৱা যায় নহয়! ভাল লাগিল নে ভাগৰ লাগিল? ভাগৰাতো নাই? মজা লাগিল নহয়! যদি সঁচা
অন্তৰেৰে পুণ্য বুলি বুজি সেৱা কৰে তেন্তে তাৰ প্ৰত্যক্ষ ফল হ’ল, তেওঁৰ ভাগৰ
নালাগিব, আনন্দিত হ’ব। এই প্ৰত্যক্ষফল পুণ্য জমা হোৱাৰ অনুভৱ হয়। যদি কিবা কাৰণে
অলপো ভাগৰ লাগে বা অলপ তেনেকুৱা অনুভৱ কৰে তেতিয়া বুজিবা সঁচা অন্তৰেৰে সেৱা কৰা
নাই। সেৱা অৰ্থাৎ প্ৰত্যক্ষ ফল, পুষ্টিকৰ ফল। সেৱা নকৰে পুষ্টিকৰ ফল খায়। গতিকে
কৰ্ণাটকৰ সকলো সেৱধাৰীয়ে নিজৰ ভাল সেৱাৰ ভূমিকা পালন কৰিলে আৰু সেৱাৰ ফল খালে।
বাৰু, সকলো শিক্ষক
ঠিকে আছানে। শিক্ষকসকলেতো ‘চিজন’ত কিমান বাৰ সুযোগ পায়। এই সুযোগ পোৱাটোও ভাগ্যৰ
চিন। এতিয়া শিক্ষকসকলে মনৰ সেৱাত দৌৰ লগাব লাগে। কিন্তু এনেকুৱা নকৰিবা যে গোটেই
দিন বহি যাবা, মই মনেৰে সেৱা কৰি আছোঁ। কোনোবা পাঠ্যক্ৰমত অংশ ল’বলৈ আহিলে তেতিয়া
তোমলোকে নক’বা, নহয় মইতো মনেৰে সেৱা কৰি আছোঁ। কৰ্মযোগৰ সময় আহিলে নক’বা যে মনেৰে
সেৱা কৰি আছোঁ। সন্তুলন লাগে। কোনো কোনোৰ বেছি নিচা লাগি যায় নহয়! এনেকুৱা নিচা
নলগাবা। সন্তুলনৰ দ্বাৰা আশীৰ্বাদ পায়। সন্তুলন নাথাকিলে আশীৰ্বাদো নাপায়। বাৰু।
এতিয়া সকলোৱে এক
চেকেণ্ডত মনৰ সেৱাৰ অনুভৱ কৰা। আত্মাসকলক শান্তি আৰু শক্তিৰ অঞ্জলি দিয়া। বাৰু।
চাৰিওফালৰ সকলো শ্ৰেষ্ঠ আত্মিকতাৰ অনুভৱ কৰাওঁতা আত্মাসকলক, প্ৰতিটো সংকল্প আৰু
সপোনতো পৱিত্ৰতাৰ পাঠ পঢ়োঁতা ব্ৰহ্মাচাৰী সন্তানসকলক, সকলো দৃঢ় সংকল্পধাৰী, মনেৰে
সেৱাধাৰী, তীব্ৰ পুৰুষাৰ্থী আত্মাসকলক, সদায় আশীৰ্বাদ দিওঁতা আৰু লওঁতা পুণ্য
আত্মাসকলক বাপদাদাৰ, অন্তৰ জিনোঁতা পিতাৰ অন্তঃকৰণে, স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ।
(দাদী জী, দাদী জানকী
জীৰ সৈতে ব্যক্তিগত সাক্ষাৎ)
বাপদাদাই ত্ৰিমূৰ্তি
ব্ৰহ্মাৰ দৃশ্য দেখুৱালে। তোমালোক সকলোৱে দেখিলানে? কিয়নো পিতাৰ সমান, পিতাৰ প্ৰতিটো
কাৰ্যত সঙ্গী হোৱা নহয়! সেইবাবে এইটো দৃশ্য দেখুৱালোঁ। বাপদাদাই তোমালোক দুয়োকে
বিশেষ শক্তিৰ ইচ্ছা-পত্ৰ কৰিছে। ইচ্ছা শক্তিও দিলে আৰু সকলো শক্তিৰ ইচ্ছা-পত্ৰও
কৰিলে, সেইবাবে সেই শক্তিয়ে নিজৰ কাম কৰি আছে। কৰাৱনহাৰে কৰাই আছে আৰু তোমালোক
নিমিত্ত হৈ কৰি আছা। মজা লাগে নহয়! কৰণ কৰাৱনহাৰ পিতাই কৰাই আছে, সেইবাবে কৰাওঁতাই
কৰাই আছে, তোমালোক নিশ্চিন্ত হৈ কৰি আছা। চিন্তা নাথাকে নহয়! নিশ্চিন্ত বাদশ্বাহ।
বাৰু। স্বাস্থৰো জ্ঞানপূৰ্ণ। অলপ অলপ দুষ্টালি কৰে। এই ক্ষেত্ৰতো জ্ঞানপূৰ্ণ হ’বই
লাগিব কিয়নো সেৱা বহুত কৰিব লাগে নহয়। সেয়েহে স্বাস্থ্যয়ো সঙ্গ দিয়ে। গতিকে দ্বৈত
জ্ঞানপূৰ্ণ। বাৰু, ওঁম্ শান্তি।
বৰদান:
ঈশ্বৰীয় সঙ্গত
থাকি ওলোটা সঙ্গৰ প্ৰহাৰৰ পৰা বাচি থাকোঁতা সৰ্বদা সৎসঙ্গী হোৱা
যেনেকুৱাই বেয়া সঙ্গ
নহওঁক কিন্তু তোমালোকৰ শ্ৰেষ্ঠ সঙ্গ তাৰ আগত কেইবা গুণ অধিক শক্তিশালী। ঈশ্বৰীয়
সঙ্গৰ আগত সেই সঙ্গ একোৱে নহয়। সকলো দুৰ্বল। কিন্তু যেতিয়া নিজেই দুৰ্বল হয় তেতিয়া
ওলোটা সঙ্গৰ প্ৰহাৰ হয়। যি সদায় একমাত্ৰ পিতাৰ সঙ্গত থাকে অৰ্থাৎ সদায় সৎসঙ্গী তেওঁ
অন্য কোনো সঙ্গৰ ৰঙত প্ৰভাৱিত হ’ব নোৱাৰে। ব্যৰ্থ কথা, ব্যৰ্থ সঙ্গ অৰ্থাৎ কুসঙ্গই
তেওঁক আকৰ্ষিত কৰিব নোৱাৰে।
স্লোগান:
বেয়াকো ভাললৈ
পৰিৱৰ্তন কৰোঁতাজনেই প্ৰসন্নচিত্ত হৈ থাকিব পাৰে।
“ইচ্ছা মাত্ৰম অবিদ্যা”
স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত:
যি “ইচ্ছা মাত্ৰম
অবিদ্যা” স্থিতিত থাকে তেৱেঁই অখণ্ড দানী হ’ব পাৰে। যেনেকৈ পিতাই নিজৰ সময়ো সেৱাত
দিলে। নিজে নম্ৰচিত হৈ সন্তানসকলক মান দিলে, নিজৰ ত্যাগ কৰি আনৰ নামত কৰিলে,
সন্তানসকলক মালিকৰ স্থানত ৰাখিলে আৰু নিজক সেৱাধাৰীৰ স্থানত ৰাখিলে, গতিকে
মালিকবোধৰ মানো ত্যাগ কৰিলে – সম্ভ্ৰমো ত্যাগ কৰিলে, নামো ত্যাগ কৰিলে, তেনেকৈ
পিতাক অনুসৰণ কৰা তেতিয়া “ইচ্ছা মাত্ৰম অবিদ্যা” স্থিতি গঢ়ি উঠিব।