08.09.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পুণ্য আত্মা হ'বৰ কাৰণে যিমান দূৰ সম্ভৱ ভাল কৰ্ম কৰা, সকলো দিশতে আগৰণুৱা হোৱা,
দৈৱীগুণ ধাৰণ কৰা”
প্ৰশ্ন:
কোনটো পৰিশ্ৰম
কৰিলে তোমালোক সন্তানসকল পদ্মাপদম পতি হোৱা?
উত্তৰ:
আটাইতকৈ অধিক পৰিশ্ৰম হৈছে আসুৰিক দৃষ্টিক মাৰ্জিত দৃষ্টি কৰি তোলা। দুচকুৱেই বহুত
প্ৰবঞ্চনা কৰে। দৃষ্টি মাৰ্জিত কৰি তুলিবলৈ পিতাই যুক্তি শুনাইছে যে সন্তানসকল
আত্মিক দৃষ্টিৰে চোৱা। শৰীৰক নাচাবা, মই আত্মা, এইটো অভ্যাস দৃঢ় কৰা, এইটো
পৰিশ্ৰমেৰে তোমালোক জন্ম-জন্মান্তৰৰ বাবে পদমপতি হৈ যাবা।
গীত:
ধীৰজ ধৰ মনুৱা………
(ধৈৰ্য্য ধৰা হে মন……)
ওঁম্শান্তি।
এয়া কোনে ক’লে?
শিৱবাবাই শৰীৰৰ দ্বাৰা ক’লে। কোনো আত্মাই শৰীৰ অবিহনে ক'ব নোৱাৰে। পিতায়ো শৰীৰত
প্ৰৱেশ কৰি আত্মাসকলক বুজায় - সন্তানসকল, এতিয়া তোমালোকৰ পাৰ্থিৱ (শাৰীৰিক) সম্পৰ্ক
নাই। এয়া হৈছে আত্মিক সম্পৰ্ক। আত্মাই জ্ঞান লাভ কৰে পৰমপিতা পৰমাত্মাৰ পৰা।
শৰীৰধাৰী যিসকল আছে সকলোৱে পঢ়ি আছে। পিতাৰতো নিজৰ শৰীৰ নাই। সেয়েহে কিছুসময়ৰ বাবে
এওঁৰ আধাৰ লৈছে। এতিয়া পিতাই কয় নিজক আত্মা বুলি নিশ্চয় কৰি বহা। বেহদৰ পিতাই আমাক
অৰ্থাৎ আত্মাসকলক বুজায়। এওঁৰ বাহিৰে কোনেও এনেকৈ বুজাব নোৱাৰে। আত্মাই আত্মাক
কেনেকৈ বুজাব। আত্মাসকলক বুজাওঁতা পৰমাত্মাৰ প্ৰয়োজন। তেওঁক কোনেও নাজানে।
ত্ৰিমূৰ্ত্তিৰ চিত্ৰৰ পৰাও শিৱক আঁতৰাই দিলে। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কোনে কৰাব।
ব্ৰহ্মাতো নতুন সৃষ্টিৰ ৰচয়িতা নহয়। বেহদৰ পিতা ৰচয়িতা সকলোৰে এজনেই শিৱবাবা।
ব্ৰহ্মাও কেৱল এতিয়াহে তোমালোকৰ পিতা, পাছত নহ'ব। তাততো লৌকিক পিতাহে থাকে। কলিযুগত
লৌকিক আৰু পাৰলৌকিক পিতা থাকে। এতিয়া সংগমত লৌকিক, অলৌকিক আৰু পাৰলৌকিক তিনিজন পিতা
আছে। পিতাই কয় – সুখধামত মোক কোনেও স্মৰণেই নকৰে। বিশ্বৰ মালিক পিতাই কৰি তুলিলে
তেন্তে আকৌ চিঞৰিবা কিয়? তাত আৰু কোনো খণ্ড নাথাকে। কেৱল সূৰ্যবংশীহে থাকে।
চন্দ্ৰবংশীও পাছতহে আহে। এতিয়া পিতাই কয় - সন্তানসকল ধৈৰ্য্য ধৰা, কিছুদিনহে বাকী
আছে। পুৰুষাৰ্থ ভালদৰে কৰা। দৈৱীগুণ ধাৰণ নকৰিলে পদো ভ্ৰষ্ট হৈ যাব। এয়া বহুত ডাঙৰ
লটাৰি। উকীল, ডাক্তৰ আদি হোৱাটোও লটাৰি হয় নহয়। বহুত ধন উপাৰ্জন কৰে। বহুতৰ ওপৰত
হুকুম চলায়। যিয়ে ভালকৈ পঢ়ে আৰু পঢ়ুৱায়, তেওঁলোকে উচ্চ পদ পাব। পিতাক স্মৰণ কৰিলে
বিকৰ্ম বিনাশ হ'ব। পিতাকো বাৰে বাৰে পাহৰি যায়। মায়াই স্মৃতি পাহৰাই দিয়ে। জ্ঞান
পাহৰাই নিদিয়ে। পিতাই কয়ো যে নিজৰ উন্নতি কৰিবলৈ হ'লে খতিয়ান ৰাখা - গোটেই দিনটোত
কোনো পাপ কৰ্মতো নকৰিলোঁ? নহ'লে এশগুণ পাপ হৈ যাব। যজ্ঞৰ তত্ত্বাৱধান লওঁতাসকল বহি
আছে, তেওঁলোকৰ ৰায় লৈ কৰা। এনেকৈ কয়ো যে যি খুওৱা, য'ত বহুওঁৱা। গতিকে বাকী অন্য আশা
ত্যাগ কৰিব লাগে। নহ'লে পাপ হৈ থাকিব। আত্মা পৱিত্ৰ কেনেকৈ হ'ব। যজ্ঞত কোনো পাপ কাম
কৰিব নালাগে। ইয়াত তোমালোক পুণ্য আত্মা হোৱা। চুৰি আদি কৰাতো পাপ হয় নহয়। মায়া
প্ৰৱেশ কৰে। যোগতো থাকিব নোৱাৰে, জ্ঞানো ধাৰণ কৰিব নোৱাৰে। নিজৰ অন্তৰক সুধিব লাগে
- মই যদি অন্ধৰ লাখুটি নহওঁ তেন্তে কি হ’লোঁ! অন্ধ বুলিয়ে কোৱা হ’ব নহয়। এই সময়ৰে
গায়ন কৰা হৈছে - ধৃতৰাষ্ট্ৰৰ সন্তান। সেইসকল আছে ৰাৱণৰাজ্যত। তোমালোক সংগমত আছা।
ৰামৰাজ্যত পুনৰ সুখ পাবাগৈ। পৰমপিতা পৰমাত্মাই কেনেকৈ সুখ দিয়ে সেয়া কাৰো বুদ্ধিত
উদয় নহয়। যিমানেই ভালদৰে নুবুজোৱা বুদ্ধিত ধাৰণ নহয়। নিজক যেতিয়া আত্মা বুলি বুজিব
তেতিয়াহে পৰমাত্মাৰ জ্ঞানো বুজিব পাৰিব। আত্মাই যেনেকুৱা পুৰুষাৰ্থ কৰে তেনেকুৱাই
হয়। গায়ন আছে - অন্তকালত যিয়ে স্ত্ৰীক স্মৰণ কৰে…..। পিতাই কয় - মোক স্মৰণ কৰিলে
মোক পাবা। নহ’লেতো বহুত শাস্তি ভোগ কৰি যাবা। সত্যযুগতো নহয়, ত্ৰেতাৰ অন্তত আহিবা।
সত্যযুগ-ত্ৰেতাক কোৱা হয় ব্ৰহ্মাৰ দিন। এজন ব্ৰহ্মাইতো নহ’ব, ব্ৰহ্মাৰতো বহুত
সন্তান আছে নহয়। ব্ৰাহ্মণসকলৰ দিন আকৌ ব্ৰাহ্মণসকলৰ ৰাতি হ’ব। এতিয়া পিতা আহিছে
ৰাতিৰ পৰা দিন কৰিবলৈ। ব্ৰাহ্মণেহে দিনলৈ যাবলৈ তৈয়াৰী কৰে। পিতাই কিমান বুজায়, দৈৱী
ধৰ্ম প্ৰতিষ্ঠাতো নিশ্চয় হ’বই। কলিযুগৰ বিনাশো নিশ্চয় হ’ব। যাৰ ভিতৰত অলপো সংশয়
থাকিব তেওঁ আঁতৰি যাব। প্ৰথমতে নিশ্চয় আকৌ সংশয় হৈ যায়। ইয়াৰ পৰা মৰি পুনৰ পুৰণি
সৃষ্টিত গৈ জন্ম লয়। বিনাশ হৈ যায়। পিতাৰ শ্ৰীমতততো চলিব লাগে নহয়। বহুত ভাল ভাল
সাৰ কথা সন্তানসকলকতো শুনাই থাকে।
পোন প্ৰথমেতো বুজোৱা
- আপুনি আত্মা, শৰীৰ নহয়। নহ’লেতো গোটেই লটাৰি নাইকিয়া হৈ যাব। যদিওবা তাত ৰজা অথবা
প্ৰজা সকলোৱে সুখত থাকে তথাপিও পুৰুষাৰ্থতো উচ্চ পদ পাবৰ বাবে কৰিবই লাগে নহয়।
এনেকুৱা নহয় যে সুখধামলৈতো যামেই। নহয়, উচ্চ পদ ল’ব লাগে, ৰজা হ’বৰ বাবে আহিছা।
এনেকুৱা বুদ্ধিমানো হ’ব লাগে। পিতাৰ সেৱা কৰিব লাগে। আত্মিক সেৱা কৰিব নোৱাৰিলে
স্থূল সেৱাও আছে। ক’ৰবাত পুৰুষসকলেও পৰস্পৰ মিলি শ্ৰেণীৰ পাঠদান চলাই থাকে। এগৰাকী
ভগ্নীয়ে মাজে সময়ে গৈ পাঠদান কৰে। বৃক্ষ লাহে লাহে বৃদ্ধি হয় নহয়। সেৱাকেন্দ্ৰলৈ
কিমান আহে কিন্তু আগবাঢ়ি গৈ গৈ নোহোৱা হৈ যায়। বিকাৰত অধঃপতিত হ’লে তেতিয়া
সেৱাকেন্দ্ৰলৈ আহিবলৈ লাজ কৰে। ঢিলা হৈ যায়। ক’ব যে এইটো বেমাৰ হৈ গ’ল। পিতাই সকলো
কথা বুজাই থাকে। নিজৰ খতিয়ান নিতৌ ৰাখা। জমা আৰু খালী হয়। লাভ আৰু লোকচান। আত্মা
পৱিত্ৰ হৈ গ’ল অৰ্থাৎ 21 জন্মৰ বাবে জমা হ’ল। পিতাৰ স্মৃতিতেই জমা হ’ব। পাপ খণ্ডন
হৈ যাব। এনেকৈ কয়ো নহয় - হে পতিত-পাৱন বাবা আহি আমাক পৱিত্ৰ কৰি তোলক। এনেকৈ জানো
কয় যে আহি বিশ্বৰ মালিক কৰি দিয়ক। নকয়, এয়া তোমালোক সন্তানসকলেহে জানা –
মুক্তি-জীৱনমুক্তি দুয়োখনেই হৈছে পৱিত্ৰ ধাম। তোমালোকে জানা যে আমি
মুক্তি-জীৱনমুক্তিৰ উত্তৰাধিকাৰ লাভ কৰোঁ। যিসকলে পূৰা ৰীতিৰে নপঢ়ে তেওঁলোক পাছলৈ
আহিব। স্বৰ্গলৈতো আহিব, সকলোৱে নিজৰ নিজৰ সময়ত আহিব। সকলো কথা বুজোৱা হয়। তৎক্ষণাততো
কোনেও বুজি নাপায়। ইয়াত তোমালোকে পিতাক স্মৰণ কৰিবলৈ কিমান সময় পোৱা। যিয়েই আহে
তেওঁক এইটো শুনোৱা যে প্ৰথমতে নিজক আত্মা বুলি বুজা। এই জ্ঞান পিতাইহে দিয়ে। যিজন
সকলো আত্মাৰে পিতা হয়। আত্ম-অভিমানী হ’ব লাগে। আত্মাই জ্ঞান লয়, পৰমাত্মা পিতাক
স্মৰণ কৰিলেহে বিকৰ্ম বিনাশ হ’ব, আকৌ সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান দিয়ে। ৰচয়িতাক
স্মৰণ কৰিলেহে পাপ ভস্ম হ’ব। আকৌ ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান বুজিলে তোমালোক
চক্ৰৱৰ্ত্তী ৰজা হৈ যাবা। বচ্ এয়া আকৌ আনকো শুনাব লাগে। চিত্ৰও তোমালোকৰ ওচৰত আছে।
এয়াতো গোটেই দিন বুদ্ধিত থাকিব লাগে। তোমালোক বিদ্যাৰ্থীও হোৱা নহয়। বহুত গৃহস্থীও
বিদ্যাৰ্থী হয়। তোমালোকেও গৃহস্থালিত থাকি পদুম ফুলৰ সমান হ’ব লাগে। ভাই-ভনীৰ মাজত
কেতিয়াও আসুৰিক দৃষ্টি থাকিব নোৱাৰে। এওঁলোকতো ব্ৰহ্মাৰ মুখ বংশাৱলী হয় নহয়। আসুৰিক
দৃষ্টিক মাৰ্জিত কৰিবলৈ বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। আধাকল্পৰ অভ্যাস হৈ গৈছে, তাক
আঁতৰাবলৈ বহুত পৰিশ্ৰম হয়। সকলোৱে লিখে যে এইটো সাৰ কথা যিটো বাবাই বুজাইছে, আসুৰিক
দৃষ্টি আঁতৰ কৰাৰ, এইটো বৰ কাঢ়া। বাৰে বাৰে বুদ্ধি গুচি যায়। বহুত সংকল্প উদয় হয়।
এতিয়া দুচকুক কি কৰোঁ? সুৰদাসৰ দৃষ্টান্ত দিয়ে। সেয়াতো এটা কাহিনী ৰচি দিছে। দেখিলে
যে দুচকুৱে মোক প্ৰবঞ্চনা কৰে সেয়েহে চকু উলিয়াই দিলে। এতিয়াতো সেইটো কথা নহয়। এই
চকুতো সকলোৰে আছে কিন্তু আসুৰিক, সেই আসুৰিক দৃষ্টিক মাৰ্জিত কৰিব লাগে। মনুষ্যই
ভাবে ঘৰত থাকি এইটো হ’ব নোৱাৰে। পিতাই কয় – হ’ব পাৰে কিয়নো আমদানি বহুত আছে।
তোমালোকে জন্ম-জন্মান্তৰৰ কাৰণে পদমপতি হোৱা। তাত হিচাপেই নহয়। আজিকালি বাবাই নামেই
পদমপতি, পদ্মাৱতী ৰাখি দিয়ে। তোমালোক অলেখ পদমপতি হোৱা। তাত হিচাপেই নহয়। যেতিয়া
টকা-পইচা আদি ওলায় তেতিয়াহে হিচাপ হয়। তাততো সোণ-ৰূপৰ মোহৰ কামত আহে। আগতে
ৰাম-সীতাৰ ৰাজ্যৰ মোহৰ আদি পোৱা গৈছিল। বাকী সূৰ্যবংশী ৰাজত্বৰ কেতিয়াও দেখা নাই।
চন্দ্ৰবংশীৰ দেখিয়ে আহিছে। প্ৰথমতেতো সকলো সোণৰ মোহৰহে আছিল তাৰপাছত ৰূপৰ। তাম আদিতো
পাছতহে ওলাইছে। এতিয়া তোমালোক সন্তানসকলে পিতাৰ পৰা পুনৰ উত্তৰাধিকাৰ লোৱা।
সত্যযুগত যি ৰীতি-প্ৰথা চলিবলগীয়া আছে সেয়াতো চলিবই। তোমালোকে নিজৰ পুৰুষাৰ্থ কৰা।
স্বৰ্গত বহুত কম সংখ্যক থাকে, আয়ুসো দীঘলীয়া হয়। অকাল মৃত্যু নহয়। তোমালোকে বুজি
পোৱা আমি কালৰ ওপৰত বিজয়ী হওঁ। মৃত্যুৰ নামেই নাই। সেইখনক কোৱা হয় অমৰলোক, এইখন হৈছে
মৃত্যুলোক। অমৰলোকত হাহাকাৰ নহয়। কোনোবা বয়োজ্যেষ্ঠৰ মৃত্যু হ’লে আৰু বেছিহে
আনন্দিত হ’ব, পুনৰ সৰু শিশু হ’বগৈ। ইয়াততো মৃত্যু হ’লে কন্দা-কটা কৰিবলৈ ধৰে।
তোমালোকে কিমান ভাল জ্ঞান পোৱা, কিমান ধাৰণা হ’ব লাগে। আনকো বুজাবলগীয়া হয়। বাবাক
কোনোবাই যদি কয় যে মই আত্মিক সেৱা কৰিব বিচাৰোঁ, বাবাই তৎক্ষণাৎ ক’ব ঠিক আছে কৰা।
বাবাই কাকো বাধা নিদিয়ে। জ্ঞান যদি নাই তেন্তে অজ্ঞানীয়ে হয়। অজ্ঞানতাৰ বাবে বহুত
অহিত কৰি দিয়ে। সেৱাও ভালদৰে কৰিব লাগে নহয় তেতিয়াহে লটাৰি পাবা। বহুত শ্ৰেষ্ঠ
লটাৰি। এয়া হৈছে ঈশ্বৰীয় লটাৰি। তোমালোক ৰজা-ৰাণী হ'লে তোমালোকৰ নাতি-নাতিনী
সকলোৱে ভোগ কৰি থাকিব। ইয়াততো প্ৰত্যেকেই নিজৰ কৰ্ম অনুসৰিহে ফল লাভ কৰে। কোনোবাই
বহুত ধন দান কৰিলে তেতিয়া ৰজা হয়, গতিকে পিতাই সন্তানসকলক সকলো বুজায়। ভালদৰে বুজিলৈ
ধাৰণা কৰিব লাগে। সেৱাও কৰিব লাগে। শতাধিকৰ সেৱাও হয়। ক’ৰবাত ক’ৰবাত ভক্তিৰ ভাৱনা
থকাসকল বহুত ভাল হয়। বহুত ভক্তি কৰিছে সেইবাবেতো জ্ঞানো ভালকৈ লয়। চেহেৰাৰ পৰা গম
পোৱা যায়। শুনিলে আনন্দিত হৈ থাকিব। যিসকলে বুজি নাপাব তেওঁলোকে ইফালে-সিফালে চাই
থাকিব নতুবা চকু বন্ধ কৰি বহিব। বাবাই সকলো দেখি থাকে। যদি কাকো নিশিকায় তেন্তে একো
বুজি পোৱা নাই। এখন কাণেৰে শুনি আনখনেৰে উলিয়াই দিয়ে। এতিয়া এয়া হৈছে বেহদৰ পিতাৰ
পৰা বেহদৰ উত্তৰাধিকাৰ লোৱাৰ সময়। যিমান ল'বা জন্ম-জন্মান্তৰ, কল্প-কল্পান্তৰলৈ পাবা।
নহ’লেতো পাছত বহুত অনুতাপ কৰিবা তেতিয়া সকলোৰে সাক্ষাৎকাৰ হ'ব। মই পূৰা নপঢ়িলোঁ
সেয়েহে পদো পাব নোৱাৰিম। বাকী কি হ’বাগৈ? লগুৱা-লিকচৌ, সাধাৰণ প্ৰজা। এয়া ৰাজধানী
স্থাপনা হৈ আছে। যেনেকুৱা যেনেকুৱা কৰিব সেই অনুসৰি ফল পাব। নতুন সৃষ্টিৰ কাৰণে
কেৱল তোমালোকেহে পুৰুষাৰ্থ কৰা। মনুষ্যই দান-পুণ্য কৰে, সেয়াও এইখন সৃষ্টিৰ কাৰণেই,
এয়াতো গতানুগতিক কথা। আমি ভাল কাম কৰিলে পৰৱৰ্তী জন্মত ভাল ফল পাম। তোমালোকৰতো হৈছে
21 জন্মৰ কথা। যিমান সম্ভৱ ভাল কৰ্ম কৰা, সকলো দিশতে আগৰণুৱা হোৱা। প্ৰথম নম্বৰত
জ্ঞানী আৰু যোগী আত্মাৰ প্ৰয়োজন। জ্ঞানীও লাগে, ভাষণ দিবৰ কাৰণে মহাৰথীসকলক মাতে
নহয় যিসকলে সকলো প্ৰকাৰৰ সেৱা কৰে গতিকে পুণ্যতো হয়েই। বিষয় আছে নহয়। যোগত থাকি যি
কোনো কৰ্ম কৰিলে ভাল নম্বৰ পাব পাৰে। নিজৰ অন্তৰক সুধিব লাগে মই সেৱা কৰোঁনে? নে
কেৱল খাওঁ, শুই থাকোঁ? ইয়াততো এই পঢ়াৰহে কথা বাকী কোনো কথা নাই। তোমালোক মনুষ্যৰ পৰা
দেৱতা, নৰৰ পৰা নাৰায়ণ হোৱা। অমৰকথা, তৃতীয় নেত্ৰৰ কথা (কাহিনী) এয়াই। মনুষ্যইতো
সকলো মিছা কথাই গৈ শুনে। তৃতীয় নেত্ৰতো পিতাৰ বাহিৰে কোনেও দিব নোৱাৰে। এতিয়া
তোমালোকে তৃতীয় নেত্ৰ প্ৰাপ্ত কৰিছা যাৰ দ্বাৰা সৃষ্টিৰ আদি-মধ্য-অন্তৰ বিষয়ে জানা।
এই পঢ়াত কুমাৰ-কুমাৰীসকল বহুত তীব্ৰ গতিৰে আগবাঢ়ি যোৱা উচিত। চিত্ৰও আছে, কাৰোবাক
সুধিব লাগে যে ‘গীতা’ৰ ভগৱান কোন? মুখ্য কথা এইটোৱে। ভগৱানতো এজনেই যাৰ পৰা
মুক্তিধামৰ উত্তৰাধিকাৰ পোৱা যায়। আমি তাৰ বাসিন্দা হওঁ। ইয়াত ভূমিকা পালন কৰিবলৈ
আহিছোঁ। এতিয়া পাৱন কেনেকৈ হ'ম? পতিত-পাৱনতো হৈছে একমাত্ৰ পিতা। আগলৈ গৈ তোমালোক
সন্তানসকলৰ অৱস্থাও বহুত ভাল হৈ যাব। পিতাই অনেক প্ৰকাৰে বুজনি দি থাকে। এটাতো হৈছে
পিতাক স্মৰণ কৰিব লাগে তেতিয়া জন্ম-জন্মান্তৰৰ পাপ নাশ হৈ যাব। নিজৰ অন্তৰক সুধিব
লাগে- মই কিমান স্মৰণ কৰোঁ? খতিয়ান ৰখাতো ভাল, স্ব-উন্নতি কৰা। নিজৰ ওপৰত কৃপা কৰি
নিজৰ চলন প্ৰত্যক্ষ কৰি থাকা, যদি আমি ভুল কৰি থাকোঁ তেন্তে ৰেজিষ্টাৰ বেয়া হৈ যাব,
এই ক্ষেত্রত দৈৱী চলন হোৱা উচিত। গায়নো আছে নহয় - যি খুৱাবা, য'ত বহুৱাবা, যি
নিৰ্দেশনা দিবা তাকে কৰিম। নিৰ্দেশনাতো নিশ্চয় শৰীৰৰ দ্বাৰাই দিব নহয়। “স্বৰ্গৰ
দ্বাৰ” এই কথাষাৰ ভাল। এয়া স্বৰ্গলৈ যোৱাৰ দ্বাৰ। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পুণ্য
আত্মা হ'বৰ কাৰণে অন্য সকলো আশা এৰি এইটো দৃঢ় কৰিব লাগে যে বাবা আপুনি যি খুৱাব,
য'ত বহুৱাব, কোনো ধৰণৰ পাপ কৰ্ম কৰিব নালাগে।
(2) ঈশ্বৰীয় লটাৰি
প্রাপ্ত কৰিবৰ কাৰণে আত্মিক সেৱাত লাগি যাব লাগে। জ্ঞানৰ ধাৰণা কৰি আনকো কৰাব লাগে।
ভাল নম্বৰ ল’বলৈ যিকোনো কৰ্ম স্মৃতিত থাকি কৰিব লাগে।
বৰদান:
মায়া আৰু
প্ৰকৃতিক দাসী কৰি দিওঁতা সদায় স্নেহী হোৱা
যিসকল সন্তান সদায়
স্নেহী তেওঁলোক স্নেহত লীন হোৱাৰ বাবে পৰিশ্ৰম আৰু কঠিনতাৰ পৰা সদায় হাত সাৰি থাকে।
তেওঁলোকৰ আগত মায়া আৰু প্ৰকৃতি দুয়ো এতিয়াৰ পৰা দাসী হৈ যায় অৰ্থাৎ সৰ্বদা স্নেহী
আত্মা মালিক হৈ যায় গতিকে প্ৰকৃতি মায়াৰ সাহস নাই যে সৰ্বদা স্নেহীৰ সময় বা সংকল্প
নিজৰ প্ৰতি লগাব। তেওঁলোকৰ সকলো সময়, প্ৰতিটো সংকল্প হয়েই পিতাৰ স্মৃতি আৰু সেৱাৰ
প্ৰতি। স্নেহী আত্মাসকলৰ স্থিতিৰ গায়ন আছে একমাত্ৰ পিতা অন্য কোনো নাই, পিতাই হৈছে
সংসাৰ। তেওঁলোক সংকল্পৰেও অধীন হ’ব নোৱাৰে।
স্লোগান:
জ্ঞানৱান হোৱা তেতিয়া সমস্যাবোৰ মনোৰঞ্জনৰ খেল যেন অনুভৱ হ’ব।
অব্যক্ত সংকেত: এতিয়া
একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালা ৰূপ কৰি তোলা
এই কলিযুগী তমোপ্ৰধান
জৰ্জৰিত পুৰণি বৃক্ষ ভস্ম কৰিবৰ বাবে সংগঠিত ৰূপত পুৰাদমে যোগ জ্বালা প্ৰজ্বলিত কৰা
কিন্তু এনেকুৱা জ্বালা স্বৰূপৰ স্মৃতি তেতিয়া থাকিব যেতিয়া স্মৃতিৰ সংযোগ সদায়
যুক্ত হৈ থাকিব। যদি ঘনে ঘনে সংযোগ ছিঙি যায় তেতিয়া তাক জোৰা লগাবলৈ সময়ো লাগে,
পৰিশ্ৰমো হয় আৰু শক্তিশালীৰ পৰিৱৰ্তে দুৰ্বল হৈ যোৱা।