08.09.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকৰ এতিয়া ঈশ্বৰীয় নতুন তেজ, তোমালোকে বৰ আনন্দ আৰু নিচাৰে ভাষণ দিয়া উচিত, নিচা থাকিব লাগে যে শিৱবাবাই আমাক পঢ়াই আছে”

প্ৰশ্ন:
তোমালোকে নিজৰ লক্ষ্য-উদ্দেশ্যৰ নিচা স্থায়ী কৰি ৰাখিবলৈ কোনটো যুক্তি অৱলম্বন কৰিব লাগে?

উত্তৰ:
নিজৰ বাদশ্বাহীৰ পাৰপত্ৰ (পাছপ’ৰ্ট) উলিয়াই ৰাখিব লাগে। তলত সাধাৰণ চিত্ৰ, ওপৰত ৰাজকীয় পোছাকেৰে সজ্জিত আৰু তাৰ ওপৰত শিৱবাবা, তেতিয়া লক্ষ্য-উদ্দেশ্যৰ স্মৃতি সহজে থাকিব। পকেটত এই পাৰপত্ৰ ৰাখিব লাগে। যেতিয়া কোনো মায়াৰ ধুমুহা আহিব তেতিয়া চিন্তন চলিব যে এতিয়া মোৰ পাৰপত্ৰতো বাতিল হৈ যাব। মই স্বৰ্গলৈ যাব নোৱাৰিম।

গীত:
ৰাত কে ৰাহি থক্‌ মত্‌ জানা… (নিশাৰ পথিক ভাগৰি নপৰিবা…)

ওঁম্শান্তি।
সন্তানসকলেতো এই গীতটিৰ অৰ্থ বুজিলে। এতিয়া ভক্তিমাৰ্গৰ ঘোৰ অন্ধকাৰ নিশা সম্পূৰ্ণ হ’ল। সন্তানসকলে জানে যে আমাৰ ওচৰলৈ এতিয়া কাল আহিব নোৱাৰে। ইয়াত বহি আছোঁ, আমাৰ লক্ষ্য-উদ্দেশ্য হৈছে মনুষ্যৰ পৰা দেৱতা হোৱাৰ। যেনেদৰে সন্ন্যাসীসকলে কয় - তুমি নিজক ম’হ বুলি ভাবা তেতিয়া সেইটো ৰূপ হৈ যাব। সেয়া হৈছে ভক্তিমাৰ্গৰ দৃষ্টান্ত। যেনেকৈ এইটোও এটা দৃষ্টান্ত আছে নহয় যে ৰামে বান্দৰৰ সেনা ল’লে আৰু ৰাৱণক জয় কৰিলে। তোমালোক ইয়াত বহি আছা জানা যে আমিয়েই দেৱী-দেৱতা দ্বৈত মুকুটধাৰী হ’মগৈ। যেনেকৈ স্কুলত যেতিয়া পঢ়ে তেতিয়া কয় মই এয়া পঢ়ি চিকিৎসক হ’ম, অভিযন্তা হ’ম। তোমালোকে জানা যে আমি এই পঢ়াৰ দ্বাৰা দেৱী-দেৱতা হৈ আছোঁ। এই শৰীৰ এৰিম আৰু আমাৰ শিৰত মুকুট হ’ব। এইখনতো অতি লেতেৰা ছিঃ ছিঃ সৃষ্টি। নতুন সৃষ্টিখন হৈছে অতি উত্তম সৃষ্টি। পুৰণি সৃষ্টিখন একেবাৰে অধম। এইখন সৃষ্টিতো এতিয়া নাশ হ’ব। আমাক বিশ্বৰ মালিক কৰি তোলোঁতাজন নিশ্চয় বিশ্বৰ ৰচয়িতা হ’ব, অন্য কোনেও পঢ়াব নোৱাৰে। শিৱবাবায়ে আমাক পঢ়াই ৰাজযোগ শিকায়। পিতাই বুজাইছে যে আত্মা-অভিমানী হোৱা। আত্মা-অভিমানী হোৱাৰ ক্ষেত্ৰতে পৰিশ্ৰম হয়। পূৰা আত্মা-অভিমানী হৈ গ’লে তেন্তে বাকী কি লাগে? তোমালোক ব্ৰাহ্মণতো হোৱাই, জানা যে আমি দেৱতা হৈ আছোঁ। নিচা থাকে - মই এয়া হৈ আছোঁ। আগতে আমি কলিযুগ নৰকত পতিত আছিলোঁ। অসুৰ আৰু দেৱতাৰ মাজত কিমান পাৰ্থক্য আছে। দেৱতাসকল কিমান পৱিত্ৰ। ইয়াত কিমান পতিত মনুষ্য আছে। চেহেৰা যদিও মনুষ্যৰ দৰে, কিন্তু চৰিত্ৰ চোৱা কেনেকুৱা। যিসকল দেৱতাসকলৰ পূজাৰী তেওঁলোকে নিজেও তেওঁলোকৰ আগত মহিমা গায়। আপোনালোক সৰ্বগুণ সম্পন্ন… আমাৰ কোনো গুণ নাই। এতিয়া তোমালোক সলনি হৈ দেৱতা হ’বা। শ্ৰীকৃষ্ণৰ পূজা এইকাৰণেই কৰে যে আমি যাতে কৃষ্ণপুৰীলৈ যাওঁ। কিন্তু এইটো গম নাপায় যে কেতিয়া যাব। ভক্তি কৰি থাকে যে ভগৱানে আহি ফল দিব। ভক্তিৰ ফল হৈছে সৎগতি। গতিকে এয়া হৈছে পঢ়া। প্ৰথমতেতো এইটো নিশ্চয়তা জন্মিব লাগে যে আমাক কোনে পঢ়ায়। এয়া হৈছে শ্ৰী শ্ৰী… তোমালোক সন্তানসকলে জানা যে পিতাই আমাক শ্ৰীমত দি আছে। যিসকলে এইটো গম নাপায়, তেওঁলোক কেনেকৈ শ্ৰেষ্ঠ হ’ব পাৰিব। আজিকালিতো এজনে আনজনক ভ্ৰষ্ট কৰাৰ মত দিয়ে। ভ্ৰষ্ট মত হৈছে আসুৰি মত। ইমানবোৰ ব্ৰাহ্মণ শ্ৰী শ্ৰী শিৱবাবাৰ মতত চলি আছে। পৰমাত্মাৰ মতেৰেই শ্ৰেষ্ঠ হয়। যাৰ ভাগ্যত থাকিব তেওঁলোকৰেই বুদ্ধিত ধাৰণ হ’ব। অন্যথা একোৱে বুজি নাপাব। যেতিয়া বুজিব তেতিয়া নিজেই সহায় কৰিবলৈ লাগি যাব। বহুতেতো নাজানেই যে এওঁ কোন, সেয়েহে বাবাই কাকো সাক্ষাতো নকৰে। তেওঁলোকেতো বেছিকৈহে নিজৰ আসুৰি মত উলিয়াব। এতিয়া সকলোৱে মানৱ মততে চলি আছে। শ্ৰীমতক নজনাৰ কাৰণে পিতা ব্ৰহ্মাকো নিজৰ মত দিবলৈ লাগি যায়। এতিয়া পিতাৰ আগমনেই হৈছে তোমালোক সন্তানসকলক শ্ৰেষ্ঠ কৰি তুলিবলৈ। এতিয়া সন্তানসকলে কয় বাবা 5 হাজাৰ বছৰ পূৰ্বৰ দৰে আমি আপোনাক লগ পাইছোঁ। যিসকলে গমেই নাপায় তেওঁলোকে এনেকৈ সঁহাৰি জনাব নোৱাৰে। সন্তানসকলৰ পঢ়াৰ বহুত নিচা থাকিব লাগে। এয়া অতি উচ্চ পঢ়া। কিন্তু মায়াও অতি বিৰোধী। তোমালোকে জানা যে আমি সেই পঢ়া পঢ়োঁ যাৰ দ্বাৰা আমাৰ শিৰত দ্বৈত মুকুট হ’ব। ভৱিষ্যত জন্ম-জন্মান্তৰ ডবল মুকুটধাৰী হ’বাগৈ। গতিকে তাৰ বাবে আকৌ এনেকুৱা পুৰুষাৰ্থ কৰিব লাগে। ইয়াক কোৱা হয় ৰাজযোগ। কি আচৰিত কথা। বাবাই সদায় বুজায় লক্ষ্মী-নাৰায়ণৰ মন্দিৰলৈ যোৱা। পূজাৰীকো তোমালোকে বুজাব পাৰা। তেওঁলোকক সোধা যে লক্ষ্মী-নাৰায়ণে এই পদবী কেনেকৈ পালে? এওঁলোক বিশ্বৰ মালিক কেনেকৈ হ’ল? এনেকৈ বহি কাৰোবাক শুনোৱা তেতিয়া পূজাৰীৰো কল্যাণ হৈ যাব। তোমালোকে ক’ব পাৰা যে আমি আপোনালোকক বুজাওঁ। এই লক্ষ্মী-নাৰায়ণে কেনেকৈ ৰাজ্য পালে? গীতাতো ভগৱানুবাচ বুলি আছে নহয় যে মই তোমালোকক ৰাজযোগ শিকাই ৰজাৰো ৰজা কৰি তোলোঁ। গতিকে সন্তানসকলৰ কিমান নিচা থাকিব লাগে। আমি এয়া হওঁগৈ। লাগিলে নিজৰ চিত্ৰ আৰু বাদশ্বাহীৰ চিত্ৰ একেলগে উলিওৱা। তলত তোমালোকৰ চিত্ৰ ওপৰত বাদশ্বাহীৰ চিত্ৰ হওঁক, ইয়াত খৰচতো নাই। ৰাজকীয় পোছাকতো ততালিকে তৈয়াৰ কৰিব পৰা যায়। সেয়া নিজৰ ওচৰত ৰাখি দিয়া তেতিয়া বাৰে বাৰে স্মৃতিলৈ আহি থাকিব। ময়েই সেই দেৱতা হৈ আছোঁ। ওপৰত লাগিলে শিৱবাবা থাকক। এই সকলোবোৰ চিত্ৰ উলিয়াব লাগে। আমি মনুষ্যৰ পৰা দেৱতা হওঁ। এই শৰীৰ এৰি আমি গৈ দেৱতা হ’মগৈ কিয়নো এতিয়া এই ৰাজযোগ শিকি আছোঁ। গতিকে এই ফটোৱে সহায় কৰিব। ওপৰত শিৱ তাৰপাছত বাদশ্বাহীৰ চিত্ৰ, তলত তোমালোকৰ সাধাৰণ চিত্ৰ। শিৱবাবাৰ পৰা আমি ৰাজযোগ শিকি দ্বৈত মুকুটধাৰী দেৱতা হৈ আছোঁ। চিত্ৰ ৰাখি থলে কোনোবাই সুধিলে তোমালোকে ক’ব পাৰিবা। আমাক শিকাওঁতা এয়া শিৱবাবা। চিত্ৰ দেখি সন্তানসকলৰ নিচা বাঢ়িব। লাগিলে দোকানতো এই চিত্ৰ ৰাখি দিয়া। ভক্তিমাৰ্গত বাবাই নাৰায়ণৰ চিত্ৰ ৰাখিছিল। পকেটতো আছিল। তোমালোকেও নিজৰ ফটো ৰাখি দিয়া তেতিয়া স্মৃতিত থাকিব যে আমি দেৱী-দেৱতা হৈ আছোঁ। পিতাক স্মৰণ কৰাৰ উপায় উলিয়াব লাগে। পিতাৰ স্মৃতি পাহৰি গ’লেই অৱনতি হয়। বিকাৰত অৱনমিত হ’লেতো তেতিয়া লাজ পাব যে এতিয়া মই এই দেৱতা হ’ব নোৱাৰিম। হাৰ্টফেল হৈ যাব যে মই এতিয়া দেৱতা কেনেকৈ হ’ম। বাবাই কয় - বিকাৰত অৱনমিত হোৱাসকলৰ ফটো উলিয়াই দিয়া। কোৱা, তুমি স্বৰ্গলৈ যোৱাৰ যোগ্য নহয়। তোমাৰ পাৰপত্ৰ বাতিল হৈ গ’ল। নিজেও অনুভৱ কৰিব – মইতো অৱনমিত হৈ গ’লোঁ! এতিয়া কেনেকৈ স্বৰ্গলৈ যাম? যেনেকৈ বাবাই নাৰদৰ দৃষ্টান্ত দিয়ে, তেওঁক ক’লে নিজৰ চেহেৰাতো চোৱা লক্ষ্মীক বৰণ কৰাৰ যোগ্য হোৱানে? তেতিয়া চেহেৰা বান্দৰৰ দৰে দেখিলে গতিকে মনুষ্যও লজ্জিত হ’ব- মোৰ মাজততো এইটো বিকাৰ আছে তেন্তে শ্ৰী লক্ষ্মী-নাৰায়ণক কেনেকৈ বৰণ কৰিব পাৰিম। বাবাইতো যুক্তি বহুত শুনায়। কিন্তু কোনোবাই বিশ্বাসো কৰক নহয়। বিকাৰৰ নিচা জাগিলে তেতিয়া বুজে যে এইটো হিচাপত মই ৰজাৰো ৰজা দ্বৈত মুকুটধাৰী কেনেকৈ হ’ম। পুৰুষাৰ্থতো কৰিব লাগে নহয়। বাবাই বুজায় যে এনেকুৱা সুন্দৰ যুক্তি ৰচনা কৰা আৰু সকলোকে বুজাই থাকা। এই ৰাজযোগেৰে স্থাপনা হৈ আছে। এতিয়া বিনাশ সন্মুখত থিয় হৈ আছে। দিনে-প্ৰতিদিনে ধুমুহাৰ তীব্ৰতা বাঢ়ি যাব। বোমা আদিও তৈয়াৰ হৈ আছে।

তোমালোক সন্তানসকলে এয়া পঢ়াই উচ্চ পদ পাবৰ কাৰণে। তোমালোক এবাৰেই পতিতৰ পৰা পাৱন হোৱা। মনুষ্যই জানো বুজি পায় যে আমি নৰকবাসী কিয়নো পাথৰবুদ্ধিৰ হয়। এতিয়া তোমালোক পাথৰবুদ্ধিৰ পৰা পাৰসবুদ্ধিৰ হৈ আছা। ভাগ্যত থাকিলে তৎক্ষণাৎ বুজি পাব। অন্যথা যিমানেই মগজ নখটোৱা বুদ্ধিত ধাৰণ নহ’ব। পিতাকেই নাজানে তেন্তে নাস্তিক হয় অৰ্থাৎ অনাথ। প্ৰভুৰ হ’ব লাগে যিহেতু শিৱবাবাৰ সন্তান। ইয়াত যিসকলৰ জ্ঞান আছে তেওঁলোকে নিজৰ সন্তানসকলক বিকাৰৰ পৰা ৰক্ষা কৰি থাকিব। অজ্ঞানীসকলেতো নিজৰ দৰে সন্তানসকলক বিকাৰত আৱদ্ধ কৰি থাকিব। তোমালোকে জানা যে ইয়াত বিকাৰৰ পৰা ৰক্ষা কৰা হয়। কন্যাসকলকতো প্ৰথমতে ৰক্ষা কৰিব লাগে। মাতা-পিতাইতো যেন বিকাৰত ঠেলি দিয়ে। তোমালোকে জানা যে এইখন ভ্ৰষ্টাচাৰী সৃষ্টি। শ্ৰেষ্ঠাচাৰী সৃষ্টিতো সকলোৱে বিচাৰে কিন্তু কোনে গঢ়িব? ভগৱানুবাচ - মই এই সাধু, সন্তসকলৰো উদ্ধাৰ কৰোঁ। গীতাতো লিখা আছে যে ভগৱানেহে সকলোকে উদ্ধাৰ কৰিব লাগে। একমাত্ৰ ভগৱান পিতাহে আহি সকলোকে উদ্ধাৰ কৰে। এই সময়ত যদি গম পাই যায় যে যথাযথ গীতাৰ ভগৱান শিৱ তেন্তে ক’ব নোৱাৰি কি হৈ যাব! কিন্তু এতিয়াও অলপ দেৰি আছে। নহ’লেতো সকলোৰে ভেটি একেবাৰে কঁপিবলৈ ধৰিব। সিংহাসন কঁপে নহয়। যেতিয়া যুদ্ধ লাগে তেতিয়া গম পোৱা যায় যে এওঁৰ সিংহাসন কঁপিব ধৰিছে, এতিয়া বাগৰি পৰিব। এতিয়া এয়া কঁপিলেতো হুলস্থূল লাগি যাব। আগলৈ গৈ হ’ব। গতিকে ভাষণতো তোমালোকে বুজাব পাৰা। যিসকলে সংস্কৃত ভালদৰে জানে তেওঁলোকে শ্লোক শুনাব পাৰে। পতিত-পাৱন, সকলোৰে সৎগতি দাতাই নিজেই কয়, যথাযথ ব্ৰহ্মা তনৰ দ্বাৰা স্থাপনা কৰি আছোঁ। সকলোৰে সৎগতি অৰ্থাৎ উদ্ধাৰ কৰি আছোঁ। ভাষণ দিবলৈ বহুত নিচা থাকিব লাগে। কন্যাসকলৰ নতুন তেজ। জ্ঞানৰ পাথৰ দলিয়াব পাৰে। বিদ্যাৰ্থীসকলৰ নতুন তেজ থাকে নহয়, সেয়েহে খুব হুলস্থূল কৰে। পাথৰ দলিয়ায়। এই ক্ষেত্ৰত তেওঁলোক তীক্ষ্ণ হয়। এতিয়া এয়াও তোমালোকৰ নতুন তেজ। তোমালোকে জানা যে তেওঁলোকে কিমান ক্ষতি কৰি আছে। তোমালোকৰ এয়া হৈছে ঈশ্বৰীয় নতুন তেজ। তোমালোকে পুৰণিৰ পৰা নতুন হৈ আছা। তোমালোক আত্মা যি পুৰণি লৌহযুগী হৈ গৈছা, সেয়া এতিয়া নতুন স্বৰ্ণীমযুগী হৈ আছে। গতিকে সন্তানসকলৰ বৰ ৰুচি থকা উচিত। নিচা স্থায়ী কৰি ৰাখিব লাগে। নিজৰ সমনীয়াসকলৰ উন্নতি কৰিব লাগে। গুৰু মাতা বুলি গায়নো কৰা হয়। মাতা কেতিয়া গুৰু হয় সেয়া তোমালোকে জানা। গুৰুৰ পৰম্পৰা এতিয়া চলে। পিতা আহি মাতাসকলৰ ওপৰত জ্ঞান অমৃতৰ কলহ ৰাখে। আৰম্ভণিত এনেকুৱা হয়। সেৱাকেন্দ্ৰসমূহৰ বাবেও কয় যে ব্ৰাহ্মণী লাগে। বাবাইতো কয় - নিজেই চলোৱা। সাহস নাই, নহয় বাবা মাতা লাগে। এয়াও ঠিক, মান দিয়ে। আজিকালি জগতত এজনে আনজনক লেঙেৰা (উপৰুৱা) মান দিয়ে। স্থায়ী মান কোনেও নাপায়। এই সময়ত তোমালোক সন্তানসকলৰ স্থায়ী ৰাজ্য-ভাগ্য প্ৰাপ্ত হৈ আছে। তোমালোকক পিতাই কিমান প্ৰকাৰেৰে বুজায়। নিজক সদায় হৰ্ষিত মুখৰ কৰি ৰাখিবৰ বাবে পিতাই বহুত ভাল ভাল যুক্তি শুনায়। শুভ ভাৱনা ৰখা উচিত। অহো! আমি এই লক্ষ্মী-নাৰায়ণ হওঁগৈ। যদি কাৰোবাৰ ভাগ্যত নাথাকে, তেন্তে পুৰুষাৰ্থ কি কৰিব? বাবাইতো পুৰুষাৰ্থ কৰিবলৈ কয়, পুৰুষাৰ্থ কেতিয়াও ব্যৰ্থত নাযায়। এয়াতো সদায় সফল হয়। ৰাজধানী স্থাপনা হৈ যাব। বিনাশো ভয়ানক মহাভাৰতৰ যুদ্ধৰ দ্বাৰা হ’ব। আগলৈ গৈ তোমালোকো শক্তিশালী হ’বা তেতিয়া এই সকলোবোৰ আহি যাব। তেওঁলোকে এতিয়া বুজি নাপাব, নহ’লেতো তেওঁলোকৰ ৰাজত্ব শেষ হৈ যাব। তোমালোকৰ ওচৰত বহুত ভাল চিত্ৰ আছে। এয়া হৈছে সৎগতি অৰ্থাৎ সুখধাম। এয়া হৈছে মুক্তিধাম। বুদ্ধিয়েও কয় আমি সকলো আত্মা নিৰ্বাণধামত থাকোঁ। য’ৰ পৰা আকৌ বাণীৰ জগতলৈ আহোঁ। আমি আত্মাসকল তাৰ নিবাসী। এই খেলখনেই ভাৰতৰ ওপৰত আধাৰিত। শিৱ জয়ন্তীও ইয়াত পালন কৰে। পিতাই কয় - মই আহিছোঁ, কল্পৰ পাছত পুনৰ আহিম। ভাৰতেই স্বৰ্গ হয়। এনেকৈ কয়ো যে যীশুখ্ৰীষ্টৰ ইমান বছৰ পূৰ্বে স্বৰ্গ আছিল। এতিয়া নাই, পুনৰ হ’ব। তেন্তে নিশ্চয় নৰকবাসীৰ বিনাশ, স্বৰ্গীবাসীৰ স্থাপনা হোৱা উচিত। তোমালোক স্বৰ্গবাসী হৈ আছা, নৰকৰ বিনাশ হৈ যাব। এইটোও বোধ থাকিব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) প্ৰত্যেকৰে প্ৰতি শুভ ভাৱনা ৰাখিব লাগে। সকলোকে সঁচা মান দিব লাগে। সত্যযুগী ৰাজধানীত উচ্চ পদ প্ৰাপ্ত কৰিবৰ বাবে পুৰুষাৰ্থ কৰিব লাগে।

(2) আত্মা-অভিমানী হোৱাৰ পৰিশ্ৰম কৰিব লাগে। মানৱ মত এৰি এজনৰ শ্ৰীমতত চলিব লাগে। পঢ়াৰ নিচাত থাকিব লাগে।

বৰদান:
সকলো আত্মাৰ পতিত সংকল্প বা বৃত্তি ভস্ম কৰোঁতা মাষ্টৰ জ্ঞান সূৰ্য হোৱা

যেনেকৈ সূৰ্যই নিজৰ কিৰণেৰে আৱৰ্জনা, মলিনতা আৰু কীটাণু ভস্ম কৰি দিয়ে, তেনেকৈ যেতিয়া তোমালোক মাষ্টৰ জ্ঞান-সূৰ্য হৈ কোনো পতিত আত্মাক চাবা, তেতিয়া তেওঁৰ পতিত সংকল্প, পতিত বৃত্তি বা দৃষ্টি ভস্ম হৈ যাব। পতিত-পাৱনী আত্মাৰ ওপৰত কোনো পতিত সংকল্পই প্ৰভাৱ পেলাব নোৱাৰে। পতিত আত্মাসকলে পতিত-পাৱনী আত্মাসকলৰ প্ৰতি উছৰ্গিত হৈ যাব। ইয়াৰ বাবে সদায় ‘মাইট হাউচ’ অৰ্থাৎ মাষ্টৰ জ্ঞান-সূৰ্যৰ স্থিতিত স্থিৰ হৈ থাকা

স্লোগান:
নিজৰ ধাৰণা স্বৰূপৰ দ্বাৰা যোগী জীৱনৰ প্ৰভাৱ পেলোৱা— এইটো অতি উচ্চ সেৱা।


অব্যক্ত ইংগিত: নিজৰ দাতা স্বৰূপ প্ৰত্যক্ষ কৰা

যেনেকৈ গায়ন আছে যে ভাগ্য-বিধাতা পিতাই ব্ৰহ্মাৰ দ্বাৰা ভাগ্য বিলালে, গতিকে যি ব্ৰহ্মাৰ কাম, সেয়াই ব্ৰাহ্মণৰ কাম। জগতৰ লোকে কাপোৰ বিলাব, খাদ্য-শস্য বিলাব, পানী বিলাব, কিন্তু শ্ৰেষ্ঠ ভাগ্যতো তোমালোক ভাগ্য-বিধাতাৰ সন্তানসকলেহে বিলাব পাৰা। যিয়ে ভাগ্য প্ৰাপ্ত কৰে, তেওঁৰ সকলো প্ৰাপ্ত হৈ যায়, সেয়েহে ভাগ্য বিলোৱাত উদাৰ অন্তৰৰ হোৱা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]