08.10.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
বুদ্ধিক পৰিশোধিত কৰিবলৈ হ’লে একমাত্ৰ পিতাৰ স্মৃতিত থাকা, স্মৃতিৰেই আত্মা স্বচ্ছ
হৈ যাব”
প্ৰশ্ন:
বৰ্তমান সময়ত
মনুষ্যই নিজৰ সময় আৰু ধন কেনেকৈ নষ্ট কৰি আছে?
উত্তৰ:
যেতিয়া কোনোবাই শৰীৰ ত্যাগ কৰে তেতিয়া মৃতকৰ নামত কিমান ধন আদি খৰচ কৰি থাকে। যিহেতু
আত্মা শৰীৰ ত্যাগ কৰি গুচি গ’ল গতিকে সেই শৰীৰৰ কোনো মূল্যতো নাথাকিল, সেয়েহে সেই
ব্যক্তিজনৰ নামত যি কৰে তাত নিজৰ সময় আৰু ধন নষ্ট কৰে।
ওঁম্শান্তি।
আত্মিক পিতাই
বহি আত্মিক সন্তানসকলক বুজায়, এৱোঁ (ব্ৰহ্মাই) এনেকৈ নকয় জানো, সেয়া পিতাই হওঁক বা
দাদাই হওঁক। দাদায়ো ক’ব আত্মিক পিতাই তোমালোক সন্তানসকলক অতীত, বৰ্তমান আৰু
ভৱিষ্যতৰ জ্ঞান শুনায়। বাস্তৱত সত্যযুগৰ পৰা ত্ৰেতাৰ অন্তলৈকে কি হ’ল, এয়া হৈছে
মুখ্য কথা। বাকী দ্বাপৰ-কলিযুগত কোন কোন আহিল, কি হ’ল, তেওঁলোকৰ ইতিহাস-ভূগোলতো
বহুত আছে। সত্য-ত্ৰেতাৰ কোনো ইতিহাস-ভূগোল নাই বাকী সকলোৰে ইতিহাস-ভূগোল আছে, বাকী
দেৱী-দেৱতাসকলক লাখ লাখ বছৰ আগলৈ লৈ গ’ল। এয়া হৈছে বেহদৰ বুদ্ধিহীনতা। তোমালোকো
বেহদৰ বুদ্ধিহীনতাত আছিলা। এতিয়া অলপ অলপ বুজি পাইছা। কোনোৱেতো এতিয়াও একোৱে বুজি
নাপায়। বহুত বুজিবলৈ বাকী আছে। পিতাই আবুৰ মহিমাৰ বিষয়ে বুজাইছে, ইয়াৰ ওপৰত খেয়াল
কৰা উচিত। তোমালোকৰ বুদ্ধিত উদয় হোৱা উচিত তোমালোক ইয়াত বহি আছা। তোমালোকৰ স্মাৰক
দেলৱাড়া মন্দিৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল, কিমান বছৰৰ পাছত নিৰ্মাণ কৰা হ’ল। এনেকৈ
কয় যে 1250 বছৰ হ’ল তেন্তে বাকী কিমান বছৰ থাকিল? 3750 বছৰ বাকী থাকিল। গতিকে
তেওঁলোকেও এতিয়াৰ স্মাৰক আৰু বৈকুণ্ঠৰ স্মাৰক নিৰ্মাণ কৰিছে। মন্দিৰৰো প্ৰতিযোগিতা
হয় নহয়। এটাতকৈ আনটো ভালকৈ সাজে। এতিয়া ধনেই বা ক’ত আছে যে সাজিব। ধনতো বহুত আছিল,
সেয়েহে সোমনাথৰ মন্দিৰ কিমান ডাঙৰকৈ নিৰ্মাণ কৰিছে। এতিয়াতো সাজিব নোৱাৰে। যদিও
আগ্ৰা আদিত নিৰ্মাণ কৰি থাকে কিন্তু সেয়া সকলো হৈছে অৰ্থহীন। মনুষ্যতো অন্ধকাৰত আছে।
যেতিয়ালৈকে সাজিব তেতিয়ালৈকে বিনাশো আৰম্ভ হ’ব। এই কথাবোৰ কোনেও নাজানে। ভাঙি দিয়ে
আকৌ সাজি থাকে। পইচা আৰামত আহি থাকে। সকলো ব্যৰ্থত গৈ থাকে। সময়ৰ অপচয়, ধনৰ অপচয়,
শক্তিৰ অপচয়। কোনোবা মৰিলে কিমান সময় অপচয় কৰে। আমি একোৱেই নকৰোঁ। আত্মাতো গুচি গ’ল,
বাকী ছালখন (শৰীৰতো) কি কামৰ। সাপে ছাল এৰি দিয়ে, তাৰ কিবা মূল্য আছে জানো। একোৱে
মূল্য নাই। ভক্তিমাৰ্গত ছালৰ মূল্য আছে। জড় চিত্ৰৰ কিমান পূজা কৰে। কিন্তু তেওঁলোক
কেতিয়া আহিল, কেনেকৈ আহিল সেয়া একোৱে নাজানে। ইয়াক ভূত পূজা বুলি কোৱা হয়। পাঁচ
তত্বৰ পূজা কৰে। ধৰি লোৱা লক্ষ্মী-নাৰায়ণে স্বৰ্গত ৰাজ্য কৰিছিল, বাৰু 150 বছৰ আয়ুস
পূৰা হ’ল, শৰীৰ ত্যাগ কৰিলে, বচ্। শৰীৰতো কোনো কামৰ হৈ নাথাকিল। তাৰ তাত কিমূল্য
থাকিব। আত্মা গুচি গ’ল, শৰীৰ চণ্ডালৰ হাতত দি দিলে, তেওঁ নীতি-নিয়ম অনুসৰি জ্বলাই
দিব। এনেকুৱা নহয় যে নাম অৰ্জন কৰিবলৈ তেওঁৰ মাটি লৈ উৰুৱাই দিব। একোৱেই নাই। ইয়াততো
কিমান কৰে। ব্ৰাহ্মণক খুৱায়, অন্যান্য কৰ্ম আদি কৰে। তাত এনেকুৱা একো নহয়। ছালখনতো
কোনো কামৰ হৈ নাথাকিল। ছাল জ্বলাই দিয়ে। বাকী চিত্ৰ থাকে। তাৰো আকৌ সঠিক চিত্ৰ পোৱা
নাযায়। এই আদি দেৱৰ পাথৰৰ মূৰ্তি একেবাৰে সঠিক হয় জানো। পূজা যেতিয়াৰ পৰা আৰম্ভ
কৰিছে তেতিয়াৰ পৰা পাথৰৰে হয়। আচলতে যি আছিল সেয়াতো জ্বলি শেষ হৈ গ’ল আকৌ
ভক্তিমাৰ্গত এইবোৰ ওলাইছে। এই কথাবোৰৰ ওপৰতো চিন্তনতো চলে নহয়। আবুৰ মহিমা ভালদৰে
সিদ্ধ কৰিব লাগে। তোমালোকো ইয়াত বহি আছা। ইয়াতেই পিতাই গোটেই বিশ্বক নৰকৰ পৰা
স্বৰ্গ কৰি আছে সেয়েহে এইখনেই সকলোতকৈ উচ্চ তীৰ্থ হৈ গ’ল। এতিয়া ইমান ভাৱনা নাই,
মাথো এজন শিৱৰ প্ৰতি ভাৱনা আছে, য’লৈকে নোযোৱা কিয় শিৱৰ মন্দিৰ নিশ্চয় থাকিব।
অমৰনাথতো শিৱৰে আছে। এনেকৈ কয় যে শংকৰে পাৰ্ৱতীক কথা (কাহিনী) শুনালে। তাততো
কাহিনীৰ কোনো কথাই নাই। মনুষ্যৰ বোধশক্তি অলপো নাই। এতিয়া তোমালোকে বুজি পাইছা, আগতে
জানো জানিছিলা।
এতিয়া বাবাই আবুৰ
কিমান মহিমা কৰে। সকলো তীৰ্থৰ ভিতৰত এইখন হৈছে মহান তীৰ্থ। বাবাই বুজাইতো বহুত,
কিন্তু অনন্য সন্তানসকলৰ বুদ্ধিত ধাৰণ হ’লেহে, এতিয়াতো দেহ-অভিমান বহুত আছে। জ্ঞানতো
বহুত লাগে। বহুত পৰিশোধন হ’বলগীয়া আছে। এতিয়াতো কাচিৎহে কাৰোবাৰ যোগ লাগে। যোগৰ লগতে
জ্ঞানো লাগে। এনেকুৱা নহয় যে কেৱল যোগতে থাকিব লাগে। যোগত জ্ঞান নিশ্চয় লাগে।
দিল্লীত “জ্ঞান-বিজ্ঞান ভৱন” নাম ৰাখিছে কিন্তু ইয়াৰ অৰ্থ কি, এইটো জানো বুজি পায়।
জ্ঞান-বিজ্ঞানতো চেকেণ্ডৰ কথা। শান্তিধাম, সুখধাম। কিন্তু মনুষ্যৰ অলপো বুদ্ধি নাই।
অৰ্থ জানো বুজি পায়। চিন্মিয়ানন্দ আদি কিমান ডাঙৰ ডাঙৰ সন্ন্যাসী আদি আছে, গীতা
শুনায়, তেওঁলোকৰ কিমান অনুগামী আছে। সকলোতকৈ শ্ৰেষ্ঠ জগতৰ গুৰুতো এজন পিতাই হয়। পিতা
আৰু শিক্ষকতকৈ গুৰু শ্ৰেষ্ঠ। স্ত্রীয়ে কেতিয়াও দ্বিতীয় পতি গ্ৰহণ নকৰে গতিকে গুৰুৰ
ক্ষেত্ৰতো দ্বিতীয়জনৰ শৰণাপন্ন হোৱা উচিত নহয়। এজন গুৰুৰ শৰণাপন্ন হ’লা, তেৱেঁই
সৎগতি কৰিব তেন্তে আকৌ অন্য গুৰু কিয়? সৎগুৰুতো এজনেই বেহদৰ পিতা। সকলোৰে সৎগতি
কৰোঁতা। কিন্তু বহুত আছে যিয়ে এই কথাবোৰ বুজি নাপায়। পিতাই বুজাইছে - এয়া ৰাজধানী
স্থাপনা হৈ আছে, গতিকে ক্ৰমানুসৰিতো হ’বই নহয়। কিছুমানেতো অলপো বুজিব নোৱাৰে।
ড্ৰামাত এনেকুৱাই ভূমিকা আছে। শিক্ষকেতো বুজিব পাৰে। যিটো শৰীৰৰ দ্বাৰা বুজায়
তেৱোঁতো বুজি পায় নহয়। এয়াতো গুড় অৰ্থাৎ শিৱবাবা আৰু গুড় ৰখা পাত্ৰ অৰ্থাৎ শিৱবাবাৰ
ৰথ ব্ৰহ্মা বাবাই জানে। গুড় বুলি শিৱবাবাক কোৱা হয়, তেওঁ সকলোৰে অৱস্থাক জানে।
প্ৰত্যেকৰে পঢ়াৰ পৰা বুজিব পাৰে - কোনে কেনেকৈ পঢ়ে, কিমান সেৱা কৰে। কিমান বাবাৰ
সেৱাত জীৱন সফল কৰে। এনেকুৱা নহয় যে এই ব্ৰহ্মাই ঘৰ-সংসাৰ ত্যাগ কৰিলে সেই কাৰণে
লক্ষ্মী-নাৰায়ণ হৈ যায়। পৰিশ্ৰম কৰে। এই জ্ঞান বহুত উচ্চ। কোনোবাই যদি পিতাৰ অৱজ্ঞা
কৰে তেতিয়া একেবাৰে পাথৰ হৈ যায়। বাবাই বুজাইছিল - এয়া হৈছে ইন্দ্ৰ সভা। শিৱবাবাই
জ্ঞানৰ বর্ষা কৰে। তেওঁৰ যদি অৱজ্ঞা কৰে তেন্তে শাস্ত্ৰত লিখা আছে যে পাথৰ বুদ্ধিৰ
হৈ গ’ল সেই কাৰণে বাবাই সকলোলৈকে লিখি থাকে। লগত কাৰোবাক লৈ আহিলে সাৱধান হ’বা।
এনেকুৱা নহয় যে বিকাৰী অপৱিত্ৰ আহি ইয়াত বহিব। নহ’লে লৈ অনা ব্ৰাহ্মণীৰ গাত দোষ লাগি
যাব। এনেকুৱা কাকো লৈ আহিব নালাগে। বহুত দায়িত্ব আছে। পিতা হৈছে অতিকৈ উচ্চ।
তোমালোকক বিশ্বৰ বাদশ্বাহী দিয়ে তেন্তে তেওঁৰ প্ৰতি কিমান সন্মান ৰাখিব লাগে। বহুতৰে
মিত্ৰ-সম্বন্ধীয় আদি স্মৃতিলৈ আহি থাকে, পিতাৰ স্মৃতি নাথাকে। ভিতৰি শ্বাসৰুদ্ধ হৈ
থাকে। পিতাই বুজায় - এইখন হৈছে আসুৰি সৃষ্টি। এতিয়া দৈৱী সৃষ্টি হ’ব, আমাৰ
লক্ষ্য-উদ্দেশ্য হৈছে এয়া (লক্ষ্মী-নাৰায়ণ)। এই লক্ষ্মী-নাৰায়ণ হ’ব লাগে। যিবিলাক
চিত্ৰ আছে সকলোৰে জীৱন কাহিনী তোমালোকে জানা। মনুষ্যক বুজাবলৈ কিমান পৰিশ্ৰম কৰা হয়।
তোমালোকেও বুজি পোৱা, এওঁ অলপ ভাল বুদ্ধিমান। এওঁতো একোৱেই নুবুজে। তোমালোক
সন্তানসকলৰ মাজত যিয়ে যিমানে জ্ঞান ধাৰণ কৰিছে, সেই অনুসৰিয়ে সেৱা কৰি আছে। মুখ্য
কথা হৈছেই গীতাৰ ভগৱানৰ। সূৰ্যবংশী দেৱী-দেৱতাসকলৰ এই এখনেই শাস্ত্ৰ। বেলেগ বেলেগ
নহয়। ব্ৰাহ্মণৰো বেলেগ নহয়। এয়া অতিকৈ বুজিবলগীয়া কথা। এই জ্ঞানমাৰ্গতো আগবাঢ়ি গৈ
থাকোঁতে যদি বিকাৰত অধঃপতিত হৈ যায়, তেন্তে জ্ঞান বৈ যাব। বহুত ভাল ভাল সন্তান গৈ
বিকাৰী হৈ গ’ল ফলস্বৰূপে পাথৰ বুদ্ধিৰ হৈ গ’ল। এই ক্ষেত্ৰত বহুত বোধশক্তি থকা উচিত।
পিতাই যি বুজায় সেয়া উগাৰিব (মন্থন কৰিব) লাগে। ইয়াততো তোমালোকৰ বহুত সহজ, কোনো
সাংসাৰিক কাম-কাজ, হাই-উৰুমি আদি নাই। বাহিৰত থাকিলে পেছাগত কাম-কাজ আদিৰ কিমান
চিন্তা থাকে। মায়াই বহুত ধুমুহাত লৈ আনে। ইয়াততো কোনো সাংসাৰিক কাম-কাজ নাই। একান্ত
বাতাৱৰণ বিৰাজমান হৈ আছে। পিতাই তথাপিও সন্তানসকলক পুৰুষাৰ্থ কৰাই থাকে। এই বাবাও
পুৰুষাৰ্থী। পুৰুষাৰ্থ কৰাওঁতাজনতো হৈছে পিতা। ইয়াৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰিব লাগে।
ইয়াততো পিতা সন্তানসকলৰ লগত বহি আছে। যিয়ে পূৰা সহযোগ দিয়ে তেওঁকেই সেৱাধাৰী বুলি
কোৱা হ’ব। বাকী শ্বাসৰুদ্ধ হোৱাসকলেতো লোকচান কৰে আৰু বেচিকৈহে অহিত কৰে, বিঘ্নৰ
সৃষ্টি কৰে। এইটোতো জানা যে মহাৰজা-মহাৰাণী হ’লে তেতিয়া তেওঁলোকৰ দাস-দাসীও লাগিব।
সেই দাস-দাসীও ইয়াৰ পৰাই আহিব। সকলো পঢ়াৰ ওপৰত নিৰ্ভয় কৰে। এই শৰীৰো আনন্দেৰে ত্যাগ
কৰিব লাগে, দুখৰ কথা নাই। পুৰুষাৰ্থৰ কাৰণেতো সময় পোৱা। জ্ঞান হৈছে এক চেকেণ্ডৰ,
বুদ্ধিত আছে যে শিৱবাবাৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। যদি অলপো জ্ঞান শুনা, শিৱবাবাক
স্মৰণ কৰা তেতিয়াও (স্বৰ্গলৈ) আহিব পাৰা। প্ৰজাতো বহুত হ’ব আমাৰ
সূৰ্যবংশী-চন্দ্ৰবংশী ৰাজধানী ইয়াত স্থাপনা হৈ আছে। পিতাৰ হৈ যদি গ্লানি কৰা তেন্তে
বহুত বোজা বাঢ়ি যাব। একেবাৰে যেন ৰসাতলে গুচি যায়। বাবাই বুজাইছে - যিয়ে নিজৰ পূজা
কৰায় তেওঁ পূজ্য বুলি কেনেকৈ ক’ব পাৰে। সকলোৰে সৎগতি দাতা, কল্যাণ কৰোঁতাতো এজন
পিতাহে। মনুষ্যইতো শান্তিৰো অৰ্থ বুজি নাপায়। হঠযোগেৰে প্ৰাণায়াম আদি কৰা, তাকেই
শান্তি বুলি ভাবে। সেয়া কৰোঁতেও আকৌ বহুত পৰিশ্ৰম হয়, কাৰোবাৰ মগজেই নষ্ট হৈ যায়।
প্ৰাপ্তি একোৱে নাই। সেয়া হৈছে খন্তেক সময়ৰ শান্তি। যেনেকৈ সুখক খন্তেকীয়া কাগ
বিষ্টাৰ সমান বুলি কয় তেনেকৈ সেই শান্তিও কাগ বিষ্টাৰ সমান। সেয়া হয়েই খন্তেক সময়ৰ
বাবে। পিতাইতো 21 জন্মৰ বাবে তোমালোকক সুখ-শান্তি দুয়োটা দি দিয়ে। কোনোৱেতো
শান্তিধামত অন্তিম সময়লৈকে থাকে। যিমান ভূমিকা আছে, সেই সকলে জানো ইমান সুখ দেখিবলৈ
পাব! তাতো ক্ৰমানুসৰি পদতো থাকিব নহয়। যদিও দাস-দাসী হ’ব কিন্তু ভিতৰত জানো প্ৰৱেশ
কৰিব পাৰিব। শ্ৰীকৃষ্ণকো দেখা নাপাব। সকলোৰে পৃথক পৃথক মহল থাকিব। দেখা কৰাৰ
নিদিষ্ট সময় থাকিব। চোৱা যেনেকৈ পোপ আহিলে তেতিয়া তেওঁৰ দৰ্শন কৰিবৰ কাৰণে কিমান
লোক যায়। এনেকৈ বহুত আহিব, যিসকলে বহুত প্ৰভাৱ বিস্তাৰ কৰিব। লাখ লাখ মনুষ্য দৰ্শন
কৰিবলৈ যাব। ইয়াত শিৱবাবাৰ দৰ্শন কেনেকৈ হ’ব? এয়াতো বুজিবলগীয়া কথা।
এতিয়া জগতে কেনেকৈ
জানিব যে এইখন হৈছে সকলোতকৈ উচ্চ তীৰ্থ। দেলৱাড়াৰ দৰে মন্দিৰ আখে-পাখে আৰু থাকিব
পাৰে, সেয়া গৈ চাব লাগে। কেনেকৈ নিৰ্মাণ কৰা হৈছে। তেওঁলোকক জ্ঞান দিয়াৰো কোনো
দৰকাৰ নাই। তেওঁলোকে আকৌ তোমালোকক জ্ঞান দিবলৈ লাগি যাব। ৰায় দিয়ে নহয় - এইটো কৰিব
লাগে, এইটো কৰিব নালাগে। এইটোতো নাজানে যে আমাক পঢ়াওঁতাজন কোন। এজন এজনক বুজাওঁতে
পৰিশ্ৰম হয়। তাৰ ওপৰত কাহিনীও আছে। কৈছিল সিংহ আহিল, সিংহ আহিল…। তোমালোকেও কোৱা
মৃত্যু সন্মুখত তেতিয়া তেওঁলোকে বিশ্বাস নকৰে। এনেকৈ বুজি লয় যে এতিয়াতো 40 হাজাৰ
বছৰ বাকী আছে, মৃত্যু ক’ৰ পৰা আহিব। কিন্তু মৃত্যুতো নিশ্চয় আহিব, সকলোকে লৈ যাব।
তাত কোনো আৱৰ্জনা নাথাকে। ইয়াৰ গৰু আৰু তাৰ গৰুৰ মাজত কিমান পাৰ্থক্য আছে।
শ্ৰীকৃষ্ণই জানো গৰু চৰাইছিল। তেওঁলোকৰ ওচৰলৈতো গাখীৰ যেন হেলিকপ্তাৰেৰে আহে। এই
আৱৰ্জনাবোৰ নাথাকিব। ঘৰৰ সন্মুখত জানো আৱৰ্জনা থাকিব। তাততো সীমাহীন সুখ, যাৰ বাবে
পূৰা পুৰুষাৰ্থ কৰিব লাগে। কিমান ভাল ভাল সন্তান সেৱাকেন্দ্ৰৰ পৰা আহে। বাবাই দেখি
কিমান আনন্দিত হয়। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি ফুল হৈ ওলায়। যি ফুল হয় তেওঁ নিজকো ফুল
বুলি বুজে। দিল্লীতো সন্তানসকলে দিনে-ৰাতিয়ে কিমান সেৱা কৰে। জ্ঞানো কিমান উচ্চ।
আগতেতো একো জনা নাছিলা। এতিয়া কিমান পৰিশ্ৰম কৰিবলগীয়া হয়। বাবাৰ ওচৰলৈতো সকলো খবৰ
আহে। কাৰোবাৰ খবৰ শুনায়, কাৰোবাৰ নুশুনায় কিয়নো নিন্দুকো বহুত থাকে। বহুত উত্তম
সন্তানো নিন্দুক হৈ যায়। তৃতীয় শ্ৰেণীৰো নিন্দুক আছে। অলপ জ্ঞান পালেই এনেকৈ ভাবে
যে মই শিৱবাবাৰো বাবা হৈ গ’লোঁ। পৰিচয়তো নাই যে কোনে জ্ঞান দিয়ে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বিশ্বৰ বাদশ্বাহী দিওঁতা পিতাৰ প্ৰতি বহুত সন্মান ৰাখিব লাগে। পিতাৰ সেৱাত নিজৰ
জীৱন সফল কৰিব লাগে, পঢ়াৰ প্ৰতি পূৰা মনোযোগ দিব লাগে।
(2) পিতাৰ পৰা যি
জ্ঞান পোৱা যায় তাৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰিব লাগে। কেতিয়াও বিঘ্ন ৰূপ হ’ব নালাগে।
অহিত কৰিব নালাগে। অহংকাৰত আহিব নালাগে।
বৰদান:
চাৰিওটা বিষয়তে
পিতাৰ অন্তৰে বিচৰা নম্বৰ লওঁতা অন্তৰ আসনধাৰী হোৱা
যিসকল সন্তানে চাৰিওটা
বিষয়তে ভাল নম্বৰ লয়, আদিৰ পৰা অন্তলৈকে ভাল নম্বৰ লৈ উত্তীৰ্ণ হয় তেওঁলোককেই
সন্মান সহকাৰে উত্তীৰ্ণ হোৱা বুলি কোৱা হয়। মাজে মাজে নম্বৰ কম হ'ল আকৌ পূৰা কৰিলা
এনেকুৱা নহয়, সকলো বিষয়তে পিতাৰ অন্তৰ পচন্দৰ হ'লেহে অন্তৰ আসনধাৰী হয়। লগতে
ব্ৰাহ্মণ সংসাৰত সকলোৰে প্ৰিয়, সকলোৰে সহযোগী, সকলোৰে সন্মান প্ৰাপ্ত কৰোঁতা অন্তৰ
আসনধাৰীসকলেই ৰাজ্য সিংহাসনধাৰী হয়।
স্লোগান:
প্ৰেমাস্পদ সেইগৰাকী যাৰ অন্তৰত সদায় এইটোৱে অন্তহীন গীত অনবৰত বাজি থাকে যে মই
পিতাৰ, পিতা মোৰ।
পুৰণা সংস্কাৰ
পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
দেহৰ আকৰ্ষণৰ সংস্কাৰ
যিয়ে নিবিচৰা সত্ত্বেও আকৰ্ষিত কৰি লয়, এই সংস্কাৰৰ পৰিৱৰ্তন কৰিবৰ কাৰণে মুখ্য দুটা
কথাৰ প্ৰতি ধ্যান দিয়া – 1) প্ৰত্যেকৰে চৰিত্ৰক চাব লাগে আৰু 2) চৈতন্যক (বিচিত্ৰ
আত্মাক) চাব লাগে। বৰ্তমান সময়ত মুখ্য এইটোৱে পুৰুষাৰ্থ কৰিব লাগে। এইটো পুৰুষাৰ্থৰে
সংস্কাৰ পৱিত্ৰ হৈ যাব। দৈহিক দৃষ্টি সমাপ্ত হৈ যাব।