08.10.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক স্বৰ্গৰ পাৰপত্ৰ ল’বলৈ এই পাঠশালালৈ আহিছা, আত্ম-অভিমানী হোৱা আৰু নিজৰ নাম পঞ্জীয়ন বহীত লিপিবদ্ধ কৰাই দিয়া তেতিয়া স্বৰ্গলৈ আহি যাবা”

প্ৰশ্ন:
কোনটো স্মৃতি নথকা বাবে সন্তানসকলে পিতাৰ প্ৰতি সন্মান নাৰাখে?

উত্তৰ:
বহুত সন্তানৰ এইটোৱে স্মৃতিত নাথাকে যে যাক গোটেই জগতে আহ্বান জনাই আছে, স্মৰণ কৰি আছে, সেইজন উচ্চতকৈও উচ্চ পিতা আমাৰ সন্তানসকলৰ সেৱাত উপস্থিত হৈছে। এইটো নিশ্চয়তা ক্ৰমানুসৰি আছে, যাৰ যিমান নিশ্চয়তা আছে সিমান সন্মান ৰাখে।

গীত:
জো পিয়া কে সাথ হে... (যিসকল প্ৰিয়তমৰ লগত আছে...)

ওঁম্শান্তি।
সকলো সন্তান জ্ঞান সাগৰৰ লগততো আছেই। ইমানবিলাক সন্তান একে ঠাইতেতো থাকিব নোৱাৰে। অৱশ্যে যিসকল লগত থাকে তেওঁলোকে ওচৰত পোনপটীয়াকৈ জ্ঞান শুনে আৰু যিসকল দূৰৈত আছে তেওঁলোকে দেৰিকৈ পায়। কিন্তু এনেকুৱা নহয় যে লগত থকাসকলে বেছিকৈ উন্নতি কৰে আৰু দূৰণিত থকাসকলৰ কম উন্নতি হয়। নহয়, বাস্তৱত দেখা যায় যিসকল দূৰৈত থাকে তেওঁলোকে বেছিকৈ পঢ়ে আৰু উন্নতি লাভ কৰে। অৱশ্যে এইটো হয় যে বেহদৰ পিতা ইয়াত আছে। ব্ৰাহ্মণ সন্তানসকলৰ ভিতৰতো ক্ৰমানুসৰি হয়। সন্তানসকলে দৈৱীগুণো ধাৰণ কৰিব লাগে। কোনো কোনো সন্তানৰ দ্বাৰা ডাঙৰ ডাঙৰ গাফিলতি হয়। বুজেও যে বেহদৰ পিতা যাক গোটেই জগতে স্মৰণ কৰে, তেওঁ আমাৰ সেৱাত হাজিৰ হৈ আছে আৰু আমাক উচ্চতকৈও উচ্চ কৰি তোলাৰ মাৰ্গৰ বিষয়ে কয়। বহুত স্নেহেৰে বুজায়, তথাপিও ইমান সন্মান নিদিয়ে। বন্ধনত থকাসকলে কিমান মাৰ খায়, ধৰফৰাই থাকে তথাপিও স্মৃতিত থাকি ভালদৰে ধাৰণ কৰি লয়। পদো উচ্চ হৈ হৈ যায়। বাবাই সকলোৰে বাবে নকয়। পুৰুষাৰ্থৰ ক্ৰমানুসৰিতো হয়েই। পিতাই সন্তানসকলক সাৱধান কৰায়, সকলোতো একে সমান হ’ব নোৱাৰে। বন্ধনত থকাসকলে বাহিৰত থাকিও বহুত ভাল উপাৰ্জন কৰে। এই গীতটিতো ভক্তিমাৰ্গৰসকলে ৰচিছে। কিন্তু তোমালোকৰ অৰ্থে কৰাৰ নিচিনাও হয়, তেওঁলোকে কি জানে, প্ৰিয়তম কোন, কাৰ প্ৰিয়তম? আত্মাই নিজকেই নাজানে তেন্তে পিতাক কেনেকৈ জানিব। হয়তো আত্মাই নহয়। মই কি হওঁ, ক’ৰপৰা আহিছোঁ - এইটোও গম নাপায়। সকলো দেহ-অভিমানী। আত্ম-অভিমানী কোনো নাই। যদি আত্ম-অভিমানী হয় তেন্তে আত্মাই নিজৰ পিতাকো জানিব। দেহ-অভিমানী হোৱা বাবে আত্মাকো নাজানে, পৰমপিতা পৰমাত্মাকো নাজানে। ইয়াতেতো তোমালোক সন্তানসকলক পিতাই সন্মুখত বহি বুজায়। এয়া বেহদৰ স্কুল। এটাই লক্ষ্য-উদ্দেশ্য - স্বৰ্গৰ বাদশ্বাহী প্ৰাপ্ত কৰা। স্বৰ্গতো বহুত পদ আছে। কোনোবা ৰজা-ৰাণী, কোনোবা প্ৰজা। পিতাই কয় – মই আহিছোঁ তোমালোকক পুনৰাই দ্বৈত মুকুটধাৰী কৰি তুলিবলৈ। সকলোতো দ্বৈত মুকুটধাৰী হ’ব নোৱাৰে। যিসকলে ভালদৰে পঢ়ে তেওঁলোকে অন্তৰেৰে বুজি পায় যে আমি এয়া হ’ব পাৰোঁ। সমৰ্পিতও হয়, নিশ্চয়তাও আছে। পিতাই বুজি পায় যে এওঁলোকৰ দ্বাৰা এনেকুৱা কোনো ছিঃ ছিঃ কাম নহয়। কিছুমানৰ বহুত অৱগুণ থাকে। তেওঁলোকে জানো বুজিব যে আমি ইমান উচ্চ পদ পাম সেইবাবে পুৰুষাৰ্থই নকৰে। যদি পিতাক সোধে যে মই এয়া হ’ব পাৰিমনে, তেতিয়া বাবাই তৎক্ষণাৎ কৈ দিব। নিজক চালে তেতিয়া তৎক্ষণাৎ বুজিব যথাৰ্থতে মই উচ্চ পদ পাব নোৱাৰো। লক্ষণো লাগিব নহয়। সত্যযুগ-ত্ৰেতাততো এনেকুৱা কথা নাথাকে। তাত হৈছে প্ৰালব্ধ। পাছত যিসকল ৰজা হয়, তেওঁলোকেও প্ৰজাক বহুত স্নেহ কৰে। এয়াতো মাতা-পিতা হয়। এয়াও তোমালোক সন্তানসকলেহে জানা। এয়াতো বেহদৰ পিতা, এই গোটেই সৃষ্টিৰ পঞ্জীয়ন কৰোঁতা হয়। তোমালোকেও পঞ্জীয়ন কৰা নহয়। পাৰপত্ৰ দি আছে। স্বৰ্গৰ মালিক হোৱাৰ বাবে তোমালোকে ইয়াৰ পৰা পাৰপত্ৰ পোৱা। বাবাই কৈছিল – সকলোৰে ফটো থকা উচিত, যিসকল বৈকুণ্ঠৰ যোগ্য হয় কিয়নো তোমালোক মনুষ্যৰ পৰা দেৱতা হোৱা। কাষত মুকুট পৰিধান কৰা বা ৰাজ সিংহাসনত অধিষ্ঠিত হৈ থকা ফটো থাকিব লাগে। আমি এয়া হৈ আছোঁ। প্ৰদৰ্শনী আদিতো আৰ্হি ৰাখিব লাগে – এয়া হয়েই ৰাজযোগ। ধৰি লোৱা বেৰিষ্টাৰ হোৱা তেতিয়া এফালে সাধাৰণ পোছাকত, আনফালে বেৰিষ্টাৰী পোছাকত। ঠিক তেনেকৈ এফালে তোমালোক সাধাৰণ, আনফালে দ্বৈত মুকুটধাৰী। তোমালোকৰ এখন চিত্ৰ আছে নহয় – য’ত সোধা যে কি হ’বলৈ বিচৰা? এয়া বেৰিষ্টাৰ আদি হ’ব লাগে নে ৰজাৰো ৰজা হ’ব লাগে। এনেকুৱা চিত্ৰ থকা উচিত। বেৰিষ্টাৰ, ন্যায়াধীশ আদিতো ইয়াৰ হয়। তোমালোক ৰজাৰো ৰজা নতুন সৃষ্টিত হ’বা। লক্ষ্য-উদ্দেশ্য সন্মুখত আছে। আমি এয়া হৈ আছোঁ। বুজনি কিমান ভাল। চিত্ৰও বহুত ভাল ডাঙৰ আকাৰৰ হ’ব লাগে। তেওঁলোকে বেৰিষ্টাৰী পঢ়ে গতিকে যোগ বেৰিষ্টাৰৰ লগত থাকে। বেৰিষ্টাৰেই হয়। এওঁৰ যোগ পৰমপিতা পৰমাত্মাৰ লগত সেয়েহে দ্বৈত মুকুটধাৰী হয়। এতিয়া পিতাই বুজায় – সন্তানসকল কাৰ্যত অহা উচিত। লক্ষ্মী-নাৰায়ণৰ চিত্ৰৰ ওপৰত বুজোৱা বহুত সহজ হ’ব। আমি এয়া হৈ আছোঁ গতিকে তোমালোকৰ কাৰণে নিশ্চয় নতুন সৃষ্টিৰ প্ৰয়োজন। নৰকৰ পাছত হৈছে স্বৰ্গ।

এতিয়া এয়া হ’ল পুৰুষোত্তম সংগমযুগ। এই পঢ়াই কিমান উচ্চ কৰি তোলে, ইয়াত পইচা আদিৰ দৰকাৰ নাই। পঢ়াৰ চখ থাকিব লাগে। এজন ব্যক্তি বহুত গৰিব আছিল, পঢ়াৰ বাবে পইচা নাছিল। পাছত কষ্ট কৰি পঢ়ি পঢ়ি ইমান ধনৱান হৈ গ’ল যে ৰাণী ভিক্টোৰিয়াৰ মন্ত্ৰী হৈ গ’ল। তোমালোকো এতিয়া কিমান গৰিব। পিতাই কিমান উচ্চ পাঠ পঢ়ায়। ইয়াত কেৱল বুদ্ধিৰে পিতাক স্মৰণ কৰিব লাগে। চাকি আদি জ্বলোৱাৰো প্ৰয়োজন নাই। যিকোনো ঠাইতে বহি স্মৰণ কৰা। কিন্তু মায়া এনেকুৱা যে পিতাৰ স্মৃতি পাহৰাই দিয়ে। স্মৃতিত থকাৰ ক্ষেত্ৰতে বিঘিনি আহে। এয়াইতো যুদ্ধ হয় নহয়। আত্মাই পিতাক স্মৰণ কৰিলেহে পৱিত্ৰ হয়। পঢ়াত মায়াই একো নকৰে। পঢ়াতকৈ স্মৃতিৰ নিচা উচ্চ, সেইবাবে প্ৰাচীন যোগৰ গায়ন কৰা হৈছে। যোগ আৰু জ্ঞান বুলি কোৱা হয়। যোগৰ বাবে জ্ঞান পোৱা যায় – এনেকৈ এনেকৈ স্মৰণ কৰা। আকৌ সৃষ্টি চক্ৰৰো জ্ঞান আছে। ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তক আন কোনেও নাজানে। ভাৰতৰ প্ৰাচীন যোগ শিকায়। প্ৰাচীন বুলিতো কোৱা হয় নতুন সৃষ্টিক। তাক আকৌ লাখ লাখ বছৰ বুলি কৈ দিছে। কল্পৰ আয়ুসৰ বিষয়েও ভিন্ন ভিন্ন কথা কয়। কোনোবাই কিবা, কোনোবাই আন কিবা বুলি কয়। ইয়াত তোমালোকক এজনেই পিতাই পঢ়াই আছে। তোমালোক বাহিৰলৈও যাবা, তোমালোকে চিত্ৰ পাবা। এয়াতো বেপাৰ নহয় জানো। বাবাই কয় – কাপোৰত ছপাব পাৰা। যদি কাৰোবাৰ ওচৰত ডাঙৰ ছপাশাল নাই তেন্তে আধা আধা কৰি দিয়া। পাছত এনেকৈ জোৰা লগাই দিয়ে যে গমেই পোৱা নাযায়। বেহদৰ পিতা, ডাঙৰ চৰকাৰে কয়, কোনোবাই ছপাই দেখুওৱা তেতিয়া মই তেওঁৰ নাম প্ৰসিদ্ধ কৰি দিম। এই চিত্ৰ কাপোৰত ছপাই কোনোবাই বিলাতলৈ লৈ যোৱা তেতিয়া তোমালোকক একোখন চিত্ৰত কোনোবাই 5-10 হাজাৰো দি দিব। পইচাতো তাত ঢেৰ আছে। ছপাব পাৰি, ইমান ডাঙৰ ডাঙৰ ছপাশাল, চহৰৰ দৃশ্যাৱলী এনেকৈ ছপায় – তাৰ কথাই নুসুধিবা। এয়াও ছপাব পাৰা। এয়াতো এনেকুৱা উত্তম বস্তু – তেওঁলোকে ক’ব সঁচা জ্ঞানতো ইয়াতেই আছে, আন কাৰো ওচৰত নায়েই। কোনেও নাজানেই – আকৌ বুজাওঁতা জনো ইংৰাজীত দক্ষ হোৱা উচিত। ইংৰাজীতো সকলোৱে জানে। তেওঁলোককো বাৰ্তাতো দিব লাগে নহয়। তেওঁলোকেই ড্ৰামা অনুসৰি বিনাশৰ অৰ্থে নিমিত্ত হৈছে। বাবাই কৈছে – তেওঁলোকৰ ওচৰত এনেকুৱা বোমা আদি আছে, যদি পৰস্পৰ মিলিত হৈ যায় তেন্তে গোটেই বিশ্বৰ মালিক হ’ব পাৰে। কিন্তু ড্ৰামাখনেই এনেকৈ ৰচি থোৱা আছে যে তোমালোকে যোগবলেৰে বিশ্বৰ বাদশ্বাহী লোৱা। অস্ত্ৰ-শস্ত্ৰ আদিৰে বিশ্বৰ মালিক হ’ব নোৱাৰে। সেয়া হ’ল বিজ্ঞান, তোমালোকৰ হৈছে শান্তি। কেৱল পিতা আৰু চক্ৰক স্মৰণ কৰা, নিজৰ সমান কৰি গঢ়ি তোলা।

তোমালোক সন্তানসকলে যোগবলেৰে বিশ্বৰ বাদশ্বাহী লৈ আছা। তেওঁলোকে পৰস্পৰ নিশ্চয় যুঁজিবও। মাজতে মাখন তোমালোকে পোৱা। শ্ৰীকৃষ্ণৰ মুখত মাখনৰ গোলক দেখুৱায়। প্ৰবাদো আছে দুজনে পৰস্পৰ যুঁজিলে, মাজতে মাখন তৃতীয়জনে খালে। হওঁতে এনেকুৱাই। গোটেই বিশ্বৰ ৰাজ্য-ভাগ্যৰ মাখন তোমালোকে পোৱা। সেয়েহে তোমালোক কিমান আনন্দিত হোৱা উচিত। বাঃ বাবা আপুনিতো চমৎকাৰ কৰে। জ্ঞানতো আপোনাৰে। বহুত ভাল বুজনি। আদি সনাতন দেৱী-দেৱতা ধৰ্মাৱলম্বীসকলে বিশ্বৰ বাদশ্বাহী কেনেকৈ প্ৰাপ্ত কৰিলে। এয়া কাৰো খেয়ালত নাথাকিব। সেই সময়ত আন কোনো খণ্ড নাথাকে। পিতাই কয় – মই বিশ্বৰ মালিক নহওঁ, তোমালোকক কৰি তোলোঁ। তোমালোকে পঢ়াৰ দ্বাৰা বিশ্বৰ মালিক হোৱা। মই পৰমাত্মাতো হওঁৱেই অশৰীৰী। তোমালোক সকলোৰে শৰীৰ আছে। দেহধাৰী হোৱা। ব্ৰহ্মা-বিষ্ণু-শংকৰৰো সূক্ষ্ম শৰীৰ আছে। যেনেকৈ তোমালোক আত্মা তেনেকৈ ময়ো পৰম আত্মা। মোৰ জন্ম দিব্য আৰু অলৌকিক, আন কোনেও এনেকৈ জন্ম নলয়। এইটো নিশ্চিত। এই সকলোবোৰ ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। ড্ৰামাৰ বুজনি কিমান পোৱা যায়। বুজিব ক্ৰমানুসৰি। কিছুমানতো ভোদা বুদ্ধিৰ। তিনিটা শ্ৰেণী থাকে। শেষৰ শ্ৰেণীৰসকলক ভোদা বুলি কোৱা হয়। নিজেও বুজি পায় কোন প্ৰথম শ্ৰেণীৰ, কোন দ্বিতীয় শ্ৰেণীৰ। প্ৰজাৰ ভিতৰতো এনেকুৱাই হয়। পঢ়াতো একেটাই। সন্তানসকলে জানে – এয়া পঢ়ি আমিয়েই দ্বৈত মুকুটধাৰী হ’ম। আমি দ্বৈত মুকুটধাৰী আছিলোঁ, তাৰপাছত একক মুকুটধাৰী, তাৰ পাছত মুকুটবিহীন হ’লোঁ। যেনেকুৱা কৰ্ম তেনেকুৱা ফল বুলি কোৱা হয়। সত্যযুগত এনেকৈ কোৱা নহ’ব। ইয়াত ভাল কৰ্ম কৰিলে এটা জন্মৰ বাবে ভাল ফল পাবা। কোনোৱে এনেকুৱা কৰ্ম কৰে যে জন্মৰ পৰাই ৰোগী হয়। এয়াও কৰ্মভোগ হয় নহয়। সন্তানসকলক কৰ্ম, অকৰ্ম, বিকৰ্মৰ বিষয়েও বুজোৱা হৈছে। ইয়াত যি কৰে তাৰ ভাল বা বেয়া ফল পায়। কোনোবা ধনৱান হ’লে তেন্তে নিশ্চয় ভাল কৰ্ম কৰিছে। এতিয়া তোমালোকে জন্ম জন্মান্তৰৰ প্ৰালব্ধ গঢ়ি লোৱা। এতিয়াৰ পুৰুষাৰ্থ অনুসৰি গৰিব আৰু চহকীৰ পাৰ্থক্যতো তাত থাকে নহয়। সেই প্ৰালব্ধ হৈছে অবিনাশী 21 জন্মৰ বাবে। ইয়াত অল্পকালৰ বাবে পোৱা যায়। কৰ্মতো চলেই নহয়। এয়া কৰ্মক্ষেত্ৰ। সত্যযুগ হ’ল স্বৰ্গৰ কৰ্মক্ষেত্ৰ। তাত বিকৰ্ম নহয়েই। এই সকলোবোৰ কথা বুদ্ধিত ধাৰণ কৰিব লাগে। কোনোবা বিৰলজনেহে সদায় সাৰ কথাবোৰ লিখি থাকে। স্মৃতিৰ খতিয়ানো লিখি লিখি আকৌ ভাগৰি যায়। তোমালোক সন্তানসকলে সাৰ কথাবোৰ লিখিব লাগে। বহুত সূক্ষ্ম সূক্ষ্ম সাৰ কথা আছে। যিবোৰ তোমালোকে কেতিয়াও স্মৃতিলৈ আনিব নোৱাৰিবা, সৰকি যাব। তেতিয়া অনুতাপ কৰিবা যে এই কথাটিতো মই পাহৰি গ’লোঁ। সকলোৰে এনেকুৱা অৱস্থা হয়। বহুতে পাহৰে আকৌ দ্বিতীয় দিনা স্মৃতিলৈ আহিব। সন্তানসকলে নিজৰ উন্নতিৰ খেয়াল ৰাখিব লাগে। বাবাই জানে – কোনোবা বিৰলজনেহে যথাৰ্থ ৰীতিৰে লিখে। বাবা বেপাৰীও হয় নহয়। তেওঁলোক হ’ল বিনাশী ৰত্নৰ বেপাৰী। এওঁ হ’ল জ্ঞান ৰত্নৰ। যোগতেই বহুত সন্তান অকৃতকাৰ্য হয়। যথাৰ্থভাৱে স্মৃতিত কোনোবা এঘণ্টা বা ডেৰঘণ্টা সময়ো কাচিৎহে থাকিব পাৰে। 8 (আঠ) ঘণ্টাতো পুৰুষাৰ্থ কৰিব লাগে। তোমালোক সন্তানসকলে শৰীৰ নিৰ্বাহো কৰিব লাগে। বাবাই প্ৰেমিক-প্ৰেমিকাৰো উদাহৰণ দিছে। বহি বহি স্মৰণ কৰিলে আৰু তৎক্ষণাৎ সন্মুখত আহি যায়। এয়াও এক প্ৰকাৰৰ সাক্ষাৎকাৰ। পৰস্পৰ ইজনে সিজনক স্মৰণ কৰে। ইয়াততো আকৌ হৈছে এজন প্ৰেমিক, তোমালোক সকলো প্ৰেমিকা। তেওঁ সুন্দৰ প্ৰেমিকতো সদায় সুন্দৰ। চিৰ পৱিত্ৰ। পিতাই কয় – মই পথিক সদায় সুন্দৰ হওঁ। তোমালোককো সুন্দৰ কৰি তোলোঁ। এই দেৱতাসকলৰ প্ৰাকৃতিক সৌন্দৰ্য আছে। ইয়াততো কেনেকুৱা কেনেকুৱা ধুন-পেচ কৰে। ভিন্ন ভিন্ন পোছাক পিন্ধে। তাততো একে সমান প্ৰাকৃতিক সৌন্দৰ্য থাকে। এনেহেন সৃষ্টিলৈ এতিয়াৰ পৰা তোমালোক যোৱা। পিতাই কয় – মই পুৰণি পতিত দেশ, পতিত শৰীৰত আহোঁ। ইয়াত পাৱন শৰীৰ নাই। পিতাই কয় – মই এওঁৰ বহুত জন্মৰ অন্তত প্ৰৱেশ কৰি প্ৰবৃত্তি মাৰ্গ প্ৰতিষ্ঠা কৰোঁ। আগলৈ গৈ তোমালোক সেৱাৰ যোগ্য হৈ গৈ থাকিবা। পুৰুষাৰ্থ কৰিলে তেতিয়া বুজিবা। আগতেও এনেকুৱা পুৰুষাৰ্থ কৰিছিলা, এতিয়া কৰি আছা। পুৰুষাৰ্থ অবিহনেতো একো পাব নোৱাৰি। তোমালোকে জানা যে আমি নৰৰ পৰা নাৰায়ণ হোৱাৰ পুৰুষাৰ্থ কৰি আছোঁ। নতুন সৃষ্টিৰ ৰাজধানী আছিল, এতিয়া নাই, পুনৰ হ’ব। লৌহ যুগৰ পাছত আকৌ স্বৰ্ণীম যুগ নিশ্চয় হ’ব। ৰাজধানী স্থাপনা হ’বই। কল্প পূৰ্বৰ দৰে। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সমৰ্পিত হোৱাৰ লগতে নিশ্চয়বুদ্ধিৰ হ’ব লাগে। কোনো ছিঃ ছিঃ কাম কৰিব নালাগে। ভিতৰত যাতে কোনো অৱগুণ নাথাকে তেতিয়াহে ভাল পদ পাব পাৰিবা।

(2) এই জ্ঞান ৰত্নৰ বেপাৰ কৰিবলৈ বাবাই যি ভাল ভাল সাৰ কথা শুনায়, সেয়া টুকি ৰাখিব লাগে। পাছত সেয়া স্মৰণ কৰি আনক শুনাব লাগে। সদায় নিজৰ উন্নতিৰ খেয়াল ৰাখিব লাগে।

বৰদান:
বালক আৰু মালিকবোধৰ সমানতাৰ দ্বাৰা সৰ্ব সম্পদেৰে সম্পন্ন হোৱা

যেনেকৈ বালকবোধৰ নিচা সকলোৰে আছে তেনেকৈ বালক তথা মালিক অৰ্থাৎ পিতাৰ সমান সম্পন্ন স্থিতিৰ অনুভৱ কৰা। মালিকবোধৰ বিশেষত্ব হৈছে - যিমানেই মালিক সিমানেই বিশ্ব সেৱাধাৰীৰ সংস্কাৰ সদায় জাগ্ৰত ৰূপত থাকক। মালিকবোধৰ নিচা আৰু বিশ্ব সেৱাধাৰীৰ নিচা সমান ৰূপত থাকক তেতিয়া পিতাৰ সমান বুলি কোৱা হ’ব। বালক আৰু মালিক দুয়োটা স্বৰূপ সদায় প্ৰত্যক্ষ কৰ্মত আহি যাওঁক তেতিয়া পিতাৰ সমান সৰ্ব সম্পদেৰে সম্পন্ন স্থিতিৰ অনুভৱ কৰিব পাৰিবা।

স্লোগান:
জ্ঞানৰ অক্ষয় সম্পদৰ অধিকাৰী হোৱা তেতিয়া অধীনতা সমাপ্ত হৈ যাব।


অব্যক্ত সংকেত: নিজৰ আৰু সকলোৰে প্ৰতি মনেৰে যোগৰ শক্তি প্ৰয়োগ কৰা

যেনেকৈ বাণীৰ সেৱা স্বাভাৱিক হৈ গৈছে, তেনেকৈ লগতে মনৰ সেৱাও যাতে স্বাভাৱিক হয়। বাণীৰ লগতে মনৰ সেৱাও কৰি থাকা তেতিয়া তোমালোকে কমকৈ ক’ব লগা হ’ব। কোৱাত যি শক্তি লাগে সেয়া মনৰ সেৱাৰ সহযোগৰ কাৰণে বাণীৰ শক্তি জমা হ’ব আৰু মনৰ শক্তিশালী সেৱাই সফলতা বেছিকৈ অনুভৱ কৰাব।