08.11.26 Avyakt Bapdada
Assame
Murli
18.10.2071 Om Shanti Madhuban
“*“বিশেষ দীপাৱলী
উপলক্ষে অব্যক্ত বাপদাদাৰ মধুৰ মহাবাক্য”*”
আজি বাপদাদাই কি চাই
আছে? তোমালোক দীপকসকলৰ মালা চাবলৈ আহিছে। যি দীপমালাৰ স্মাৰক দিবস জগতৰ লোকে পালন
কৰে কিন্তু বাপদাদাই চৈতন্য দীপকসকলৰ মালা চাই আছেহঁক। তোমালোক সকলোৱেও যেতিয়া
দীপাৱলীৰ দিনা জ্বলি থকা দীপকবোৰ দেখা তেতিয়া দেখি আনন্দিত হোৱানে যে আমাৰেই স্মাৰক
দিবস পালন কৰি আছে। যেনেকৈ জ্বলি থকা দীপক ভাল লাগে তেনেকৈ নিজৰ স্মাৰক দিবস দেখি
স্মৃতি উদয় হ’লে তোমালোকো বিশ্বৰ পিতা আৰু গোটেই বিশ্বৰ আত্মাসকলৰ ভাল লাগে। গতিকে
আজি স্মাৰক ৰূপক প্ৰত্যক্ষ ৰূপত চাবলৈ আহিছে। মালাত এটা মণি নাথাকে, অনেক মণিৰ মালা
হয়। যদি এটি দীপক অকলে জ্বলি থাকে তেতিয়া তাক দীপকৰ মালা বুলি নকয়। সেয়ে এনেকৈয়ে
অনেক দীপক জ্বলি আছে, মালাৰ ৰূপত দেখিবলৈ পোৱা গৈছে। গতিকে প্ৰত্যেকেই নিজক এই
দীপমালাৰ মাজত স্থান পোৱা, জ্বলি থকা দীপক বুলি ভাবানে? নে তোমালোকো অনেক জ্বলি থকা
দীপকৰ মালা চাই হৰ্ষিত হোৱা? আজি দীপাৱলীৰ দিনত তোমালোক সকলোৱে দীপাৱলী পালন কৰিলানে?
আজি বিশেষ ৰূপত দীপাৱলী পালন কৰিছা? এনেইতো সদায় জ্বলি থকা দীপক হোৱা, কিন্তু যেতিয়া
বিশেষ স্মাৰক দিৱস হয় তেতিয়া বিশেষ আত্মাসকলে কি কৰিব লাগে? বিশেষ আত্মাসকল যিসকল
বিশেষ ৰূপত নিমিত্ত হৈছে, তেওলোকে বিশেষ সেৱা কি কৰিব লাগে? বিশেষ আত্মাসকলেতো আনতকৈ
বিশেষ কাৰ্য কৰিব লাগে নহয় কিয়নো যি অন্য আত্মায়ো কৰিব পাৰে আৰু কৰি আছে সেয়াই কৰিলা
তেন্তে বাকী পাৰ্থক্য কি থাকিল? বিশেষ আত্মাসকলে বিশেষ কাৰ্য কৰিব লাগে। বাপদাদাই
বিশেষ দিনত বিশেষ ৰূপত সন্তানসকলৰ আৰু ভক্তসকলৰ তিনিওটা ৰূপত সেৱা কৰে। বিশেষ
আত্মাসকলে প্ৰধানকৈ নিজৰ স্মাৰক দিবসত সাক্ষাৎকাৰ-মূৰ্ত হৈ, সাক্ষাৎ বাপদাদাৰ সমান
আত্মাসকলৰ প্ৰতি নিজৰ কল্যাণৰ ভাৱনাৰে, নিজৰ আত্মিক স্নেহৰ স্বৰূপেৰে, নিজৰ সূক্ষ্ম
শক্তিসমূহৰ দ্বাৰা আত্মাসকলৰ ভিতৰত বল ভৰাব লাগে। যেনেকৈ অব্যক্ত ৰূপত বাপদাদাই
চাৰিওফালৰ সন্তানসকলৰ সেৱা কৰে। তেওঁলোকে ভাবে যে বাপদাদাই মোৰ সৈতে সাক্ষাৎ কৰিলে,
মোৰ স্মৰণৰ সহাৰি জনালে বা মোৰ স্মৰণৰ প্ৰত্যক্ষ ফল মই অনুভৱ কৰিছোঁ অথবা ভক্তয়ো
অনুভৱ কৰে যে মোৰ স্নেহ বা ভাৱনাৰ ফল ভগৱানে পূৰা কৰিলে, এই অনুভৱ বাস্তৱিক ৰূপত হৈ
থাকে।
এনেকুৱা বিশেষ
আত্মাসকলে নিজৰ অব্যক্ত স্থিতিত, নিজৰ আত্মিক ‘লাইট’ আৰু ‘মাইট’ স্থিতিৰ দ্বাৰা
‘লাইট হাউচ’ আৰু ‘মাইট হাউচ’ হৈ একে স্থানত থাকিও চাৰিওফালৰ অলৌকিক আত্মিক সেৱাৰ
ভাৱনা আৰু বৃত্তিৰ দ্বাৰা সেৱা কৰিব লাগে ইয়াক কোৱা হয় বেহদৰ সেৱা। এনেকুৱা অনুভৱ
হ’ব লাগে যে মোৰ প্ৰজা বা ভক্তই আজি বিশেষ ৰূপত স্মাৰক দিবসত মোক; বিশেষ আত্মাক
স্মৰণ কৰি আছে। আজিকালি তন্ত্ৰ-মন্ত্ৰ কৰাসকলেও একে স্থানত থাকি নিজৰ ভক্তক নিজৰ
ৰূপৰ প্ৰত্যক্ষ সাক্ষাৎকাৰ কৰাব পাৰে, তেন্তে বিশেষ আত্মাসকলে নিজৰ লাইট আৰু মাইটৰ
দ্বাৰা ভক্তসকলক বা প্ৰজাসকলক নিজৰ সেৱাৰ দ্বাৰা অনুভৱ কৰাব নোৱাৰে জানো? গতিকে
যেতিয়া এনেকুৱা বিশেষ স্মাৰক দিন আহে তেতিয়া বিশেষ আত্মাসকলে এনেকুৱা বিশেষ সেৱাৰ
দ্বাৰা অনুভৱ কৰাব লাগে। এনেকুৱা সেৱা কৰিছানে? বাৰু এয়া হ’ল সেৱা। আৰু দীপাৱলীৰ
দিনত নিজৰ প্ৰতি বিশেষ মনোযোগ আছিলনে? আজিৰ দিনটোত আত্মাৰ সংস্কাৰসমূহৰ চিৰকালৰ বাবে
পৰিৱৰ্তন আনিবলৈ বিশেষ মনোযোগ দিছিলানে? য’ত স্মাৰক ৰূপত আজিৰ দিনটো পুৰণা হিচাপ
বন্ধ কৰাৰ ৰীতি ৰূপত চলি আহিছে সেয়া বাস্তৱিক ৰূপত তোমালোক আত্মাসকলে কৰিছা
সেইবাবেতো স্মাৰক ৰূপত চলি আহিছে। গতিকে আজিৰ দিনটোত পুৰণা সংস্কাৰ বিলাকৰ অলপো থাকি
যোৱা অংশ সমাপ্ত কৰিছানে? সমাপ্ত কৰাৰ আগতে নিজৰ পুঁজি পৰীক্ষা কৰা হয়। ফলাফল উলিওৱা
হয়। এনেকৈ তোমালোক সকলোৱে নিজৰ খতিয়ান পৰীক্ষা কৰিছানে? কি পৰীক্ষা কৰিব লাগে? আজিৰ
দিনটোলৈকে যিয়েই পুৰুষাৰ্থ কৰিলা তাৰ ফলাফল এতিয়ালৈকে কোনটো কথাত আৰু কিমান শতাংশ
সফলতামূৰ্ত হ’লা? প্ৰথমে নিজৰ মনৰ সংকল্পৰ খতিয়ান পৰীক্ষা কৰা যে এতিয়ালৈকে
সম্পূৰ্ণ শ্ৰেষ্ঠ সংকল্পৰ পুৰুষাৰ্থত কিমানখিনি সফলতা পাইছা? ব্যৰ্থ সংকল্প বা
বিকল্পৰ ওপৰত কিমানখিনি বিজয়ী হৈছা? আৰু বাণীৰ দ্বাৰা কিমানখিনি আত্মাসকলক পিতাৰ
পৰিচয় দিব পাৰা, কিমান আত্মাসকলক পিতাৰ স্নেহী বা সহযোগী কৰি তুলিব পাৰা? বাণীত
কিমানখিনি আত্মিকতা বা অলৌকিকতা বা আকৰ্ষণ আহিছে? এনেকৈয়ে কৰ্মৰ দ্বাৰা সদায়
অনাসক্ত আৰু স্নেহী, অলৌকিক, অসাধাৰণ কৰ্ম কিমানখিনি কৰিব পাৰা? কৰ্মত কিমানখিনি
কৰ্মযোগী, যোগযুক্ত, যুক্তিযুক্ত স্নেহযুক্ত ৰূপ আহিছে? নিজৰ সংস্কাৰসমূহ আৰু
স্বৰূপত অৰ্থাৎ চেহেৰাত কিমানখিনি পিতাৰ সমান আকৰ্ষণ ৰূপ, স্নেহী ৰূপ, সহযোগী ৰূপ
হৈছা? এনেকৈ নিজৰ খতিয়ান পৰীক্ষা কৰিলে এতিয়ালৈকে যি দুৰ্বলতা বা অভাৱ থাকি গৈছে
সেয়া সমাপ্ত কৰি নতুন হিচাপ আৰম্ভ কৰিব পাৰিবা? এনেকৈ নিজৰ খতিয়ান পৰীক্ষা কৰা।
ইয়াকে কোৱা হয় দীপাৱলী
পালন কৰা অথবা নিজক সম্পূৰ্ণ কৰি তোলাৰ দৃঢ় সংকল্প কৰাটোৱেই পালন কৰা। তেন্তে
এনেকুৱা দীপাৱলী পালন কৰিলা নে কেৱল মিলন উদ্যাপন কৰিলা? মিলন উদ্যাপন কৰাৰ
স্মাৰক মালাৰ ৰূপত কিন্তু দৃঢ় সংকল্পৰ স্মাৰক দীপকৰ জ্যোতিৰ ৰূপত। তেনেহ’লে দুয়োটা
ৰূপত পালন কৰিলানে? নতুন বস্ত্ৰ পৰিধান কৰিলানে? আত্মাই নতুন চোলা কিহ’ৰ আধাৰত পায়?
সংস্কাৰৰ আধাৰত পায় নহয়। আত্মাৰ যেনেকুৱা সংস্কাৰ থাকে সেই অনুসৰিহে চোলা তৈয়াৰ হয়।
তেন্তে নতুন চোলা বা নতুন বস্ত্ৰ কোনখন পিন্ধিবা? আত্মাত নতুন যুগৰ সংস্কাৰ বা নতুন
যুগৰ স্থাপক পিতাৰ নিচিনা সম্পূৰ্ণ সংস্কাৰ ধাৰণ কৰা – এয়াই নতুন বস্ত্ৰ পিন্ধা।
শৰীৰত নতুন বস্ত্ৰ লাগে যিমানেই পিন্ধা কিন্তু আজিৰ পুৰণি জগতৰ নতুন বস্তুও নতুন
জগতৰ আগত পুৰণি কিয়নো জৰ্জৰীভূত অৱস্থা পাইছেগৈ সেইবাবে নতুন বস্ত্ৰ পিন্ধিলেও নতুন
বুলি কোৱা নকয়। সতোপ্ৰধান জগততহে সকলোখিনি নতুন। তমোপ্ৰধান জগতৰ বস্তু সকলো পুৰণা।
অসাৰ। তেন্তে তাক নতুন বুলি ক’বা জানো? গতিকে নতুন বস্ত্ৰ অৰ্থাৎ নিজ আত্মাৰ নতুন
সংস্কাৰ, শ্ৰেষ্ঠ সংস্কাৰ ধাৰণা কৰা। আৰু কি কৰিবা? যেতিয়া নতুন সংস্কাৰ ধাৰণ কৰি
ল’লা তেন্তে খতিয়ান ৰাখিলে চাফাই হৈ যাব নহয়। গতিকে খতিয়ান ৰখা এয়াই চাফাই, স্বচ্ছতা।
যেনেকৈ চাফা কৰিলে যিয়েই লেতেৰা বা কীটাণু থাকে সেয়া স্বতঃ নশ হৈ যায়। গতিকে যেতিয়া
এনেকুৱা খতিয়ান পৰীক্ষা কৰিবা তেতিয়া যিয়েই দুৰ্বলতা থাকিব সেয়া স্বতঃ সমাপ্ত হৈ
যাব। পৰস্পৰ নিজৰ মধুৰ বাণীৰে কি লেনেদেন কৰিবা? যেনেকৈ দীপাৱলীত ইজনে সিজনৰ পৰা
মৰমৰ উপহাৰ লয় নহয়। তোমালোকে ইজনে সিজনক কি মৰমৰ উপহাৰ দিবা। তোমালোকৰ ওচৰত কোনটো
বস্তু আছে যিটো ইজনে সিজনক মৰমৰ উপহাৰ হিচাপে দিবা? (স্নেহৰ উপহাৰ) স্নেহীতো ইজন
সিজনৰ সদাকালৰ বাবে হোৱা, নে আজিৰ দিনটোত বিশেষ স্নেহী হ’বা? স্নেহীতো হোৱা আৰু এই
স্নেহৰ চিন, ইজন সিজনৰ সমীপতাৰ চিনক দীপমালা বুলি কোৱা হয়। বিশেষ দিনত বিশেষ মৰমৰ
উপহাৰ কি দিব লাগে? যি এতিয়ালৈকে নিজৰ পুৰুষাৰ্থৰ দ্বাৰা সহজ সফলতা প্ৰাপ্ত হৈছে বা
অনুভৱ হৈছে, এনেকুৱা নিজৰ অনুভৱৰ জ্ঞান ৰত্ন, যাৰ দ্বাৰা বাস্তৱিকতে অনুভৱী হৈ
অনুভৱী কৰি তুলিব পাৰা, এনেকুৱা ৰত্ন ইজনে সিজনক মৰমৰ উপহাৰৰ ৰূপত বিশেষ ৰূপত দিব
লাগে। বুজিলা? পিতাৰ সম্পদক নিজৰ অনুভৱৰ দ্বাৰা যিসকলে নিজৰ কৰি ল’লে এনেকুৱা নিজৰ
কৰি লোৱা জ্ঞান ৰত্ন ইজনে সিজনক দিব লাগে যাৰ দ্বাৰা সেই আত্মাটিও ইয়াৰ পৰা সহজ
অনুভৱী হৈ যায়, এয়া হ’ল মৰমৰ উপহাৰ। গতিকে ইজনে সিজনক এনেকুৱা মৰমৰ উপহাৰ দিব লাগে
যাতে সদাকালৰ বাবে স্মৃতি ৰূপ হৈ যায়। যেতিয়া এনেকুৱা ৰত্ন কাৰোবাক দিবা তেতিয়া
সদাকালৰ বাবে সেই আত্মাটিৰ পিতাৰ লগতে তোমালোকে দিয়া ৰত্নৰ স্মৃতি নিশ্চয় থাকিব।
গতিকে কাৰোবাক সদাকালৰ বাবে সম্পন্ন কৰি তোলা মৰমৰ উপহাৰ দিব লাগে। এনেকুৱা দীপাৱলী
উদ্যাপন কৰা আৰু এনেকুৱাই শ্ৰেষ্ঠ আত্মা হৈ অন্য আত্মাসকলৰ শ্ৰেষ্ঠ সেৱা কৰা।
আজিৰ দিনত সকলো
আত্মাই ধনৰ পিয়াসী। তেন্তে এনে পিয়াসী আত্মাসকলক এনেকুৱা আত্মিক ধন দিয়া যাৰ দ্বাৰা
কেতিয়াও আত্মাৰ ধন বিচৰাৰ আৱশ্যকতা নাথাকে। ধন কোনে খোজে? ভিখাৰীয়ে। আজিৰ দিনটোত
আত্মা ভিখাৰী। মাৰ্জিত ভিখাৰী বুলি ক’ব পাৰা। যিমানেই কোটিপতি নহওক, কিন্তু আজিৰ
দিনটোত ভিখাৰী হয়। এনেকুৱা ভিখাৰী আত্মাসকলক ভিখাৰী বৃত্তিৰ পৰা মুক্তি দিয়া, এয়া
হ’ল বেহদৰ সেৱা। দাতাৰ সন্তান হোৱা নহয়। তেন্তে দাতাৰ সন্তান, বৰদাতাৰ সন্তান, নিজৰ
বৰদানৰ শক্তিৰ দ্বাৰা, জ্ঞান দানৰ শক্তিৰ দ্বাৰা ভিখাৰীসকলক সমৃদ্ধিশালী কৰি তোলা।
আজিৰ দিনটোত এই ভিখাৰী আত্মাসকলৰ ওপৰত বিধাতা আৰু বৰদাতাৰ সন্তানসকলৰ দয়া উপজিব লাগে।
যিসকল আত্মাৰ দয়া ওপজে, তেওঁলোককেই মায়া আৰু বিশ্বৰ এনে আত্মাসকলে নমস্কাৰ জনায়
সেইবাবে এতিয়ালৈকেও দীপক জ্বলাই আছে। যেতিয়া লাইট জলায় তেতিয়া নমস্কাৰ নিশ্চয় জনায়।
সেয়ে এনেকুৱা জ্যোতি জ্বলি থকা আত্মাসকলৰ স্মাৰক এতিয়ালৈকে বৰ্তি আছে। নুমাই থকা
দীপকক নমস্কাৰ নজনায় গতিকে সদায় জ্বলি থকা জ্যোতি হোৱা। এনেকুৱা আত্মাসকলক বাপদাদায়ো
নমস্কাৰ জনায়।
(মহাৰাষ্ট্ৰ মণ্ডলৰ
ভাই-ভনীসকলৰ প্ৰতি অব্যক্ত বাপদাদাৰ মহাবাক্য – ৰিভাইজ্ – 20-03-12)
এই মণ্ডলৰ সংখ্যা
বহুত। নাম হৈছে মহাৰাষ্ট্ৰ। তেন্তে মহানতো হ’ব নহয়! গতিকে যেনেকুৱা নাম তেনেকুৱাই
সংখ্যাও মহান। বোম্বাই (এতিয়া মুম্বাই) আৰু দিল্লী দুয়োফালৰ সন্তানে সেৱাতো ভাল কৰি
আছে, সেয়াতো কোৱা কথা নহয়। ভাল কৰি আছে, কৰি থাকিব কিন্তু বাপদাদাই দিল্লী আৰু
বোম্বাইৰ পৰা এইটো বিচাৰে যে যিসকল তোমালোকৰ সম্বন্ধ সম্পৰ্কত অহা বিশেষ আত্মাসকল
যিসকল মাইকো (বাণীৰে প্ৰভাৱশালী) হ’ব পাৰে আৰু আকৌ উত্তৰাধিকাৰীও হ’ব পাৰে, এনেকুৱা
কোনো দল উলিওৱা কিয়নো তালিকা সকলো বৰ্গই গৰিষ্ঠসংখ্যকে বাপদাদালৈ পঠিয়াইছিল। দেখিছে
সেই তালিকা। ভাল ভাল আছে তালিকাত যিসকলে নাম উজ্বল কৰিব পাৰে। এতিয়া তেওঁলোকক
প্ৰত্যক্ষ কৰোৱা। তোমালোকৰ পৰিৱৰ্তে তেওঁলোকে ভাষণ দিয়ক। অনুভৱ শুনাওক তোমালোকৰ,
জ্ঞান কি, মোৰ জীৱনত কি পৰিৱৰ্তন আহিল, সেয়া বৰ্ণনা কৰক। যেতিয়া অনুষ্ঠান হয়,
এতিয়াওতো নিজৰ অনুভৱ কোনোৱে ভাল ভাল শুনায়ো কিন্তু সেয়া অনুষ্ঠানত শুনোৱা, কিন্তু
নিৰন্তৰ জীৱনৰ অনুভৱ কৰক। এইটো মনোযোগ দিলে তেতিয়া ওলাবলগীয়া আছে। কিছুমান যোগ্য আছে
কিন্তু অলপ পুৰুষাৰ্থ কৰি তেওঁলোকক আগবঢ়াই দিয়া। প্ৰতিটো বৰ্গই বাস্তৱত এই তালিকা
প্ৰত্যক্ষ ৰূপত পৰিয়াল আৰু পিতাৰ আগলৈ আনিব লাগে। বৰ্গই কাৰ্য কৰিছে। বাপদাদাই
দেখিছে কাৰ্য কৰিছে, বহু সময়ৰ পৰা কৰি আছে, এতিয়া কিবা নবীনতা আনা। নবীনতা এইটো যে
উত্তৰাধিকাৰী কৰি তোলা। অতি কমেও সম্পৰ্কত আছে তেওঁলোক সম্বন্ধত আহক, সম্বন্ধৰ পাছত
সেৱাত লাগক। সম্বন্ধ এইটো নহয়, অহা যোৱা সম্বন্ধ নহয় কিন্তু পিতা আৰু পৰিয়ালৰ সংগী
হৈ যাওঁক। এয়াও হ’ব, এতিয়া বাপদাদাই দেখিছে যে যদি ব্ৰাহ্মণ মিলি যি কোনো এটা
সংকল্প কৰে তেন্তে হৈয়েই আছে কিন্তু সকলোৰে এটাই সংকল্প হওক কিয়নো এতিয়া বায়ুমণ্ডল
সলনি হ’ল। গতিকে বাপদাদাই এনেকুৱা মাইক গুণসম্পন্ন সন্তানৰ সংগঠন কৰিব বিচাৰে।
মধুবনলৈ সাক্ষাৎ কৰিবলৈ আহে সেয়া বেলেগ কথা কিন্তু পৰিয়ালৰ হৈ আহক কিয়নো সেৱাত কিবা
নহয় কিবা নবীনতাতো লাগে নহয়! বাৰু।
বাকী বাপদাদাৰ আৰু এটা
আশাও মণ্ডলৰ সন্তানসকলৰ প্ৰতি থাকি গৈছে। সেইটো কি? প্ৰত্যেক সেৱাকেন্দ্ৰই এইটো
সুখবৰ দিয়ক যে আমাৰ সেৱাকেন্দ্ৰ নিৰ্বিঘ্ন, মিলনসাৰ (সৌহাৰ্দ্যপূৰ্ণ)। বাবাৰ সকলো
সন্তান সঠিকভাৱে, যি কাৰ্যসূচী হাতত লোৱা হৈছে সেইফালে নিৰ্বিঘ্ন হৈ ব্যস্ত হৈ আছে।
এয়া এতিয়ালৈকে কোনো মণ্ডলৰ পৰা অহা নাই। গতিকে মহাৰাষ্ট্ৰইতো মহান কাৰ্য কৰিব নহয়!
কোনো মণ্ডলে এতিয়া এইটো সুখবৰ পঠিওৱা নাই। হ’ব লাগিব, হ’বতো তোমালোকেই লাগিব অন্য
কোন হ’ব! তোমালোকৰ তপস্যা কম নহয়। শিক্ষকেই হওঁক বা বিদ্যাৰ্থীয়ে হওঁক, জগতৰ হিচাপত
প্ৰত্যেকেই মহান আত্মা। এতিয়াই দেখিবা তোমালোকে এই নিৰ্বিঘ্ন ৰূপ অলপো ধাৰণ কৰা
তেতিয়া সকলোৱে তোমালোকক যেনেকৈ তোমালোকৰ জড় চিত্ৰ শুভ ভাৱনাৰে চায়, তেনেকৈ তোমালোকক
চৈতন্য ৰূপত, দেৱীৰ ৰূপত, দেৱতাৰ ৰূপত চাব। বাকী সেৱা সকলোৱে ভাল কৰিছা। তাৰ কাৰণে
বাপদাদাই অভিনন্দন জনাই আছে। বাৰু।
বৰদান:
দিব্য গুণৰ
আৱাহনৰ দ্বাৰা অৱগুণ সমাপ্ত কৰোঁতা দিব্যগুণধাৰী হোৱা
যেনেকৈ দীপাৱলীত
শ্ৰীলক্ষ্মীৰ আৱাহন কৰে তেনেকৈ তোমালোক সন্তানসকলে নিজৰ মাজত দিব্যগুণৰ আৱাহন কৰা
তেতিয়া অৱগুণ আহুতি ৰূপত সমাপ্ত হৈ যাব। আকৌ নতুন সংস্কাৰ ৰূপী নতুন বস্ত্ৰ ধাৰণ
কৰিবা। এতিয়া পুৰণা বস্ত্ৰৰ প্ৰতি যাতে অলপো প্ৰীতি নাথাকে, যিয়েই দুৰ্বলতা, অভাৱ,
নিৰ্বলতা, কোমলতা থাকি গৈছে – সেই সকলো পুৰণা হিচাপ আজিৰ পৰা সদাকালৰ বাবে সমাপ্ত
কৰা তেতিয়া দিব্যগুণধাৰী হ’বা আৰু ভৱিষ্যতে মুকুটধাৰী হ’বা। তাৰেই স্মাৰক এই দীপাৱলী।
স্লোগান:
স্বৰাজ্য
অধিকাৰী হ’বলৈ হ’লে মন ৰূপী মন্ত্ৰীক নিজৰ সহযোগী কৰি লোৱা।
অব্যক্ত সংকেত: পিতা
ব্ৰহ্মাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ স্থিতিৰ অনুভৱ কৰা
“বিন্দু আৰু সিন্ধু”
এই দুটা শব্দও যদি স্মৃতিত ৰাখা তেতিয়া সম্পূৰ্ণতা সহজে আহিব পাৰে। এক বিন্দুক
স্মৰণ আৰু একৰস অৱস্থা, এজনৰেই মত আৰু এজনৰেই কৰ্তব্যত সহায়কাৰী। কেৱল বিন্দু আৰু
এক, তাৰ আগত বিস্তাৰত যোৱাৰ দৰকাৰ নাই। বিস্তাৰত যাব লাগে যদি তেন্তে কেৱল সেৱাৰ
প্ৰতি। তাৰ আগত নিজৰ বুদ্ধি চলোৱাৰ আৱশ্যকতা নাই।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]