08.12.24    Avyakt Bapdada     Assame Murli     13.02.2003     Om Shanti     Madhuban


“*“বৰ্তমান সময়ত নিজৰ দয়ালু আৰু দাতা স্বৰূপ প্ৰত্যক্ষ কৰা”*”


আজি বৰদাতা পিতাই নিজৰ জ্ঞানদাতা, শক্তিদাতা, গুণদাতা, পৰমাত্ম বাৰ্তাবাহক সন্তানসকলক চাই আছেহঁক। প্ৰতিগৰাকী সন্তানে মাষ্টৰ দাতা হৈ আত্মাসকলক পিতাৰ সমীপত আনিবলৈ অন্তৰেৰে যত্ন কৰি আছে। বিশ্বত অনেক প্ৰকাৰৰ আত্মা আছে, কোনোবাটো আত্মাক জ্ঞান অমৃত লাগে, অন্য আত্মাসকলক শক্তি লাগে, গুণ লাগে, তোমালোক সন্তানসকলৰ ওচৰত সকলো অখণ্ড সম্পদ আছে। প্ৰত্যেক আত্মাৰ কামনা পূৰ্ণ কৰোঁতা হোৱা। দিনে-প্ৰতিদিনে সময়ৰ সমাপ্তি সমীপত আহি থকাৰ কাৰণে এতিয়া আত্মাসকলে কোনো নতুন অৱলম্বন বিচাৰি আছে। গতিকে তোমালোক আত্মাসকল নতুন অৱলম্বন দিয়াৰ নিমিত্ত হৈছা। বাপদাদাই সন্তানসকলৰ উৎসাহ-উদ্দীপনা দেখি আনন্দিত হৈছে। এফালে আৱশ্যকতা আৰু আনফালে উৎসাহ-উদ্দীপনা। আৱশ্যকতাৰ সময়ত এটি টোপালৰো মহত্ব থাকে। সেয়েহে এই সময়ত তোমালোকে দিয়া অঞ্জলি, বাৰ্তাৰো মহত্ব আছে।

বৰ্তমান সময় তোমালোক সকলো সন্তানৰ দয়ালু আৰু দাতা স্বৰূপ প্ৰত্যক্ষ হোৱাৰ সময়। তোমালোক ব্ৰাহ্মণ আত্মাসকলৰ অনাদি স্বৰূপতো দাতাবোধৰ সংস্কাৰ ভৰি আছে সেইবাবে কল্পবৃক্ষৰ চিত্ৰত তোমালোকক বৃক্ষৰ মূলত দেখুওৱা হৈছে কিয়নো মূলৰ দ্বাৰাই গোটেই বৃক্ষজোপালৈ সকলোখিনি পৰিবাহিত হয়। তোমালোকৰ আদি স্বৰূপ দেৱতা ৰূপ, তাৰ অৰ্থই হৈছে দেৱতা অৰ্থাৎ দিওঁতা। তোমালোকৰ মধ্যৰ স্বৰূপ পূজ্য চিত্ৰ আছে গতিকে মধ্য সময়তো পূজ্য ৰূপত তোমালোক বৰদান দিওঁতা, দোৱা দিওঁতা, আশীৰ্বাদ দিওঁতা দাতা ৰূপ হোৱা। গতিকে তোমালোক আত্মাসকলৰ বিশেষ স্বৰূপেই হৈছে দাতাবোধৰ। সেয়েহে এতিয়াও পৰমাত্ম বাৰ্তাবাহক হৈ বিশ্বত পিতাৰ প্ৰত্যক্ষতাৰ বাৰ্তা বিয়পাই আছা। গতিকে প্ৰতিগৰাকী ব্ৰাহ্মণ সন্তানে পৰীক্ষা কৰা যে অনাদি, আদি দাতাবোধৰ সংস্কাৰ প্ৰত্যেকৰে জীৱনত সদায় জাগ্ৰত ৰূপত থাকেনে? দাতাবোধৰ সংস্কাৰ থকা আত্মাসকলৰ লক্ষণ হৈছে তেওঁলোকে কেতিয়াও এইটো সংকল্প-মাত্ৰও নকৰে যে কোনোবাই দিলে দিম, কোনোবাই কৰিলে কৰিম, নহয়। নিৰন্তৰ খোলা ভঁৰাল। সেয়েহে বাপদাদাই চাৰিওফালৰ সন্তানসকলৰ দাতাবোধৰ সংস্কাৰ চাই আছিল। কি দেখিলোঁ? ক্ৰম অনুসৰিতো হোৱাই নহয়! কেতিয়াও এইটো সংকল্প নকৰিবা – এইটো হওঁক তেতিয়া ময়ো এইটো কৰিম। দাতাবোধৰ সংস্কাৰধাৰীৰ সকলো ফালৰ পৰা সহযোগ স্বতঃ প্ৰাপ্ত হয়। কেৱল আত্মাসকলৰ দ্বাৰাই নহয়, প্ৰকৃতিও সময় অনুসৰি সহযোগী হৈ যায়। এইটো সূক্ষ্ম হিচাপ আছে যে যি সদায় দাতা হয়, সেই পুণ্যৰ ফল সময়ত সহযোগ, সময়ত সফলতা সেই আত্মাটিৰ সহজে প্ৰাপ্ত হয় সেইবাবে সদায় দাতাবোধৰ সংস্কাৰ জাগ্ৰত ৰূপত ৰাখা। পুণ্যৰ পুঁজিয়ে একৰ বিপৰীতে 10 গুণ ফল দিয়ে। গতিকে গোটেই দিনটোত টুকি ৰাখা – সংকল্পৰ দ্বাৰা, বাণীৰ দ্বাৰা, সম্বন্ধ-সম্পৰ্কৰ দ্বাৰা পুণ্য আত্মা হৈ পুণ্যৰ পুঁজি কিমান জমা কৰিলা? মনৰ সেৱায়ো পুণ্যৰ পুঁজি জমা কৰে। বাণীৰ দ্বাৰা কোনোবা দুৰ্বল আত্মাক আনন্দিত কৰি তোলা, অশান্তজনক সম্ভ্ৰমৰ স্মৃতিত অনা, নিৰাশ আত্মাক নিজৰ বাণীৰ দ্বাৰা উৎসাহ-উদ্দীপনাত অনা, সম্বন্ধ-সম্পৰ্কৰ দ্বাৰা আত্মাসকলক নিজৰ শ্ৰেষ্ঠ সঙ্গৰ ৰঙৰ অনুভৱ কৰোৱা, এইটো বিধিৰে পুণ্যৰ পুঁজি জমা কৰিব পাৰা। এইটো জন্মত ইমান পুণ্য জমা কৰা যে আধাকল্প পুণ্যৰ ফল খোৱা আৰু আধাকল্প তোমালোকৰ জড় চিত্ৰই পাপী আত্মাসকলক বায়ুমণ্ডলৰ দ্বাৰা পাপৰ পৰা মুক্ত কৰে। পতিত-পাৱনী হৈ যোৱা। গতিকে বাপদাদাই প্ৰত্যেক সন্তানৰ জমা হোৱা পুণ্যৰ পুঁজি চাই থাকে।

বাপদাদাই বৰ্তমান সময়ত সন্তানসকলৰ সেৱাৰ উৎসাহ-উদ্দীপনা দেখি আনন্দিত হৈ আছে। গৰিষ্ঠসংখ্যক সন্তানৰ সেৱাৰ ভাল উৎসাহ আছে। সকলোৱে নিজৰ নিজৰ ফালৰ পৰা সেৱাৰ পৰিকল্পনা বাস্তৱত ৰূপায়িত কৰি আছে। ইয়াৰ বাবে বাপদাদাই অন্তৰেৰে অভিনন্দন জনাই আছে। ভাল কৰি আছা আৰু ভাল কৰি থাকিবা। সকলোতকৈ ভাল কথা এইটোৱে যে সকলোৰে সংকল্প আৰু সময় ব্যস্ত হৈ গ’ল। প্ৰত্যেকৰে এইটো লক্ষ্য আছে যে চাৰিওফালৰ সেৱাৰ দ্বাৰা এতিয়া ওজৰ-আপত্তি নিশ্চয় পূৰা কৰিব লাগে।

ব্ৰাহ্মণৰ দৃঢ় সংকল্পত বহুত শক্তি আছে। যদি ব্ৰাহ্মণে দৃঢ় সংকল্প কৰে তেন্তে কি হ’ব নোৱাৰে! সকলো হৈ যাব কেৱল যোগক জ্বালা ৰূপ দিয়া। যোগ জ্বালা ৰূপ হৈ গ’লে তেতিয়া জ্বালাৰ ফালে আত্মাসকল স্বতঃ আহিয়ে যাব কিয়নো জ্বালা (কিৰণ) পালে তেওঁলোকে ৰাস্তা বিচাৰি পাব। এতিয়া যোগতো লগাই আছা কিন্তু যোগ জ্বালা ৰূপ হ’ব লাগে। সেৱাৰ উৎসাহ-উদ্দীপনা ভাল বৃদ্ধি হৈ আছে কিন্তু যোগত জ্বালা ৰূপৰ প্ৰতি এতিয়া বিশেষ মনোযোগ দিব লাগে। তোমালোকৰ দৃষ্টিত এনেকুৱা ৰেঙনি আহি যাওঁক যে দৃষ্টিৰে কিবা নহয় কিবা অনুভূতিৰ অনুভৱ কৰে।

বিদেশীসকলে এয়া যি সেৱা কৰিছিল – ‘সময়ৰ আহ্বান’ বিষয়টিৰ ওপৰত কৰাসকলৰ, তাৰ বিধি বাপদাদাৰ ভাল লাগিল যে সৰু হ’লেও সংগঠনক সমীপত আনিলে। এনেকৈ প্ৰতিটো মণ্ডল, প্ৰতিটো সেৱাকেন্দ্ৰত বেলেগে বেলেগে সেৱাতো কৰি আছা কিন্তু কোনোবাই সকলো বৰ্গৰ সংগঠন তৈয়াৰ কৰা। বাপদাদাই কৈছিল যে সিঁচৰতি হৈ সেৱা বহুত আছে, কিন্তু সিঁচৰতি হৈ থকা সেৱাৰ পৰা কিছুমান সমীপত অহাৰ যোগ্য আত্মাসকলৰ সংগঠন তৈয়াৰ কৰা আৰু সময়ে সময়ে সেই সংগঠনক সমীপত আনি থাকা আৰু তেওঁলোকৰ সেৱাৰ উৎসাহ বঢ়োৱা। বাপদাদাই দেখিবলৈ পায় যে এনেকুৱা আত্মা আছে কিন্তু এতিয়া তেওঁলোকে শক্তিশালী প্ৰতিপালন সংগঠিত ৰূপত পোৱা নাই। বেলেগে বেলেগে যথাশক্তি প্ৰতিপালন পাই আছে, সংগঠনত ইজনে সিজনক দেখিও উৎসাহ জাগে। এওঁ এইটো কৰিব পাৰে, ময়ো কৰিব পাৰোঁ, ময়ো কৰিম, তেতিয়া উৎসাহ জাগে। বাপদাদাই এতিয়া সেৱাৰ প্ৰত্যক্ষ সংগঠিত ৰূপ চাবলৈ বিচাৰে। ভাল পৰিশ্ৰম কৰি আছা, প্ৰত্যেকে নিজৰ বৰ্গৰ, এলেকাৰ, মণ্ডলৰ, সেৱাকেন্দ্ৰৰ সেৱা কৰি আছা, বাপদাদা আনন্দিত হয়। এতিয়া কিছুমানক সন্মুখলৈ আনা। প্ৰবৃত্তিত থকাসকলৰো উৎসাহ বাপদাদাৰ ওচৰলৈ আহে আৰু ডবল বিদেশীসকলৰো ডবল কাৰ্যত থাকি সেৱাত, নিজৰ পুৰুষাৰ্থত ভাল উৎসাহ আছে, এয়া দেখিও বাপদাদা আনন্দিত হয়।

ব্ৰাহ্মণ আত্মাসকলে বৰ্তমানৰ বায়ুমণ্ডল দেখি বিদেশত ভয়ভীততো নোহোৱা? কাইলৈ কি হ’ব, কাইলৈ কি হ’ব… এনেকৈতো নাভাবা? কাইলৈ ভাল হ’ব। ভাল হৈছে আৰু ভালেই হ’ব। যিমানে জগতত অস্থিৰতা হ’ব সিমানে তোমালোক ব্ৰাহ্মণৰ স্থিতি অবিচলিত হ’ব। এনেকুৱা হয়নে? ডবল বিদেশীসকল অস্থিৰ নে অবিচলিত? অবিচলিতনে? অস্থিৰতাততো নাই নহয়! যিসকল অবিচলিত তেওঁলোকে হাত দাঙা। অবিচলিত হোৱানে? কাইলৈ কিবা হৈ গ’লে তেতিয়া? তেতিয়াও অবিচলিত হৈ থাকিবা নহয়! কি হ’ব, একো নহয়। তোমালোক ব্ৰাহ্মণৰ ওপৰত পৰমাত্মাৰ ছত্ৰছায়া আছে। যেনেকৈ কোনো বস্তু পানী প্ৰতিৰোধক হ’লে যিমানেই পানী নহওঁক কিয় পানী প্ৰতিৰোধকৰ দ্বাৰা পানী প্ৰতিৰোধী হৈ যায়। তেনেকৈয়ে যিমানেই অস্থিৰতা নহওঁক কিন্তু ব্ৰাহ্মণ আত্মাসকল পৰমাত্ম ছত্ৰছায়াৰ তলত সদায় সুৰক্ষিত। নিশ্চিন্ত বাদশ্বাহ হোৱা নহয়! নে অলপ-অচৰপ চিন্তা হয়, কি হ’ব? নহয়। নিশ্চিন্ত। স্বৰাজ্য অধিকাৰী হৈ, নিশ্চিন্ত বাদশ্বাহ হৈ, অবিচলিত আসনত স্থিত হৈ থাকা। আসনৰ পৰা তললৈ নানামিবা। অশান্ত হোৱা অৰ্থাৎ আসনত স্থিত হৈ থকা নাই সেয়েহে অশান্ত হয়। যিসকল আসনত স্থিত হৈ থাকে তেওঁলোক সপোনতো অশান্ত হ’ব নোৱাৰে।

মাতাসকলে কি ভাবা? আসনত স্থিত হ’ব, বহিব জানানে? অস্থিৰতাতো নাহে নহয়! বাপদাদা সংযুক্ত হৈ আছে, যিহেতু সৰ্বশক্তিমান তোমালোকৰ সৈতে সংযুক্ত হৈ আছে তেন্তে তোমালোকৰ কিহৰ ভয়! অকলশৰীয়া বুলি ভাবিলে তেতিয়া অস্থিৰতাত আহিবা। সংযুক্ত হৈ থাকিলে তেতিয়া যিমানেই অস্থিৰতা নাহক কিয় তোমালোক অবিচলিত হৈ থাকিবা। ঠিক আছেনে মাতাসকল? ঠিক আছে নহয়, সংযুক্ত হৈ আছা নহয়! অকলশৰীয়াতো নোহোৱা? পিতাৰ দ্বায়িত্ব, যদি তোমালোক আসনত স্থিত হৈ থাকা তেন্তে পিতাৰ দ্বায়িত্ব, অশান্ত হ’লে তোমালোকৰ দ্বায়িত্ব।

আত্মাসকলক বাৰ্তাৰ দ্বাৰা অঞ্জলি দি থাকিলে দাতা স্বৰূপত স্থিত হৈ থাকিবা, তেতিয়া দাতাবোধৰ পুণ্যৰ ফল শক্তি পাই থাকিবা। চলোঁতে-ফুৰোঁতে নিজক আত্মা কৰাৱনহাৰ আৰু এই কৰ্মেন্দ্ৰিয়সমূহ কৰণহাৰ কৰ্মচাৰী, আত্মাৰ এই স্মৃতিৰ অনুভৱ সদায় যাতে জাগ্ৰত ৰূপত থাকে, এনেকুৱা নহয় যে মইতো আত্মা হওঁৱেই। নহয়, স্মৃতিত জাগ্ৰত হৈ থাকক। নিষ্ক্ৰিয় ৰূপত থাকে কিন্তু জাগ্ৰত ৰূপত থাকিলে সেই নিচা, আনন্দ আৰু নিয়ন্ত্ৰণ শক্তি থাকে। মজাও লাগে, কিয়! সাক্ষী হৈ কৰ্ম কৰোৱা। গতিকে বাৰে বাৰে পৰীক্ষা কৰা যে কৰাৱনহাৰ হৈ কৰ্ম কৰাই আছোঁনে? যেনেকৈ ৰজাই নিজৰ কৰ্মচাৰীসকলক আদেশ অনুসৰি চলায়, আদেশ দি কৰায়, তেনেকৈ আত্মা কৰাৱনহাৰ স্বৰূপৰ স্মৃতি থাকিলে তেতিয়া সকলো কৰ্মেন্দ্ৰিয় আদেশ অনুসৰি চলিব। মায়াৰ আদেশত নচলিব, তোমালোকৰ আদেশত চলিব। নহ’লেতো মায়াই চাই থাকে যে কৰাৱনহাৰ আত্মা অমনোযোগী হৈ গৈছে তেতিয়া মায়াই আদেশ দিবলৈ ধৰে। কেতিয়াবা সংকল্প শক্তি, কেতিয়াবা মুখৰ শক্তি মায়াৰ আদেশত চলিবলৈ ধৰে সেইবাবে সদায় প্ৰতিটো কৰ্মেন্দ্ৰিয়ক নিজৰ আদেশ মতে চলোৱা। এনেকৈ নক’বা – বিচৰাতো নাছিলোঁ, কিন্তু হৈ গ’ল। যিটো বিচৰা সেয়াই হ’ব। এতিয়াৰ পৰাই ৰাজ্য অধিকাৰী হোৱাৰ সংস্কাৰ ধাৰণ কৰিলে তেতিয়াহে তাতো ৰাজ্য চলাবা। স্বৰাজ্য অধিকাৰী আসনৰ পৰা কেতিয়াও তললৈ নাহিবা। যদি কৰ্মেন্দ্ৰিয়সমূহ আদেশ মতে চলি থাকে তেতিয়া প্ৰতিটো শক্তিও তোমালোকৰ আদেশ মতে চলি থাকিব। যিটো শক্তি যেতিয়া আৱশ্যক হয় সেই সময়ত হাজিৰ হৈ যাব। এনেকুৱা নহয় কাম পূৰা হৈ গ’ল আৰু তোমালোকে আদেশ দিবা সহনশক্তি আহা, কাম পূৰা হৈ যোৱাৰ পাছত আহিব। প্ৰতিটো শক্তি তোমালোকৰ আদেশ মতে হাজিৰ হৈ যাব কিয়নো এই সকলো শক্তি পৰমাত্ম দান। গতিকে পৰমাত্ম দান তোমালোকৰ বস্তু হৈ গ’ল। গতিকে নিজৰ বস্তুক যেনেকৈয়ে ব্যৱহাৰ কৰা, যেতিয়াই ব্যৱহাৰ কৰা, তেনেকৈ এই সৰ্ব শক্তি তোমালোকৰ আদেশ অনুসৰি চলিব, সৰ্ব কৰ্মেন্দ্ৰিয় তোমালোকৰ আদেশ অনুসৰি চলিব, ইয়াকে স্বৰাজ্য অধিকাৰী বুলি কোৱা হয়, মাষ্টৰ সৰ্বশক্তিমান। পাণ্ডৱ, এনেকুৱা হোৱানে? মাষ্টৰ সৰ্বশক্তিমানো হোৱা আৰু স্বৰাজ্য অধিকাৰীও হোৱা। এনেকৈ নক’বা যে মুখেৰে ওলাই গ’ল, কোনে আদেশ দিলে যে ওলাই গ’ল! চাবলৈ বিচৰা নাছিলোঁ কিন্তু চালোঁ। কৰিবলৈ বিচৰা নাছিলোঁ কিন্তু কৰিলোঁ। এয়া কাৰ আদেশত হয়? ইয়াক অধিকাৰী বুলি ক’বা নে অধীন বুলি ক’বা? গতিকে অধিকাৰী হোৱা, অধীন নহয়। বাৰু।

বাপদাদাই কয় যেনেকৈ এতিয়া মধুবনত সকলো বহুত আনন্দিত হোৱা, তেনেকৈয়ে সদায় আনন্দিত প্ৰসন্ন হৈ থাকিবা। আত্মিক গোলাপ হোৱা। চোৱা, চাৰিওফালে চোৱা সকলো আত্মিক গোলাপ প্ৰস্ফুটিত (ফুলি থকা) গোলাপ। জঁই পৰা নহয়, প্ৰস্ফুটিত গোলাপ। গতিকে সদায় এনেকৈয়ে সৌভাগ্যশালী আৰু আনন্দময় চেহেৰাত থাকিবা। কোনোবাই তোমালোকৰ চেহেৰা দেখিলে তেতিয়া তোমালোকক সোধক – আপুনি কি পাইছে, বৰ আনন্দিত হৈ আছে দেখোন! প্ৰত্যেকৰে চেহেৰাই পিতাৰ পৰিচয় দিয়ক। যেনেকৈ চিত্ৰই পৰিচয় দিয়ে তেনেকৈ তোমালোকৰ চেহেৰাই পিতাৰ পৰিচয় দিয়ক যে পিতাক পাইছে। বাৰু।

সকলো ঠিকে আছেনে? বিদেশীসকলো আহি পালে। ভাল লাগে নহয় ইয়াত? (নিউয়ৰ্কৰ ভগ্নী মোহিনীৰ প্ৰতি) বাৰু অস্থিৰতাৰ কথা শুনাৰ পৰাতো হাত সাৰি গ’লা, ভাল কৰিলা, সকলো একেলগে আহি উপস্থিত হ’লা, বহুত ভাল কৰিলা। বাৰু – ডবল বিদেশী, ডবল নিচা আছে নহয়! কোৱা - ইমান নিচা আছে যে অন্তৰে কয় যে যদি আছে তেন্তে সেয়া আমি ডবল বিদেশীসকল। ডবল নিচা আছে, স্বৰাজ্য অধিকাৰী তথা বিশ্ব অধিকাৰী। ডবল নিচা আছে নহয়! বাপদাদাৰো ভাল লাগে। যদি কোনোবা দলত ডবল বিদেশী নাথাকে তেতিয়া ভাল নালাগে। বিশ্বৰ পিতা হয় নহয় সেয়েহে গোটেই বিশ্বৰ পৰাই আহিব লাগে! সকলোকে লাগে। মাতাসকল নাথাকিলেও জেউতি নচৰে। পাণ্ডৱ নহ’লেও জেউতি কম হৈ যায়। চোৱা যিটো সেৱাকেন্দ্ৰত কোনো পাণ্ডৱ নাই, কেৱল মাতাসকল আছে তেতিয়া ভাল লাগিবনে! আৰু কেৱল পাণ্ডৱ আছে, শক্তিসকল নাই, তেতিয়াও সেৱাকেন্দ্ৰই শোভা নাপায়। দুয়োটাই লাগে। ল’ৰা-ছোৱালীও লাগে। সিহঁতে কয়, আমাৰ নাম কিয় লোৱা নাই। ল’ৰা-ছোৱালীৰো জেউতি আছে।

বাৰু – এতিয়া এক চেকেণ্ডত নিৰাকাৰী আত্মা হৈ নিৰাকাৰ পিতাৰ স্মৃতিত লীন হৈ যোৱা। (ড্ৰিল)

চাৰিওফালৰ সকলো স্বৰাজ্য অধিকাৰী, সদায় সাক্ষীবোধৰ আসনত স্থিত হৈ থাকোঁতা অবিচলিত আত্মাসকলক, সদায় দাতাবোধৰ স্মৃতিৰে সকলোকে জ্ঞান, শক্তি, গুণ দিওঁতা দয়ালু আত্মাসকলক, সদায় নিজৰ চেহেৰাৰ দ্বাৰা পিতাৰ চিত্ৰ দেখুৱাওঁতা শ্ৰেষ্ঠ আত্মাসকলক, সদায় সৌভাগ্যশালী, আনন্দময় হৈ থাকোঁতা আত্মিক গোলাপ সন্তানসকলক বাপদাদাৰ স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ।

দাদীসকলৰ প্ৰতি:- (সেৱাৰ লগতে চাৰিওফালে 108 ঘণ্টাৰ যোগৰো ভাল কাৰ্যক্ৰম চলি আছে) এই যোগ জ্বালাৰেই বিনাশ জ্বালা শক্তিশালী হ’ব। এতিয়া চোৱা, কাৰ্যসূচী তৈয়াৰ কৰে, আকৌ চিন্তাত পৰি যায়। যোগৰ দ্বাৰা বিকৰ্ম বিনাশ হ’ব, পাপ কৰ্মৰ বোজা ভস্ম হ’ব, সেৱাৰ দ্বাৰা পুণ্যৰ পুঁজি জমা হ’ব। পুণ্যৰ পুঁজি জমা কৰি আছা কিন্তু পূৰ্বৰ সংস্কাৰৰ বোজা আছে, সেয়া জ্বালাৰে ভস্ম হ’ব। সাধাৰণ যোগেৰে নহয়। এতিয়া কি হৈছে, যোগতো লগায় কিন্তু পাপ ভস্ম কৰিব পৰা জ্বালা ৰূপ নহয় সেইবাবে অলপ সময়ৰ বাবে শেষ হয় আকৌ প্ৰকট হয়। সেইকাৰণে ৰাৱণক চোৱা, মাৰে, জ্বলাই আকৌ হাড়বোৰো পানীত পেলাই দিয়ে। একেবাৰে ভস্ম হৈ যাওঁক, পূৰ্বৰ সংস্কাৰ, দুৰ্বল সংস্কাৰ একেবাৰে ভস্ম হৈ যাওঁক, ভস্ম হোৱা নাই। মৰে কিন্তু ভস্ম নহয়, মৰাৰ পাছত আকৌ জী উঠে। সংস্কাৰ পৰিৱৰ্তনৰ দ্বাৰা সংসাৰ পৰিৱৰ্তন হ’ব। এতিয়া সংস্কাৰৰ লীলা চলি আছে। সংস্কাৰ মাজে মাজে জাগ্ৰত হৈ যায় নহয়! নাম-চিহ্ন শেষ হৈ যাওঁক, সংস্কাৰ পৰিৱৰ্তন – এইটো বিশেষভাৱে মনোযোগ দিবলগীয়া কথা। সংস্কাৰ পৰিৱৰ্তন হোৱা নাই সেয়েহে ব্যৰ্থ সংকল্পও আছে। সময়ো ব্যৰ্থত যায়, ব্যৰ্থ লোকচানো হয়। হ’বতো লাগিবই। সংস্কাৰ মিলনৰ মহাৰাস বুলি গায়ন আছে। এতিয়া ৰাস হৈছে, মহাৰাস হোৱা নাই। (মহাৰাস কিয় হোৱা নাই?) মনোযোগ দিয়া নাই, দৃঢ়তা নাই। অমনোযোগিতা ভিন্ন ভিন্ন প্ৰকাৰৰ আছে। ভাল বাৰু!

বৰদান:
কৰ্মযোগী হৈ প্ৰতিটো সংকল্প, বাণী আৰু কৰ্ম শ্ৰেষ্ঠ কৰি তোলোঁতা নিৰন্তৰ যোগী হোৱা

কৰ্মযোগী আত্মাৰ প্ৰতিটো কৰ্ম যোগযুক্ত, যুক্তিযুক্ত হ’ব। যদি যি কোনো কৰ্ম যুক্তিযুক্ত নহয় তেন্তে বুজিবা যোগযুক্ত নহয়। যদি সাধাৰণ বা ব্যৰ্থ কৰ্ম হৈ যায় তেন্তে নিৰন্তৰ যোগী বুলি কোৱা নহ’ব। কৰ্মযোগী অৰ্থাৎ প্ৰতিটো চেকেণ্ড, প্ৰতিটো সংকল্প, প্ৰতিষাৰ বাণী সদায় শ্ৰেষ্ঠ। শ্ৰেষ্ঠ কৰ্মৰ চিন হৈছে নিজেও সন্তুষ্ট আৰু অন্যও সন্তুষ্ট। এনেকুৱা আত্মাহে নিৰন্তৰ যোগী হয়।

স্লোগান:
স্বয়ং প্ৰিয়, লোক প্ৰিয় আৰু প্ৰভু প্ৰিয় আত্মাহে বৰদানী মূৰ্ত হয়।

সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ’বলৈ আজিৰ অব্যক্ত সংকেত:

ব্ৰাহ্মণ অৰ্থাৎ বিচাৰ বুদ্ধি সম্পন্ন, তেওঁলোক সদায় নিজেও সন্তুষ্ট হৈ থাকিব আৰু আনকো সন্তুষ্ট কৰি ৰাখিব। যদি আনে অসন্তুষ্ট কৰিলে অসন্তুষ্ট হয় তেন্তে সংগমযুগী ব্ৰাহ্মণ জীৱনৰ সুখ ল’ব নোৱাৰে। শক্তি স্বৰূপ হৈ আনৰ বায়ুমণ্ডলৰ পৰা নিজক কাষৰীয়া কৰি লোৱা অৰ্থাৎ নিজক নিৰাপদ কৰি লোৱা, এয়াই এইটো লক্ষ্যত উপনীত হোৱাৰ উপায়।