09.01.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে বিকৰ্মৰ শাস্তিৰ পৰা মুক্ত হ'বলৈ পুৰুষাৰ্থ কৰিব লাগে, এই অন্তিম জন্মত সকলো হিচাপ-নিকাচ নিষ্পত্তি কৰি পৱিত্ৰ হ'ব লাগে"

প্ৰশ্ন:
প্ৰতাৰক মায়াই কোনটো প্ৰতিজ্ঞা ভংগ কৰাৰ বাবে চেষ্টা কৰে?

উত্তৰ:
তোমালোকে প্ৰতিজ্ঞা কৰিছা - কোনো দেহধাৰীৰ প্ৰতি অন্তৰৰ আকৰ্ষণ নাৰাখোঁ। আত্মাই কয় - মই একমাত্ৰ পিতাকেই স্মৰণ কৰিম, নিজৰ দেহকো স্মৰণ নকৰোঁ। পিতাই, দেহৰ লগতে সকলোৰে সন্ন্যাস কৰায়। কিন্তু মায়াই এই প্ৰতিজ্ঞাটোৱে ভংগ কৰাই দিয়ে। দেহৰ প্ৰতি আকৰ্ষিত হৈ যায়। যিয়ে প্ৰতিজ্ঞা ভংগ কৰে তেওঁ শাস্তিও বহুত খাবলগীয়া হয়।

গীত:
তুম্হী হো মাতা, পিতা তুম্হী হো….(তুমিয়েই মাতা, পিতা তুমিয়েই….)

ওঁম্শান্তি।
উচ্চতকৈও উচ্চ ভগৱানৰ মহিমাও কৰিছে আকৌ গ্লানিও কৰিছে। এতিয়া উচ্চতকৈও উচ্চ পিতা স্বয়ং আহি পৰিচয় দিয়ে আকৌ যেতিয়া ৰাৱণৰাজ্য আৰম্ভ হয় তেতিয়া নিজৰ শ্ৰেষ্ঠত্ব দেখুৱায়। ভক্তিমাৰ্গত ভক্তিৰে ৰাজ্য, সেয়েহে ৰাৱণৰাজ্য বুলি কোৱা হয়। সেইখন ৰামৰাজ্য, এইখন ৰাৱণৰাজ্য। ৰাম আৰু ৰাৱণৰে তুলনা কৰা হয়। বাকী সেই ৰামতো হৈছে ত্ৰেতাৰ ৰজা, তেওঁৰ বাবে কোৱা নহয়। ৰাৱণ হৈছে আধাকল্পৰ ৰজা। এনেকুৱা নহয় যে ৰাম আধাকল্পৰ ৰজা। নহয়, এয়া বিতংকৈ বুজিবলগীয়া কথা। বাকী সেইবোৰতো বুজিবলৈ একেবাৰে সহজ কথা। আমি সকলো ভাই ভাই। আমাৰ সকলোৰে তেওঁ এজনেই নিৰাকাৰ পিতা। পিতাই জানে - এই সময়ত মোৰ সকলো সন্তান ৰাৱণৰ কাৰাগাৰত আছে। কাম চিতাত বহি সকলো ক'লা (পতিত) হৈ গ'ল। এয়া পিতাই জানে। আত্মাতেই গোটেই জ্ঞান আছে। ইয়াৰ ভিতৰতো আত্মা আৰু পৰমাত্মাক জনাটোকে সকলোতকৈ অধিক মহত্ত্ব দিব লাগে। সূক্ষ্ম আত্মাত কিমান ভূমিকা নিহিত হৈ থাকে যাক ৰূপায়ণ কৰিয়ে থাকে। দেহ-অভিমানত আহি ভূমিকা ৰূপায়িত কৰাৰ বাবে নিজৰ স্বধৰ্মক পাহৰি যায়। এতিয়া পিতা আহি আত্মা-অভিমানী কৰি তোলে কিয়নো আত্মাইহে কয় যে মই পৱিত্ৰ হ’ব লাগে। সেইবাবে পিতাই কয় - মামেকম্ (কেৱল মোক; পৰমাত্মাক) স্মৰণ কৰা। আত্মাই মিনতি কৰে - হে পৰমপিতা, হে পতিত-পাৱন, আমি আত্মাসকল পতিত হৈ গ'লোঁ, এতিয়া আহি আমাক পাৱন কৰি তোলক। সংস্কাৰতো সকলো আত্মাতেই আছে নহয়। আত্মাই স্পষ্টকৈ কয় যে মই পতিত হৈ গ'লোঁ। পতিত তেওঁলোকক কোৱা হয় যি বিকাৰগ্ৰস্ত হয়। পতিত মনুষ্যই, পৱিত্ৰ নিৰ্বিকাৰী দেৱতাসকলৰ আগত গৈ মন্দিৰত তেওঁলোকৰ মহিমা গায়। পিতাই বুজায় – সন্তানসকল, তোমালোকেই পূজ্য দেৱতা আছিলা। 84 জন্ম লৈ লৈ অৱনমিত নিশ্চয় হ’বলগীয়া হয়। এই খেলখনেই পতিতৰ পৰা পাৱন আৰু পাৱনৰ পৰা পতিত হোৱাৰ। গোটেই জ্ঞান পিতা আহি ইংগিতেৰে বুজায়। এতিয়া সকলোৰে অন্তিম জন্ম। সকলোৱে হিচাপ-নিকাচ নিষ্পত্তি কৰি যাব লাগে। বাবাই সাক্ষাৎকাৰ কৰায়। পতিতসকলে নিজৰ বিকৰ্মৰ দণ্ড নিশ্চয় ভুগিবলগীয়া হয়। শেষৰ ফালে জন্ম দিয়েই শাস্তি দিব। মনুষ্য তনতেই শাস্তি খাব সেয়েহে শৰীৰ নিশ্চয় ধাৰণ কৰিবলগীয়া হয়। আত্মাই অনুভৱ কৰে - মই শাস্তি ভোগ কৰি আছোঁ। যেনেকৈ কাশীত আত্মঘাতী হোৱাৰ সময়ত দণ্ড ভোগ কৰে, কৰি থোৱা পাপৰ সাক্ষাৎকাৰ হয়। তেতিয়া কয় - ক্ষমা কৰা ভগৱান, মই এনে কাম আৰু নকৰোঁ। তেওঁলোকে সাক্ষাৎকাৰতে ক্ষমা বিচাৰে। অনুভৱ কৰে, দুখ ভোগ কৰে। সকলোতকৈ বেছি মহত্ত্ব হৈছে আত্মা আৰু পৰমাত্মাৰ। আত্মাইহে 84 জন্মৰ ভূমিকা ৰূপায়ণ কৰে। সেয়েহে আত্মা সকলোতকৈ শক্তিশালী নহ'ল জানো। গোটেই ড্ৰামাখনতেই আত্মা আৰু পৰমাত্মাৰ মহত্ত্ব আছে। যাক অন্য কোনেও নাজানে। এগৰাকী মনুষ্যয়ো নাজানে যে আত্মা কি, পৰমাত্মা কি? ড্ৰামা অনুসৰি এইটোও হ'বলগীয়া আছে। তোমালোক সন্তানসকলৰো জ্ঞান আছে যে এয়া কোনো নতুন কথা নহয়, কল্প পূৰ্বেও এয়া হৈছিল। কোৱাও হয় যে জ্ঞান, ভক্তি বৈৰাগ্য। কিন্তু অৰ্থ বুজি নাপায়। বাবাই এই সাধু আদিৰ সংগত বহুত আছিল, কেৱল নাম লৈ লয়। এতিয়া তোমালোক সন্তানসকলে ভালদৰে জানা যে আমি পুৰণি সৃষ্টিৰ পৰা নতুন সৃষ্টিলৈ যাওঁ তেন্তে পুৰণি সৃষ্টিৰ প্ৰতি নিশ্চয় বৈৰাগ্য ওপজিব লাগে। ইয়াৰ (পুৰণি সৃষ্টিৰ) প্ৰতি কি অন্তৰৰ আকৰ্ষণ ৰাখিব লাগে। তোমালোকে প্ৰতিজ্ঞা কৰিছা - কোনো দেহধাৰীৰ প্ৰতি অন্তৰৰ আকৰ্ষণ নাৰাখোঁ। আত্মাই কয় - মই এজন পিতাকেই স্মৰণ কৰিম। নিজৰ দেহকো স্মৰণ নকৰোঁ। পিতাই দেহৰ লগতে সকলোৰে সন্ন্যাস কৰায়। তেন্তে বেলেগৰ দেহৰ প্ৰতি আমি আসক্তি কিয় ৰাখোঁ। কাৰোবাৰ প্ৰতি আসক্তি থাকিলে তেওঁৰ স্মৃতি আহি থাকিব। তেতিয়া ঈশ্বৰ স্মৃতিত আহিব নোৱাৰে। প্ৰতিজ্ঞা ভংগ কৰিলে শাস্তিও বহুত খাবলগীয়া হয়, পদো ভ্ৰষ্ট হৈ যায়, সেয়েহে যিমান পাৰি পিতাকহে স্মৰণ কৰিব লাগে। মায়াতো বহুত প্ৰতাৰক। যিকোনো পৰিস্থিতিতে মায়াৰ পৰা নিজক ৰক্ষা কৰিব লাগে। দেহ-অভিমানৰ বহুত কাঢ়া বেমাৰ আছে। পিতাই কয় - এতিয়া দেহী-অভিমানী হোৱা। পিতাক স্মৰণ কৰা তেতিয়া দেহ-অভিমানৰ বেমাৰ নাইকিয়া হ'ব। গোটেই দিন দেহ-অভিমানত থাকে। পিতাক কাচিৎহে স্মৰণ কৰে। বাবাই বুজাইছে - হাতেৰে কৰ্ম কৰা আৰু অন্তৰেৰে পিতাক স্মৰণ কৰা। যেনেকৈ প্ৰেমিক-প্ৰেমিকাই পেচাগত কাম-কাজ আদি কৰি থাকিও নিজৰ প্ৰিয়জনকে স্মৃতিলৈ আনি থাকে। এতিয়া তোমালোক আত্মাসকলে পৰমাত্মাৰ প্ৰতি প্ৰীতি ৰাখিব লাগে গতিকে তেওঁকেই স্মৰণ কৰিব লাগে। তোমালোকৰ লক্ষ্য-উদ্দেশ্যই হৈছে দেৱী-দেৱতা হোৱা, তাৰবাবে পুৰুষাৰ্থ কৰিব লাগে। মায়াই প্ৰতাৰণাতো নিশ্চয় কৰিব, তাৰ পৰা নিজকে ৰক্ষা কৰিব লাগে। নহ'লে তাতে আৱদ্ধ হৈ মৰিবা তেতিয়া গ্লানিও হ'ব, লোকচানো বহুত হ'ব।

তোমালোক সন্তানসকলে জানা যে আমি আত্মা বিন্দু, আমাৰ পিতাও বীজৰূপ জ্ঞানৱান। এয়া অতি আচৰিত কথা। আত্মা কি, ইয়াত অবিনাশী ভূমিকা কেনেকৈ ভৰি আছে - এই গূঢ় কথাবিলাক ভাল ভাল সন্তানেও পূৰা বুজি নাপায়। নিজক যথাৰ্থ ৰীতিৰে আত্মা বুলি বুজা আৰু পিতাকো বিন্দুৰ ৰূপত বুজি স্মৰণ কৰা, তেওঁ জ্ঞানৰ সাগৰ হয়, বীজৰূপ হয়...... এনেকৈ বুজি কাচিৎহে স্মৰণ কৰে। স্থূল খেয়ালেৰে নহয়, এই ক্ষেত্ৰত সূক্ষ্ম বুদ্ধিৰে বুজিব লাগে - আমি আত্মা, আমাৰ পিতা আহিছে, তেওঁ বীজৰূপ জ্ঞানৱান। আমাক জ্ঞান শুনাই আছে। ধাৰণাও মই সূক্ষ্ম আত্মায়ে কৰোঁ। এনেকুৱা বহুত আছে যিয়ে স্থূল ৰূপত কেৱল কৈ দিয়ে - আত্মা আৰু পৰমাত্মা... কিন্তু যথাৰ্থ ৰীতিৰে বুদ্ধিত উদয় নহয়। একেবাৰে নকৰাতকৈ স্থূল ৰীতিৰে স্মৰণ কৰাটোও ভাল। কিন্তু যথাৰ্থ ৰীতিৰে স্মৰণ কৰাটো বেছি ফলদায়ক। তেওঁলোকে ইমান উচ্চ পদ লাভ কৰিব নোৱাৰে। এই ক্ষেত্ৰত বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। মই আত্মা সূক্ষ্ম বিন্দু, বাবাও সিমানেই সূক্ষ্ম বিন্দু, তেওঁৰ গোটেই জ্ঞান আছে, এয়াও তোমালোক ইয়াত বহি থকাৰ বাবে অলপ বুদ্ধিত উদয় হয়, কিন্তু চলোঁতে-ফুৰোঁতে সেইটো খেয়াল থাকিব লাগে, কিন্তু নাথাকে। গোটেই দিন সেইটোৱে চিন্তনত থকা - এয়া হৈছে সঁচা অৰ্থত স্মৃতিত থকা। কোনেও সঁচা কথা নকয় যে মই কেনেকৈ স্মৰণ কৰোঁ। খতিয়ানৰ তালিকা যদিও পঠিয়ায় কিন্তু এইটো নিলিখে যে এনেকৈ নিজক বিন্দু বুলি বুজি আৰু পিতাকো বিন্দু বুলি বুজি স্মৰণ কৰোঁ। সততাৰে সকলো নিলিখে। যদিও বহুত ভালকৈ মুৰুলী শুনায় কিন্তু যোগ বহুত কম। দেহ-অভিমান বহুত আছে, এই গুপ্ত কথাটি পূৰা ৰীতিৰে বুজি নাপায়, মন্থনো নকৰে। স্মৃতিৰ দ্বাৰাই পৱিত্ৰ হ'ব লাগে। প্ৰথমেতো কৰ্মাতীত অৱস্থা লাগে নহয়। তেৱেঁই উচ্চ পদ লাভ কৰিব। বাকী মুৰুলী শুনাওঁতাতো বহুত আছে। কিন্তু বাবাই জানে যে যোগত টিকি থাকিব নোৱাৰে। বিশ্বৰ মালিক হোৱাতো জানো মাহীৰ ঘৰৰ দৰে (ইমান উজু)। তেওঁলোকে অল্পকালৰ প্ৰাপ্তিৰ বাবেও কিমান পঢ়ে। উপাৰ্জনৰ উৎস এতিয়াহে হৈছে। আগতে বেৰিষ্টাৰ আদিয়ে জানো ইমান উপাৰ্জন কৰিছিল। এতিয়া কিমান উপাৰ্জন হৈ গ'ল।

সন্তানসকলে নিজৰ কল্যাণৰ বাবে প্ৰথমে, নিজক আত্মা বুলি বুজি যথাৰ্থ ৰীতিৰে পিতাক স্মৰণ কৰিব লাগে আৰু দ্বিতীয়তে, ত্ৰিমূৰ্তি শিৱৰ পৰিচয় আনকো দিব লাগে। কেৱল শিৱ বুলি ক'লেই নুবুজিব। ত্ৰিমূৰ্তিতো নিশ্চয় লাগে। মুখ্য হৈছে দুখন চিত্ৰ - ত্ৰিমূৰ্তি আৰু বৃক্ষ। ছিৰিতকৈও বৃক্ষৰ চিত্ৰত বেছি জ্ঞান আছে। এই চিত্ৰতো সকলোৰে লগত থাকিব লাগে। এফালে ত্ৰিমূৰ্তি গোলা আৰু আনফালে বৃক্ষ। এয়া পাণ্ডৱ সেনাৰ পতাকা হ'ব লাগে। ড্ৰামা আৰু বৃক্ষৰ জ্ঞানো পিতাই দিয়ে। লক্ষ্মী-নাৰায়ণ, বিষ্ণু আদি কোন হয়? এয়া কোনেও বুজি নাপায়। মহালক্ষ্মীৰ পূজা কৰে, এনেকৈ ভাবে যে লক্ষ্মী আহিব। এতিয়া লক্ষ্মীয়ে ধন ক'ৰ পৰা পাব? 4 (চাৰি) খন ভূজাধাৰী, 8 (আঠ) খন ভূজাধাৰী কিমান যে চিত্ৰ তৈয়াৰ কৰি দিছে। একোৱে বুজি নাপায়। 8-10 খন ভূজাধাৰী কোনো মনুষ্যতো নাথাকে। যাৰ মনত যি আহিল, সেয়াই ৰচি দিলে আৰু সেয়াই চলিবলৈ ধৰিলে। কোনোৱে মত দিলে হনুমানৰ পূজা কৰা বচ্‌ সেয়াই কৰিবলৈ ধৰিলে। সঞ্জীৱনী ঔষধি লৈ অহা দেখুৱায়..... তাৰো অৰ্থ তোমালোক সন্তানসকলে জানা। সঞ্জীৱনী ঔষধিতো হৈছে মনমনাভৱ! বিচাৰ কৰা হয় যে যেতিয়ালৈকে ব্ৰাহ্মণ নহয়, পিতাৰ পৰিচয় নাপায়, তেতিয়ালৈকে একোৱে মূল্য নাই। পদ মৰ্যাদাক লৈ মনুষ্যৰ কিমান অভিমান থাকে। তেওঁলোককতো বুজাবলৈ বহু কঠিন হয়। ৰাজ্য স্থাপনা কৰোঁতে কিমান পৰিশ্ৰম হয়। সেয়া হৈছে বাহুবল, এয়া হৈছে যোগবল। এই কথাবোৰতো শাস্ত্ৰত নাই। বাস্তৱত তোমালোকে কোনো শাস্ত্ৰ আদিৰ প্ৰসংগ আনিব নোৱাৰা। যদি তোমালোকক সোধে - তোমালোকে শাস্ত্ৰ মানানে? কোৱা যে হয় এয়াতো সকলো ভক্তিমাৰ্গৰ। এতিয়া আমি জ্ঞানমাৰ্গত চলি আছোঁ। জ্ঞান প্ৰদান কৰোঁতা, জ্ঞানৰ সাগৰ এজনেই পিতা, ইয়াক আত্মিক জ্ঞান বুলি কোৱা হয়। আত্মাই বহি আত্মাক জ্ঞান দিয়ে। সেয়া মনুষ্যই মনুষ্যক দিয়ে। মনুষ্যই কেতিয়াও আধ্যাত্মিক জ্ঞান দিব নোৱাৰে। জ্ঞানৰ সাগৰ পতিত-পাৱন, মুক্তিদাতা, সৎগতি দিওঁতা এজনেই পিতা।

পিতাই বুজাই থাকে যে এইটো এইটো কৰা। এতিয়া চোৱা শিৱজয়ন্তীত কিমান জাকজমতা কৰে। ট্ৰান্সলাইটৰ চিত্ৰ লাগিলে সৰুৱেই হওঁক সকলোৱে পাব লাগে। তোমালোকৰতো হৈছে একেবাৰে নতুন কথা। কোনেও বুজিব নোৱাৰে। বাতৰিকাকতত খুব প্ৰচাৰ কৰিব লাগে। আৱাজ কৰিব লাগে। সেৱাকেন্দ্ৰ খোলোঁতাসকলো এনেকুৱা হ'ব লাগে। এতিয়া তোমালোক সন্তানসকলৰে ইমান নিচা লগা নাই। পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে বুজায়। ইমান অনেক ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰী আছে। ঠিক আছে, ব্ৰহ্মাৰ নামৰ সলনি বেলেগৰো নাম দি দিয়া। ৰাধা কৃষ্ণৰ নাম দি দিয়া। বাৰু, আকৌ ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰীৰ নাম ক'ৰ পৰা আহিব? কোনোবাতো ব্ৰহ্মা লাগিব নহয়, যি মুখ বংশাৱলী বি.কে. হ’ব। সন্তানসকলে আগলৈ গৈ বহুত বুজিব। খৰচতো কৰিবলগীয়া হয়েই। চিত্ৰতো বহুত স্পষ্ট। লক্ষ্মী-নাৰায়ণৰ চিত্ৰ বহুত ভাল। ভাল বাৰু!

অতিকৈ মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কৰ্মাতীত হ'বৰ কাৰণে পিতাক সূক্ষ্ম বুদ্ধিৰে জানি যথাৰ্থ ৰূপত স্মৰণ কৰিব লাগে। পঢ়াৰ লগতে যোগৰ প্ৰতি পূৰা মনোযোগ দিব লাগে।

(2) নিজক মায়াৰ প্ৰতাৰণাৰ পৰা ৰক্ষা কৰিব লাগে। কাৰো দেহৰ প্ৰতি আসক্তি ৰাখিব নালাগে। সঁচা প্ৰীতি একমাত্ৰ পিতাৰ প্ৰতি ৰাখিব লাগে। দেহ-অভিমানত আহিব নালাগে।

বৰদান:
ব্ৰহ্ম-মুহূৰ্তৰ সময়ত বৰদান লওঁতা আৰু দান দিওঁতা পিতাৰ সমান বৰদানী, মহাদানী হোৱা

ব্ৰহ্ম-মুহূৰ্তৰ সময়ত বিশেষ ব্ৰহ্মলোক নিবাসী পিতাই জ্ঞান সূৰ্যৰ ‘লাইট’ আৰু ‘মাইট’ৰ কিৰণ সন্তানসকলক বৰদানৰ ৰূপত দিয়ে। লগতে পিতা ব্ৰহ্মাই ভাগ্য বিধাতাৰ ৰূপত ভাগ্য ৰূপী অমৃত বিলায় কেৱল বুদ্ধি ৰূপী কলহ অমৃত ধাৰণ কৰাৰ যোগ্য হওঁক। যিকোনো প্ৰকাৰৰ বিঘ্ন বা বাধা যাতে নাথাকে, তেতিয়া গোটেই দিনটোৰ বাবে শ্ৰেষ্ঠ স্থিতি বা কৰ্মৰ মুহূৰ্ত উলিয়াব পাৰা কিয়নো অমৃতবেলাৰ বাতাবৰণেই বৃত্তি পৰিৱৰ্তন কৰোঁতা হয় সেই কাৰণে সেই সময়ত বৰদান লৈ দান দিয়া অৰ্থাৎ বৰদানী আৰু মহাদানী হোৱা।

স্লোগান:
ক্ৰোধীৰ কাম হৈছে ক্ৰোধ কৰা আৰু তোমালোকৰ কাম হৈছে স্নেহ দিয়া।


শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

এতিয়া স্ব-কল্যাণৰ এনেকুৱা শ্ৰেষ্ঠ পৰিকল্পনা কৰা যাতে বিশ্বৰ সেৱাত শক্তিৰ প্ৰকম্পন স্বতঃস্ফূৰ্তভাৱে প্ৰাপ্ত হৈ থাকে। এতিয়া উৎসাহ-উদ্দীপনাৰে নিজৰ মনত এইটো দৃঢ় প্ৰতিজ্ঞা কৰা যে মই পিতাৰ সমান হৈয়েই দেখুৱাম। পিতা ব্ৰহ্মাৰো সন্তানসকলৰ প্ৰতি অতি স্নেহ আছে সেই কাৰণে এটি এটি সন্তানক প্ৰকট কৰি বিশেষ সমান কৰি তোলাৰ বাবে শক্তিৰ প্ৰকম্পন দি থাকে।