09.01.26 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
“গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ অৰ্থাৎ সকলো ধৰ্ম পিতাসকলৰো আদি পিতা হ’ল প্ৰজাপিতা
ব্ৰহ্মা, যাৰ বৃত্তিক তোমালোক সন্তানসকলেহে জানা”
প্ৰশ্ন:
কৰ্মক শ্ৰেষ্ঠ
কৰি তোলাৰ যুক্তি কি?
উত্তৰ:
এইটো জন্মৰ কোনো কৰ্ম পিতাৰ পৰা গোপনে নাৰাখিবা, শ্ৰীমত অনুসৰি কৰ্ম কৰা তেতিয়া
প্ৰতিটো কৰ্ম শ্ৰেষ্ঠ হ’ব। সকলো নিৰ্ভৰ কৰে কৰ্মৰ ওপৰত। যদি কোনো পাপ কৰ্ম কৰি
লুকুৱাই ৰাখা তেন্তে 100 গুণ শাস্তি হয়, পাপ বৃদ্ধি হৈ গৈ থাকে, পিতাৰ সৈতে বুদ্ধিৰ
যোগসূত্ৰ ছিঙি যায়। তেতিয়া এনেকৈ লুকুওৱাসকলৰ সৰ্বনাশ হৈ যায়, সেইকাৰণে সত্য পিতাৰ
সৈতে সততাৰে থাকা।
ওঁম্শান্তি।
অতি মৰমৰ,
কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলে এইটোতো বুজি পায় যে এই পুৰণি সৃষ্টিত এতিয়া
আমি কেইটিমান দিনৰ পথিক। জগতৰ মনুষ্যইতো ভাবে আৰু 40 হাজাৰ বছৰ ইয়াত থাকিব লাগিব।
তোমালোক সন্তানসকলৰতো নিশ্চয়তা আছে নহয়। এই কথাবোৰ নাপাহৰিবা। ইয়াত বহি আছা গতিকে
তোমালোক সন্তানসকল ভিতৰি অতি গদগদ (অতিশয় আনন্দিত হ’ব) লাগে। এই দুচকুৰে যি কিছু
দেখিবলৈ পোৱা এয়াতো বিনাশ হৈ যাব। আত্মাতো অবিনাশী। এইটোও বুদ্ধিত আছে যে মই আত্মাই
পূৰা 84 জন্ম লৈছোঁ, এতিয়া পিতা আহিছে লৈ যাবলৈ। পুৰণি সৃষ্টি যেতিয়া পূৰা হয় তেতিয়া
নতুন সৃষ্টি ৰচিবলৈ পিতা আহে। নতুন সৃষ্টিৰ পৰা পুৰণি, আকৌ পুৰণি সৃষ্টিৰ পৰা নতুন,
এই চক্ৰৰ জ্ঞান তোমালোকৰ বুদ্ধিত আছে। অনেকবাৰ আমি এই চক্ৰ পৰিক্ৰমা লগাইছোঁ। এতিয়া
এই চক্ৰ পূৰা হয়। আকৌ নতুন সৃষ্টিত আমি কিছুসংখ্যক দেৱতাহে থাকিমগৈ। মনুষ্য নাথাকিব।
এতিয়া আমি মনুষ্যৰ পৰা দেৱতা হৈ আছোঁ। এইটোতো দৃঢ় নিশ্চয়তা আছে। বাকী কৰ্মৰ ওপৰতেই
সকলো নিৰ্ভৰ কৰে। মনুষ্যই ওলোটা কৰ্ম কৰিলে তেতিয়া অন্তৰ নিশ্চয় দহে সেইকাৰণে পিতাই
সোধে এইটো জন্মত এনেকুৱা কোনো পাপতো কৰা নাই? এয়া হ’ল ছিঃ ছিঃ ৰাৱণৰাজ্য। এইটোও
তোমালোকে বুজি পোৱা। জগতে নাজানে যে ৰাৱণ কোনটো বস্তুৰ নাম। বাপুজীয়ে কৈছিল
ৰামৰাজ্য লাগে কিন্তু অৰ্থ বুজি পোৱা নাছিল। এতিয়া বেহদৰ পিতাই বুজায় - ৰামৰাজ্য
কেনেধৰণৰ হয়। এইখনতো অনাচাৰী জগত। এতিয়া বেহদৰ পিতাই সন্তানসকলক উত্তৰাধিকাৰ দি আছে।
এতিয়া তোমালোকে ভক্তি নকৰা। এতিয়া পিতাৰ হাত পাইছা। পিতাৰ সহায় অবিহনে তোমালোক বিষয়
বৈতৰণী নদীত ককবকাই আছিলা, আধাকল্প হৈছেই ভক্তি। জ্ঞান পালে তোমালোক নতুন সৃষ্টি
সত্যযুগলৈ গুচি যোৱা। এতিয়া তোমালোক সন্তানসকলৰ এইটো নিশ্চয়তা আছে যে আমি পিতাক
স্মৰণ কৰি কৰি পৱিত্ৰ হৈ যাম, আকৌ পৱিত্ৰ ৰাজ্যলৈ আহিম। এই জ্ঞানো এতিয়া তোমালোকে
পুৰুষোত্তম সংগমযুগত পোৱা। এয়া হ’ল পুৰুষোত্তম সংগমযুগ। যেতিয়া তোমালোক ছিঃ ছিঃৰ পৰা
সুন্দৰ, কাঁইটৰ পৰা ফুল হৈ আছা। কোনে কৰি তোলে? পিতাই। পিতাক জানিলা। আমাৰ অৰ্থাৎ
আত্মাসকলৰ তেওঁ বেহদৰ পিতা। লৌকিক পিতাক বেহদৰ পিতা বুলি নকয়। পাৰলৌকিক পিতা আত্মাৰ
হিচাপত সকলোৰে পিতা। আকৌ ব্ৰহ্মাৰো বৃত্তি থকা উচিত নহয় জানো। তোমালোক সন্তানসকলে
সকলোৰে বৃত্তিক জানি গ’লা। বিষ্ণুৰো বৃত্তিক জানা। কিমান অলংকৃত হয়। স্বৰ্গৰ মালিক
হয় নহয়। এওঁকতো সংগমৰ বুলিয়ে কোৱা হ’ব। মূললোক, সূক্ষ্মলোক, স্থূললোক, সেইবিলাকৰ
কথাও সংগমতেই উত্থাপিত হয়। পিতাই বুজায় - পুৰণি সৃষ্টি আৰু নতুন সৃষ্টিৰ এয়া হৈছে
সংগম। আহ্বানো জনায় যে হে পতিত-পাৱন আহক। পাৱন সৃষ্টি হ’ল নতুন সৃষ্টি আৰু পতিত
সৃষ্টি হ’ল পুৰণি সৃষ্টি। এইটোও জানা বেহদৰ পিতাৰো ভূমিকা আছে। তেওঁ ৰচয়িতা,
নিৰ্দেশক হয় নহয়। সকলোৱে মানে যেতিয়া নিশ্চয় তেওঁৰ কিবাতো কৰ্মকাণ্ড থাকিব নহয়!
তেওঁক মনুষ্য বুলি কোৱা নহয়, তেওঁৰতো শৰীৰ নাই। বাকী সকলোকে হয় মনুষ্য নতুবা দেৱতা
বুলি ক’ব। শিৱবাবাকতো দেৱতা বুলিও নকয়, মনুষ্য বুলিও নকয় কাৰণ তেওঁৰ শৰীৰেই নাই।
এইটোতো অস্থায়ীভাৱে লৈছে। নিজেই কয় - মৰমৰ সন্তানসকলক মই শৰীৰ অবিহনে ৰাজযোগ কেনেকৈ
শিকাওঁ! মোক মনুষ্যই কণ কণত আছোঁ বুলি কৈ দিছে, কিন্তু এতিয়াতো তোমালোক সন্তানসকলে
বুজি পোৱা মই কেনেকৈ আহোঁ! এতিয়া তোমালোকে ৰাজযোগ শিকি আছা। কোনো মনুষ্যইতো শিকাব
নোৱাৰে। দেৱতাসকলে সত্যযুগী ৰাজ্য-ভাগ্য কেনেকৈ ল’লে? নিশ্চয় পুৰুষোত্তম সংগমযুগত
ৰাজযোগ শিকিছে। গতিকে এয়া স্মৰণ কৰি তোমালোক সন্তানসকল অপাৰ আনন্দিত হ’ব লাগে। আমি
এতিয়া 84 ৰ চক্ৰ পূৰা কৰিলোঁ। পিতা কল্পই কল্পই আহে। পিতাই নিজেই কয় - এয়া বহুত
জন্মৰ অন্তৰ জন্ম। শ্ৰীকৃষ্ণ যি সত্যযুগৰ ৰাজকুমাৰ আছিল, তেৰ্ৱেঁই আকৌ 84ৰ চক্ৰ
লগায়। তোমালোকে শিৱৰতো 84 জন্ম বুলি নোকোৱা। তোমালোকৰ ভিতৰতো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি
জানে। মায়া বহুত কাঢ়া, কাকোৱেই নেৰে। এই পিতাই ভালদৰে জানে। এনেকৈ নাভাবিবা যে পিতা
অন্তৰ্যামী। নহয়, সকলোৰে কৰ্ম-কাণ্ডৰ পৰা জানে। খবৰ আহে – মায়াই একেবাৰ কেঁচাই খাই
পেলায়। এনেকুৱা বহুত কথা তোমালোক সন্তানসকলে গম নোপোৱা, পিতাইতো সকলো গম পায়।
মনুষ্যই আকৌ ভাবে বাবা অন্তৰ্যামী। পিতাই কয় - মই অন্তৰ্যামী নহওঁ। প্ৰত্যেকৰে চলনৰ
পৰা সকলো গম পোৱা যায়। বহুত ছিঃ ছিঃ চলন হয়। পিতাই সন্তানসকলক সাৱধান কৰায়। মায়াৰ
পৰা সাৱধান হ’ব লাগে। মায়া এনেকুৱা যে কিবা নহয় কিবা ৰূপত একেবাৰে গ্ৰাস কৰি লয়।
পাছত পিতাই বুজালেও বুদ্ধিত ধাৰণ নহয় সেইকাৰণে সন্তানসকল বহুত সাৱধান হৈ থাকিব লাগে।
কাম মহাশত্ৰু। ধৰিবই নোৱাৰে যে মই বিকাৰগ্ৰস্ত হৈ গ’লোঁ, এনেকুৱাও হয় সেইকাৰণে
পিতাই কয় - কিবা ভুল আদি হ’লে স্পষ্টকৈ কোৱা, লুকুৱাই নাৰাখিবা। নহ’লে এশগুণ পাপ হৈ
যাব, যিয়ে অন্তৰ দহি থাকিব। একেবাৰে অৱনমিত হৈ যাবা। সত্য পিতাৰ সৈতে একেবাৰে সততাৰে
চলিব লাগে, নহ’লেতো বহুত লোকচান। মায়া এই সময়ততো বৰ কাঢ়া। এইখন ৰাৱণৰ সৃষ্টি। আমি
এই পুৰণি সৃষ্টিক স্মৰণেই বা কিয় কৰোঁ! আমিতো নতুন সৃষ্টিক স্মৰণ কৰিব লাগে, য’লৈ
এতিয়া গৈ আছোঁ। পিতাই নতুন ঘৰ সজালে তেতিয়া সন্তানে বুজি পায় নহয় যে পিতাই আমাৰ
কাৰণে ঘৰ সজাই আছে। আনন্দিত হৈ থাকে। এয়া হৈছে বেহদৰ কথা। আমাৰ কাৰণে নতুন সৃষ্টি
স্বৰ্গ তৈয়াৰ হৈ আছে। স্বৰ্গত নিশ্চয় নিবাস কৰিবলৈ ঘৰো থাকিব। এতিয়া আমি নতুন
সৃষ্টিলৈ যাম। যিমান পিতাক স্মৰণ কৰিবা সিমান সুন্দৰ ফুল হ’বা। আমি বিকাৰৰ বশীভূত
হৈ কাঁইট হৈ গৈছিলোঁ। পিতাই জানে - মায়াই আধাসংখ্যককতো একেবাৰে খাই পেলায়।
তোমালোকেও বুজি পোৱা যি নাহে তেওঁতো মায়াৰ বশীভূত হৈ গ’ল! পিতাৰ ওচৰলৈতো নাহেই।
এনেকৈ মায়াই বহুতকে গ্ৰাস কৰি লয়। বহুতে ভাল ভাল বুলি কৈ যায় – মই এনেকুৱা কৰিম,
এইটো কৰিম, মইতো যজ্ঞৰ কাৰণে প্ৰাণ দিবলৈও সাজু আছোঁ। আজি সেইসকল নাই। তোমালোকৰ
যুদ্ধ হৈছেই মায়াৰ সৈতে। জগতত এইটো কোনেও নাজানে যে মায়াৰ সৈতে যুদ্ধ কেনেকৈ হয়।
এতিয়া তোমালোক সন্তানসকলক পিতাই জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰদান কৰিছে, যাৰ দ্বাৰা
তোমালোক আন্ধাৰৰ পৰা আলোকলৈ আহি গৈছা। আত্মাকেই এই জ্ঞান নেত্ৰ দিয়ে সেইবাবে পিতাই
কয় - নিজক তোমালোকে আত্মা বুলি বুজা। বেহদৰ পিতাক স্মৰণ কৰা। ভক্তিত তোমালোকে স্মৰণ
কৰিছিলা নহয়। কৈছিলাও যে আপুনি আহিলে আমি উছৰ্গিত হৈ যাম। কেনেকৈ উছৰ্গিত হ’বা! এইটো
জানো জানিছিলা! এতিয়া তোমালোকে বুজি পোৱা আমি যেনেকুৱা আত্মা পিতাও তেনেকুৱাই।
পিতাৰ হ’ল অলৌকিক জন্ম। তোমালোক সন্তানসকলক কিমান ভালদৰে পঢ়ায়! নিজেই কোৱা - এয়াতো
সেইজনেই পিতা যিজন কল্পই কল্পই আমাৰ পিতা হয়। আমিও ‘বাবা’ ‘বাবা’ বুলি কওঁ! পিতায়ো
‘সন্তান’ ‘সন্তান’ বুলি কয়। তেৱেঁই শিক্ষকৰ ৰূপত ৰাজযোগ শিকায়। আৰুতো কোনেও ৰাজযোগ
শিকাব নোৱাৰে। তোমালোকক বিশ্বৰ মালিক কৰি তোলে তেন্তে এনেকুৱা পিতাৰ হৈ আকৌ সেইজন
শিক্ষকৰ শিক্ষাও ল’ব লাগে নহয়। আনন্দত গদগদ হ’ব লাগে। যদি ছিঃ ছিঃ হোৱা তেন্তে আকৌ
সেই আনন্দ নাথাকিব। লাগিলে যিমানেই মগজ নখটুৱাওক তেওঁ যেন আমাৰ জাতি ভাই নহয়। ইয়াত
মনুষ্যৰ কিমান উপাধি থাকে। তোমালোকৰ উপাধি চোৱা কিমান ডাঙৰ! এওঁ হ’ল সকলোতকৈ
জ্যেষ্ঠ গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ ব্ৰহ্মা। তেওঁক কোনেও নাজানেই। শিৱবাবাকতো
সৰ্বব্যাপী বুলি কৈ দিছে। ব্ৰহ্মাকো কোনেও নাজানে। চিত্ৰও আছে
ব্ৰহ্মা-বিষ্ণু-শঙ্কৰৰ। ব্ৰহ্মাক সূক্ষ্মলোকত লৈ গ’ল। জীৱন বৃত্তান্ত একো নাজানে।
ব্ৰহ্মাক সূক্ষ্মলোকত দেখুৱায় তেন্তে আকৌ প্ৰজাপিতা ব্ৰহ্মা ক’ৰ পৰা আহিব! তাত
সন্তান তুলি ল’ব জানো! কোনেও গম নাপায়। প্ৰজাপিতা ব্ৰহ্মা বুলি কয় কিন্তু জীৱন
বৃত্তান্ত নাজানে। পিতাই বুজাইছে - এয়া মোৰ ৰথ। বহুত জন্মৰ অন্তত মই এই আধাৰ লৈছোঁ।
এয়া পুৰুষোত্তম সংগমযুগ গীতাৰ আখ্যান। পৱিত্ৰতাও হৈছে মুখ্য। পতিতৰ পৰা পাৱন কেনেকৈ
হয়, এইটো জগতত কোনেও গম নাপায়। সাধু-সন্ত আদিয়ে কেতিয়াও এনেকৈ নকয় যে দেহ সহিত
সকলোকে পাহৰা। এজন পিতাক স্মৰণ কৰা তেতিয়া মায়াৰ পাপ কৰ্ম সকলো ভস্ম হৈ যাব। কোনো
গুৰুৱে এনেকৈ কেতিয়াও নকয়।
পিতাই বুজায় – এওঁ
ব্ৰহ্মা কেনেকৈ হয়? সৰুকালত গাঁৱৰ ল’ৰা আছিল। চৌৰাশী জন্ম লৈছে, প্ৰথমৰ পৰা শেষলৈকে।
গতিকে নতুন সৃষ্টি আকৌ পুৰণি সৃষ্টি হৈ যায়। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিৰ তলা
খুলিছে। তোমালোকে বুজিব পাৰা, ধাৰণা কৰিব পাৰা। এতিয়া তোমালোক বুদ্ধিমান হৈছা। আগতে
বুদ্ধিহীন আছিলা। এই লক্ষ্মী-নাৰায়ণ বুদ্ধিমান হয় আৰু ইয়াৰ মনুষ্যসকল বুদ্ধিহীন।
সন্মুখত চোৱা এয়া স্বৰ্গৰ মালিক হয় নহয়। শ্ৰীকৃষ্ণ স্বৰ্গৰ মালিক আছিল আকৌ গাঁৱৰ
ল’ৰা হৈছে। তোমালোক সন্তানসকলে এয়া ধাৰণ কৰি পৱিত্ৰও নিশ্চয় হ’ব লাগে। মুখ্য হৈছেই
পৱিত্ৰতাৰ কথা। লিখেও – বাবা, মায়াই মোক বগৰাই দিলে। দৃষ্টি আসুৰিক হৈ গ’ল। পিতাই
কয় - নিজক আত্মা বুলি বুজা। বচ্ এতিয়াতো ঘৰলৈ যাব লাগে। পিতাক স্মৰণ কৰিব লাগে। অলপ
সময়ৰ বাবে, শৰীৰ নিৰ্বাহৰ অৰ্থে কৰ্ম কৰি আকৌ আমি গুচি যাওঁ। এই পুৰণি সৃষ্টিৰ
বিনাশৰ নিমিত্তে যুদ্ধও লাগে। এয়াও তোমালোকে দেখিবা কেনেকৈ লাগে? বুদ্ধিৰে বুজি পায়
আমি দেৱতা হওঁ সেয়েহে আমাক নতুন সৃষ্টিও লাগে সেইকাৰণে বিনাশ নিশ্চয় হ’ব। আমি
শ্ৰীমতত নিজৰ নতুন সৃষ্টি স্থাপন কৰি আছোঁ।
পিতাই কয় – মই
তোমালোকৰ সেৱাত উপস্থিত হওঁ। তোমালোকে বিচাৰিছিলা যে আমাক পতিতসকলক আহি পাৱন কৰি
তোলক সেয়েহে তোমালোকে কোৱা বাবে মই আহিছোঁ, তোমালোকক বহুত সহজ ৰাস্তা দেখুৱাই দিওঁ।
মনমনাভৱ (নিজক আত্মা বুলি বুজি মোক পৰমাত্মাক স্মৰণ কৰা)। ভগৱানুবাচ হয় নহয়, কেৱল
শ্ৰীকৃষ্ণৰ নাম দি দিলে। পিতাৰ পাছতে হ’ল শ্ৰীকৃষ্ণ। এওঁ পৰমধামৰ মালিক, তেওঁ
বিশ্বৰ মালিক। সূক্ষ্মলোকততো একো নহয়। সকলোতকৈ প্ৰথম হ’ল শ্ৰীকৃষ্ণ, যাক বহুত মৰম
কৰে। বাকীসকলতো পিছে পিছে আহিছে। স্বৰ্গলৈতো সকলোৱে যাব নোৱাৰে। গতিকে মৰমৰ
সন্তানসকল অতিশয় আনন্দিত হৈ থাকিব লাগে। কৃত্ৰিম আনন্দ চলিব নোৱাৰে। বাহিৰৰ পৰা
বিভিন্ন প্ৰকাৰৰ সন্তান পিতাৰ ওচৰলৈ আহিছিল, কেতিয়াও পৱিত্ৰ হৈ নাথাকে। বাবাই
বুজাইছিল - যদি বিকাৰগ্ৰস্ত হোৱা তেন্তে আকৌ আহানো কিয়, তেতিয়া কৈছিল – কি কৰোঁ,
থাকিব নোৱাৰোঁ। নিতৌ আহোঁ, নাজানো কেতিয়া এনেকুৱা তীৰে আঘাত কৰিব। আপোনাৰ অবিহনে
সৎগতি কোনে কৰিব। আহি বহি গৈছিল। মায়া বৰ প্ৰবল। নিশ্চয়তাও জন্মে – বাবাই আমাক
পতিতৰ পৰা পাৱন সুন্দৰ কৰি তোলে। কিন্তু কি কৰিব, তথাপিও সঁচাতো কৈছিল – এতিয়ালৈ
নিশ্চয় তেওঁলোক শুধৰণি হৈ গৈছে চাগৈ। তেওঁলোকৰ এইটো নিশ্চয়তা আছিল – এওঁৰ দ্বাৰাহে
আমাৰ শুধৰণি হ’ব।
এই সময়ত কিমান ভাৱৰীয়া
আছে। এজনৰ চেহেৰা আনজনৰ সৈতে নিমিলে। আকৌ কল্পৰ পাছত সেই চেহেৰাৰেই ভূমিকা
পুনৰাবৃত্তি কৰিব। আত্মাসকল সকলো নিৰ্ধাৰিত হয় নহয়। সকলো ভাৱৰীয়াই একেবাৰে সঠিক
ভূমিকা পালন কৰি থাকে। অলপো পাৰ্থক্য হ’ব নোৱাৰে। সকলো আত্মা অবিনাশী। আত্মাত
ভূমিকাও অবিনাশী নিহিত হৈ আছে। বুজাবলগীয়া কিমান কথা আছে। কিমান বুজোৱা হয় তথাপিও
পাহৰি যায়। বুজিব নোৱাৰে। এয়াও ড্ৰামাত হ’বলগীয়া আছে। প্ৰত্যেক কল্পতে ৰাজ্যতো
স্থাপনা হয়েই। সত্যযুগত আহেই কমসংখ্যক – সেয়াও ক্ৰমানুসৰি। ইয়াতো ক্ৰমানুসৰি হয় নহয়।
এজনৰ ভূমিকা এজনেই জানে, আন কোনেও জানিব নোৱাৰে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সত্য
পিতাৰ সৈতে সদায় সততাৰে থাকিব লাগে। পিতাৰ প্ৰতি সম্পূৰ্ণ উছৰ্গিত হৈ যাব লাগে।
(2) জ্ঞান ধাৰণ কৰি
বুদ্ধিমান হ’ব লাগে। ভিতৰি অপাৰ আনন্দত থাকিব লাগে। শ্ৰীমতৰ বিৰুদ্ধে কোনো কাম কৰি
আনন্দ হেৰুৱাব নালাগে।
বৰদান:
ড্ৰামাৰ
পইণ্টৰ অনুভৱ দ্বাৰা সদায় সাক্ষীবোধৰ স্থিতিত স্থিৰ হৈ থাকোঁতা অবিচলিত হোৱা
ড্ৰামাৰ পইণ্টৰ যিসকল
অনুভৱী তেওঁলোকে সদায় সাক্ষীবোধৰ স্থিতিত স্থিৰ হৈ থাকি একৰস, অবিচলিত স্থিতিৰ
অনুভৱ কৰে। ড্ৰামাৰ পইণ্টৰ অনুভৱী আত্মাই কেতিয়াও বেয়াত বেয়াটো নাচাই ভালটোকহে চাব
অৰ্থাৎ স্ব-কল্যাণৰ ৰাস্তা দৃষ্টিগোচৰ হ’ব। অকল্যাণৰ হিচাপ সমাপ্ত হ’ল। কল্যাণকাৰী
পিতাৰ সন্তান, কল্যাণকাৰী যুগ - এইটো জ্ঞান আৰু অনুভৱৰ কৰ্তৃত্বৰে অবিচলিত হোৱা।
স্লোগান:
যিয়ে সময় অমূল্য বুলি বুজি সফল কৰে তেওঁ সময়ত ঠগ নাখায়।
অব্যক্ত ইংগিত: এই
অব্যক্ত মাহত বন্ধনমুক্ত হৈ থাকি জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰা
জ্ঞান ৰূপী সম্পদৰ
দ্বাৰা এই সময়তে মুক্তি-জীৱনমুক্তিৰ অনুভৱ কৰিব লাগে। দুখ আৰু অশান্তিৰ যিবোৰ কাৰণ
আছে, বিকাৰ আছে, তাৰ পৰা মুক্ত হ’ব লাগে। যদি কোনো বিকাৰ আহেও তথাপিও বিজয়ী হ’ব লাগে,
পৰাজয় বৰণ কৰিব নালাগে। অনেক ব্যৰ্থ সংকল্প আৰু বিকল্প, বিকৰ্মৰ পৰা মুক্ত হোৱা -
এইটোৱেই হৈছে জীৱনমুক্ত অৱস্থা।