09.02.25 Avyakt Bapdada
Assame
Murli
18.01.2004 Om Shanti Madhuban
“*“বিশ্বৰ সৰ্বময়
কৰ্তাৰ পোনপটীয়া সন্তান – এইটো স্মৃতি জাগ্ৰত কৰি ৰাখি সৰ্বশক্তিক আদেশ অনুসৰি চলোৱা”*”
আজি চাৰিওফালে স্নেহৰ
লহৰত সকলো সন্তান সমাহিত হৈ আছে। সকলোৰে অন্তৰত বিশেষ পিতা ব্ৰহ্মাৰ স্মৃতি জাগ্ৰত
হৈ আছে। অমৃতবেলাৰ পৰা সাকাৰ প্ৰতিপালন পোৱা ৰত্ন আৰু লগতে অলৌকিক প্ৰতিপালন পোৱা
ৰত্ন দুয়োবিধৰে অন্তৰৰ স্মৃতিৰ মালা বাপদাদাৰ ওচৰলৈ আহি গৈছে। সকলোৰে অন্তৰত
বাপদাদাৰ স্মৃতিৰ চিত্ৰ দেখা গৈছে আৰু পিতাৰ অন্তৰত সকলো সন্তানৰ স্নেহভৰা স্মৃতি
সমাহিত হৈ আছে। সকলোৰে অন্তৰত এটাই স্নেহভৰা গীত গুঞ্জৰিত হৈ আছে- “মোৰ বাবা” আৰু
পিতাৰ অন্তৰত এইটোৱে গীত গুঞ্জৰিত হৈ আছে - “মোৰ মৰমৰ সন্তান”। এই স্বতঃ গুঞ্জৰিত
হৈ থকা গীত, সীমাহীন গীত কিমান প্ৰিয়। বাপদাদাই চাৰিওফালৰ সন্তানসকলৰ স্নেহভৰা
স্মৃতিৰ প্ৰতিদানত অন্তৰৰ স্নেহভৰা পদমগুণ আশীৰ্বাদ দি আছে।
বাপদাদাই চাই আছে যে
এতিয়াও দেশ আৰু বিদেশত সন্তানসকল স্নেহৰ সাগৰত স্নেহত লীন হৈ আছে। এই স্মৃতি দিৱস
সকলো সন্তানৰ প্ৰতি বিশেষভাৱে সমৰ্থ কৰি তোলাৰ দিৱস। আজিৰ দিনটি পিতা ব্ৰহ্মাৰ
দ্বাৰা সন্তানসকলৰ ৰাজ্য অভিষেকৰ দিন। পিতা ব্ৰহ্মাই নিমিত্ত সন্তানসকলক বিশ্ব
সেৱাৰ দায়িত্বৰ মুকুট পিন্ধালে। নিজে অজ্ঞাত হৈ থাকিল আৰু সন্তানসকলক সাকাৰ স্বৰূপত
নিমিত্ত কৰাৰ স্মৃতিৰ তিলক লগাই দিলে। নিজৰ সমান অব্যক্ত ফৰিস্তা স্বৰূপৰ, কিৰণৰ
মুকুট পিন্ধালে। স্বয়ং কৰাৱনহাৰ হৈ সন্তানসকলক কৰণহাৰ কৰিলে সেয়েহে এই দিৱসটিক
স্মৃতি দিৱস তথা সমৰ্থ দিৱস বুলি কোৱা হয়। কেৱল স্মৃতি নহয়, স্মৃতিৰ লগতে সৰ্ব
সামৰ্থ্য সন্তানসকলে বৰদানৰ ৰূপত প্ৰাপ্ত কৰিলে। বাপদাদাই সকলো সন্তানক সৰ্ব
স্মৃতিৰ স্বৰূপত প্ৰত্যক্ষ কৰি আছে। মাষ্টৰ সৰ্ব শক্তিমান স্বৰূপত প্ৰত্যক্ষ কৰি আছে।
শক্তিমান নহয়, সৰ্বশক্তিমান। এই সৰ্ব শক্তি পিতাৰ দ্বাৰা প্ৰতিগৰাকী সন্তানে বৰদানত
প্ৰাপ্ত কৰিছে। দিব্য জন্ম লওঁতেই বাপদাদাই বৰদান দিলে - সৰ্বশক্তিমান হোৱা! এয়া
প্ৰতিটো জন্ম দিৱসৰ বৰদান। এই শক্তিসমূহক প্ৰাপ্ত বৰদানৰ ৰূপত কাৰ্যত প্ৰয়োগ কৰা।
শক্তিতো প্ৰত্যেক সন্তানে প্ৰাপ্ত কৰিছে কিন্তু কাৰ্যত প্ৰয়োগ কৰাত ক্ৰমানুসৰি হৈ
যায়। প্ৰতিটো শক্তিৰ বৰদানক সময় অনুসৰি আদেশ দিব পাৰে। যদি বৰদাতাৰ বৰদানৰ স্মৃতি
স্বৰূপ হৈ সময় অনুসৰি যিকোনো শক্তিক আদেশ কৰা তেন্তে প্ৰতিটো শক্তি হাজিৰ হ’বই।
বৰদান প্ৰাপ্তিৰ, মালিকবোধৰ স্মৃতি স্বৰূপত থাকি তোমালোকে আদেশ কৰা আৰু সময়ত কাৰ্যত
শক্তি নাহিব, সেয়া হ’ব নোৱাৰে। কিন্তু মালিক, মাষ্টৰ সৰ্বশক্তিমানৰ স্মৃতিৰ আসনত
স্থিৰ হৈ থাকিলেহে, আসনত স্থিৰ হৈ নথকাকৈ দিয়া কোনো আদেশ পালন কৰা নহয়। যেতিয়া
সন্তানসকলে কয় যে বাবা মই আপোনাক স্মৰণ কৰোঁ তেতিয়া আপুনি হাজিৰ হৈ যায়, হজুৰ হাজিৰ
হৈ যায়। যেতিয়া হজুৰ হাজিৰ হ’ব পাৰে তেন্তে শক্তিসমূহ কিয় হাজিৰ নহ’ব! কেৱল
বিধিপূৰ্ৱক মলিকবোধৰ কৰ্তৃত্বৰে আদেশ দিয়া। এই সৰ্বশক্তি সংগমযুগৰ বিশেষ পৰমাত্ম
সম্পত্তি। সম্পত্তি কাৰ কাৰণে? সম্পত্তি সন্তানসকলৰ বাবে। সেয়েহে অধিকাৰেৰে স্মৃতি
স্বৰূপৰ আসনত থাকি আদেশ দিয়া, পৰিশ্ৰম কিয় কৰা, আদেশ দিয়া। বিশ্বৰ সৰ্বময় কৰ্তাৰ
পোনপটীয়া সন্তান হোৱা, এইটো স্মৃতিৰ নিচা যাতে সদায় জাগ্ৰত হৈ থাকে।
নিজে নিজক পৰীক্ষা কৰা-
বিশ্বৰ সৰ্বময় কৰ্তাৰ অধিকাৰী আত্মা হওঁ, এইটো স্মৃতি স্বতঃ থাকেনে? থাকেনে নে
কেতিয়াবা কেতিয়াবা থাকে? আজিকালিৰ দিনততো অধিকাৰ ল’বৰ বাবেই কাজিয়া কৰে আৰু তোমালোক
সকলোৰে পৰমাত্ম অধিকাৰ, পৰমাত্ম কৰ্তৃত্ব জন্মতেই প্ৰাপ্ত হয়। গতিকে নিজৰ অধিকাৰৰ
সামৰ্থ্যত থাকা। নিজেও সমৰ্থ হৈ থাকা আৰু অন্য সকলো আত্মাকো সামৰ্থ্য প্ৰাপ্ত কৰোৱা।
সকলো আত্মা এই সময়ত সামৰ্থ্যৰ অৰ্থাৎ শক্তিসমূহৰ মগনীয়া, তোমালোকৰ জড় চিত্ৰসমূহৰ
আগত মাগি থাকে। সেয়েহে পিতাই কয় - হে “সমৰ্থ আত্মাসকল সকলো আত্মাক শক্তি দিয়া,
সামৰ্থ্য প্ৰদান কৰা”। ইয়াৰ বাবে সকলো সন্তানে কেৱল এটা কথাৰ প্ৰতি মনোযোগ দিয়া
আৱশ্যক – যিটোৰ বাবে বাপদাদাই ইংগিতো দিছে, বাপদাদাই ফলাফলত দেখিলে যে গৰিষ্ঠসংখ্যক
সন্তানৰ সংকল্প আৰু সময় ব্যৰ্থত যায়। যেনেকৈ বিজুলীৰ সংযোগ যদি অলপো ঢিলা হয় বা
ছিদ্ৰ হৈ যায় তেন্তে বিদ্যুত প্ৰবাহ সঠিককৈ হ’ব নোৱাৰে। গতিকে এই ব্যৰ্থৰ ছিদ্ৰই
সমৰ্থ স্থিতিক সদাকালৰ স্মৃতি হ’বলৈ নিদিয়ে, সেয়েহে ব্যৰ্থক শ্ৰেষ্ঠলৈ পৰিৱৰ্তন কৰা।
সঞ্চয়ৰ আঁচনি হাতত লোৱা। গোটেই দিনটোত ব্যৰ্থ কিমান হ’ল, শ্ৰেষ্ঠ কিমান হ’ল তাৰ
শতাংশ উলিওৱা? যদি ধৰা 40 শতাংশ ব্যৰ্থ, 20 শতাংশ ব্যৰ্থ হ’ল তেন্তে সেয়া ৰাহি কৰা।
এনেকৈ নাভাবিবা যে অলপহে ব্যৰ্থ হয়, বাকীতো গোটেই দিন ঠিকে থাকে। কিন্তু এই ব্যৰ্থৰ
অভ্যাস বহু সময়ৰ অভ্যাস হোৱাৰ বাবে অন্তিম মুহূৰ্তত প্ৰবঞ্চনা কৰিব পাৰে। ক্ৰম
নম্বৰ কৰি দিব, এক নম্বৰৰ হ’বলৈ নিদিব। যেনকৈ পিতা ব্ৰহ্মাই আৰম্ভণিত নিজৰ পৰীক্ষাৰ
বাবে নিতৌ দৰবাৰ বহুৱালে। কাৰ দৰবাৰ? সন্তানসকলৰ নহয়, নিজৰেই কৰ্মেন্দ্ৰিয়সমূহৰ
দৰবাৰ বহুৱালে। আদেশ কৰিলে - হে মন মুখ্য মন্ত্ৰী তোমাৰ এইটো চলন ভাল নহয়, আদেশ
অনুসৰি চলা। হে সংস্কাৰ আদেশ অনুসৰি চলা। কিয় তল ওপৰ হ’লা, কাৰণ দৰ্শোৱা, নিবাৰণ কৰা।
প্ৰত্যেক দিনে আনুষ্ঠানিকভাৱে দৰবাৰ বহুৱালে। তেনেকৈ নিতৌ নিজৰ স্বৰাজ্য দৰবাৰ
বহুওৱা। বহুত সন্তানে বাপদাদাৰ সৈতে মিঠা মিঠা বাৰ্তালাপ কৰে। ব্যক্তিগত বাৰ্তালাপ
কৰে, কওঁনে! কয় মোক নিজৰ ভৱিষ্যতৰ চিত্ৰৰ বিষয়ে কওঁক, মই কি হ’ম? যেনেকৈ আদি
ৰত্নসকলৰ স্মৃতিত আছে যে জগত অম্বা মাৰ পৰা সকলো সন্তানে নিজৰ চিত্ৰ বিচাৰিছিল,
মম্মা আপুনি মোক চিত্ৰ দিয়ক মই কেনেকুৱা। বাপদাদাৰ পৰাও বাৰ্তালাপ কৰি নিজ চিত্ৰ
বিচাৰে। তোমালোকৰো অন্তৰে বিচাৰে যে ময়ো যদি চিত্ৰ পাই যাওঁ তেন্তে ভাল হয়। কিন্তু
বাপদাদাই কয় - বাপদাদাই প্ৰতিগৰাকী সন্তানক এক বিচিত্ৰ দৰ্পণ দিছে, সেই দৰ্পণ কি?
বৰ্তমান সময়ত তোমালোকে স্বৰাজ্য অধিকাৰী হোৱা নহয়! স্বৰাজ্য অধিকাৰী হোৱানে? যদি
হোৱা তেন্তে যদি হাত দাঙা। স্ব-ৰাজ্য অধিকাৰী হোৱানে? বাৰু। কোনো কোনোৱে হাত দঙা
নাই। অলপ অলপ আছে নেকি? বাৰু। সকলো স্বৰাজ্য অধিকাৰী, অভিনন্দন। তেন্তে স্বৰাজ্য
অধিকাৰৰ খতিয়ান তোমালোকৰ ভৱিষ্যত পদৰ চেহেৰা দেখুওৱাৰ দৰ্পণ। এই দৰ্পণ সকলোৱে
প্ৰাপ্ত কৰিছা নহয়? স্পষ্ট হয় নহয়? এনেকুৱা কোনো ক’লা দাগতো লাগি থকা নাই! বাৰু,
ক’লা দাগতো নাথাকিব, কিন্তু কেতিয়াবা কেতিয়াবা যেনেকৈ গৰম পানী থাকে নহয়, সেয়া
কুঁৱলীৰ দৰে আইনাত লাগি যায়। কুঁৱলী পৰে নহয়, তেনেকৈ আইনাত এনেকুৱা হৈ যায় যে আইনা
স্পষ্টকৈ দেখা নাযায়। স্নান কৰাৰ সময়ত সকলোৰে অনুভৱ হ’ব। গতিকে এনেকৈ যদি কোনোবা এটি
কৰ্মেন্দ্ৰিইও এতিয়াও তোমালোকৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত নাই, নিয়ন্ত্ৰণত আছে কিন্তু
কেতিয়াবা কেতিয়াবা নাথাকেও। ধৰিলোৱা কোনোবাটো কৰ্মেন্দ্ৰিয়, চকুৱেই হওঁক, মুখেই
হওঁক, কাণেই হওঁক বা ভৰিয়ে হওঁক, ভৰিও কেতিয়াবা কেতিয়াবা বেয়া সংগৰ ফালে গুচি যায়।
তেন্তে ভৰিও নিয়ন্ত্ৰণত নাথাকিল নহয়। সংগঠনত বহি যাব, ৰামায়ণৰ আৰু ভাগৱতৰ ওলোটা কথা
শুনিব, চিধা নহয়। গতিকে যিকোনো কৰ্মেন্দ্ৰিয় সংকল্প, সময় সহিত নিয়ন্ত্ৰণত নাথাকে
তেন্তে ইয়াৰ দ্বাৰাই পৰীক্ষা কৰা যেতিয়া স্বৰাজ্যত নিয়ন্ত্ৰণ শক্তি নাই তেন্তে
বিশ্বৰ ৰাজ্যত কি নিয়ন্ত্ৰণ কৰিবা! তেন্তে ৰজা কেনেকৈ হ’বা? তাততো সকলো সঠিক হয়।
নিয়ন্ত্ৰণ শক্তি, শাসন কৰাৰ শক্তি সকলো স্বতঃ সংগমযুগৰ পুৰুষাৰ্থৰ প্ৰালব্ধৰ ৰূপত
আছে। সেয়েহে সংগমযুগ অৰ্থাৎ বৰ্তমান সময়ত যদি নিয়ন্ত্ৰণ শক্তি, শাসন কৰাৰ শক্তি কম,
তেন্তে পুৰুষাৰ্থ কম হ’ল প্ৰালব্ধ কি হ’ব? হিচাপ কৰাততো বুদ্ধিমান হোৱা নহয়! গতিকে
এই দৰ্পণত নিজৰ মুখ চোৱা, নিজৰ চেহেৰা চোৱা। ৰজাৰ আহে নে অভিজাত পৰিয়ালৰ আহে,
অভিজাত প্ৰজাৰ আহে, সাধাৰণ প্ৰজাৰ আহে, কোনটো চেহেৰা আহে? তেন্তে চিত্ৰ পালানে? এই
চিত্ৰৰে পৰীক্ষা কৰিবা। প্ৰতিদিনে পৰীক্ষা কৰিবা কিয়নো বহুকালৰ পুৰুষাৰ্থৰে,
বহুকালৰ ৰাজ্য-ভাগ্যৰ প্ৰাপ্তি হয়। যদি তোমালোকে ভাবা যে অন্তিম সময়ত বেহদৰ
বৈৰাগ্যতো আহিয়েই যাব, কিন্তু যদি অন্তিম সময়ত আহে তেন্তে বহুকালৰ হ’ল নে অলপ সময়ৰ
হ’ল? বহুকাল বুলিতো কোৱা নহ’ব নহয়! গতিকে 21 জন্ম পূৰা ৰাজ্য অধিকাৰী হোৱা,
সিংহাসনত যদিও নবহা, কিন্তু ৰাজ্য অধিকাৰী হোৱা। এই পুৰুষাৰ্থৰ বহুকালৰ লগত
প্ৰালব্ধৰ বহুকালৰ সম্বন্ধ আছে সেইকাৰণে অমনোযোগি নহ’বা, এতিয়াতো বিনাশৰ তাৰিখ
নিৰ্ধাৰিতই হোৱা নাই, গমেই নাপায়। 8 (আঠ) বছৰ পাছত হ’ব, 10 বছৰ পাছত হ’ব, গমতো
নাপায়েই। তেন্তে আগন্তুক সময়ত হৈ যাব, এনেকুৱা নহয়। বিশ্বৰ অন্তকালৰ বিষয়ে চিন্তা
কৰাৰ আগতে নিজৰ জন্মৰ অন্তকালৰ বিষয়ে চিন্তা কৰা, তোমালোকৰ ওচৰত তাৰিখ নিৰ্ধাৰিত হৈ
আছেনে, কোনে জানা যে অমুক তাৰিখে মোৰ মৃত্যু হ’ব? আছে নে কাৰোবাৰ ওচৰত? নাই নহয়!
বিশ্বৰ অন্ততো হ’বই, সময়ত হ’বই কিন্তু প্ৰথমে নিজৰ অন্তকালৰ বিষয়ে ভাবা আৰু
জগদম্বাৰ শ্লোগান স্মৃতিলৈ আনা - কি শ্লোগান আছিল? প্ৰতিটো মুহূৰ্ত নিজৰ অন্তিম
মুহূৰ্ত বুলি বুজা। অকস্মাত হ’ব। বিশ্বৰ বা তোমালোকৰ অন্তিম মুহূৰ্তৰ তাৰিখৰ বিষয়ে
কোৱা নহ’ব। সকলো অকস্মাত হোৱা খেল সেইকাৰণে দৰবাৰ বহুওৱা, হে ৰজা, স্বৰাজ্য অধিকাৰী
ৰজাই নিজৰ দৰবাৰ বহুওৱা। আদেশ অনুসৰি চলোৱা কিয়নো ভৱিষ্যতৰ গায়ন আছে, আইন শৃংখলা
থাকিব। স্বতঃ থাকিব। স্নেহ আৰু বিধি দুয়োটাৰে সন্তুলন থাকিব। স্বাভাৱিক হ’ব। ৰজাই
কোনো বিধি অনুমোদন নকৰিব যে এইটো বিধি। যেনেকৈ আজিকালি বিধি প্ৰস্তুত কৰি থাকে।
আজিকালিতো পুলিচেও আইন হাতত তুলি লয়। কিন্তু তাত স্বভাৱসিদ্ধভাৱে স্নেহ আৰু বিধিৰ
সন্তুলন থাকিব।
গতিকে এতিয়া
সৰ্বশক্তিমান হৰ্তা-কৰ্তাৰ আসনত স্থিৰ হৈ থাকা। তেতিয়া এই কৰ্মেন্দ্ৰিয়, শক্তি, গুণ
সকলোবোৰ তোমালোকৰ আগত হয় হজুৰ, হয় হজুৰ কৰিব। প্ৰতাৰণা নকৰিব। হয় হাজিৰ। তেন্তে
এতিয়া কি কৰিবা? দ্বিতীয় স্মৃতি দিৱসত কোনটো সমাৰোহ উদ্যাপন কৰিবা? প্ৰতিটো মণ্ডলে
সমাৰোহতো উদ্যাপন কৰা নহয়। সন্মান সমাৰোহো বহুত উদ্যাপন কৰিলা। এতিয়া সদায় প্ৰতিটো
সংকল্প আৰু সময়ৰ সফলতা সমাৰোহ উদ্যাপন কৰা। এই সমাৰোহ উদ্যাপন কৰা। ব্যৰ্থ সমাপ্ত
কিয়নো তোমালোক সফলতামূৰ্ত হ’লে আত্মাসকলৰ তৃপ্তিৰ সফলতা প্ৰাপ্ত হ’ব। নিৰাশাৰ পৰা
চাৰিওফালে শুভ আশাৰ দীপক জ্বলিব। কিবা সফলতা প্ৰাপ্ত হ’লে দীপকতো জ্বলাই নহয়! এতিয়া
বিশ্বত আশাৰ দীপক জ্বলোৱা। প্ৰত্যেক আত্মাৰ ভিতৰত কিবা নহয় কিবা নিৰাশা আছে,
নিৰাশাৰ কাৰণে অশান্ত, দুশ্চিন্তাত আছে। গতিকে হে অবিনাশী দীপকসকল এতিয়া আশাৰ দীপকৰ
দীপাৱলী উদ্যাপন কৰা। প্ৰথমে নিজৰ তাৰপাছত সকলোৰে। শুনিলা।
বাকী বাপদাদাই
সন্তানসকলৰ স্নেহ দেখি আনন্দিত হৈছে। স্নেহৰ বিষয়টিত শতাংশ ভাল। তোমালোকে ইমান
পৰিশ্ৰম কৰি ইয়াত কিয় আহি উপস্থিত হৈছা, তোমালোকক কোনে আনিলে? ট্ৰেনে আনিলে, প্লেনে
আনিলে নে স্নেহে? স্নেহৰ বিমানেৰে আহি উপস্থিত হৈ গ’লা। গতিকে স্নেহততো উত্তীৰ্ণ হৈ
গ’লা। এতিয়া সৰ্বময় কৰ্তাত মাষ্টৰ হোৱা, ইয়াত উত্তীৰ্ণ হ’ব লাগে, তেতিয়া এই প্ৰকৃতি,
এই মায়া, এই সংস্কাৰ, সকলো তোমালোকৰ দাসী হৈ যাব। প্ৰতিটো মুহূৰ্ত মালিকৰ আদেশলৈ
প্ৰতীক্ষা কৰিব! পিতা ব্ৰহ্মায়ো মালিক হৈ ভিতৰি ভিতৰি এনেকুৱা সূক্ষ্ম পুৰুষাৰ্থ
কৰিলে তোমালোকে জানো গম পালা যে সম্পন্ন কেনেকৈ হৈ গ’ল? পক্ষী উৰি গুচি গ’ল। পিঞ্জৰা
খুলি গ’ল। সাকাৰ জগতৰ হিচাপ-নিকাচৰ, সাকাৰ দেহৰ পিঞ্জৰা খুলি গ’ল, পক্ষী উৰি গুচি
গল। এতিয়া পিতা ব্ৰহ্মায়ো গভীৰ আন্তৰিক প্ৰেমেৰে সন্তানসকলক আহ্বান জনাই আছে যে
সোনকালে আহা, সোনকালে আহা, এতিয়াই এতিয়াই আহা। তেন্তে ডেউকাতো পাই গ’লা নহয়! বচ্
এক চেকেণ্ডত নিজৰ নিজৰ অন্তৰত এইটো ড্ৰিল কৰা, এতিয়াই কৰা। সকলো সংকল্প সমাপ্ত কৰা,
এইটোৱে ড্ৰিল কৰা “অ বাবা মিঠা বাবা, মৰমৰ বাবা মই এতিয়া আপোনাৰ সমান অব্যক্ত
ৰূপধাৰী হ’ম”। (বাপদাদাই ড্ৰিল কৰালে)
বাৰু - চাৰিওফালৰ
স্নেহী তথা সমৰ্থ সন্তানসকলক, চাৰিওফালৰ স্বৰাজ্য অধিকাৰী তথা বিশ্ব ৰাজ্য অধিকাৰী
সন্তানসকলক, চাৰিওফালৰ মাষ্টৰ সৰ্বময় কৰ্তাৰ আসনত স্থিৰ হৈ থাকোঁতা তীব্ৰ পুৰুষাৰ্থী
সন্তানসকলক, সদায় মালিক হৈ প্ৰকৃতিক, সংস্কাৰক, শক্তি আৰু গুণসমূহক আদেশ কৰোঁতা
বিশ্ব ৰাজ্য অধিকাৰী সন্তানসকলক, পিতাৰ সমান সম্পূৰ্ণতাক, সম্পন্নতাক সমীপত আনোঁতা
দেশ-বিদেশৰ সকলো স্থানৰ চুকে- কোণে থকা সন্তানসকলক সমৰ্থ দিৱসৰ, বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।
এতিয়া বাপদাদাৰ বিশেষ
কোন স্মৃতিলৈ আহি আছে? জনক কন্যা। বিশেষ বাৰ্তা পঠিয়াইছিল যে মই সভাত অৱশ্যেই
উপস্থিত থাকিম। গতিকে লণ্ডনৰে হওঁক, আমেৰিকাৰে হওঁক, অষ্ট্ৰেলিয়াৰে হওঁক, আফ্ৰিকাৰে
হওঁক, এচিয়াৰে হওঁক বা ভাৰতৰে হওঁক প্ৰতিখন দেশৰ সন্তানসকলক প্ৰত্যেককে নাম আৰু
বিশেষত্ব সহিত স্নেহপূৰ্ণ স্মৰণ। তোমালোকেতো সন্মুখতে স্নেহ সহিদ স্মৃতি পাই আছা
নহয়। ভাল বাৰু!
আজি মধুবন নিবাসীসকলকো
স্মৰণো কৰিলোঁ। এওঁলোক আগত বহে নহয়। মধুবন নিবাসীসকলে হাত দাঙা। মধুবনৰ সকলো বাহু।
মধুবন নিবাসীৰ বিশেষ ত্যাগৰ ভাগ্য সূক্ষ্মত ৰূপতো প্ৰাপ্ত হয় কিয়নো পাণ্ডৱ ভৱনত থাকে,
মধুবনত, শান্তিবনত আছে কিন্তু সাক্ষাৎ কৰিবলগীয়াসকলে সাক্ষাৎ কৰাৰ সুযোগ পায়, মধুবন
নিবাসীসকলে সাক্ষী হৈ চাই থাকে। কিন্তু অন্তৰত সদায় মধুবন নিবাসীৰ স্মৃতি থাকে।
এতিয়া মধুবনৰ পৰা ব্যৰ্থৰ নাম চিহ্ন সমাপ্ত হওঁক। সেৱাত, স্থিতিত সকলোতে মহান। ঠিক
আছে নহয়! বাবাই মধুবন নিবাসীসকলক পাহৰি নাযায় কিন্তু মধুবন নিবাসীসকলক ত্যাগৰ সুযোগ
দিয়ে। ভাল বাৰু!
বৰদান:
মস্তকৰ দ্বাৰা
সন্তুষ্টতাৰ জিলিকনিৰ ৰেঙনি দেখাওঁতা সাক্ষাৎকাৰমূৰ্ত হোৱা
যি সদায় সন্তুষ্ট হৈ
থাকে, তেওঁৰ মস্তকত সন্তুষ্টতাৰ জিলিকনিৰ ৰেঙনি সদায় জিলিকি থাকে, যদি তেওঁক কোনোবা
দুখী আত্মাই দেখে তেন্তে তেৱোঁ আনন্দিত হৈ যায়, তেওঁৰ দুখ দূৰ হৈ যায়। যাৰ
সন্তুষ্টতাৰ, আনন্দৰ সম্পদ আছে তেওঁৰ ফালে স্বতঃ সকলো আকৰ্ষিত হয়। তেওঁৰ আনন্দৰ
চেহেৰা চৈতন্য ফলক হৈ যায় যিয়ে অনেক আত্মাক ৰচয়িতাৰ পৰিচয় দিয়ে। সেয়েহে এনেকৈ
সন্তুষ্ট হৈ থকাৰ আৰু সকলোকে সন্তুষ্ট কৰোঁতা সন্তুষ্টমণি হোৱা যাৰ দ্বাৰা অনেকৰ
সাক্ষাৎকাৰ হওঁক।
স্লোগান:
আঘাত
দিওঁতাসকলৰ কাম হৈছে আঘাত দিয়া আৰু তোমালোকৰ কাম হৈছে নিজক ৰক্ষা কৰা।
শক্তিশালী মনেৰে
শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
যেনেকৈ নাৰিকল ভাঙি
উদ্ঘাটন কৰা, ফিতা কাটি উদ্ঘাটন কৰা, তেনেকৈ একমত, একবল, এক ভৰসা আৰু একতাৰ ফিতা
কাটা, তাৰপাছত সকলোৰে সন্তুষ্টতা, প্ৰসন্নতাৰ নাৰিকল ভাঙা। এই পানী ধৰণীত ঢালা আৰু
তাৰপাছত চাবা সফলতা কিমান হয়।