09.03.25    Avyakt Bapdada     Assame Murli     20.03.2004     Om Shanti     Madhuban


“*“এইটো বৰ্ষ বিশেষকৈ জীৱনমুক্ত বৰ্ষৰ ৰূপত উদ্‌যাপন কৰা, একতা আৰু একাগ্ৰতাৰে পিতাৰ প্রত্যক্ষতা কৰা”*”


আজি স্নেহৰ সাগৰ পিতাই চাৰিওফালৰ স্নেহী সন্তানসকলক চাই আছেহঁক। পিতাৰো সন্তানসকলৰ প্ৰতি অন্তৰৰ অবিনাশী স্নেহ আছে আৰু সন্তানসকলৰো দিলাৰাম পিতাৰ প্ৰতি অন্তৰৰ স্নেহ আছে। এই পৰমাত্ম স্নেহক, অন্তৰৰ স্নেহক কেৱল পিতা আৰু সন্তানসকলেহে জানে। পৰমাত্ম স্নেহৰ পাত্ৰ কেৱল তোমালোক ব্ৰাহ্মণ সন্তানসকলহে হোৱা। ভক্ত আত্মাসকল হৈছে পৰমাত্মাৰ প্ৰেমৰ তৃষ্ণাতুৰ, আহ্বান জনায়। তোমালোক ভাগ্যৱান ব্ৰাহ্মণ আত্মাসকল সেই স্নেহ প্ৰাপ্তিৰ পাত্ৰ হোৱা। বাপদাদাই জানে যে সন্তানসকলৰ বিশেষ স্নেহ কিয় আছে, কিয়নো এই সময়তে সৰ্ব সম্পদৰ মালিকৰ দ্বাৰা সৰ্ব সম্পদ প্ৰাপ্ত হয়। যি সম্পদ কেৱল এতিয়া এটা জন্মৰ বাবে নহয় কিন্তু অনেক জন্মৰ কাৰণে এই অবিনাশী সম্পদ তোমালোকৰ লগত থাকে। তোমালোক সকলো ব্ৰাহ্মণ আত্মা জগতৰ লোকৰ দৰে খালী হাতেৰে নোযোৱা, সকলো সম্পদেৰে ভৰপূৰ হৈ যোৱা। তেন্তে এনে অবিনাশী সম্পদ প্ৰাপ্তিৰ নিচা থাকে নহয়! আৰু সকলো সন্তানে অবিনাশী সম্পদ জমা কৰিছা নহয়! জমাৰ নিচা, জমাৰ আনন্দও সদায় থাকে। প্ৰত্যেকৰে চেহেৰাত সম্পদৰ জমা পুঁজিৰ ৰেঙনি দেখিবলৈ পোৱা যায়। জানা নহয় - কি সম্পদ বাবাৰ দ্বাৰা প্ৰাপ্ত হৈছে? কেতিয়াবা নিজৰ জমা পুঁজি পৰীক্ষা কৰানে? পিতাইতো সকলো সন্তানকে সকলো সম্পদ অক্ষয় ৰূপত দিয়ে। কাৰোবাক অধিক, কাৰোবাক কম নিদিয়ে। প্ৰতিগৰাকী সন্তান অক্ষয়, অখণ্ড, অবিনাশী সম্পদৰ মালিক। বালক হোৱা অৰ্থাৎ সম্পদৰ মালিক হোৱা। তেন্তে বাপদাদাই কিমান সম্পদ দিছে সেয়া চকুৰ সন্মুখলৈ আনা।

সৰ্ব প্ৰথম সম্পদ হ’ল - জ্ঞান ধন, তেন্তে সকলোৱে জ্ঞান ধন প্ৰাপ্ত কৰিছানে? প্ৰাপ্ত কৰিছা নে প্ৰাপ্ত কৰিবলৈ আছে? বাৰু - জমাও আছেনে? নে অলপ জমা আছে অলপ শেষ হৈ গ’ল? জ্ঞান ধন অৰ্থাৎ বিচাৰ বুদ্ধি সম্পন্ন হৈ, ত্ৰিকালদৰ্শী হৈ কৰ্ম কৰা। জ্ঞানৱান হোৱা। সম্পূৰ্ণ জ্ঞান আৰু তিনিওকালৰ জ্ঞান বুজি লৈ জ্ঞান ধন কাৰ্যত খটুওৱা। এই জ্ঞান ৰূপী সম্পদেৰে প্ৰত্যক্ষ জীৱনত প্ৰতিটো কাৰ্যত ব্যৱহাৰ কৰাৰ বিধিৰে সিদ্ধি প্ৰাপ্ত হয় যাৰ দ্বাৰা অনেক বন্ধনৰ পৰা মুক্তি আৰু জীৱনমুক্তি পোৱা যায়। অনুভৱ কৰানে? এনেকুৱা নহয় যে সত্যযুগত জীৱনমুক্তি পাবা, এতিয়াও এই সংগমৰ জীৱনতো হদৰ অনেক বন্ধনৰ পৰা মুক্তি পোৱা যায়। জীৱন বন্ধনমুক্ত হৈ যায়। জানা নহয় কিমান বন্ধনৰ পৰা মুক্ত হৈ গ’লা! কিমান প্ৰকাৰৰ “হায়! হায়!”ৰ পৰা মুক্ত হৈ গ’লা! আৰু সদায় “হায়! হায়!” সমাপ্ত, “বাঃ! বাঃ!”ৰ গীত গাই থাকা। যদি কোনো কথাত অলপো মুখেৰে নহয় কিন্তু সংকল্প মাত্ৰতো, সপোনতো হায়!... মনলৈ আহে তেন্তে জীৱনমুক্ত নহয়। বাঃ! বাঃ! বাঃ! এনেকুৱা হয়নে? মাতাসকল, “হায়! হায়!”তো নকৰা নহয়? নকৰা? কেতিয়াবা কেতিয়াবা কৰা নেকি? পাণ্ডৱে কৰা নেকি? মুখেৰে হয়তো নকৰা কিন্তু মনত সংকল্প মাত্ৰও যদি কিবা কথা ‘হায়!’ আছে তেন্তে উৰিব নোৱাৰা। ‘হায়!’ অৰ্থাৎ বন্ধন আৰু ‘ফ্লাই’ উৰন্ত কলা অৰ্থাৎ জীৱনমুক্ত, বন্ধনমুক্ত। গতিকে পৰীক্ষা কৰা কিয়নো ব্ৰাহ্মণ আত্মাসকল যেতিয়ালৈকে বন্ধনমুক্ত নহয়, যিকোনো সোণৰ, হীৰাৰ মাৰ্জিত বন্ধনৰ ৰচীৰে বান্ধ খাই থাকে তেন্তে সৰ্ব আত্মাৰ বাবে মু্ক্তিৰ দ্বাৰ মুকলি হ’ব নোৱাৰে। তোমালোক বন্ধনমুক্ত হ’লে সৰ্ব আত্মাৰ বাবে দ্বাৰ মুকলি হ’ব। সেয়েহে দ্বাৰ মুকলি হোৱাৰ বা সৰ্ব আত্মাক দুখ অশান্তিৰ পৰা মুক্ত কৰাৰ দায়িত্ব তোমালোকৰ ওপৰত।

গতিকে পৰীক্ষা কৰা - নিজৰ দায়িত্ব কিমানলৈকে পালন কৰিছা? তোমালোক সকলোৱে বাপদাদাৰ লগত বিশ্ব পৰিৱৰ্তনৰ কাৰ্যৰ ঠিকা লৈছা। ঠিকাদাৰ হোৱা, দায়বদ্ধ হোৱা। যদি পিতাই বিচাৰে তেন্তে সকলো কৰিব পাৰে কিন্তু পিতাৰ সন্তানসকলৰ প্ৰতি স্নেহ আছে, অকলে কৰিব নোখোজে, অৱতৰিত হৈয়েই তোমালোক সকলো সন্তানক লগতে অৱতৰিত কৰাইছে। শিৱৰাত্ৰি উদ্‌যাপন কৰিছিলা নহয়! কাৰ উদ্‌যাপন কৰিলা? কেৱল বাপদাদাৰ নেকি? তোমালোক সকলোৰেতো উদ্‌যাপন কৰিলা নহয়! পিতাৰ আদিৰ পৰা অন্তলৈকে সংগী হোৱা। এইটো নিচা আছেনে যে আদিৰ পৰা অন্তলৈকে সংগী হওঁ? ভগৱানৰ সংগী হোৱা।

বাপদাদাই এইটো বছৰৰ চিজনৰ অন্তৰ ভূমিকা পালন কৰোতে এইটোৱে সকলো সন্তানৰ পৰা বিচাৰিছে, কওঁনে কি বিচাৰোঁ? কৰিব লাগিব। কেৱল শুনিলে নহ’ব, কৰিবই লাগিব। শিক্ষকসকল ঠিক আছেনে? শিক্ষকসকল হাত দাঙা। শিক্ষকসকলে বিচনীও লৰাই আছে। গৰম লাগে। বাৰু, সকলো শিক্ষকে কৰিবানে আৰু কৰাবানে? কৰাবা আৰু কৰিবানে? বাৰু বতাহো লাগি আছে, হাতো লৰাই আছে। দৃশতো ভাল লাগে। বহুত ভাল। বাপদাদাই এই চিজনৰ সমাপ্তি সমাৰোহত এক নতুন প্ৰকাৰৰ দীপমালা উদ্‌যাপন কৰিব বিচাৰে। বুজিলা! নতুন প্ৰকাৰৰ দীপমালা উদ্‌যাপন কৰিব বিচাৰে। তেন্তে তোমালোক সকলো দীপমালা উদ্‌যাপন কৰিবলৈ সাজু আছানে? যিসকল সাজু আছে তেওঁলোকে হাত দাঙা। এনেয়ে হয় বুলি নক’বা। বাপদাদাক আনন্দিত কৰিবলৈ হাত নাদাঙিবা, অন্তৰেৰে দাঙিবা। বাৰু। বাপদাদাই নিজৰ অন্তৰৰ আশাবোৰ সম্পন্ন কৰাৰ দীপ জ্বলি থকা চাব বিচাৰে। গতিকে বাপদাদাৰ আশাৰ দীপকৰ দীপমালা উদ্‌যাপন কৰিব বিচাৰে। বুজিলা, কি দীপাৱালী? স্পষ্ট হ’লনে?

তেন্তে বাপদাদাৰ আশাৰ দীপক কি? যোৱা বছৰৰ সৈতে, এই বছৰো চিজন পূৰা হৈ গ’ল। বাপদাদাই কৈছিল - তোমালোক সকলোৱেও সংকল্প কৰিছিলা, স্মৃতিত আছেনে? কিছুমানে সেইটো সংকল্প কেৱল সংকল্পলৈকে পূৰা কৰিছে, কোনোবাই সংকল্প আধা পূৰা কৰিছে, আৰু কিছুমানে ভাবে কিন্তু ভবা, ভবাতে সীমিত। সেইটো সংকল্প কি? একো নতুন কথা নহয়, পুৰণা কথা – স্ব-পৰিৱৰ্তনেৰে সকলোৰে পৰিৱৰ্তন। বিশ্বৰতো কথা বাদেই দিয়া কিন্তু বাপদাদাই স্ব-পৰিৱৰ্তনেৰে ব্ৰাহ্মণ পৰিয়ালৰ পৰিৱৰ্তন, এয়া চাব বিচাৰে। এতিয়া এইটো শুনিব নিবিচাৰে যে এনেকুৱা হ’লে এইটো হ’ব। এওঁ পৰিৱৰ্তন হওঁক তেতিয়া মই পৰিৱৰ্তন হ’ম, এওঁ কৰক তেতিয়া মই কৰিম... এই ক্ষেত্ৰত প্ৰতিগৰাকী সন্তানক পিতা ব্ৰহ্মাই বিশেষভাৱে কৈ আছে যে মোৰ সমান “হে অৰ্জুন” হোৱা। ইয়াত প্ৰথমে ‘মই’, প্ৰথমে এওঁ নহয়, প্ৰথমে ‘মই’। এইটো ‘মই’ কল্যাণকাৰী মই। বাকী হদৰ মই, মই অৱনমিত কৰাওঁতা হয়। এই ক্ষেত্ৰত যি প্ৰবাদ আছে - যি কৰে তেৱেঁ অৰ্জুন, তেন্তে অৰ্জুন অৰ্থাৎ এক নম্বৰ। ক্ৰম অনুসৰি নহয়, এক নম্বৰ। তেন্তে তোমালোক দুই নম্বৰৰ হ’ব খোজা নে এক নম্বৰৰ হ’ব খোজা? বহুত কাৰ্যত বাপদাদাই দেখিছে - হাঁহি উঠা কথা, পৰিয়ালৰ কথা শুনায়। পৰিয়াল বহি আছে নহয়! এনেকুৱা কিবা কাম হ’লে বাপদাদাৰ ওচৰলৈ সংবাদ আহে, এনেকুৱা বহুত কাৰ্য আৰু অনুষ্ঠান হয় য’ত বিশেষ আত্মাসকলৰ নিমিত্ত হয়। বাপদাদাৰ ওচৰলৈ দাদীসকলৰ ওচৰলৈ সংবাদ আহে, কিয়নো সাকাৰতো দাদীসকল আছে। বাপদাদাৰ ওচৰলৈতো সংকল্প আহি পায়। তেন্তে কি সংকল্প আহে? মোৰো নাম ইয়াত থকা উচিত, মই জানো কম! মোৰ নাম কিয় নাই! পিতাই কয় - হে অৰ্জুন তোমাৰ নাম কিয় নাই? থাকিব লাগে নহয়? নে থাকিব নালাগে? থাকিব লাগেনে? সন্মুখত মহাৰথী বহি আছে, থাকিব লাগে নহয়! থকা উচিতনে? গতিকে পিতা ব্ৰহ্মাই যি কৰি দেখুৱালে, কাকো নাচালে, এওঁ নকৰে, তেওঁ নকৰে, নহয়। প্ৰথমে মই। এই ‘মই’ত যিটো আগতে শুনাইছিলোঁ অনেক প্ৰকাৰৰ মাৰ্জিত ৰূপৰ মই, শুনাইছিলোঁ নহয়! সেয়া সকলো সমাপ্ত হৈ যায়। গতিকে বাপদাদাৰ এইটো চিজন সমাপ্তিৰ আশা এইটোৱে যে প্ৰতিগৰাকী সন্তান যিয়ে ব্ৰহ্মাকুমাৰ কুমাৰী বুলি পৰিচয় দিয়ে, মানে, জানে, সেই প্ৰতিগৰাকী ব্ৰাহ্মণ আত্মা সংকল্পৰ ৰূপতো যি হদৰ বন্ধন আছে, সেই বন্ধনৰ পৰা মুক্ত হওঁক। পিতা ব্ৰহ্মাৰ সমান বন্ধনমুক্ত, জীৱনমুক্ত। ব্ৰাহ্মণ জীৱনমুক্ত, সাধাৰণ জীৱনমুক্ত নহয়, ব্ৰাহ্মণ শ্ৰেষ্ঠ জীৱনমুক্তৰ এইটো বিশেষ বৰ্ষ উদ্‌যাপন কৰা। প্ৰত্যেক আত্মাই যিমানে নিজৰ সূক্ষ্ম বন্ধনবোৰক জানে, সিমান আন কোনেও জানিব নোৱাৰে। বাপদাদাইতো জানে কিয়নো বাপদাদাৰ ওচৰততো টি.ভি. আছে মনৰ টি.ভি., শৰীৰৰ নহয়, মনৰ টি.ভি.। তেন্তে এতিয়া আকৌ যি চিজন হ’ব, চিজনতো হ’ব নহয় নে ছুটী দিওঁ? নালাগে? এবছৰতো ছুটী থকা উচিত। থাকিব নালাগে নেকি? পাণ্ডৱ এবছৰ ছুটী দিওঁনে? (দাদাজীয়ে কৈ আছে, মাহত 15 দিনৰ ছুটী) বাৰু। বহুত ভাল, সকলোৱে কৈছে, যিসকলে কৈছা ছুটী দিব নালাগে তেওঁলোকে হাত দাঙা। নালাগে? বাৰু ওপৰৰ গেলাৰীত বহাসকলে হাত লৰোৱা নাই। (গোটেই সভাই হাত লৰালে)। বহুত ভাল। পিতাইতো সদায় সন্তানসকলক “হয় হয়” বুলি কয়, ঠিক আছে। এতিয়া পিতাক সন্তানসকলে কেতিয়া ‘হয়’ বুলি ক’ব! পিতাৰ দ্বাৰাতো ‘হয়’ বুলি কোৱাই ল’লা, গতিকে পিতাই কয়, পিতায়ো এটা চৰ্ত দিছে, চৰ্ত মানিবানে? সকলোৱে ‘হয়’ বুলিতো কোৱা। দৃঢ়নে? অলপো আওকাণতো নকৰা নহয়? এতিয়া সকলোৰে চেহেৰা টি.ভি.ত উলিওৱা। বাৰু। পিতাও আনন্দিত হয় যে সকলো সন্তান “হয় হয়” বুলি কওঁতা হয়।

বাপদাদাই এয়াই বিচাৰে যে কোনো কাৰণ নেদেখুৱাওঁক, এইটো কাৰণ, এইটো কাৰণ, সেয়েহে এই বন্ধন আছে! সমস্যা নহয়, সমাধান স্মৰূপ হ’ব লাগে আৰু সংগীসকলকো কৰি তুলিব লাগে কিয়নো সময়ৰ অৱস্থা দেখি আছা। ভ্ৰষ্টাচাৰ কিমান বৃদ্ধি পাইছে। ভ্ৰষ্টাচাৰ অত্যাচাৰ অতিলৈ গৈ আছে। শ্ৰেষ্ঠাচাৰৰ পতাকা প্ৰথমে প্ৰত্যেক ব্ৰাহ্মণ আত্মাই নিজৰ মনত উৰালে তেতিয়া বিশ্বত উৰিব। কিমান শিৱৰাত্ৰি উদ্‌যাপন কৰিলা। প্ৰত্যেক শিৱৰাত্ৰিত এয়াই সংকল্প কৰা যে বিশ্বত পিতাৰ পতাকা উৰুৱাব লাগে। বিশ্বত এই প্ৰত্যক্ষতাৰ পতাকা উৰুওৱাৰ পূৰ্বে প্ৰত্যেক ব্ৰাহ্মণে নিজৰ মনত সদায় অন্তৰ আসনত পিতাৰ পতাকা উৰুৱাব লাগিব। এই পতাকা উৰুৱাবৰ বাবে কেৱল দুটা শব্দ প্ৰতিটো কৰ্মত ৰূপায়িত কৰিব লাগিব। কৰ্মত ৰূপায়িত কৰিবা, সংকল্পত নহয়, মগজত নহয়। অন্তৰত, কৰ্মত, সম্বন্ধত, সম্পৰ্কত ৰূপায়িত কৰিব লাগিব। কঠিন শব্দ নহয়, সাধাৰণ শব্দ। সেয়া হ’ল - এটা সৰ্ব সম্বন্ধ, সম্পৰ্কত পৰস্পৰ একতা। অনেক সংস্কাৰ হোৱা সত্ত্বেও, অনেকতাৰ মাজত একতা। আৰু দ্বিতীয়তে যিয়েই শ্ৰেষ্ঠ সংকল্প কৰা, বাপদাদাৰ বহুত ভাল লাগে, যেতিয়া তোমালোকে সংকল্প কৰা নহয়, তেতিয়া বাপদাদাই সেই সংকল্প দেখি, শুনি বহুত আনন্দিত হয়, বাঃ! বাঃ!, সন্তানসকল বাঃ! বাঃ!। শ্ৰেষ্ঠ সংকল্প বাঃ! কিন্তু, কিন্তু... আহি যায়। আহিব নালাগে কিন্তু আহি যায়। সংকল্প গৰিষ্ঠসংখ্যক, গৰিষ্ঠসংখ্যক অৰ্থাৎ 90 শতাংশ, বহুত সন্তানৰ বহুত ভাল ভাল চলে। বাপদাদাই ভাবে আজি এই সন্তানটিৰ সংকল্প বহুত ভাল, উন্নতি হৈ যাব কিন্তু বাণীত আহিলে আধা কম হৈ যায়, কৰ্মত আকৌ তিনি চতুৰ্থাংশ কমি যায়, মিহলি হৈ যায়। কাৰণ কি? সংকল্পত একগ্ৰতা, দৃঢ়তা নাই। যদি সংকল্পত একাগ্ৰতা থাকে তেন্তে একাগ্ৰতা হৈছে সফলতাৰ সাধন। দৃঢ়তা হৈছে সফলতাৰ সাধন। তাত পাৰ্থক্য আহি যায়। কাৰণ কি? বাপদাদাই ফলাফলত এটা কথাই দেখিবলৈ পায়, আনৰ ফালে বেছিকৈ চায়। তোমালোকে কোৱা নহয় (বাপদাদাই এটা আঙুলি আগলৈ কৰি দেখুৱালে) এনেকুৱা কৰে, তেন্তে এটা আঙুলি আনৰ ফালে, চাৰিটা নিজৰ ফালে। চাৰিটাক নাচায়, এটাক বেছিকৈ চায় সেয়েহে দৃঢ়তা আৰু একাগ্ৰতা, একতা তল-ওপৰ হৈ যায়। এওঁ কৰক, তেতিয়া মই কৰিম, এই ক্ষেত্ৰত যিয়ে কৰে তেৱেঁই অৰ্জুন হ’ব লাগে কিন্তু তাত দ্বিতীয় নম্বৰ হৈ যায়। নহ’লে নিজৰ শ্লোগান সলনি কৰা। “স্ব-পৰিৱৰ্তনেৰে বিশ্ব পৰিৱৰ্তন”ৰ সলনি “বিশ্ব পৰিৱৰ্তনেৰে স্ব-পৰিৱৰ্তন” কৰা। আনৰ পৰিৱৰ্তনেৰে স্ব-পৰিৱৰ্তন। সলনি কৰোঁনে? সলনি কৰোঁনে? কৰিব নালাগে নেকি? তেন্তে বাপদাদায়ো এটা চৰ্ত বান্ধি দিছে, সন্মত আছানে, কওঁনে? বাপদাদাই 6 মাহৰ ফলাফল চাব, তাৰপাছত আহিব, নহ’লে নাহে। যিহেতু পিতাই ‘হয়’ বুলি ক’লে, তেন্তে সন্তানসকলেও ‘হ’ব’ বুলি ক’ব লাগে নহয়! যিয়েই নহওঁক, বাপদাদাইতো কয়, স্ব-পৰিৱৰ্তনৰ কাৰণে এই হদৰ ‘মই’ বোধৰ পৰা মৰিব লাগিব, ‘মই’ বোধৰ পৰা মৰা, শৰীৰেৰে নহয়। শৰীৰেৰে নমৰিবা, ‘মই’ বোধৰ পৰা মৰা। মই শুদ্ধ, মই এয়া হওঁ, মই জানো কম, ময়ো সকলো হওঁ, এই ‘মই’ বোধৰ পৰা মৰিব লাগে। মৰিব লাগিলেও এই মৃত্যু বহুত মিঠা মৃত্যু। এয়া মৰা নহয়, 21 জন্ম ৰাজ্য-ভাগ্যৰে জীয়াই থকা। তেন্তে সন্মত আছানে? শিক্ষকসকল সন্মত আছানে? ডবল বিদেশীসকল? ডবল বিদেশীসকলে যি সংকল্প কৰে, সেয়া কৰাত সাহস ৰাখে, এইটো বিশেষত্ব আছে। আৰু ভাৰতবাসী তিনিগুণ সাহসী, তেওঁলোক যদি দুগুণ তেন্তে এওঁলোক তিনিগুণ। গতিকে বাপদাদাই এয়াই চাব বিচাৰে। বুজিলা? এয়াই বাপদাদাৰ শ্ৰেষ্ঠ আশাৰ দীপক প্ৰতিগৰাকী সন্তানৰ ভিতৰত জ্বলি থকা চাব বিচাৰে। এতিয়া এইবাৰ এইটো দীপাৱালী উদ্‌যাপন কৰিবা। লাগিলে 6 মাহ পাছত উদ্‌যাপন কৰিবা। আকৌ যেতিয়া বাপদাদাই দিপাৱলী সমাৰোহ চাব তেতিয়া নিজৰ কাৰ্যসূচী জনাব। কৰিবতো লাগিবই। তোমালোকে যদি নকৰা তেন্তে পিছৰসকলে কৰিব জানো! মালাতো তোমালোকৰ হয় নহয়! 16108ততো তোমালোক পুৰণাসকলেই আহিবা নহয়। নতুনসকলতো পিছে পিছে আহিব। অৱশ্যে হয় কোনোবা শেষত আহিও প্ৰথমত যাব। কোনো কোনো উদাহৰণ থাকিব যিয়ে শেষত আহিও তীব্ৰ গতিৰে প্ৰথমত যাব। কিন্তু কিছুসংখ্যক। বাকীতো তোমালোকেই, তোমালোকেই প্ৰত্যেক কল্পত হৈছা, তোমালোকেই হোৱা। লাগিলে য’তেই বহি আছা, বিদেশত বহি আছা বা দেশত বহি আছা কিন্তু তোমালোক যিসকল বহুকালৰ দৃঢ় নিশ্চয় বুদ্ধিৰ, তেওঁলোক অধিকাৰী হয়েই। বাপদাদাৰ স্নেহ আছে নহয়, তেন্তে যিসকল বহুকালৰ ভাল পুৰুষাৰ্থী, সম্পূৰ্ণ পুৰুষাৰ্থী নহয়, কিন্তু ভাল পুৰুষাৰ্থী তেওঁলোকক বাপদাদাই এৰি থৈ নাযায়, লগত লৈয়েই যাব। সেয়েহে দৃঢ় নিশ্চয় কৰা আমিয়েই আছিলোঁ, আমিয়েই হ’ম, আমিয়েই লগত থাকিম। ঠিক আছে নহয়! দৃঢ় হোৱা নহয়? বচ্‌ কেৱল শুভ-চিন্তক, শুভ-চিন্তন, শুভ-ভাৱনা, পৰিৱৰ্তনৰ ভাৱনা, সহযোগ দিয়াৰ ভাৱনা, দয়ালু অন্তৰৰ ভাৱনা জাগ্ৰত কৰা। এতিয়া সুপ্ত কৰি ৰাখিছা। জাগ্ৰত কৰা। শিক্ষা বেছি নিদিবা, ক্ষমা কৰা। ইজনে সিজনক শিক্ষা দিয়াত সকলো হুচিয়াৰ কিন্তু ক্ষমাৰ লগত শিক্ষা দিয়া। মুৰুলী শুনোৱা, পাঠ্যক্ৰম কৰোৱাৰ বা যিয়েই কাৰ্যসূচী হাতত লোৱা, তাত লাগিলে শিক্ষা দিয়া কিন্তু পৰস্পৰ যেতিয়া কাৰবাৰত আহা তেতিয়া ক্ষমাৰ লগত শিক্ষা দিবা। কেৱল শিক্ষা নিদিবা, দয়াশীল হৈ শিক্ষা দিয়া তেতিয়া তোমালোকৰ দয়াই এনেকুৱা কাম কৰিব যে আনৰ দুৰ্বলতাৰ ক্ষমা হৈ যাব। বুজিলা। বাৰু।

এতিয়া এক চেকেণ্ডত মনৰ মালিক হৈ মনক যিমান সময় বিচৰা সিমান সময় একাগ্ৰ কৰিব পাৰিবানে? কৰিব পাৰিবানে? তেন্তে এতিয়া এইটো আত্মিক ব্যায়াম কৰা। মন একেবাৰে একাগ্ৰ হৈ যাওঁক। সংকল্পতো যাতে অস্থিৰতা নাথাকে। অবিচলিত। বাৰু!

চাৰিওফালৰ সকলো অবিনাশী অখণ্ড সম্পদৰ মালিক, সদায় সংগমযুগী শ্ৰেষ্ঠ বন্ধনমুক্ত, জীৱনমুক্ত স্থিতিত থাকোঁতা, সদায় বাপদাদাৰ আশাসমূহ সম্পন্ন কৰোঁতা, সদায় একতা আৰু একাগ্ৰতাৰ শক্তি সম্পন্ন মাষ্টৰ সৰ্ব শক্তিমান আত্মাসকলৰ প্ৰতি বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

চাৰিওফালৰ দূৰৈত বহি থকা সন্তানসকল, যিসকলে স্নেহপূৰ্ণ স্মৰণ পঠিয়াইছে, তেওঁলোককো বাপদাদাই বহুত বহুত অন্তৰৰ স্নেহ সহিত স্মৰণ কৰি আছে। লগতে বহুত সন্তানে মধুবনৰ ‘ৰিফ্ৰেচমেণ্ট’ৰ বহুত ভাল ভাল পত্ৰ পঠিয়াইছে, সেই সকল সন্তানৰ প্ৰতিও বিশেষ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

বৰদান:
হৈ যোৱা কথাৰ চিন্তন নকৰি পূৰ্ণ বিৰাম দিওঁতা তীব্ৰ পুৰুষাৰ্থী হোৱা

এতিয়ালৈকে যি হৈ গ’ল তাক পূৰ্ণ বিৰাম দিয়া। হৈ যোৱা কথাৰ চিন্তন নকৰা - এয়াই তীব্ৰ পুৰুষাৰ্থ। যদি কোনোবাই হৈ যোৱা কথাৰ চিন্তন কৰে, তেন্তে সময়, শক্তি, সংকল্প সকলো অপচয় হৈ যায়। এতিয়া অপচয় কৰাৰ সময় নাই কিয়নো সংগমযুগৰ দুটা মুহূৰ্ত অৰ্থাৎ দুটা চেকেণ্ডো যদি অপচয় কৰিলা তেন্তে অনেক বছৰ অপচয় কৰি দিলা। সেয়েহে সময়ৰ মহত্ব জানি এতিয়া হৈ যোৱা কথাক পূৰ্ণ বিৰাম দিয়া। পূৰ্ণ বিৰাম দিয়া অৰ্থাৎ সৰ্ব সম্পদেৰে ভৰপূৰ হোৱা।

স্লোগান:
যেতিয়া প্ৰতিটো সংকল্প শ্ৰেষ্ঠ হ’ব তেতিয়া নিজৰ আৰু বিশ্বৰ কল্যাণ হ’ব।

সত্যতা আৰু সভ্যতা ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

জ্ঞানৰ যিকোনো কথা কৰ্তৃত্বৰে, সত্যতা আৰু সভ্যতাৰে কোৱা, সংকোচ কৰি নহয়। প্ৰত্যক্ষতা কৰিবৰ বাবে প্ৰথমে নিজক প্ৰত্যক্ষ কৰা, নিৰ্ভীক হোৱা। ভাষণত শব্দ কম হওঁক কিন্তু এনেকুৱা শক্তিশালী হওঁক য’ত পিতাৰ পৰিচয় আৰু স্নেহ সমাহিত হৈ থাকে, যি স্নেহৰূপী চুম্বকে আত্মাসকলক পৰমাত্মাৰ ফালে আকৰ্ষিত কৰে।