09.04.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকে এতিয়া সত্য পিতাৰ দ্বাৰা সত্য কথা শুনি আলোকত আহিছা গতিকে তোমালোকৰ
কর্তব্য হ’ল সকলোকে অন্ধকাৰৰ পৰা উলিয়াই আলোকত অনা”
প্ৰশ্ন:
যেতিয়া
তোমালোক সন্তানসকলে কাৰোবাক জ্ঞান শুনোৱা তেতিয়া কোনটো কথা নিশ্চয় স্মৃতিত ৰাখিবা?
উত্তৰ:
মুখেৰে বাৰে বাৰে ‘বাবা’ ‘বাবা’ বুলি কৈ থাকা, ইয়াৰ দ্বাৰা ‘মোৰ’ বোধ সমাপ্ত হৈ যাব৷
উত্তৰাধিকাৰো স্মৃতিত থাকিব৷ ‘বাবা’ বুলি ক’লে সর্বব্যাপীৰ জ্ঞান প্ৰথমতেই সমাপ্ত
হৈ যায়৷ যদি কোনোবাই কয় ভগৱান সর্বব্যাপী তেন্তে কোৱা পিতা সকলোৰে ভিতৰত কেনেকৈ
থাকিব পাৰে!
গীত:
আজ অন্ধেৰে মে
হে ইন্চান... (আজি মনুষ্য অন্ধকাৰত...)
ওঁম্শান্তি।
সন্তানসকলে কি
ক’লে আৰু কাক আহ্বান জনালে? হে জ্ঞানৰ সাগৰ অথবা হে জ্ঞান সূর্য বাবা... ভগৱানক বাবা
বুলি কোৱা হয় নহয়৷ ভগৱান পিতা হয়, গতিকে তোমালোক সকলো সন্তান হোৱা৷ সন্তানসকলে কয় –
আমি অন্ধকাৰত আহি গ’লোঁ৷ আপুনি আমাক আলোকলৈ লৈ যাওক৷ বাবা বুলি ক’লে সিদ্ধ হয় যে
পিতাক আহ্বান জনায়৷ বাবা বুলি ক’লে স্নেহ জাগি উঠে কিয়নো পিতাৰ পৰা উত্তৰাধিকাৰ লোৱা
হয়৷ কেৱল ঈশ্বৰ বা প্ৰভু বুলি ক’লে পিতাৰ উত্তৰাধিকাৰৰ মাধুৰ্য আহি নাযায়৷ বাবা বুলি
ক’লে উত্তৰাধিকাৰ স্মৃতিত আহি যায়৷ তোমোলোকে কাকূতি কৰা – বাবা আমি অন্ধকাৰত আহি
গ’লোঁ, আপুনি এতিয়া পুনৰ জ্ঞানেৰে আমাৰ দীপক জ্বলাওক কিয়নো আত্মাসকলৰ দীপক নুমাই
গৈছে৷ মনুষ্য মৰিলে তেতিয়া 12 দিন দীপক জ্বলায়৷ এজন ঘিউ ঢালিবলৈ বহি থাকে যাতে দীপক
নুমাই নাযায়৷
পিতাই বুজায় –
তোমোলোক ভাৰতবাসী আলোকত অর্থাৎ দিনত আছিলা৷ এতিয়া ৰাত্ৰিত আছা৷ 12 ঘণ্টা দিন, 12
ঘণ্টা ৰাতি৷ সেয়া হ’ল হদৰ কথা৷ এয়াতো বেহদৰ দিন আৰু বেহদৰ ৰাতি, যাক কোৱা হয়
ব্ৰহ্মাৰ দিন – সত্যযুগ ত্ৰেতা, ব্ৰহ্মাৰ ৰাতি – দ্বাপৰ কলিযুগ৷ ৰাতি অন্ধকাৰ হয়৷
মনুষ্যই উজুটি খাই থাকে৷ ভগৱানক বিচাৰিবলৈ চাৰিওফালে পৰিক্ৰমা লগায়, কিন্তু
পৰমাত্মাক পাব নোৱাৰে৷ পৰমাত্মাক পাবলৈয়ে ভক্তি কৰে৷ দ্বাপৰৰ পৰা ভক্তি আৰম্ভ হয়
অর্থাৎ ৰাৱণৰাজ্য আৰম্ভ হয়৷ দশহৰাৰো এটা কাহিনী ৰচিছে৷ কাহিনী সদায় মনোমোহাকৈ ৰচে,
যেনেকৈ চিনেমা, নাটক আদি ৰচে৷ শ্ৰীমদ্ভাগৱত গীতাহে হৈছে সত্য৷ পৰমাত্মাই সন্তানসকলক
ৰাজযোগ শিকালে, বাদশ্বাহী দিলে৷ আকৌ ভক্তিমার্গত বহি কাহিনী ৰচে৷ ব্যাসে গীতা ৰচিলে
অর্থাৎ কাহিনী ৰচিলে৷ সঁচা কথাতো পিতাৰ দ্বাৰা তোমালোকে এতিয়া শুনি আছা৷ সদায় ‘বাবা
বাবা’ বুলি কোৱা উচিত৷ পৰমাত্মা আমাৰ পিতা, নতুন সৃষ্টিৰ ৰচয়িতা৷ তেন্তে নিশ্চয়
তেওঁৰ পৰা আমি স্বর্গৰ উত্তৰাধিকাৰ পোৱা উচিত৷ এতিয়াতো 84 জন্ম ভোগ কৰি আমি নৰকত আহি
গ’লোঁ৷ পিতাই বুজায় – সন্তানসকল, তোমালোক ভাৰতবাসী সূর্যবংশী, চন্দ্ৰবংশী আছিলা,
বিশ্বৰ মালিক আছিলা, আন কোনো ধর্ম নাছিল, তাক স্বর্গ অথবা কৃষ্ণপুৰী বুলি কোৱা হয়৷
ইয়াত হ’ল কংসপুৰী৷ বাপদাদাই সোঁৱৰাই দিয়ে, লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল৷ পিতাহে
জ্ঞানৰ সাগৰ, শান্তিৰ সাগৰ, পতিত-পাৱন, পানীৰ গংগা নহয়৷ সকলো কইনাৰ এজনে ভগৱান দৰা–
এয়া মনুষ্যই নাজানে, সেইবাবে সোধা হয়, আত্মাৰ পিতা কোন? তেতিয়া বিবুদ্ধিত পৰে৷ কয় –
আমি নাজানোঁ৷ হেৰ’ আত্মাসকল, তোমালোকে নিজৰ পিতাক নাজানা? ঈশ্বৰ পিতা বুলি কয়, আকৌ
যদি সোধা হয় – তেওঁৰ ৰূপ কি? ঈশ্বৰক চিনি পোৱানে? তেতিয়া সর্বব্যাপী বুলি কৈ দিয়ে৷
হেৰ’ সন্তানসকলৰ পিতা কেতিয়াবা সর্বব্যাপী হয় জানো? ৰাৱণৰ আসুৰিক মতত কিমান অবুজ হৈ
যায়৷ দেহ-অভিমান হৈছে এক নম্বৰ৷ নিজক আত্মা বুলি পতিয়ন নাযায়৷ কৈ দিয়ে যে মই অমুক৷
এয়াতো হৈ গ’ল শৰীৰৰ কথা৷ আচলতে নিজে কোন– এইটো নাজানে৷ মই বিচাৰক, মই এয়া... ‘মই’
‘মই’ বুলি কৈ থাকে, কিন্তু এইটো ভুল৷ ‘মই’ আৰু ‘মোৰ’ এয়া দুটা বস্তু৷ আত্মা অবিনাশী,
শৰীৰ বিনাশী৷ নাম শৰীৰৰ ৰখা হয়৷ আত্মাৰ কোনো নাম ৰখা নহয়৷ পিতাই কয় – মোৰ নাম শিৱই
হয়৷ শিৱ জয়ন্তীও পালন কৰে৷ এতিয়া নিৰাকাৰৰ জয়ন্তী কেনেকৈ হ’ব পাৰে? তেওঁ কাৰ শৰীৰত
আহে, এয়া কোনেও গম নাপায়। সকলো আত্মাৰ নাম আত্মাই হয়৷ পৰমাত্মাৰ নাম হ’ল শিৱ৷ বাকী
সকলো হ’ল শালগ্ৰাম৷ আত্মাসকল হৈছে সন্তান৷ এজন শিৱ সকলো আত্মাৰ পিতা৷ তেওঁ হ’ল
বেহদৰ পিতা৷ তেওঁক সকলোৱে কাকূতি কৰে যে আহি আমাক পাৱন কৰি তোলক৷ আমি দুখী৷ আত্মাই
কাকূতি কৰে, দুখত সকলো সন্তানে স্মৰণ কৰে আকৌ এইসকল সন্তানেই সুখত থাকিলে তেতিয়া
কোনেও স্মৰণ নকৰে৷ ৰাৱণে দুখী কৰিছে৷
পিতাই বুজায় – এই
ৰাৱণ তোমালোকৰ পুৰণা শক্ৰ৷ এয়াও ড্ৰামাৰ খেল ৰচি থোৱা আছে৷ তেন্তে এতিয়া সকলো
অন্ধকাৰত আছে সেইবাবে কাকূতি কৰে – হে জ্ঞান সূর্য আহক, আমাক আলোকত লৈ যাওক৷ ভাৰত
সুখধাম আছিল তেতিয়া কোনেও কাকূতি কৰা নাছিল৷ কোনো অপ্ৰাপ্ত বস্তু নাছিল৷ ইয়াততো
চিঞৰি থাকে, হে শান্তি দাতা৷ পিতাই আহি বুজায় – শান্তিতো তোমালোকৰ স্বধর্ম৷ ডিঙিৰ
হাৰ৷ আত্মা শান্তিধামৰ নিবাসী৷ শান্তিধামৰ পৰা পুনৰ সুখধামলৈ যায়৷ তাততো সুখেই সুখ৷
তোমালোকে চিঞৰিবলগীয়া নহয়৷ দুখতহে চিঞৰে - দয়া কৰক, দুখ হর্তা, সুখ কর্তা বাবা আহক৷
শিৱবাবা, মৰমৰ বাবা পুনৰাই আহক৷ আহে নিশ্চয়, সেইবাবেতো শিৱজয়ন্তী পালন কৰে৷
শ্ৰীকৃষ্ণ হ’ল স্বর্গৰ ৰাজকুমাৰ৷ তেওঁৰো জয়ন্তী পালন কৰে৷ কিন্তু শ্ৰীকৃষ্ণ কেতিয়া
আহিল, এয়া কোনেও নাজানে৷ ৰাধা-কৃষ্ণই সয়ম্বৰৰ পাছত লক্ষ্মী-নাৰায়ণ হয়৷ এয়া কোনেও
নাজানে৷ মনুষ্যই কাকূতি কৰে – হে ঈশ্বৰ পিতা... বাৰু তেওঁৰ নাম-ৰূপ কি তেতিয়া কৈ
দিয়ে নাম-ৰূপৰ পৰা উপৰাম৷ হেৰ’ তোমালোকে ঈশ্বৰ পিতা বুলি কোৱা আকৌ নাম-ৰূপৰ পৰা
উপৰাম বুলি কৈ দিয়া৷ আকাশ শূন্য, তাৰো নাম আছে আকাশ৷ তোমালোকে কোৱা আমি পিতাৰ
নাম-ৰূপ আদি নাজানোঁ, বাৰু নিজক জানানে? হয়, আমি আত্মা৷ বাৰু আত্মাৰ নাম-ৰূপৰ বিষয়ে
কোৱা৷ তেতিয়া কৈ দিয়ে আত্মাই পৰমাত্মা৷ আত্মা নাম-ৰূপৰ পৰা উৰ্দ্ধততো হ’ব নোৱাৰে৷
আত্মা এটা বিন্দু তৰা সদৃশ৷ ভ্ৰূকুটিৰ মাজত থাকে৷ যি সূক্ষ্ম আত্মাত 84 জন্মৰ ভূমিকা
নিহিত হৈ আছে৷ এয়া অতিকৈ বুজিবলগীয়া কথা সেইবাবে 7 দিনৰ ভাতীৰ গায়ন কৰা হৈছে৷
দ্বাপৰৰ পৰা ৰাৱণৰাজ্য আৰম্ভ হয় তেতিয়াৰ পৰা বিকাৰৰ প্ৰৱেশ হয়৷ ছিৰি অৱৰোহণ কৰি
আহিছা৷ এতিয়া সকলোৰে গ্ৰহণ লাগিছে, ক’লা হৈ গৈছে সেইবাবে কাকূতি কৰে – হে জ্ঞান
সূর্য আহক৷ আহি আমাক আলোকলৈ লৈ যওক৷ জ্ঞানৰূপী কাজল সৎগুৰুৱে লগালে, অজ্ঞান অন্ধকাৰ
বিনাশ হ’ল... বুদ্ধিত পিতা আহি যায়৷ এনেকুৱা নহয় জ্ঞানৰূপী কাজল গুৰুৱে লগালে...
গুৰুতো অনেক আছে, তেওঁলোকৰ ক’ত জ্ঞান আছে৷ তেওঁলোকৰ জানো গায়ন আছে৷ জ্ঞান-সাগৰ,
পতিত-পাৱন, সকলোৰে সৎগতিদাতা একমাত্ৰ পিতাই হয়৷ আকৌ অন্য কোনোবাই জ্ঞান কেনেকৈ দিব
পাৰে৷ সাধুসকলে কৈ দিয়ে – ভগৱানক লগ পোৱাৰ অনেক ৰাস্তা আছে৷ শাস্ত্ৰ পঢ়া, যজ্ঞ,
তপস্যা আদি কৰা – এই সকলোবোৰ ভগৱানক লগ পোৱাৰ ৰাস্তা কিন্তু পতিত কেনেকৈ পাৱন জগতলৈ
যাব পাৰে৷ পিতাই কয় – মই নিজেই আহোঁ৷ ভগৱানতো এজনেই, ব্ৰহ্মা-বিষ্ণু-শংকৰো দেৱতা,
তেওঁলোকক ভগৱান বুলি নকয়৷ তেওঁলোকৰো পিতা হৈছে শিৱ৷ প্ৰজাপিতা ব্ৰহ্মাতো ইয়াতে
থাকিব নহয়৷ প্ৰজা ইয়াত আছে৷ নামো লিখা আছে প্ৰজাপিতা ব্ৰহ্মাকুমাৰী প্ৰতিষ্ঠান৷
তেন্তে সন্তান হ’ল৷ অনেক ব্ৰহ্মাকুমাৰ-কুমাৰী আছে৷ উত্তৰাধিকাৰ শিৱৰ পৰা পোৱা যায়,
ব্ৰহ্মাৰ পৰা নহয়৷ উত্তৰাধিকাৰ ককাৰ পৰা পোৱা যায়৷ তেওঁ বহি ব্ৰহ্মাৰ দ্বাৰা
স্বর্গলৈ যোৱাৰ লায়ক কৰি তোলে৷ ব্ৰহ্মাৰ দ্বাৰা সন্তানসকলক তুলি লয়৷ সন্তানসকলেও কয়
– বাবা আমি আপোনাৰে, আপোনাৰ পৰা উত্তৰাধিকাৰ লওঁ৷ ব্ৰহ্মাৰ দ্বাৰা বিষ্ণুপুৰী
স্থাপন কৰা হয়৷ শিৱবাবাই ৰাজযোগ শিকায়৷ শ্ৰীমত অথবা শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ হৈছে
ভগৱানৰ গীতা৷ ভগৱান এজনেই নিৰাকাৰ৷ পিতাই বুজায় – তোমালোক সন্তানসকলে 84 জন্ম লৈছা৷
আত্মা পৰমাত্মা বিচ্ছিন্ন হৈ থাকিল বহুকাল... বহুকালৰ পৰা বিচ্ছিন্ন হৈতো ভাৰতবাসীয়ে
আছিল৷ আন কোনো ধর্ম নাছিল৷ তেওঁলোকেই প্ৰথমতে বিচ্ছিন্ন হৈছে৷ পিতাৰ পৰা বিচ্ছিন্ন
হৈ ইয়াত ভূমিকা পালন কৰিবলৈ আহে৷ পিতাই কয় – হে আত্মাসকল, এতিয়া মোক পিতাক স্মৰণ কৰা৷
এয়া হ’ল স্মৃতিৰ যাত্ৰা অথবা যোগ অগ্নি৷ তোমালোকৰ শিৰত যি পাপৰ বোজা আছে, সেয়া এই
যোগ অগ্নিৰে ভস্ম হ’ব৷ হে মৰমৰ সন্তানসকল, তোমালোক স্বর্ণীম যুগৰ পৰা লৌহ যুগত আহি
গ’লা৷ এতিয়া মোক স্মৰণ কৰা৷ এয়া বুদ্ধিৰ কাম নহয় জানো৷ দেহ সহিত দেহৰ সকলো সম্বন্ধ
ত্যাগ কৰি মামেকম্ (কেৱল মোক পৰমপিতাক) স্মৰণ কৰা৷ তোমালোক আত্মা হোৱা নহয়৷ এয়া
তোমালোকৰ শৰীৰ৷ ‘মই’, ‘মই’ এনেকৈ আত্মাই কয়৷ তোমালোকক ৰাৱণে পতিত কৰিলে৷ এয়া খেল ৰচি
থোৱা আছে৷ পাৱন ভাৰত আৰু পতিত ভাৰত৷ যেতিয়া পতিত হয় তেতিয়া পিতাক কাকূতি কৰে৷
ৰামৰাজ্য লাগে৷ এনেকৈ কয়ো, কিন্তু অর্থ বুজি নাপায়৷ জ্ঞান দিওঁতা জ্ঞানৰ সাগৰতো এজন
পিতাই হয়৷ পিতাহে আহি ছেকেণ্ডত উত্তৰাধিকাৰ দিয়ে৷ পিতাৰ পৰা সূর্যবংশী, চন্দ্ৰবংশীৰ
উত্তৰাধিকাৰ ল’বলৈ এতিয়া তোমালোক পিতাৰ হৈছা৷ আকৌ সত্যযুগ, ত্ৰেতাত তোমালোক অমৰ হৈ
যোৱা৷ তাত এনেকৈ নকয় যে অমুক মৰি গ’ল৷ সত্যযুগত অকাল মৃত্যু নহয়৷ তোমালোকে কালৰ
ওপৰত বিজয় প্ৰাপ্ত কৰা৷ দুখৰ নাম নাথাকে৷ তাক কোৱা হয় সুখধাম৷ পিতাই কয় – মইতো
তোমালোকক স্বর্গৰ বাদশ্বাহী দিওঁ৷ তাততো বহুত বৈভৱ আছে। ভক্তিমার্গত মন্দিৰ নির্মাণ
কৰিলা, সেই সময়তো কিমান ধন আছিল৷ ভাৰত কি আছিল! বাকী আন সকলো আত্মা নিৰাকাৰী জগতত
আছিল৷ সন্তানসকলে জানি গৈছে – উচ্চতকৈও উচ্চ বাবাই এতিয়া স্বর্গৰ স্থাপনা কৰি আছে৷
উচ্চতকৈও উচ্চ হৈছে শিৱবাবা, তাৰপাছত ব্ৰহ্মা-বিষ্ণু-শংকৰ সূক্ষ্মলোকবাসী৷ তাৰপাছত
এইখন (সাকাৰ) জগত৷
জ্ঞানৰ দ্বাৰাই
তোমালোক সন্তানসকলৰ সৎগতি হয়৷ গায়নো কৰা হয় – জ্ঞান, ভক্তি আৰু বৈৰাগ্য৷ পুৰণি জগতৰ
প্ৰতি বৈৰাগ্য জন্মে, কিয়নো সত্যযুগৰ বাদশ্বাহী পোৱা যায়৷ এতিয়া পিতাই কয় –
সন্তানসকল, মামেকম্ স্মৰণ কৰা৷ মোক স্মৰণ কৰি তোমালোক মোৰ ওচৰলৈ আহি যাবা৷ ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শিৰত যি
পাপৰ বোজা আছে সেয়া যোগ অগ্নিৰে ভস্ম কৰিব লাগে৷ বুদ্ধিৰে দেহ সহিত দেহৰ সকলো
সম্বন্ধ ত্যাগ কৰি এজন পিতাক স্মৰণ কৰিব লাগে৷
(2) মিনতি কৰা বা
চিঞৰাৰ সলনি নিজৰ শান্ত স্বধর্মত স্থিৰ হৈ থাকিব লাগে, শান্তি হৈছে ডিঙিৰ মালা৷
দেহ-অভিমানত আহি ‘মই’ আৰু ‘মোৰ’ শব্দ উচ্চাৰণ কৰিব নালাগে, নিজক আত্মা বুলি নিশ্চয়
কৰিব লাগে৷
বৰদান:
নিজৰ সতোগুণী
দৃষ্টিৰে অন্য আত্মাসকলৰ দৃষ্টি, বৃত্তি পৰিৱৰ্তন কৰোঁতা সাক্ষাৎকাৰ মূৰ্ত হোৱা
প্ৰবাদ আছে দৃষ্টিৰে
সৃষ্টি পৰিৱৰ্তন হয়। গতিকে তোমালোকৰ দৃষ্টি এনেকুৱা সতোগুণী হওঁক যাতে যিকোনো
তমোগুণী বা ৰজোগুণী আত্মাৰ দৃষ্টি, বৃত্তি আৰু তেওঁলোকৰ স্থিতি পৰিৱৰ্তন হৈ যায়।
যিয়েই তোমালোকৰ সন্মুখত আহে তেওঁলোকে দৃষ্টিৰ দ্বাৰা তিনিও লোকৰ, নিজৰ পূৰা জীৱন
কাহিনী গম পাই যাওঁক - এয়াই হৈছে দৃষ্টিৰে ভৰপূৰ কৰি দিয়া। অন্তত যেতিয়া জ্ঞানৰ সেৱা
নহ'ব তেতিয়া এইটো সেৱা চলিব।
স্লোগান:
পৱিত্ৰতাৰ বাস্তৱিক স্বৰূপ হৈছে সত্যতা আৰু দিব্যতা।
অব্যক্ত ইংগিত: মহান
হ’বলৈ মধুৰতা আৰু নম্ৰতাৰ গুণ ধাৰণ কৰা
মধুৰতা আৰু নম্ৰতাৰ
গুণে নতশিৰ (বিনম্ৰ) হ’বলৈ শিকায়। যিমান এতিয়া তোমালোক সংস্কাৰ আৰু সংকল্পত নতশিৰ
হ’বা, সিমানে বিশ্ব তোমালোকৰ আগত নতশিৰ হ’ব। নতশিৰ হোৱা অৰ্থাৎ নতশিৰ কৰা। সংস্কাৰৰ
ক্ষেত্ৰতো নতশিৰ হোৱা। সংকল্পতো এইটো আহিব নালাগে যে অন্য মোৰ আগতো অলপ নতশিৰ হওক!
মই নতশিৰ হ’লে সকলো নতশিৰ হ’ব। যিসকল প্ৰকৃত সেৱাধাৰী, তেওঁলোক যেতিয়া সকলোৰে আগত
নতশিৰ হ’ব তেতিয়া সেৱা কৰিব পাৰিব।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]