09.05.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকৰ নিচা থাকিব লাগে যে যিজন শিৱৰ সকলোৱে পূজা কৰে, তেওঁ এতিয়া আমাৰ পিতা হৈছে,
আমি তেওঁৰ সন্মুখত বহি আছোঁ”
প্ৰশ্ন:
মনুষ্যই
ভগৱানৰ ওচৰত কিয় ক্ষমা বিচাৰে? তেওঁলোকে ক্ষমা পায়নে?
উত্তৰ:
মনুষ্যই ভাবে যে আমি যি পাপ কৰ্ম কৰিছোঁ তাৰ শাস্তি ভগৱানে ধৰ্মৰজাৰ দ্বাৰা দিয়াব,
সেই কাৰণে ক্ষমা বিচাৰে। কিন্তু তেওঁলোকে নিজৰ কৰ্মৰ শাস্তি কৰ্মভোগৰ ৰূপত
ভুগিবলগীয়া হয়েই, ভগৱানে তেওঁলোকক কোনো দৰব নিদিয়ে। গৰ্ভ কাৰাগাৰতো শাস্তি ভুগিব
লাগে, সাক্ষাৎকাৰ হয় যে তুমি এইটো এইটো কৰিছা। ঈশ্বৰীয় নিৰ্দেশনা অনুসৰি চলা নাই
সেই কাৰণে এয়া শাস্তি।
গীত:
তুনে ৰাত
গঁৱাই চ’কে, দিন গঁৱাই খা কে….. (তুমি ৰাতি শুই কটালা, দিন খাই কটালা….)
ওঁম্শান্তি।
এয়া কোনে ক’লে?
আত্মিক পিতাই কলে। তেওঁ হৈছে উচ্চতকৈও উচ্চ। সকলো মনুষ্যতকৈও, সকলো আত্মাতকৈও উচ্চ।
সকলোৰে মাজত আত্মাই আছে নহয়। শৰীৰতো ভূমিকা পালন কৰিবলৈ পোৱা যায়। এতিয়া তোমালোকে
দেখিবলৈ পোৱা সন্ন্যাসী আদিৰ শৰীৰকো কিমান মান দিয়া হয়। নিজৰ গুৰু আদিৰ কিমান মহিমা
কৰে। এই বেহদৰ পিতাতো হৈছে গুপ্ত। তোমালোক সন্তানসকলে বুজি পোৱা যে শিৱবাবা হৈছে
সকলোতকৈ উচ্চ, তেওঁতকৈ উচ্চ কোনো নাই। ধৰ্মৰজাও তেওঁৰ লগত আছে কিয়নো ভক্তিমাৰ্গত
ক্ষমা বিচাৰে - হে ভগৱান ক্ষমা কৰক। এতিয়া ভগৱানে কি কৰিব! ইয়াত চৰকাৰেতো কাৰাগাৰত
ভৰাই থ’ব। সেই ধৰ্মৰজাই গৰ্ভ কাৰাগাৰত দণ্ড দিয়ে। শাস্তিও ভুগীবলগীয়া হয়, যাক
কৰ্মভোগ বুলি কোৱা হয়। এতিয়া তোমালোকে জানা যে কৰ্মভোগ কোনে ভোগে? কি হয়? এনেকৈ কয়
- হে প্ৰভু ক্ষমা কৰক। দুখ হৰণ কৰক, সুখ দিয়ক। এতিয়া ভগৱানে কোনো দৰব আদি দিয়ে জানো?
তেওঁতো একো কৰিব নোৱাৰে। তেন্তে ভগৱানক কিয় কয়? কিয়নো ভগৱানৰ লগত আকৌ ধৰ্মৰজাও আছে।
বেয়া কাম কৰিলে নিশ্চয় শাস্তি ভুগীবলগীয়া হয়। গৰ্ভ কাৰাগাৰত শাস্তিও পোৱা যায়। সকলো
সাক্ষাৎকাৰ হয়। সাক্ষাৎকাৰ অবিহনে শাস্তি নহয়। গৰ্ভ কাৰাগাৰততো কোনো দৰব আদি নাই।
তাত শাস্তি ভুগীবলগীয়া হয়। যেতিয়া দুখী হয় তেতিয়া কয় ভগৱান এই কাৰাগাৰৰ পৰা মুক্ত
কৰক।
এতিয়া তোমালোক
সন্তানসকল কাৰ সন্মুখত বহি আছা? উচ্চতকৈও উচ্চ হৈছে পিতা, কিন্তু গুপ্ত। অন্য
সকলোৰেতো শৰীৰ দেখিবলৈ পোৱা যায়, ইয়াত শিৱবাবাৰতো নিজৰ হাত-ভৰি আদি নাই। ফুল আদিও
কোনে ল’ব? এওঁৰ (ব্ৰহ্মাৰ) হাতেৰেই ল’ব লাগিব, যদিহে বিচাৰে। কিন্তু কাৰোৰে পৰা নলয়।
যেনেকৈ সেই শংকৰাচাৰ্যই কয় - মোক কোনেও স্পৰ্শ নকৰিবা। গতিকে পিতাই কয় মই পতিতৰ পৰা
কেনেকৈ ল’ম। মোৰ ফুল আদিৰ দৰকাৰ নাই। ভক্তিমাৰ্গত সোমনাথ আদিৰ মন্দিৰ সাজে, ফুল
অৰ্পণ কৰে। কিন্তু মোৰতো শৰীৰ নাই। আত্মাক কোনোবাই স্পৰ্শ কৰিব কেনেকৈ! কয় যে মই
পতিতৰ পৰা ফুল কেনেকৈ ল’ম! কোনেও হাতো লগাব নোৱাৰে। পতিতক স্পৰ্শ কৰিবলৈও নিদিয়ে।
আজি ‘বাবা’ বুলি কয় আকৌ কাইলৈ গৈ নৰকবাসী হয়গৈ। এনেকুৱা সকলৰ ফালে বাবাই নাচায়েই।
পিতাই কয় - মইতো উচ্চতকৈও উচ্চ। এই সকলো সন্ন্যাসী আদিকো ড্ৰামা অনুসৰি উদ্ধাৰ কৰিব
লাগে। মোক কোনেও নাজানেই। শিৱৰ পূজা কৰে কিন্তু তেওঁৰ বিষয়ে জানে জানো যে এওঁ গীতাৰ
ভগৱান আৰু ইয়ালৈ আহি জ্ঞান দিয়ে। গীতাত শ্ৰীকৃষ্ণৰ নাম দি দিছে। শ্ৰীকৃষ্ণই জ্ঞান
দিলে বাকী শিৱই কি কৰে! সেয়েহে মনুষ্যই ভাবে তেওঁ নাহেই। হেৰ’, পতিত-পাৱন বুলি
শ্ৰীকৃষ্ণক কোৱা হ’ব জানো। পতিত-পাৱন বুলিতো মোক কয় নহয়। তোমালোকৰ ভিতৰতো কমসংখ্যকহে
আছে যিয়ে ইমান সন্মান জনাব পাৰে। শিৱবাবা কিমান সাধাৰণভাৱে থাকে, বুজায়ো - মই এই
সাধু আদি সকলোৰে পিতা। যি শংকৰাচাৰ্য আদি আছে, এই সকলো আত্মাৰ মই পিতা। শৰীৰৰ পিতা
যি আছে সেয়াতো আছেই, মই হৈছোঁ সকলো আত্মাৰ পিতা। মোক সকলোৱে পূজা কৰে। এতিয়া তেওঁ
ইয়াত সন্মুখত বহি আছে। কিন্তু সকলোৱে জানো বুজি পায় যে আমি কাৰ সন্মুখত বহি আছোঁ।
আত্মাসকল
জন্ম-জন্মান্তৰ দেহ-অভিমানত সাঙোৰ খাই আছে সেইকাৰণে পিতাক স্মৰণ কৰিব নোৱাৰে।
দেহকেই চায়। দেহী-অভিমানী হ’লে তেতিয়া সেইজন পিতাক স্মৰণ কৰিব আৰু পিতাৰ শ্ৰীমতত
চলিব। পিতাই কয় - মোক জানিবৰ কাৰণে সকলোৱে পুৰুষাৰ্থ কৰে। অন্তত সম্পূৰ্ণ
দেহী-অভিমানী হোৱাসকলহে উত্তীৰ্ণ হ’ব। বাকী সকলোৰে অলপ অলপ দেহ-অভিমান থাকিব। পিতাতো
হৈছে গুপ্ত। তেওঁক একোৱেই দিব নোৱাৰে। কন্যাসকলে শিৱৰ মন্দিৰতো গৈ বুজাব পাৰে।
কুমাৰীসকলেই শিৱবাবাৰ পৰিচয় দিছে। অৱশ্যে কুমাৰ-কুমাৰী দুয়োৰেই প্ৰয়োজন। কুমাৰসকলেও
পৰিচয় দিছে। মাতাসকলৰ বিশেষভাৱে উন্নতি সাধন কৰা হয় কিয়নো তেওঁলোকে পুৰুষসকলতকৈ বেছি
সেৱা কৰিছে। গতিকে সন্তানসকলৰ সেৱাৰ চখ থাকিব লাগে। যেনেকৈ সেই পঢ়াৰো চখ থাকে নহয়।
সেয়া হৈছে পাৰ্থিৱ (দৈহিক), এয়া হৈছে আত্মিক। পাৰ্থিৱ পঢ়া পঢ়িলে, এই ব্যায়াম আদি
শিকিলে একোৱেই নাপাবা। ধৰি লোৱা, এতিয়া কাৰোবাৰ সন্তান জন্ম হ’ল তেতিয়া বহুত
ধুমধামেৰে সন্তানৰ ‘নামকৰণ’ আদি উদ্যাপন কৰে, কিন্তু সন্তানে পাব কি! ইমান সময়েই
নাই যে কিছু পাব পাৰে। ইয়াৰ পৰা গৈ আকৌ জন্ম লয় কিন্তু একোৱেতো বুজি নাপাব। যদি
ইয়াৰ পৰা বিচ্ছিন্ন হৈ যোৱাসকলৰ মাজৰ হয় তেন্তে যি শিকি গৈছে সেই অনুসৰি সৰুকালৰে
পৰা শিৱবাবাক স্মৰণ কৰিব। এয়াতো মন্ত্ৰ হয় নহয়। সৰু ল’ৰা-ছোৱালীক শিকালে সিহঁতে
বিন্দু আদিতো একোৱে নুবুজিব। মাথোন শিৱবাবা শিৱবাবা বুলি কৈ থাকিব। শিৱবাবাক স্মৰণ
কৰিলে স্বৰ্গৰ উত্তৰাধিকাৰ পাবা। এনেকৈ সিহঁতক বুজালে সিহঁতো স্বৰ্গত আহি যাব।
কিন্তু উচ্চ পদ পাব নোৱাৰিব। এনেকুৱা বহুত সন্তান আহে যিয়ে শিৱবাবা শিৱবাবা বুলি কৈ
থাকে। তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। এয়া ৰাজধানী স্থাপনা হৈ আছে।
এতিয়া মনুষ্যই শিৱৰ পূজা কৰে কিন্তু তেওঁৰ বিষয়ে জানে জানো, যেনেকৈ শিশুসকলে শিৱ
শিৱ বুলি কয়, একো বুজি নাপায় তেনেকৈ ইয়াতো পূজা কৰে কিন্তু পৰিচয় একোৱে নাই। সেয়েহে
তেওঁলোকক ক’ব লাগে যে তোমালোকে যাৰ পূজা কৰা তেৰ্ৱেঁই জ্ঞানৰ সাগৰ, গীতাৰ ভগৱান।
তেওঁ আমাক পঢ়াই আছে। এই সৃষ্টিত আৰু কোনো মনুষ্য নাই যিয়ে ক’ব পাৰে যে শিৱবাবাই
আমাক ৰাজযোগ পঢ়াই আছে। এয়া মাথো তোমালোকে জানা তাকো পাহৰি যোৱা। ভগৱানুবাচ মই
তোমালোকক ৰাজযোগ শিকাওঁ। কোনে ক’লে - ভগৱানুবাচ, কাম মহাশত্রু, ইয়াৰ ওপৰত জয়ী হোৱা।
পুৰণি সৃষ্টিৰ সন্ন্যাস কৰা। তেওঁ হৈছে শংকৰাচাৰ্য, এওঁ হৈছে শিৱাচাৰ্য। তেওঁ আমাক
শিকায়। শ্ৰীকৃষ্ণক আচার্য বুলি নকয়। তেওঁতো শিশু। সত্যযুগত জ্ঞানৰ দৰকাৰ নাথাকে।
য’ত য’ত শিৱৰ মন্দিৰ
আছে, ত’ত তোমালোক সন্তানসকলে বহুত ভাল সেৱা কৰিব পাৰা। শিৱৰ মন্দিৰবোৰলৈ যোৱা,
মাতাসকল গ’লে ভাল, কন্যাসকল গ’লেতো আৰু বেছি ভাল। এতিয়াতো আমি বাবাৰ পৰা
ৰাজ্য-ভাগ্য ল’ব লাগে। পিতাই আমাক পঢ়ায়, তাৰ পাছত আমি মহাৰজা-মহাৰাণী হ’মগৈ।
উচ্চতকৈও উচ্চ পিতাই হয়, এনেকুৱা শিক্ষা কোনো মনুষ্যই দিব নোৱাৰে। এয়া হয়েই কলিযুগ।
সত্যযুগত এওঁলোকৰ ৰাজ্য আছিল। এওঁলোক ৰজা-ৰাণী কেনেকৈ হ'ল, কোনে ৰাজযোগ শিকালে যে
সত্যযুগৰ মালিক হৈ গ'ল? যাক তোমালোকে পূজা কৰা তেওঁ আমাক পঢ়াই সত্যযুগৰ মালিক কৰি
তোলে। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, বিষ্ণুৰ দ্বাৰা প্ৰতিপালন....... পতিত প্ৰবৃত্তি
মাৰ্গত থকাসকলেই পাৱন প্ৰবৃত্তি মাৰ্গত যায়। এইদৰে কয়ো যে বাবা আমাক; পতিতসকলক পাৱন
কৰি তোলক। পাৱন কৰি এওঁলোকৰ (লক্ষ্মী-নাৰায়ণৰ) দৰে দেৱতা কৰি তোলক। সেয়া হৈছে
প্ৰবৃত্তি মাৰ্গ। নিবৃত্তি মাৰ্গত থকাসকলৰ গুৰু হ’বলগীয়াই নহয়। যিসকল পৱিত্ৰ
তেওঁলোকৰ গুৰু হ’ব পাৰে। এনেকুৱা বহুত সংগীও থাকে, বিকাৰৰ বাবে বিবাহ নকৰায়। গতিকে
তোমালোক সন্তানসকলে এনেকুৱা সেৱা কৰিব পাৰা। ভিতৰত চখ থাকিব লাগে। আমি বাবাৰ সু-সন্তান
হৈ কিয়নো গৈ বাবাৰ সেৱা নকৰোঁ। পুৰণি সৃষ্টিৰ বিনাশ সমাগত। এতিয়া শিৱবাবাই কয় -
শ্ৰীকৃষ্ণতো হ’ব নোৱাৰে। তেওঁতো এবাৰেই সত্যযুগত থাকিব। পৰৱৰ্তী জন্মত সেই একেই
চেহেৰা, একেই নাম থাকিব জানো। 84 জন্মত 84 চেহেৰা। শ্ৰীকৃষ্ণই এই জ্ঞান কাকো শিকাব
নোৱাৰে। সেই শ্ৰীকৃষ্ণ কেনেকৈ ইয়ালৈ আহিব। এতিয়া তোমালোকে এই কথাবোৰ বুজি পোৱা।
আধাকল্প ভাল জন্ম হয় আকৌ ৰাৱণৰাজ্য আৰম্ভ হয়। মনুষ্য হুবহু যেন জন্তু সদৃশ হৈ যায়।
এজনে আনজনৰ সৈতে হাই-কাজিয়া কৰি থাকে। তেন্তে ৰাৱণৰ জন্ম নহ’ল জানো। বাকী 84 লাখ
জন্মতো নহয়। ইমান বিচিত্ৰতা আছে। ইমান জন্ম জানো লয়। সেয়েহে এই পিতাই বহি বুজায়।
তেওঁ হৈছে উচ্চতকৈও উচ্চ ভগৱান। তেওঁ পঢ়ায়, তেওঁৰ পিছতে আকৌ এৱোঁতো (ব্ৰহ্মাবাবাও)
আছে নহয়। নপঢ়িলে কাৰোবাৰ ওচৰত গৈ দাস-দাসী হ’বাগৈ। শিৱবাবাৰ ওচৰত দাস-দাসী হ’বাগৈ
জানো? পিতাইতো বুজায় - যদি নপঢ়া তেন্তে সত্যযুগত গৈ দাস-দাসী হ’বাগৈ। যিসকলে একোৱেই
সেৱা নকৰে, মাথো খালে-ব’লে আৰু শুলে তেওঁলোক কি হ’বগৈ! বুদ্ধিততো উদয় হয় নহয় যে কি
হ’মগৈ! তথাপি ভাবে মইতো মহাৰজা হ’মগৈ। তেওঁলোক মোৰ সন্মুখতেই নাহিব। নিজেও বুজি পায়
যে মই এয়া হ’মগৈ। কিন্তু তথাপি লাজ পায় জানো। মই নিজৰ উন্নতি কৰি কিছু প্ৰাপ্তি কৰি
লওঁ, বুজিয়েই নাপায়। সেইবাবে বাবাই কয় - এনেকৈ নুবুজিবা যে এয়া ব্ৰহ্মাই কয়, সদায়
বুজিবা যে শিৱবাবাই কয়। শিৱবাবাৰ প্ৰতিতো সন্মান জনাব লাগে নহয়। তেওঁৰ সৈতে আকৌ
ধৰ্মৰজাও আছে। নহ’লে ধৰ্মৰজাৰ দণ্ডও বহুত খাবা। কুমাৰীসকলতো বহুত বুদ্ধিমান হ’ব লাগে।
এনেকুৱা নহয় যে ইয়াত শুনিলা, বাহিৰলৈ গ’লা আৰু সকলো শেষ। ভক্তিমাৰ্গৰ কিমান সামগ্ৰী
আছে। এতিয়া পিতাই কয় - বিহ (বিকাৰ) এৰা। স্বৰ্গবাসী হোৱা। এনেকুৱা শ্লোগান তৈয়াৰ
কৰিবা। সাহসী সিংহী হ’বা। বেহদৰ পিতাক পাইছা তেন্তে বাকী কি চিন্তা কৰিব লাগে।
চৰকাৰে ধৰ্মকেই নামানে তেন্তে মনুষ্যৰ পৰা দেৱতা হ’বলৈ কেনেকৈ আহিব। তেওঁলোকে কয় -
আমি কোনো ধর্মক নামানো। সকলোকে আমি এক বুলি ভাবোঁ। তেন্তে হাই-কাজিয়া কিয় কৰা?
সকলোতে মাথো মিছা, সত্য তিলমাত্ৰও নাই। প্ৰথমে “ঈশ্বৰ সৰ্বব্যাপী” বুলি কোৱাৰ পৰাই
মিছাৰ আৰম্ভণি হয়। হিন্দু ধৰ্ম বুলিতো একো নাই। খ্ৰীষ্টানসকলৰ নিজৰ ধৰ্ম চলি আহি
থাকে। তেওঁলোকে নিজক (নিজৰ ধৰ্মক) সলনি নকৰে। এয়া এটাই ধৰ্ম যিয়ে নিজৰ ধৰ্মক সলনি
কৰি হিন্দু বুলি কৈ দিয়ে আকৌ নাম কেনেকুৱা কেনেকুৱা ৰাখে, শ্ৰী শ্ৰী অমুক.......
এতিয়া ‘শ্ৰী’ অৰ্থাৎ শ্ৰেষ্ঠ আছে ক’ত। শ্ৰীমতো কাৰোৱেই নাই। এয়াতো তেওঁলোকৰ লৌহযুগী
মত। তাক শ্ৰীমত বুলি কেনেকৈ ক’ব পাৰি। এতিয়া তোমালোক কুমাৰীসকল আগবাঢ়ি আহা তেতিয়া
যিকোনো লোককে বুজাব পাৰিবা। কিন্তু যোগযুক্ত, ভাল বুদ্ধিমান কন্যাৰ প্ৰয়োজন। ভালবাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ
উন্নতি কৰিবৰ বাবে পিতাৰ সেৱাত তৎপৰ হৈ থাকিব লাগে। কেৱল খোৱা-বোৱা, শোৱা এয়া পদ
হেৰুওৱা হয়।
(2) পিতা আৰু পঢ়াৰ
প্ৰতি সন্মান জনাব লাগে। দেহী-অভিমানী হ’বৰ বাবে পূৰা পুৰুষাৰ্থ কৰিব লাগে। পিতাৰ
শিক্ষা ধাৰণ কৰি সু-সন্তান হ’ব লাগে।
বৰদান:
সেৱা কৰি
অনাসক্ত স্থিতিত থাকোঁতা যোগযুক্ত, যুক্তিযুক্ত সেৱাধাৰী হোৱা
যিসকল যোগযুক্ত,
যুক্তিযুক্ত সেৱাধাৰী তেওঁলোক সেৱা কৰিও সদায় অনাসক্ত হৈ থাকে। এনেকুৱা নহয় যে সেৱা
বেছি সেয়েহে অশৰীৰী হ’ব নোৱাৰোঁ। কিন্তু মনত ৰাখিবা যে মোৰ সেৱা নহয়, পিতাই দিছে
তেতিয়া বন্ধনমুক্ত হৈ থাকিবা। নিমিত্ত হওঁ, বন্ধনমুক্ত হওঁ এনেকুৱা অভ্যাস কৰা।
অতিৰ সময়ত অন্তিম অৱস্থা, কৰ্মাতীত অৱস্থাৰ অভ্যাস কৰা। যেনেকৈ মাজে মাজে সংকল্পৰ
সোঁত নিয়ন্ত্ৰণ কৰা তেনেকৈ অতিৰ সময়ত অন্তৰ অৱস্থাৰ অনুভৱ কৰা তেতিয়া অন্তৰ সময়ত
সন্মান সহকাৰে উত্তীৰ্ণ হ’ব পাৰিবা।
স্লোগান:
শুভ ভাৱনাই কাৰণক নিবাৰণলৈ পৰিৱৰ্তন কৰি দিয়ে।
আত্মিক আভিজাত্য আৰু
পৱিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
পৱিত্ৰতা ব্ৰাহ্মণ
জীৱনৰ বিশেষ জন্মৰ বিশেষত্ব। পৱিত্ৰ সংকল্প ব্ৰাহ্মণৰ বুদ্ধিৰ ভোজন। পৱিত্ৰ দৃষ্টি
ব্ৰাহ্মণৰ নয়নৰ জ্যোতি, পৱিত্ৰ কৰ্ম ব্ৰাহ্মণ জীৱনৰ বিশেষ বেপাৰ। পৱিত্ৰ সম্বন্ধ আৰু
সম্পৰ্ক ব্ৰাহ্মণ জীৱনৰ মৰ্যাদা। এনেকুৱা মহান কথাবোৰ ধাৰণ কৰাত পৰিশ্ৰম নকৰিবা,
বাধ্য হৈ নকৰিবা। এই পৱিত্ৰতাতো তোমালোকৰ জীৱনৰ বৰদান হয়।