09.05.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক ইয়ালৈ আহিছা আত্ম উপলব্ধি কৰিবলৈ, তোমালোকে নিজক আত্মা বুলি বুজি পৰমাত্মা
পিতাৰ পৰা শুনা, দেহী-অভিমানী হৈ থকাৰ অভ্যাস কৰা”
প্ৰশ্ন:
কোনো-কোনোৱে
সন্তানসকলক অনেক বাৰ সোধে তোমালোকে আত্মাৰ সাক্ষাৎকাৰ কৰিছানে, তেতিয়া তোমালোকে
তেওঁলোকক কোনটো উত্তৰ দিবা?
উত্তৰ:
কোৱা - হয়, আমি আত্মাৰ সাক্ষাৎকাৰ কৰিছোঁ। আত্মা জ্যোতিবিন্দু হয়। আত্মাতেই ভাল
বা বেয়া সংস্কাৰ থাকে। আত্মাৰেই গোটেই জ্ঞান আমি এতিয়া পাইছোঁ। যেতিয়ালৈকে
আত্মাৰ সাক্ষাৎকাৰ হোৱা নাছিল তেতিয়ালৈকে দেহ-অভিমানী আছিলোঁ। এতিয়া আমাৰ
পৰমাত্মাৰ দ্বাৰা ঈশ্বৰৰ উপলদ্ধি আৰু আত্ম উপলদ্ধি হৈছে।
গীত:
ন ৱহ হমসে জুদা
হোংগে... (তেওঁ আমাৰ পৰা বিচ্ছিন্ন নহ’ব...)
ওঁম্শান্তি।
অতি মৰমৰ
আত্মিক সন্তানসকলে এই গীতটি শুনিলে। আত্মিক সন্তানসকলে শৰীৰৰ দ্বাৰা কয়। এনেকৈ
কোনেও কেতিয়াও নক’ব যে আমি সাধু-সন্তসকলৰ প্ৰতি উছৰ্গিত হৈ যাম। সন্তানসকলে জানে -
আমি তেওঁৰ লগত যাব লাগে, এই শৰীৰ এৰি দিব লাগে সেইবাবে কয়, এই শৰীৰ এৰি থৈ আমি
পিতাৰ লগত গুচি যাম। পিতা আহিছেই লগত লৈ যাবলৈ। এইটো বোধশক্তিৰ কথা। সন্তানসকলে
আহ্বান জনায়, আমাক পতিতসকলক আহি পাৱন কৰি তোলক, তেন্তে মই কি কৰোঁ। ইয়াততো এৰি থৈ
নাযাওঁ। এই গোটেই সৃষ্টিখন পতিত এই পতিত সৃষ্টিৰ পৰা পাৱন সৃষ্টিলৈ লৈ যাবৰ বাবে
পিতা আহিছে। আমাক আত্মাসকলক লগত লৈ যাব। এই গোটেই সৃষ্টিখন বিকাৰী - এইটোও তোমালোকে
জানা। তোমালোকে কাৰোবাক বিকাৰী, পতিত বুলি ক’লে তেতিয়াও বিতুষ্ট হৈ যাব। মনুষ্যক
বহুত যুক্তিৰে বুজাব লাগে। এজন পিতাৰহে মহিমা কৰিব লাগে। এতিয়া তোমালোক সন্তানসকলে
জ্ঞান পাইছা, বহুত বুদ্ধিমত্তাৰে কথা পাতিব লাগে। ক’ৰবাত দেখিবলৈ পোৱা, প্ৰশ্নোত্তৰ
কৰে তেতিয়া ক'বা মই এতিয়া অপৈণত হৈ আছোঁ, জেষ্ঠ ভগ্নী আহি সঁহাৰি জনাব।
তোমালোকে কোৱা,
শিৱবাবাই বুজায়, ভগৱানুবাচ (ভগৱানে কয়) – মনুষ্য সকলো পতিত। পতিততো ভগৱান হ’ব নোৱাৰে।
পতিত-পাৱনক আহ্বান জনায় কিয়নো পতিত হয়। দেহধাৰীসকলক ভগৱান বুলি ক’ব নোৱাৰি। ভগৱান
নিৰাকাৰ শিৱকহে কোৱা হয়, শিৱৰ মন্দিৰো বহুত আছে। পোন-প্ৰথমে যেতিয়া এই কথাটো বুজি
উঠিব তেতিয়া স্থিৰতা আহিব (জ্ঞানত চলিব পাৰিব)। প্ৰথমেই কোৱা যে শিৱ ভগৱানুবাচ -
শিৱবাবাই কয় – মামেকম্ (কেৱল মোক; পৰমপিতাক) স্মৰণ কৰা। তেওঁৰ নিজৰ শৰীৰ নাই।
ব্ৰহ্মা-বিষ্ণু-শংকৰৰো নিজৰ সূক্ষ্ম শৰীৰ আছে। দেখিবলৈ পোৱা যায়। এওঁকতো দেখিবলৈ
পোৱা নাযায়। এওঁক কোৱাই হয় - পৰমপিতা পৰমাত্মা। তোমালোকেও ক’বা আমি আত্মাই এটা
শৰীৰ এৰি আন এটা লওঁ। তোমালোকে নিজ আত্মাৰ সাক্ষাৎকাৰ কৰিছা। ভক্তিমাৰ্গত
সাক্ষাৎকাৰৰ বাবে ঐকান্তিক ভক্তি কৰে। কিন্তু ভক্তি কৰাসকলে কেতিয়াও সাক্ষাৎকাৰ কৰা
নাই। সেইটো কি বস্তু, এইটো একেবাৰেই নাজানে। কেৱল কয় - তেওঁ নিৰাকাৰ। বাৰ্তালাপতো
আত্মাই কৰে। সংস্কাৰো আত্মাত থাকে। আত্মা ওলাই গ’লে, আত্মা আৰু শৰীৰ কোনোটোৱেই কথা
ক’ব নোৱাৰে। আত্মা অবিহনে শৰীৰে একো কৰিব নোৱাৰে। প্ৰথমেতো আত্মাক চিনি পাব লাগে আৰু
পিতাৰ দ্বাৰাহে পিতাক চিনি পাব পাৰিবা। আত্মাৰ পৰমপিতা পৰমাত্মাৰ সাক্ষাৎকাৰ কেনেকৈ
হ’ব পাৰে- যিহেতুকে নিজকেই নাজানে, দেখা নাপায়। যদিও কয় “জিলিকি থাকে আচৰিত তৰা”
কিন্তু এইটো কোনেও নাজানে যে আত্মাত 84 জন্মৰ ভূমিকা নিহিত হৈ আছে। মনুষ্য একেবাৰেই
দেহ-অভিমানী হৈ থাকে। এতিয়া পিতাই কয় - দেহী-অভিমানী হোৱা। নিজক আত্মা বুলি বুজি
তাৰপাছত মোৰ দ্বাৰা শুনা। শুনোঁতাসকল হৈছে আত্মা, আত্মাক শুনাওঁতা পৰমাত্মাক লাগে।
মনুষ্যক বুজাওঁতাজন মনুষ্যই হ’ব। এই আত্মাৰ জ্ঞান কাৰোৱেই নাই সেইবাবে কোৱা হয়
প্ৰথমে আত্মাক জানি লোৱা। আত্ম উপলদ্ধি কৰা। আত্মাই নিজেই কয় - আত্মাক মই কেনেকৈ
উপলদ্ধি কৰোঁ। এইটো কোনোবাই গম পায় জানো যে আমাৰ আত্মাত কেনেকৈ গোটেই ভূমিকা সমাহিত
হৈ আছে। সাধু-সন্ন্যাসী আদি কোনেও ক’ব নোৱাৰে। পিতাহে আহি সন্তানসকলক আত্ম উপলদ্ধি
কৰাবলগীয়া হয়। পিতাই কয় – নিজক আত্মা বুলি বুজি মোৰ অৰ্থাৎ নিৰাকাৰ পৰমপিতা
পৰমাত্মাৰ পৰা শুনা। আত্মা আৰু পৰমাত্মা যেতিয়াই মিলিত হ’ব তেতিয়া এই বাৰ্তালাপ
হ’ব। জগতৰ লোকে এইটো গম নাপায় যে পৰমপিতা পৰমাত্মা কেতিয়া আহিব। কেনেকৈ আহি বুজাব?
নজনাৰ কাৰণে মতানৈক্যত আহি যায়। তেওঁলোকৰ সকলো নিৰ্ভৰ কৰে শাস্ত্ৰৰ ওপৰত। পিতাই কয়
- সেইবোৰৰ দ্বাৰা তোমালোকে মোক উপলদ্ধি কৰিব নোৱাৰিবা আৰু নিজকো উপলদ্ধি কৰিব
নোৱাৰিবা। তেওঁলোকেতো কৈ দিয়ে আত্মাই পৰমাত্মা। এনেকৈ ক’লে কি হ’ব। আমাক পতিতৰ পৰা
পাৱন কোনে কৰি তুলিব? ত্ৰিকালদৰ্শী কোনে কৰি তুলিব? কোনেও আত্মা আৰু পৰমাত্মাৰ
জ্ঞানতো দিব নোৱাৰে সেয়েহে তোমালোকে কোৱা যিসকল আত্মাই নিজৰ পিতাক নাজানে, তেওঁলোক
নাস্তিক। তেওঁলোকে আকৌ কৈ দিয়ে, যিসকলে ভক্তি নকৰে, তেওঁলোক নাস্তিক। এতিয়া
তোমালোক সন্তানসকলে ভক্তিতো নকৰা। তোমালোকৰ ওচৰত বহুত ভাল চিত্ৰ আছে। চিত্ৰৰ ওপৰতে
বুজোৱা হয়। কোনোবাই যদি বিশ্বৰ নক্সা দেখাই নাই তেন্তে তেওঁ কেনেকৈ জানিব - লণ্ডন
ক’ত আছে? আমেৰিকা ক’ত আছে? যেতিয়ালৈকে শিক্ষকে বহি মানচিত্ৰৰ দ্বাৰা নুবুজায়,
সেইবাবে তোমালোকে এই চিত্ৰবোৰ তৈয়াৰ কৰিছা কিন্তু বিস্তাৰত কোনেও বুজিব নোৱাৰে।
সূৰ্যবংশীয়ে এই ৰাজধানী ক’ৰ পৰা ল’লে? আকৌ চন্দ্ৰবংশীয়ে কেনেকৈ ল’লে? সূৰ্যবংশীৰ
লগত যুদ্ধ কৰিলে জানো? তোমালোকে বুজি পোৱা যে সকলোৱে উত্তৰাধিকাৰ এজন পিতাৰ পৰা পায়।
সূৰ্যবংশী, চন্দ্ৰবংশীতো বিশ্বৰ মালিক হয়। অন্য কোনো ধৰ্মই নাথাকে গতিকে যুদ্ধৰ
কথাই নাই। এতিয়া তোমালোকে বুজি পোৱা, আমি বিশ্বৰ মালিক হওঁ। এনেকুৱাও নহয় যে
সূৰ্যবংশীৰ পৰা চন্দ্ৰবংশীয়ে জয় কৰি ল’লে বা যুদ্ধ হ’ল। নহয়, বেলেগ বেলেগ ৰাজবংশ
হয়।
এতিয়া তোমালোকৰ
বুদ্ধিত এই চিত্ৰসমূহৰ সম্পূৰ্ণ জ্ঞান আছে। বিদ্যালয়তো বিদ্যাৰ্থীয়ে পঢ়ে তেতিয়া
বুদ্ধিত গোটেই জ্ঞান উদয় হৈ যায়। সৰু ল’ৰা-ছোৱালীক কিতাপত দেখুওৱা হয় - এইটো হাতী,
এইটো অমুক। এতিয়া তোমালোকে এই ড্ৰামাখনক জানি গৈছা। এই গোটেই চক্ৰ বুদ্ধিত আছে। এয়া
হৈছে সকলো নতুন কথা আৰু এই কথাবোৰ ব্ৰাহ্মণ কুলেহে বুজিব। অন্যইতো বহি অনাৱশ্যক
তৰ্ক কৰিব। এনেকুৱাও নহয় যে সকলোকে একেলগে বুজাব পাৰি। নহয়, বেলেগে বেলেগে
বুজাবলগীয়া হয়। নিয়মো আছে প্ৰথমে পিতাক, আত্মাক বুজি উঠক তাৰপাছত শ্ৰেণীকক্ষত বহিলে
তেতিয়া বুজিব, নহ’লেতো বুজিবই নোৱাৰিব। সংশয় কৰিয়েই থাকিব। তোমালোকে বুজাব লাগে যে
ভগৱান এজনেই - তেওঁ উচ্চতকৈও উচ্চ। দেৱতাসকলকো ভগৱান বুলি ক’ব নোৱাৰি। আত্মাৰো
জ্ঞান এতিয়া তোমালোকে পাইছা। কৰ্মৰ ফল আত্মাইহে ভোগ কৰে। সংস্কাৰ আত্মাতহে থাকে।
আত্মাই এই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা শুনে। ভগৱান পিতা এজন, উত্তৰাধিকাৰ তেওঁৰ পৰা পোৱা
যায়। বাবাই বুজাইছে- তোমালোকে নিজক আত্মা বুলি পতিয়ন যোৱা আৰু পিতাৰ সৈতে বুদ্ধিৰ
যোগসূত্ৰ গঢ়ি তোলা। জন্ম-জন্মান্তৰ ভক্তি কৰি আহিছা। হনুমানৰো যদি পূজাৰী হয় তেন্তে
হনুমানকেই স্মৰণ কৰিব বা শ্ৰীকৃষ্ণৰ পূজাৰী হ’লে শ্ৰীকৃষ্ণকেই স্মৰণ কৰিব। এতিয়া
তোমালোকক বুজোৱা হয় - তোমালোক আত্মা। তোমালোকৰ পৰমপিতা পৰমাত্মা আছে। তেওঁক স্মৰণ
কৰিলেহে পিতাৰ উত্তৰাধিকাৰ পাবা, যিজন পিতা হৈছে স্বৰ্গৰ ৰচয়িতা গতিকে নিশ্চয় আমি
স্বৰ্গত থকা উচিত। ভাৰত স্বৰ্গ আছিল। এতিয়াতো স্বৰ্গ নাই যে ৰাজত্ব হ’ব। নৰকতো
ৰাৱণৰ ৰাজত্ব থাকে। আমাৰ ৰাজধানী কেনেকৈ চলিল, পুনৰ অৱনমিত হ’লোঁ একোৱেই নাজানে।
এতিয়া তোমালোকে জানা পুনৰ্জন্ম লৈ লৈ আমি অৱনমিত হ’বই লাগে। এতিয়া আকৌ পিতাই কয়,
মোক স্মৰণ কৰা তেতিয়া তোমালোক পাৱন হৈ যাবা। স্বৰ্গৰ উত্তৰাধিকাৰ পাবা। আমি পিতাৰ
হৈ গ’লে পিতাৰ উত্তৰাধিকাৰ পাওঁ। কিন্তু যেতিয়ালৈকে তমোপ্ৰধানৰ পৰা সতোপ্ৰধান নহয়,
যোগৰ দ্বাৰা পাৱন নহয় তেতিয়ালৈকে উত্তৰাধিকাৰ পাব নোৱাৰে। পিতাই কয়, মোক স্মৰণ
কৰিলে তোমালোকৰ বিকৰ্ম বিনাশ হ’ব, বিকৰ্মাজিৎ হ’বা, এইটো নিশ্চয়তা আছে। বুজনি
দিবলগীয়া হয়। কোনোবাই বুজিব, কোনোবা তীক্ষ্ণ বুদ্ধিৰ হ’লেতো হুলস্থুল লগাই দিব।
কিবা নহয় কিবা বিঘিনি সৃষ্টি কৰোঁতা ওলাই আহে। কোনোবাই গণ্ডগোল কৰিলে ক’ব লাগে -
একান্তত আহি বুজি লওক। ইয়াৰ নিয়ম হৈছে - 7 দিন ভাতীত থাকি বুজিব লাগে কিয়নো এই
জ্ঞান নতুন হোৱাৰ বাবে মনুষ্য বিবুদ্ধিত পৰে। কোনোবাই যদি প্ৰথমে নতুন সেৱাকেন্দ্ৰ
খোলে তেন্তে এই ক্ষেত্ৰত বুদ্ধিমান হ’ব লাগে যাতে সকলোকে বুজাব পাৰে। ভগৱানতো সকলোৰে
এজনেই, সকলো আত্মা ভাই ভাই হয়। পৰমাত্মা হৈছে সকলোৰে পিতা। আহ্বানো জনায় পতিত-পাৱন
আহক তেন্তে তেওঁ নিশ্চয় পাৱন, তেওঁ কেতিয়াও পতিত নহয়। পিতাহে আহি পতিতসকলক পাৱন কৰি
তুলিব। সত্যযুগত সকলো পাৱন। কলিযুগত সকলো পতিত। পতিত অনেক, পাৱন কিছুসংখ্যক।
সত্যযুগলৈতো সকলো নাযাব। যিসকল পতিতৰ পৰা পাৱন হয়, তেওঁলোকহে পাৱন সৃষ্টিলৈ যায়।
বাকী সকলো নিৰ্বাণ ধামলৈ গুচি যাব। এইটোও জানে যে গোটেই জগতখনে আহি মত (জ্ঞান)
নল’বহি। এইটো কঠিন যে তোমালোকে গোটেই জগতখনক মত দিবা। এতিয়া সকলোৰে হিচাপ
নিষ্পত্তিৰ সময়। বিনাশ সকলোৰে হ’ব। বুজাবৰ বাবে বহুত যুক্তি লাগে যাতে শান্তিৰে বহি
শুনে, বাধাৰ সৃষ্টি নকৰে। পোন-প্ৰথমেতো পিতাৰ পৰিচয় দিব লাগে। শিৱবাবাহে পতিত-পাৱন,
তেৱেঁই বুজায়। ‘গীতা’ৰ শব্দবোৰো প্ৰসিদ্ধ। পতিত-পাৱন পিতাইহে কয় যে মোক স্মৰণ কৰা
তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ’ব। গীতাৰ লগতহে এই শব্দবোৰৰ সম্পৰ্ক আছে। শিৱবাবাই
কৈছে - মোক স্মৰণ কৰা। মই সৰ্বশক্তিমান, পতিত-পাৱন হওঁ। ‘গীতা’ জ্ঞানদাতা, জ্ঞানৰ
সাগৰ হওঁ। ‘গীতা’ৰ শব্দবোৰতো আছে নহয়। কেৱল সেই লোকসকলেহে কয় - শ্ৰীকৃষ্ণ
ভগৱানুবাচ, তোমালোকে কোৱা শিৱ ভগৱানুবাচ। ভগৱান নিৰাকাৰ, তেওঁ কেতিয়াও পুনৰ্জন্মত
নাহে, অলৌকিক দিব্য জন্ম লয়। নিজেই বুজায় - মই সাধাৰণ বৃদ্ধ শৰীৰত প্ৰৱেশ কৰোঁ,
যিজনক ভাগীৰথ বুলি কয়। ব্ৰহ্মাৰ দ্বাৰাই ৰচনা ৰচে। গতিকে মনুষ্যৰ নাম ব্ৰহ্মা ৰখা
হয়। ব্যক্ত ব্ৰহ্মাৰ পৰা আকৌ পাৱন অব্যক্ত ফৰিস্তা হৈ যায়। পিতাৰ আগমনেই হয় –
পতিতক পাৱন কৰি তুলিবলৈ। তেন্তে নিশ্চয় পতিত সৃষ্টিত পতিত শৰীৰত আহিব। এয়া হৈছে
বিতং বুজনি। প্ৰথমেতো বুজাব লাগে - ভগৱানে কয় - কল্প পূৰ্বৰ দৰেই মোক স্মৰণ কৰা
তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ’ব, পতিতৰ পৰা পাৱন হোৱা। গায়নো কৰে, হে পতিত-পাৱন
আহক। গঙ্গাতো আছেই। তোমালোকে আহ্বান জনোৱা যেতিয়া নিশ্চয় ক’ৰবাৰ পৰা আহিব।
পতিত-পাৱন আহে পতিতৰ পৰা পাৱন কৰি তোলাৰ ভূমিকা পালন কৰিবলৈ। পিতাই কয়, তোমালোক
পাৱন আছিলা আকৌ তোমালোকৰ ওপৰত খাদ (বিকাৰৰ লেপ) পৰিল, সেয়া যোগবলেৰেহে আঁতৰিব।
তোমালোক পৱিত্ৰ হৈ যাবা তেতিয়া পাৱন সৃষ্টিলৈকে আহিবা। পতিত সৃষ্টিৰ বিনাশ হৈ যাব।
যি বুজোৱা হয় সেয়া ভালদৰে ধাৰণ কৰিব লাগে। আমিতো কেৱল উচচতকৈও উচ্চ পিতাৰ মহিমা কৰোঁ।
বেহদৰ পিতাই বুজায় তোমালোকে 84 জন্মৰ ভূমিকা পালন কৰি কৰি কিমান পতিত হৈ গ’লা।
প্ৰথমে পাৱন আছিলা, এতিয়া পতিত হ’লা আকৌ স্মৃতিৰ যাত্ৰাত থাকিলে তোমালোক পাৱন হৈ
যাবা। ভক্তিমাৰ্গৰ পৰা তোমালোক অৱনমিত হৈ আহিছা। এয়াতো একেবাৰে সহজ কথা। এয়াতো
সন্তানসকলৰ বুদ্ধিত ধাৰণ হ’ব লাগে। পুৱাতেই উঠি বিচাৰ সাগৰ মন্থন কৰিব লাগে আৰু
যিয়েই আহে তেওঁলোকক বুজাব লাগে। মুৰুলীৰ মুখ্য সাৰ টুকি ৰাখিব লাগে আৰু আওৰাব লাগে।
তেতিয়া অন্তৰত স্থায়ী হৈ যাব।
প্ৰথম মুখ্য কথা হৈছে
পিতাক স্মৰণ কৰা। পিতাইহে কয় – মনমনাভৱ (নিজক আত্মা বুলি বুজি পৰমপিতা শিৱক স্মৰণ
কৰা), মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব। এতিয়া কৰা বা নকৰা সেয়া তোমালোকৰ
ইচ্ছা। পিতাৰ নিৰ্দেশনাতো পাইছা। পাৱন সৃষ্টিলৈ যাবলৈ হ’লে পতিত সৃষ্টিৰ ফালে
বুদ্ধিযোগ যাব নালাগে। বিকাৰগ্ৰস্ত হ’ব নালাগে। বুজনিতো বহুত পাই থাকা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পুৱাতে উঠি
বিচাৰ সাগৰ মন্থন কৰিব লাগে। পিতাই যি শুনায় সেয়া টুকি ৰাখি আওৰাব লাগে, আনক
শুনাব লাগে। সকলোকে পোন-প্ৰথমে পিতাৰহে পৰিচয় দিব লাগে।
(2) পাৱন সৃষ্টিলৈ
যাবৰ বাবে এই পতিত সৃষ্টিৰ পৰা বুদ্ধিৰ যোগসূত্ৰ আঁতৰাই দিব লাগে।
বৰদান:
এক নম্বৰ
ব্যৱসায়ী হৈ এটি এটি চেকেণ্ড বা সংকল্পত উপাৰ্জন জমা কৰোঁতা পদমপতি হোৱা
এক নম্বৰৰ ব্যৱসায়ী
তেওঁ যিয়ে নিজক ব্যস্ত কৰি ৰখাৰ উপায় জানে। ব্যৱসায়ী অৰ্থাৎ যাৰ এটা সংকল্পও
ব্যৰ্থত নাযায়, প্ৰতিটো সংকল্পত উপাৰ্জন হওক। যেনেকৈ সেই ব্যৱসায়ীসকলে এটি এটি পইচা
কাৰ্যত লগাই পদমগুণ কৰি দিয়ে, তেনেকৈ তোমালোকেও এটি এটি চেকেণ্ড বা সংকল্পত উপাৰ্জন
কৰি দেখুওৱা তেতিয়া পদমপতি হ'বা। ইয়াৰ দ্বাৰা বুদ্ধি দিগভ্ৰান্ত হোৱা বন্ধ হৈ যাব
আৰু ব্যৰ্থ সংকল্পৰ অভিযোগো সমাপ্ত হৈ যাব।
স্লোগান:
যিয়ে মাগে তেওঁ আনন্দ ৰূপী সম্পদেৰে সম্পন্ন হ'ব নোৱাৰে।
অব্যক্ত ইংগিত: সদায়
অচল, অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা
যিসকল সদায় "মাষ্টৰ
সৰ্বশক্তিমান"ৰ আসনত স্থিৰ হৈ থাকে, তেওঁলোকেই অচল-অটল হৈ থাকে। বাপদাদাই কয় -
সন্তানসকল, শৰীৰো এৰিবলগীয়া হওক তথাপিও তোমালোকৰ আনন্দ যাতে হেৰাই নাযায়।
টকা-পইচাতো তাৰ তুলনাত একো ডাঙৰ কথা নহয়। যাৰ ওচৰত আনন্দ ৰূপী সম্পদ আছে তেওঁৰ বাবে
কোনো ডাঙৰ কথা নহয় আৰু সদায় সহযোগী সেৱাধাৰী সন্তানসকলৰ লগত বাপদাদা থাকে, গতিকে
ভয় কৰিবলগীয়া কোনো কথা নাই।
[বি:দ্ৰ: -
প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]