09.07.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – সত্য পিতাৰ লগত ভিতৰে বাহিৰে সত্যনিষ্ঠ হ’বা, তেতিয়াহে দেৱতা হ’ব পাৰিবা। তোমালোক ব্ৰাহ্মণসকলেই ফৰিস্তা তথা দেৱতা হোৱা”

প্ৰশ্ন:
এই জ্ঞান শুনা আৰু ধাৰণ কৰাৰ অধিকাৰী কোন হ’ব পাৰে?

উত্তৰ:
যিসকলে আদিৰ পৰা অন্তলৈকে ভূমিকা পালন কৰিছে, যিসকলে সকলোতকৈ বেছি ভক্তি কৰিছে, তেওঁলোকেই জ্ঞান ধাৰণ কৰাত বহুত তীক্ষ্ণ হ’ব। উচ্চ পদো তেওঁলোকেই পাব। তোমালোক সন্তানসকলক কোনো কোনোৱে সোধে - আপোনালোকে শাস্ত্ৰ নামানে নেকি? তেতিয়া ক’বা যিমান আমি শাস্ত্ৰ পঢ়িছোঁ, ভক্তি কৰিছোঁ সিমান এই জগতত কোনেও নকৰে। এতিয়া আমি ভক্তিৰ ফল পাইছোঁ। সেয়েহে এতিয়া ভক্তিৰ প্ৰয়োজন নাই।

ওঁম্শান্তি।
বেহদৰ পিতাই বেহদৰ সন্তানসকলক আহি বুজায়, সকলো আত্মাৰ পিতাই সকলো আত্মাকে বুজায় কিয়নো তেওঁ হৈছে সকলোৰে সৎগতি দাতা। যিসকল আত্মা আছে, সকলোকে জীৱ আত্মা বুলিয়ে কোৱা হ’ব। শৰীৰ নহ’লে আত্মাই চাব নোৱাৰে। যদিও ড্ৰামাৰ পৰিকল্পনা অনুসৰি পিতাই স্বৰ্গ স্থাপনা কৰি আছে কিন্তু পিতাই কয় - মই স্বৰ্গ প্ৰত্যক্ষ নকৰোঁ। স্বৰ্গ যাৰ বাবে তেওঁলোকেই চাব পাৰে। তোমালোকক পঢ়াই আকৌ মইতো কোনো শৰীৰ ধাৰণ নকৰোঁ। তেন্তে শৰীৰ অবিহনে কেনেকৈ চাব পাৰিম। এনেকুৱা নহয় যে য’তে ত’তে বিৰাজমান হৈ আছোঁ। সকলো প্ৰত্যক্ষ কৰি থাকোঁ। নহয়, পিতাই কেৱল তোমালোক সন্তানসকলক প্ৰত্যক্ষ কৰে, যিসকলক ফুল কৰি তুলি স্মৃতিৰ যাত্ৰা শিকায়। 'যোগ' শব্দটি হৈছে ভক্তিৰ। জ্ঞান দিওঁতা হৈছে এজনেই জ্ঞানৰ সাগৰ, তেওঁকেই সৎগুৰু বুলি কোৱা হয়। বাকী সকলো হৈছে গুৰু। সত্য শুনাওঁতা, সত্যখণ্ড স্থাপনা কৰোঁতা তেৱেঁই। ভাৰত সত্যখণ্ড আছিল। তাত সকলো দেৱী-দেৱতাই নিবাস কৰিছিল। তোমালোক এতিয়া মনুষ্যৰ পৰা দেৱতা হৈ আছা। সেয়েহে সন্তানসকলক বুজায় - সত্য পিতাৰ লগত ভিতৰে বাহিৰে সত্যনিষ্ঠ হ’ব লাগে। প্ৰথমতেতো খোজে প্ৰতি অসত্য আছিল, যদিহে স্বৰ্গত উচ্চ পদ পাব বিচৰা তেন্তে সেই সকলোবোৰ এৰিব লাগে, যদিও স্বৰ্গলৈ বহুতেই যাব কিন্তু পিতাক জানিও বিকৰ্ম বিনাশ যদি নকৰা তেন্তে শাস্তি ভোগ কৰি হিচাপ-নিকাচ নিষ্পত্তি কৰিব লাগিব, তেতিয়া পদো কম পাবা। পুৰুষোত্তম সংগমযুগত ৰাজধানী স্থাপনা হৈ আছে। ৰাজধানী সত্যযুগত নতুবা কলিযুগত স্থাপনা হ’ব নোৱাৰে কিয়নো পিতা সত্যযুগ অথবা কলিযুগত নাহে। এইটো যুগক কোৱা হয় পুৰুষোত্তম কল্যাণকাৰী যুগ। ইয়াতে পিতা আহি সকলোৰে কল্যাণ কৰে। কলিযুগৰ পাছত সত্যযুগ আহিব সেয়েহে সংগমযুগো নিশ্চয় লাগে। পিতাই কৈছে - এয়া হৈছে পতিত পুৰণি সৃষ্টি। গায়নো আছে - দূৰণিৰ দেশৰ নিবাসী..... তেনেহ’লে পৰৰ দেশত নিজৰ সন্তানক ক’ত পাব। পৰৰ দেশত পৰৰ সন্তানহে পায়। তেওঁলোকক ভালদৰে বুজায় - মই কাৰ শৰীৰত প্ৰৱেশ কৰোঁ। নিজৰো পৰিচয় দিওঁ আৰু যাৰ শৰীৰত প্ৰৱেশ কৰোঁ তেওঁকো বুজাওঁ যে এইটো তোমাৰ বহুত জন্মৰ অন্তিম জন্ম। এয়া কিমান স্পষ্ট।

ইয়াত এতিয়া তোমালোক হৈছা পুৰুষাৰ্থী, সম্পূৰ্ণ পৱিত্ৰ নহয়। সম্পূৰ্ণ পৱিত্ৰসকলক ফৰিস্তা বুলি কোৱা হয়। যি পৱিত্ৰ নহয় তেওঁক পতিত বুলিয়ে কোৱা হ’ব। ফৰিস্তা হোৱাৰ পাছত আকৌ দেৱতা হয়গৈ। সূক্ষ্মলোকত তোমালোকে সম্পূৰ্ণ ফৰিস্তা দেখিবলৈ পোৱা, তেওঁলোককে ফৰিস্তা বুলি কোৱা হয়। সেয়েহে পিতাই বুজায় - সন্তানসকল, এজন ‘অল্ফ’কেই স্মৰণ কৰিব লাগে। ‘অল্ফ’ মানে বাবা, তেওঁক আল্লা বুলিও কোৱা হয়। সন্তানসকলে বুজি পায় যে পিতাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ পোৱা যায়। স্বৰ্গ কেনেকৈ ৰচে? স্মৃতিৰ যাত্ৰা আৰু জ্ঞানৰ দ্বাৰা। ভক্তিত জ্ঞান নাথাকে। জ্ঞান কেৱল এজন পিতায়ে ব্ৰাহ্মণসকলক দিয়ে। ব্ৰাহ্মণ আটাইতকৈ উচ্চ নহয় জানো। এতিয়া তোমালোক হৈছা ব্ৰাহ্মণ আকৌ ‘লুটি-বাগৰ’ মৰা খেল খেলিবা। ব্ৰাহ্মণ, দেৱতা, ক্ষত্ৰিয়...... ইয়াক কোৱা হয় বিৰাট ৰূপ। বিৰাট ৰূপ কোনো ব্ৰহ্মা, বিষ্ণু, শংকৰৰ বুলি কোৱা নহয়। তাত আটাইতকৈ উচ্চ ব্ৰাহ্মণতো নাই। পিতা ব্ৰহ্মাৰ শৰীৰত আহে - এয়াতো কোনেও নাজানে। ব্ৰাহ্মণ কুলেই হৈছে সৰ্ব্বোত্তম কুল, যেতিয়া পিতা আহি পঢ়ায়। পিতাই শূদ্ৰসকলকতো নপঢ়ায়। ব্ৰাহ্মণসকলকে পঢ়ায়। পঢ়াবলৈও সময় লাগে, ৰাজধানী স্থাপনা হ’ব। তোমালোক উচ্চৰো উচ্চ পুৰুষোত্তম হোৱা। নতুন সৃষ্টি কোনে ৰচিব? পিতায়ে ৰচিব। এইটো পাহৰি নাযাবা। মায়াই তোমালোকক পাহৰাই দিয়ে, মায়াৰতো কামেই এইটো। জ্ঞানত ইমান হস্তক্ষেপ নকৰে, স্মৃতিত থকাৰ ক্ষেত্ৰতহে কৰে। আত্মা বহুত মলিনতাৰে ভৰি আছে, সেয়া পিতাৰ স্মৃতি অবিহনে পৰিষ্কাৰ হ’ব নোৱাৰে। ‘যোগ’ শব্দটিক লৈ সন্তানসকল বৰ বিবুদ্ধিত পৰে। এনেকৈ কয় যে বাবা মোৰ যোগ নালাগে। বাস্তৱত ‘যোগ’ শব্দটি হৈছে হঠযোগীসকলৰ। সন্ন্যাসীয়ে কয় - ব্ৰহ্মৰ লগত যোগ লগোৱা। এতিয়া ব্ৰহ্মতত্বতো বৰ বিশাল। যেনেকৈ আকাশত তৰা দেখা পোৱা যায় তেনেকৈ তাতো সৰু সৰু তৰাৰ নিচিনা আত্মাসকল আছে। সেয়া হ’ল আকাশৰ ওপৰত, য’ত সূৰ্য, চন্দ্ৰৰ ৰশ্মি নাই। তেন্তে চোৱা তোমালোক কিমান সৰু সৰু ৰকেট। সেইবাবে বাবাই কয় - প্ৰথমে আত্মাৰ জ্ঞান দিব লাগে। সেয়াতো একমাত্ৰ ভগৱানেহে দিব পাৰে। এনেকুৱা নহয় যে কেৱল ভগৱানক নাজানে। আত্মাকো নাজানে। ইমান সূক্ষ্ম আত্মাত 84 জন্মৰ অবিনাশী ভূমিকা নিহিত হৈ আছে, ইয়াকে প্ৰকৃতি বুলি কোৱা হয়, অন্য একো বুলি ক’ব নোৱাৰি। আত্মাই 84 চক্ৰত পৰিক্ৰমা লগায়ে থাকে। প্ৰত্যেক 5 হাজাৰ বছৰ পাছত এই চক্ৰ পুনৰাবৃত্তি হৈয়ে থাকে। এয়া ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। সৃষ্টি অবিনাশী, কেতিয়াও বিনাশ নহয়। সেই লোকসকলে দেখুৱায়, ডাঙৰ প্ৰলয় হয় আকৌ শ্ৰীকৃষ্ণই আঙুলি চুহি চুহি আহতৰ পাতত আহে। কিন্তু এনেকুৱা জানো হয়। এয়াতো নিয়মৰ বাহিৰত। মহাপ্ৰলয় কেতিয়াও নহয়। এটা ধৰ্মৰ প্ৰতিষ্ঠা আৰু অনেক ধৰ্মৰ বিনাশ – এয়া চলিয়েই থাকে। এই সময়ত মুখ্য তিনিটা ধৰ্ম আছে। এয়াতো হৈছে কল্যাণকাৰী সংগমযুগ। পুৰণি সৃষ্টি আৰু নতুন সৃষ্টিৰ মাজত দিন-ৰাতিৰ পাৰ্থক্য আছে। কালি নতুন সৃষ্টি আছিল, আজি পুৰণি হ’ল। কালিৰ সৃষ্টিত কি আছিল - এয়া তোমালোকে বুজিব পাৰা। যি যিটো ধৰ্মৰ হয় তেওঁ সেইটো ধৰ্মহে প্ৰতিষ্ঠা কৰে। তেওঁলোকতো কেৱল এজনেই আহে, বহুত নহয়। পাছত ধীৰে ধীৰে বৃদ্ধি হয়।

পিতাই কয়, তোমালোক সন্তানসকলক কোনো কষ্ট নিদিওঁ। সন্তানসকলক কেনেকৈ কষ্ট দিম! অতি মৰমৰ পিতা নহয় জানো। কয়, মই তোমালোকৰ সৎগতি দাতা, দুখ হৰ্তা, সুখ কৰ্তা হওঁ। স্মৰণো মোক এজনকে কৰে। ভক্তিমাৰ্গত কি কৰি দিলে, মোক কিমান গালি দিয়ে! এনেকৈ কয় যে ঈশ্বৰ এজনেই। সৃষ্টিৰ চক্ৰও এটাই, এনেকুৱা নহয় যে আকাশত কোনোবা জগত আছে। আকাশত তৰা আছে। মনুষ্যইতো ভাবে, এটি এটি তৰাত সৃষ্টি আছে। তলতো সৃষ্টি আছে। এই সকলোবোৰ হ’ল ভক্তিমাৰ্গৰ কথা। উচ্চৰো উচ্চ ভগৱান এজনেই। এনেকৈ কয়ো যে গোটেই সৃষ্টিৰ আত্মাসকল তোমাতেই গঁথা আছে, এয়া যেন মালা। ইয়াক বেহদৰ ৰুদ্ৰ মালা বুলিও ক’ব পাৰি। সুতাৰে বন্ধা আছে। গায়ন কৰে কিন্তু একো বুজি নাপায়। পিতা আহি বুজায় – সন্তানসকল, মই তোমালোকক অলপো কষ্ট নিদিওঁ। এয়াও শুনাইছে যে যিসকলে প্ৰথমে ভক্তি কৰিছে, তেওঁলোকেই জ্ঞানত তীক্ষ্ণ হ’ব। ভক্তি বেছিকৈ কৰিছে গতিকে ফলো তেওঁলোকে বেছি পাব লাগে। কোৱা হয়, ভক্তিৰ ফল ভগৱানে দিয়ে, তেওঁ হ’ল জ্ঞানৰ সাগৰ। তেন্তে নিশ্চয় জ্ঞানৰ দ্বাৰাই ফল দিব। ভক্তিৰ ফলৰ বিষয়ে কোনেও নাজানে। ভক্তিৰ ফল হ’ল জ্ঞান যাৰ দ্বাৰা স্বৰ্গৰ উত্তৰাধিকাৰ সুখ পোৱা যায়। গতিকে ফল দিয়ে অৰ্থাৎ এজন পিতাই নৰকবাসীৰ পৰা স্বৰ্গবাসী কৰি তোলে। ৰাৱণৰ বিষয়েও কোনেও নাজানে। কয়ো যে এইখন হৈছে পুৰণি সৃষ্টি। কেতিয়াৰ পৰা পুৰণি হ’ল - তাৰ হিচাপ কোনেও উলিয়াব নোৱাৰে। পিতা হ’ল মনুষ্য সৃষ্টি ৰূপী বৃক্ষৰ বীজৰূপ। সত্য। তেওঁৰ কেতিয়াও বিনাশ নহয়, সেই বৃক্ষজোপাক ওলোটা বৃক্ষ বুলি কোৱা হয়। পিতা ওপৰত আছে, আত্মাসকলে পিতাক ওপৰত দেখি মাতে, শৰীৰেতো মাতিব নোৱাৰে। আত্মাতো এটা শৰীৰ এৰি আন এটা শৰীৰত গুচি যায়। আত্মাৰ বৃদ্ধিও নহয়, হ্ৰাসো নহয় আৰু কেতিয়াও মৃত্যু নহয়। এই খেল ৰচি থোৱা আছে। গোটেই খেলৰ আদি-মধ্য-অন্তৰ ৰহস্য পিতাই শুনাইছে। আস্তিকো কৰি তুলিছে। এয়াও শুনাইছে যে এই লক্ষ্মী-নাৰায়ণৰ এই জ্ঞান নাই। তাততো আস্তিক-নাস্তিকৰ বিষয়ে জ্ঞাতই নহয়। এই সময়ত পিতাইহে অৰ্থ বুজায়। নাস্তিক বুলি তেওঁক কোৱা হয় যিয়ে পিতাক, ৰচনাৰ আদি-মধ্য-অন্তক আৰু সময় সীমাক নাজানে। এই সময়ত তোমালোক আস্তিক হৈছা। তাত এইটো কথাই নাথাকে। খেল হয় নহয়। যিটো কথা এক চেকেণ্ডত হয় সেয়া আকৌ দ্বিতীয়তো চেকেণ্ডত নহয়। ড্ৰামাত টিক্‌ টিক্‌ হৈ থাকে। যি অতীত হ’ল চক্ৰ ঘূৰি থাকিব। চিনেমাৰ ক্ষেত্ৰত যেনেকুৱা হয়, দুই ঘণ্টা বা তিনি ঘণ্টাৰ পাছত পুনৰাই সেইখন চিনেমাই হুবহু পুনৰাবৃত্তি হ’ব। ঘৰ আদি ভাঙি দিয়ে আকৌ দেখিবা সাজি থোৱা আছে। সেয়াই হুবহু পুনৰাবৃত্তি হয়। ইয়াত বিভ্ৰান্ত হোৱাৰ কথা নাই। মুখ্য কথা হ’ল, সকলো আত্মাৰ পিতা হৈছে পৰমাত্মা। আত্মা পৰমাত্মা বিচ্ছিন্ন হৈ থাকিল বহুকাল ......... বিচ্ছিন্ন হয়, ইয়ালৈ আহে ভূমিকা পালন কৰিবলৈ। তোমালোক পূৰা 5 হাজাৰ বছৰ বিচ্ছিন্ন হৈ আছিলা। তোমালোক মৰমৰ সন্তানসকলে অদিৰ পৰা অন্তলৈকে ভূমিকা পাইছা সেয়েহে তোমালোককে বুজায়। জ্ঞানৰো তোমালোক অধিকাৰী হোৱা। সকলোতকৈ বেছি ভক্তি যিসকলে কৰিছে, জ্ঞানতো তেওঁলোকেই তীক্ষ্ণ হ’ব, পদো উচ্চ পাব। প্ৰথমে এক শিৱবাবাৰ ভক্তি কৰে তাৰপাছত দেৱতাসকলৰ। আকৌ 5 তত্ত্বৰো ভক্তি কৰে, ব্যভিচাৰী হৈ যায়। এতিয়া বেহদৰ পিতাই তোমালোকক বেহদত লৈ যায়, তেওঁলোকে আকৌ বেহদৰ ভক্তিৰ অজ্ঞানতাত লৈ যায়। এতিয়া পিতাই তোমালোক সন্তানসকলক বুজায় - নিজক আত্মা বুলি বুজি মোক এক পিতাক স্মৰণ কৰা। তথাপিও ইয়াৰ পৰা বাহিৰলৈ গ’লে মায়াই পাহৰাই দিয়ে। যেনেকৈ গৰ্ভত পশ্চাতাপ কৰে - মই এনেকুৱা নকৰোঁ, বাহিৰলৈ আহিলে পাহৰি যায়। ইয়াতো তেনেকুৱা হয়। বাহিৰলৈ গ’লে পাহৰি যায়। এয়া ভুল আৰু নিৰ্ভুলৰ খেল। এতিয়া তোমালোক পিতাৰ তোলনীয়া সন্তান হৈছা। শিৱবাবা আছে নহয়। তেওঁ হ’ল সকলো আত্মাৰ বেহদৰ পিতা। পিতা কিমান দূৰৈৰ পৰা আহে, তেওঁৰ ঘৰ হৈছে পৰমধামত। পৰমধামৰ পৰা আহে তেন্তে নিশ্চয় সন্তানসকললৈ উপহাৰ লৈ আনিব। হাতৰ তলুৱাত স্বৰ্গ উপহাৰ হিচাপে লৈ আহে। পিতাই কয়, চেকেণ্ডত স্বৰ্গৰ বাদশ্বাহী লোৱা। কেৱল পিতাক জানি লোৱা। সকলো আত্মাৰ পিতা নহয় জানো। পিতাই কয় - মই তোমালোকৰ পিতা হওঁ। মই কেনেকৈ আহোঁ - সেয়াও তোমালোকক বুজাওঁ। মোক ৰথতো নিশ্চয় লাগে। কোনখন ৰথ? কোনো মহাত্মাৰতো ল’ব নোৱাৰোঁ। মনুষ্যই কয় - আপোনালোকে ব্ৰহ্মাক ভগৱান, ব্ৰহ্মাক দেৱতা বুলি কয়। হেৰ’, আমি ক’ত কওঁ! বৃক্ষৰ একেবাৰে ওপৰত থিয় হৈ আছে, যি সময়ত গোটেই বৃক্ষ তমোপ্ৰধান। ব্ৰহ্মাও তাত থিয় হৈ আছে গতিকে বহুত জন্মৰ অন্তৰ জন্ম নহ’ল জানো। বাবাই নিজেই কয় - মোৰ বহুত জন্মৰ অন্তিম জন্মত যেতিয়া বানপ্ৰস্থ অৱস্থা হয় তেতিয়া পিতা আহে। যিয়ে আহি বৃত্তি আদি এৰুৱালে। 60 বছৰ পাছত মনুষ্যই ভগৱানৰ সৈতে মিলিত হ’বলৈ ভক্তি কৰে।

পিতাই কয় - তোমালোক সকলো মনুষ্য মতত আছিলা, এতিয়া বাবাই তোমালোকক শ্ৰীমত দি আছে। শাস্ত্ৰ ৰচনা কৰাসকলো হৈছে মনুষ্য। দেৱতাসকলেতো নিলিখে, নপঢ়েও। সত্যযুগত শাস্ত্ৰ নাথাকে। ভক্তিয়েই নাই। শাস্ত্ৰত সকলো কৰ্মকাণ্ড লিখা আছে। ইয়াত সেইবোৰ কথা নাই। তোমালোকে দেখিছা যে বাবাই জ্ঞান দিয়ে। ভক্তিমাৰ্গতো আমি শাস্ত্ৰ বহুত পঢ়িছোঁ। কোনোবাই যদি সোধে যে আপোনালোকে বেদ-শাস্ত্ৰ আদি মানেনে? তেতিয়া ক’বা, যিমান মনুষ্য আছে তেওঁলোকতকৈ আমি বেছিকৈ মানো। আৰম্ভণিৰে পৰা অব্যভিচাৰী ভক্তি আমি আৰম্ভ কৰিছোঁ। এতিয়া আমি জ্ঞান পাইছোঁ। জ্ঞানেৰে সৎগতি হয় তেন্তে আকৌ আমি কি ভক্তি কৰিম। পিতাই কয় - সন্তানসকল, বেয়া নুশুনিবা, বেয়া নাচাবা... গতিকে পিতাই কিমান সাধাৰণ ৰীতিৰে বুজায় - মৰম সন্তানসকল, নিজক আত্মা বুলি নিশ্চয় কৰা। মই আত্মা, তেওঁলোকে কৈ দিয়ে মই আল্লা। তোমালোকে শিক্ষা পোৱা - মই আত্মা, পিতাৰ সন্তান। মায়াই এইটোৱে বাৰে বাৰে পাহৰাই দিয়ে। দেহ-অভিমানী হ’লেই ওলোটা কৰ্ম হৈ যায়। এতিয়া পিতাই কয় - সন্তানসকল, পিতাক পাহৰি নাযাবা। সময় নষ্ট নকৰিবা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ৰচয়িতা আৰু ৰচনাৰ ৰহস্যক যথাৰ্থভাৱে বুজি আস্তিক হ’ব লাগে। ড্ৰামাৰ জ্ঞানত বিভ্ৰান্ত হ’ব নালাগে। নিজৰ বুদ্ধিক হদৰ পৰা আঁতৰাই বেহদত লৈ যাব লাগে।

(2) সূক্ষ্মলোক নিবাসী ফৰিস্তা হ’বলৈ সম্পূৰ্ণ পৱিত্ৰ হ’ব লাগে। আত্মাত যি মলিনতা আছে সেয়া স্মৃতিৰ শক্তিৰে আঁতৰাই পৰিষ্কাৰ কৰিব লাগে।

বৰদান:
ঈশ্বৰীয় ৰসৰ অনুভৱ কৰি একৰস স্থিতিত স্থিত হৈ থাকোঁতা শ্ৰেষ্ঠ আত্মা হোৱা

যিসকল সন্তানে ঈশ্বৰীয় ৰসৰ অনুভৱ কৰি লয় তেওঁলোকৰ জগতৰ সকলো ৰস স্বাদহীন লাগে। যিহেতু এটা ৰসেই মিঠা তেন্তে এফালেই মনোযোগ আকৰ্ষিত হ'ব নহয় জানো। সহজে এফালে মন বহি যায়, পৰিশ্ৰম নহয়। পিতাৰ স্নেহ, পিতাৰ সহায়, পিতাৰ সংগ, পিতাৰ দ্বাৰা সৰ্বপ্ৰাপ্তিয়ে অনায়াসে একৰস স্থিতি গঢ়ি তোলে। এনেকুৱা একৰস স্থিতিত স্থিত হৈ থাকোঁতা আত্মাসকলেই শ্ৰেষ্ঠ।

স্লোগান:
আৱৰ্জনা সমাহিত কৰি ৰত্ন দিয়া অৰ্থাৎ মাষ্টৰ সাগৰ হোৱা।


পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

কোনোবাই নিজৰ সংস্কাৰ বা স্বভাৱৰ কাৰণে তোমালোকৰ সন্মুখত পৰীক্ষাৰ ৰূপত আহক কিন্তু তোমালোকে চেকেণ্ডত নিজৰ শ্ৰেষ্ঠ সংস্কাৰেৰে, এজনৰ স্মৃতিৰে এনেকুৱা আত্মাসকলৰ প্ৰতিও দয়াশীলতাৰ সংস্কাৰ বা স্বভাৱ ধাৰণ কৰি লোৱা – এয়াই হৈছে উপকাৰ কৰা।।