09.07.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
বৃক্ষপতি পিতাই তোমালোক সন্তানসকলৰ ওপৰত বৃহস্পতিৰ দশা বহুৱাইছে, তোমালোক এতিয়া
অবিনাশী সুখৰ সৃষ্টিলৈ গৈ আছা”
প্ৰশ্ন:
অবিনাশী
বৃহস্পতিৰ দশা কোনসকল সন্তানৰ ওপৰত বহে, তেওঁলোকৰ লক্ষণ কি হ'ব?
উত্তৰ:
যিসকল সন্তানে জীৱন্তে দেহৰ সকলো সম্বন্ধ ত্যাগ কৰি নিজক আত্মা বুলি নিশ্চয় কৰে,
এনেকুৱা নিশ্চয়তা থকা আত্মিক বুদ্ধিৰ সন্তানসকলৰ ওপৰত বৃহস্পতিৰ দশা বহে। তেওঁলোকৰে
সুখৰ গায়ন আছে যে অতীন্দ্ৰিয় সুখ গোপ-গোপীসকলক সোধা। তেওঁলোকৰ আনন্দ কেতিয়াও নোহোৱা
হ'ব নোৱাৰে।
গীত:
ওঁম্ নমঃ
শিৱায়ে…
ওঁম্শান্তি।
সন্তানসকলে
পিতাৰ মহিমা শুনিলে। আজিৰ দিনটিক কোৱাই হয় বৃক্ষপতি দিন, যাক মিলাই কোৱা হৈছে
বৃহস্পতি। ইয়াক গুৰুবাৰ বুলিও কোৱা হয়। কেৱল গুৰুবাৰ নহয় কিন্তু সৎগুৰুবাৰ। বেংগলত
(বঙ্গত) বহুত মানে। গায়ন কৰা হয় মনুষ্য সৃষ্টিৰ বীজৰূপ সেইবাবে বৃক্ষপতি বুলি কয়।
বীজ হয়, তেন্তে পতিও হ’ল। বৃক্ষৰ বীজক পিতা বুলিও কোৱা হ’ব। তাৰপৰা বৃক্ষ উৎপন্ন হয়।
এয়া হৈছে মনুষ্য সৃষ্টি ৰূপী বৃক্ষ। ইয়াৰ বীজ ওপৰত। তোমালোকে জানা আমাৰ অৰ্থাৎ
সন্তানসকলৰ ওপৰত এতিয়া অবিনাশী বৃক্ষপতিৰ দশা আছে কিয়নো অবিনাশী স্বৰাজ্য পাই আছোঁ।
সত্যযুগক কোৱাই হয় অবিনাশী সুখধাম। কলিযুগক কোৱা হয় বিনাশী দুখধাম। এতিয়া দুখধামৰ
বিনাশ হ'ব। সুখধাম অবিনাশী, আধাকল্প চলে যিটো অবিনাশী বৃক্ষপতিয়ে স্থাপন কৰি আছে।
সন্তানসকলে সেৱাৰ কাৰণে মূল কথাবোৰ টুকি ৰাখিব লাগে। প্ৰদৰ্শনীত এইটো এইটো মূল কথা
বুজাব লাগে কিয়নো মনুষ্যইতো একোৱে নাজানে। যথাযথ এয়া হৈছে জ্ঞান। এতিয়া পিতাই জ্ঞান
দিয়েই - নতুন আৰু পুৰণি সৃষ্টিৰ মাজত, এয়া আকৌ প্ৰায় লোপ হৈ যায়। দেৱতাসকলৰ এই
জ্ঞান নাথাকে। যদি এই চক্ৰৰ জ্ঞান থাকে তেন্তে আকৌ ৰাজধানীত মজাই নালাগিব। এতিয়াও
তোমালোকৰ খেয়াল চলে নহয় জানো। কি ৰাজ্য লৈ আকৌ আমাৰ এই অৱস্থা হ'ব। কিন্তু এয়াতো
নাটক ৰচি থোৱা আছে। চক্ৰ ঘূৰিবই। বিশ্বৰ ইতিহাস-ভূগোল পুনৰাবৃত্তি হৈ আছে। কেনেকৈ
পুনৰাবৃত্তি হৈ আছে - এয়া তোমালোক সন্তানসকলে জানা। এয়া হৈছে মনুষ্য সৃষ্টি।
তোমালোকৰ বুদ্ধিত মূলবতনৰ বৃক্ষও আছে। সকলোৰে শাখা ভিন্ন ভিন্ন। এই কথাবোৰ কাৰো
বুদ্ধিত কেতিয়াও উদয় নহ’ব। কোনো শাস্ত্ৰততো এয়া লিখা নাই। আমি আত্মা আচলতে
শান্তিধামৰ বাসিন্দা, অবিনাশী। কেতিয়াও বিনাশ নহয়। তেওঁলোকে ভাবে পানীৰ বুৰবুৰণিৰ
পৰা ওলাই আকৌ তাত মিলি যায়। তোমালোকৰ বুদ্ধিত গোটেই ৰহস্য আছে। আত্মা অবিনাশী, য'ত
গোটেই ভূমিকা নিহিত হৈ আছে। এই চক্ৰৰ জ্ঞান কোনো শাস্ত্ৰত নাই। যদিও ক’ৰবাত ক’ৰবাত
স্বস্তিকাও দেখুৱায়। তেওঁলোকে কেৱল চক্ৰৰ ৰেখা আঁকি দিয়ে, যাৰ দ্বাৰা সিদ্ধ হয় যে
অনেক ধৰ্ম আছিল। পিতাই বুজাইছে - মুখ্য ধৰ্ম আৰু শাস্ত্ৰ হৈছে 4 টা, সত্যযুগ
ত্ৰেতাততো কোনো ধৰ্ম প্ৰতিষ্ঠা নহয়, তাত কোনো ধৰ্মশাস্ত্ৰও নাথাকে। এই সকলোবোৰ
দ্বাপৰৰ পৰা আৰম্ভ হয়। আকৌ চোৱা কিমান বৃদ্ধি হয়। বাৰু - গীতা কেতিয়া শুনোৱা হ’ল?
পিতাই কয় - মই কল্পৰ সংগমযুগতহে আহোঁ। তেওঁলোকে আকৌ কল্প শব্দটি আঁতৰাই কেৱল
সংগমযুগে যুগে বুলি লিখি দিছে। বাস্তৱত সংগমযুগত অন্য কোনো ধৰ্ম প্ৰতিষ্ঠা নকৰে।
এনেকুৱা নহয় যে ত্ৰেতাৰ অন্তত, দ্বাপৰৰ আদিৰ সংগমত ইছলাম ধৰ্ম প্ৰতিষ্ঠা হ’ল। নহয়,
ক’ব দ্বাপৰত প্ৰতিষ্ঠা হ’ল। এতিয়া সংগমৰ সুমধুৰ সময়, যাক কুম্ভ বুলি কয়। কুম্ভ
সংগমক কোৱা হয়। এয়া হৈছে আত্মা আৰু পৰমাত্মাৰ মিলনৰ সংগম। এই আত্মিক মেলা সংগমতহে
হয়। তেওঁলোকে পানীৰ গঙ্গাৰ নাম প্ৰসিদ্ধ কৰি দিছে। জ্ঞান সাগৰ, পতিত-পাৱনক নাজানেই।
তেওঁ কেনেকৈ পতিত সৃষ্টিক পাৱন কৰিলে, কোনো শাস্ত্ৰত নাই। এতিয়া তোমালোক সন্তানসকলক
পিতাই কয় - মোক স্মৰণ কৰা। দেহৰ সকলো ধৰ্মক ত্যাগ কৰা। কাক কয়? আত্মাসকলক। ইয়াক কোৱা
হয় জীৱন্তে মৰা। মনুষ্যই শৰীৰ ত্যাগ কৰে তেতিয়া দেহৰ সকলো সম্বন্ধ ছিঙি যায়।
পিতাই কয় - যি দেহৰ
সম্বন্ধ আছে সেই সকলোবোৰ ত্যাগ কৰি নিজক আত্মা বুলি নিশ্চয় কৰা। নিশ্চয় আত্মিক
বুদ্ধিৰ হোৱা। যিমানে অধিক স্মৰণ কৰিবা তেতিয়া বৃহস্পতিৰ দশা হ'ব। পৰীক্ষা কৰা মই
শিৱবাবাক কিমান স্মৰণ কৰোঁ! স্মৃতিৰ দ্বাৰাহে মামৰ আঁতৰি যাব আৰু তোমালোক আনন্দিত
হ’বা। তোমালোকে উপলব্ধি কৰিব পাৰা, মই আত্মাই কিমান পিতাক স্মৰণ কৰোঁ। যদি কমকৈ
স্মৰণ কৰা তেন্তে মামৰো কমকৈ আঁতৰিব। আনন্দও কম হ’ব। পদো কম পাবা। আত্মাই সতো, ৰজো,
তমো হয়। গোপ-গোপীসকলৰ অতীন্দ্ৰিয় সুখ - এই সময়ৰে গায়ন। পিতাৰ বাহিৰে অন্য একো
স্মৃতিত নাহে, তেতিয়াহে আনন্দৰ পাৰা উৰ্ধগামী হ'ব। আমাৰ ওপৰত বৃহস্পতিৰ দশা অথবা
সৎগুৰুৰ দশা আছে। আকৌ কেতিয়াবা আনন্দ নাইকিয়া হৈ গ’লে তেতিয়া কয় বৃহস্পতিৰ দশা সলনি
হৈ ৰাহুৰ দশা বহিছে। কোনোবা বহুত ধনবান হয়, কোনোবাই জুৱা খেলিলে তেওঁ দেউলীয়া হ'ল।
ভাৰততে যেতিয়া গ্ৰহণ লাগে তেতিয়া কয় দান দিলে গ্ৰহণ আঁতৰিব। তোমালোকৰ দেৱী-দেৱতা
ধৰ্মও 16 কলা সম্পূৰ্ণ আছিল, তাৰ গ্ৰহণ লাগি আছে। ৰাহুৰ দশা বহে সেয়েহে দেৱতাসকলৰ
আগত গৈ গায় - আপুনি সৰ্বগুণ সম্পন্ন….. আমি পাপী, কপট। তোমালোকে এতিয়া বুজি পোৱা
ৰাহুৰ গ্ৰহণ লগাৰ কাৰণে সকলো ক’লা হৈ গৈছে। চন্দ্ৰমাৰ এডাল ৰেখাহে থাকেগৈ। পিতায়ো
বুজায় তোমালোক দেৱী-দেৱতাসকলৰো চিত্ৰ আছে। গীতাহে আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ
শাস্ত্ৰ হয়। কিন্তু এওঁলোকে নিজৰ ধৰ্মক নাজানে। ধৰ্ম নেতাসকলৰ সন্মিলন পাতে।
তোমালোকে তাতো বুজাব পাৰা - ঈশ্বৰ সৰ্বব্যাপীতো নহয়। তেওঁতো বেহদৰ পিতা হয়।
সন্তানসকলক আহি উত্তৰাধিকাৰ দিয়ে। সাধু-সন্ত আদিয়েতো উত্তৰাধিকাৰ নাপায় তেন্তে
মানিব কেনেকৈ! তোমালোক সন্তানসকলেহে উত্তৰাধিকাৰ পোৱা। মুখ্য কথা হৈছেই এইটো সিদ্ধ
কৰাৰ যে ঈশ্বৰ সৰ্বব্যাপী নহয়। শিৱ জয়ন্তী হয়। শিৱ জয়ন্তী বুলি কোৱা অথবা ৰুদ্ৰ
জয়ন্তী বুলি কোৱা - ৰুদ্ৰই এই জ্ঞান যজ্ঞ ৰচে। হওঁতেতো শিৱই হয়। সেয়াই গীতা জ্ঞান
যজ্ঞ, যাৰ পৰা বিনাশৰ অগ্নি প্রজ্বলিত হৈছে। বাস্তৱত তোমালোকে দেখিবলৈ পোৱা, কেনেকৈ
নিৰাকাৰ বাবাই ৰুদ্ৰ জ্ঞান যজ্ঞ ৰচিছে। সাকাৰেতো একো কৰিব নোৱাৰে। এয়া বেহদৰ যজ্ঞ,
ইয়াত গোটেই পুৰণি সৃষ্টি স্বাহা হ'ব (আহুতি যাব)। বাকীতো সেই সকলোবোৰ হৈছে পাৰ্থিৱ
যজ্ঞ। কিমান ৰাতি-দিনৰ পাৰ্থক্য আছে। পিতাই কয় - এয়া ৰুদ্ৰ জ্ঞান যজ্ঞ, বিনাশো হ'ব।
তোমালোক যেতিয়া উত্তীৰ্ণ হৈ যাবা, পূৰা যোগী আৰু জ্ঞানী হৈ যাবা তেতিয়া আকৌ
তোমালোকৰ বাবে নতুন সৃষ্টি স্বৰ্গ লাগে। নৰকৰ নিশ্চয় বিনাশ হোৱা উচিত। ‘ৰাজস্ব
অশ্বমেধ’ নামটিও ঠিক। ঘোঁৰাক স্বাহা কৰে। বাস্তৱত হৈছে তোমালোকৰ এই ৰথ। এজন দক্ষ
প্ৰজাপতিৰো যজ্ঞ ৰচে, তেওঁৰো কাহিনী আছে।
তোমালোক সন্তানসকল
এতিয়া কিমান আনন্দিত হোৱা উচিত - আমাক বৃক্ষপতি পিতাই পঢ়াই আছে। আমাৰ ওপৰত এতিয়া
বৃহস্পতিৰ দশা, আমাৰ অৱস্থা বহুত ভাল। আকৌ আগবাঢ়ি গৈ থাকোঁতে লিখে - বাবা মইতো জঁই
পৰি গৈছোঁ। আগতে মই বহুত আনন্দিত হৈ আছিলোঁ, এতিয়া নাজানো কি হ'ল। ইয়াত আহি পিতাৰ
হোৱাতো বহুত ডাঙৰ যাত্ৰা। তাত (লৌকিকত) তীৰ্থ যাত্ৰাত যায় তেতিয়া কিমান পইচা খৰচ কৰে।
এতিয়া ইয়াততো দান কৰাৰ কথা নাই। ইয়াত অলপো পইচা খৰচ কৰিব নালাগে। সেয়া হৈছে পাৰ্থিৱ
যাত্ৰা, তোমালোকৰ হৈছে আত্মিক যাত্ৰা। পাৰ্থিৱ যাত্ৰাৰ পৰা একো লাভ নাই। গীতটিতো আছে
নহয় - চাৰিওফালে চক্ৰ লগালোঁ তথাপিও জন্ম-জন্মান্তৰ দূৰৈত থাকিলোঁ। তোমালোকে এতিয়া
বুজি পোৱা যে কিমান অনেক যাত্ৰা কৰিছোঁ চাগে। ক’ৰবাত নহয় ক’ৰবাত মনুষ্য নিশ্চয় যায়।
হৰিদ্বাৰত গঙ্গা নদীলৈ নিশ্চয় যায়। পতিত-পাৱনী গঙ্গা বুলি ভাবে নহয় জানো। বাস্তৱত
এতিয়া তোমালোক হৈছা সঁচা সঁচা জ্ঞান গঙ্গা। তোমালোকৰ ওচৰতো বহুতে আহি জ্ঞান স্নান
কৰে। বাবাই বুজাইছে - সৎগুৰু এজনেই। সকলোৰে সৎগতি দাতা কেৱল এজন সৎগুৰুৰ বাহিৰে
অন্য কোনো গুৰু নাই। পিতাই কয় - মই তোমালোকক কল্পই কল্পই সংগমযুগত আহি সৎগতি দি
পূজাৰীৰ পৰা পূজ্য কৰি তোলোঁ। আকৌ তোমালোক পূজাৰী হৈ দুখী হৈ যোৱা। এয়াও এতিয়া গম
পাইছা। যথাযথ আমাৰ আধাকল্প ৰাজত্ব চলে আকৌ দ্বাপৰত আমি দেৱী-দেৱতাসকলেই বাম মাৰ্গত
গুচি যাম। যেতিয়া ৰাৱণ ৰাজ্য আৰম্ভ হয় তেতিয়াৰ পৰাই বাম মাৰ্গ আৰম্ভ হয়। তাৰো চিন
আছে। জগন্নাথ মন্দিৰলৈ যোৱা ভিতৰত ক’লা বৰণীয়া মূৰ্তি আছে। বাহিৰত দেৱতাসকলৰ অশালীন
চিত্ৰ আছে। সেই সময়ত নিজেও জানো বুজি পাইছিলোঁ যে এয়া কি হয়। বিকাৰী মনুষ্যই বিকাৰী
দৃষ্টিৰে চাব। গতিকে ভাবিছিল দেৱতাসকলো বিকাৰী আছিল। এয়া লিখা আছে দেৱতাসকল বাম
মাৰ্গত যায়। পোছাকো দেৱতাসকলৰ দিছে। ইয়াতো দেলবাড়া মন্দিৰলৈ যোৱা তাত ওপৰত স্বৰ্গ
দেখুওৱা আছে। তলত তপস্যাত বহি আছে। এই সকলোবোৰ ৰহস্য অন্য কোনেও নাজানে। বাবাৰতো
অনুভৱী ৰথ হয় নহয়।
তোমালোক সন্তানসকলে
এতিয়া বুজি আছা - আত্মা আৰু পৰমাত্মা পৃথকে থাকিল বহুকাল……. তোমালোক যিসকল প্ৰথমে
বিচ্ছিন্ন হৈছা আকৌ তোমালোকেই আহি প্ৰথমে মিলিত হোৱা। সত্যযুগৰ প্ৰথম ৰাজকুমাৰ হৈছে
শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণৰ পিতাওতো থাকিব নহয়। শ্ৰীকৃষ্ণৰ মা-পিতাৰ বিষয়ে ইমান একো
নেদেখুৱায়। কেৱল দেখুৱায় মূৰৰ ওপৰত উঠাই নদীৰ সিপাৰলৈ লৈ গ'ল। বাদশ্বাহী আদি একো
নেদেখুৱায়। তেওঁৰ পিতাৰ মহিমা কিয় নাই! তোমালোকে এতিয়া জানা এই সময়ত শ্ৰীকৃষ্ণৰ
আত্মাই ভালদৰে পঢ়া পঢ়িছে। যাৰ কাৰণে মা-পিতাতকৈও উচ্চ পদ পালে। তোমালোকে বুজি পোৱা
আমি শ্ৰীকৃষ্ণৰ ৰাজধানীত আছিলোঁ, স্বৰ্গতো আছিলোঁ নহয় জানো। আকৌ আমি চন্দ্ৰবংশী হ’লোঁ।
এতিয়া আকৌ সূৰ্যবংশী হোৱাৰ বাবে শ্ৰীমতত চলি পাৱন হৈ পাৱন সৃষ্টিৰ মালিক হ’মগৈ।
প্ৰত্যেকে নিজৰ অৱস্থাক চাব পাৰা। যদি মই এই সময়ত শৰীৰ ত্যাগ কৰোঁ তেন্তে কি গতি
প্ৰাপ্ত কৰিম। প্ৰত্যেকে বুজিব পাৰে। যিমান পিতাক স্মৰণ কৰিবা সিমানে বিকৰ্ম বিনাশ
হ'ব। মনুষ্যৰ কোনো আপদ বা দুখ আহিলে বা দেউলিয়া হ’লে তেতিয়া গৈ সাধুৰ সংগ লয়। আকৌ
মনুষ্যই ভাবে এওঁতো ভকত লোক হয়। প্ৰবঞ্চনা জানো কৰিব। এনেকৈও দুই-চাৰি বছৰত বহুত
ধনবান হৈ যায়। তেওঁলোকৰ বহুত লুকাই থোৱা ধন থাকে। প্ৰত্যেক ব্যক্তিয়ে নিজৰ বুদ্ধিৰে
বুজিব পাৰে। তোমালোকৰ মাজতো বহুত আছে যিয়ে বহুত কমকৈ স্মৰণ কৰে সেইবাবে বাবাই কয় -
নিজৰ কল্যাণ বিচৰা যদি লগত টোকা বহি ৰাখা। খতিয়ান টুকি ৰাখা। মই গোটেই দিনটোত কিমান
সময় স্মৃতিত থাকিলোঁ। মনুষ্যইতো গোটেই জীৱনৰো বুৰঞ্জী লিখে। তোমালোকেতো কেৱল
স্মৃতিৰ তালিকা লিখিব লাগে, নিজৰে উন্নতি হয়। পিতাক যদি স্মৰণ নকৰা তেন্তে উচ্চ পদ
পাব নোৱাৰিবা। বিকৰ্ম বিনাশেই নহ'ব তেন্তে উচ্চ পদ কেনেকৈ পাবা। পিছত শাস্তি খাব
লাগিব। যিয়ে শাস্তি নাখাব তেওঁ ভাল পদ পাব। শাস্তি খাই কিবা সৰু-বৰ পদ পোৱা সেয়া কি
কামৰ। ধৰ্মৰজাৰ যাতে শাস্তি নাখাওঁ, সন্মান হানি নহয় - এইটো পুৰুষাৰ্থ কৰিব লাগে।
তোমালোকে দেখিবলৈ পোৱা শিৱবাবা বহি থাকে আকৌ ধৰ্মৰজাও হয়। তোমালোকক সকলো সাক্ষাৎকাৰ
কৰায়। তুমি এইটো এইটো কৰিছিলা, স্মৃতিত আছেনে? এতিয়া শাস্তি খোৱা। তেতিয়া সেই সময়ত
শাস্তি সিমানে খায়, যিমান জন্ম-জন্মান্তৰ খায়। অন্তিমত অলপ ৰুটিৰ টুকুৰা পালে,
তাৰপৰা কি লাভ। শাস্তিতো খাব নালাগে। নিজৰ অৱস্থা পৰীক্ষা কৰিব লাগে। যিদৰে খতিয়ান
উলিয়ায়। কোনোৱে 6 মাহৰ, কোনোৱে 12 মাহৰ। কোনোৱেতো নিতৌ উলিয়ায়। পিতাই কয় - তোমালোকো
বেপাৰী হোৱা। কোনো বিৰল বেপাৰীয়ে বেহদৰ পিতাৰ সৈতে বেপাৰ কৰিব। ধন নাই কিন্তু
তন-মনতো আছে নহয়। তেওঁক স্বৰ্ণ ব্যৱসায়ী বুলিও কোৱা হয়। বিনিময় কৰে নহয়। তোমালোকে
তন-মন-ধন দিয়া তাৰ প্ৰতিদানত 21 জন্মৰ কাৰণে কিমান সম্পত্তি পোৱা। বাবা মই আপোনাৰ।
এনেকুৱা যুক্তি শুনোৱা যাতে আমি আত্মা আৰু শৰীৰ এই লক্ষ্মী-নাৰায়ণৰ নিচিনা হৈ যাওঁ।
বাবাই কয় - মই তোমালোকক কিমান বগা (সুন্দৰ) কৰি তোলোঁ। একেবাৰে ৰূপেই সলনি কৰি দিওঁ।
তোমালোকে পৰৱৰ্তী জন্মত অতি উত্তম শৰীৰ পাবা। তোমালোকে বৈকুণ্ঠতো দেখা পোৱা।
তোমালোকে জানা এই মম্মা-বাবা আকৌ লক্ষ্মী-নাৰায়ণ হ'ব। লক্ষ্য-উদ্দেশ্যও দেখুৱায়।
এতিয়া যিয়ে যিমান পুৰুষাৰ্থ কৰিব। যদি পুৰুষাৰ্থ পূৰা নকৰা, উৎপাত কৰা তেন্তে নিজৰ
পদেই ভ্ৰষ্ট কৰিবা। বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ
অৱস্থাৰ পৰীক্ষা নিজেই কৰিব লাগে। নিজৰ কল্যাণৰ কাৰণে সদায় দিনলিপি ৰাখিব লাগে, য'ত
স্মৃতিৰ খতিয়ান টুকি ৰাখিব লাগে।
(2) বেহদৰ পিতাৰ সৈতে
সঁচা বেপাৰ কৰিব লাগে। নিজৰ তন-মন-ধন পিতাক হস্তান্তৰ কৰি বিনিময়ত 21 জন্মৰ কাৰণে
ল’ব লাগে। নিশ্চয়বুদ্ধিৰ হৈ নিজৰ কল্যাণ কৰিব লাগে।
বৰদান:
আনন্দৰ লগতে
শক্তি ধাৰণ কৰি বিঘ্নবোৰ অতিক্ৰম কৰোঁতা বিঘ্নজিৎ হোৱা
যিসকল সন্তানে জমা
কৰিব জানে তেওঁলোক শক্তিশালী হয়। যদি এতিয়াই উপাৰ্জন কৰিলা, এতিয়াই বিলালা, নিজৰ
মাজত যদি সমাহিত নকৰিলা তেন্তে শক্তি নাথাকে। কেৱল বিলোৱা বা দান কৰাৰ আনন্দ থাকে।
আনন্দৰ লগতে শক্তি থাকিলে তেতিয়া সহজে বিঘ্ন অতিক্ৰম কৰি বিঘ্নজিৎ হৈ যাবাগৈ। তেতিয়া
কোনো বিঘ্নই নিষ্ঠাত ব্যাঘাত নজন্মাব। সেইবাবে যেনেকৈ চেহেৰাৰে আনন্দৰ জিলিকনি দেখা
পোৱা যায় তেনেকৈ শক্তিৰ জিলিকনিও দেখা দিয়ক।
স্লোগান:
পৰিস্থিতিসমূহত ভয়-ভীত হোৱাৰ সলনি সেয়া শিক্ষক বুলি বুজি পাঠ শিকি লোৱা।
অব্যক্ত ইংগিত:
জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা
অন্তিমত আহি তীব্ৰতাৰে
পুৰুষাৰ্থ কৰা কথাষাৰ জ্বালা ৰূপৰে। পাণ্ডৱসকলৰ বাবেই যাদৱসকল ৰৈ আছে। পাণ্ডৱসকলৰ
শ্ৰেষ্ঠ সম্ভ্ৰম, আত্মিক সম্ভ্ৰমৰ স্থিতিয়ে যাদৱসকলৰ অশান্ত পৰিস্থিতি সমাপ্ত কৰিব।
গতিকে নিজৰ সম্ভ্ৰমেৰে অশান্ত আত্মাসকলক শান্তি আৰু স্বস্তিৰ বৰদান দিয়া। জ্বালা
স্বৰূপ অৰ্থাৎ ‘লাইট হাউচ’ আৰু ‘মাইট হাউচ’ স্থিতিক বুজি এইটো পুৰুষাৰ্থই কৰি থাকা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]