09.09.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – যোগবলেৰে বেয়া সংস্কাৰবোৰ পৰিৱৰ্তন কৰি ভাল সংস্কাৰ ধাৰণ কৰা। জ্ঞান আৰু পৱিত্ৰতাৰ সংস্কাৰ হৈছে ভাল সংস্কাৰ”

প্ৰশ্ন:
তোমালোক সন্তানসকলৰ জন্মসিদ্ধ অধিকাৰ কোনটো? তোমালোকৰ এতিয়া কোনটো অনুভূতি হয়?

উত্তৰ:
তোমালোকৰ জন্মসিদ্ধ অধিকাৰ হৈছে মুক্তি আৰু জীৱনমুক্তি। তোমালোকৰ এতিয়া অনুভূতি হয় যে আমি পিতাৰ সৈতে ঘৰলৈ উভতি যাব লাগে। তোমালোকে জানা - পিতা আহিছে ভক্তিৰ ফল মুক্তি আৰু জীৱনমুক্তি দিবলৈ। এতিয়া সকলো শান্তিধামলৈ যাব লাগে। সকলোকে নিজৰ ঘৰৰ দৰ্শন কৰাব লাগে।

ওঁম্শান্তি।
মনুষ্যই পিতাক সঁচা পাতশ্বাহ (সম্ৰাট) বুলিও কয়। ইংৰাজীত পাতশ্বাহ বুলি নকয়, কেৱল সঁচা পিতা বুলি কয়। “গড্ ফাদাৰ ইজ্ ট্ৰুথ্” (ঈশ্বৰ পিতাই সত্য) বুলি কয়। ভাৰততহে সঁচা পাতশ্বাহ বুলি কয়। এতিয়া পাৰ্থক্যতো বহুত আছে, তেওঁলোকে কেৱল সত্য বুলি কয়, সত্য শিকায়, সত্য কৰি তোলে। ইয়াত সঁচা পাতশ্বাহ বুলি কয়। সত্যও কৰি তোলে আৰু সঁচাখণ্ডৰ বাদশ্বাহো কৰি তোলে।। এয়াতো যথাযথ যে মুক্তিও দিয়ে, জীৱনমুক্তিও দিয়ে, যাক ভক্তিৰ ফল বুলি কোৱা হয়। মুক্তি আৰু প্ৰালব্ধ। ভক্তিৰ ফল দিয়ে আৰু মুক্ত কৰে। সন্তানসকলে জানে যে আমাক দুয়োটাই দিয়ে। মুক্ততো সকলোকে কৰে, ফল তোমালোকক দিয়ে। মুক্তি আৰু প্ৰালব্ধ – এইটো উক্তিও আছে নহয়। ভাষাতো বহুত আছে। শিৱবাবাৰো বহুত নাম ৰাখি দিয়ে। কাৰোবাক যদি কোৱা যে তেওঁৰ নাম শিৱবাবা তেন্তে কৈ দিয়ে আমিতো তেওঁক মালিক বুলিহে কওঁ। মালিকতো ঠিক আছে কিন্তু সেই মালিকৰো নাম থাকিব নালাগে জানো। নাম-ৰূপৰ পৰা উপৰাম একো বস্তুৱেই নাথাকে। মালিকো কোনো বস্তুৰ নহ'ব জানো। নাম-ৰূপতো নিশ্চয় আছে। এতিয়া তোমালোক সন্তানসকলে জানা – পিতাই যথাযথ মুক্তও কৰে আকৌ শান্তিধামলৈ সকলোকে নিশ্চয় লৈও যাব লাগে। নিজৰ ঘৰৰ দৰ্শন সকলোৱে কৰিব লাগে।‌ ঘৰৰ পৰা আহিছা গতিকে পোনপ্ৰথমে তাৰ দৰ্শন কৰিবা, ইয়াকে গতি-সৎগতি বুলি কোৱা হয়। মনুষ্যই অৰ্থ নুবুজাকৈ কেৱল শব্দহে উচ্চাৰণ কৰে। তোমালোক সন্তানসকলৰতো অনুভূতি হয়, আমি নিজৰ ঘৰলৈও যাম আৰু ফলো পাম। ক্ৰমানুসৰি তোমালোকে পোৱা গতিকে অন্য ধৰ্মৰ লোকসকলেও সময় অনুসৰি পায়। পিতাই বুজাইছিল যে এই পত্ৰিকাবোৰ বহুত ভাল – আপুনি স্বৰ্গবাসী নে নৰকবাসী? তোমালোক সন্তানসকলেহে জানা যে এই মুক্তি জীৱনমুক্তি দুয়োটাই হৈছে ঈশ্বৰীয় জন্মসিদ্ধ অধিকাৰ। তোমালোকে লিখিবও পাৰা। পিতাৰ পৰা আপোনালোক সন্তানসকলে এই জন্মসিদ্ধ অধিকাৰ প্ৰাপ্ত কৰে। পিতাৰ হৈ গ’লে দুয়োটা বস্তু প্ৰাপ্ত হয়। সেয়া হৈছে ৰাৱণৰ জন্মসিদ্ধ অধিকাৰ, এয়া হৈছে পৰমপিতা পৰমাত্মাৰ জন্মসিদ্ধ অধিকাৰ। এয়া হৈছে ভগৱানৰ জন্মসিদ্ধ অধিকাৰ, সেয়া হৈছে চয়তানৰ জন্মসিদ্ধ অধিকাৰ। এনেকৈ লিখিব লাগে যাতে কিবা অলপ বুজিব পাৰে। এতিয়া তোমালোক সন্তানসকলে স্বৰ্গ স্থাপনা কৰিব লাগে। কিমান কাম কৰিব লাগে! এতিয়া যেন শিশু অৱস্থা, যেনেকৈ মনুষ্যই কলিযুগৰ কাৰণে কয় যে কলিযুগ এতিয়া শিশু। পিতাই কয় - সত্যযুগৰ স্থাপনা এতিয়াও শিশু অৱস্থাতে আছে। এতিয়া তোমালোক সন্তানসকলে উত্তৰাধিকাৰ প্ৰাপ্ত কৰি আছা। ৰাৱণৰ উত্তৰাধিকাৰ বুলি কোৱা নহয়। ভগৱান পিতাৰ পৰাতো উত্তৰাধিকাৰ প্ৰাপ্ত হয়। ৰাৱণ জানো পিতা হয়, তেওঁকতো (ৰাৱণ 5 বিকাৰক) চয়তান বুলি কোৱা হয়। চয়তানৰ পৰা কি উত্তৰাধিকাৰ পোৱা যায়? 5 বিকাৰ পোৱা যায়, কাৰ্যও তেনেকুৱাই কৰে, তমোপ্ৰধান হৈ যায়। এতিয়া দশহৰা কিমান পালন কৰে, উৎসৱ পালন কৰে। বহুত খৰচ কৰে। বিদেশৰ পৰাও নিমন্ত্ৰণ জনায়। মহীশূৰত সকলোতকৈ অধিক জাকজমকতাৰে দশহৰা পালন কৰে। তাত ধনৱানো বহুত আছে। ৰাৱণৰাজ্যত ধন পালে কাণ্ডজ্ঞান হেৰুৱাই পেলায়। পিতাই বিস্তাৰত বুজায়। ইয়াৰ নামেই হৈছে ৰাৱণৰাজ্য। সেইখনক আকৌ ঈশ্বৰীয় ৰাজ্য বুলি কোৱা হয়। ৰামৰাজ্য বুলি কোৱাতো ভুল হৈ যায়। গান্ধীজীয়ে ৰামৰাজ্য বিচাৰিছিল। মনুষ্যই ভাবে গান্ধীজীও এক অৱতাৰ আছিল। তেওঁক কিমান ধন দিছিল। তেওঁক ভাৰতৰ বাপুজী বুলি কৈছিল। এতিয়া এওঁতো হৈছে গোটেই বিশ্বৰে বাপু। এতিয়া তোমালোক ইয়াত বহি আছা, এইটো জানা যে কিমান জীৱ আত্মা থাকিব। জীৱতো (শৰীৰতো) বিনাশী, বাকী আত্মা হৈছে অবিনাশী। আত্মাতো অনেক আছে। যেনেকৈ ওপৰত তৰাবোৰ আছে ঠিক তেনেকুৱা। তৰাৰ সংখ্যা বেছি নে আত্মাৰ সংখ্যা বেছি? কিয়নো তোমালোক হৈছা ধৰণীৰ তৰা আৰু সেইবোৰ হৈছে আকাশৰ তৰা। তোমালোকক দেৱতা বুলি কোৱা হয় মনুষ্যই আকৌ আকাশৰ তৰাবোৰকো দেৱতা বুলি কৈ দিয়ে। তোমালোকক ভাগ্যশালী তৰা বুলি কোৱা হয়।

বাৰু, ইয়াৰ ওপৰত নিজৰ মাজত আলোচনা কৰিবা। বাবাই এতিয়া এই বিষয়ে আলচ নকৰে। এয়াতো বুজোৱা হৈছে যে সকলো আত্মাৰ এজনেই পিতা, এওঁৰ বুদ্ধিততো সকলোবোৰ আছে, তেওঁ সকলো মনুষ্য মাত্ৰৰে পিতা। এইটো সকলোৱে জানে যে গোটেই সৃষ্টি সমুদ্ৰৰ ওপৰত ঠিয় হৈ আছে। এইটোও সকলোৱে নাজানে। পিতাই বুজাইছিল - এই ৰাৱণৰাজ্য গোটেই সৃষ্টিতেই আছে। এনেকুৱা নহয়, ৰাৱণৰাজ্য কোনো সাগৰৰ পাৰত আছে। সাগৰতো সকলোতে আছে। এনেকৈ কয় নহয় - তলত বলধ আছে, তাৰ শিঙৰ ওপৰত সৃষ্টি ঠিয় হৈ আছে। যেতিয়া ভাগৰি পৰে তেতিয়া শিং সলনি কৰে। এতিয়া পুৰণি সৃষ্টি বিনাশ হৈ নতুন সৃষ্টি স্থাপনা হয়। শাস্ত্ৰততো অনেক প্ৰকাৰৰ মিছা কথা লিখি দিছে। এইটোতো সন্তানসকলে বুজি পায় - ইয়াত সকলো আত্মা শৰীৰ সহিত আছে, ইয়াকে জীৱ আত্মা বুলি কোৱা হয়। সেয়া যি আত্মাসকলৰ ঘৰ তাত শৰীৰ নাই। সেইখনক কোৱা হয় নিৰাকাৰী। জীৱ হৈছে আকাৰী সেয়েহে সাকাৰ বুলি কোৱা হয়। নিৰাকাৰৰ শৰীৰ নাথাকে। এইখন হৈছে সাকাৰী সৃষ্টি। সেইখন হৈছে নিৰাকাৰী আত্মাসকলৰ জগত। এইখনক সৃষ্টি বুলি কোৱা হয়, সেইখনক কোৱা হয় নিৰাকাৰী সৃষ্টি। আত্মা যেতিয়া শৰীৰত আহে তেতিয়া শৰীৰ লৰচৰ কৰে। নহ'লেতো শৰীৰ কোনো কামৰ নহয়। গতিকে সেইখনক কোৱা হয় নিৰাকাৰী সৃষ্টি। যিমানবোৰ আত্মা আছে সেই সকলোবোৰ অন্তিমৰ ফালে আহিব লাগে সেয়েহে ইয়াক পুৰুষোত্তম সংগমযুগ বুলি কোৱা হয়। সকলো আত্মা যেতিয়া ইয়ালৈ আহি যায় তেতিয়া তাত এটাও আত্মা নাথাকে। তাত যেতিয়া একেবাৰে খালী হৈ যায় তেতিয়া সকলো উভতি যায়। তোমালোকে এই সংস্কাৰ পুৰুষাৰ্থৰ ক্ৰম অনুসৰি লৈ যোৱা। কোনোৱে জ্ঞানৰ সংস্কাৰ লৈ যায়, কোনোৱে পৱিত্ৰতাৰ সংস্কাৰ লৈ যায়। পুনৰ ইয়ালৈকেতো আহিব লাগে। কিন্তু প্ৰথমেতো ঘৰলৈ যাব লাগে। তাত হৈছে ভাল সংস্কাৰ। ইয়াত হৈছে বেয়া সংস্কাৰ। ভাল সংস্কাৰ সলনি হৈ বেয়া সংস্কাৰ হৈ যায়। আকৌ বেয়া সংস্কাৰ যোগবলেৰে ভাল হৈ যায়। ভাল সংস্কাৰ তালৈ লৈ যাবাগৈ। পিতাৰো পঢ়োৱা সংস্কাৰ আছে নহয়। যি আহি বুজায়। ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰৰ ৰহস্য বুজায়। বীজৰো বুজনি দিয়ে লগতে গোটেই বৃক্ষৰ বুজনি দিয়ে। বীজৰ বুজনি হৈছে জ্ঞান আৰু বৃক্ষৰ বুজনি হৈ যায় ভক্তি। ভক্তিত বহুত বিস্তাৰ হয়। বীজক স্মৰণ কৰাতো সহজ। তালৈকে যাব লাগে। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'বলৈ অলপহে সময় লাগে। আকৌ সতোপ্ৰধানৰ পৰা তমোপ্ৰধান হ'বলৈ সঠিককৈ 5 হাজাৰ বছৰ লাগে। এই চক্ৰ একেবাৰে সঠিককৈ ৰচি থোৱা আছে যি পুনৰাবৃত্তি হৈ থাকে। অন্য কোনেও এই কথাবোৰ শুনাব নোৱাৰে। তোমালোকে শুনাব পাৰা। আধা আধা কৰা হয়। আধা স্বৰ্গ, আধা নৰক আকৌ তাৰ বিস্তাৰো শুনায়। স্বৰ্গত জন্ম কম, আয়ুস দীঘলীয়া হয়। নৰকত জন্ম বেছি, আয়ুস চুটি। তাত হৈছে যোগী, ইয়াত হৈছে ভোগী সেয়েহে ইয়াত বহুত জন্ম হয়। এই কথাবোৰ অন্য কোনেও নাজানে। মনুষ্যই একোৱেই গম নাপায়। কেতিয়া দেৱতাসকল আছিল, তেওঁলোক কেনেকৈ সেয়া হ’ল, কিমান বিচাৰ বুদ্ধি সম্পন্ন হয় - এয়াও তোমালোকে জানা। পিতাই সময়ত সন্তানসকলক পঢ়াই 21 জন্মৰ কাৰণে উত্তৰাধিকাৰ দিয়ে। পাছলৈ তোমালোকৰ এই সংস্কাৰ নাথাকে। পাছত দুখৰ সংস্কাৰ হৈ যায়। যেনেকৈ ৰজাৰ সংস্কাৰ হৈ গ’লে তেতিয়া জ্ঞান পঢ়াৰ সংস্কাৰ পূৰা হৈ যায়। এই সংস্কাৰ পূৰা হোৱা মাত্ৰকে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি ৰুদ্ৰ মালাত আহি যায় আকৌ ক্ৰমানুসৰি ভূমিকা পালন কৰিবলৈ আহিব। যিয়ে পূৰা 84 জন্ম লয়, তেওঁলোক প্ৰথমে আহে। তেওঁলোকৰ নামো শুনায়। শ্ৰীকৃষ্ণতো হৈছে স্বৰ্গৰ প্ৰথম ৰাজকুমাৰ। তোমালোকে জানা কেৱল এজনে জানো থাকিব, গোটেই ৰাজধানীয়ে থাকিব নহয়। ৰজাৰ লগততো প্ৰজাও লাগে। অৱশ্যে হ'ব পাৰে - এজনৰ পৰা আনজন জন্ম হৈ গৈ থাকিব। যদি কোৱা হয় 8 (আঠ) জন একেলগে আহে, কিন্তু শ্ৰীকৃষ্ণতো এক নম্বৰত আহিব নহয়। 8 (আঠ) জন যদি একেলগে আহে তেন্তে আকৌ শ্ৰীকৃষ্ণৰ ইমান গায়ন কিয়? এই সকলোবোৰ কথা আগলৈ গৈ বুজাম। কয় নহয় আজি তোমালোকক অতি গূঢ়তকৈও গূঢ় কথা শুনাম। কিবাতো বাকী আছে নহয়। এই যুক্তিতো ভাল – যেতিয়া দেখা যে কিবা কথা বুজি নাপায় তেতিয়া কোৱা আমাৰ জ্যেষ্ঠ ভগ্নীয়ে ইয়াৰ উত্তৰ দিব নতুবা ক'ব লাগে যে এই বিষয়ে পিতাই এতিয়াও শুনোৱা নাই। দিনে-প্ৰতিদিনে গূঢ়তকৈও গূঢ় কথা শুনাই গৈ থাকে। এনেকৈ কোৱাতো কোনো লাজৰ কথা নহয়। গূঢ়তকৈও গূঢ় বিষয় যেতিয়া শুনায় তেতিয়া তোমালোকে শুনি বহুত আনন্দিত হৈ যোৱা। শেষলৈ আকৌ কৈ দিয়ে মনমনাভৱ, মধ্যাজী ভৱ। এই শব্দকেইটিও শাস্ত্ৰ ৰচনা কৰোঁতাসকলে লিখিছে। বিভ্ৰান্ত হোৱাৰতো কোনো দৰকাৰ নাই। সন্তান পিতাৰ হৈ গ'ল আৰু বেহদৰ সুখৰ প্ৰাপ্ত হ’ল। ইয়াত মন, বচন, কৰ্মত পৱিত্ৰতাৰ প্ৰয়োজন। লক্ষ্মী-নাৰায়ণে পিতাৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰিছে নহয়। এওঁলোক প্ৰথম নম্বৰত, যাৰ পূজা হয়। নিজকো চোৱা - আমাৰ মাজত এনেকুৱা গুণ আছেনে। এতিয়াতো বেয়া গুণ নহয় জানো। নিজৰ অৱগুণৰ বিষয়েও কোনেও নাজানে।

এতিয়া তোমালোক পিতাৰ হৈছা গতিকে নিশ্চয় পৰিৱৰ্তন হ'ব লাগে। পিতাই বুদ্ধিৰ তলা খুলিলে। ব্ৰহ্মা আৰু বিষ্ণুৰো ৰহস্য বুজাইছে। এওঁ হৈছে পতিত, তেওঁ হৈছে পাৱন। এই পুৰুষোত্তম সংগমযুগতহে তুলি লোৱা হয়। প্ৰজাপিতা ব্ৰহ্মা যেতিয়া থাকে তেতিয়াহে তুলি লোৱা হয়। সত্যযুগততো নহয়। ইয়াতো কাৰোবাৰ সন্তান নহ’লে তেতিয়া তুলি লয়। প্ৰজাপিতাকো নিশ্চয় ব্ৰাহ্মণ সন্তান লাগে। এয়া হৈছে মুখ বংশাৱলী। তেওঁলোক হৈছে কোষ বংশাৱলী। ব্ৰহ্মাতো প্ৰসিদ্ধ। তেওঁৰ উপাধিয়েই বেহদৰ। সকলোৱে বুজি পায় প্ৰজাপিতা ব্ৰহ্মা হৈছে আদি দেৱ, তেওঁক ইংৰাজীত কোৱা হয় “গ্ৰেট্ গ্ৰেট্ গ্ৰেণ্ড ফাদাৰ”। এয়া হৈছে বেহদৰ উপাধি। বাকী সেই সকলোবোৰ হৈছে হদৰ উপাধি সেয়েহে পিতাই বুজায় - এইটো নিশ্চয় সকলোৱে জানিব লাগে যে ভাৰত হৈছে আটাইতকৈ শ্ৰেষ্ঠ তীৰ্থ, য'লৈ বেহদৰ পিতাৰ আগমন হয়। এনেকুৱা নহয় যে গোটেই ভাৰততেই বিৰাজমান। শাস্ত্ৰত মগধ দেশৰ নাম লিখা আছে, কিন্তু জ্ঞান ক'ত শিকালে? আবুলৈ কেনেকৈ আহিল? দেলৱাড়া মন্দিৰতো ইয়াৰ পূৰা স্মাৰক আছে। যিয়েই সাজিছিল, তেওঁৰ বুদ্ধিত আহিল আৰু নিৰ্মাণ কৰালে। সঠিক আৰ্হিতো সাজিব নোৱাৰে। পিতা ইয়ালৈকে আহি সকলোৰে সৎগতি কৰে, মগধ দেশত নহয়। সেয়াতো পাকিস্তান হৈ গ’ল। এয়া হৈছে ‘পাক’ অৰ্থাৎ পৱিত্র স্থান। বাস্তৱত পৱিত্র স্থানতো স্বৰ্গক কোৱা হয়। পৱিত্র আৰু অপৱিত্ৰৰ এই গোটেই ড্ৰামা ৰচি থোৱা আছে।

গতিকে অতি মৰমৰ সন্তানসকল - তোমালোকে এইটো বুজি পোৱা যে আত্মাসকল আৰু পৰমাত্মা বহু কাল বিচ্ছিন্ন হৈ থাকিল.... কিমান সময়ৰ পাছত লগ পালা? পুনৰ কেতিয়া লগ পাবা? যেতিয়া তোমালোকে সৎগুৰুক দালালৰ ৰূপত পালা, সুন্দৰ মেলা হৈ গ’ল। গুৰুতো বহুত আছে সেয়েহে সৎগুৰু বুলি কোৱা হয়। স্ত্ৰীক যেতিয়া বিবাহ পাশত আৱদ্ধ কৰোৱা হয় তেতিয়াও কয় এই পতি তোমাৰ গুৰু ঈশ্বৰ। পতিয়েতো পোন-প্ৰথমে ‘নাপাক’ অৰ্থাৎ অপৱিত্ৰ কৰি দিয়ে। আজিকালিতো জগতত বহুত লেতেৰা কৰ্মকাণ্ড হৈ গৈছে। এতিয়া তোমালোক সন্তানসকলতো ফুলৰ দৰে হ'ব লাগে। তোমালোক সন্তানসকলক পিতাই দৃঢ় বন্ধনত বান্ধে।

এনেয়েতো শিৱজয়ন্তীৰ লগতে ৰক্ষাবন্ধনো হৈ যায়। গীতা জয়ন্তীও হৈ যাব লাগে। শ্ৰীকৃষ্ণৰ জয়ন্তী অলপ পাছত নতুন সৃষ্টিত হৈছে। বাকী উৎসৱ আদি সকলো এই সময়ৰে। ৰাম নৱমী কেতিয়া হ’ল - এয়াও কোনেও নাজানে? তোমালোকে ক'বা নতুন সৃষ্টিত 1250 বছৰ পাছত ৰাম নৱমী হয়। শিৱ জয়ন্তী, কৃষ্ণ জয়ন্তী, ৰাম জয়ন্তী কেতিয়া হৈছিল? সেয়া কোনেও ক'ব নোৱাৰে। তোমালোক সন্তানসকলেও এতিয়া পিতাৰ পৰা জানি গ'লা। সঠিকভাৱে শুনাব পাৰা। তোমালোকেতো গোটেই সৃষ্টিৰ জীৱন কাহিনী শুনাব পাৰা। লাখ লাখ বছৰৰ কথা জানো শুনাব পাৰে। পিতাই কিমান ভালকৈ বেহদৰ পঢ়া পঢ়ায়। এবাৰেই তোমালোক 21 জন্মৰ কাৰণে নগ্ন হোৱাৰ পৰা ৰক্ষা পোৱা। এতিয়া তোমালোক 5 বিকাৰ ৰূপী ৰাৱণৰ পৰৰ ৰাজ্যত আছা। এতিয়া গোটেই 84ৰ চক্ৰ তোমালোকৰ স্মৃতিত উদয় হৈছে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বেহদৰ সুখৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰিবলৈ মন-বচন-কৰ্ম পৱিত্র নিশ্চয় হ'ব লাগে। যোগবলেৰে ভাল সংস্কাৰ ধাৰণ কৰিব লাগে। নিজক গুণৱান কৰি তুলিব লাগে।

(2) সদায় আনন্দিত হৈ থাকিবৰ কাৰণে পিতাই নিতৌ যি গূঢ় গূঢ় কথা শুনায়, সেয়া শুনিব লাগে আৰু আনকো শুনাব লাগে। কোনো কথাতে বিভ্ৰান্ত হ’ব নালাগে। যুক্তিৰে উত্তৰ দিব লাগে। লাজ কৰিব নালাগে।

বৰদান:
সুখ স্বৰূপ হৈ প্ৰত্যেক আত্মাক সুখ দিওঁতা মাষ্টৰ সুখদাতা হোৱা

যিসকল সন্তানে সদায় যথাৰ্থ কৰ্ম কৰে তেওঁলোকে সেই কৰ্মৰ প্ৰত্যক্ষ ফল আনন্দ আৰু শক্তি প্ৰাপ্ত কৰে। তেওঁলোকৰ অন্তৰ সদায় প্ৰফুল্লিত হৈ থাকে, তেওঁলোকৰ সংকল্পতো দুখৰ লহৰ আহিব নোৱাৰে। সংগমযুগী ব্ৰাহ্মণ অৰ্থাৎ দুখৰ লেশমানো নাম-চিহ্ন নাই কিয়নো সুখদাতাৰ সন্তান। এনেহেন সুখদাতাৰ সন্তান নিজেও মাষ্টৰ সুখদাতা হ'ব। তেওঁলোকে সকলো আত্মাক সদায় সুখ দিব। তেওঁলোকে কেতিয়াও দুখ নিদিবও আৰু নলবও।

স্লোগান:
মাষ্টৰ দাতা হৈ সহযোগ, স্নেহ আৰু সহানুভূতি দিয়া - এয়াই দয়াশীল আত্মাৰ চিন।


“ইচ্ছা মাত্ৰম অবিদ্যা” স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত:

ইচ্ছা মানে অশান্তি। ইচ্ছাই কেতিয়াও ভাল কৰি তুলিব নোৱাৰে কিয়নো বিনাশী ইচ্ছা পূৰ্ণ হোৱাৰ লগে লগে সি আৰু অনেক ইচ্ছাৰ জন্ম দিয়ে সেয়েহে ইচ্ছাৰ চক্ৰত মকৰাৰ জালৰ দৰে আৱদ্ধ হৈ যায়, ওলাব খুজিলেও ওলাব নোৱাৰে, গতিকে এই জালত আৱদ্ধ হৈ থকা নিজৰ ভ্ৰাতৃসকলক বিনাশী ইচ্ছা মাত্ৰম অবিদ্যা (বিনাশী ইচ্ছাৰ বিষয়ে অজ্ঞ) কৰি তোলা।