09.09.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
নিজৰ ওপৰত নিজেই কৃপা কৰিব লাগে, পঢ়াৰ ঘাটি পূৰণ কৰা, কোনো বিকৰ্ম কৰি নিজৰ
ৰেজিষ্টাৰ বেয়া নকৰিবা”
প্ৰশ্ন:
এই উচ্চ পঢ়াত
উত্তীৰ্ণ হ’বৰ কাৰণে মুখ্য কোনটো শিক্ষা পোৱা যায়? তাৰ বাবে কোনটো কথাত বিশেষ
মনোযোগ দিয়া উচিত?
উত্তৰ:
এই পঢ়াত উত্তীৰ্ণ হ’বৰ কাৰণে দুচকু (দৃষ্টি) বহুত পৱিত্ৰ হোৱা উচিত কিয়নো এই
দুচকুৱেই প্ৰবঞ্চনা কৰে, আসুৰিক হৈ যায়। শৰীৰক দেখাৰ লগে লগে কৰ্মেন্দ্ৰিয়ত চঞ্চলতা
আহি যায় সেইকাৰণে দুচকু (দৃষ্টি) কেতিয়াও যাতে আসুৰিক নহয়, পৱিত্ৰ হ’বৰ বাবে ভাই-ভনী
হৈ থাকা, স্মৃতিৰ যাত্ৰাত পূৰা মনোযোগ দিয়া।
গীত:
ধীৰজ ধৰ মনুৱা………
(ধৈৰ্য্য ধৰা হে মন……)
ওঁম্শান্তি।
কোনে ক’লে?
বেহদৰ পিতাই বেহদৰ সন্তানসকলক ক’লে। যেনেকৈ কোনো মনুষ্যৰ বেমাৰ হ’লে তেতিয়া তেওঁক
আশ্বাস দিয়া হয় যে ধৈৰ্য্য ধৰক - আপোনাৰ সকলো দুখ দূৰ হৈ যাব। তেওঁক আনন্দিত কৰি
তুলিবৰ বাবে আশ্বাস দিয়া হয়। সেয়াতো হৈছে হদৰ কথা। এয়া হৈছে বেহদৰ কথা, এওঁৰ কিমান
অনেক সন্তান আছে। সকলোকে দুখৰ পৰা মুক্ত কৰিব লাগে। এইটোও তোমালোক সন্তানসকলে জানা।
তোমালোকে পাহৰি যোৱা উচিত নহয়। পিতা আহিছে সকলোৰে সৎগতি কৰিবলৈ। সকলোৰে সৎগতি দাতা
হয় তেন্তে ইয়াৰ অৰ্থ হৈছে সকলোৱে দুৰ্গতিত আছে। গোটেই জগতৰ মনুষ্য মাত্ৰেই, তাৰ
ভিতৰতো বিশেষভাৱে ভাৰত আৰু সাধাৰণভাৱে জগতৰ বাকীসকল বুলি কোৱা হয়। বিশেষকৈ তোমালোক
সুখধামলৈ যাবা। বাকী সকলো শান্তিধামলৈ গুচি যাব। বুদ্ধিত উদয় হয় - যথাযথ আমি
সুখধামত আছিলোঁ তেতিয়া অন্য ধৰ্মৰসকল শান্তিধামত আছিল। বাবা আহিছিল, ভাৰতক সুখধাম
কৰি তুলিছিল। গতিকে বিজ্ঞাপনো এনেদৰে কৰা উচিত। বুজাব লাগে যে প্ৰত্যেক 5 হাজাৰ
বছৰৰ পাছত নিৰাকাৰ শিৱবাবা আহে। তেওঁ সকলোৰে পিতা। বাকী সকলো হৈছে ভাই ভাই।
ভাইসকলেহে পুৰুষাৰ্থ কৰে পিতাৰ পৰা উত্তৰাধিকাৰ ল’বৰ কাৰণে। এনেকুৱাতো নহয় যে পিতাই
পুৰুষাৰ্থ কৰে। সকলোৱে যদি পিতা হয় তেন্তে উত্তৰাধিকাৰ কাৰ পৰা ল’ব? ভাইৰ পৰা ল’ব
জানো? এইটোতো হ’ব নোৱাৰে। এতিয়া তোমালোকে বুজি পোৱা – এইটোতো বহুত সহজ কথা।
সত্যযুগত এটাই দেৱী দেৱতা ধৰ্ম থাকে। বাকী সকলো আত্মা মুক্তিধামলৈ গুচি যায়। বিশ্বৰ
ইতিহাস-ভূগোলৰ পুনৰাবৃত্তি বুলি কোৱা হয় তেন্তে নিশ্চয় একেই ইতিহাস-ভূগোল আছে যাৰ
পুনৰাবৃত্তি হয়। কলিযুগৰ পাছত পুনৰ সত্যযুগ হ’ব। দুয়োটাৰে মাজত আকৌ সংগমযুগো নিশ্চয়
হ’ব। ইয়াক কোৱা হয় সৰ্বশ্ৰেষ্ঠ, পুৰুষোত্তম কল্যাণকাৰী যুগ। এতিয়া তোমালোকৰ বুদ্ধিৰ
তলা খুলিছে সেয়েহে বুজি পোৱা যে এয়াতো বহুত সহজ কথা। নতুন সৃষ্টি আৰু পুৰণি সৃষ্টি।
পুৰণা বৃক্ষত নিশ্চয় বহুত পাত থাকিব। নতুন বৃক্ষত অলপ পাত থাকিব। সেয়া হৈছে
সতোপ্ৰধান সৃষ্টি, এইখনক তমোপ্ৰধান বুলি ক’ব। তোমালোকৰো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি
বুদ্ধিৰ তলা খুলিছে কিয়নো সকলোৱে যথাৰ্থ ৰীতিৰে পিতাক স্মৰণ নকৰে। সেয়েহে ধাৰণাও
নহয়। পিতাইতো পুৰুষাৰ্থ কৰায়, কিন্তু ভাগ্যত নাই। ড্ৰামা অনুসৰি যিয়ে যথা ৰীতিৰে
পঢ়িব আৰু পঢ়াব, পিতাৰ সহযোগী হ’ব, যিকোনো পৰিস্থিতিতে উচ্চ পদ তেওঁলোকেই পাব।
স্কুলত বিদ্যাৰ্থীয়েও বুজি পায় যে মই কিমান নম্বৰ লৈ উত্তীৰ্ণ হ’ম। তীব্ৰবেগীসকলে
তীব্ৰতাৰে পুৰুষাৰ্থ কৰে। টিউশ্বনৰ কাৰণে শিক্ষক ৰাখে যাতে যেনেকৈ নহওক উত্তীৰ্ণ হয়।
ইয়াতো বহুত ঘাটি পূৰণ কৰিব লাগে। নিজৰ ওপৰত কৃপা কৰিব লাগে। বাবাক যদি কোনোবাই সোধে
যে এতিয়া শৰীৰ ত্যাগ কৰিলে এইটো অৱস্থাত কি পদ পাম? তেন্তে বাবাই তৎক্ষণাৎ কৈ দিব।
এয়াতো বুজিবলৈ অতি সহজ কথা। যেনেকৈ হদৰ বিদ্যাৰ্থীয়ে বুজি পায়, বেহদৰ বিদ্যাৰ্থীয়েও
বুজিব পাৰে। বুদ্ধিৰে বুজিব পাৰে - মোৰ বাৰে বাৰে এইটো ভুল হয়, বিকৰ্ম হয়।
ৰেজিষ্টাৰ বেয়া হ’লেতো ফলাফলো তেনেকুৱাই ওলাব। প্ৰত্যেকেই নিজৰ ৰেজিষ্টাৰ ৰাখিব লাগে।
এনেয়েতো ড্ৰামা অনুসৰি সকলো নিৰ্ধাৰিত হৈয়েই যায়। নিজেও বুজে যে মোৰ ৰেজিষ্টাৰতো
বহুত বেয়া। বুজি নাপালে বাবাই ক’ব পাৰে। স্কুলত ৰেজিষ্টাৰ আদি সকলো ৰখা হয়। ইয়াৰ
বিষয়েতো জগতৰ কোনেও নাজানে। নাম হৈছে গীতা পাঠশালা। বেদ পাঠশালা বুলি কেতিয়াও নক’ব।
বেদ উপনিষদ গ্ৰন্থ আদি একোৰে পাঠশালা বুলি কোৱা নহ’ব। পাঠশালাত লক্ষ্য-উদ্দেশ্য আছে।
আমি ভৱিষ্যতে এয়া (দেৱী-দেৱতা) হ’মগৈ। কোনোৱে বেদ শাস্ত্ৰ বহুত পঢ়ে তেতিয়া
তেওঁলোকেও উপাধি লাভ কৰে। উপাৰ্জনো হয়। কোনো-কোনোৱেতো বহুত উপাৰ্জন কৰে। কিন্তু সেয়া
কোনো অবিনাশী উপাৰ্জন নহয়, লগত নাযায়। এই সঁচা উপাৰ্জন লগত যাব। বাকী সকলো শেষ হৈ
যাব। তোমালোক সন্তানসকলে জানা যে আমি বহুত উপাৰ্জন কৰি আছোঁ। আমি বিশ্বৰ মালিক হ’ব
পাৰো। সূৰ্যবংশী কুল আছে যেতিয়া নিশ্চয় সন্তানসকল সিংহাসনত বহিব। বহুত উচ্চ পদ।
তোমালোকৰ সপোনতো নাছিল যে আমি পুৰুষাৰ্থ কৰি ৰাজ্য পদ পাম। ইয়াক কোৱা হয় ৰাজযোগ।
সেয়া হৈছে বেৰিষ্টাৰী যোগ, ডাক্তৰী যোগ। পঢ়া আৰু পঢ়াওঁতা স্মৃতিত থাকে। ইয়াতো
তেনেকুৱা - সহজ স্মৃতি। স্মৃতিত থকাটোতে পৰিশ্ৰম হয়। নিজকে দেহী-অভিমানী বুলি
বুজিবলগীয়া হয়। আত্মাতেই সংস্কাৰ সমাহিত হয়। অনেক আহে যিয়ে কয় আমিতো শিৱবাবাৰ পূজা
কৰিছিলোঁ কিন্তু কিয় পূজা কৰোঁ, সেয়া জনা নাছিলোঁ। শিৱকে বাবা বুলি কয়। অন্য কাকো
বাবা বুলি নকয়। হনুমান, গণেশ আদিৰ পূজা কৰে, ব্ৰহ্মাৰ পূজা নহয়। অৱশ্যে আজমিৰত
মন্দিৰ আছে। তাৰ কিছু সংখ্যক ব্ৰাহ্মণ লোকে পূজা কৰে চাগৈ। বাকী গায়ন আদি একো নাই।
শ্ৰীকৃষ্ণৰ, লক্ষ্মী-নাৰায়ণৰ কিমান গায়ন কৰা হয়। ব্ৰহ্মাৰ নাম নাই কিয়নো ব্ৰহ্মাতো
এই সময়ত শ্যাম বৰণীয়া। পুনৰ পিতা আহি এওঁক তুলি লয়। এইটোও বহুত সহজ। সেয়েহে পিতাই
সন্তানসকলক ভিন্ন ভিন্ন প্ৰকাৰে বুজায়। বুদ্ধিত এইটো থাকিব লাগে যে শিৱবাবাই আমাক
শুনাই আছে। তেওঁ পিতাও হয়, শিক্ষক, গুৰুও হয়। শিৱবাবা জ্ঞানৰ সাগৰে আমাক পঢ়ায়। এতিয়া
তোমালোক সন্তানসকল ত্ৰিকালদৰ্শী হৈছা। জ্ঞানৰ তৃতীয় নেত্ৰ তোমালোকে প্ৰাপ্ত কৰিছা।
এয়াও তোমালোকে বুজি পোৱা যে আত্মা অবিনাশী। আত্মাৰ পিতাও অবিনাশী। এইটোও জগতৰ কোনেও
নাজানে। তেওঁলোক সকলোৱেতো আহ্বানেই জনায় – বাবা আমাক পতিতৰ পৰা পাৱন কৰি তোলক। এনেকৈ
নকয় যে বিশ্বৰ ইতিহাস-ভূগোল আহি শুনাওঁক। এয়াতো পিতাই নিজেই আহি শুনায়। পতিতৰ পৰা
পাৱন পুনৰ পাৱনৰ পৰা পতিত কেনেকৈ হ’বা? ইতিহাস কেনেকৈ পুনৰাবৃত্তি হ’ব, সেয়াও কয়।
84ৰ চক্ৰ আছে। আমি পতিত কিয় হ’লোঁ পুনৰ পাৱন হৈ ক’লৈ যাব বিচাৰোঁ। মনুষ্যইতো
সন্ন্যাসী আদিৰ ওচৰলৈ গৈ ক’ব মনৰ শান্তি কেনেকৈ হ’ব? এনেকৈ নকয় যে আমি সম্পূৰ্ণ
নিৰ্বিকাৰী পাৱন কেনেকৈ হ’ম? এনেকৈ ক’বলৈ লাজ লাগে। এতিয়া পিতাই বুজাইছে- তোমালোক
সকলো ভক্ত। মই হৈছোঁ ভগৱান, দৰা। তোমালোক সকলো কইনা। তোমালোক সকলোৱে মোক স্মৰণ কৰা।
মই পথিক বৰ সুন্দৰ। গোটেই জগতৰ মনুষ্য মাত্ৰক সুন্দৰ কৰি তোলোঁ। বিশ্বৰ আশ্চৰ্য
স্বৰ্গই হয়। ইয়াত 7টা আশ্চৰ্যৰ হিচাপ কৰে। তাততো বিশ্বৰ আশ্চৰ্য একমাত্ৰ স্বৰ্গই হয়।
পিতাও এক, স্বৰ্গও এক, যাক সকলো মনুষ্য মাত্ৰেই স্মৰণ কৰে। ইয়াততো একোৱেই আশ্চৰ্য
নাই। তোমালোক সন্তানসকলৰ অন্তৰত ধৈৰ্য আছে যে এতিয়া সুখৰ দিন আহি আছে।
তোমালোকে বুজি পোৱা
যে এই পুৰণি সৃষ্টিৰ বিনাশ হ’লেহে স্বৰ্গৰ ৰাজ্য-ভাগ্য পোৱা যাব। এতিয়াও ৰাজ্য
স্থাপনা হোৱা নাই। অৱশ্যে হয়, প্ৰজা তৈয়াৰ হৈ গৈ থাকে। সন্তানসকলে পৰস্পৰ ৰায়
উলিয়ায়, সেৱাৰ বৃদ্ধি কেনেকৈ হ’ব? সকলোকে বাৰ্তা কেনেকৈ দিওঁ? পিতাই আদি সনাতন
দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰে। বাকী সকলোৰে বিনাশ কৰায়। এনেহেন পিতাক স্মৰণ কৰিব
লাগে নালাগে জানো। যিজন পিতাই আমাক ৰাজতিলকৰ অধিকাৰী কৰি তুলি বাকী সকলোৰে বিনাশ কৰি
দিয়ে। প্ৰাকৃতিক দুৰ্যোগো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। ইয়াৰ অবিহনে সৃষ্টিৰ বিনাশ হ’ব
নোৱাৰে। পিতাই কয় - তোমালোকৰ পৰীক্ষা বহুত সমীপত, মৃত্যুলোকৰ পৰা অমৰলোকলৈ
স্থানান্তৰ হ’ব লাগে। যিমানে ভালদৰে পঢ়িবা আৰু পঢ়াবা, সিমানে উচ্চ পদ পাবা কিয়নো
নিজৰ প্ৰজা তৈয়াৰ কৰা। পুৰুষাৰ্থ কৰি সকলোৰে কল্যাণ কৰিব লাগে। নিজৰ ঘৰৰ পৰাই সেৱা
আৰম্ভ হয়। এইটো নিয়ম। প্ৰথমে মিত্ৰ-সম্বন্ধীয় নিজৰ বংশ-পৰিয়ালৰ সকলেই আহিব। পাছত
সাধাৰণ জনতা আহিব। আৰম্ভণিত এনেকুৱাই হৈছিল। লাহে লাহে বৃদ্ধি হ’ল আকৌ সন্তানসকল
থাকিবৰ বাবে ডাঙৰ ঘৰ নিৰ্মাণ কৰা হ’ল যাক ‘ওমনিবাস’ বুলি কৈছিল। সন্তানসকল আহি
পঢ়িবলৈ ল’লে। এয়া সকলো ড্ৰামাত নিৰ্ধাৰিত হৈ আছিল, যি আকৌ পুনৰাবৃত্তি হ’ব। ইয়াক
জানো কোনোবাই সলনি কৰিব পাৰিব। এই পঢ়া কিমান উচ্চ। স্মৃতিৰ যাত্ৰাই হৈছে মুখ্য।
মুখ্যত দুচকুৱেই বহুত প্ৰবঞ্চনা কৰে। দৃষ্টি আসুৰিক হৈ গ’লে তেতিয়া শৰীৰৰ
কৰ্মেন্দ্ৰিয়বোৰ চঞ্চল হয়। কোনোবা ভাল কন্যাক দেখিলে, তেতিয়া বচ্ তাতে আৱদ্ধ হৈ পৰে।
এনেকুৱা ঘটনা জগতত বহুত ঘটে। গুৰুৰো আসুৰিক দৃষ্টি হৈ যায়। ইয়াত পিতাই কয় - আসুৰিক
দৃষ্টি একেবাৰে থকা উচিত নহয়। ভাই-ভনী হৈ থাকিলে তেতিয়াহে পৱিত্ৰ হৈ থাকিব পাৰিবা।
মনুষ্যই কি জানে তেওঁলোকেতো হাঁহিবই। শাস্ত্ৰততো এই কথাবোৰ নাই। পিতাই কয় - এই
জ্ঞান প্ৰায় লোপ হৈ যায়। পাছলৈ দ্বাপৰৰ পৰা এই শাস্ত্ৰ আদি ৰচিত হৈছে। এতিয়া পিতাই
মুখ্য কথা কয় যে ‘অল্ফ’ক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হৈ যাব। নিজক আত্মা বুলি
বুজা। তোমালোকে 84ৰ চক্ৰ পৰিক্ৰমা লগাই আহিছা। এতিয়া পুনৰ তোমালোক আত্মা দেৱতা হৈ
আছা। সূক্ষ্ম আত্মাত 84 জন্মৰ অবিনাশী ভূমিকা সমাহিত হৈ আছে, আচৰিত নহয় জানো।
এনেকুৱা বিশ্বৰ আশ্চৰ্যৰ কথা পিতাহে আহি বুজায়। কাৰোবাৰ 84ৰ, কাৰোবাৰ 50-60 জন্মৰ
ভূমিকা আছে। পৰমপিতা পৰমাত্মায়ো ভূমিকা প্ৰাপ্ত কৰিছে। ড্ৰামা অনুসৰি এইখন অনাদি
অবিনাশী ড্ৰামা। আৰম্ভ কেতিয়া হ’ল, বন্ধ কেতিয়া হ’ব - এইটো ক’ব নোৱাৰে কিয়নো এইখন
অনাদি অবিনাশী ড্ৰামা। এই কথাবোৰ কোনেও নাজানে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এতিয়া
পৰীক্ষাৰ সময় অতি সমীপত সেয়েহে পুৰুষাৰ্থ কৰি নিজৰ আৰু সকলোৰে কল্যাণ কৰিব লাগে,
পঢ়িব আৰু পঢ়াব লাগে, নিজৰ ঘৰৰ পৰাই সেৱা আৰম্ভ হয়।
(2) দেহী-অভিমানী হৈ
অবিনাশী, সঁচা উপাৰ্জন জমা কৰিব লাগে। নিজৰ ৰেজিষ্টাৰ ৰাখিব লাগে। এনেকুৱা যাতে কোনো
বিকৰ্ম নহয় যাৰ দ্বাৰা ৰেজিষ্টাৰ বেয়া হৈ যায়।
বৰদান:
সকলোকে
উৎসাহ-উদ্দীপনাৰ সহযোগ দি শক্তিশালী কৰি তোলোঁতা সঁচা সেৱাধাৰী হোৱা
সেৱাধাৰী অৰ্থাৎ
সকলোকে উৎসাহ-উদ্দীপনাৰ সহযোগ দি শক্তিশালী কৰি তোলোঁতা। এতিয়া সময় কম আৰু ৰচনা
অত্যাধিক আহিব। কেৱল অধিক সংখ্যা দেখি আনন্দিত হৈ নাযাবা যে বহুত আহি গ’ল। এতিয়াতো
সংখ্যা বহুত বাঢ়িব সেয়েহে তোমালোকে যি প্ৰতিপালন লৈছা তাৰ প্ৰতিদান দিয়া। আগন্তক
নিৰ্বল আত্মাসকলৰ সহযোগী হৈ তেওঁলোকক সামৰ্থ্য, অচল-অটল কৰি তোলা তেতিয়া সঁচা
সেৱাধাৰী বুলি কোৱা হ’ব।
স্লোগান:
আত্মাক যেতিয়া, য’ত আৰু যেনেকৈ বিচৰা তেনেকৈ স্থিৰ কৰি লোৱা - এয়াই আত্মিক কচৰৎ।
অব্যক্ত সংকেত: এতিয়া
একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালা ৰূপ কৰি তোলা
শক্তিশালী মনৰ চিন
হৈছে চেকেণ্ডত য’তেই বিচৰা তাতেই উপস্থিত হৈ যায়। মন যেতিয়া উৰিব পৰা হ’ল, অভ্যাস
হৈ গ’ল গতিকে চেকেণ্ডত য’তে বিচাৰে তাতে উপস্থিত হ’ব পাৰে। এইমাত্ৰ সাকাৰ সৃষ্টিত,
এই মাত্ৰ পৰমধামত, চেকেণ্ডৰ গতিবেগ - এতিয়া এইটো অভ্যাস বঢ়োৱা।