09.09.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
যোগবলৰ দ্বাৰাহে তোমালোক নিজৰ বিকৰ্মৰ ওপৰত বিজয়ী হৈ বিকৰ্মাজিৎ হ’ব লাগে”
প্ৰশ্ন:
কোনটো খেয়ালে
পুৰুষাৰ্থী সন্তানসকলকো পুৰুষাৰ্থ-হীন কৰি দিয়ে?
উত্তৰ:
যদি কোনো পুৰুষাৰ্থীৰ এইটো খেয়াল আহিল যে এতিয়াতো বহুত সময় বাকী আছে, পাছত
তীব্ৰগতিৰে পুৰুষাৰ্থ কৰি ল’ম। কিন্তু পিতাই বুজায় – সন্তানসকল, মৃত্যুৰ সময়
নিশ্চিত হৈ আছে জানো, কাইলৈ কাইলৈ কৰোঁতে মৰি গ’লে তেতিয়া উপাৰ্জন কি হ’ব সেইকাৰণে
যিমান সম্ভৱ শ্ৰীমতত নিজৰ আৰু আনৰ কল্যাণ কৰি থাকা। সময়ৰ কথা ভাবি পুৰুষাৰ্থ-হীন
নহ’বা।
গীত:
ওঁম্ নমঃ
শিৱায়ে…
ওঁম্শান্তি।
এইটোতো
সন্তানসকলক বুজোৱা হৈছে যে নিৰাকাৰে সাকাৰ অবিহনে কোনো কৰ্ম কৰিব নোৱাৰে। ভূমিকা
পালন কৰিব নোৱাৰে। আত্মিক পিতা আহি ব্ৰহ্মাৰ দ্বাৰা আত্মিক সন্তানসকলক বুজায়।
যোগবলৰ দ্বাৰাই সতোপ্ৰধান হ’ব লাগে আৰু বিশ্বৰ মালিক হ’ব লাগে। এইটো সন্তানসকলৰ
বুদ্ধিত আছে যে কল্পই কল্পই পিতা আহি ব্ৰহ্মাৰ দ্বাৰা ৰাজযোগ শিকায়। আৰু আদি সনাতন
দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা কৰে অৰ্থাৎ মনুষ্যক দেৱতা কৰি গঢ়ি তোলে। মনুষ্য যি
দেৱী-দেৱতা আছিল, পাৱন আছিল সেইসকল এতিয়া পৰিৱৰ্তন হৈ 84 জন্মৰ পাছত পতিত হৈ গৈছে,
ভাৰত যেতিয়া পাৰসপুৰী আছিল তেতিয়া পৱিত্ৰতা সুখ-শান্তি সকলো আছিল। এয়া 5 হাজাৰ বছৰৰ
কথা। তিথি তাৰিখৰ সৈতে পিতাই সকলো হিচাপ-নিকাচ বুজায়। এওঁতকৈ উচ্চতো অন্য কোনো নাই।
সৃষ্টি বা বৃক্ষ যাক কল্পবৃক্ষ বুলি কয়, তাৰ আদি-মধ্য-অন্তৰ ৰহস্যও পিতাইহে বহি
বুজায়। ভাৰতৰ যি দেৱী-দেৱতা ধৰ্ম আছিল, সেয়া এতিয়া প্ৰায় লোপ হৈ গৈছে। কেৱল চিত্ৰ
নিশ্চয় আছে। ভাৰতবাসীয়ে জানে যে সত্যযুগত লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল। শাস্ত্ৰবোৰত
ভুল কৰি দিছে যে শ্ৰীকৃষ্ণক দ্বাপৰত লৈ গৈছে। পিতাইহে আহি পাহৰি যোৱাসকলক
মাৰ্গ-দৰ্শন কৰায়। তেওঁক কোৱা হয় মুক্তি-জীৱনমুক্তিৰ মাৰ্গ-দৰ্শক। সকলোকে
মুক্তি-জীৱনমুক্তি দিওঁতা এজনেই। ভাৰত যেতিয়া জীৱনমুক্ত হয় তেতিয়া বাকী সকলো আত্মা
মুক্তিধামত থাকে, সেইকাৰণে তেওঁক কোৱা হয় মুক্তি-জীৱনমুক্তি দাতা। ৰচয়িতা এজনেই।
সৃষ্টিও এখনেই, বিশ্বৰ ইতিহাস-ভূগোলো এখনেই, যি পুনৰাবৃত্তি হৈ থাকে। সত্যযুগ,
ত্ৰেতা, দ্বাপৰ, কলিযুগ… তাৰপাছত হয় সংগমযুগ। কলিযুগ হ’ল পতিত, সত্যযুগ হ’ল পাৱন।
সত্যযুগ হ’ব, তেন্তে নিশ্চয় প্ৰথমে কলিযুগৰ বিনাশ হ’ব। বিনাশৰ আগতে স্থাপনা হ’ব।
সত্যযুগত স্থাপনা নহ’ব। ভগৱান তেতিয়াহে আহিব যেতিয়া পতিত সৃষ্টিক পাৱন কৰি
তুলিবলগীয়া হ’ব। এতিয়া পিতাই সহজ যুক্তি শুনায় যে দেহ সহিত দেহৰ সকলো সম্বন্ধ এৰি
দেহী-অভিমানী হৈ পিতাক স্মৰণ কৰা। পিতা হৈছে ভক্তসকলক ফল দিওঁতা। ভক্তসকলক জ্ঞান
দিয়ে - পাৱন হ’বৰ বাবে। সকলোকে পাৱন কৰি তোলোঁতা হ’ল যোগ। জ্ঞান সাগৰ আহি মুখেৰে
জ্ঞান শুনায়। পতিতসকলক পাৱন কৰি তোলে। এই সময়ত সকলো আত্মা পতিত হৈ গৈছে সেইকাৰণে
পিতাক আহ্বান জনায় কিয়নো পিতা অবিহনে কোনেও পাৱন কৰি তুলিব নোৱাৰে। যদি পতিত-পাৱনী
গঙ্গা হয় তেন্তে আকৌ পতিত-পাৱন সীতাৰাম বুলি কিয় আহ্বান কৰা। বুদ্ধিয়ে কয় যে পৰমপিতা
পৰমাত্মা নিশ্চয় আকৌ নতুন সৃষ্টিৰ স্থাপনা আৰু পুৰণি সৃষ্টিৰ বিনাশৰ কাৰণে আহিব।
কল্পবৃক্ষৰ আয়ুসো থাকে, যি বস্তু জৰ্জৰিত হৈ যায়, তাকেই তমোপ্ৰধান বুলি কয়। নতুন
সৃষ্টি বুলি কোৱা নহ’ব, এয়া হ’ল লৌহযুগী সৃষ্টি। এই সকলোবোৰ কথা বুদ্ধিত ধাৰণ কৰোঁৱা
হয় অন্যক বুজাবৰ কাৰণে। ঘৰে ঘৰে বাৰ্তা দিব লাগে। এনেকৈ নক’বা যে পৰমাত্মা আহিছে।
যুক্তিৰে বুজাব লাগে, কোৱা দুজন পিতা আছে লৌকিক আৰু পাৰলৌকিক। দুখৰ সময়ত পাৰলৌকিক
পিতাকহে স্মৰণ কৰা হয়। সুখধামত কোনেও পৰমাত্মাক স্মৰণ নকৰে। সত্যযুগ,
লক্ষ্মী-নাৰায়ণৰ ৰাজ্যত সুখ, শান্তি, পৱিত্ৰতা সকলোবোৰ আছিল। পিতাৰ উত্তৰাধিকাৰ পাই
গ’ল তাৰপাছত আকৌ কিয় আহ্বান কৰিব? তাত সুখেই সুখ। পিতাই দুখৰ কাৰণে সৃষ্টি ৰচা নাই।
এইখন পূৰ্ব নিৰ্ধাৰিত খেল, যাৰ ভূমিকা অন্তিমত আছে তেওঁলোকে 2-4 জন্ম লয়, বাকী সময়
শান্তিধামত থাকিব। বাকী খেলৰ পৰা কোনোবা ওলাই যাব এইটো হ’ব নোৱাৰে। এটা দুটা জন্ম
ল’লে বাকী সময় যেন মোক্ষত (মুক্ত হৈ) থাকে, আত্মা ভাৱৰীয়া হয়। কাৰোবাৰ উচ্চ ভূমিকা,
কাৰোবাৰ কম। গায়ন কৰা হৈছে - ঈশ্বৰৰ অন্ত কোনেও পাব নোৱাৰে। ঈশ্বৰেহে আহি ৰচয়িতা আৰু
ৰচনাৰ আদি-মধ্য-অন্তৰ ৰহস্য বুজায়। পিতাই বুজায় - মই সাধাৰণ শৰীৰত প্ৰৱেশ কৰোঁ। মই
যিটো শৰীৰত প্ৰৱেশ কৰোঁ, এওঁ নিজৰ জন্মৰ বিষয়ে নাজানে, মই এওঁৰ 84 জন্মৰ কাহিনী
শুনাওঁ, কোনো ভূমিকা সলনি হ’ব নোৱাৰে। এয়া পূৰ্ব নিৰ্ধাৰিত খেল। এয়া কাৰো বুদ্ধিত
ধাৰণ নহয়। বুদ্ধিত তেতিয়া ধাৰণ হ’ব যেতিয়া পৱিত্ৰ হৈ বুজিব। ভালদৰে বুজিবলৈ 7 দিন
ভাতীত থাকিব লাগে। ভাগৱত আদিও 7 দিন ৰাখে। কোনোৱে 7 দিনত ভালদৰে বুজি লয়, কোনোৱেতো
কৈ দিয়ে যে মোৰ বুদ্ধিত একোৱেই ধাৰণ নহ’ল। উচ্চ পদ পাবলগীয়া নাথাকিলে তেন্তে
বুদ্ধিত কেনেকৈ ধাৰণ হ’ব। বাৰু, তথাপিও কল্যাণতো হ’ল নহয়। প্ৰজাতো এনেকৈ তৈয়াৰ হয়,
বাকী ৰাজ্য-ভাগ্য লোৱাৰ ক্ষেত্ৰত পৰিশ্ৰম আছে। পিতাক স্মৰণ কৰিলেহে বিকৰ্ম বিনাশ
হ’ব। এতিয়া কৰা বা নকৰা সেয়া তোমালোকৰ ওপৰত। কিন্তু পিতাই কৰিবলৈ নিৰ্দেশ দিয়ে,
মৰমৰ বস্তুক স্মৰণ কৰা হয় নহয়। ভক্তিমাৰ্গতো কয় যে হে পতিত-পাৱন আহক। এতিয়া তেওঁক
পাইছা। তেওঁ কয় - মোক স্মৰণ কৰা তেতিয়া মামৰ আঁতৰি যাব। বাদশ্বাহী এনেয়ে জানো পাই
যাবা। স্মৃতিত থকাৰ ক্ষেত্ৰতে কিছু পৰিশ্ৰম হয়। বহুত স্মৰণ কৰাসকলেহে কৰ্মাতীত
অৱস্থা পায়। পূৰা স্মৃতিত নাথাকিলে বিকৰ্ম বিনাশ নহ’ব। যোগবলেৰেই বিকৰ্মাজিৎ হ’ব
লাগে। লক্ষ্মী-নাৰায়ণ ইমান পৱিত্ৰ কেনেকৈ হ’ল? যিহেতু কলিযুগৰ অন্তত কোনো পৱিত্ৰ
নাই। এই সময়ত গীতা জ্ঞানৰ আখ্যান পুনৰাবৃত্তি হৈ আছে। শিৱ ভগৱানুবাচ, ভুলতো সকলোৰে
হৈ থাকে। মই আহি সকলোকে অভুল কৰি তোলোঁ। ভাৰতৰ যিবোৰ শাস্ত্ৰ আছে, এই সকলোবোৰ হৈছে
ভক্তিমাৰ্গৰ। পিতাই কয় - মই যিবোৰ শুনাইছিলোঁ সেয়া কোনেও গম নাপায়। যিসকলে মোৰ
দ্বাৰা শুনিলে, তেওঁলোকে 21 জন্মৰ প্ৰালব্ধ পালে, পুনৰ জ্ঞান প্ৰায় লোপ হৈ যায়।
তোমালোকেই চক্ৰ পৰিক্ৰমা লগাই পুনৰ এই জ্ঞান শুনি আছা।
তোমালোকে জানা যে আমি
মনুষ্যৰ পৰা দেৱতা কৰি তোলাৰ পুলি ৰোপণ কৰি আছোঁ। এয়া হৈছে দৈৱী বৃক্ষৰ পুলি।
তেওঁলোকেতো সেই বৃক্ষৰ পুলি ৰোপণ কৰি থাকে। পিতা আহি পাৰ্থক্য শুনায়। তোমালোকে
দেখুওৱাও যে তেওঁলোকৰ কি পৰিকল্পনা, তোমালোকৰ কি পৰিকল্পনা। তেওঁলোকে পৰিয়াল
পৰিকল্পনা কৰে যে জনসংখ্যা যাতে বৃদ্ধি নহয়। পিতাইতো বহুত ভাল কথা শুনায় যে অনেক
ধৰ্ম বিনাশ হৈ যাব আৰু দেৱী-দেৱতা ধৰ্মৰ পৰিয়াল প্ৰতিষ্ঠা হৈ যাব। সত্যযুগত এটাই আদি
সনাতন দেৱী-দেৱতা ধৰ্মৰ পৰিয়াল আছিল আৰু অনেক পৰিয়াল নাছিলেই। এই সময়ত ভাৰতত চোৱা
কিমান পৰিয়াল আছে। গুজৰাটী পৰিয়াল, শিখ পৰিয়াল… বাস্তৱত ভাৰতৰ এটাই পৰিয়াল হোৱা
উচিত। অনেক পৰিয়াল হ’লে নিশ্চয় সংঘাত হ’ব। আকৌ গৃহযুদ্ধ হৈ যায়। পৰিয়ালতো গৃহযুদ্ধ
হৈ যায়। যেনেকৈ খ্ৰীষ্টিয়ানসকলৰ নিজৰ পৰিয়াল আছে, তেওঁলোকৰ ভিতৰতো দুজন ভাই পৰস্পৰ
একেলগে নাথাকে। সংঘৰ্ষ হৈ যায়। পানীও ভাগ কৰা হয়। শিখ ধৰ্মৰ লোকে ভাবে আমি নিজৰ
ধৰ্মৰ পৰিয়ালক বেছি সুখ দিম। অন্তৰৰ টান থাকে নহয় মগজ খটুৱাই থাকে। যেতিয়া অন্তিম
সময় আহে তেতিয়া নিজৰ মাজত যুঁজিবলৈ লাগি যায়। বিনাশতো হ’বই। অনেক বোমা তৈয়াৰ কৰি
থাকে। যেতিয়া ডাঙৰ যুদ্ধ লাগিছিল তেতিয়া (হিৰোচিমা আৰু নাগাচাকিত) দুটা বোমা
পেলাইছিল। এতিয়াতো অনেক তৈয়াৰ কৰিছে। বোধশক্তিৰ কথা নহয় জানো। তোমালোকে বুজাব লাগে
যে এয়া সেয়াই মহাভাৰত যুদ্ধ। ডাঙৰ ডাঙৰ ব্যক্তিয়েও কয় যদি যুদ্ধ বন্ধ নকৰা তেন্তে
গোটেই জগতত জুই লাগি যাব। তোমালোকে জানা যে জুইতো লাগিবই।
পিতাই আদি সনাতন
দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰে। ৰাজযোগ হয়েই সত্যযুগৰ। যি দেৱতা ধৰ্ম প্ৰায় লোপ হৈ
গৈছে সেয়া পুনৰ প্ৰতিষ্ঠা কৰে। এতিয়া কলিযুগ, তাৰপাছত সত্যযুগ হোৱা উচিত। এতিয়া
কলিযুগৰ বিনাশৰ বাবে এই ভয়ানক মহাভাৰতৰ যুদ্ধ। এই সকলোবোৰ ভালদৰে ধাৰণ কৰি বুজাব
লাগে কিয়নো মনুষ্য হৈছে আসুৰি সম্প্ৰদায়ৰ, সেয়েহে সাৱধান হ’ব লাগে। কল্প পূৰ্বৰ
দৰে যি বিঘিনি আহিছিল সেয়া নিশ্চয় আহিব। এইখন পূৰ্ব নিৰ্ধাৰিত নাটক। আমি বান্ধ খাই
আছোঁ। স্মৃতিৰ যাত্ৰা কেতিয়াও পাহৰি যাব নালাগে। গীতো আছে নহয় - নিশাৰ পথিক ভাগৰি
নপৰিবা… ইয়াৰ অৰ্থ কোনেও বুজিব নোৱাৰে। ৰাতি পূৰা হৈ এতিয়া দিন হ’ব। আধাকল্প পূৰা
হ’ল, এতিয়া সুখ আৰম্ভ হ’ব। পিতাই ‘মনমনাভৱ’ৰ (নিজক আত্মা বুলি বুজি পৰমাত্মাক
স্মৰণ কৰা) অৰ্থও বুজাইছে, কেৱল ‘গীতা’ত শ্ৰীকৃষ্ণৰ নাম দি দিয়াৰ বাবে সেই শক্তি
নাই। শ্ৰীকৃষ্ণক কেতিয়াও সৰ্বশক্তিমান বুলি ক’ব নোৱাৰি। তেওঁতো পূৰা 84 জন্ম লয়
সেয়েহে ‘গীতা’ত সেই শক্তি নাই। এতিয়া আমি সকলো মনুষ্য-মাত্ৰৰ কল্যাণ কৰি আছোঁ।
যিসকল কল্যাণকাৰী হ’ব তেওঁলোকে উত্তৰাধিকাৰ লাভ কৰিব। স্মৃতিৰ যাত্ৰা অবিহনে কল্যাণ
হ’ব নোৱাৰে। এই সময়ত সকলো অপ্ৰীতিকৰ (ভ্ৰষ্ট) বুদ্ধিৰ। এনেকৈ কৈ দিয়ে যে পৰমাত্মা
সৰ্বব্যাপী আছে। তোমালোকে বুজাব লাগে যে তেওঁ হৈছে বেহদৰ (গোটেই জগৰত) পিতা। বেহদৰ
পিতাৰ পৰা ভাৰতবাসীয়ে বেহদৰ উত্তৰাধিকাৰ লাভ কৰে। ভাৰতবাসীয়েই 84 জন্ম লৈছে। এতিয়া
তোমালোকে বাস্তৱত দেখিবলৈ পোৱা যে জ্ঞানতো তোমালোকে শুনিয়েই আছা। দিনে-প্ৰতিদিনে
তোমালোকৰ ওচৰলৈ বহুত নতুন নতুন আহি থাকিব। এতিয়াই যদি ডাঙৰ ডাঙৰ ব্যক্তিসকল আহি
যায় তেতিয়াতো সময় নালাগিব। ততালিকে আৱাজ বিয়পি যাব। হুলস্থূল হৈ যাব সেইকাৰণে
যুক্তিৰে লাহে লাহে চলি থাকে। এয়া হয়েই গুপ্ত জ্ঞান, কোনেও গমো নাপায় যে এয়া কি কৰি
আছে। ভক্তিত হৈছে দুখ, জ্ঞানত হৈছে সুখ। ৰাৱণৰ সৈতে তোমালোকৰ যুদ্ধ কেনেকুৱা হয়,
এইটো তোমালোকেই জানা আন কোনেও জানিব নোৱাৰে। ভগৱানুবাচ, তমোপ্ৰধানৰ পৰা সতোপ্ৰধান
হ’বলৈ হ’লে মোক স্মৰণ কৰা তেতিয়া পাপ বিনাশ হৈ যাব। পৱিত্ৰ হোৱা তেতিয়া লগত লৈ যাম।
মুক্তিতো সকলোৱে পাব। সকলো ৰাৱণৰাজ্যৰ পৰা মুক্ত হৈ যাব। তোমালোকে কোৱা যে আমি শিৱ
শক্তি ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰীসকলেই শ্রেষ্ঠাচাৰী সৃষ্টি স্থাপনা কৰিম। পৰমপিতা
পৰমাত্মাৰ শ্রীমতত কল্প পূৰ্বৰ দৰে 5 হাজাৰ বছৰ পূৰ্বে শ্রেষ্ঠাচাৰী সৃষ্টি আছিল,
এইটো বুদ্ধিত ধাৰণ হ’ব লাগে। যেতিয়া মুখ্য কথা বুদ্ধিত ধাৰণ হ’ব তেতিয়া স্মৃতিৰ
যাত্ৰাত থাকিব পাৰিবা। কোনোৱে ভাবে এতিয়া সময় বাকী আছে, পাছলৈ পুৰুষাৰ্থ কৰি ল’ম।
কিন্তু মৃত্যুৰ নিয়ম আছে জানো। কালি যদি মৰি যোৱা! সেইবাবে এনেকৈ নাভাবিবা যে
অন্তিমত তীব্ৰতাৰে পুৰুষাৰ্থ কৰি ল’ম। এইটো খেয়ালে আৰুহে অৱনমিত কৰি দিব। যিমান
সম্ভৱ পুৰুষাৰ্থ কৰি থাকা। শ্রীমতত প্ৰত্যেকেই নিজৰ কল্যাণ কৰিব লাগে, নিজক পৰীক্ষা
কৰিব লাগে যে কিমান পিতাক স্মৰণ কৰোঁ আৰু কিমান পিতাৰ সেৱা কৰোঁ। পৰমাত্মাৰ আত্মিক
সহায়কাৰী তোমালোক হোৱা নহয় জানো। তোমালোকে আত্মাসকলক উদ্ধাৰ কৰা। আত্মা পতিতৰ পৰা
পাৱন কেনেকৈ হ’ব, তাৰ যুক্তি শুনায়। কৃষ্ণক স্মৰণ কৰিলে বিকৰ্ম বিনাশ নহ’ব। তেওঁতো
ৰাজকুমাৰ আছিল, তেওঁ প্ৰালব্ধ ভোগ কৰিলে, তেওঁৰ মহিমাৰো প্ৰয়োজন নাই। দেৱতাসকলৰ
মহিমা কি কৰিব! অৱশ্যে হয় জন্মদিনতো সকলোৱে পালন কৰে। এইটো গতানুগতিক কথা। বাকী
তেওঁলোকে কি কৰিলে, ছিৰিতো নামিয়েই আহে। ভাল বা বেয়া মনুষ্যতো থাকে। প্ৰত্যেকৰে
ভূমিকা নিজৰ নিজৰ। এয়া হ’ল বেহদৰ কথা। মুখ্য ঠাল-ঠেঙুলি গণনা কৰা হয়। বাকী পাততো
অনেক আছে। সেয়া তোমালোকে কিমানলৈকে গণনা কৰি থাকিবা। পিতাই বুজাই থাকে, সন্তানসকল
পৰিশ্ৰম কৰা, সকলোকে পিতাৰ পৰিচয় দিয়া তেতিয়া পিতাৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়ি উঠিব।
পিতাই কয় - সকলোকে কোৱা - পৱিত্ৰ হোৱা তেতিয়া মুক্তিধামলৈ গুচি যাবা। জগতে জানো গম
পায় যে মহাভাৰতৰ যুদ্ধৰ পৰা কি হ’ব। এয়া যজ্ঞ ৰচিছে কিয়নো নতুন সৃষ্টি লাগে। আমাৰ
যজ্ঞ পূৰা হ’লে তেতিয়া সকলো এই যজ্ঞত স্বাহা হ’ব (আহুতি যাব)। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সঁচা
ঈশ্বৰৰ সহায়কাৰী হৈ সকলো আত্মাক উদ্ধাৰ কৰাৰ সেৱা কৰিব লাগে। সকলোৰে কল্যাণ কৰিব
লাগে। সকলোকে পিতাৰ পৰিচয় দিব লাগে।
(2) আটাইতকৈ মৰমৰ
বস্তুক (পিতাক) মৰমেৰে স্মৰণ কৰিব লাগে। পূৰ্ব নিৰ্ধাৰিত নাটকৰ ওপৰত অটল হৈ থাকিব
লাগে। বিঘিনিলৈ ভয় কৰিব নালাগে।
বৰদান:
মনমনাভৱ বিধিৰ
দ্বাৰা মনৰস স্থিতিৰ অনুভৱ কৰোঁতা আৰু আনকো কৰাওঁতা সকলো বন্ধনৰ পৰা মুক্ত হোৱা
যিসকল সন্তানে লোৰ
শিকলি আৰু সূক্ষ্ম সূতাৰ বন্ধন ছিঙি বন্ধনমুক্ত স্থিতিত থাকে, তেওঁলোক কলিযুগী
স্থূল বস্তুবোৰৰ সোৱাদ বা মনৰ আসক্তিৰ পৰা মুক্ত হৈ যায়। তেওঁলোকক দেহ-অভিমান বা
দেহৰ পুৰণি জগতৰ কোনো বস্তুৱে অলপো আকৰ্ষিত নকৰে। যেতিয়া কোনো ইন্দ্ৰিয়ৰ ৰস অৰ্থাৎ
বিনাশী ৰসৰ ফালে আকৰ্ষণ নাথাকে, তেতিয়াহে অলৌকিক অতীন্দ্ৰিয় সুখ বা মনৰস স্থিতিৰ
অনুভৱ হয়। ইয়াৰ বাবে নিৰন্তৰ মনমনাভৱ স্থিতিৰ প্ৰয়োজন।
স্লোগান:
সঁচা সেৱা সেয়াই য’ত সকলোৰে আশীৰ্বাদৰ লগতে আনন্দৰ অনুভূতি হয়।
অব্যক্ত ইংগিত: এতিয়া
নিজৰ দাতা স্বৰূপ প্ৰত্যক্ষ কৰা
জগততো দান কৰাটো
পুণ্য বুলি ভাবে, তোমালোক দাতাৰ সন্তান, সদায় দান কৰোঁতা পুণ্য আত্মা। তোমালোকে
কোনো আত্মাৰ দ্বাৰা অল্পকালৰ প্ৰাপ্তি লোৱাৰ কামনা কৰিব নোৱাৰা। "এই আত্মাটিয়ে কিবা
দিলেহে মই দিম" বা এৱোঁ কিবা কৰক তেতিয়া ময়ো কৰিম"— এনে ধৰণৰ হদৰ (সীমিত) কামনা
নাৰাখিবা। দাতাৰ সন্তান হৈ সকলোৰে প্ৰতি স্নেহ, সহযোগিতা আৰু শক্তি প্ৰদান কৰোঁতা
পুণ্য আত্মা হোৱা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]