09.10.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – বিশ্বৰ ৰাজ্য বাহুবলেৰে ল’ব নোৱাৰি, তাৰবাবে যোগবলৰ প্ৰয়োজন, এয়াও এক বিধান”

প্ৰশ্ন:
শিৱবাবা কোনটো কথাত নিজক নিজেই আচম্বিত হয়?

উত্তৰ:
বাবাই কয় চোৱা কিমান আচৰিত কথা - মই তোমালোকক পঢ়াওঁ, এয়া মই কেতিয়াও কাৰো পৰা শিকা নাই। মোৰ কোনো পিতা নাই, মোৰ কোনো শিক্ষক নাই, গুৰু নাই। মই সৃষ্টিচক্ৰত পুনৰ্জন্ম নলওঁ তথাপি মই তোমালোকক গোটেই জন্মৰ কাহিনী শুনাই দিওঁ। নিজে 84ৰ চক্ৰত নাহোঁ কিন্তু চক্ৰৰ জ্ঞান একেবাৰে সঠিককৈ দিওঁ।

ওঁম্শান্তি।
আত্মিক পিতাই তোমালোক সন্তানসকলক স্বদৰ্শন চক্ৰধাৰী কৰি তোলে অৰ্থাৎ তোমালোকে এই 84ৰ চক্ৰক জানি যোৱা। আগতে জনা নাছিলা, এতিয়া পিতাৰ দ্বাৰা তোমালোকে জানিলা। 84 জন্মৰ চক্ৰত তোমালোক নিশ্চয় আহা। তোমালোক সন্তানসকলক 84ৰ চক্ৰৰ জ্ঞান দিওঁ। মই স্বদৰ্শন চক্ৰধাৰী হওঁ কিন্তু বাস্তৱত 84ৰ চক্ৰত মই নাহোঁ। সেয়েহে ইয়াৰ দ্বাৰা বুজি পাব লাগে যে শিৱ পিতাৰ গোটেই জ্ঞান আছে। তোমালোকে জানা যে আমি ব্ৰাহ্মণসকল এতিয়া স্বদৰ্শন চক্ৰধাৰী। বাবা স্বদৰ্শন চক্ৰধাৰী নহয়। তেন্তে তেওঁৰ অনুভৱ ক’ৰ পৰা হ’ল? আমিতো অনুভৱ কৰোঁ। বাবাই ক'ৰ পৰা অনুভৱ কৰে যি আমাক শুনায়? বাস্তৱিকতে অনুভৱ হ’ব লাগে নহয়। পিতাই কয় - মোক জ্ঞানৰ সাগৰ বুলি কয়, কিন্তু মইতো 84 জন্মৰ চক্ৰত নাহোঁ। তেন্তে মোৰ এই জ্ঞান ক'ৰপৰা আহিল? শিক্ষকে পঢ়ায় যেতিয়া নিজেও পঢ়িছে নহয় জানো। এই শিৱবাবাই কেনেকৈ পঢ়িলে? তেওঁ কেনেকৈ 84ৰ চক্ৰৰ কথা জানিব পাৰিলে, যিহেতু নিজে 84 জন্মত নাহে। পিতা বীজৰূপ হোৱাৰ বাবে জানিব পাৰে। নিজে 84ৰ চক্ৰত নাহে। কিন্তু তোমালোকক সকলো বুজায়, এয়াও কিমান আচৰিত কথা। এনেকুৱাও নহয় যে পিতাই কোনো শাস্ত্ৰ আদি পঢ়িছে। কোৱা হয় - ড্ৰামা অনুসৰি তেওঁৰ এই জ্ঞান থাকেই যি তোমালোকক শুনায়। তেন্তে তেওঁ বিস্ময়কৰ শিক্ষক নহ’ল জানো। আচম্বিত হ’ব নালাগে জানো, সেয়েহে তেওঁক ডাঙৰ ডাঙৰ নাম দি দিছে। ঈশ্বৰ, প্ৰভু, অন্তৰ্যামী আদি আদি। তোমালোক আচম্বিত হোৱা যে ঈশ্বৰৰ কেনেকৈ ইমান জ্ঞান ভৰপূৰ হৈ আছে। তেওঁৰ এই জ্ঞান আহিল কেনেকৈ যি তোমালোকক বুজায়? তেওঁৰতো কোনো পিতাও নাই যাৰ পৰা তেওঁ জন্ম ল’লে অথবা শিকিছে। তোমালোক সকলো ভাই ভাই। সেই এজন কেনেকৈ তোমালোকৰ পিতা হয়, বীজৰূপ হয়। কিমান জ্ঞান তোমালোক সন্তানসকলক শুনায়। তেওঁ কয় যে 84 জন্ম মই নলওঁ, তোমালোকে লোৱা। তেন্তে নিশ্চয় প্ৰশ্ন উদয় হ’ব - বাবা আপুনি কেনেকৈ জানিলে। বাবাই কয় – সন্তানসকল, অনাদি ড্ৰামা অনুসৰি মোৰ এই জ্ঞান আগৰ পৰাই আছে, যি তোমালোকক পঢ়াওঁ। সেইবাবেই মোক উচ্চৰো উচ্চ ভগৱান বুলি কোৱা হয়। নিজে চক্ৰত নাহে কিন্তু তেওঁৰ সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান আছে। তেন্তে তোমালোক সন্তানসকল কিমান আনন্দিত হ’ব লাগে। তেওঁ 84 চক্ৰৰ জ্ঞান ক’ৰ পৰা পালে? তোমালোকেতো পিতাৰ পৰা পালা। পিতাৰ আদিৰে পৰা এই জ্ঞান আছে। তেওঁক জ্ঞানেৰে পৰিপূৰ্ণ বুলি কোৱা হয়। কাৰো পৰা পঢ়াও নাই। তথাপি তেওঁ আগৰ পৰাই জানে সেয়েহে তেওঁক জ্ঞানেৰে পৰিপূৰ্ণ বুলি কোৱা হয়। এইটো আচৰিত নহয় জানো, সেয়েহে এই পঢ়া উচ্চৰো উচ্চ বুলি গায়ন আছে। সন্তানসকল পিতাক লৈ আচম্বিত হয়। তেওঁক কিয় জ্ঞানেৰে পৰিপূৰ্ণ বুলি কোৱা হয় - প্ৰথমতে এইটো বুজিবলগীয়া কথা, দ্বিতীয়তে আকৌ কি কথা আছে? এইখন চিত্ৰ তোমালোকে দেখুৱালে কোনোবাই সুধিব যে ব্ৰহ্মাৰো নিজৰ আত্মা থাকিব আৰু এওঁ যিজন নাৰায়ণ হ’ব তেওঁৰো নিজৰ আত্মা থাকিব। দুটা আত্মা আছে নহয়। এটা ব্ৰহ্মাৰ আৰু এটা নাৰায়ণৰ। কিন্তু বিচাৰ কৰিলে দেখা যায় এয়া কোনো দুটা আত্মা নহয়। আত্মা এটাই। এয়া দেৱতাৰ এটা আৰ্হি দেখুওৱা হয়। এই ব্ৰহ্মাই বিষ্ণু অৰ্থাৎ নাৰায়ণ হয়, ইয়াকে গূঢ় কথা বুলি কোৱা হয়। পিতাই বহুত গূঢ় জ্ঞান শুনায় যিটো একমাত্ৰ পিতাৰ বাহিৰে আন কোনেও পঢ়াব নোৱাৰে। গতিকে ব্ৰহ্মা আৰু বিষ্ণুৰ দুটা আত্মা নাথাকে। সেইদৰে সৰস্বতী আৰু লক্ষ্মী - এওঁলোকৰ দুটা আত্মা নে এটা? আত্মা এটা, শৰীৰ দুটা। এই সৰস্বতীয়েই আকৌ লক্ষ্মী হয়গৈ সেইবাবে এটা আত্মা বুলিয়েই ধৰা হয়। 84 জন্ম এটা আত্মায়ে লয়। এয়া অতিকৈ বুজিবলগীয়া কথা। ব্ৰাহ্মণেই দেৱতা আৰু দেৱতাই আকৌ ক্ষত্ৰিয় হয়গৈ। আত্মাই এটা শৰীৰ এৰি আন এটা লয়। আত্মা এটাই, মাথোন এয়া আৰ্হি দেখুওৱা হয় - কেনেকৈ ব্ৰাহ্মণেই দেৱতা হয়গৈ। ‘আমিয়েই সেয়া’ ইয়াৰ অর্থ কিমান সুন্দৰ। এয়াই হৈছে অতি গূঢ় কথা। ইয়াৰ ভিতৰতো প্ৰথমে এইটো বুজিব লাগে যে আমি এজন পিতাৰ সন্তান। সকলো আত্মাই আচলতে পৰমধাম নিবাসী। ইয়াত ভূমিকা পালন কৰিবলৈ আহিছে। এয়া হৈছে খেল। পিতাই তোমালোকক এই খেলৰ বাতৰি শুনায়। পিতাইতো আগৰ পৰা জানেই। তেওঁক কোনেও শিকোৱা নাই। এই 84ৰ চক্ৰক তেৱেঁই জানে যি এই সময়ত তোমালোকক শুনায়। আকৌ তোমালোকে পাহৰি যোৱা। তেন্তে তাৰ শাস্ত্ৰ কেনেকৈ ৰচিব পাৰে। পিতাইতো কোনো শাস্ত্ৰ পঢ়া নাই। তেন্তে তেওঁ আহি কেনেকৈ নতুন নতুন কথা শুনায়, আধাকল্প হৈছে ভক্তিমাৰ্গ। এই কথাবোৰো শাস্ত্ৰত নাই। এই শাস্ত্ৰসমূহো ড্ৰামা অনুসৰি ভক্তিমাৰ্গতেই ৰচা হৈছে। তোমালোকৰ বুদ্ধিত আৰম্ভণিৰ পৰা শেষলৈ এই ড্ৰামাৰ বিশাল জ্ঞান আছে। তেওঁ নিশ্চয় মনুষ্য শৰীৰৰ আধাৰ ল’বলগীয়া হয়। শিৱবাবাই এই ব্ৰহ্মাৰ শৰীৰত বহি এই সৃষ্টি চক্ৰৰ জ্ঞান শুনায়। মনুষ্যইতো মিছা কাহিনী ৰচি সৃষ্টি চক্ৰৰ আয়ুস কিমান দীঘলীয়া কৰি দিছে। নতুন সৃষ্টিয়েই আকৌ পুৰণি হৈ যায়। নতুন সৃষ্টিক স্বৰ্গ বুলি কোৱা হয়, পুৰণিক নৰক বুলি কোৱা হয়। সৃষ্টিতো এখনেই। নতুন সৃষ্টিত থাকে দেৱী-দেৱতা। তাত অপাৰ সুখ আছে। গোটেই সৃষ্টি নতুন হৈ যায়। এতিয়া ইয়াক পুৰণি বুলি কোৱা হয়। নামেই হৈছে লৌহযুগী সৃষ্টি। যেনেকৈ পুৰণি দিল্লী আৰু নতুন দিল্লী বুলি কোৱা হয়। পিতাই বুজায় - মৰমৰ সন্তানসকল, নতুন সৃষ্টিত নতুন দিল্লী হ’ব। মনুষ্যইতো পুৰণি সৃষ্টিতেই নতুন দিল্লী বুলি কৈ দিয়ে। ইয়াক নতুন বুলি কেনেকৈ ক’বা! পিতাই বুজায় - নতুন সৃষ্টিত নতুন দিল্লী হ’ব। তাত এই লক্ষ্মী-নাৰায়ণে ৰাজ্য কৰিব। তাক সত্যযুগ বুলি কোৱা হ’ব। তোমালোকে এই গোটেই ভাৰতত ৰাজ্য কৰিবা। তোমালোকৰ ৰাজ্য সিংহাসন যমুনাৰ পাৰত থাকিব। পাছলৈ ৰাৱণৰাজ্যৰ সিংহাসনো ইয়াতেই থাকিব। ৰামৰাজ্যৰ সিংহাসনো ইয়াতেই থাকিব। নাম দিল্লী নহ’ব। তাক পৰিস্তান বুলি কোৱা হয়। আকৌ যি যেনেকুৱা ৰজা হয় তেওঁ নিজৰ সিংহাসনৰ তেনেকুৱাই নাম ৰাখে। এই সময়ত তোমালোক সকলো পুৰণি সৃষ্টিত আছা। নতুন সৃষ্টিলৈ যাবৰ বাবে তোমালোকে পঢ়ি আছা। পুনৰ মনুষ্যৰ পৰা দেৱতা হৈ আছা। পঢ়াওঁতাজন হৈছে পিতা।

তোমালোকে জানা যে উচ্চতকৈও উচ্চ পিতা ইয়ালৈ আহি ৰাজ্যযোগ শিকাইছে। এতিয়া তোমালোক সংগমযুগত আছা, যি সময়ত কলিযুগী পুৰণি সৃষ্টি নাশ হৈ যায়। পিতাই ইয়াৰ হিচাপো শুনাইছে, মই ব্ৰহ্মাৰ শৰীৰত আহোঁ। মনুষ্যইতো নাজানে যে ব্ৰহ্মা কোন? প্ৰজাপিতা ব্ৰহ্মাৰ কথা শুনিছে। তোমালোক ব্ৰহ্মাৰ প্ৰজা নোহোৱা জানো সেয়েহে নিজকে বি.কে. বুলি কোৱা। বাস্তৱত শিৱবাবাৰ সন্তান শিৱবংশী হোৱা যেতিয়া তোমালোক নিৰাকাৰ আত্মা অৱস্থাত থাকা, আকৌ সাকাৰত প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান ভাই-ভনী হোৱা, আৰু কোনো সম্বন্ধ নাই। এই সময়ত তোমালোকে সেই কলিযুগী সম্বন্ধবোৰ পাহৰি যোৱা কিয়নো সেয়া হৈছে বন্ধন। তোমালোক নতুন সৃষ্টিলৈ যোৱা। ব্ৰাহ্মণৰ টিকনি থাকে। টিকনি ব্ৰাহ্মণৰ চিন। এয়া হৈছে তোমালোক ব্ৰাহ্মণৰ কুল। সেয়া হৈছে কলিযুগী ব্ৰাহ্মণ। ব্ৰাহ্মণ সাধাৰণতে পাণ্ডা হয়। এবিধ ব্ৰাহ্মণে সিধা খায়, আন বিধে গীতা শুনায়। এতিয়া তোমালোক ব্ৰাহ্মণে এই গীতা শুনোৱা, তেওঁলোকেও গীতা শুনায়, তোমালোকেও গীতা শুনোৱা। চোৱা কিমান পাৰ্থক্য আছে! তোমালোকে কোৱা কৃষ্ণক ভগৱান বুলি ক'ব নোৱাৰি। কৃষ্ণকতো দেৱতা বুলি কোৱা হয়। তেওঁৰ দৈৱী গুণ আছে। তেওঁকতো এই দুচকুৰে দেখা পোৱা যায়। শিৱৰ মন্দিৰত দেখিবা শিৱৰ নিজৰ শৰীৰ নাই। তেওঁ হৈছে পৰম আত্মা অৰ্থাৎ পৰমাত্মা। ঈশ্বৰ, প্ৰভু, ভগৱান আদি শব্দবোৰৰ কোনো অৰ্থ নোলায়। পৰমাত্মাই হৈছে সৰ্বোচ্চ আত্মা। তোমালোক সৰ্বোচ্চ নোহোৱা। চোৱা তোমালোক আত্মা আৰু সেই আত্মাটিৰ মাজত কিমান পাৰ্থক্য আছে। তোমালোক আত্মাসকলে এতিয়া পৰমাত্মাৰ পৰা শিকি আছা। তেওঁ কাৰো পৰা শিকা নাই। এওঁতো পিতা হয়। সেই পৰমপিতা পৰমাত্মাক তোমালোকে পিতা বুলিও কোৱা, শিক্ষক বুলিও কোৱা আৰু গুৰু বুলিও কোৱা। হয় এজনেই। আৰু কোনো আত্মা পিতা, শিক্ষক, গুৰু হ'ব নোৱাৰে। পৰম আত্মা এজনেই তেওঁক কোৱা হয় সৰ্বোচ্চ। প্ৰত্যেককে প্ৰথমে পিতা লাগে, পাছত শিক্ষক, শেষলৈ গুৰু লাগে। পিতায়ো কয় - মই তোমালোকৰ পিতাও হওঁ আকৌ শিক্ষকো হওঁ আকৌ ময়েই তোমালোকৰ সৎগতি দাতা সৎগুৰুও হওঁ। সৎগতি দিওঁতা গুৰু হয়েই এজন। বাকী গুৰুতো অনেক আছে। পিতাই কয় - মই তোমালোক সকলোকে সৎগতি দিওঁ, তোমালোক সকলো সত্যযুগলৈ যাবা বাকী সকলো শান্তিধামলৈ যাব, যাক পৰমধাম বুলি কয়। সত্যযুগত আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল। বাকী কোনো ধৰ্ম নাই অন্য সকলো আত্মা মুক্তিধামলৈ গুচি যায়। সৎগতি বুলি কোৱা হয় সত্যযুগক, ভূমিকা পালন কৰি কৰি আকৌ দুৰ্গতিত আহি যায়। তোমালোকেই সৎগতিৰ পৰা আকৌ দুৰ্গতিত আহা। তোমালোকেই পূৰা 84 জন্ম লোৱা। যেনেকুৱা ৰজা-ৰাণী তেনেকুৱা প্ৰজা যিটো সেই সময়ত হ'ব। 9 লাখতো প্ৰথমে আহিব। 84 জন্ম 9 লাখেইতো ল'ব নহয় পাছত অন্যসকল আহি থাকিব - এইটো হিচাপ উলিওৱা হয়। যিটো পিতাই বুজায়। সকলোৱে 84 জন্ম নলয়, প্ৰথমে অহাসকলেহে 84 জন্ম লয় পাছত কম কম জন্ম লৈ আহি থাকে। সৰ্বাধিক হৈছে 84 জন্ম, এই কথাবোৰ অন্য কোনো মনুষ্যই নাজানে। পিতাইহে বহি বুজায়। গীতাত আছে ভগৱানুবাচ। এতিয়া তোমালোকে বুজি পালা - আদি সনাতন দেৱী-দেৱতা ধৰ্ম কোনো কৃষ্ণই ৰচনা কৰা নাই। এয়াতো পিতাইহে প্ৰতিষ্ঠা কৰে। কৃষ্ণৰ আত্মাই 84 জন্মৰ অন্তত এই জ্ঞান শুনিলে যি আকৌ প্ৰথম নম্বৰত আহিল। এইবোৰ বুজিবলগীয়া কথা। নিতৌ পঢ়িব লাগে, তোমালোক ভগৱানৰ বিদ্যাৰ্থী। ভগৱানুবাচ নহয় জানো। মই তোমালোকক ৰজাৰো ৰজা কৰি তোলোঁ। এইখন হৈছে পুৰণি সৃষ্টি, নতুন সৃষ্টি মানে সত্যযুগ। এতিয়া হৈছে কলিযুগ। পিতা আহি কলিযুগী পতিতৰ পৰা সত্যযুগী পাৱন দেৱতা কৰি গঢ়ি তোলে সেইকাৰণে কলিযুগী মনুষ্যই মাতি থাকে - বাবা আহি আমাক পাৱন কৰি তোলক। কলিযুগী পতিতৰ পৰা সত্যযুগী পাৱন দেৱতা কৰি তোলক। কিমান পাৰ্থক্য চোৱা। কলিযুগত হৈছে অপাৰ দুখ, সন্তান জন্মিল সুখ পালে, কাইলৈ মৰি গ’ল – দুখী হৈ যাব। গোটেই জীৱনত কিমান দুখ পায়। এইখন হয়েই দুখৰ সৃষ্টি। এতিয়া পিতাই সুখৰ সৃষ্টি স্থাপনা কৰি আছে। তোমালোকক স্বৰ্গবাসী দেৱতা কৰি গঢ়ি তোলে। এতিয়া তোমালোক পুৰুষোত্তম সংগমযুগত আছা। উত্তমতকৈও উত্তম পুৰুষ বা নাৰী হৈ যোৱা। তোমালোক আহিছাই এই লক্ষ্মী-নাৰায়ণ হ’বলৈ। বিদ্যাৰ্থীয়ে শিক্ষকৰ সৈতে যোগসূত্ৰ ৰাখে কাৰণ এইটো বুজি পায় যে এওঁৰ দ্বাৰা আমি পঢ়ি অমুক হ’মগৈ। ইয়াত তোমালোকে পৰমপিতা পৰমাত্মা শিৱৰ সৈতে যোগসূত্ৰ গঢ়া, যিয়ে তোমালোকক দেৱতা কৰি গঢ়ি তোলে। তেওঁ কয় – মোক অৰ্থাৎ তোমালোকৰ নিজৰ পিতাক, তোমালোক যাৰ শালগ্ৰাম সন্তান হোৱা তেওঁক স্মৰণ কৰা। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা তেৱেঁই জ্ঞানেৰে পৰিপূৰ্ণ হয়। পিতাই তোমালোকক সত্য গীতা শুনায় কিন্তু নিজে পঢ়া নাই। তেওঁ কয় – মই কাৰো সন্তান নহয়, কাৰো পৰা পঢ়া নাই। মোৰ কোনো গুৰু নাই। মই আকৌ তোমালোক সন্তানসকলৰ পিতা, শিক্ষক, গুৰু হওঁ। তেওঁক পৰম আত্মা বুলি কোৱা হয়। এই গোটেই সৃষ্টিৰ আদি, মধ্য, অন্তক জানে, যেতিয়ালৈকে তেওঁ নুশুনায়, তেতিয়ালৈকে তোমালোকে আদি-মধ্য-অন্তক বুজিব নোৱাৰা। এই চক্ৰক জানিলে তোমালোক চক্ৰৱৰ্তী ৰজা হোৱাগৈ। তোমালোকক এই বাবাই নপঢ়ায়, এওঁৰ শৰীৰত শিৱবাবা প্ৰৱেশ কৰি আত্মাসকলক পঢ়ায়। এয়া নতুন কথা নহয় জানো। এয়া সংগমতে হয়। পুৰণি সৃষ্টি নাশ হৈ যাব, কাৰোবাৰ ধূলিত পোত যাব, কাৰোবাৰ ৰজাই খাব… । সন্তানসকলক কয় - বহুতৰ কল্যাণ কৰিবলৈ, পুনৰাই দেৱতা কৰি গঢ়ি তুলিবলৈ এই পাঠশালা সংগ্ৰাহালয় খোলা, য’ত বহুতে আহি সুখৰ উত্তৰাধিকাৰ লাভ কৰিব। এতিয়া ৰাৱণৰাজ্য নহয় জানো। ৰামৰাজ্যত সুখ আছিল, ৰাৱণৰাজ্যত হৈছে দুখ কিয়নো সকলো বিকাৰী হৈ গ’ল। সেইখন হয়েই নিৰ্বিকাৰী সৃষ্টি। সন্তানতো এই লক্ষ্মী-নাৰায়ণৰো আছিল। কিন্তু তাত যোগবল থাকে। পিতাই তোমালোকক যোগবল শিকায়। যোগবলৰ দ্বাৰা তোমালোক বিশ্বৰ মালিক হোৱা, বাহুবলৰ দ্বাৰা কোনেও বিশ্বৰ মালিক হ’ব নোৱাৰে। বিধান নাই। তোমালোক সন্তানসকলে যোগবলৰ দ্বাৰা গোটেই বিশ্বৰ বাদশ্বাহী লৈ আছা। এয়া কিমান উচ্চ পঢ়া। পিতাই কয় - প্ৰথমে পৱিত্ৰতাৰ প্ৰতিজ্ঞা কৰা। পৱিত্ৰ হ’লেহে তোমালোক আকৌ পৱিত্ৰ সৃষ্টিৰ মালিক হ’বাগৈ। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কলিযুগী সম্বন্ধ যিবোৰ এতিয়া বন্ধন হৈ গৈছে, সেয়া পাহৰি নিজক সংগমযুগী ব্ৰাহ্মণ বুলি বুজিব লাগে। সত্য গীতা শুনিব আৰু শুনাব লাগে।

(2) পুৰণি সৃষ্টি এতিয়া নাশ হোৱাৰ পথত সেইকাৰণে নিজৰ সকলো সফল কৰিব লাগে। বহুতৰ কল্যাণৰ কাৰণে, মনুষ্যক দেৱতা কৰি গঢ়ি তুলিবলৈ এই পাঠশালা বা সংগ্ৰাহালয় খুলিব লাগে।

বৰদান:
পিতাৰ আজ্ঞা বুলি বুজি স্নেহেৰে সকলো কথা সহন কৰোঁতা সহনশীল হোৱা

বহুত সন্তানে কয় যে মই সঠিক তথাপিও ময়েই সহন কৰিবলগীয়া হয়, মৰিবলগীয়া হয় কিন্তু এই সহন কৰা বা মৰাই হৈছে ধাৰণাৰ বিষয়টিত নম্বৰ লোৱা, সেয়েহে সহন কৰাৰ ক্ষেত্ৰত ভয় নকৰিবা। বহুত সন্তানে সহন কৰে কিন্তু বাধ্যত পৰি সহন কৰা আৰু স্নেহেৰে সহন কৰা - এই ক্ষেত্ৰত পাৰ্থক্য আছে। পৰিস্থিতিৰ কাৰণে সহন নকৰা কিন্তু পিতাৰ আজ্ঞা হৈছে সহনশীল হোৱা। সেয়েহে আজ্ঞা বুলি বুজি স্নেহেৰে সহন কৰিবা অৰ্থাৎ নিজক পৰিৱৰ্তন কৰি ল’বা ইয়াৰেই নম্বৰ আছে।

স্লোগান:
যিয়ে সদায় আনন্দৰ খোৰাক (পথ্য) খায়, তেওঁ স্বাস্থ্যৱান হৈ থাকে।


পুৰণা সংস্কাৰ পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

ভিতৰত যিয়েই পুৰণা ভাৱ-স্বভাৱ ৰূপী আৱৰ্জনা আছে সেয়া পৰিৱৰ্তন কৰিবৰ বাবে সত্যতা আৰু স্বচ্ছতাৰ গুণ ধাৰণ কৰা। মন-বচন-কৰ্মৰে তিনিওটাত কৃত্ৰিমতা যাতে নাথাকে। সত্যতা অৰ্থাৎ যি কৰা, যি ভাবা সেয়াই বৰ্ণনা কৰা। এনেকৈ যিসকল সৎ হ’ব তেওঁলোক সকলোৰে প্ৰিয় হ’ব। সৎজনৰ ওপৰত চাহেব ৰাজী হয়।