09.10.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক এতিয়া কাঁইটৰ পৰা ফুল হৈছা, তোমালোকে সদায় সকলোকে সুখ দিব লাগে, তোমালোকে কাকো দুখ দিব নোৱাৰা”

প্ৰশ্ন:
ভাল প্ৰথম শ্ৰেণীৰ পুৰুষাৰ্থী সন্তানসকলে কোনষাৰ কথা খোলা অন্তৰেৰে ক'ব?

উত্তৰ:
বাবা আমিতো সন্মান সহকাৰে উত্তীৰ্ণ হৈ দেখুৱাম। আপুনি নিশ্চিন্ত হৈ থাকক। তেওঁলোকৰ খতিয়ানো ভাল হ'ব। তেওঁলোকৰ মুখেৰে কেতিয়াও এনে কথা নোলাব যে এতিয়াতো আমি পুৰুষাৰ্থী হওঁ। পুৰুষাৰ্থ কৰি এনেকুৱা মহাবীৰ হ'ব লাগে যাতে মায়াই অলপো অস্থিৰ কৰাব নোৱাৰে।

ওঁম্শান্তি।
অতি মৰমৰ আত্মিক সন্তানসকলে আত্মিক পিতাৰ দ্বাৰা পঢ়ি আছে। নিজক আত্মা বুলি বুজিব লাগে। নিৰাকাৰ পিতাৰ আমি নিৰাকাৰী সন্তান আত্মাসকলে পঢ়ি আছোঁ। জগতত সাকাৰী শিক্ষকেহে পঢ়ায়। ইয়াত আছে নিৰাকাৰ পিতা, নিৰাকাৰ শিক্ষক, বাকী এওঁৰ (ব্ৰহ্মাৰ) কোনো মূল্য নাই। শিববাবা বেহদৰ পিতা আহি এওঁক মূল্যৱান কৰি তোলে। আটাইতকৈ মূল্যৱান হৈছে শিববাবা, যিয়ে স্বৰ্গ স্থাপনা কৰে। কিমান উচ্চ কাৰ্য কৰে। যিমানে পিতাক উচ্চতকৈও উচ্চ বুলি গায়ন কৰা হয়, সিমানেই সন্তানসকলো উচ্চ হ'ব লাগে। তোমালোকে জানা যে সকলোতকৈ উচ্চ হৈছে পিতা। এয়াও তোমালোকৰ বুদ্ধিত আছে যে যথাযথ এতিয়া স্বৰ্গৰ ৰাজ্য স্থাপনা হৈ আছে, এয়া হৈছে সঙ্গমযুগ। সত্যযুগ আৰু কলিযুগৰ মাজত পুৰুষোত্তম হোৱাৰ সঙ্গমযুগ। ‘পুৰুষোত্তম’ শব্দটিৰ অৰ্থও মনুষ্যই নাজানে। উচ্চতকৈও উচ্চসকলেই আকৌ নীচতকৈও নীচ হৈছে। পতিত আৰু পাৱনৰ মাজত কিমান পাৰ্থক্য আছে। দেৱতাসকল যিসকল পূজাৰী হয়, তেওঁলোকে নিজে বৰ্ণনা কৰে, আপুনি সৰ্বগুণ সম্পন্ন........ বিশ্বৰ মালিক। আমি বিষয় বৈতৰণী নদীত ডুবি থাকোঁতা। মাথো ক'ব লাগে বাবে কয়, বুজি পায় জানো। ড্ৰামাখন বিচিত্ৰ অপূৰ্ব। এনেকুৱা কথাবোৰ তোমালোকে কল্পই কল্পই শুনা। পিতা আহি বুজায়। যাৰ পিতাৰ প্ৰতি সম্পূৰ্ণ স্নেহ আছে তেওঁলোক বহুত আকৰ্ষিত হয়। এতিয়া আত্মাই পিতাক কেনেকৈ লগ পাব? মিলন হয় সাকাৰত, নিৰাকাৰী সৃষ্টিততো আকৰ্ষণৰ কথাই নাই। তাততো হয়েই সকলো পৱিত্ৰ। মামৰ (বিকাৰ) আঁতৰি গৈছে। আকৰ্ষণৰ কথা নাই। স্নেহৰ কথা ইয়াত হয়। এনেহেন বাবাকতো একেবাৰে ধৰি লোৱা। বাবা আপুনিতো চমৎকাৰ কৰে। আপুনি আমাৰ জীৱন এনেকুৱা কৰি তোলে। বহুত স্নেহ থাকিব লাগে। স্নেহ কিয় নাই কিয়নো মামৰ লাগি আছে। স্মৃতিৰ যাত্ৰা অবিহনে মামৰ আঁতৰি নাযাব, ইমান স্নেহী নহয়। তোমালোক ফুলবোৰতো ইয়াতেই ফুলিব লাগে, ফুল হ'ব লাগে। তেতিয়াহে তাত জন্ম-জন্মান্তৰ ফুল হোৱা। কিমান আনন্দিত হ'ব লাগে - আমি কাঁইটৰ পৰা ফুল হৈ আছোঁ। ফুলে সদায় সকলোকে সুখ দিয়ে। ফুলক সকলোৱে নিজৰ নয়নত ৰাখে, তাৰ সুবাস লয়। ফুলৰ পৰা সুগন্ধি দ্ৰব্য তৈয়াৰ কৰে। গোলাপ জল তৈয়াৰ কৰে। পিতাই তোমালোকক কাইঁটৰ পৰা ফুল কৰি তোলে। তেন্তে তোমালোক সন্তানসকল কিয় আনন্দিত নোহোৱা! বাবাতো আচৰিত হয়, শিৱবাবাই আমাক স্বৰ্গৰ ফুল কৰি তোলে! ফুলো পুৰণা হ’লে তেতিয়া একেবাৰে মৰহি যায়। তোমালোকৰ বুদ্ধিত আছে যে এতিয়া আমি মনুষ্যৰ পৰা দেৱতা হওঁ। তমোপ্ৰধান মনুষ্য আৰু সতোপ্ৰধান দেৱতাসকলৰ মাজত কিমান পাৰ্থক্য আছে। এয়াও পিতাৰ বাহিৰে আন কোনেও বুজাব নোৱাৰে।

তোমালোকে জানা আমি দেৱতা হ'বলৈ পঢ়ি আছোঁ। পঢ়াত নিচা থাকে নহয়। তোমালোকেও বুজি পোৱা যে আমি বাবাৰ দ্বাৰা পঢ়ি বিশ্বৰ মালিক হওঁ। তোমালোকৰ পঢ়া হ'ল সুদূৰ ভৱিষ্যতৰ বাবে। ভৱিষ্যতৰ বাবে পঢ়াৰ কথা কেতিয়াবা শুনিছানে? তোমালোকেই কোৱা আমি নতুন সৃষ্টিৰ বাবে পঢ়োঁ। নতুন জন্মৰ বাবে। কৰ্ম-অকৰ্ম-বিকৰ্মৰ গতিও পিতাই বুজায়। ‘গীতা’তো আছে কিন্তু তাৰ অৰ্থ ‘গীতা’ পঢ়োঁতাসকলে জানে জানো। এতিয়া পিতাৰ দ্বাৰা তোমালোকে জানিছা যে সত্যযুগত কৰ্ম অকৰ্ম হৈ যায় আকৌ ৰাৱণৰাজ্যত কৰ্ম-বিকৰ্ম হ'বলৈ আৰম্ভ হয়। 63 জন্ম তোমালোকে এনেকুৱা কৰ্ম কৰি আহিছা। বিকৰ্মৰ বোজা শিৰত বহুত আছে। সকলো পাপ আত্মা হৈ গৈছে। এতিয়া সেই অতীতৰ বিকৰ্ম কেনেকৈ খণ্ডন হ’ব। তোমালোকে জানা যে প্ৰথমে সতোপ্ৰধান আছিলা আকৌ 84 জন্ম লোৱা। পিতাই ড্ৰামাৰ পৰিচয় দিছে। যিসকল পোন-প্ৰথমে আহিব, পোন-প্ৰথমে যিসকলৰ ৰাজত্ব হ'ব তেওঁলোকেই 84 জন্ম ল'ব। পুনৰ পিতা আহি ৰাজ্য-ভাগ্য দিব। এতিয়া তোমালোকে ৰাজ্য লৈ আছা। বুজি পোৱা যে আমি কেনেকৈ 84ৰ চক্ৰ পৰিক্ৰমা লগাইছোঁ। এতিয়া পুনৰ পৱিত্ৰ হ'ব লাগে। বাবাক স্মৰণ কৰি কৰি আত্মা পৱিত্ৰ হৈ যাব তেতিয়া এই পুৰণা শৰীৰ নাশ হৈ যাব। সন্তানসকলৰ অপাৰ আনন্দ থাকিব লাগে। এই মহিমাতো কেতিয়াও কতো শুনা নাই যে পিতা পিতাও হয়, শিক্ষকো হয়, গুৰুও হয়। সেয়াও তিনিওগৰাকীয়েই উচ্চতকৈও উচ্চ। সত্য পিতা, সত্য শিক্ষক, সৎগুৰু তিনিওজন এজনেই। এতিয়া তোমালোকৰ ভাৱনা জাগে। বাবা যি জ্ঞানৰ সাগৰ হয়, সকলো আত্মাৰ পিতা হয়, তেওঁ আমাক পঢ়াই আছে। যুক্তি ৰচি আছে। আলোচনীতো ভাল ভাল সাৰ কথা প্ৰকাশিত হৈ থাকে। হয়তো ৰঙীন চিত্ৰৰো আলোচনী ওলাব। মাত্ৰ আখৰ সৰু সৰু হৈ যায়। চিত্ৰতো তৈয়াৰ কৰি থোৱা আছে। য’তেই নহওঁক যিকোনো লোকে তৈয়াৰ কৰিব পাৰে। ওপৰৰ পৰা আৰম্ভ কৰি প্ৰতিখন চিত্ৰৰ বৃত্তিৰ বিষয়ে তোমালোকে জানা। শিৱবাবাৰো বৃত্তি তোমালোকে জানা। সন্তানসকলে পিতাৰ বৃত্তিৰ বিষয়ে নিশ্চয় পিতাৰ দ্বাৰাহে জানিব নহয়। তোমালোকে একোৱেই নাজানিছিলা। সৰু ল'ৰা-ছোৱালীয়ে পঢ়াৰ দ্বাৰা কি জানিব। 5 বছৰ পাছত পঢ়া আৰম্ভ কৰে। আকৌ পঢ়োঁতে পঢ়োঁতে উচ্চ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ বহুত বছৰ লাগি যায়। তোমালোক কিমান সাধাৰণ আৰু কি হৈ যোৱা! বিশ্বৰ মালিক। তোমালোকৰ কিমান শোভা হ'ব। মুখত সোণৰ চামুচ (অতি সমৃদ্ধিশালী অৱস্থা)। তাৰতো গায়নেই আছে। এতিয়াও কোনো সুসন্তানে শৰীৰ এৰিলে বহুত ভাল ঘৰত জন্ম লয়। গতিকে মুখত সোণৰ চামুচ পায়। আগতীয়াকৈ কাৰোবাৰ ওচৰততো যাব নহয়। নিৰ্বিকাৰীৰ ওচৰততো পোন-প্ৰথমে জন্ম শ্ৰীকৃষ্ণইহে ল’ব লাগে। বাকীতো যিসকল যাব তেওঁলোক বিকাৰীৰ ওচৰতহে জন্ম ল'ব। কিন্তু গৰ্ভত ইমান শাস্তি ভোগ নকৰিব। বহুত ভাল ঘৰত জন্ম ল'ব। শাস্তিতো খণ্ডন হ'ল, বাকী অলপ থাকিব। ইমান দুখ নহ’ব। আগলৈ গৈ দেখিবা তোমালোকৰ ওচৰলৈ ডাঙৰ ডাঙৰ ঘৰৰ সন্তানসকল ৰাজকুমাৰ-ৰাজকুমাৰী কেনেকৈ আহিব। পিতাই তোমালোকৰ কিমান মহিমা কৰে। তোমালোকক মই নিজতকৈও উচ্চ কৰি তোলোঁ। যেনেকৈ কোনো লৌকিক পিতাই সন্তানসকলক সুখী কৰি তোলে। 60 বছৰ হ’ল, বচ্‌, নিজে বানপ্ৰস্থত গুচি যায়, ভক্তি কৰিবলৈ লাগি যায়। জ্ঞানতো কোনেও দিব নোৱাৰে। জ্ঞানৰ দ্বাৰা সকলোৰে সৎগতি মই কৰোঁ। তোমালোকৰ নিমিত্তে সকলোৰে কল্যাণ হৈ যায় কিয়নো তোমালোকৰ বাবে নিশ্চয় নতুন সৃষ্টি লাগে। তোমালোক কিমান আনন্দিত হোৱা। এতিয়া নিৰামিষভোজীৰ সন্মিলনতো তোমালোক সন্তানসকলে নিমন্ত্ৰণ পাইছা। বাবাইতো কৈ থাকে যে সাহস ৰাখা। দিল্লীৰ দৰে চহৰততো একেবাৰে আৱাজ বিয়পি পৰক। জগতত অন্ধশ্ৰদ্ধাৰ ভক্তি বহুত। সত্যযুগ-ত্ৰেতাত ভক্তিৰ কোনো কথা নাথাকে। সেইটো বিভাগ বেলেগ। আধাকল্প জ্ঞানৰ প্ৰালব্ধ। তোমালোকে বেহদৰ পিতাৰ পৰা 21 জন্মৰ উত্তৰাধিকাৰ পোৱা। পুনৰ 21 প্ৰজন্ম তোমালোক সুখী হৈ থাকা। বৃদ্ধকাললৈ দুখৰ নাম নাথাকে। সম্পূৰ্ণ আয়ুসকাল সুখী হৈ থাকা। যিমানে উত্তৰাধিকাৰ পোৱাৰ পুৰুষাৰ্থ কৰিবা সিমানে উচ্চ পদ পাবা। গতিকে পুৰুষাৰ্থ সম্পূৰ্ণকৈ কৰিব লাগে। তোমালোকে দেখিবলৈ পোৱা মালা কেনেকৈ ক্ৰমানুসৰি গঁথা হয়। পুৰুষাৰ্থ অনুসৰিহে হ’ব। তোমালোক হৈছা শিক্ষাৰ্থী, আচৰিত। বিদ্যালয়তো ল'ৰা-ছোৱালীক লক্ষ্যলৈকে দৌৰিব দিয়া হয় নহয়। বাবায়ো কয় – তোমালোকে লক্ষ্যস্থানলৈ দৌৰি গৈ পুনৰ ইয়ালৈকেই আহিব লাগে। স্মৃতিৰ যাত্ৰাৰ দ্বাৰা তোমালোক দৌৰি যোৱা পুনৰ তোমালোক প্ৰথম নম্বৰত আহি যাবা। মুখ্য হ'ল স্মৃতিৰ যাত্ৰা। সন্তানসকলে কয় - বাবা আমি পাহৰি যাওঁ। হেৰ’, পিতাই ইমান তোমালোকক বিশ্বৰ মালিক কৰি তোলে, তেওঁক তোমালোকে পাহৰি যোৱা। ধুমুহাতো আহিব। পিতাই সাহস দিব নহয়। লগতে কয় - এয়া যুদ্ধক্ষেত্ৰ। যুধিষ্ঠিৰ বুলিও বাস্তৱত পিতাক ক'ব লাগে যিয়ে যুদ্ধ শিকায়। যুধিষ্ঠিৰ পিতাই তোমালোকক শিকায় - মায়াৰ সৈতে তোমালোকে কেনেকৈ যুদ্ধ কৰিব পাৰা। এই সময়ত যুদ্ধক্ষেত্ৰ হয় নহয়। পিতাই কয় - কাম মহাশত্ৰু, তাৰ ওপৰত জয়ী হ'লে তোমালোক জগতজিৎ হ'বা। তোমালোকে মুখেৰে একো জপিব, একো কৰিব নালাগে, চুপ হৈ থাকিব লাগে। ভক্তিমাৰ্গত কিমান পৰিশ্ৰম কৰে। ভিতৰি ৰাম ৰাম জপে, তাকেই কোৱা হয় ঐকান্তিক ভক্তি। তোমালোকে জানা যে বাবাই আমাক নিজৰ মালাৰ বাবে গঢ়ি আছে। তোমালোক ৰুদ্ৰ মালাৰ মণি হ'বাগৈ যাৰ আকৌ পূজা কৰিব। ৰুদ্ৰমালা আৰু ৰুণ্ড মালা তৈয়াৰ হৈ আছে। বিষ্ণুৰ মালাক ৰুণ্ড বুলি কোৱা হয়। তোমালোক বিষ্ণুৰ ডিঙিৰ হাৰ হোৱাগৈ। কেনেকৈ হ'বা? যেতিয়া দৌৰত জিকিবা। পিতাক স্মৰণ কৰিব লাগে আৰু 84ৰ চক্ৰক জানিব লাগে। পিতাৰ স্মৃতিৰেই বিকৰ্ম বিনাশ হ'ব। তোমালোক কেনেকুৱা লাইট-হাউচ হোৱা। এটা চকুত মুক্তিধাম, আনটোত জীৱনমুক্তিধাম। এই চক্ৰক জানিলে তোমালোক চক্ৰৱৰ্তী ৰজা, সুখধামৰ মালিক হৈ যাবা। তোমালোক আত্মাই কোৱা - এতিয়া আমি আত্মাসকল নিজৰ ঘৰলৈ যাম। ঘৰক স্মৰণ কৰি কৰি যাম। এয়া হৈছে স্মৃতিৰ যাত্ৰা। তোমালোকৰ যাত্ৰা চোৱা কিমান উত্তম। বাবাই জানে যে আমি এনেকৈ বহি বহিয়ে ক্ষীৰ সাগৰলৈ গুচি যাম। বিষ্ণুক ক্ষীৰ-সাগৰত দেখুৱায় নহয়। পিতাক স্মৰণ কৰি কৰি ক্ষীৰসাগৰলৈ গুচি যাম। ক্ষীৰসাগৰতো এতিয়া নাই। যিয়ে পুখুৰী সাজিছে নিশ্চয় ক্ষীৰ ঢালিছে। আগতেতো ক্ষীৰ বহুত সস্তা আছিল। এক পইচাত ঘটি (লোটা) ভৰাই পোৱা গৈছিল। গতিকে পুখুৰী কিয় নভৰিব। এতিয়ানো ক্ষীৰ ক'ত আছে। পানীয়েই পানী হৈ গৈছে। বাবাই নেপালত দেখিছে - বহুত ডাঙৰ বিষ্ণুৰ চিত্ৰ আছে। শ্যাম বৰণীয়াকৈয়ে সাজিছে। এতিয়া তোমালোক বিষ্ণুপুৰীৰ মালিক হৈ আছা – স্মৃতিৰ যাত্ৰাৰে আৰু স্বদৰ্শন চক্ৰ ঘূৰোৱা বাবে। দৈৱীগুণো ইয়াত ধাৰণ কৰিব লাগে। এয়া হৈছে পুৰুষোত্তম সংগমযুগ। পঢ়ি পঢ়ি তোমালোক পুৰুষোত্তম হৈ যাবা। আত্মাৰ কনিষ্ঠ (পতিত) অৱস্থা আঁতৰি যাব। বাবাই নিতৌ বুজায় - নিচা বাঢ়িব লাগে। কয় - বাবা পুৰুষাৰ্থ কৰি আছোঁ। হেৰ’, খোলা অন্তৰেৰে কোৱাচোন - বাবা আমিতো সন্মান সহকাৰে উত্তীৰ্ণ হৈ দেখুৱাম। আপুনি চিন্তা নকৰিব। উত্তম সন্তানসকল যিয়ে ভালদৰে পঢ়ে, তেওঁলোকৰ খতিয়ানো ভাল হ'ব। বাবাক ক'ব লাগে - বাবা আপুনি নিচিন্ত হৈ থাকক, আমি এনেকুৱা হৈ দেখুৱাম। বাবায়ো জানে নহয়, বহুত শিক্ষক বৰ উত্তম। সকলোতো উত্তম হ'ব নোৱাৰে। ভাল ভাল শিক্ষকে ইজনে সিজনকো জানে। সকলোকে মহাৰথীৰ শাৰীত আনিব নোৱাৰি। ভাল ডাঙৰ ডাঙৰ সেৱাকেন্দ্ৰ খোলা তেতিয়া গণ্যমান্য লোকসকল আহিব। কল্প পূৰ্বেও ভঁৰাল ভৰপূৰ হৈছিল। সম্ৰাটৰো সম্ৰাট বাবাই ভঁৰালতো নিশ্চয় ভৰপূৰ কৰাব। দুয়োজন পিতাৰ অনেক সন্তান আছে। প্ৰজাপিতা ব্ৰহ্মাৰ কিমান সন্তান আছে। কোনোবা গৰিব, কোনোবা সাধাৰণ, কোনোবা চহকী, কল্প পূৰ্বেও এওঁৰ দ্বাৰা ৰাজ্য স্থাপনা হৈছিল, যাক দৈৱী ৰাজস্থান বুলি কোৱা হৈছিল। এতিয়াতো আসুৰি ৰাজস্থান। গোটেই বিশ্ব দৈৱী ৰাজস্থান আছিল, ইমানবিলাক খণ্ড নাছিল। এই দিল্লী যমুনাৰ পাৰত আছিল, তাক পৰিস্তান বুলি কোৱা হয়। তাৰ নদী আদিবোৰ পাৰ ভাঙি বৈ যায় জানো। এতিয়াতো কিমান পাৰ ভাঙে, বান্ধ (মথাউৰি) ভাঙি যায়। আমি যেন প্ৰকৃতিৰ দাস হৈ গৈছোঁ। পুনৰ তোমালোক মালিক হৈ যাবা। তাত মায়াৰ শক্তি নাথাকে যে অসন্মান কৰিব। ধৰণীৰ শক্তি নাই যে অস্থিৰ হ’ব পাৰিব। তোমালোকো মহাবীৰ হ’ব লাগে। হনুমানক মহাবীৰ বুলি কোৱা হয় নহয়। পিতাই কয় -তোমালোক সকলো মহাবীৰ হোৱা। মহাবীৰ সন্তানসকল কেতিয়াও অস্থিৰ হ’ব নোৱাৰে। মহাবীৰ-মহাবীৰাংগনাসকলৰ মন্দিৰ সাজি থোৱা আছে। সকলোৰে ইমানবোৰ চিত্ৰ ৰাখিব জানো। আৰ্হিৰ ৰূপত সজা হৈছে। এতিয়া তোমালোকে ভাৰতক স্বৰ্গ কৰি গঢ়ি আছা তেন্তে কিমান আনন্দিত হ’ব লাগে। কিমান ভাল গুণ থাকিব লাগে। অৱগুণবোৰ আঁতৰাই যোৱা। সদায় হৰ্ষিত হৈ থাকিব লাগে। ধুমুহাতো আহিব। ধুমুহা আহিলেহে মহাবীৰাংগনাৰ শক্তি দেখিবলৈ পোৱা যাব। তোমালোক যিমানে শক্তিশালী হ'বা সিমানে ধুমুহা আহিব। এতিয়া তোমালোকে পুৰুষাৰ্থ কৰি মহাবীৰ হৈ আছা, পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। জ্ঞানৰ সাগৰ পিতাহে হয়। বাকী সকলো শাস্ত্ৰ আদিবোৰ হৈছে ভক্তিমাৰ্গৰ সামগ্ৰী। তোমালোকৰ বাবে হৈছে - পুৰুষোত্তম সংগমযুগ। শ্ৰীকৃষ্ণৰ আত্মা ইয়াতেই বহি আছে। এয়া হৈছে ভাগীৰথ। এনেকৈ তোমালোক সকলো ভাগীৰথ হোৱা, ভাগ্যশালী হোৱা নহয়। ভক্তিমাৰ্গত পিতাইতো যাৰেই নহওঁক সাক্ষাৎকাৰ কৰাব পাৰে। সেইকাৰণে মনুষ্যই সৰ্বব্যাপি বুলি কৈ দিছে, এয়াও ড্ৰামা অনুসৰি হ’বলগীয়া। তোমালোক সন্তানসকলে বহুত উচ্চ পাঠ পঢ়ি আছা। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আত্মাত যি মামৰৰ (বিকাৰৰ) লেপ লাগি আছে, সেয়া স্মৃতিৰ যাত্ৰাৰ দ্বাৰা আঁতৰাই বহুত বহুত স্নেহী হ'ব লাগে। স্নেহ এনেকুৱা হ'ব লাগে যাতে পিতাৰ প্ৰতি সদায় আকৰ্ষণ থাকে।

(2) মায়াৰ ধুমুহাক ভয় কৰিব নালাগে, মহাবীৰ হ'ব লাগে। নিজৰ অৱগুণবোৰ আঁতৰাই যাব লাগে, সদায় হৰ্ষিত হৈ থাকিব লাগে। কেতিয়াও বিচলিত হ'ব নালাগে।

বৰদান:
শুদ্ধ সংকল্পৰ শক্তিৰ পুঁজি জমা কৰি মনৰ সেৱাৰ সহজ অনুভৱী হোৱা

অন্তৰ্মুখী হৈ শুদ্ধ সংকল্পৰ শক্তিৰ ৰ্পুঁজি জমা কৰা। এই শুদ্ধ সংকল্পৰ শক্তিয়ে সহজে নিজৰ ব্যৰ্থ সংকল্প সমাপ্ত কৰি দিব আৰু আনকো শুভ-ভাৱনা, শুভ-কামনাৰ স্বৰূপেৰে পৰিৱৰ্তন কৰি পাৰিবা। শুদ্ধ সংকল্পৰ পুঁজি জমা কৰিবলৈ মুৰুলীৰ প্ৰতিষাৰ সাৰ কথা শুনাৰ লগতে শক্তিৰ ৰূপত সকলো সময় কাৰ্যত প্ৰয়োগ কৰা। যিমানে শুদ্ধ সংকল্পৰ শক্তিৰ পুঁজি জমা হ’ব সিমানে মনৰ সেৱাৰ সহজ অনুভৱী হৈ গৈ থাকিবা।

স্লোগান:
মনেৰে সদাকালৰ বাবে ঈৰ্ষা-দ্বেষ বিদায় দিয়া তেতিয়া বিজয় প্ৰাপ্ত হ’ব।


অব্যক্ত সংকেত: নিজৰ আৰু সকলোৰে প্ৰতি মনেৰে যোগৰ শক্তি প্ৰয়োগ কৰা

যিমানে এতিয়া তন, মন, ধন আৰু সময় লগোৱা, তাতকৈ মনৰ শক্তিৰে সেৱা কৰিলে বহুত কম সময়তে সফলতা অধিক প্ৰাপ্ত হ’ব। এতিয়া নিজৰ প্ৰতি কেতিয়াবা কেতিয়াবা যি পৰিশ্ৰম কৰিবলগীয়া হয় - নিজৰ সংস্কাৰ পৰিৱৰ্তন কৰিবলৈ বা সংগঠনত চলিবলৈ নতুবা কেতিয়াবা সেৱাত সফলতা কম দেখি নিৰাশ হোৱা, এয়া সকলো সমাপ্ত হৈ যাব।